Sunday 30 October 2016

সম্পৰ্ক ::

::

- হেল্ল', ক'ত তুমি?
- এইয়া পালোহিয়েই আৰু৷
- মই এঘন্টা ধৰি তোমালৈ ৰৈ আছো৷ তোমাৰ খবৰেই নাই৷ মই যাওঁ ৰুমলৈ৷
- আৰে তেনেকুৱা নকৰিবা না৷ পালোৱেই আৰু৷ দুচকীয়াখন পামচাৰ  হৈ আছে৷

দৌৰাদৌৰিকৈ হোষ্টেলৰ ৰুমৰ তলাটো মাৰি চানমাৰী গ্ৰন্থমেলালৈ বাট পোনালে কুলদীপে৷ সাধাৰণতে এনেকুৱা মৰ ঠাণ্ডাত কুলদীপে লেপৰ তলৰ পৰা মৰিলেওঁ নোলাই৷ তাতে আজি ৰবিবাৰ, অলপ কিনকিনীয়া বৰষুণো দি আছে৷ পিছে আজিৰ কথা বেলেগ৷ মৃণালিনীয়ে মাতিছে৷ আকৌ এবাৰ মৃণালিনীৰ কথা ভাবিয়েই ভাল লাগি গ'ল৷

ৰাতিপুৱাৰ সময়, গ্ৰন্থমেলাত মানুহ প্ৰায় নায়েই৷ গ্ৰন্থমেলা পায়েই কুলদীপে মৃণালিনীক ফোন লগালে,
- কোনখিনিত আছা?
- তুমি খোৱাৰ ষ্টলকেইখনৰ ওচৰত ৰৈ থাকা৷ মই গৈ আছো৷
- ঠিক আছে৷

ৰৈ ৰৈ আমনি লাগিল কুলদীপৰ৷ এইজনীৰ দেখোন দেখাদেখিয়েই নাই৷ আকৌ ফোন লগালে কুলদীপে,
- ক'ত অ' তুমি৷ ৰৈ আছো তেতিয়াৰ পৰা৷
- অ' ৰৈ থাকা৷ মোৰ আৰু আধাঘণ্টা লাগিব৷
-আৰে, এইবোৰ কি কথা? তুমি বোলে আকৌ মোৰ বাবে ৰৈ আছা?
- এনেয়ে কৈছো৷ পৰহি দীঘলী পুখুৰীত মোক কমখন ৰখালানে তুমি৷ আজি বদলা লৈছো৷

ধেইৎ কি যে হ'ব৷ দৌৰাদৌৰিত এটা পাতল চুৱেটাৰ পিন্ধিয়েই ওলাই আহিল৷ এতিয়াহে  ঠাণ্ডা লাগিব ধৰিছে৷ এই মৃণালিনীজনীক খং কৰিম বুলি ভাবিলেও কৰিব নোৱাৰি৷ কিবা এটা যেন স্পেচিয়েল আছে তাইৰ মাজত৷

কুলদীপে ইফালে সিফালে চালে৷ বোম্বে চাট হাউচৰ ওচৰত দুজনমানে জুই পুৱাইছে৷ কুলদীপ মন্ত্ৰমুগ্ধৰ দৰে তালৈ আগবাঢ়িল৷ জুই পুৱাই থকা কেইজনৰ মাজত ভাল আড্ডা জমি উঠিছিল৷ বিষয়, কোনোবা প্ৰকাশনৰ ষ্টলৰ ছোৱালী এজনী৷ হঠাৎ কুলদীপৰ উপস্থিতিত আড্ডাত ডিস্ক ব্ৰেক লাগি গ'ল৷ কুলদীপে পাত্তা নিদি জুইৰ আমেজ লোৱাত লাগিল৷

যোৱাবছৰৰ গ্ৰন্থমেলাতেই কুলদীপ আৰু মৃণালিনীৰ প্ৰথম চিনাকী৷ তাই এটা অনুষ্ঠানত কবিতা আবৃত্তি কৰিছিল৷ কবিতা আদিৰ পৰা দুৰত থকা কুলদীপ সেইদিনা মন্ত্ৰমুগ্ধ হৈ ৰৈ গৈছিল মৃণালিনীৰ কবিতা শুনিবলৈ৷ কিবা এক অনামী আকৰ্ষণ অনুভৱ কৰিছিল৷ হয়তো কবিতাৰ প্ৰতি, বা হয়তো মৃণালিনীৰ প্ৰতি৷

