স্নেপ ১:
ৰাতিপুৱাৰে
পৰা আদিত্যৰ
মন বেয়া৷
কিমান উৎসাহেৰে
ৰাতি ৰাতি
কবিতা লিখি
সি দিগন্তদাৰ
তিনি নম্বৰ
খুলশালী জনীক
প্ৰেমৰ জালত
পেলাব খুজিছিল
আজি তায়েই
তাক আনফ্ৰেণ্ড
কৰি দিলে৷
এই জ্ঞানেশ্বৰেই
তাৰ কাল
হ'ল৷
আদিত্যই তাইক
কবিতা কেইটা
দিয়াৰ আগতেই
জ্ঞানেশ্বৰে সেইকেইটা চুৰ কৰি তাইক
টেগ কৰি
থৈছিল৷ আদিত্যই
যেতিয়া তাইক
কবিতা কেইটা
দিলেগৈ,ওলোটা
সিহে চুিৰৰ
অপবাদ পালে৷
ধেৎ দিনটোৱেই
বৰবাদ হৈ
গ'ল৷
মনৰ দূুখত
ডিক্ৰং নদীৰ
পাৰত বহি
সি বাঁহী
বজাই আছিল৷
অলপ আগতে
জীৱেশ্ৱৰে দি যোৱা চাধাপালি খাইহে
এতিয়া মনটো
অলপ পাতল
পাতল লাগিছে৷
নাই এনেকৈ
থাকিলে নহ'ব৷ মাজুজনীক
হ'লেও
নিজৰ কৰিবই
লাগিব৷ সন্মানৰ
কথা আছে৷
এই দিগন্ত
দাৰো কাম
নাই আৰু,
তিনিজনী খুলশালী
আছে বুলি
ৰাজহুৱাকৈ জনাই দিলে৷ এতিয়া কাৰ
কাৰ চকু
পৰে ঠিক
নাই৷ জ্যোিতটো
উঠি পৰি
লাগিছেই৷ তাতে
ইফালে সেইজনীয়ে
জ্যোতিৰ কমেন্টত
লাইকো মাৰিছে৷
হে ভগৱান,
সেইজনীক জ্যোতিলৈ
যাব নিদিবা৷
সি প্ৰাইমত
হে ওলাইছে,
মই দিন
ভালে থাকিলে
বিবিচি ত
ওলাম৷ এবাৰ
কেৱল তাইৰ
ভুল ভাঙি
দিয়া৷
স্নেপ ২-
জ্যোতিপ্ৰকাশৰ
ভাষাৰে- দিগন্ত
দাৰ খুলশালী
থকা শুনি
মনটো ভাল
লাগি আছে৷
বুকুখনেও কিবা
লাভ লাভ
কৰি থাকে
আজিকালি৷ তাতে
সেইদিনা তাৰে
এজনীয়ে মোৰ
কমেন্টত লাইক
এটাও মাৰিছে৷
সেইদিনা বা
টিভি ত
মোক চালেনে
নাই৷ চেহঃ,
দাড়ি কেইদাল
কাটি ষ্টুডিওলৈ
যাব লাগিছিল৷
ভুল হৈ
গ'ল৷
সেইকেইজনীয়ে বোলে আকৌ অসমীয়া চিনেমা
চাবলৈ বৰ
ভাল পায়৷
সেয়াহে চিন্তাৰ
কথা হৈছে৷
কেইদিনমান আগতে অকবত টেটুফালি কৈ
আহিছো যা
তা অসমীয়া
চিনেমা নাচাও
বুলি৷ এতিয়া
তাইৰ লগত
যাওঁতে বিতোপনে
দেখিলে কম
লাজৰ কথা
হবনে?
