Monday 21 April 2014

আই পি এল, মূক বধিৰ সংবাদ আৰু তাই




ক্ৰিকেটৰ প্ৰতি সৰুৰে পৰা এক বিৰাট দুৰ্বলতা আছিল মোৰ। খেল থকাৰ দিনা ৰাতিপুৱাৰ পৰা দেউতাক সেই মাৰফি ৰেডিঅ'টোৰ লগত ব্যস্ত থকা দেখিছিলো। বুজা নুবুজাৰ মাজতে কেতিয়াবা ময়ো ৰেডিঅ'টো লৈ খেল শুনা মনত পৰে। ৰিণি ৰিণিকৈ মনত পৰে নৰোত্তম পুৰীৰ কন্ঠৰ, “ ইন কামচ ৱাছিম, লেফ্ট আৰ্ম অভাৰ দ্যা উইকেট। ৱাছিম ব'লচ, স্লাইটলি অভাৰ পিটচ্ অন দ্য অ’ফ এণ্ড মিডিল। আজহাৰ দ্ৰাইভচ ষ্টেইট এণ্ড দ্যা ব’ল গৌজ ষ্টেইট পাষ্ট দ্যা ব’লাৰ অ’ল এল'ঙ দ্যা গ্ৰাউণ্ড ফৰ য়েট এনাদাৰ ফ’ৰ। শিহৰিত হৈ পৰিছিলো, ভালকৈ একো বুজি নোপোৱা স্বত্বেও।
তাৰ পিছত ঘৰলৈ আহিল টিভি। খেলপথাৰৰ পৰা পোনপতীয়া সম্প্ৰচাৰণ। নিজৰ প্ৰিয় খেলুৱৈসকলক দেখি ৰোমাঞ্চিত হোৱাৰ বয়স। জিলমিলাই থকা ক’লা ব’গা স্ক্ৰীণত কোনে বেট ধৰিছে, কোনে বলিঙ কৰিছে সেয়া বহুসময়ত অনুমান কৰি ল’ব লগাত পৰিছিল। অদম্য উৎসাহত আমি এন্টেনা ঘুৰাইছিলো, অলপ ভাল ছবি আহিলেই ভিতৰৰ পৰা ৰাতুলৰ চিঞৰ, “অই হৈছে হৈছে, অলপ সোফালে ঘূৰা, আৰু অলপ, না না বেছি হ’ল। অলপ উল্টা মাৰ, হৈছে হৈছে।“
টিভিত খেলা চোৱাৰ লগে লগে মাৰফি ৰেডিঅ'টো ঘৰৰ এচুকত পৰি থকা হ’ল। বিছাৰিলে আজিও চাগে ওলাব।
ৰবিবাৰে খেল থাকিলে আৰু কোনে পায়। ৰাতিপুৱাৰে পৰা টিভিৰ আগত। উঠিলেই যেন টেণ্ডুলকাৰ আউট হ’ব। গতিকে দিনটো টিভিৰ আগত। খোৱা বোৱা, গা ধোৱা দ্ৰুত গতিত সমাপ্ত হয়।
দুটা বাজিলেই খেল বন্ধ। এইবাৰ খেল দেখোৱা হ’ব দুই নম্বৰ চেনেলত। কাৰণ ডি ডি-১ ত এইবাৰ দিব মূক বধিৰ বাতৰি। এজন গোফ থকা সুদৰ্শন পুৰুষে গম্ভীৰ মাতেৰে লাহে লাহে বাতৰি পঢ়িব আৰু এক যুৱতীয়ে হাতৰ বিভিন্ন মুদ্ৰাত সেয়া প্ৰকাশ কৰিব। হাজাৰ ইচ্ছা, খং ৰাগ কৰিলেও কেতিয়াও দুই নম্বৰ চেনেলত খেল চোৱা নহৈছিল, কাৰণ তেতিয়ালৈ চুবুৰীয়া শৰ্মা খুৰাৰ ছোৱালী অনন্যা আহি টিভিৰ আগত বহি লৈছিল, দেশৰ খবৰ ল’বলৈ।
