Sunday 25 August 2013

বেয়া ল'ৰা




কালি 'ভাল ল'ৰা' দিগন্তৰ বিষয়ে লিখিছিলো৷ আজি কোনোবা এজন বেয়া ল'ৰাৰ বিষয়ে লিখিবলৈ মন গৈছে৷

জীৱনৰ প্ৰতিটো খোজতে সংখ্যাৰ ফালৰ পৰা ভাল ল'ৰাতকৈ বেয়া ল'ৰা বেছি পাইছো৷ পিছে আজি লিখিবলৈ লৈ এখন্তেক থমকি ৰৈছো৷ কাৰ কথা নো লিখো৷ প্ৰকৃততে বেয়া ল'ৰা কোনবোৰ সেয়া ভাবি আছো৷ লিখাৰ হেঁপাহত এবাৰ গুগলত বিছাৰিও চালো৷ কিন্তু গুগলে এইবাৰ মনে বিছৰা উত্তৰ দিব নোৱাৰিলে দেখোন৷

সৰুকালটোৱেই ভাল আছিল৷ বেয়া ল'ৰা চিনি পোৱা একেবাৰে সহজ আছিল৷ গাখীৰ নোখোৱা, চুলি নফণিওৱা, নখ নকটা, খেলোতে গাড়ী-পুতলা ভঙাবোৰেই বেয়া ল'ৰা আছিল৷

অলপ ডাঙৰ হোৱাত বেয়া ল'ৰাৰ সংজ্ঞা লাহেকৈ বদলি হ'ল৷ স্কুলত হোমৱৰ্ক নকৰা, পৰীক্ষাত কম নম্বৰ পোৱা, মাৰপিট কৰাবোৰেই বেয়া ল'ৰাৰ নতুন পৰিচয় হ'ল৷

আৰু অলপ ডাঙৰ হ'লো৷ ইতিমধ্যে সৰুকালিৰ বহুতো বেয়া ল'ৰা ভাল হবলৈ আৰম্ভ কৰিলে৷ কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিত বেয়া ল'ৰা বুলিলে এইবাৰ বেলেগ বুজা হ'লো৷ প্ৰেম কৰা, ছোৱালী জোকোৱা, ষ্টুডেন্ট ইউনিয়ন কৰা, মদ-চিগাৰেট খোৱা, বেয়া চিনেমা চোৱাবোৰেই হৈ পৰিল এইবাৰ বেয়া ল'ৰা৷

কিন্তু এতিয়া মই কাৰ কথা লিখো? জীৱনৰ বিভিন্ন ক্ষণত বেলেগ বেলেগ বেয়া ল'ৰা পাইছো৷ জীৱনৰ এই বিভিন্ন স্তৰবোৰত লগ পোৱা বেয়া ল'ৰাবোৰৰ কথা ভাবি শেষত মানসৰ কথা লিখাটোৱেই থিৰাং কৰিলো৷ সৰুৰে পৰা আমি শুনা বেয়া ল'ৰাৰ গোটেইকেইটা বৈশিষ্ট তাৰ আছে৷

ভবা মতেই কাম, লিখিবলৈ বহিলো৷ বৰ্তমান মানসে কিবাকিবি ব্যৱসায় কৰে৷ কি ব্যৱসায় কোনেও ভালকৈ ক'ব নোৱাৰে৷অলপ লিখি খেলিমেলি লাগিল৷ নাহ, এনেকৈ নহব, এবাৰ তাক লগ ধৰিব লাগিব৷ কিন্তু তাৰ ফোন নম্বৰো যে নাই৷ ফেচবুকত বিছাৰি নম্বৰটো পালো৷ কি ফেচবুক প্ৰফাইল তাৰ, বাপৰে!! চিগাৰেটৰ ধোঁৱা উৰুৱাই থকা প্ৰফাইল ফ'টো, বিভিন্ন বেয়া বেয়া লিংক৷ মনটো ভাল লাগি গ'ল৷ ঠিক মানুহকে পচন্দ কৰিছো৷

আবেলি সময়ত তাক লগ ধৰিম বুলি ফোন লগালো৷ বেলতলাৰ সিহঁতৰ ৰেগুলাৰ বাৰ খনতেই বহি মদ খাই আছে৷ এই দিন দুপৰতে মদ!!! ই সঁচাকৈ ভাল নহ'ল৷যথাসময়ত গৈ পালো৷ মানস আৰু তাৰ বন্ধু কেইজনমানে মদ, মাংস, চিগাৰেটেৰে এক মায়াবী পৰিবেশ সৃষ্টি কৰি বহি আছে৷ অলপ সময় সিহঁতৰ লগত বহি অসংলগ্ন বিষয় কিছুমানৰ ওপৰত আড্ডা মাৰিলো৷ মই সহজ হ'ব নোৱাৰাটো চাগে মানসৰ চকুত পৰিছিল, এটা সময়ত সি মোক লৈ বাৰৰ পৰা ওলাই আহিল৷

দুয়ো আমাৰ পুৰণা আড্ডা কমাৰ্চলৈ আহিলো৷ এসময়ৰ আমাৰ আড্ডাস্হলীত আজি কেৱল আমি দুয়ো৷ কথা পাতি গম পালো ই অলপো সলনি হোৱা নাই৷ তাৰ মতে তিনিটা 'ম', মানে মদ, মাংস, মাইকীয়েই তাৰ জীৱনৰ চালিকা শক্তি৷ তিনিজনীমান প্ৰেমিকা (?) সলালেই৷ এইবাৰ আকৌ বেলেগ এজনী চাই আছে৷ কথাপ্ৰসংগত গম পালো কিছুমান দুই নম্বৰী ব্যৱসায়টো সি নামিছে৷ আগৰ দৰেই বেপেৰোৱা হৈ আছে৷

আড্ডা মাৰি উঠি তাক গাড়ীৰে ঘৰত নমাই দিবলৈ গলো৷ সন্মুখতে ভনীয়েকক পালো, তাই মোক দেখি জোৰ কৰি চাহ একাপ খুৱাবলৈ ভিতৰলৈ লৈ গ'ল৷ ড্ৰয়িং ৰুমত বহি মন কৰিলো মানসে ঘৰটো আগতকৈ যথেষ্ঠ ভাল কৰিছে৷ আহিয়েই বাহিৰৰ পৰা দেখিছিলো ঘৰটোৰ এক মহলা বঢ়াইছে৷ মাক-দেউতাৰ ঢুকোৱাৰ পিছতো যে সি এইখিনি কৰিছে দেখি ভাল লাগিল৷ ভনীয়েকৰো বিয়া ঠিক হৈছে৷

চাহ খাই দুয়োকে মাত দি আহিবলৈ লওতেই ওপৰৰ পৰা এক বয়সস্হ মহিলা নামি আহিল৷ বৰ চিনাকী মুখ, মোক দেখিয়েই মাত দিলে,
: আৰে তুমি দেখোন, ইমান বছৰৰ মূৰত দেখিলো৷