স্নেপ ৩:
এইকেইদিন
মনজিৎ ব্যস্ত
কইনা বিচৰাত৷
ঘৰত কৈ
দিছে, অকল
কানেক্টিং ইণ্ডিয়া কৰিলেই নহব, নিজকো
সোনকালে এজনীৰ
লগত কানেক্ট
কৰ৷ নহলে
ময়ুৰী শৰ্মাই
যোৰা পাতি
দিয়া দি
কৰোবাৰ লগত
বান্ধি দিম৷
বহুত চিন্তা
তাৰ মুৰত৷
অকল ছোৱালী
চালেই নহব,
বিয়াৰ যোগাৰো
নিজেই কৰিব
লাগিব৷ অজয়লালো
বোলে নাহে
বিয়াত লুচি
বিলাবলৈ৷ চিনাকীৰ
মাজত কইনা
পালে ভাল
আছিল৷ সেইবোৰ
কথাকে মনজিতে
ৰবিবাৰ এটাত
বাকৰ পুতেকৰ
লগত আলোচনা
কৰি আছিল৷
জুনিয়ৰ বাকে
ক'লে
তই এবাৰ
দিগন্তদাৰ খুলশালী এজনী চাই নাহ
কিয়৷ মই
যোৱা সপ্তাহত
দিগন্তদাৰ শহুৰেকে অনা চিতল মাছটো
চুৰ কৰিবলৈ
যাওঁতে সেই
তিনিজনীক দেখি
আহিছো৷ ভাল
মিলিব তোৰ
লগত৷ একেলগে
তিনিটা অপচন৷
জুনিয়ৰ বাকৰ
কথা শুনি
মনজিতৰ সুখ
কুলায়ে পাছিয়ে
নধৰা অৱস্হা৷
লাহে
লাহে ত্ৰিমূৰ্তিৰ
এই প্ৰেমৰ
ঘটনা ঘুনুক
ঘানাককৈ বহুতৰ
কানত পৰিল৷
গতিকে এদিন
তিনিও লগ
হৈ খোলাখূলিকৈ
কথাবোৰ আলোচনা
কৰি ললে৷
আলোচনাৰ শেষত
ঠিৰাঙ হ'ল ডাঙৰজনী
মনজিৎৰ, মাজুজনী
জ্যোতিৰ আৰু
সৰুজনী আদিত্যৰ৷
এতিয়া
নিজৰ মাজত
কথাবোৰ ঠিক
হ'ল
যেতিয়া আগবঢ়াহে
কথা৷ সুশান্তদাৰ
মূখেৰে কথাটো
দিগন্তদাৰ কানত পেলোৱাৰ পৰিকল্পনা কৰা
হ'ল৷
সুশান্ত দাক
কওঁতে তেওঁৰ
আৰু অলপ
দূখ লাগি
গ'ল
যদিও তেওঁ
দিগন্ত দাৰ
কাণত কথাখিনি
পেলালে৷ দিগন্তদাৰ
একো আপত্তি
নাই৷ লৰাকেইজন
ভালেই৷ শহুৰেকেও
গোটেইখিনি তেওঁৰ ওপৰত এৰি দিছে৷
খুলশালী তিনিজনীক
সোধোতে লাজকুৰীয়া
হাঁহি মাৰি
ভিতৰৰ কোঠালৈহে
লৰ মাৰিলে৷
ঠিৰাং
কৰা হ'ল ৬ তাৰিখে তিনিও
জন কোনোবা
ডাঙৰ মানুহৰ
সৈতে দিগন্তদাৰ
ঘৰলৈ যাব৷
মাখন চাৰ,
অঞ্জলী বাইদেউ,
ময়ুৰী বাইদেউ
আৰু প্ৰতিভূ
দাক যাবলৈ
ৰাজী কৰোৱা
হ'ল৷
চাওঁতে
চাওঁতে সেই
বহু আকাঙ্খিত
দিনটো আহিল৷
দিগন্ত দাৰ
ঘৰত উৎসৱ
মুখৰ পৰিবেশ৷
তিনিজনকৈ ভাবী
জোৱাই আহিব,
কম কথানে৷
ৰাতিপুৱাৰে পৰা দিগন্তদাই নৰসিংহৰ পাত
চিঙি দুডাল
গছ টকলা
কৰিছে৷ এইখিনি
ধুই মেলি
আকৌ মৃদুল
দাৰ তালৈ
ব্ৰয়লাৰ আনিব
দৌৰিব লাগিব৷
মিঠাই খিনি
কালিয়েই আনি
থৈছে৷ কিম্তু
চিলভাৰ ফইল
খিনি হে
গুছাবলৈ সময়েই
নাপালে৷মাধুৰ্য্যই শুনিলে বৰ
বেয়া পাব
দেহি৷
যথা
সময়ত তিনিও
দলে বলে
দিগন্তদাৰ ঘৰত হাজিৰ হ'ল৷ দিগন্তদাৰ অনুৰোধত
মেজিক মমেন্টবোৰ
কেমেৰাত আবদ্ধ
কৰিবলৈ বিক্ৰমজিৎ
দা কেতিয়াবাৰ
পৰাই হাজিৰ৷
ৰৈ ৰৈ
আমনি লাগি
ইতিমধ্যে তেওঁ
চাৰিটামান কল খালেই৷
দিগন্তদাৰ
পৰিয়ালে সকলোকে
উষ্ম আদৰণি
জনালে৷ ইমান
ভাল অভ্যৰ্থনা
দেখি ইমানপৰে
গহীন হৈ
থকা মাখন
চাৰৰ মুখলৈ
সেই বিখ্যাত
হাঁহিটো ঘূৰি
আহিল৷ আলোচনা