অনন্যাহঁতৰ ঘৰত টিভি নাছিল। খুব জোৰেৰে মাতিলেও তাই একোৱেই নুশুনিছিল, সকলো কথা কৈছিল তাইৰ মায়াময় চকু দুটাৰে। ডাঙৰ ডাঙৰ,টনা টনা চকুকেইটা বাতৰি চাই থাকোতে মাজে মাজে উজলি উঠিছিল,মাজতে কৰুণ আৰু কেতিয়াবা ভাৱশুণ্য৷ হাতৰ হাতৰ অঙ্গী ভঙ্গীৰে তাই বুজোৱাটো হয়তো মই বুজি পাবলৈ অসমৰ্থ আছিলো।বুজাব খোজা ভাৱবোৰ বুজিব পৰাকৈ হয়তো মই অপৰিপক্ক৷ হিন্দী, ইংৰাজী একোৱেই নাজনিছিল তাই। শৰ্মা খুৰাৰ সীমিত উপাৰ্জনেৰে হয়তো সেয়া সম্ভৱো নাছিল। দুপৰীয়াৰ সেই দুই বজাৰ বাতৰিটোৱেই চাগে তাইৰ বাবে একমাত্ৰ শিক্ষা আছিল।তাই কি বুজিছিল নাজানো, কেৱল দেখিছিলো এঘন্টা ধৰি একান্ত মনোযোগেৰে বাতৰি চাইছিল আৰু শেষ হ’লেই চুপচাপ উঠি গুছি গৈছিল। এটা ৰুম,এটা টিভি আৰু আমি দুয়ো৷ কোলাহলৰ পৰা আঁতৰি মইও চাগৈ বোবা হৈ পৰিছিলো সেই সময় খিনিৰ বাবে৷ টিভিৰ পৰ্দাত অংগী-ভংগী, সুদৰ্শন পুৰুষ জনৰ কথা কেতিয়াবা মাথোঁ প্ৰতিকী হৈ পৰিছিল মোৰ বাবে৷ লাহে লাহে যেন ময়ো তাইৰ লগতে সেই বাতৰি উপভোগ কৰিবলৈ লৈছিলো, প্ৰতিকী অৰ্থত হ'লেওঁ! অপেক্ষা কৰা হৈছিলো ভাললগা সেই সময়খিনিলৈ৷
আমাৰ মা-দেউতা, ওচৰ চুবুৰীয়া সকলোৱে তাইক খুব মৰম কৰিছিল। সৰু অঞ্চল, সাধাৰণ লেখা পঢ়াৰ বাবেই ভাল স্কুলৰ অভাৱ, বোবা-কলাসকলৰ বাবেনো ক’ত স্কুল থাকিব। গতিকেই অনন্যাৰ পঢ়া শুনা নহ’ল। কিয় নাজানো স্কুলৰ পৰা অহা বাটত তাইক দেখিলে অপ্ৰস্তুত অনুভৱ কৰিছিলো৷ কেতিয়াবা ভাব হৈছিল তাইৰ চকুজুৰিয়ে যেন কিবা ক'ব বিছাৰিছিল৷ কিন্তু সেই কিবাৰ উত্তৰ যেন জানি বুজিও জানিবলৈ বিছৰা নাছিলো৷ কিয়, তাৰ কোনো উত্তৰ আজিও নাই ৷হয়তো সেই 'কিবা'টো মানি ল'ব পৰাকৈ মই প্ৰস্তুত নাছিলো৷ জানিও নজনাৰ ভাঁও টো মই কিন্তু সুন্দৰকৈ দিব পাৰিছিলো৷