এয়া দেখোন আমাৰ লগৰ সন্দীপনৰ মাক৷ সি এতিয়া লণ্ডনত থাকে, তাৰেই ছোৱালী এজনী বিয়া কৰাইছে৷
: খুৰী আপুনি ইয়াত৷ কিবা কামত আহিছিল নেকি?
শেঁতা হাঁহি এটা মাৰি তেওঁ ক'লে,
: কিয় মানসে তোমাক কোৱা নাই নেকি? আমি আঠজনী মহিলা ইয়াতেই থাকো আজিকালি৷
: কিন্তু সন্দীপন? মই জনাত টো সি আপোনাক লণ্ডনলৈ লৈ গৈছিল৷
: ( এটা হুমুনিয়াহ কাঢ়ি) হয় সি মোক লণ্ডনলৈ লৈ গৈছিল, কিন্তু তাৰ লগত ৰাখিবলৈ নহয়৷ তাত তাৰ কেঁচুৱাটোক ডাঙৰ কৰিবলৈ কাম কৰা মানুহ নাপায় নহয়, সেইবাবে মোক লৈ গৈছিল৷ এতিয়া কেঁচুৱা ডাঙৰ হ'ল নহয়, মোৰ দৰকাৰো নোহোৱা হ'ল৷ গতিকে পঠিয়াই দিলে৷
: কিন্তু আপুনি ইয়াত যে?
: মোৰ দুখৰ কথা কি কম তোমাক৷ মোৰ দুই পুত্ৰই মিলি পুৰণা ঘৰটো ভাঙি ফ্লেট বনালে৷ মই তেতিয়া লণ্ডনত আছিলো৷ যেতিয়া ঘূৰি আহিলো, সিহঁতে মোক এটা ভাড়াঘৰ ঠিক কৰি দিলে৷ কিন্তু দুমাহ পিছৰে পৰা দুয়ো টকা পঠিওৱা বন্ধ কৰিলে৷ জমা টকাৰে কিছুদিন চলিলো৷ তেনেতে এদিন মানসে মোক পাই ইয়ালৈ লৈ আহিলে৷ তেনেকুৱা হতভগা আমি আঠজনী মহিলা এতিয়া ইয়াতেই থাকো৷
তোমালোকৰ লগত পঢ়া অৰিন্দম, এবছৰ ডাঙৰ ভাৰ্গবৰ মাকহঁতো ইয়াতেই থাকে৷ ৰবা মই তেওঁলোকক মাতি দিঁও৷

সন্দীপনৰ মাকে আটাইকেইগৰাকী খুৰী/ বৰমাক মাতি আনিলে৷ সকলোৰে লগত কথা হ'লো৷ সকলোৰে একেই কাহিনী৷ অৰিন্দম গুৱাহাটীতেই থাকে৷ বোৱাৰীয়েকৰ লগত টিকিব নোৱাৰি মাক ইয়ালৈ আহিছে৷ ভাৰ্গবদা দেউতাক ঢুকাওতে আহিব নোৱাৰিলে, ছুটী নাপালে৷ বৰমাৰ বেমাৰত চোৱা চিতা কৰিবলৈ কোনো নাই বাবে মানসে লৈ আহিছে৷

মোৰ গোটেই হিচাপ খেলিমেলি হৈ গ'ল৷ সন্দীপন, অৰিন্দম, ভাৰ্গব দা ইহঁতেই টো আমাৰ বাবে ভাল ল'ৰাৰ উদাহৰণ আছিল৷ আজি এইবোৰ মই কি দেখিছো৷ অৰিন্দম পঢ়া শুনা, খেলা ধুলা, সংগীত সকলোতে আগৰণুৱা আছিল৷ স্কুলৰ যিকোনো অনুষ্ঠান অৰিন্দম অবিহনে অসম্পূৰ্ণ আছিল৷ ভাৰ্গবদা আছিল আমাৰ বাবে আদৰ্শ, মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্হান পাইছিল৷ এতিয়াও চাৰ-বাইদেউহ'তে ভাৰ্গবদাৰ কথা কৈ গৌৰৱ কৰে৷ আৰু সন্দীপন, সি আছিল এটা জিনিয়াছ৷ সেই দিনতে বিজ্ঞানৰ বিভিন্ন প্ৰদৰ্শনীত সি কিবা কিবি তৈয়াৰ কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

হঠাৎ মনত পৰিল, সন্দীপনৰ মাকে জ্যোতিষী আদি বৰ বিশ্বাস কৰিছিল৷ এবাৰ মাকক কোনোবা জ্যোতিষীয়ে কৈছিল যে তাক কোনোবাই মন্ত্ৰপুত ঔষধ খুৱাই বেয়া কৰিব পাৰে৷ গতিকে তেওঁ সম্পুৰ্ণ এবছৰ স্কুল, টিউশ্যন সকলোতে তাৰ লগত আহি বাহিৰত ৰৈ থাকিছিল৷ সি যাতে বাহিৰৰ একো বস্তু নাখায় সেয়া দঢ়াই দঢ়াই কৈছিল৷

ঠিক, এতিয়াহে কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিছে৷ মানস বেয়া ল'ৰা বুলি সকলোৱে জানে৷ নিশ্চয় সি এনেকুৱা কিবা মন্ত্ৰপুত ঔষধেৰে সকলোকে বশ কৰি নিজৰ ঘৰলৈ লৈ আহিছে৷ নহ'লে তেওঁলোকে নিজৰ ইমান গুণী পুত্ৰবোৰক এৰি কিয় বেয়া ল'ৰা মানসৰ তালৈ আহিব?মানসৰ নিশ্চয় কিবা উদ্দেশ্য আছে, নহলে সি নিজা খৰছত তেওঁলোকক ৰাখিবনে?

সি সচাঁকৈয়ে বৰ বেয়া ল'ৰা৷

ভাল ল'ৰা


ৰাতি অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিল, ভাৰতৰ বাহিৰৰ নম্বৰ৷ ফোনটো উঠালো, সেইমূৰত দিগন্ত৷ দিগন্ত মোৰ স্কুলীয়া দিনৰ সংগী৷ বৰ্তমান সি আমেৰিকাৰ এটা ডাঙৰ বহুজাতিক কোম্পানীৰ অভিযন্তা৷ বহুত কথা হ'ল তাৰ লগত৷ অহা সপ্তাহত সি ঘৰলৈ আহি আছে৷ বিশেষ ব্যস্ততাৰ বাবে মোৰ বিয়ালৈ সি আহিব নোৱাৰিলে, গতিকে সি অহা ৰবিবাৰে আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব৷

ৰবিবাৰে সি আহিব বাবে ঘৰত যোগাৰ তুংগত৷ মাৰ গাত তত নাই৷ মা দেউতাই তাক খুব মৰম কৰে, গোটেই সৰুকালতো তাৰ কাৰণে কমখন গালি খালোনে৷ সি পঢ়া শুনাত খুবেই ভাল৷ শান্ত শিষ্ট, এককথাত কবলৈ গলে এক আদৰ্শ লৰা৷ সৰুকালত কিবা দুষ্টামি কৰিলেই তাৰ উদাহৰণ দি আমাক গালি দিছিল,কেতিয়াবা বুজাইছিল৷

১১ মান বজাত সি আমাৰ ঘৰ পালেহি৷ সকলো তাক লৈ ব্যস্ত হৈ পৰিল৷ মায়ে মোৰ শ্ৰীমতীক তাৰ সৈতে চিনাকী কৰি দিলে,

: বোৱাৰী, এয়াই দিগন্ত৷ তোমাক সেইদিনা কৈছিলো নহয় তাৰ কথা, বৰ ভাল ল'ৰা৷ এনেকুৱা ল'ৰা আজিৰ দিনত দৰবত দিবলৈও নাই৷

ঘৰৰ সকলোৰে লগত কথা বাৰ্তা চলিল৷ খোৱাৰ যোগাৰ হ'বলৈ কিছুসময় আছিল৷ গতিকে আমি দুয়ো চকৰ ফালে ওলাই আহিলো৷ পুৰণি কথাবোৰ ওলাল৷ মাজতে মই কলো

: ভাই এতিয়াতো তই আমেৰিকান হৈ গলি৷ এনজয় কৰিছনে নাই ৱেষ্টাৰ্ন লাইফ৷ মদ পানী খোৱা আৰম্ভ কৰিলিনে নাই?