মঞ্চৰ পৰা নামি অহা মৃণালিনীৰ সৈতে উপযাচি চিনাকী হ'বলৈ আগবাঢ়ি গৈছিল কুলদীপ৷
- হাই৷ আপোনাৰ কবিতা আবৃত্তি শুনি চিনাকী নোহোৱাকৈ গ'লে আফচোছ থাকি যাব যেন লাগিল৷ গতিকে নিজেই আহি গলো৷ মোৰ নাম কুলদীপ, কুলদীপ পাটোৱাৰী৷
- বৰ ভাল পালো আপুনি কবিতা শুনি ভাল পোৱা বুলি৷ মোৰ নাম মৃণালিনী গোস্বামী৷
- আপুনি কিন্তু অসম্ভৱ সুন্দৰ আবৃত্তি কৰে দেই৷

মন কৰিছিলো তাইৰ মুখখন ইষৎ ৰঙচুৱা হৈ পৰিছিল৷ হয়তো অচিনাকীজনৰ মুখত ইমান প্ৰশংসা শুনি৷

- ধন্যবাদ৷
- আপুনি গুৱাহাটী কমাৰ্চৰ নহয় জানো? আপোনাৰ ইউনিফৰ্ম দেখি গম পাই গৈছো৷ ময়ো কমাৰ্চৰেই আছিলো৷ আপুনি কোন ইয়েৰ?
- মই ডিগ্ৰী ফাইনেল ইয়েৰ দিম এইবাৰ৷

তাৰপিছত দুয়োৰে যেন কথা শেষ নহবই৷ কলেজৰ পৰা আৰম্ভ কৰি, গল্প, কবিতা,ফেচবুক, ৰাজনীতি একোৱেই যেন বাদ নপৰিব সেইদিনা৷

সেইদিনা দুুয়ো এৰাএৰি হলেওঁ দুয়োৰে যোগাযোগ চলি থাকিল৷ অফিচৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই কুলদীপে সদায়েই তাইৰ লগত ফোনত কথা পাতে৷ ৰবিবাৰে প্ৰায়েই কুলদীপৰ দুচকীয়াখনত উঠি দুয়ো গুৱাহাটীৰ ক'ত ক'ত যে ঘূৰি ফুৰা নাই৷ বন্ধুতকৈ যেন বেছি কিবা হৈ পৰিছিল দুয়ো৷

কথাই কথাই এদিন বিয়াৰ প্ৰসঙ্গ ওলাল৷ তায়েই সুধিলে,
- কুলদীপ বিয়াৰ ক্ষেত্ৰত তোমাৰ পচন্দ কি?
অলপো নোৰোৱাকৈ কুলদীপে উত্তৰ দিলে,
- তোমাৰ দৰে কোনোবা৷
- কি? কি কোৱা?

থতমত খালে মৃণালিনীয়ে৷ পৰিবেশটো সহজ কৰিবলৈ কুলদীপে ক'লে,
- তোমাৰ দৰে মানে তোমাৰ দৰে মনৰ, যি মোক তুমি বুজাৰ দৰে বুজে৷
- অহ, মই আকৌ ভয়েই খাই গলো৷
- কি ভয় খালা?
- নাই মই ভাবিলো বোলে.......  যাহ বাদ দিয়া এইবোৰ৷

কুলদীপে জানিছিল তাই কি ভাবিছে৷ কিন্তু সেই বিষয়ে সেইদিনা আৰু কথা আগবঢ়োৱাটো সমীচিন বুলি নাভাবিলে কুলদীপে৷

তাইক এৰি কুলদীপে লাহে লাহে একো ভাবিব নোৱাৰা হ'ল৷ বন্ধু বুলিবলৈ যেন কেৱল মৃণালিনীয়েই সকলো৷

মৃণালিনীৰ বহুতো চিক্ৰেট কুলদীপে এতিয়া জানে৷ তায়ো কুলদীপৰ বিষয়ে বহুত জানে৷ যিদৰে......... সেইবোৰ থাকক বাৰু, ৰাজহুৱাকৈ কোৱা কথা নহয় সেইবোৰ৷