কৰিব লগা
বিশেষ নাছিল,
সকলোৰে সন্মতি
আছিলেই৷ সৰুজনীয়ে
অলপ আপত্তি
কৰিছিল আদিত্যৰ
কবিতা চুৰিৰ
কথা লৈ
৷ লগে
লগে উচ্চজিৎ
কলিতাক ফোন
লগাই দিয়া
হ'ল৷
তেওঁ প্ৰমাণ
সহকাৰে জ্ঞানেশ্বৰ
পৰভূৰ কথাখিনি
বুজায় দিয়াত
তায়ো হাঁহিমূখে
মান্তি হ'ল৷
ভিতৰৰ
কোঠাত বিয়নী
মেল ইতিমধ্যে
আৰম্ভ হৈ
গৈছিল৷ ময়ুৰী
বাইদেৱে ইতিমধ্যে
লিমাৰিকৰ লেখীয়া
যোৰা নাম
লিখি উলিয়ালেই৷
অঞ্জলী বাইদেৱে
নিজৰ ফালৰ
পৰা প্ৰতিশ্ৰুতি
দিলে যে
বেবীৰ জোৰোনতকৈ
এই ত্ৰিমুৰ্তিয়ে
বেছি ভাল
বস্তু দিব৷
শুনিয়েই তিনি
কন্যাৰ মুখ
উজলি উঠিল৷
এতিয়া
বিয়াৰ দিনবাৰ
ঠিক কৰিব
লাগে৷ তিনিও
আজিৰ যুগৰ
ডেকা৷ পঞ্জিকাত
কাৰো বিশ্ৱাস
নাই৷ ভূ
দাই প্ৰস্তাৱ
দিলে প্ৰফেছাৰ
হিজবিজৰ পৰামৰ্শ
লোৱা যাওঁক৷
মনজিতে নিজৰ
অফিছৰ পৰা
প্ৰকাণ্ড এন্টেনা
থকা এটা
উঠাই আনিছিল৷
সেইটোৰে প্ৰফেছাৰক
হটলাইনত লোৱা
হ'ল৷
প্ৰফেচাৰে টাইম মেচিনত চাই ৩১
ডিচেম্বৰ দিন
দিলে৷ বাপতি
সাহোন দিনটোত
লঘোণে থাকিব
লাগিব বাবে
তিনিও অলপ
দূখ পালে
যদিওঁ ঠিক
বিয়া হোৱাৰ
আনন্দত সেয়া
মানি ল'লে৷ মনৰ
সুখত তিনিও
এবাৰ এবাৰকৈ
দিগন্তদাৰ বেলকনীত গৈ দিক্ষুৰ বৰষুন
বৰষুন গানটো
গাই আহিল৷
ইতিমধ্যে
বিয়াৰ খবৰ
চাৰিওফালে বিয়পি পৰিল৷ অকবৰ সকলোৱে
দায়িত্ব লবলৈ
আগুৱাই আহিল৷
বনজিৎ,গীতাৰ্থ
আৰু ছাজিদ
ডাঙৰীয়াই তিনি
কন্যাক ফেচবুকত
অসমীয়া লিখিবলৈ
শিকালে৷ হিমজ্যোতিয়ে
ল'লে
এখন চিঠিতে
সকলোৰে ফটো
দি সম্পৰ্ক
স্থাপন কৰোৱাই
বিয়াৰ চিঠি
ছপোৱা৷ দেৱব্ৰতে
আলু,পিয়াজ
যোগান দিয়াৰ
দায়িত্ব ল'লে৷ বিকাশে
আনিব সৰভোগৰ
দৈ৷ সুশান্ত
দাই পায়সখিনি
দিব৷ বিয়া
বুলিলে নাচ
গান টো
লাগিবই৷ ঠিক
হ'ল
দেৱপ্ৰতীমে হিলিবিলি মিউজিক বজাব আৰু
দেবাংগই গাব৷
বিয়াৰ পিছত
ভাড়াঘৰ বিছাৰি
দিয়াৰ দায়িত্ব
উদ্দীপ তালুকদাৰৰ৷
দৰাৰ ভৰি
ধুৱাওতে দিবলগা
খুচুৰা পইচাখিনি
ইতিমধ্যে গীতুপনে
যোগাৰ কৰিছেই৷
মুঠতে মানে
সকলোৱে সহায়
কৰিছে৷
পিছে
দৰা তিনিজনৰ
হে চিন্তাত
ত'ত
নাই৷ ঘৰৰ
মানুহ, বন্ধু-বান্ধৱী বাদ
দিও কেৱল
অকবতেই দহ
হাজাৰ মানুহ৷
ক'ত
ৰান্ধিব, ক'ত বহুৱাব৷
মুঠতে হাহাকাৰ
অৱস্হা৷ জজ
ফিল্ড খন
পালে কাম
হ'লহেতেন
অৱশ্যে৷ পিছে
সেইখন কতনো
বিয়া পাতিবলৈ
দিব৷ অৱশ্যে
সত্যকাম আৰু
ইবুক দি
চেষ্টা এটা
কৰি চাব
পৰা যায়৷
সেইবোৰ কিবা
এটা কৰিব
লাগিব আৰু,
অসুবিধা হ'লে ৰাইজ
আছেই নহয়
সহায় কৰিবলৈ৷
গতিকে ৰাইজ,
অহা ৩১
ডিচেম্বৰত অন্য একো কাম নাৰাখিব৷
সকলোৱে বাট
চাই থকা
বিয়াখনলৈ মই
তেওঁলোকৰ হৈ
আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালো৷