সময় কাৰো বাবে ৰৈ নাথাকে। তাইৰ বাবেও নৰ’ল। প্ৰকৃতিৰ নিয়ম অনুযায়ী বসন্ত আহিল তাইৰ শৰীৰলৈও। ফ্ৰক,স্কাৰ্ট গৈ চুৰিদাৰ হ’ল, কেতিয়াবা শাৰী। ফাকুৱাৰ দিনা সুবিধা বুজি ল’ৰাবোৰে তাইৰ সৈতে যি কৰিছিল সেয়া কোনোমতে সভ্য সমাজৰ আচৰণ নাছিল। অনন্যাই হয়তো নাজানিছিল সেয়া কি হৈছে। জানিলেও প্ৰতিবাদ কৰিবলৈ যে কন্ঠটোৱেই নাছিল তাইৰ। কিন্তু তাৰ প্ৰতিবাদ কৰিবলৈও যেন মোৰো সাহসৰ অভাৱ, কোনোবাই যদি কিবা সোধে৷ শান্ত , সমাহিত অনন্যাক কেতিয়াবা মোৰ দেৱী যেন লাগিছিল। ভগৱান কিয় তাইৰ প্ৰতি ইমান নিৰ্দয়, কিয় তাই সমাজত থাকিও সমাজৰ অঙ্গ নহয়? কিয় মই তাইক লৈ সপোন দেখিব নোৱাৰো? এক সুন্দৰ ভৱিষ্যতৰ সপোন…! উত্তৰ........... শুণ্য!! হয়তো উত্তৰ জানিবও খোজা নাছিলো৷
সময় বাগৰাৰ লগে লগে মইও যোগ দিলো সময়ৰ গতিত৷ কলেজৰ বান্ধৱী নীৰাক মাহঁতৰ লগত আমাৰ ঘৰতে চিনাকী কৰাই দিয়াৰ দিনা তাই এদম কাপোৰৰ চৰিয়াটো কঁকালত লৈ আমাৰ চোতালেদি পাছফালৰ খাললৈ গৈছিল৷ মুখামুখি হোৱাৰ লগে লগে স্কুলীয়া দিনৰ দৰেই মই অপ্ৰস্তুত হৈ পৰিছিলো আকৌ এবাৰ৷ মাঁহতৰ অংগীভংগী আৰু নীৰাক দেখি তাই কিজানি বুজিছিল কিবা৷ এটা অদ্ভুত খোলা হাঁহি মাৰি তাই মোক মুখৰ ভংগী আৰু হাতৰ তৰ্জনী আঙুলিৰ লগত বুঢ়া আঙুলিটো গোলাকৃতি কৰি দেখাইছিল ৷ সেইদিনা ঠিকেই বুজিছিলো তাই ক'ব খোজাখিনি- "ধুনীয়া"!! তাইৰ চকুদুটালৈ নোচোৱাকৈয়ে তলমুৱা হাঁহি এটিৰে প্ৰত্যুত্তৰ দি মই গুছি আহিছিলো তাইৰ সন্মুখৰ পৰা| (পলাইছিলো)???
হয়তো পৃথিৱীৰ সমস্ত দুখ তাইৰ ভাগ্যতেই লিখা আছিল। শৰ্মা খুৰা হঠাৎ ষ্ট্ৰোক হৈ ঢুকাই থাকিল। সেইদিনা মাজৰাতি আমাৰ ঘৰৰ দুৱাৰত কোনোবাই জোৰে জোৰে ঢকিওৱা শব্দত উঠি আহিছিলো আমি। অন্ধকাৰ ৰাতি, অনন্যাক ৰাতি সন্মুখত দেখি একোৱেই বুজা নাছিলো। মুখেৰে অদ্ভুত শব্দ কিছুমান কৰি কিবা বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল তাই। চকুদুটাত যেন পৃথিৱীৰ সমস্ত ভয় থুপ খাইছিল৷ শেষত উপায়ন্তৰ হৈ তাইৰ স্বভাৱগত লাজ মান কাটি কৰি মোৰ হাতত ধৰি টানি নিছিল সিঁহতৰ ঘৰলৈ।
সেয়াই প্ৰথম আৰু শেষ তাইৰ হাতত ধৰা.......