মৃণালিনীজনী এতিয়ালৈ আহি নাপালে৷ ফোনটোও লগা নাই৷ বতৰটো দেখি চিগাৰেট এটা খাবলৈ মন গ'ল কুলদীপৰ৷ চাকৰি কৰাৰ পিছৰ পৰা কেতিয়াবা মাজে মাজে চিগাৰেট খোৱাৰ বৰ বেয়া অভ্যাস এটা হৈছে কুলদীপৰ৷ ৰাজহুৱা স্থানত খাব ভালো নালাগে৷ তথাপি গ্ৰন্থমেলা প্ৰাঙ্গন খালী দেখি লাহেকৈ বেগটো খুচৰি খুচৰি এটা চিগাৰেট উলিয়ালে৷ কাষৰ কেইজনে চোৱাচুই কৰিলে যদিওঁ বিশেষ পাত্তা নিদি কুলদীপে চিগাৰেটডাল জ্বলাই ল'লে৷

দুৰৰ পৰাই দৌৰাদৌৰিকৈ মৃণালিনীক আগুৱাই অহা দেখি কুলদীপে চিগাৰেটডাল দলিয়াই পেলালে৷ এইজনীয়ে দেখা পালে এমাহমান বকিব৷

- বলা কিবা এটা খাই লওঁ৷ বৰ ভোক লাগিছে৷

তাইক লৈ বোম্বে চাট হাউচলৈ আহিল কুলদীপ৷ দুই প্লেট চিকেন চাউমিন অৰ্ডাৰ দিলে৷

- তোমাৰ কাৰণে এটা গিফ্ট আছে কুলদীপ৷

এইবুলি কৈয়েই এটা পেকেট কুলদীপলৈ আগুৱাই দিলে তাই৷ লগে লগে খুলি চালে কুলদীপে৷ কালি ৰাতি ফোন কৰোতে কুলদীপে আজি জটাধাৰীখন কিনাৰ কথা কৈছিল৷ মৃণালিনীয়ে আজি গিফ্টেই লৈ আহিল৷ উচ্ছাসিত হৈ পৰিল কুলদীপ৷

কুলদীপৰ উচ্ছাস মন কৰিলে মৃণালিনীয়ে৷ তাৰ পিছত লাহেকৈ ক'লে,
- ঘৰৰ পৰা মোৰ বিয়া ঠিক কৰিছে কুলদীপ৷

কুলদীপৰ যেন ভাষা হেৰাই গ'ল৷ কি কয় মৃণালিনীয়ে৷ কিন্তু মূহুৰ্ততে নিজকে চম্ভালি ল'লে৷ তাইক জানিবলৈ দিয়া উচিত নহ'ব৷
- ৱাহ বঢ়িয়া খবৰ দেখোন৷ পাৰ্টী দিব লাগিব দেই৷
- এই চাউমিনৰ পাৰ্টী চলিয়েই আছে দেখোন৷ ল'ৰা দিল্লীত চাকৰি কৰে৷ দিল্লীলৈ গুছি গ'লে তোমাক লগেই নাপাম অ' কুলদীপ৷ বিৰাট মিছ কৰিম তোমাক৷

কোনোবা নেদেখা, নুশুনা এজনে মৃণালিনীক দুৰলৈ লৈ যাব৷ ভাবিয়েই অসহ্য লাগিল৷ আহত কন্ঠৰে ক'লে,
- মই যাম মাজে মাজে তোমাক চাবলৈ৷ তোমাৰ কেচুৱাটোৰ লগত খেলিবলৈ৷ তুমি মোক পাহৰি নোযোৱাটো মৃণালিনী?

মৃণালিনীও যেন দুৰ্বল হৈ পৰিল৷ সকলোৰে সন্মুখতে তাই কুলদীপক সজোৰে সাৱটি ধৰিলে৷ তাইৰ উষ্ণ অশ্ৰুকণা কুলদীপে বাৰুকৈয়ে অনুভৱ কৰিলে৷
- মই তোমাক বহুত মিছ কৰিম কুলদীপ৷ তোমাক এৰি যাবলৈ মোৰ যে একেবাৰে মন নাই৷
- কোনোবা নিৰ্জন দ্বীপলৈ পলাই যাওঁ বলা মৃণালিনী৷

মৃণালিনীয়ে একেথৰে কুলদীপলৈ চাই থাকিল৷
- চোৱা কুলদীপ, মই মানো আমি বন্ধুতকৈ অলপ বেলেগ৷ কিন্তু এই সম্পৰ্কৰ কি নাম আমি নিজেওঁ নাজানো৷ মই ভাবো আমি বন্ধু হৈ থকাই ভাল৷ মই মোৰ জীৱনসঙ্গী পালো, তুমিওঁ সোনকালে বিচাৰি লোৱা৷ তুমি মোৰ ঘৰৰ মানুহক জানাই৷ তেওঁলোকে কেতিয়াওঁ আমাৰ সম্পৰ্ক মানি নলয়৷ বি প্ৰেক্টিকেল কুলদীপ৷

