Thursday 22 September 2016

অস্তমিত

নিশা ২ বাজি ৩৫ মিনিট৷

অতনুৱে লিখি গৈছে৷ কাগজ ভৰ্তি কৰি দিনে ৰাতিয়ে আবৰ্জনা এসোপামান লিখি গৈছে৷

লিখাৰ গতিৰ লগে লগে বাঢ়িছে চিগাৰেট৷ সমানুপাতিকভাবে বাঢ়িছে প্ৰকাশকৰ ফোনকল আৰু প্ৰকাশ নকৰা বিৰক্তি৷

সেই পৰিচিত অস্বস্তি আৰু খঙবোৰ দমাই ৰাতি তিনি বজাতো লিখাৰ ব্যৰ্থ প্ৰয়াস কৰি আছে অতনুৱে৷ উপন্যাসখন সম্পূৰ্ণ নকৰালৈকে কিমান উজাগৰী নিশা কটাব লাগিব সেয়া অনুমান কৰিবলৈওঁ মন যোৱা নাই তাৰ৷ শেষনিশা মজিয়াত সৌৱা তাৰ সৃষ্টিৰ কাগজৰ পাহাৰ৷

নিশা তিনি বাজি পোন্ধৰ মিনিট৷ উকা কাগজ, পাৰ্কাৰ পেন, শেষ কৰিব নোৱাৰা এটা পেগ…… চকীতেই এটা সৰু কেচুৱাৰ দৰে শুই আছে অতনু৷

বাসৱী সিটো কোঠাত৷ অতনুক চকীতেই শুই থকা দেখিওঁ জগাই দিবলৈ মন যোৱা নাই৷ এনেকৈয়ে টোপনিয়ে অলপ সঙ্গ দিয়ে যদি দিয়ক৷ চকুৰ সন্মুখতে সেই ফুৰ্তিবাজ অতনু দিনে দিনে হেৰাই যাব ধৰিছে৷ শৰীৰটো ৰৈছে, আত্মাটো কোন কাহানিবাই কলৈ বা গুছি গ'ল৷ যোৱা তিনি মাহ ধৰি অতনু অফিচলৈ যোৱা নাই৷ কেৱল লিখি গৈছে…… আৰু লিখাৰ নামত কৰা সেই আঁক বাঁকবোৰ ৰাতিপুৱা পুৰি পেলাইছে৷

কিমানটা যে ৰাতি এনেদৰে পাৰ হৈছে৷ মাজে মাজে গাঁৱৰ ঘৰৰ পৰা মাকৰ ফোন আহে৷ হয়তো মাকক তাৰ এই অৱস্থাৰ খবৰ দিয়া মানুহ ঘৰতেই আছে৷

- নাই মা, প্ৰকাশকৰ তাগিদা৷ লগতে মোৰো এটা দায়িত্ব, এটা টাৰগেট আছে৷ গ্ৰন্থমেলাৰ আগতে মই কিতাপ উলিয়াবই লাগিব৷ এতিয়াই কিতাপ নুলিয়ালে পিছলৈ চিজন গুছি যাব৷
**

বেলেগক ফাকি দিলেওঁ প্ৰকৃততে তাৰ সমস্যাটো ক'ত সেয়া সি ভালদৰে জানে৷ সমস্যাটোৰ নাম বাসৱী৷ বাসৱীৰ বাবে তাৰ জীৱনটো সলনি হৈ গৈছে৷ বাসৱীয়ে পাহৰি গৈছে সেই পুৰণা দিনবোৰ৷ পাহৰি গৈছে তাই যে বিখ্যাত লেখক অতনুৰ পত্নী আছিল৷ পাহৰি গৈছে তায়েই যে এসময়ত অতনুক কেৱল লিখাত মনোযোগ দিয়াৰ বাবে চাকৰি এৰিবলৈ জোৰ কৰিছিল৷
কেৱল এটা সন্দেহ! তাইক আত্মপক্ষ সমৰ্থনৰ সুঁযোগ নিদিলে অতনুৱে৷ বাসৱী আতৰি গৈছিল তাৰ জীৱনৰ পৰা, চিৰদিনৰ বাবে৷
সি বাসৱীক কেতিয়াওঁ পাহৰিব নোৱাৰে৷ কিন্তু সমস্যাটো ভবাতকৈ গম্ভীৰ৷ বাসৱীৰ মনত আছে যে তাই অতনুৰ পত্নী৷ কিন্তু তাইৰ যে ইতিমধ্যে মৃত্যু হৈছে সেয়া তাই সম্পূৰ্ণ পাহৰি গৈছে৷ অতনুৱে তাইক একো ক'ব নোৱাৰে৷ ক'বনো কেনেকৈ? ভূতৰ লগত জানো যুক্তি- তৰ্ক কৰিব পাৰি??

