Friday 11 October 2013

অন্ধ প্ৰেম




ময়ুৰী আৰু প্ৰিয়া কলেজীয়া দিনৰে বান্ধৱী৷ বৰ্তমান দুয়ো কলেজীয়া শিক্ষা সাং কৰি গুৱাহাটীৰ উলুবাৰীৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত৷ ৰাতিপুৱা শুই উঠিয়েই দুয়োৰে খদমদম আৰম্ভ হৈ যায়৷ সাজু হৈ মেলি পুৱা ৯.৩০ত অফিচ পাবই লাগে৷ নাকে মুখে ভাত কেইটামান গুজি দুয়ো সেইদিনাও অফিছলৈ বুলি বাছত উঠিল৷
বাছখন খালি আছিল৷ দুয়ো এটা চিটতে বহি ল'লে৷ ছুপাৰ মাৰ্কেটত সেই সেউজীয়া টি চাৰ্ট পিন্ধা ল'ৰাটো বাছত উঠিল৷ উঠিয়েই প্ৰিয়ালৈ এবাৰ চালে আৰু খালী চিট এটাত বহি পৰিল৷ ময়ুৰীয়ে লাহেকৈ প্ৰিয়াৰ হাতত খুন্দা এটা মাৰিলে,
: প্ৰিয়া, তোৰ ৰোমিঅ' আহিল৷
: যাহ, কাম নাই আৰু৷
: কি কাম নাই? যোৱা এসপ্তাহ ধৰি একে বাছত উঠিছে, উঠিয়েই সদায় তোৰ ফালে চায়৷ বপুৰাই তোৰ প্ৰেমত হাবুদুবু খাইছে৷
প্ৰিয়াই একো নামাতিলে৷ তায়ো কথাটো মন নকৰা নহয়৷ কেৱল বাছতেই নহয়, সেইদিনা লৰাটোক তাই 'কে এফ চি'টো পাইছে৷ সি তাইক দেখি দেখ নেদেখ হাঁহি এটা মাৰি আগুৱাই আহিছিল, পিছে সেই সময়তে তাইৰ সহকৰ্মী অৰুণ আহি ওলোৱাত সি লৰালৰিকৈ আঁতৰি গ'ল৷ তাই ময়ুৰীক সেই কথাটো লাজতে কোৱা নাই৷ তাইৰো ল'ৰাটো লাহে লাহে ভাল লাগিব ধৰিছে৷ তাৰ চকুজুৰিয়ে যেন তাইক কিবা ক'ব বিছাৰে৷বেছ স্মাৰ্ট ল'ৰাটো৷ সেউজীয়া টি চাৰ্টটোৰে তাক বৰ ধুনীয়া লাগে৷
দুয়ো অফিছ পালেহি৷ এইকেইদিন কামৰ হেঁচা অলপ বেছি পৰিছে৷ অফিছৰ পৰা বাহিৰে বাহিৰে পূজাৰ বজাৰ কৰিবলৈ গ'ল৷ ঘূৰি আহোতে তাই ল'ৰাটোক লগ পোৱাৰ আশা কৰিছিল যদিও তাক লগ নাপালে৷ কিবা ভাল নালাগিল তাইৰ, এয়াই চাগে প্ৰেমৰ আৰম্ভণি৷
লাহে লাহে তাইৰ মনৰ অৱস্থা ময়ুৰীয়েও ধৰিব পাৰিলে৷ ময়ুৰীয়ে ল'ৰাটোৰ বিষয়ে খবৰ উলিয়াবলৈ উঠিপৰি লাগিল৷ দুদিনৰ মূৰত তাই অলপ অচৰপ খবৰ যোগাৰ কৰিলে৷ ল'ৰাটোৰ নাম বেদান্ত,লক্ষীমপুৰৰ ল'ৰা৷ ইয়াতে কিবা এটা আমেৰিকান কোম্পানীত দুমাহ মান আগতে সোমাইছে৷
আজি প্ৰিয়াহঁতৰ অফিচৰ মাহিলী ক্লোজিং৷ ক্লোজিংৰ দিনা তাইৰ বহুত কাম হয়৷ ঘৰ আহি পাওতে তাইৰ ৰাতি দহমান বাজে৷ আনদিনাৰ দৰে সেইদিনা পুৱাও দুয়ো বাছত উঠিল৷ বেদান্তও ছুপাৰ মাৰ্কেটত উঠিল৷ আজি তাক কিছু চিন্তিত যেন লাগিল৷ তাৰ মাজতো সি তাইলৈ চাব নাপাহৰিলে৷ আজি বেদান্তও উলুবাৰীত নামিল৷ তাইৰ বুকুখন ঢিপিংকৈ উঠিল৷ আজিয়েই আহিব নেকি তাইৰ জীৱনৰ সেই বহু আকাংক্ষিত ক্ষণ৷
ময়ুৰী আৰু প্ৰিয়া দুয়ো বাছৰ পৰা নামি অফিছলৈ খোজ ল'লে৷ তেনেতে পিছফালৰ পৰা বেদান্তই মাত দিলে,
: এক্সক্যুজ মি৷