আমি গৈ পোৱালৈ খুৰা জীয়াই নাছিল। অন্ধকাৰ নামি আহিছিল অনন্যাহঁতৰ জীৱনলৈ। পুজা-পাতল কৰি পৰিয়ালটোক পোহ্পাল দিছিল খুৰাই। উপাৰ্জনৰ কোনো পথ নেদেখি খুৰী আৰু অনন্যা গাঁৱৰ পুৰণি ঘৰলৈ ঘুৰি যাবলৈ বাধ্য হৈছিল। ত্ৰন্দনৰত চকুজুৰিৰে অনন্যাই বিদায় ল'লে আমাৰ পৰা..... মোৰ পৰা৷সেইদিনাও মই বোবা হৈ ৰ'লো৷ 'ভালকৈ থাকিবা'বুলি ক'ব খোজা কথাষাৰ ডিঙিটোৰ পৰা কিহৰ হেঁচাত ওলাই নাহিল নুবুজিলো ৷
খুৰীয়ে টুকটাক চিলাইৰ কাম কৰিছিল৷ লগতে গাঁৱৰ ঘৰত সৰু সুৰা কাম কৰি দুজনীয়া সংসাৰখন কোনোমতে চলাই নিয়া বুলি কিছুবছৰলৈ খবৰ পাইছিলো৷ দুবাৰমান বজাৰলৈ বুলি আহোতে খুৰী আমাৰ ঘৰত সোমাইছিল, তেতিয়াই খবৰবোৰ পোৱা৷ অনন্যাৰ খবৰ পিছে আৰু কেতিয়াও নাপালো৷ সময়ৰ লগে লগে স্মৃতি ধুসৰ হৈ আহিল আৰু এদিন তাইৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰা হৈ পৰিলো৷
বছৰ বাগৰিল, পৰিৱৰ্তন সকলোতে আহিল৷ ঘৰলৈ কেতিয়াবাই ৰঙীন টিভি আহিল, গাড়ী, সংসাৰ, ঘৰ আদিৰে এক নতুন জীৱন৷
আজি ৰবিবাৰ৷ দুপৰীয়া ভাত পানী খাই টিভিটো লগাই এনেই চেনেলবোৰ বদলি কৰি কিবা কিবি চাই আছিলো৷ এটা চেনেলত 'আই পি এল'ৰ হাইলাইট চলি আছিল৷ বহুদিন ক্ৰিকেট চোৱা নাই, গতিকে তাকেই চাবলৈ ধৰিলো৷ তেনেতে ঘড়ীটোৱে টং টংকৈ দুই বজাৰ সংকেত দিলে৷
দুই বাজিল!!! হঠাৎ সময় যেন ৰৈ গ'ল৷ ডিঙিটো যেন সোপা লাগি ধৰিছে ৷ উশাহবোৰ কিহবাই চেপি ধৰা যেন ভাৱ হ'ল৷ ৰিম'টটো হাতত লৈ অধৈৰ্য হৈ চেনেল সলাব ধৰিলো৷ আছে নেকি ক'ৰবাত দুই বজাৰ ভাললগা খিনি?? ওঁহো…শব্দবিহীন কথাবোৰ ক'তো নাপালো৷
জীৱন আগুৱাই গৈছে৷ কাৰো বাবে ৰ'বলৈ সময় নাই৷ পুৰণি স্মৃতিবোৰ পাহৰণিৰ গৰ্ভত৷ এতিয়া আৰু মূক বধিৰ বাতৰি দেখা নাপাও, কৰবাত দিয়ে যদিও শ শ চেনেলৰ মাজত সেয়া হেৰাই গৈছে৷ বহুদিন দেখা নাই- 'ৰুকাৱট কে লিয়ে খেদ হ্যায়'৷ ক'ৰবাত হেৰাই গৈছে ক্ৰিকেটৰ সেই উন্মাদনা, ব্লেক এণ্ড হোৱাইট টিভি, দেউতাৰ মাৰফি ৰেডিঅ' .....

আৰু হেৰাই গৈছে তাই......