**

- তোক কোনে ক'লে ভূতৰ বাবে চাইকিয়াট্ৰিষ্ট নাথাকে?

সমুদ্ৰৰ কথাত সামান্য সকাহ পালে অতনুৱে৷ সমুদ্ৰক দুমাহমান আগতে এখন মিটিঙত লগ পাইছিল অতনুৱে৷ অতি সোনকালেই দুয়ো ভাল বন্ধু হৈ পৰিল৷ অতনুৰ কেতিয়াবা কিয় জানো সমুদ্ৰক বহুত পুৰণি চিনাকী যেন লাগে৷ কিন্তু ক'ত, কেনেকৈ লগ পাইছিল সেয়াহে অলপো মনত নাই৷
- ভূতৰ ডাক্তৰ? সম্ভৱ জানো?
- তই সেইবোৰ মোৰ ওপৰত এৰি দে৷ এতিয়া টেনচন্ নলবি৷ মিনি পেগ এটা বনা৷
- তাইক মুক্তি দে ভাই৷ বাসৱীক মই এনেকৈ কষ্ট পোৱা চাব নোৱাৰো৷ জীয়াই থাকোতেটো বেছেৰীয়ে শান্তি নাপালেই৷
- চিন্তা নকৰিবি দোস্ত, হৈ যাব৷ বাকী তোৰ উপন্যাসৰ খবৰ কি? কিমান আগবাঢ়িছে?
- নাই অঁ, দিনে ৰাতিয়ে চেষ্টা কৰিছো৷ একো নোৱাৰো দেখোন লিখিব৷ এইফালে দিনে, ৰাতিয়ে পাব্লিছাৰৰ কামোৰ৷ মই যেন ৰবটহে!
**

- কিবা ইমপ্ৰুভমেন্ট?
- নাই৷ দিনে দিনে সি দেখোন বেছিকৈহে কল্পনাৰ জগতখনত সোমাই যাব ধৰিছে৷ তুমি ধৈৰ্য্য ধৰিব লাগিব বাসৱী৷ তুমি তাক এই অৱস্থাৰ পৰা বাহিৰলৈ উলিয়ায় আনিব লাগিব৷
- মই কি কৰিম সমুদ্ৰ? তুমি ডাক্তৰ তুমিয়েই ৰাস্তা দেখুৱাব লাগিব৷
- মোৰ ট্ৰিটমেন্টৰ সফলতা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব৷ তুমিয়েই পাৰিবা বাসৱী৷

বাহিৰত বৰষুণ৷ খিৰিকীখনৰ কাষলৈ গ'ল বাসৱী৷

- সমুদ্ৰ, অতনুৰ এই অৱস্থাৰ বাবেটো আমিয়েই দোষী ন'?
- তেনেকৈ কিয় কৈছা বাসৱী?
- মই অতনুৰ পত্নী৷ তথাপি তোমাক ভাল পাইছিলো৷
- তোমাক ময়ো সমানেই ভালপাওঁ বাসৱী৷ হয়তো মই পৃথিৱীক বুজাব নোৱাৰিম৷ কিন্তু তুমি জানা যে মই তোমাৰ আৰু অতনুৰ সম্পৰ্কটোক অভাৰটেক কৰিবলৈ কেতিয়াওঁ যোৱা নাই৷ হয় অতনুৱে গম পাইছে, কিন্তু সেইটো এটা এক্সিডেন্ট৷
- আৰু তাৰ পিছতেই অতনুৰ এই অৱস্থা!
**

অতনুৱে জ্বৰত চটফটাই আছে, ভ্ৰম বকিছে৷ কাষত বাসৱী৷ গোটেই ৰাতি অতনুৰ মুৰটো নিজৰ কোলাত লৈ পৰিচৰ্চা কৰিছে তাই৷ কপালৰ পটীখন বাৰে বাৰে সলনি কৰি দি আছে৷ বহুত মিছ কৰিছে তাই, সেই পুৰণা অতনুক৷
**