মোৰ প্ৰশ্ন শুনি এটা সৰু হাঁহি মাৰি দিগন্তই আৰম্ভ কৰিলে,

: আজিযে তহঁতৰ খুৰীয়ে মোৰ কথা কলে মন কৰিছিলিনে? দিগন্ত খুব ভাল ল'ৰা৷ এই 'ভাল ল'ৰা', এইটো বৰ গধুৰ শব্দ বুজিছনে৷ যেতিয়া ই কাৰোবাৰ কান্ধত বহে তেতিয়াহে বুজা যায় ইয়াৰ বোজা বহন কৰা কিমান টান৷ ভাল ল'ৰা আৰু পোহনীয়া কুকুৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰাটো বহু সময়ত অসম্ভৱ হৈ উঠে৷ ভাল ল'ৰা মানেই যেন ডিঙিত চেইন বন্ধা কুকুৰ, কেৱল মালিকে শিকাই দিয়া কামবোৰেই কৰে আৰু বিনিময়ত পায় ৰুটি,মাংসৰ হাড় আৰু বিস্কুট৷

ভাল ল'ৰাবোৰে কেৱল পঢ়াশুনা কৰে, একো উৎপাত নকৰে, প্ৰেম নকৰে, ৰাজনীতি নকৰে৷ কাৰণ সিহঁত যে ভাল ল'ৰা৷

সকলো পিতৃ মাতৃয়ে এজন ভাল ল'ৰা বিছাৰে,সকলো শিক্ষকে এজন ভাল ল'ৰাক নিজৰ ছাত্ৰ ৰুপে বিছাৰে৷ ময়ো সকলোৰে কাৰণে এজন ভাল ল'ৰা হৈ থাকিলো৷ কিন্তু এই ভাল ল'ৰা হোৱাৰ যুজত নিজৰ শৈশৱ, যৌৱন সকলো হেৰুৱালো৷ স্কুলত সকলোৰে অভিভাৱকে কৈছিল, 'দিগন্তক চা, কিমান ভাল ল'ৰা, তাৰ পৰা কিবা শিক্৷ ফল কি হৈছিল? বন্ধু বিয়োগ৷ স্কুলত কাৰো ভাল বন্ধু হ'ব নোৱাৰিলো, ভাল ল'ৰা হৈয়েই থাকি গ'লো৷

তহঁতে সৰুতে সদায় মাৰ্বল খেলিছিলি, মই কোনোদিন মাৰ ভয়ত খেলিবলৈ যাব নোৱাৰিলো৷ মাৰ এটাই কথা, ভাল ল'ৰাই মাৰ্বল আদি নেখেলে৷ মাৰ্বল কেইটামান সদায় মোৰ ড্ৰয়াৰতেই থাকি গ'ল৷ স্কুল টুৰ্নামেন্ট জিকি আহি তহঁতে স্কুলত হিৰো হৈ আহিলি,মই দুৰৰ পৰা হাত চাপৰি মাৰিলো৷ কি কৰিবি, কোনোদিন বেট ভালকৈ হাতত লৈ নাপালো৷ খেলিবলৈ এতিয়া মন গলেও নোৱাৰো৷

কিন্তু কিয়? ভাল ল'ৰাই কিয় সৰুকালৰ নিৰ্দোষ ধেমালি খিনিও নকৰিব? কিয় ৰাজনীতি নকৰিব? ভাল ল'ৰাই কিয় প্ৰেম নকৰিব? পাৰ্টীত গৈ কিয় মদ পানী খাই নানাচিব? এইবোৰৰ এটাই উত্তৰ, এয়া ভাল ল'ৰাৰ কাম নহয়৷ আৰু ভাল ল'ৰাবোৰে ইয়াৰ প্ৰতিবাদ কৰিবও নোৱাৰে৷ কাৰণ মুখ খুলি কথা কোৱাৰ অধিকাৰ আমাৰ পৰা সৰুতেই কাঢ়ি লোৱা হয়৷

ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাহিৰলৈ গৈ ভাবিছিলো এইবাৰ সুযোগ নেৰো৷ ইয়াতটো কোনেও চিনি নাপাই৷ মনে বিছৰা ধৰনে জীৱনটো উপভোগ কৰিম৷ অতি সোনকালে তেনেকুৱা বন্ধু-বান্ধব গোট খালে৷ কিন্তু ইমান বছৰৰ ভাল ল'ৰাৰ স্বভাৱ কলৈ যাব? যিমানেই বেয়া হোৱাৰ চেষ্টা কৰো, ভিতৰৰ পৰা ভাল ল'ৰাটোৱে টানি ধৰে৷ বেয়া হ'বলৈ সকলো ধৰণৰ চেষ্টা চলালো, কিন্তু সেই " ভাল ল'ৰা" আকৌ সন্মুখত আহি থিয় দিলেহি৷ মা-দেউতা আৰু সকলোৰে মূখবোৰ মনলৈ আহিল৷ গতিকে...........

তাৰ পিছতেই আহিল জীৱনত প্ৰতিষ্ঠিত হোৱাৰ যুঁজ৷ সেই যুঁজত যিখিনি আছিল সেয়াও হেৰুৱালো৷ আজি মই এক সফল ব্যক্তি৷ কিন্তু এই সফলতাৰ বাবে, ভাল ল'ৰা হৈ থকাৰ বাবে মই বহুত কিবাকিবি ত্যাগ কৰিব লগা হ'ল৷ যেতিয়া চখ আছিল তেতিয়া সুযোগ নাপালো আৰু যেতিয়া সুযোগ পালো তেতিয়া চখ বুলিবলৈ একো নাথাকিল৷
এতিয়া মই কেৱল টকা ঘটা এক যন্ত্ৰ৷

অলপ ৰৈ দিগন্তই পুনৰ আৰম্ভ কৰিলে,

: তহঁতে চাগে নাজান, মোৰ জীৱনলৈ এবাৰ প্ৰেম আহিছিল৷ আমাৰ ক্লাছৰ মৃণালীনিৰ সতে মোৰ এক বুজাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছিল৷ কোনেও একো প্ৰকাশ নকৰাকৈ দুয়ো দুয়োকে ভাল পাইছিলো৷ মই ইমানবছৰে সেয়া মোৰ একপক্ষীয় প্ৰেম বুলি ভাবি নিজকে শান্তনা দি আছিলো৷ কিন্তু আজিৰ পৰা কিছু বছৰ আগতে তাইৰ অমতত বিয়া ঠিক হোৱাৰ পিছত তাই কান্দি কাটি মোলৈ ফোন কৰিছিল৷ তাইক লৈ যাবলৈ মোক বাৰে বাৰে অনুৰোধ কৰিছিল৷ সেইদিনাহে বুজিছিলো তায়ো মোৰ মনৰ ভাষা ঠিকেই বুজিছিল৷ কিন্তু বিনিময়ত মই কি কৰিলো? কাপুৰুষৰ দৰে আতৰি আহিলো৷ সেই সময়ত মই কলেজৰ পৰা পাছ কৰি ওলাইছিলো মাত্ৰ৷ ঘৰত কোৱাৰ সাহসেই নহ'ল মোৰ৷ তাতে দেউতাহতে ভাবিবও নোৱাৰা ব্ৰাহ্মন-কলিতাৰ সমস্যা আছিলেই৷ "ভাল ল'ৰা"ৰ সমাজৰ প্ৰাচীৰ ভঙাৰ সাহস নহ'ল৷

তাৰ কথাৰ মাজতে মই মাত লগালো,

: কিন্তু মৃণালীনি যে দুবছৰ আগতে বিধৱা হৈছে সেয়া তই জাননে?