কৈয়েই তাই নৰ'ল৷ এজাক বৰষুণত তিতি কুলদীপ ৰৈ গ'ল গ্ৰন্থমেলা বাকৰিত৷

লাহে লাহে কুলদীপে হোষ্টেললৈ বাট ল'লে৷ ভাগৰে যেন হেঁচা মাৰি ধৰিছে কুলদীপক৷ খোজ কাঢ়িবলৈ মন নগ'ল৷ চিনাকী ৰিক্সাৱালাজনক দেখি ৰিক্সাত উঠি দেহাটো পেলাই দিলে৷

গোটেই ৰাস্তা মৃণালিনীৰ স্মৃতিয়ে আমনি কৰিলে কুলদীপক৷ এটা এটাকৈ সকলো কথা মনলৈ আহিল৷ কোনোবা এখন বেলেগ পৃথিৱীলৈ যেন গুছি গ'ল কুলদীপ৷

স্থান, কালৰ হিচাপেই নাছিল কুলদীপৰ৷ ৰিক্সাৱালাৰ মাততহে সম্বিত ঘূৰি আহিল কুলদীপৰ৷

- আপোনাৰ হোষ্টেল পালো বাইদেউ...... নামিবনে ইয়াত????

Friday 14 October 2016

:: বেলনা মাৰি ::

০১:
মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি মুদি হৈ বহি আছো৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ  'দোলা ৰে দোলা' গানটোৰ তালে তালে তামাম নাচি আছে৷ আমিওঁ গাহৰি ভাজি আৰু ভাঙৰ ধোঁৱাৰ মাজত দুয়োৰে নৃত্যৰ মজা লৈ আছো৷ নৃত্য, বস্ত্ৰ, ধোঁৱাময় পৰিবেশ, এই সকলোবোৰ মিলি এই ব্যভিচাৰ পৰিবেশ৷

০২:

একে জাপে গোটেইকেইটা এটেনচন পজিচনত আহি গ'লো৷ দুৱাৰমুখত দেখোন এয়া মিলি৷ ঢিলা ইলাষ্টিকৰ হাফপেন্টটো টানি টানি পঙ্কজে ক'লৈ দৌৰ মাৰিলে আমি তৰ্কিবই নোৱাৰিলো৷ আলোক, মনোজৰ পেট তেনেকৈ ওলায়েই থাকিল৷ ময়ো কোনোমতে গাটো  গামোচা এখনেৰে  ঢাকি বেঙা হাঁহি এটা মাৰি লাহেকৈ মাত দিলো,
- ইয়াতে আহি পালা যে??
- তুমি বিৰাট বেয়া৷ ইমান ফোন কৰিছো ৰাতিপুৱাৰ পৰা, ফোন উঠোৱা নাই যে?
-  মানে.... এই পাৰ্টীৰ যা যোগাৰত অলপ লাগি আছিলো৷ আৰু আবেলিটো শ্ৰদ্ধাঞ্জলী কাননত একেলগে যামেই৷
- নাযাওঁ পাৰ্কে চাৰ্কে৷

গৰজি উঠিল মিলি৷ অলপ সাহস গোটাই লাহেকৈ মাত দিলো৷
- কিয়? কি হ'লনো?
- নাযাওঁ কৈছো নাযাওঁ৷ এইফালে মই মৰিছো টেনচনত, আৰু তুমি গাহৰি খোৱাত বিজি৷ যিদিনা গৰমত ফুটি মৰিবা সেইদিনাহে গম পাবা৷
- ধেই নমৰো ইমান সোনকালে৷ জিমত গৈ এনেই বডী বনাই আছোনে? বাৰু কি হ'ল কোৱাচোন৷ একেবাৰে তুফান হৈ আহিছা যে?
- মই ঘৰত নাথাকো আৰু৷ আজিও সেই শগুনটো আহিছিল৷ দেউতাই তাৰ লগতে মোক বিয়া দিব বোলে৷
- হমমম৷
- কি হমমমম্ মাৰি আছা? মোক নিবা নে নিদিয়া এতিয়াই কোৱা৷ নহ'লে মই...
- ৰ'বাহে৷ চাঞ্চ পালেই গৰম হৈ যোৱা৷ নিনিম আকৌ কিয়? দস্তুৰমত তিনি বছৰ প্ৰেম কৰিছো৷
- তেন্তে ব'লা৷
- কলৈ ?
- বিয়া পাতিবলৈ৷

০৩:

আজি আমাৰ বিয়া৷ এইকেইটাই কি কৰিলে পাত্তাই নাপালো৷ একো ভাবিব সময়েই নাপালোঁ৷ কিডনেপ কৰা দি মোক এইকেইটাই ডাঙি আনিছে৷ এতিয়া বহি আছো মন্দিৰত৷ মোৰ মুখ ফুলা, কেনেকৈ  আহিলো একো পাত্তা নাপালোঁ কাৰণে৷ মিলিৰ মুখ ফুলা, দৰাটোক লংপেন্টটো পিন্ধিব সময় নিদিলে এই অসুৰকেইটাই৷ হাফ পেন্ট পিন্ধিয়ে আহি গ'লো৷ বামুণৰ মুখ ফুলা, মাননি যে নাপায় সেয়া সি ঠিক বুজিছে৷ এইফালে শিয়ালকেইটাই মুখ টিপি টিপি হাঁহিব ধৰিছে৷ মনোজে চাগে মন্দিৰলৈ অহাৰ আগে আগে বটলৰ বাকীখিনি এবাৰতে মাৰি আহিছে৷ বাহিৰৰ চিৰিত বাগৰি বাগৰি নাগিন ডেঞ্চ কৰাত লাগি গৈছে৷ বেটাহঁতৰ বিয়াত ময়ো বদলা ল'ম৷ মই ৰুমত আনি থৈ দিয়া সেই ভালুককেইটাৰ কচম৷

০৪:

ৰিক্সাত কইনা আনি আছো৷ পাছে পাছে কিডনেপাৰ প্লাছ বৰযাত্ৰীৰ দলটো৷  হাজাৰ হলেওঁ মিলি ছোৱালী, তাতে আজি কইনা৷ চুৰ্ণীখনকেই ওৰণিৰ দৰে লৈছে৷ ৰিক্সাৱালা  তুফান গতিত উৰি গৈছে৷ মিলিৰ মুখত হাঁহি৷ উপায় নাই, ময়ো মিলমিলিয়া হাঁহি দি গৈ আছো৷ ইফালে মনত হাজাৰটা চিন্তা৷ মাহৰ শেষ৷ শিয়াল কেইটাৰ পাল্লাত পৰি এক কেচ ভালুক বধিলো৷ এতিয়া পইচা পাতি একো নাই লগত৷ মান সন্মান যাব আৰু, উপায় নাই৷ এ বাদ দে,  তিৰি মোৰ, লাজ কৰিবলৈ কি আছে৷

মেচ পালোঁ৷ মিলিক লাহেকৈ মাত দিলো,
- শুনাছোন৷
- কি?
- ভাৰাটো দি দিয়াছোন, মাহৰ শেষ নহয়৷ টান পৰিছে অলপ৷

০৫:

গজেনৰ দোকানত বাকীত তামাম পাৰ্টী চলিছে আজি৷ দালি, ভাত, আলু পটলৰ ডালনা, লাব্ৰা, বিলাহী দি মাছ, বয়লাৰ, নেমু... কি নাই আজি৷ বিয়াৰ পাৰ্টী বুলি পকৰী কমপ্লিমেন্টেৰী৷ আছলতে দোকানৰ পিছফালে আলোকহঁতে ভালুক খহাইছে৷ তাতে ভাগ পাইছে সি৷ নহ'লে সি কৃপনে ফ্ৰি পকৰী দিবনে?
গধুলিৰ পৰা পাৰ্টী আৰম্ভ৷ গজেনে ক'ৰবাৰ পৰা টেপ এটাও আনিছে৷ বাপ্পা ঐ কি চাউণ্ড! কুমাৰ চানুই চেহাই দিছে একেবাৰে৷

বিয়াৰ পাৰ্টী ভালে ভালে গ'ল৷ বকাসুৰ কেইটাই দগৰি খালে৷ সিহঁতৰ অত্যাচাৰত শেষত মই আৰু মিলিয়ে গজেনৰ হেল্পাৰ কেইটাৰ লগত অকল দালি, ভাত আৰু আলু-পটলৰ ডালনা হে খাব পালো৷ দিনটো ভোকত আছিলো, তাকেই খাই আঠমঙলা খোৱা যেন তৃপ্তি পালোঁ৷

০৬:

মেচত মিলি আৰু মই অকলে৷ এইকেইদিন মোৰ বাবে মেচ এৰি দিছে ৰাইজে৷ দিনটো ইমান দৌৰাদৌৰিত কি হ'ল পাত্তাই নাপালো, ল'ৰাৰ পৰা মৰদ হ'লো৷ এতিয়াহে কিবা লাজ লাগিব ধৰিছে৷ মিলি বহি আছে সন্মুখত৷ কি কওঁ ভাবিয়েই পোৱা নাই৷