চকু মেলিলে অতনুৱে৷ এক গভীৰ প্ৰশান্তিত তাৰ মন ভৰি পৰিল৷ বাসৱীয়ে কপালখন লাহে লাহে মালিচ কৰি দি আছে৷ তাইৰ আঙুলিবোৰ হিম শীতল৷ মৃতদেহৰ পৰশ………
**
সময়: ৰাতিপুৱা চাৰি বাজি সাত মিনিট৷

উকা কাগজ, পাৰ্কাৰ পেন, শেষ কৰিব নোৱাৰা এটা পেগ…… খকমককৈ সাৰ পালে অতনুৱে৷ কাষৰ কোঠাটোলৈ চকু গ'ল অতনুৰ৷ তাৰ বাবে তাইৰো ৰাতিৰ টোপনি নোহোৱা হৈছে৷ বেছেৰী……

বাৰাণ্ডালৈ গৈ চিগাৰেট এটা জ্বলালে অতনুৱে৷ লগতে জ্বলালে লিখাৰ নামত বাসৱীক ভাবি লৈ কৰা পাগলামীবোৰ ৷

অতনুৱে জানে এই ৰাইটাৰ্চ ব্লক সি কেনেকৈ পাৰ হ'ব পাৰিব৷ তাৰ বুকুৰ কুটুম কবিতাইহে তাক পথ দেখুৱাব পাৰিব, নিৰ্দিষ্ট কোনো হেঁচাত ওলোৱা গল্প-উপন্যাসৰ শাৰীয়ে নোৱাৰে৷ কলেজীয়া দিনবোৰৰ অতনুজন ভাঁহি উঠিল তাৰ চকুত৷ কবি অতনু!

সময় পাছে সলনি হৈছে৷ অতনুৱে বুজিছে, কোনো লেখক বজাৰৰ চাহিদাৰ উৰ্ধত নহয়৷ বতাহেও নুশুনা হুমুনিয়াহ এটাৰে অতনু লিখিব বহিল৷ লিখি শেষ কৰিবই লাগিব৷

(থীম- তন্ময় বেনাৰ্জীৰ সৈতে যুটীয়াভাবে)

Tuesday 13 September 2016

স্মল ইজ বিউটিফুল: এক ডেনিছ ৰূপকথা

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাৰ কথা৷ এই সময়খিনি আছিল পৰিবৰ্তনৰ সময়৷ বিশ্ব ৰাজনীতিত এইফালে সমাজতন্ত্ৰৰ উত্থান-পতন আৰু আনফালে পুঁজিবাদৰ আগ্ৰাসনৰ সাক্ষী হৈ ৰ'ল এই সময়ছোৱা৷ যুদ্ধ শেষ হ'ল, কিন্তু যুদ্ধৰ উপসৰ্গবোৰ যেন ক'ৰবাত ৰৈ গ'ল৷ ইউৰোপত যুদ্ধপৰৱৰ্তী এই সময়খিনিত সমাজতন্ত্ৰ, গণতন্ত্ৰ আদি বিভিন্ন তন্ত্ৰৰ ফলত জাতিগত হিংসাই কিছুমান অঞ্চলত সমস্যাৰ সৃষ্টি কৰে৷ বিপৰীতে কিছুমান অঞ্চলত এয়াই সৃষ্টি কৰে জাতীয় ঐক্যৰ৷ এই ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় পট পৰিৱৰ্তনে অতি সন্তৰ্পনে সমাজৰ সকলো স্তৰতেই প্ৰভাৱ পেলালে৷ ফুটবলো ব্যতিক্ৰম নহ'ল৷ প্ৰধানতঃ ১৯৮৫ চনৰপৰা ১৯৯২ চনলৈ এই সময়খিনি আছিল ইউৰোপীয় ফুটবলক ৰাজনীতিয়ে সনা-পোটোকা কৰা সময়৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই ছখন প্রজাতন্ত্র ক্ৰমে – শ্ল'ভেনিয়া, ক্ৰ'ৱেছিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, মেচিডোনিয়া, মন্টেনেগ্ৰ' আৰু ছার্বিয়াক সামৰি গঠন কৰা হৈছিল ছ’চিয়েলিষ্ট ফেডাৰেল ৰিপাব্লিক অফ যুগোশ্ল'ভিয়া৷ তেতিয়াৰ শাসকগোষ্ঠী "দা লিগ অফ কমিউনিষ্ট অফ যুগোশ্ল'ভিয়া"ৰ এই প্ৰতিখন প্ৰজাতন্ত্ৰতেই নিজা শাখা আছিল আৰু তাৰে স্থানীয় লোকসকলকেই এই অনুষ্ঠানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ তীব্ৰ জাতীয়তাবোধ, জাতিসত্তা, নিজকে শ্ৰেষ্ঠ বুলি ভবা আদি বিভিন্ন কাৰকে সময়ৰ লগে লগে যুগোশ্ল'ভিয়াৰ পৰিবেশ দূষিত কৰিবলৈ আৰম্ভ কৰিলে আৰু সময়ত গৈ ১৯৯১ চনত ই ৰূপ ল'লে গৃহযুদ্ধৰ৷