প্ৰিয়াৰ বুকুত হাজাৰ ডবা যেন একেলগে বাজি উঠিল৷ তাই একো ক'ব নাপাওতেই ময়ুৰীয়ে ক'লে,
: য়েচ, কওকচোন৷
প্ৰিয়ালৈ চাই বেদান্তই ক'লে,
: আপুনি যদি বেয়া নাপাই মই আপোনাৰ লগত দুই মিনিট অকলে কথা পাতিব পাৰিম নেকি?
প্ৰিয়াই একো ক'বলৈ নাপাওতেই ময়ুৰীয়ে লাহেকৈ তাইৰ হাতত চিকুটি দি অফিছলৈ খোজ ল'লে৷
সাহস গোটাই লৈ প্ৰিয়াই মাত দিলে,
: কওকচোন কি ক'ব বিছাৰিছিল৷
: আপোনাক মই বহুত দিনৰে পৰা কথা এটা ক'ম বুলি পৰা নাই৷ যদি আপুনি বেয়া নাপায় এই ৰেষ্টুৰেন্টখনত বহি কথা পাতো নেকি?
প্ৰিয়াৰ বহুত মন আছিল বহিবলৈ, কিন্তু এইফালে যে আজি অফিছত ইমান কামৰ হেঁচা৷
: আজি বহিব নোৱাৰিম৷ অলপ কাম আছে আজি৷ ইয়াতেই কওকচোন অসুবিধা নহয় যদি৷
: আপোনাক মই বহুদিনৰ পৰা দেখি আহিছো৷
: হয় ময়ো আপোনাক বাছত প্ৰায়েই দেখো৷
: কেইবাদিনো আপোনাক মাতিম বুলি ভাবিছো, পিছে আপোনাৰ বান্ধবীজনী লগত থাকে বাবে মাতিবলৈ সংকোচ হৈ আছিল৷
: একো নাই, তাই মোৰ ভাল বান্ধবী৷
বেদান্তই বেগটো খুচৰিবলৈ ধৰিলে, খুছৰি খুছৰি কিবা কিতাপ এখন উলিয়ালে৷ হাও ৰোমান্টিক, তাই কিতাপ পঢ়ি ভাল পোৱাটো চাগে সি খবৰ কৰি উলিয়াইছে৷ কিতাপেই প্ৰথম উপহাৰ হিচাপে আনিছে৷ তাই আশা কৰামতেই কিতাপখন তাইৰ হাতত দি বেদান্তই ক'লে,
: মোৰ নাম বেদান্ত দত্ত৷ মই লক্ষীমপুৰৰ ল'ৰা, বৰ্তমান মই এটা আমেৰিকান কোম্পানীৰ গুৱাহাটী শাখাত কৰ্মৰত৷
বেদান্তই এবাৰ সেপ ঢুকি ল'লে৷ খুব নাৰ্ভাছ হোৱা যেন লাগিছে তাক৷ তায়োতো ক'ম নাৰ্ভাছ হোৱা নাই৷ এইবাৰ বেদান্তই নতুন উদ্যমেৰে আকৌ আৰম্ভ কৰিলে,
: এইখনত আপুনি আমাৰ কোম্পানীৰ সম্পুৰ্ণ বিৱৰণ পাব৷ এইখন ক্ষেত্ৰত আমি বিশ্বৰ এক নম্বৰ কোম্পানী৷
প্ৰিয়াই একো বুজা নাই৷ বুৰ্বকৰ দৰে তাই সুধিলে,
: কি কৈ আছে আপুনি? মই একো বুজা নাই৷
: অহ চৰী, মই আপোনাক বিতংভাবে কোৱাই নাই৷ এক মিনিট ৰ'ব দেই৷
এইবুলি কৈয়েই বেদান্তই বেগ খুলি তাৰ কাৰ্ডখন প্ৰিয়াক দিলে৷ কাৰ্ডখন লৈয়েই তাই চক খাই উঠিল৷ আৰু অলপো সময়ো তাত নৰৈ তাই অফিছলৈ দৌৰ দিলে৷ পিছফালৰ পৰা বেদান্তই চিঞৰি ক'লে,
: মেডাম ভাবি চাওক৷ আজিয়েই কৰিলে আপুনি বিশ পাৰ্চেন্ট ডিচকাউন্ট পাব, মোৰো এই মাহৰ টাৰগেট হৈ যাব৷ মেডাম প্লিজ৷
তাই কেৱল দৌৰিলে৷ অফিছ সোমায়েই চিধা বাথৰুমলৈ গৈ তাই হেঁপাহ পলুৱাই কান্দি ল'লে৷ তাইৰ প্ৰথম প্ৰেমৰ এনে পৰিণিতি হ'ব বুলি তাই সপোনতো ভবা নাছিল৷
প্ৰেম অন্ধ বুলি মানুহে ঠিকেই কয়৷ নহলেনো তাই বেদান্তৰ টি চাৰ্টত লাগি থকা ইমান ডাঙৰ বেজটো নেদেখেনে৷ বাটে ঘাটে প্ৰায়েই দেখি থকা অতি চিনাকী বেজ,