চক খাই উঠিলো৷ কথা নাই বতৰা নাই, মিলিয়ে মোক সেৱা এটা কৰি দিলে৷ হে ভগৱান, কি কৰে এইজনীয়ে৷ নাৰায়ণ... মোকো সেৱা কৰা মানুহ আছে৷

এতিয়াহে মনত পৰিল, আলোকে মোক মিলিক দিবলৈ কিবা এটা প্ৰেজেণ্ট কিনিব  দিছিল, ৰাতি দিবলৈ৷ পাহৰিলো নহয়৷ কি কৰা যায় এতিয়া?
হঠাৎ দেখিলো সিদিনা পঙ্কজে নতুনকৈ কিনি আনি থোৱা বেলনা আৰু মাৰি৷ অলপ ভাবি লাহেকৈ তাকে আনি মিলিক দি কলো,
- মিলি শুনাছোন৷ অলপ টান পৰিছে বুলিটো গম পাইছাই চাগে৷ বিয়া বুলি এয়াই দিলো দিয়া৷ মানুহটো অলপ এলেহুৱা বুলিটো জানাই তুমি৷ কিবা খং উঠিলে লাহেকৈ মাৰি দালেৰে এক দুই কোব মাৰিব পাৰিবা বুলিয়ে দিলো দিয়া৷
পাছে এটা কথা, সদায় খুণ্ডা খুন্দি লাগিলেওঁ এই দুয়ো কিন্তু লগ নেৰে৷ আমিও সদায় বেলনা আৰু মাৰি হৈ থাকিম দিয়া৷ সদায় একেলগে, নে কি কোৱা.......

- হ'ব দিয়া, পিছত কিন্তু এইডালৰ কোব খালেওঁ বেয়া নাপাবা দেই৷ মৰমতহে মাৰিম কিবা৷ এতিয়াই কৈ থলো দেই৷

লাজ লাজকৈ মিলিয়ে তাইৰ মুৰটো মোৰ কান্ধত পেলাই দিলে৷

:: ভতিম্ৰম::

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লক্ষীমপুৰ, কৰ্মসুত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসুত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেওঁ মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই চুটী লৈ আদিত্যই প্ৰায়েই লক্ষীমপুৰলৈ ঢাপলি মাৰে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাবে উভটি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷

এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু- বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লী যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো মৰহি উঠে৷

- অই অ'দি, কেতিয়াকৈ ঘূৰিবি?
- যাম ৰহ, খেদো খেদোকৈ আছ দেখোন তঁহতে?
- ক্লাৱলৈ আহিবিচোন এপাক৷ গোটেইবোৰকে পাবি আজি৷ বান সাহাৰ্য্যৰ মিটিং দিছো আজি৷

ল'ৰা- ছোৱালীবোৰৰ আগ্ৰহ দেখি আদিত্যৰ মনটো ভাল লাগি গ'ল৷ বানপীড়িত সকলৰ বাবে  সকলোৱে আন্তৰিকতাৰে চিন্তা কৰিছে, সকলোৱে যি পাৰে দান বৰঙণি দিছে৷ আদিত্যয়ো মোটা বৰঙণি এটা দিলে৷

- তঁহতে বস্তুবোৰ দিবলৈ দিয়াৰ দিনা ময়ো ওলাম দেই৷
- তই পাৰিবি জানো? আমি ভূঁৰ লৈ যাম৷ তোৰ অভ্যাস আছে জানো এতিয়া?
- কিয় নাথাকিব ভাই? সৰুৰে পৰা গাঁৱতে ডাঙৰ হ'লো৷
- ঠিক আছে ওলাবি তয়ো৷

ৰতন দা কাষতে বহি আছিল৷ তেওঁ মাত লগালে৷

- ই বস্তু বিলাবলৈ কিয় যাব লাগে? ক'ত ঠাইত চিকিৎসাৰ অভাৱত মানুহ মৰিব ধৰিছে৷ সিদিনা মোক ভবেশে ফোন কৰিছিল৷ সিঁহতৰ তাতে পানী শুকাল৷ এতিয়া গোটেই গাঁৱতে সকলোৰে বেমাৰ৷ ইয়াক অময়াপুৰলৈ পঠিয়াই দে৷