তেতিয়াৰ যুগোশ্ল'ভিয়া অৰ্থনৈতিকভাৱে এক সবল দেশ আছিল৷ ১৯৬০-১৯৮০ৰ মাজৰ সময়ছোৱা আছিল দেশখনৰ স্বৰ্ণযুগ৷ গড় জি ডি পি বৃদ্ধিৰ হাৰ আছিল ৬·১%, চিকিৎসা সেৱা আছিল সম্পূৰ্ণ বিনামূলীয়া৷ দেশবাসীৰ গড় আয়ুস আছিল ৭২ বছৰ৷ জোছেফ ব্ৰজ টিটো আছিল সেই সময়ৰ এজন সফল শাসক৷ ১৯৮০ চনত টিটোৰ মৃত্যুৰ পিছত দেশৰ অৱস্থাৰ দ্ৰুত পৰিবৰ্তন পৰিলক্ষিত হয়৷ এই পৰিবৰ্তনৰ আনুষ্ঠানিক আৰম্ভণি ঘটে ১৯৮০ চনত৷ কছোভোবাসী আলবেনিয়ানসকলে কছোভোক স্বাধীন প্ৰজাতন্ত্ৰ কৰাৰ পোষকতা কৰে৷ এই বিষয়টো লৈ কছোভোৰ আলবেনিয়ান আৰু ছাৰ্বসকলৰ মাজত জাতিগত বিৰোধিতা আৰু মত পাৰ্থক্যই গুৰুতৰ ৰূপ ধাৰণ কৰে৷ প্ৰায় এটা যুগ ধৰি চলা এই গৃহকন্দলে ফেডাৰেলিজমক দুৰ্বল কৰি পেলালে৷ আঞ্চলিক শাসকগোষ্ঠীৰ ওপৰত কেন্দ্ৰৰ ক্ষমতা ক্ৰমে কমি কমি গৈ থাকে৷ পূব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰবোৰ ক্ৰমশঃ দুৰ্বল হৈ অহাৰ লগে লগেই দীৰ্ঘসময়ৰ শীতলযুদ্ধই সমাপ্তিৰ পথলৈ আগুৱাব ধৰে৷ এই ঘটনাৰ প্ৰতীকৰূপে বাৰ্লিন দেৱালৰ পতন আৰু দুই জাৰ্মানিৰ পুনৰ্মিলনলৈ আঙুলিয়াব পাৰি৷ এই সামগ্ৰিক ঘটনাৰাজিৰ প্ৰভাৱ পৰিছিল যুগোশ্ল'ভিয়াৰ ওপৰতো৷

২৫ জুন, ১৯৯১ তাৰিখে ক্ৰ'ৱেছিয়া আৰু শ্ল'ভেনিয়াই নিজকে স্বাধীন বুলি ঘোষণা কৰে৷ খবৰ পায়েই যুগোশ্ল'ভিয়াৰ সেনাই ক্ৰ'ৱেছিয়াস্থিত নিজৰ ঘাটি এৰি শ্ল'ভেনিয়া-ইটালি ব’ৰ্ডাৰৰ ফালে অগ্ৰসৰ হয়৷ কালক্ৰমত ক্ৰ'ৱেছিয়াই নিজৰ স্বাধীনতাৰ বিষয়ে নতুনকৈ শান্তি স্থাপন কৰাৰ বাবে চিন্তা-চৰ্চা কৰাৰ দিশত অগ্ৰসৰ হৈছিল৷ কিন্তু ৩১ জুনত প্লিটভিছ লেকৰ পাৰত হোৱা হিংসাত্মক ঘটনাই সকলো নষ্ট কৰি দিয়ে৷ আৰম্ভ হয় এক দীঘলীয়া গৃহযুদ্ধ৷ ১৯৯১ চনৰপৰা ২০০১ চনপৰ্যন্ত চলা এই যুদ্ধৰ ফলত যুগোশ্ল'ভিয়া টুকুৰা-টুকুৰ হৈ পাঁচখন নতুন ৰাষ্ট্ৰৰ জন্ম হয়৷