: সকলো জানো, সেইবাবেই মই এইবাৰ ইযালৈ আহিছো৷ আগতে কৰা ভুলৰ শুধৰণি কৰিবলৈ, মৃণালীনিক বিয়াৰ প্ৰস্তাব দিবলৈ৷ ইতিমধ্যে মই তাইৰ ঘৰৰ মানুহক সন্মত কৰাইছো৷ নাজানো তাই সন্মত হয় নে নহয়, কিন্তু মই এইবাৰ আপ্ৰাণ চেষ্টা কৰিম তাইক নিজৰ কৰিবলৈ৷ মোৰ বিশ্বাস তাই মোক ক্ষমা কৰি আদৰি ল'ব৷ বিশ্বাস কৰ', মই তাইৰ প্ৰতি সহানুভুতিশীল হৈ তাইক বিয়া কৰাব বিছৰা নাই৷ মোৰ নিজৰ স্বাৰ্থত হে তাইক নিজৰ কৰিব বিছাৰিছো৷ পলম হলেওঁ মই এইবাৰ মোৰ মনে বিছৰা মতে জীৱনটো কটাব বিছাৰো৷ তাইক বিয়া পাতিবলৈ হ'লে মই ঘৰ,সমাজৰ লগত এখন যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব, কিন্তু মই তাৰ বাবে এইবাৰ প্ৰস্তুত৷ মা-দেউতাক মই বুজাই ল'ম কোনোমতে,কিন্তু এইবাৰ মই আৰু ভাল ল'ৰা হৈ নাথাকো৷ মোক এই ভাল ল'ৰাৰ চীল মোহৰ আৰু নালাগে, মোক এতিয়া এক নতুন জীৱন লাগে, শান্তি লাগে৷ যিখন ঘৰ, সমাজত মই ইমান দিনে ভাল ল'ৰা হৈ থাকিলো, হয়তো এইবাৰ তাতেই মই এজন বেয়া ল'ৰা হৈ উভতি যাম৷

তহঁতলৈ এটাই অনুৰোধ, ভাল ল'ৰা হিচাপে মোক মনত নাৰাখিলেও এজন ভাল বন্ধু হিচাপে যেন মনত ৰাখ৷

Friday 16 August 2013

সুধাকন্ঠৰ ঘোঁৰা



ইন্টাৰভিউ ভালেই হ'ল ৰাজেনৰ৷ ইন্টাৰভিউ শেষ কৰিয়েই সি ৰেলৱে ষ্টেচনলৈ বুলি অটো এখনত উঠিল, সোনকালে গৈ পালে ৰেল খনত ঘৰলৈ যাব পাৰিব৷ নহলে আকৌ ৰাতিটোৰ বাবে হোটেল ল'ব লাগিব৷ ষ্টেচনৰ বাহিৰত নামিয়েই অটোৱালাক ভাৰাটো দি ৰাজেন ভিতৰলৈ লৰ মাৰিলে৷ নাই, তাৰ ভাগ্য বেয়া৷ এক মিনিটমানৰ কাৰণে ৰেলখন নাপালে৷ তেতিয়াহে তাৰ হুঁচ আহিল, সৰ্বনাশ, বেগটো দেখোন অটোখনত এৰি আহিল৷ অটোখন বিচাৰি ষ্টেচনৰ বাহিৰ চলাথ কৰিলে৷ কিন্তু নাই, অটোৰ টিকনিয়েই দেখিবলৈ পোৱা নগ'ল৷ কাপোৰ-কানি,টকা-সিকা বেছিভাগ বেগতেই আছিল৷ এতিয়া পকেটত মাত্ৰ এশ টকা আছে৷কি কৰিব, কি নকৰিব ভাবি নোপোৱা হ'ল সি৷ হোটেলত থাকিবলৈ টকা নাই, কোনো চিনাকী মানুহো গুৱাহাটীখনত নাই৷ ষ্টেচনত টো চোৰ ডকাইতেই ভৰ্তি৷

ইতিমধ্যে ৰাতি হৈ আহিল৷ বাহিৰৰ হোটেল এখনত ভাত কেইটা খাই লৈ সি উদ্দেশ্যবিহীন ভাবে ষ্টেচনৰ ওচৰে পাজৰে ঘূৰি ফুৰিবলৈ ধৰিলে৷ তেনেতে সি এটা ধুনীয়া পুখুৰী দেখিলে, পুখুৰীটোৰ পাৰতে ভূপেনদাৰ এটা প্ৰতিমূৰ্তি৷ ' অ, এয়াই তাৰমানে দীঘলী পুখুৰী', মনতে ভাবিলে সি৷ ৰাতিটো ষ্টেচনৰ চোৰ, ডকাইত কেইটাৰ লগত থকাতকৈ দেখোন ভূপেনদাৰ লগত পৰি থকাই ভাল৷মনলৈ ভাবটো অহাৰ লগে লগে সি ভিতৰলৈ সোমাই আহিল৷ দিনটোৰ সমস্ত ভাগৰে তাক হেঁচা মাৰি ধৰিলে৷ প্ৰতিমূৰ্তিটোৰ তলতে সি শুই পৰিল৷

হঠাত মাজৰাতি ৰাজেনে তাৰ শৰীৰত এক শীতল স্পৰ্শ অনুভৱ কৰিলে৷ চকু মেলি দেখে যে ভূপেনদা তাৰ কাষত শুই আছে৷ তাকে দেখি ৰাজেনৰ ভয়ত অৱস্হা নাই৷ তাৰ সেই অৱস্হা দেখি ভূপেনদাই মাত দিলে,

: বাচা, ভয় নকৰিবা৷ মই তোমাৰ একো অনিষ্ট নকৰো৷ মই ভূপেন হাজৰিকা হে৷ মোক চিনি পোৱা নাই নেকি?
 : চিনি কিয় নাপাম ভূপেনদা৷ কিন্তু আপুনি মূৰ্তিটোৰ পৰা বাহিৰলৈ কেনেকৈ আহিল?
: মই সদায়েই ৰাতি এনেকৈ বাহিৰলৈ আহো৷ দিনটো থিয় হৈ থাকি ভৰি দুখন টনটনাই যায় হে৷ তাতে এই গৰমখনত বৰ কষ্ট পাওঁ মই৷ ছাতি এটাও নিদিলা তোমালোকে৷ সেইবাবে ৰাতি অলপ বাহিৰলৈ আহি আৰাম কৰো৷ কেতিয়াবা অলপ ওচৰে পাজৰে ফুৰিবলৈ যাওঁ৷ দুৰলৈ যাবলৈ টান পাওঁ আজিকালি, বয়সো হ'ল নহয়৷

অলপ ৰৈ তেওঁ আকৌ আৰম্ভ কৰিলে,
: হেৰা মোক এটা বস্তু লাগিছিল, তুমি যোগাৰ কৰি দিব পাৰিবা নেকি?
: কি কওকচোন৷ আপুনি বিছাৰিছে যেতিয়া নিশ্চয় দিম৷
: মোক ইফাল সিফাল ফুৰিবলৈ বাহন এখন লাগে হে৷ নহলে এটা কাম কৰা, পল্টন বজাৰত যে নেতাজীৰ এটা ঘোঁৰা আছে, তেনেকুৱা ঘোঁৰা এটাকে দিয়া৷ নেতাজীয়ে সদায় ঘোঁৰাটোত উঠি ৰাতি ৰাতি ঘূৰি ফুৰে৷ তেওঁক দেখি মোৰো বৰ ফুৰিবলৈ মন যায়৷ পৰহি, মানে স্বাধীনতা দিৱসৰ দিনা তেওঁ আহি ৰাস্তাৰ সিপাৰৰ পৰা মোক ' য়ে আজাদী ঝুঠী হ্যায়' বুলি কৈ গৈছে৷
মাজতে ৰাণাক অটোখন ভাল কৰাই লবলৈ কলো,ৰাণাই ক'লে পেট্ৰলৰ দাম বোলে বহুত হ'ল৷ নহলে আমি দুয়ো ভাই ৰাতি ৰাতি অটোৰিক্সা খন লৈয়েই ওলালোহেতেন৷ জ্যোতি ককাইদেৱে বহুদিনৰ পৰা ভৰলুমূখলৈ মাতি আছে৷ তেওঁলোক বহুকেইজন একেলগে থাকে নহয়, ভাল আড্ডা বহে বোলে ৰাতি ৰাতি৷ পিছে যাবলৈ সাহসেই হোৱা নাই বুইছা৷
সেইদিনা চান্দমাৰীলৈ গৈছিলো প্ৰতিমাৰ তালৈ৷ আহি ভৰিৰ বিষত দুদিন টোপনি নাই৷ পাৰিবানে বাছা মোক ঘোঁৰা এটা আনি দিবলৈ?