হৰ্ণৰ বাহিৰে সকলোবোৰ বাজি যোৱা বাছ এখনত মূৰ্গী, হাঁহ, ছাগলী সকলোৰে সৈতে সহাৱস্থান কৰি আদিত্যই যাত্ৰা আৰম্ভ কৰিলে৷ মনত অলপ অলপ স্বদেশৰ শ্বাহৰুখ খানৰ দৰে ফীল এটা৷ কোনোদিনে নাম নুশুনা অময়াপুৰলৈ কেনেকৈ যাব লাগে আদিত্যৰ কোনো ধাৰণা নাই৷ চন্দ্ৰপুৰলৈ সি বাট পথ চিনি পায়৷ তাতে বাছৰ পৰা নামি টেম্প'ত বাকীখিনি যাব লাগিব৷ স্থানীয় এন জি অ' এটাই ক্লাবঘৰ এটাত আদিত্যৰ থকা খোৱাৰ সুব্যৱস্থা কৰি থৈছে৷ আগুৱাই নিবলৈ ক্লাৱৰ চকীদাৰজন নিজে অহাৰ কথা৷

বাছ, টেম্প'ত হাইজাম্প, লংজাম্প, প'লভল্ট সমানে মাৰি মাৰি আদিত্য অময়াপুৰত উপস্থিত হ'ল৷ ৰতনদাই কোৱামতে ইয়াৰ পৰা ক্লাবলৈ অলপমান খোজকাঢ়ি যাব লাগিব৷ প্ৰায় আধাঘন্টামান সি অকলে থিয় হৈ থাকিল৷ তাক নিবলৈ অহা প্ৰাণীটোৰ শুংশুত্ৰই নাই৷ ঠাইৰ অৱস্থা দেখি সি গ'ল্ড ফ্লেকৰ আশা কেতিয়াবাই বাদ দিছে৷ এতিয়া চাধা এপালি হ'লেওঁ তাৰ কাম চলি যাব৷ পিছে নাই, ইমান ভাগ্য তাৰ নহ'ব যেন পাইছো৷ এতিয়া চকীদাৰটো আহি পালেই সি ৰক্ষা পৰে৷ গৈয়েই ঢেলপুঙা দিব লাগিব৷  অৱশেষত পৃথিৱীৰ সমস্ত দুখৰ বোজা কঢ়িয়াই এটা অদ্ভূত জীৱ আদিত্যক নিবলৈ উপস্থিত হ'ল৷ আৰম্ভ হ'ল নিজৰ বিশাল শৰীৰ আৰু দুটা বেগ লৈ এক যাত্ৰা৷

- চিগাৰেট ক'ত পাম অ' দাদা?
- নাজানো৷
- ৰাতিলৈ খানাৰ যোগাৰ কি? ভাল হাঁহ পালে নিজেই ৰান্ধি খালোহেঁতেন৷

বগা প্লেটত দুটুকুৰা হাঁহৰ মঙহ৷ কাষত ভডকাৰ গ্লাছটো৷ ফেচবুকত #hebangorheta হেচটেগ মাৰি দুৰ্দান্ত আপলোড এটা৷ অ'দিৰ বিস্তীৰ্ণ গোঁফৰ মাজেৰে মিহি হাঁহি এটা প্ৰকট হৈ পৰিল৷

- নাজানো৷

&*+-%₹#৷ মাংসৰ ৰঙটো মনত পৰাৰ লগে লগে ওলাই অহা লেলাৱতিখিনি চকীদাৰৰ 'নাজানো'ৰ উত্তৰত চলৌপকৈ গিলি থৈ তাৰ মনটো সেমেকি উঠিল৷

- ৰাতিপুৱা কেম্প কেইটাৰ পৰা আৰম্ভ?
- নাজানো৷

একেলগে তিনিপাতমান কাণতলীয়া শোধাবলৈ মন গ'ল আদিত্যৰ৷ কিন্তু পিঠিত দুটা গধুৰ বেগ লৈ প্ৰায় আধাঘন্টা খোজ কাঢ়ি বৰ্তমান আদিত্যৰ সেই শক্তি নাই৷ দুখী আত্মাৰ দুখবোৰো ইতিমধ্যে নোহোৱা হৈছে৷ "পেডেল মাৰি মাৰি" গুণগুণাই দুখী আত্মা আগবাঢ়িছে৷