ইউৰ' ৯২, স্থান ছুইডেন৷ গ্ৰুপ-৪ৰপৰা যুগোশ্ল'ভিয়া চেম্পিয়ন হোৱাৰ সুবাদত ইউৰ' কাপৰ মূল পৰ্বৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ কিন্তু গৃহযুদ্ধৰ বাবে ৰাষ্ট্ৰসংঘই ৩০ মে', ১৯৯২ চনত যুগোশ্ল'ভিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে৷ উৱেফায়েও একে সময়তো নিষেধাজ্ঞা জাৰি কৰিলে৷ ফলত অপ্ৰত্যাশিতভাৱে মূল পৰ্বলৈ উন্নীত হ'ল গ্ৰুপ-৪ৰ ৰানাৰ্ছ আপ ডেনমাৰ্ক৷ লৰালৰিকৈ সাজু হ'ল লড্ৰপবাহিনী৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাৰ্মানি বিভক্ত হৈ পৰিছিল৷ এফালে কমিউনিষ্ট ছোভিয়েট-প্ৰভাৱিত পূব জাৰ্মানি আৰু আনফালে পুঁজিবাদী ইউৰোপ প্ৰভাৱিত পশ্চিম জাৰ্মানি৷ বাৰ্লিন দেৱালৰ পতনে এই দুই দেশৰ মাজৰ শীতল যুদ্ধৰ পৰিসমাপ্তিৰ আৰম্ভণি তথা দুই জাৰ্মানিৰ মিলনৰ সম্ভাৱনীয়তাৰ সৃষ্টি কৰে৷ প্ৰকৃতপক্ষে জাৰ্মানিৰ পুনৰ্মিলনৰ আৰম্ভণি ঘটিছিল হাঙ্গেৰি আৰু অষ্ট্ৰিয়াৰ সীমাৰ দেৱাল উঠাই দিয়াৰ পিছত৷ এই ঘটনাৰ পিছতেই হাজাৰ হাজাৰ পূব জাৰ্মান নাগৰিক পশ্চিম জাৰ্মানিলৈ পলাই আহিল৷ হাজাৰ প্ৰচেষ্টাৰ পিছতো তেওঁলোক পূব জাৰ্মানিলৈ ঘূৰি যাবলৈ সাজু নহ'ল৷ এইচাম ব্যক্তিয়ে আৰম্ভ কৰিলে এক বিক্ষুব্ধ আন্দোলন৷ লক্ষ্য আছিল অখণ্ড জাৰ্মানি৷ অৱশেষত ৯ নৱেম্বৰ, ১৯৮৯ চনৰ আবেলি আৰম্ভ হয় বাৰ্লিন দেৱাল ভঙা পৰ্বৰ আৰম্ভণি৷ ৩ অক্টোবৰ, ১৯৯০ত দুয়োখন জাৰ্মানি একেলগ হৈ অখণ্ড জাৰ্মানি হৈ পৰে৷

আনহাতে, ২৬ ডিচেম্বৰ, ১৯৯১ চনত ছোভিয়েট ইউনিয়ন আনুষ্ঠানিকভাৱে ভঙ্গ হয়৷ ইয়াৰ লগে লগে বহু বছৰ ধৰি চলি থকা শীতল যুদ্ধৰ অৱসান ঘটে৷

দ্ৰুতগতিত সলনি হ'ল ইউৰোপৰ মানচিত্ৰ৷ জাৰ্মানি একত্ৰিত হ'ল, ছোভিয়েট ইউনিয়ন টুকুৰা-টুকুৰ হ'ল৷ যুগোশ্ল'ভিয়া এই ভাঙো ভাঙো৷ সন্মুখত ইউৰ’, ৯২৷ প্ৰথমবাৰৰ বাবে অবিভক্ত জাৰ্মানিয়ে টুৰ্নামেন্টত অংশগ্ৰহণ কৰিলে৷ ছোভিয়েট ইউনিয়নে বাছনিপৰ্বত উন্নীত হ'লেও ইউৰ' কাপ আৰম্ভ হোৱালৈ টুকুৰা-টুকুৰ হৈ পৰিছিল৷ ফলস্বৰূপে "দ্য কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেটছ"ৰ বেনাৰত ইউৰ' কাপত অংশগ্ৰহণ কৰে৷ ৰাছিয়া, ইউক্ৰেইন, বেলাৰুছ, কাজাখস্তান, আৰ্মেনিয়া, আজাৰবাইজান, মালডোভা আৰু তাজিকিস্তানৰ খেলুৱৈৰে গঠিত হয় এই দল৷ জৰ্জিয়া CISঅৰ অংশ নহ'লেও তেওঁলোকৰ এজন খেলুৱৈ এই দলত অন্তৰ্ভুক্ত হয়৷ আনহাতে, এষ্ট’নিয়া, লিথুৱানিয়া আৰু লাটভিয়াৰ কোনো প্ৰতিনিধি এই দলত নাছিল৷ সন্মিলিত এই দলৰ মাজত তাল-মিলৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছিল৷ গ্ৰুপ পৰ্বতেই একেবাৰে শেষ স্থান লাভ কৰি টুৰ্নামেন্টৰপৰা বিদায় লয় এই দলটোৱে৷

আনহাতে, যুগোশ্ল'ভিয়াৰ ঠাইত অন্তিম মুহূৰ্তত খেলিবলৈ সুযোগ পোৱা ডেনমাৰ্ক দলে খেলিবলৈ আহি সৃষ্টি কৰিলে মেজিকৰ৷ ডেনমাৰ্কৰ এই ইউৰ' জয় আছিল ফুটবলৰ এক অবিস্মৰণীয় মুহূৰ্ত, য'ত এক অখ্যাত আৰু সৰু দলে শক্তিশালী বাধা নেওচি ফুটবলৰ অনিশ্চয়তাৰ সূত্ৰটোক আৰু শক্তিশালী কৰি তোলে৷

টুৰ্নামেন্ট আৰম্ভ হোৱাৰ কেইদিনমান আগতে ডেনমাৰ্কক জনোৱা হ'ল যে তেওঁলোকে অংশগ্ৰহণ কৰাৰ এক সুযোগ পাইছে৷ কোনো আশা নকৰাকৈ দলটো লৰালৰিকৈ ছুইডেনত হাজিৰ হ'ল৷ চৰম ৰক্ষণাত্মক আৰু বিৰক্তিকৰ ফুটবলেৰে ডেনমাৰ্কে টুৰ্নামেন্টৰ আৰম্ভণি ঘটালে৷ ফুটবলৰ যি সৌন্দৰ্য, সি ডেনমাৰ্কৰ খেলত একেবাৰেই নাছিল৷ কিন্তু তাৰ মাজতো এক ব্যতিক্ৰম আছিল, নাম হ'ল ব্ৰায়ান লড্ৰপ৷ লড্ৰপৰ খেলে বিশ্ববাসীক চমকিত কৰি তুলিছিল৷ প্ৰথম খেলত ইংলেণ্ডৰ সৈতে ড্ৰ খেলে ডেনমাৰ্কে, দ্বিতীয় খেলত ছুইডেনৰ হাতত পৰাস্ত৷ কোনোমতে চুঁচৰি-বাগৰি ডেনমাৰ্ক কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়৷ প্ৰতিপক্ষ শক্তিশালী ফৰাচী বাহিনী৷ উল্লেখযোগ্য যে ডেনমাৰ্কৰ নিৰ্ভৰযোগ্য খেলুৱৈ ভিলফোৰ্ট খেলখনৰ ঠিক আগে আগে ঘৰলৈ ঘূৰি যাবলগা হৈছিল, লিউকেমিয়াত ভুগি থকা জীয়েকৰ চিকিৎসাৰ বাবে৷ যথা সময়ত খেল আৰম্ভ হ'ল৷ ফ্ৰান্সৰ ফালৰপৰা পেপিন আৰু ডেনমাৰ্কৰ লাৰ্চেনে গ'ল কৰাৰ পিছত খেলখন নব্বৈ মিনিটৰ অন্তত ড্ৰৰ পথলৈ গতি কৰাৰ সময়তেই ৭৮ মিনিটত এলছট্ৰুপৰ গ'লে সলনি কৰি দিয়ে খেলৰ ফলাফল৷ সলনি কৰি দিয়ে এখন দেশৰ ইতিহাস৷