 ৰাজেনৰ ভূপেনদাৰ কথা শুনি হাঁহিও উঠিল, দুখো লাগিল৷ ভূপেনদাইটো নাজানে তাৰ কি অৱস্হা৷ খেতিৰ মাটি বন্ধকত৷  তথাপি তেওঁৰ মনৰ ইচ্ছা কিবা কৰি পূৰণ কৰিবই লাগিব৷ কি কৰিব পাৰি ভাবি ভাবি ৰাজেন নিদ্ৰাদেৱীৰ কোলাত ধলি পৰিল৷

ৰাতিপুৱা চৰাই চিৰিকতিৰ মাতত সি সাৰ পালে৷ বহুত ভাবি চিন্তি সি সমষ্টিৰ বিধায়কজনক লগ ধৰি কথাখিনি কোৱাতো থিৰাং কৰিলে৷ ন বজাতে গৈ তেওঁৰ ওচৰ পালে৷ তেওঁ তাৰ গোটেইখিনি কথা শুনি তাক কিলাবলৈহে বাকী৷ এনেকুৱা ফাঁকি দি আজিলৈ কোনেও তেওঁৰ পৰা পইচা খোজা নাই৷ দেহৰক্ষীৰ হতুৱাই তাক বাহিৰ কৰি দিলে৷

ৰাজেন কিন্তু নিৰাশ নহল৷ সচিবালয়ৰ বাহিৰত ৰৈ সি অন্য কাৰোবাক পতিয়ন নিয়াবৰ আপেক্ষাত থাকিল৷ হঠাৎ সি একে গাৱঁৰে বাবুলক দেখা পালে৷ বাবুল কোনোবা মন্ত্ৰীৰ ব্যক্তিগত ৰান্ধনী৷ সি বাবুলক গোটেই ঘটনাটো কলে৷ বাবুলে তাৰ কথা শুনি তাক লৈ মন্ত্ৰীৰ ওচৰ পালেগৈ৷ মন্ত্ৰীয়ে গোটেইখিনি শুনি কলে,

: তই সঁচাই তেওঁক দেখিছতো?
: মা কামাখ্যাৰ শপত চাৰ, বহুত সময় কথাওঁ পাতিছো৷ আপুনি তেওঁক ঘোঁৰাটো দি দিয়ক চাৰ৷ বহুত নাম আৰু পূণ্য হ'ব আপোনাৰ৷
: ঠিক আছে৷ মই ৰাতি দহটা মানত গৈ কাষতে কৰবাত লুকাই থাকিম৷ তেওঁ অহাৰ লগে লগে মই ওলাই গৈ প্ৰথমে এটা জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনাম৷ ফিউজ লাইভ, চি ৱাই সকলো ৰেডী থাকিব৷
তেওঁলোকে মোৰ আৰু ভূপেনদাৰ মিলনৰ কভাৰেজটো কৰাৰ পিছত বাকী কাম হ'ব৷ কেমেৰাৰ আগত তই আকৌ দাঁত নিকটাই নাথাকিবি৷
: হ'ব চাৰ৷
: যা এতিয়া৷ অই বাবুল, ইয়াক ভাত খুৱাই পঠাবি৷

ভাত খাই উঠি বাবুলৰ পৰা টকা এহেজাৰ ধাৰলৈ লৈ ৰাজেন মনৰ আনন্দত বিগ বাজাৰ পালে৷ ফিউজ লাইভত ওলাব আজি সি, ক'ম কথানে৷ ভাল চোলা এটা কিনি ল'লে ৰাতি পিন্ধিবলৈ৷

ৰাতি যথা সময়ত সি দীঘলী পুখুৰী পালেহি৷ ভূপেনদাৰ প্ৰতিমূৰ্তিৰ তলতে বহি তেওঁলৈ অপেক্ষা কৰিবলৈ ধৰিলে৷ চিলমিল টোপনি ধৰোতেই সি শুনিবলৈ পালে সেই যাদুকৰী কন্ঠ,
: ৰাজেন, আহিছা?

মাত শুনিয়েই ৰাজেন খপজপকৈ উঠিল,
: হয় ভূপেনদা৷ কেতিয়াবাই আহিলো৷
 : ঘোঁৰাৰ কিবা যোগাৰ কৰিলানেকি ৰাজেন? জ্যোতি ককাইদেউৰ তালৈ যাবলৈ বৰ মন গৈছে৷

ৰাজেনে লাহে লাহে ক'লে,
: ভূপেনদা, আপোনাৰ পৰানো কি লুকুৱাম৷ দৰাচলতে মোৰ আপোনাক ঘোঁৰা কিনি দিয়াৰ সামৰ্থ নায়েই৷ তথাপি আপোনাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই মই আজি দিনটো ঘুৰি আপোনাৰ ঘোঁৰাৰ যোগাৰ কৰিছো৷ কাইলৈৰ পৰা আপুনি হেঁপাহ পলুৱাই ফুৰিব পাৰিব৷
: ভগৱানে তোমাৰ মঙ্গল কৰক ৰাজেন৷ ক'ত মোৰ ঘোঁৰাটো?
ৰাজেনৰ ইংগিতত মন্ত্ৰী জোপোহাৰ পৰা ওলাই আহিল৷ পিছে পিছে কেমেৰাৰ সমদল৷ মন্ত্ৰী আহিয়েই ভূপেনদাক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে৷

মন্ত্ৰীক দেখি ভূপেনদাই বিৰক্তিৰে ৰাজেনৰ ফালে চাই ক'লে,
: হেৰা ৰাজেন, টকা কম আছিল যদি মোৰ পৰা লৈ যাব লাগিছিল৷ টকা কেইটামান মোৰ পকেটতে আছিল৷ গোটেই গুৱাহাটীখন মোৰ চিনাকী৷ গাধত উঠি ঘুৰি ফুৰিবলৈ মোৰ লাজ লাগিব হে৷

Thursday 15 August 2013

মুকুন্দ পুৰাণ ( আধা সঁচা আধা মিছা)


স্কুলীয়া দিনবোৰত দীঘলীয়াকৈ বন্ধ পালেই মামাহ'তৰ ঘৰলৈ গৈছিলো৷ সেই দিনকেইটা মোৰ বাবে মহা আনন্দৰ দিন৷ দিনটো টিঘিলঘিলাই ফুৰিলেও কোনেও একো নকয়৷ সেইকেইদিন মোৰ সকলো কামৰ লগৰী আছিল মোৰ সমবয়সীয়া মুকুন্দ৷ মুকুন্দ পঢ়াশুনাত অতি কেঁচা আছিল, কিন্তু সি পৰীক্ষাত কেতিয়াও প্ৰশ্ন এৰি অহা ভকত নাছিল৷ তাৰ পৰীক্ষাৰ বিভিন্ন সঁচা মিছা ঘটনা সেই অঞ্চলৰ সকলোৰে মুখে মুখে৷ তাৰেই কেইটামান ঘটনা আপোনালোকক কবলৈ বিছাৰিছো৷

- এবাৰ মুকুন্দ পৰীক্ষা দি ঘৰলৈ আহি আছিল৷ বাটতে এজন চিনাকী মানুহে তাক সুধিলে,
: অ'ই, কি পৰীক্ষা আছিল আজি?
: অসমীয়া৷
মানুহজনে প্ৰশ্ন কাকত খন মুকুন্দৰ পৰা লৈ তাক সুধিলে,
: কবিতা যে মুখস্হ লিখিব দিছে, লিখিলিনে নাই?
: লিখিলো৷
: মুখস্হ আছিল তোৰ? ( অবিশ্ৱাসৰ সুৰত)
: নাই মুখস্হ নাছিল, নিজে ভাবি ভাবি এটা লিখি আহিছো৷