" Loose weight now, ask me how "

Thursday 10 October 2013

পূজা আহিল




আজি ষষ্ঠী৷ ঢাক বজা আৰম্ভ হলেই ৷ আগৰ পূজাৰ উৎসাহ আজি আৰু নাই৷ পূজা বুলিলেই কিমান যে স্মৃতি,কিমান যে ঘটনা৷ নতুন কাপোৰ, পিষ্টল,বেলুন,জিলাপী আৰু কিমান যে কি৷

এতিয়া পিচে পূজা বুলিলেই অলপ চিন্তা হয়৷ ঘৰৰ দুৰ্গাসকলে পূজা মন্দপৰ লিষ্টখন তৈয়াৰ কৰিছেই৷ পূজা চাবলৈ যোৱা মানুহৰ লিষ্টখন এইবাৰ খুবেই দীঘল, গতিকে দাদা আৰু মই দুয়ো এইকেইদিন অবৈতনিক ফুলটাইম ড্ৰাইভাৰৰ চাকৰি পোৱাটো খাটাং৷ পূজা চোৱাৰ ফাঁকে ফাঁকে ৰেষ্টুৰেন্টৰ আগত দীঘলীয়া শাৰি পাতি এঘন্টামান আপেক্ষা কৰি বিধে বিধে খাই পকেট খালী কৰিবলৈ মই সাজু৷

আৰু বজাৰ সমাৰ আছেই৷ অফিছৰ কামত কলিকতা গৈছিলো৷ কিছু বজাৰ তাতে কৰিলো, এদিন ফেন্সী বজাৰত কৰিলো৷ অৱশ্যে বজাৰৰ লিষ্ট এতিয়াও শেষ হোৱা নাই৷ পছন্দৰ কাপোৰ বিছাৰি নাপাই পত্নীয়ে পেণ্ডিংত থৈ দিছে৷ মইহে এতিয়ালৈ একো পোৱা নাই পিছে, পত্নীয়ে অৱশ্যে শেষ মুহুৰ্তত কিবা ছাৰপ্ৰাইজ দি দিব বুলি মই এতিযাওঁ আশবাদী৷