Thursday 17 April 2014

সম্পাদকীয় (সাহিত্য ডট অৰ্গৰ বাবে)


পৰিৱৰ্তন অৱশ্যম্ভৱী; বিশেষকৈ এই পৰিৱৰ্তনৰ ধাৰাবোৰ যেতিয়া মানুহ বা সমাজৰ লগত জড়িত হয় তেতিয়া। ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰৰ দৰে সামাজিক পৰিৱৰ্তনো এক ধ্ৰুৱসত্য। আমি হাজাৰ চেষ্টা কৰিলেও এনেধৰণৰ পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰোঁ৷ এক অৰ্থত পৰিৱৰ্তনৰ অবিহনে একো তিষ্ঠি থাকিব নোৱাৰে৷ সেয়ে পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰচলিত যুক্তিবাদক পৰিহাৰ কৰি ইয়াৰ ভাল-বেয়াবোৰৰ মাজৰ পৰা ভালখিনি চান কাঢ়ি লোৱাটোৱেই উচিত৷
চাওঁতে চাওঁতে বাপতি সহোন বিহুটি পালেহি৷ মন মতলীয়া কৰা ফাগুন, বৰদৈচিলাৰ আগমন ইত্যাদিৰ মাজেৰে গছৰ পাত সলাই চেনেহৰ বিহুটি আহি দেহ-মনৰ দুৱাৰদলিত উপস্থিত হৈছেহি৷ কিন্তু ভাৱ হয় যেন আমাৰ ল’ৰালিৰ সেই উন্মাদনা, সেই আৱেগ এতিয়াৰ বিহুবোৰত কিবা ধৰণেৰে নাই। শৈশৱত গৰু বিহুৰ দিনা মাহ-হালধিৰে গৰু ধুওৱা সেই সঙ্গীবোৰ আজি বন্দী হ’ল দেশ-বিদেশৰ বিভিন্ন কৰ্পৰেটৰ হাতোৰাত৷ তাহানিৰ সেই শৈশৱৰ স্মৃতিবোৰ আজি কেৱল আৱদ্ধ ফেচবুকৰ পোষ্টত বা বহুদিনৰ বিৰতিত চাৰিআলিত লগ পোৱা কোনো বন্ধুৰ সৈতে লোৱা চাহকাপৰ জুতিৰ সময়ত চলা কথোপকথনত৷ গৰু বিহুৰ দিনা গা ধুৱাবলৈ দূৰ দূৰলৈ এটাও গৰু বিচাৰি পোৱা নাই, গৰু বিচাৰি পালেও ধুৱাবলৈ পানী নাই৷ গাঁৱতো গৰুৰ ঠাই লৈছে ট্ৰেক্টৰ আৰু আন আন যন্ত্ৰপাতিয়ে। বাকী গাঁৱত থকা গৰু কেইহালৰ খবৰ ল’বলৈ থলুৱা সাংবাদিকে বিহুৰ দুদিনমান আগতে আহি ভিৰ কৰেগৈ নলিনী, লোকেশ্বৰৰ ঘৰত। শৈশৱৰ উল্লাসৰ সেই গৰু বিহুটো যেন আজি এক বন্ধৰ দিনৰ বাহিৰে একো নহয়। কিনি অনা লাৰু-পিঠাৰে বিহু খাই, দিনটো টিভিত নিৰ্বাচনী বিশেষ চাই, গধুলিলৈ পাপন-জুবিন-দীক্ষু কাৰোবাৰ প্ৰগ্ৰেম চাই, ৰাতিলৈ ফেচবুকত তাৰেই আপডেট দি আদৰৰ বিহুটিক আদৰণী জনোৱাৰ কিছু কৃত্ৰিম চেষ্টা কৰি আছোঁ আমি বা আমিবোৰে৷ সেয়ে, ক’ৰবাত কিবাধৰণেৰে যিসকলে এতিয়াও মোৰ ল’ৰালিৰ দিনবোৰত পালন কৰাৰ দৰে বিহু পালন কৰি আছে তেওঁলোকক মই সঁচাকৈ আজিৰ দিনত মনৰ কোনোবা এটা কোণৰ পৰা ভীষণ ইৰ্ষা কৰোঁ৷