- এবাৰ পৰীক্ষাত প্ৰশ্ন আহিল,' পাঁচবিধ নিশাচৰ প্ৰাণীৰ নাম লিখা৷
মুকুন্দৰ উত্তৰ - শিয়াল, ফেচা, ভূত, পিশাচ আৰু বীৰেন মদাহী৷

- এবাৰ মুকুন্দ স্কুলৰ পৰা কান্দি কান্দি ঘৰলৈ আহিল৷ দেউতাক ঘৰতে আছিল, তাক দেখি সুধিলে,
: কি হ'ল?
: বাইদেৱে মাৰিছে৷
: কিয়??
: বাইদেৱে সুধিছিল সাগৰৰ তলিখন সমতল নে অসমতল৷ মই সমতল বুলি কলো৷ সেয়ে মাৰিলে৷
: কিয় সমতল নহয় নেকি?
: নহয় বোলে৷
আকৌ মুকুন্দৰ কান্দোন আৰম্ভ হ'ল৷ হেজাৰ হলেও এটাই পো৷ মাকে কেনেকৈনো সহ্য কৰে পুতেকৰ কান্দোন৷ মাকে তাৰ ওচৰলৈ আহি কলে,
: সমতলেই হয় দে বাবা৷ তাই বেটী একো নাজানে৷ সমতল নে অসমতল জানিবলৈ তাই কিবা সাগৰৰ তলত গৈ তপিনা চোচৰাই আহিছেনে?

- এবাৰ পৰীক্ষাত বাক্য ৰচনা লিখিবলৈ আহিল: আকাশত চাং পতা, কপাল ফুটা, নপতা ফুকন, আলাসৰ লাড়ু, বিনা মেঘে বজ্ৰপাত৷
মুকুন্দই লিখিলে- নপতা ফুকনে আকাশত চাং পাতি আলাসৰ লাড়ু খাই আছিল৷ হঠাতে বিনা মেঘে বজ্ৰপাত হ'ল আৰু সি কপাল ফুটি মৰি থাকিল৷

Saturday 10 August 2013

আমাৰে মইনা



সেইদিনা গনেশগুৰিত আমি কেইদনমানে আড্ডা মাৰি আছিলো৷ কথাই কথাই অসমীয়া জাতিটোৰ কথা ওলাল৷ এজনৰ মতে আমাৰ জাতিটো সোৰোপা, কৰ্মবিমূখ ইত্যাদি ইত্যাদি৷ তাৰ কথা শুনি অন্য এজনে তীব্ৰ প্ৰতিবাদ কৰি উঠিল৷ তাৰ মতে সকলো এনেকুৱা নহয়, এচাম মানুহে এনেই বেছি বেছি কৰে৷

এইদৰে তৰ্ক বিতৰ্ক তুংগত উঠিল৷ তৰ্ক বিতৰ্ক চলি থাকোতে আমাৰ লগতে থকা চৰ্দাৰ বন্ধু এজনে ক'লে,
: মই সৰুৰে পৰা অসমতেই ডাঙৰ হোৱা, যদি তহতে বেয়া নাপাৱ মই এই বিষয়ে মোৰ মতামত ক'ব খোজো৷
আমাৰ পৰা সন্মতি পোৱাৰ পিছত সি কলে,
: আমি সৰু থাকোতে আমাক মা হতে এটা নিচুকণি গীত শুনাইছিল৷
এইবুলি সি আমাক গীতটোৰ দুটামান কলি গাই শুনালে যাৰ সাৰাংশ আছিল এনে ধৰণৰ,সাহসী হবি, দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ ভয় নকৰিবি, দেশ থাকিলেহে তই থাকিবি ইত্যাদি ইত্যাদি৷

এইখিনি কৈ সি পুনৰ আৰম্ভ কৰিলে,
: আৰু তহতৰ গীতবোৰ চা,

' আমাৰে মইনা শুব
বাৰীতে বগৰী ৰুব
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব৷'

তহতে পাৰ্থক্যখিনি মন কৰিলেনে? তহতৰ মইনাই আৰামত শুই থাকিব, বেলেগে বগৰী গছ ৰুই দিব৷ মইনাই বগৰী পকালৈ ৰৈ থাকিব৷ আৰু মইনাই পকিলেও নাখায়, কষ্ট হ'ব যে৷ বগৰী পকি সৰি যাব লাগিব৷ তেতিয়াহে মইনাই খাব৷

প্ৰতিবাদ কৰা জনে ক'লে,
: কিন্তু এয়া এটা নিচুকণি গীত হে৷ এইটোক ইমান গুৰুত্ব কিয় দিব লাগে৷
: এয়া গুৰুত্ব দিয়া নিদিয়াৰ কথা নহয়৷ গানটোকো মই দোষ দিব বিছৰা নাই, কিন্তু এই ভাবধাৰা তহতে সলনি কৰিবৰ হ'ল৷ সৰুৰে পৰা শিশু এটাক এনেকুৱা মনোভাবেৰে ডাঙৰ কৰি পিছত তাক কৰ্মঠ হ'বলৈ তহতে কিয় আশা কৰ'?

প্ৰশ্নটোৰ উত্তৰ আপোনালোকলৈ এৰিলো৷

Friday 9 August 2013

বৰ বৰ মানুহৰ সৰু সৰু স্মৃতি - ৩৷


  


উশাহ লবলৈওঁ সময় নোহোৱাৰ দৰে৷ মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে৷ আমি ছাত্ৰ একতা সভাৰ সদস্য কেইজনৰ কাম কৰি কৰি আধামৰা অৱস্হা৷ মই আছিলো উপ সভাপতি৷ অধ্যক্ষ মহোদয়ে মোক আৰু সাধাৰণ সম্পাদকৰ ওপৰত সামৰণীৰ দিনাৰ অনুষ্ঠানৰ বাবে মুখ্য অতিথি নিমন্ত্ৰণ কৰাৰ ভাৰ ন্যস্ত কৰিলে৷

দায়িত্ব লৈয়েই দুয়ো দৌৰ মাৰিলো হোমেন বৰগোহাঞি চাৰৰ ওচৰলৈ৷ গৈ গ'ম পালো তেওঁ অসমৰ বাহিৰত৷ পৰৱৰ্তী লক্ষ্য হিচাপে ললো কনকসেন ডেকা দেৱক৷ দৈনিক অগ্ৰদূতৰ কাৰ্য্যালয়লৈ গৈ তেখেতক আমাৰ উদ্দেশ্য জনালো৷ কিবা এক ব্যক্তিগত অসুবিধাৰ বাবে তেওঁৰ ফালৰ পৰাওঁ ঋণাত্মক উত্তৰ পালো৷ এনেদৰে আমি দুদিন ধৰি মুখ্য অতিথি বিছাৰিলো, কিন্তু কাকো নাপালো৷ সকলোৰে কিবা নহয় কিবা লেঠা৷এইফালে ৫ দিন পিছত অনুষ্ঠান৷ আমি মুখ্য অতিথি বিছাৰিয়েই আছো৷ ইফালে অধ্যক্ষৰ তীব্ৰ হেচা৷