তাৰপিছত আহিল বকচিছৰ খেল৷ ছুইপাৰ, পিয়ন আদি সকলোৱে ইতিমধ্যে বকচিছ আদায় কৰিলেই৷ চান্দাৰ কথা নতুনকৈ আৰু কি ক'ম৷ সকলোৱে জানেই দেখোন৷

পূজাস্থলী বুলিলে এতিয়া কেৱল প্ৰতিযোগিতা৷ প্ৰতিমা, মণ্ডপ, উদ্বোধক সকলোত কেৱল প্ৰতিযোগিতা৷ দুৰ্গাৰ প্ৰতিমাৰ ওচৰে পাজৰে অখিল গগৈ, আন্না হাজাৰে, সুধাকন্ঠ আদিক যোৱা বছৰ হেঁপাহ পলুৱাই চালো৷ এইবাৰ চাগে মেৰী কম, নৰেন্দ্ৰ মোডীহ'তৰ পাল৷ চাৰিওফালে কেৱল থীমৰ পয়োভৰ৷ জুৰাছিক পাৰ্ক, কৈলাশ পৰ্বত আৰু ক'ত কি যে থীম৷ কেতিয়াবা থীমৰ উৎপাতত দুৰ্গা দেৱীক বিছাৰি পোৱাই দিগদাৰ হৈ পৰে৷ আৰু তাৰ মাজত দেৱীক বিছাৰি পালেও মন বেয়া হে হয় কেতিয়াবা৷ বিপাশা বসু,মমতা,চোনিয়াৰ পৰা আৰম্ভ কৰি চাইনা নেহৱাললৈ, সকলোকে আপুনি দূৰ্গাদেৱীৰ ৰুপত দেখি যাব পাৰে৷

পৰিবৰ্তন আহিছে৷ কিন্তু তাৰ মাজতো দুৰ্গাপূজা নিজৰ স্বকীয় মহিমাৰে চলি থাকিব৷ আমিও পূজা চাবলৈ যাম, ফটো উঠিম৷ পূজা চাই ঘৰ পোৱাৰ আগতেই আমি ফেচবুকত দিয়া ফটোত লাইক, কমেন্ট আহি যাব৷ আগতে খোজ কাঢ়ি, বাছত উঠি পূজা চাবলৈ গৈছিলো৷ এতিয়া এচি গাড়ীত যাম৷ কিন্তু সৰুকালৰ দৰে চাগে আৰু উপভোগ কৰিব নোৱাৰিম৷

সেইবোৰ আজি স্মৃতি৷ সৰুকালৰ পিষ্টল- নতুন কাপোৰ, কৈশোৰত বন্ধুৰ সৈতে ৰাতি বাৰটালৈ পুজা চোৱা, ছোৱালী জোকোৱা, মোগলাই পৰঠা খোৱা, তাইক দেখা পাম বুলি বাৰে বাৰে বেলতলাৰ পূজালৈ যোৱা..... সকলো আজি এক স্মৃতি মাত্ৰ৷

এইবোৰ মনত পৰিলে দুৰ্গাপূজাৰ সময়ত মন বেয়া হয়৷ হাজাৰ চেষ্টা কৰিলেও সেই দিন উভটি নাহে৷ কোনো চিন্তা নাই, জীৱনত প্ৰতিষ্ঠিত হোৱাৰ যুঁজ নাই, চাকৰিৰ টেনশ্যন নাই৷ আহ!!! কি জীৱন কি হৈ গ'ল৷

এইবাৰ পূজাত দেৱীৰ পৰা কিবা বিছাৰিম৷ এবাৰ মাত্ৰ সেই শৈশব ঘুৰাই দিয়া, সেই দিনবোৰ এদিনৰ বাবে ঘুৰাই দিয়া, জীৱনটোক তেনেদৰে উপভোগ কৰিবলৈ তীব্ৰ ইচ্ছা হৈছে৷ আৰু তোমাৰ পৰা বেলেগ একো নিবিছাৰো৷