সময়ে এনেধৰণৰ নিষ্ঠুৰ আঁচোৰ মাৰি যোৱা সত্বেও বিহুৱে জনমানসত সদায় নিগাজী স্থান অধিকাৰ কৰিয়েই থাকিব৷ অসমৰ বাহিৰত থকা সকলে কৰবাত কুলি-কেতেকীৰ মাত শুনিলেই ধৰফৰাই উঠিব৷ অসমীয়া জাতি থাকে মানে, লুইতখন থাকে মানে বিহু থাকিবই৷ এই আত্মবিশ্বাস প্ৰতিজন অসমীয়াৰ আছে৷ কিন্তু কেৱল আত্মবিশ্বাসেই যথেষ্ট নে? বাইকৰ তালে তালে মেদিনী কঁপোৱা যুৱচামক আজি জোৰ কৰি বিহু নাচিবলৈ বাধ্য কৰাই আমি বিহুক ৰক্ষা কৰিব পাৰিম জানো? একেদৰে এটা চিজনৰ বাবে এজন ঢুলীয়াক কেইহাজাৰমান টকাত বিহুমঞ্চৰ বাবে “চুক্তি” কৰাই আমি বিহুক প্ৰতীকী অৰ্থৰ বাহিৰে কিবা বেলেগ ধৰণেৰে জীয়াই ৰাখিব পাৰিমনে? প্ৰতিবছৰেই আমি বিহুৰ পৰম্পৰা গছৰ তলৰ পৰা মঞ্চলৈ অহাৰ বাবে সমালোচনা কৰোঁ৷ কিন্তু এই সমালোচনাবোৰে বিহুক পুনৰ গছৰ তললৈ ঘূৰাই নিব পাৰিবনে? এইবোৰ নিজক সুধি নিজে বাচি উলিয়াবলগীয়া উত্তৰ। অপ্ৰিয় সত্য হয়তো এয়ে যে মঞ্চলৈ আহিহে আজি বিহু এতিয়াও জনপ্ৰিয় হৈ বাচি আছে৷ গৰু বিহুৰ ক্ষেত্ৰত আজি এই পৰিৱৰ্তন নোহোৱাৰ বাবে ই চহৰাঞ্চলৰ বাবে কেৱল নামত বিহু হৈ আছে৷ বৰ্তমান সময়ত চহৰত বসবাস কৰা শিশুসকলৰ এক বুজন সংখ্যকে গৰু বিহু হয়তো দেখাই নাই বা এই ধাৰাটো চলি থাকিলে কোনোবাদিনা যে দেখিব তাৰো আশা কৰাটো ভুল হ’ব৷ এনেকুৱাত ভাৱ হয় যেন ৰাজহুৱাভাবে পালন কৰাৰ কিবা পথ থাকিলে আমি গৰু বিহু উলহ মালহেৰে পালন কৰিব পাৰিম। পৰিৱৰ্তনৰ এই পাকচক্ৰত পৰি আঁহতৰ তলত শুনিবলগীয়া মহৰ শিঙৰ পেঁপাৰ মাতটো আমি মঞ্চত শুনিবলৈ পাইছোঁ৷ এতিয়া হয়তো সেই দিনলৈও বেছি অপেক্ষা কৰিব নালাগিব য’ত বিহু সমিতিবোৰে গৰুক গা ধুওৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। তেনে হ’লে গৰু বিহুক এই ন-ৰূপত দেখি আমাৰ হৃদয়ে কান্দি উঠিব৷ হয়তো এদিন এনেকুৱা সময় আহিব যিদিনা আমি অনিচ্ছা সত্বেও এয়া কৰিবলৈ বাধ্য হ’ম, অন্ততঃ আমাৰ ভৱিষ্যত প্ৰজন্মক গৰু বিহুৰ পৰম্পৰাৰ বিষয়ে অবগত কৰিবলৈ প্ৰতীকী স্বাৰ্থত৷ ‘লাউ খা বেঙেনা খা ……’ এই বচনফাকিকো হয়তো গৰুবিহুৰ বাণিজ্যিকৰণ কৰিহে ৰক্ষা কৰিব পৰা যাব৷
এইবোৰৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ আগৰ সংজ্ঞাবোৰেই ইয়াত খাটিব যেন বোধ হয়। কিন্তু পৰিৱৰ্তনৰ নামত আমি বিহুক বা অন্যান্য উৎসৱ-পাৰ্বনক কি ৰূপলৈ লৈ যাম সেয়া এক লক্ষণীয় কথা৷ পৰিৱৰ্তনৰ দোহাই দি অৰ্ধনগ্ন পোছাকেৰে ফেশ্যন শ্ব’বোৰত বিকৃত বিহুনৃত্য বা ফাকুৱাৰ ছেগেৰে চৰা দামত বিলাহী কিনি বাৰেভচহু “টমাটিনা ফেষ্টিভেল” পালন কৰালৈকে আমি আমাৰ উৎসৱবোৰৰ পৰিৱৰ্তন বিচাৰোঁ নে? মোৰ বিশ্বাস যে অধিকাংশই এনেধৰণৰ পৰিৱৰ্তন নিবিচাৰিব৷ কিন্তু ইতিমধ্যে পৰিৱৰ্তনৰ নামত আমি বহুতো অশুভ পৰম্পৰাক সাৱতি লৈছোঁ; আৰম্ভণি কৰিছোঁ কিছুমান আচহুৱা পৰম্পৰাৰ৷ ইতিমধ্যে বিভিন্ন ব্যৱসায়ীক গোষ্ঠীৰ কবলত পৰি বিহু বহুলাংশে এক টকা ঘটাৰ আহিলালৈ পৰিৱৰ্তন হৈছে৷ গুৱাহাটীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰত এক বিশেষ বণিক গোষ্ঠীৰ আমাতকৈ আগতেই বিহু গাত লাগে৷ এয়াৰটেল, এয়াৰচেল আদি কৰ্পৰেট গোষ্ঠীয়ে বিহুৰ আনন্দত মতলীয়া হৈ অসমৰ চুকে-কোণে প্ৰচাৰ চলাইছে৷ নাজানো এওঁলোকৰ কবলত পৰি বিহুৱে কি ৰূপ লয়। কিন্তু আমি আশা কৰিম যাতে লোকৰীতি, লোকাচাৰ তথা পৰম্পৰাৰ মূল শিপাডালৰ লগত আমিবোৰৰ সম্পৰ্ক বিছিন্ন হৈ নপৰে৷ পৰিৱৰ্তনৰ আজুহাত লৈ আমি যাতে জাতিটোৰ স্বকীয় বৈশিষ্ট্যক আঘাত নকৰোঁ তাৰ প্ৰতি চোকা নজৰ ৰখাৰ দায়িত্ব প্ৰতিজন সচেতন নাগৰিকৰ। এক অৰ্থত সমাজৰে দায়িত্ব এয়া৷
আন কিছুমান কথায়ো কেতিয়াবা একো একোটা প্ৰশ্ন হৈ আমাৰ আগত থিয় দিয়ে। নিজৰ জাতীয় উৎসৱ ধুমধামেৰে পালন কৰা আমাৰ সকলোৰে দায়িত্ব ঠিকেই। কিন্তু সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ কৰ্ম সংস্কৃতিক পিছলৈ ঠেলি দিয়াৰ যুক্তি কিমান দূৰলৈকে সমীচিন? কৃষি অৰ্থনীতিৰ ভেটিত গঢ় লোৱা এই উৎসৱ আজি বজাৰৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল৷ কেইটামান ব্যতিক্ৰমক বাদ দিলে আজি অসমৰ স্থান উৎপাদন কৰোঁতাৰ ঠাইত নাই, আছেগৈ উপভোক্তাৰ ঠাইতহে৷ আমি কেৱল খাওঁ, পিন্ধোঁ আৰু ফুৰ্তি কৰোঁ৷ সংস্কৃতিৰ বিষয়ে ভাষণ দিওঁতে আমি কৰ্ম-সংস্কৃতিৰ বিষয়ে পাহৰিয়েই থাকোঁ৷ কাম-কাজ বাদ দি তিনিমাহলৈ আমি বিহু নাচিয়েই কটাব পাৰোঁ৷ আহাৰ মাহলৈকে চলি থকা উৎসৱবোৰ আচলতে বিহু নে বিহুৰ নামত শৰাধ? এইবোৰে একো একোটা উত্তৰহীন প্ৰশ্ন।
এইবাৰৰ ব’হাগ আমাৰ বাবে বিশেষ৷ ব’হাগতেই আমি ভোটাধিকাৰ সাব্যস্ত কৰি নতুন চৰকাৰখন গঠন কৰাৰ গুৰুদায়িত্ব পালন কৰিব লাগিব৷ নিৰ্বাচনী বতাহে বিহুৰ মাদকতা অলপ হ’লেও হ্ৰাস কৰিছে৷ ৰাজনৈতিক দলবোৰে সমান্তৰালকৈ দেখুৱাইছে নিৰ্বাচনী বিহু৷ ইতিমধ্যে নিৰ্বাচনী বিহুৰ ঢোল বজাবলৈ বাহিৰৰ নেতাসকল আহি উপস্থিত হৈছেই৷ তেওঁলোকে আমাক বিহুৰ বতৰত আশা দিব, প্ৰতিশ্ৰুতি দিব৷ ঐক্য-অনৈক্যৰ কথা ক’ব৷ পদুমে বিদেশী খেদিব, হাতীয়ে জেওৰা দিব, ঝাৰুৱে সকলো চাফা কৰিব, হাতে এখন ধৰ্মনিৰপেক্ষ দেশ গঢ়িব, আতৰৰ দলে নতুন সংস্কৃতি গঢ়িব৷ আমি তেওঁলোকৰ লগে লগে আগুৱাই যাম, তেওঁলোকে দিয়া দুটকীয়া চাউল খাই, আঁচনিৰ সুবিধা লৈ কাম-কাজ বাদ দি আনন্দত মতলীয়া হৈ গোটেই বছৰটো উৎসৱেই পালন কৰি যাম৷ কিন্তু চহাৰ যিদিনা চেতনা আহিব সেইদিনা দেশখন ৰসাতলে গ’ল বুলি চিঞৰ-বাখৰ কৰাৰ বাদে আমাৰ হাতত আৰু কিবা থাকিবগৈ নে? এইবোৰো নিজে নিজক সোধা একো একোটা উত্তৰহীন প্ৰশ্ন৷ সকলো মহলে কথাবোৰ ন-কৈ চিন্তা নকৰিলে এই পৰিৱৰ্তনে কিবা এটা দিবনে আমাক? নে আমাৰ পৰা কিবাকিবি কাঢ়ি নিব? এই চিন্তন সময়ৰ আহ্বানৰ বাহিৰে কিবা হয় জানো?
তথাপি ব’হাগ ব’হাগেই৷ হাজাৰ পৰিৱৰ্তনৰ মাজতো ই আমাৰ অতিকে আপোন৷ ক’ব নোৱাৰাকৈ ব’হাগে মন আৰু শৰীৰত জগাই তোলে এক অজান শিঁহৰণ আৰু অনুভৱ৷ বিহুৰ দিনা ইয়াকেই কামনা কৰিম যাতে ব’হাগ জিলিকি থাকক অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে৷ আশা কৰিম যেন এই ব’হাগেই সকলোৰে বাবে কঢ়িয়াই আনে এক নতুন দিগন্ত, এই ব’হাগ হওক প্ৰেমৰ ব’হাগ আৰু এই প্ৰেমৰ শক্তিয়ে সমাজখন চিৰদিন একতাৰ দোলেৰে বান্ধি ৰাখক৷
সকলোকে ব’হাগ বিহুৰ ওলগ জনালোঁ৷
ধন্যবাদেৰে,
অমিতাভ
১ বহাগ, ১৯৩৬ শক