চতুৰ্থ দিনা দুয়ো গভীৰ চিন্তাত মগ্ন হৈ সম্ভাব্য মুখ্য অতিথিৰ কথা ভাবি আছো৷ তেনেতে সাধাৰণ সম্পাদকে মাত লগালে৷
: অই, খাৰঘুলি পাহাৰত যে এজন মানুহ থাকে, তেওঁৰ তালৈ যাওঁ ব'ল৷
: কোন?
: সেই যে ইকনমিক্সৰ মানুহটো৷ কি বা নাম আছিল পাহৰিলো নহয়৷
: ( মই অলপ ভাবি) ডঃ জয়ন্ত মাধৱ?
: ৰাইট ৰাইট৷ ব'ল যাওঁ ( লগে লগে বাইক গৰ্জি উঠিল৷) ৷
: ক'ত তালৈ যাৱ৷ নাযাও মই, দাস এণ্ড ভূঞাৰ নোটচ পঢ়ি কোনোমতে ইকনমিক্সৰ পেপাৰ খন পাৰ হৈছো৷ কিবা সুধি দিলে খাৰঘূলি পাহাৰৰ পৰা জপিয়াব লাগিব৷ বাদ দে, বেলেগ বিছাৰিম৷
: চা ভাই, হাতত একেবাৰে সময় নাই৷ মানুহ যোগাৰ নহলে প্ৰিঞ্চিপালে ফালি দিব৷ হৈ যাব ব'ল এইবাৰ৷ চিন্তা নকৰিবি৷ ম'ম খুৱাম ব'ল তোক৷

তাৰ কথামাতে খাৰঘূলিলৈ বাইক দৌৰাই দিলো৷ তেওঁৰ ঘৰ পোৱালৈ ঠাণ্ডাত দুয়োৰে অৱস্হা নাই৷ ভাগ্য ভাল তেওঁ ঘৰতে আছিল৷ আমাক আচৰিত কৰি একে আষাৰে তেওঁ মান্তি হ'ল৷ দিন বাৰ সময় সকলো এখন নিমন্ত্ৰণী পত্ৰ আকাৰে লিখি তেওঁক দি আমি দুয়ো বাহিৰ ওলালো৷

ডাঙৰ সফলতা৷ উফ্ কি শান্তি৷ আনন্দত পাহাৰৰ নামনিলৈ আমি দুয়ো শ্বোলেৰ জয় বীৰুৰ দৰে নাচি বাগি আহিলো৷ তলত নামিয়েই অধ্যক্ষৰ ঘৰৰ নম্বৰলৈ ফোন লগালো৷ তেতিয়া তেওঁক মবাইল নাছিল৷ ছাৰৰ জীয়েকজনীয়ে ধৰিলে৷ ছাৰ ক'ৰবাত বিয়া খাবলৈ গৈছে৷ ছোৱালীজনীক খবৰটো দি ছাৰক জনাবলৈ কলো৷

সামৰণী অনুষ্ঠানৰ দিনা ৰাতিপুৱাৰে পৰা আমি ব্যস্ত৷ ১০ মান বজাত জয়ন্ত মাধৱ ছাৰে ফোন কৰি জনালে যে তেওঁ আধা ঘণ্টাৰ ভিতৰত পাবহি৷ লগে লগে আমি কেইজনমানে ফুলৰ থোপা লৈ তেওঁক আদৰিবলৈ গেটৰ ওচৰত থিয় হলো৷ তেনেতে দেখিলো অধ্যক্ষ মহোদয়ে নিজৰ কোঠাৰ পৰা ইংগিত দি আমাক মাতিছে৷ যোৱাৰ লগে লগে তেওঁ সুধিলে
: গেটত কি কৰিছ' গোটেইমখাই?
: জয়ন্ত মাধৱ ছাৰক আদৰিবলৈ ৰৈ আছো৷
: ডঃ জয়ন্ত মাধৱ????? তেওঁ আকৌ কিয় আহে?
: ( আমি ইজনে সিজনৰ মুখলৈ চাই) তেৱেই টো মুখ্য অতিথি৷

আমাৰ কথা শুনি অধ্যক্ষ মহোদয়ে মোৰ ফালে চাই চিৎকাৰ কৰি উঠিল৷
: পাগল হৈছ' নেকি? মই তোক বিছাৰি নাপায় আলোচনী সম্পাদকক ফোন কৰোতে সি কলে যে কোনো মূখ্য অতিথি ঠিক হোৱা নাই৷ গতিকে মই ভগবান লহকৰ ছাৰক মাতি দিলো৷ লহকৰ ছাৰ কেতিয়াবাই আহি সেইটো কোঠাত বহি আছে৷

শুনি আমাৰ মূৰত যেন আকাশখন ভাঙি পৰিল৷দুজন মুখ্য অতিথি৷ তাকো গম পাইছো শেষ সময়ত৷ আলোচনী সম্পাদক দিনে ৰাতিয়ে ফূৰ্তি পানী খাই থকা মানুহ৷ সেই কথা ছাৰক নো কেনেকৈ কওঁ৷ সুধিবলৈ তাকহে পালেনে ইমান ছাত্ৰৰ মাজত৷ ভয়ে ভয়ে কলো,

: ছাৰ আমি আপোনাক জনাবলৈ ফোন কৰিছিলো৷ আপোনাক নাপায় আপোনাৰ ছোৱালীজনীক জনাই দিছিলো৷
: মোৰ ছোৱালী?? মোৰ ছোৱালী যোৱা ছমাহ ধৰি ঘৰলৈ অহা নাই৷ তাই অসমৰ বাহিৰত পঢ়ে৷ মাৰিলি তহতে মোক, কাম কৰা ছোৱালীজনীক কলি চাগে৷

তেনেতে মবাইল বাজি উঠিল৷ জয়ন্ত মাধৱ কলিং৷ জানুৱাৰী মাহতো ঘামি গলো৷ তেওঁ আহি পালেহি৷ এক কৰুণ চাৱনিৰে ছাৰে আমাৰ ফালে চাই কলে,
: যা তেওঁক আদৰি আনগৈ৷ মই লহকৰ ছাৰক কি কৰিব পাৰো চাওঁ৷ তঁহতক কি কৰো পিছত ঠিক কৰিম৷
: ছাৰ এইবাৰলৈ ক্ষমা কৰক৷ ভবিষ্যতে এনে ভুল নহয়৷

অধ্যক্ষৰ উত্তৰলৈ আপেক্ষা নকৰি আমি পলালো৷

আমি দলে বলে গৈ ডঃ জয়ন্ত মাধৱ ছাৰক আদৰিলো৷ বুকু দুৰু দুৰু৷ জ্যোষ্ঠ প্ৰবক্তা এজনে আহি তেওঁক আদৰি নিলে৷ ঘোষিকা জনীয়ে ঘোষনা কৰিলে,

: এইবাৰ মঞ্চলৈ আদৰিছো আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি, অৰ্থনীতিবিদ, অসমৰ লগতে সমগ্ৰ ভাৰতৰে গৌৰৱ ডঃ জয়ন্ত মাধৱ৷

আমি মঞ্চৰ পৰা দেখিলো অধ্যক্ষ মহোদয়ে ঘামি জামি লহকৰ ছাৰৰ লগত আমাৰ ফালে ঘোপাকৈ চাই মঞ্চলৈ আহি আছে৷ তেওঁক জয়ন্ত মাধৱ ছাৰৰ কাষত বহুৱাই অধ্যক্ষ মহোদয়ে মাইকটো হাতত লৈ ঘোষণা কৰিলে,

: মঞ্চলৈ আদৰিছো আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা ভগৱান লহকৰ ছাৰক৷

অধ্যক্ষ মহোদয়ে কি ফিটিং দিলে কেতিয়াওঁ নুসুধিলো৷ কিন্ত মনে মনে হেজাৰটা চেলুট মাৰিলো৷


Thursday 8 August 2013

বৰ বৰ মানুহৰ সৰু সৰু স্মৃতি -২ ৷

সেইকেইদিন আমাৰ অঞ্চলটোত উদুলি মুদুলি পৰিবেশ৷ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ কালসন্ধ্যাৰ কিছু অংশৰ চিত্ৰগ্ৰহণ আমাৰ অঞ্চলটোত হৈছিল৷ সেই সুযোগতে বিভিন্ন সৰু সৰু চৰিত্ৰত আমাৰ অঞ্চলৰ বিভিন্ন জনে ভুমুকি মাৰিছিল৷ আমি সৰুবোৰে সেইবোৰ চাই ফুৰিছিলো৷ কিন্তু এদিনো ভবেন্দ্ৰ নাথ শইকীয়াক দেখা নাপালো৷