মাৰ্ক' ভান বাষ্টেন, বাৰ্গকেম্প, ৰাইকাৰ্ডৰ দৰে তাৰকাসম্বলিত নেডাৰলেণ্ড আছিল ডেনমাৰ্কৰ ছেমি ফাইনেলৰ প্ৰতিদ্বন্দ্বী৷ হয়তো কোনোৱেই এই খেলখনত ডেনমাৰ্ক জিকিব বুলি আশা কৰা নাছিল৷ কিন্তু এই ৰূপকথা যেন কেৱল ডেনমাৰ্কৰ বাবেই লিখা হৈছিল৷ খেলৰ পাঁচ মিনিটতেই প্ৰথমটো গ'ল দিয়ে ডেনমাৰ্কৰ লাৰ্চেনে৷ তেইশ মিনিটত বাৰ্গকেম্পৰ সমতাসূচক গ'ল৷ আকৌ ডেনমাৰ্কৰ অগ্ৰগতি, আকৌ লাৰ্চেনৰ গ'ল৷ জয়ৰ একেবাৰে ওচৰ পাওঁতে আকৌ ৰাইকাৰ্ডৰ গ'লেৰে নেডাৰলেণ্ডে সমতা স্থাপন কৰে৷ খেল ট্ৰাইব্ৰেকাৰলৈ গতি কৰে৷ ডাচ্চ্ তাৰকা ভান বাষ্টেনৰ শ্বট ওফৰাই দিয়ে গ'লকিপাৰ পিটাৰ স্মিখেলে৷ ৫-৪ত জয়লাভ কৰি ডেনমাৰ্ক উপস্থিত হয় ফাইনেলত৷

ফাইনেলত ডেনমাৰ্কৰ সন্মুখীন প্ৰাচীৰ হৈ থিয় দিছিল জাৰ্মানিয়ে৷ দুয়োখন জাৰ্মানি একেলগ হৈ গঠিত শক্তিশালী জাৰ্মানি৷ আয়োজক ছুইডেনক ৩-২ গ'লত পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল জাৰ্মানি৷ ডেনমাৰ্কৰ আৰম্ভণি আছিল দিশহীন৷ জাৰ্মানিৰ ডিফেন্স ভেদ কৰাৰ কোনো সুৰুঙা পোৱা নাছিল ডেনিছ বাহিনীয়ে৷ ষ্ট্ৰাইকাৰক বল তৈয়াৰ কৰি দিবলৈ লড্ৰপে নিজৰ পজিচন এৰি পিছুৱাই খেলিবলৈ ল'লে৷ জাৰ্মান ডিফেন্স লাইনক ব্যতিব্যস্ত কৰিবলৈ লড্ৰপৰ ড্ৰিবলিং, দ্ৰুত বল পাছ, মিডফিল্ডাৰৰ বল পাছ কৰি ষ্ট্ৰাইকাৰক বল পাছ কৰি দিয়াৰ এই কৌশল অত্যন্ত ফলপ্ৰসূ হয়৷ লড্ৰপক মাৰ্ক কৰিবলৈ গৈ জাৰ্মান ডিফেণ্ডাৰসকলে নিজৰ স্থান এৰি আগুৱাই আহিল৷ ছুইপাৰ পদ্ধতিৰে খেলা ডিফেন্সে আত্মবিশ্বাসী হৈ আগুৱাই আহিছিল কাৰণ তেওঁলোকৰ পিছফালে এজন ছুইপাৰ আৰু চেন্টাৰ বেক আছিল৷ লড্ৰপ বল লৈ আগুৱাই আহিলেও গ'ললৈ পৰিণত কৰিব নোৱাৰিব বুলি জাৰ্মানিৰ ডিফেন্সৰ বিশ্বাস আছিল৷ ১৮ মিনিটত জাৰ্মানিৰ দিশত বল লৈ আগুৱাই আহে পভলছন৷ পভলছনৰ সুন্দৰ পাচক গ'ললৈ পৰিণত কৰাত কোনো ভুল নকৰিলে জেনচেন৷ ডেনমাৰ্ক ১ – জাৰ্মানি ০৷ গ'ল খোৱা জাৰ্মান দল আক্ৰমণাত্মক হৈ উঠে৷ জাৰ্মান মিডফিল্ডে এটাৰ পিছত এটাকৈ আক্ৰমণ ৰচনা কৰে৷ বহু চেষ্টাৰ পিছতো প্ৰথমাৰ্ধত জাৰ্মানিয়ে ডেনমাৰ্কৰ বেহু ভেদ কৰিবলৈ সক্ষম নহ'ল৷