ইতিমধ্যে আমাৰ অঞ্চলত চিত্ৰগ্ৰহণ শেষ হ'ল৷ পৰবৰ্তী অংশৰ চিত্ৰগ্ৰহণ জ্যোতি চিত্ৰবনত আৰম্ভ হ'ল৷ সৰু সৰু চৰিত্ৰ কিছুমানৰ বাবে আমাৰ অঞ্চলৰ মানুহলৈ খবৰ আহি থাকিল আৰু অঞ্চলবাসীয়ে একেই উৎসাহেৰে এই চৰিত্ৰসমূহত মন প্ৰাণ ঢালি অভিনয় কৰিলে৷

এদিন খবৰ পালো যে কেইটামান সৰু সুৰা চৰিত্ৰৰ বাবে কেইজনমান ল'ৰা লাগে৷ আমি দলে বলে ওলালো৷ সেইদিনা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেটখেল চলি আছিল৷ খেলৰ খবৰ লৈ থাকিবলৈ আমি ৰেডিঅ' এটা লগত লৈ গৈছিলো৷

জ্যোতি চিত্ৰবন পালোগৈ৷ বেলেগ এটা দৃশ্যৰ চিত্ৰগ্ৰহণ চলি আছে৷ তাৰ পিছত আকৌ গোটেইবোৰে দূপৰীয়াৰ আহাৰ খাবলৈ যাব৷ গতিকে আমি তিনিজনমান লগ হৈ খেলৰ ধাৰাবিৱৰণী শুনি আছো৷ এতিয়াও মনত আছে সেইদিনা শ্ৰীনাথে বিধ্বংসী বলিং কৰিছিল৷ ভালেকেইজন মানুহ খেলৰ খবৰ লবলৈ আমাৰ ওচৰলৈ আহিছিল৷ তাৰে এজন ভদ্ৰলোকে ঘনে ঘনে আহি খবৰ লৈ আছিল আৰু শ্ৰীনাথৰ বলিংৰ খূব প্ৰশংসা কৰি আছিল৷ কমসময়তে মানুহজনৰ লগত আমাৰ আড্ডা জমি উঠিল৷
লাহে লাহে আমাৰো ভোক লাগিল৷ একো চিনি নাপাওঁ তাতে৷ সেই মানুহজনক সুধিলো হোটেল ক'ত পাম৷ তেওঁ ধুনীয়াকৈ বুজাই দিলে৷

খাই বৈ উঠি আমি পুনৰ চিত্ৰগ্ৰহণ চাবলৈ গলো৷ এইবাৰ গৈ দেখিলো সেই মানুহজন ভীষণ ব্যস্ত৷ বেলেগক সুধি গ'ম পালো যে তেঁৱেই ডঃ ভবেন্দ্ৰ নাথ শইকীয়া৷ মোৰ কিবা খেলিমেলি লাগি গ'ল৷ এইজন কেনেকৈ হ'ব পাৰে৷ তেওঁটো দেখাত সম্পূৰ্ণ বেলেগ৷ ইতিমধ্যে তেওঁ অলপ আজৰি হ'ল৷ লগে লগে মই তেওঁৰ অটোগ্ৰাফ ল'বলৈ গলো৷ মোক দেখি তেওঁ চিনাকী হাঁহি এটা মাৰি খেলৰ খবৰ সুধিলে আৰু অটোগ্ৰাফ দিলে৷ মোৰ মনত তেতিয়াও খুদূৱনি
লাগিয়েই আছিল৷ তেওঁ আন্তৰিকতাৰে কথা পতা দেখি এপাকত সুধিয়েই দিলো, ''চাৰ, আপোনাক ফটোত দেখিছিলো আগতে৷ কিন্তু আপোনাৰটো ফটোৰ লগত অলপো মিল নাই৷ ফটোত আপোনাৰ চুটি চুলি, কেইবাদিনৰ নকটা দাড়ি৷ কিন্তু আপুনিটো সম্পূৰ্ণ বেলেগ''৷ মোৰ কথা শুনি তেওঁ ক্ষন্তেক তভক মাৰি ৰ'ল৷ তাৰ পিছত মোক সুধিলে, ''ক'ত দেখিলা[ মোৰ তেনেকুৱা ফটো?"মই তপৰাই উত্তৰ দিলো, “মৰমৰ দেউতা'ৰ বেটুপাতত"৷ মোৰ উত্তৰ শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে, ''ভাইটি, সেইজন মই নহয়৷ সেইজন কিতাপখনৰ বিপুলৰ দেউতাক হে''৷

ঘটনাটো মনত পৰিলে আজিও লাজ লাগে৷ মই কিয় সেইজনেই ডঃ ভবেন্দ্ৰ নাথ শইকীয়া বুলি ইমান দিনে ভুল কৰি আছিলো তাৰ কোনো যুক্তিসংগত কাৰণ মই আজিলৈ ভাবি নাপালো৷



বৰ বৰ মানুহৰ সৰু সৰু স্মৃতি -১ ৷

অসমৰ সাম্প্ৰতিক পৰিস্থিতিত বহুজনে সুধাকন্ঠৰ অভাৱ অনুভৱ কৰিছে৷ এই সময়ত তেওঁ সঠিক পথ দেখুৱালেহেতেন বুলি বহুতৰে বিশ্বাস৷ মতামত বোৰ পঢ়ি মোৰ সৰুকালৰ এটা স্মৃতি মনলৈ আহিছে৷

বোধহয় ১৯৯১ চনৰ কথা৷ আমি তেতিয়া দেউতাৰ চাকৰিসুত্ৰে বৰপেটা ৰোডত আছিলো৷ সেইবাৰ বৰপেটা ৰোডৰ বহাগ বিহুৰ অনুষ্ঠানত সুধাকন্ঠ অহাৰ কথা৷ সেই লৈ আমি সকলো উৎসাহী৷ কিন্তু কিবা এটা কাৰনত এচাম লোকে তেওঁক নিমন্ত্ৰণ কৰাৰ বিৰোধিতা কৰিছিল৷ কাৰনটো মোৰ বৰ্তমান মনত পৰা নাই৷

নিৰ্দিষ্ট দিনত আমি বিহুতলী পালোগৈ৷ বহু আপেক্ষাৰ অন্তত তেওঁ মঞ্চত উঠিল৷ তেওঁ 'বিস্তীৰ্ণ পাৰৰে' গীতটো পৰিবেশন কৰি থকাৰ সময়তে বিহুতলীৰ এমূৰত কিবা অলপ গণ্ডগোল শুনা গ'ল৷ আৰু তেতিয়াই সেই অংশৰ পৰা কোনোবা এজনে এটা শিলগুটি মঞ্চলৈ মাৰি পঠিয়ালে৷ লক্ষ্য হয়তো ভুপেনদা আছিল, কিন্তু শিলগুটিটো তেওঁৰ গাত নালাগি বাদ্যযন্ত্ৰী এজনৰ গাত লাগিল৷ লগে লগে গান বন্ধ হৈ গ'ল৷ ভুপেনদা আগুৱাই গৈ শিলটো বুটলি ল'লে আৰু দৰ্শকক শিলটো দেখুৱাই অতি শান্ত কন্ঠেৰে ক'লে, " এয়াই হৈছে নৈতিকতাৰ  স্খলন , মানৱতাৰ পতন "৷

লগে লগে আকৌ গান আৰম্ভ হৈ গ'ল, 'নৈতিকতাৰ স্খলন দেখিও......৷