দ্বিতীয়াৰ্ধত জাৰ্মানিয়ে সুন্দৰ খেলৰ প্ৰদৰ্শন কৰে৷ ৫-৩-২ ফৰ্মেচনত খেলি দুৰ্দান্ত খেলেৰে ডেনমাৰ্কৰ ৰক্ষণবিভাগৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰে৷ দুয়োফালৰ উইং বেক খেলপথাৰৰ মাজভাগত আহি খেলা আৰম্ভ কৰে৷ এইফালে ডেনিছ মিডফিল্ডাৰসকল পিছুৱাই গৈ ডিফেন্স শক্তিশালী কৰি তোলে৷ সন্মুখত কেৱল লড্ৰপ আৰু পভলছন৷ বাৰে বাৰে জাৰ্মানিৰ আক্ৰমণ, ডেনমাৰ্কে কোনোমতে দুৰ্গৰক্ষা কৰি গৈছে৷ খেল শেষ হ'বলৈ ১২ মিনিট থাকোতে জাৰ্মান গ'লপোষ্টৰ সন্মুখত গ'লৰ সুযোগৰ সৃষ্টি হয়৷ আশা কৰাধৰণে ভিলফোৰ্টে কোনো ভুল নকৰিলে৷ ডেনমাৰ্ক ২ – জাৰ্মানি ০৷ ৰক্ষণাত্মক খেলেৰেও যে বিজয়ী হ'ব পাৰে তাক ইটালিৰ পিছত আকৌ এবাৰ ডেনমাৰ্কে প্ৰমাণ কৰি দিলে৷

ডেনমাৰ্কৰ এই জয় এক ৰূপকথাৰ কাহিনীতকৈ কোনোগুণে কম নাছিল৷ যুগোশ্ল'ভিয়াৰ গৃহযুদ্ধৰ বাবে আচম্বিতভাৱে মূলপৰ্বত খেলাৰ সুযোগ পাইছিল ডেনমাৰ্কে৷ প্ৰত্যাশাৰ সৰ্বনিম্ন স্তৰৰপৰা সাফল্যৰ এভাৰেষ্টত উঠা ডেনমাৰ্কৰ এই যাত্ৰা আছিল তীব্ৰ ৰোমাঞ্চকৰ৷ যুগোশ্ল'ভিয়াৰ ভাঙোন প্ৰক্ৰিয়া, ছোভিয়েট ইউনিয়নৰ পতন হৈ পোন্ধৰখন স্বাধীন দেশ, দুই জাৰ্মানিৰ মিলন এই সকলোৱে ইউৰ'-৯২ কৰি তুলিছিল বৈচিত্ৰ্যময়৷ এই সৰু সৰু নতুন দেশবোৰৰ সপোনবোৰক যেন প্ৰতিনিধিত্ব কৰিছিল ফুটবলৰ বিচাৰত সৰু আৰু দুৰ্বল ডেনমাৰ্কে৷

ইউৰ'-৯২ৰ শ্লোগান আছিল 'Small is beautiful'৷ এই শ্লোগানক সাৰ্থক কৰিবলৈ যেন ডেনমাৰ্ক আছিল বদ্ধপৰিকৰ৷ অপ্ৰত্যাশিতভাৱে ইউৰ'ত খেলাৰ সুযোগ, আগতীয়া উচিত প্ৰস্তুতি অবিহনেই নিজৰ চেষ্টাৰ বলত ফুটবলৰ প্ৰখ্যাত দলসমূহক তচনচ কৰি ইউৰ' জয়েৰে বিশ্ববাসীক মুগ্ধ কৰি অগণন জনতাক সপোন দেখিবলৈ শিকালে ডেনমাৰ্কে৷ সঁচা অৰ্থত সেই জয় আছিল 'small is beautiful'; যেন ইউৰ'-৯২ৰ শ্লোগানৰ বাস্তৱ চিত্ৰ৷

#Amitabh_Mahanta