ৰাতি সাতটামান বজাত আদিত্য গৈ ক্লাবঘৰটোত উপস্থিত হ'ল৷ ৱাহ ক্লাবৰ কি অৱস্থা! আঠুৱাবিহীন বিচনা এখন আদিত্যৰ বাবে যোগাৰ কৰি থোৱা হৈছে৷ লগত এক কাঁহী ভাত৷ আঠটামানতে ভাতখিনি খাই লৈ আদিত্যই শোৱাৰ যোঁজা কৰিলে৷ ক্লাবটোৰ ওচৰে পাঁজৰে একো নাই, ক'বলৈ গ'লে এক জয়াল পৰিবেশ৷ 'ব্লেকৰোজতকৈওঁ ক'লা এটা নিশা৷ সৰুৰে পৰা আদিত্যৰ সাহসী বুলি বন্ধুমহলত এক নাম আছে৷ গতিকেই এই পৰিবেশত ভয় লগাতকৈওঁ সি উপভোগহে কৰিছে৷  চকীদাৰ বলিয়া পানী খাই মেলি কোন কেতিয়াবাই পলাল৷ এতিয়া এই পৰিবেশত কেৱল আদিত্য, নেটৱৰ্ক নোহোৱা মবাইলটোত জুবিনৰ গান আৰু এসোপা আন্ধাৰ৷ আদিত্যই লাহেকৈ খিড়িকীখন খুলি দিলে৷

কিছু সময়ৰ পিছত আদিত্যই মন কৰিলে যে জুবিনৰ সুৰৰ লগে লগে অন্য এক মন মতলীয়া সুৰে কোঠাটোত গুনগুনণি তুলিছে৷ সুৰৰ উৎসটো বুজিব পৰালৈ ইতিমধ্যে বহুত পলম হৈ গ'ল৷ প্ৰায় লাখৰ হিচাপত মহ কোঠাটোত সোমাই আদিত্যক একেলগে আত্ৰমণ কৰিলে৷ বিশাল শৰীৰৰ এনেকুৱা দেহ সিহতেওঁ চাগে বহু বছৰৰ মুৰত পাইছে৷ হাত- ভৰি সমানে মাৰি পাঁচ মিনিটমান আদিত্যৰ মহ নিবাৰণী অভিযান চলিল৷ পিছে নাই, এই অচিনাকী ঠাইত খিড়িকী খোলা মুৰ্খামীটোৰ বাবে নিজৰ কপাল চপৰিয়াই থকাৰ বাহিৰে বেলেগ একো কৰিবলগীয়া নাই৷ "খা বেটাহঁত খা, এনেকৈ তেজৰ গৰম কমাই দে মোৰ৷ যাতে ভৱিষ্যতে এনে ভুল কৰাৰ আগত এশবাৰ ভাবো৷"

এঘন্টামান আদিত্যক ভৰপুৰ আক্ৰমণ কৰি মহকেইটাৰ উৎপাত নোহোৱা হ'ল৷ বোধহয় সিহঁতেওঁ বুফে পৰ্ব সমাপ্ত কৰি গেৰেলা পৰিল৷ ক্ষত বিক্ষত দেহ লৈ আদিত্য বিছনাত লাং খাই পৰিল৷ লাহে লাহে তাৰ আকৌ ভোক লাগি আহিছে৷ এইফালে খাবলৈ মিহিদানা এটাওঁ নাই৷ হে ভগৱান! মাত্ৰ দহটাহে বাজিছে দেখোন৷ আজি তাৰ ৰাতি বিপদ আছে৷ হাউ হাউকৈ তাৰ কান্দিবলৈ মন গ'ল৷

বিষে, ভোকে জৰ্জৰিত গৈ আদিত্য বিছনাত পৰি  আছে৷ চিলমিলকৈ টোপনি আহিব লওঁতেই দুৱাৰত কোনোবাৰ টোকৰ?
- কোন বে????
- চাৰ মই৷
- কোন মই?
- চাৰ মইহে, পেচেন্ট৷
- ধেই৷ কেম্প ৰাতিপুৱাৰ পৰাহে৷ পুৱা আহিব৷ এই ৰাতিখন মই পেচেন্ট নাচাওঁ৷
- চাৰ মই ৰাতিপুৱা আহিব নোৱাৰো৷ এতিয়াই চাওঁকনা৷
- নোৱাৰো কৈছোনে৷ নিজৰেই অৱস্থা নাই ₹%&*৷

কিছুসময় কাৰো মাত নাই৷ উফ শান্তি৷

- চাৰ প্লিজ৷

ইয়াক আজি!! একেটানে দৰজা খুলিলে আদিত্যই৷ আৰে বাহিৰত দেখোন কোনো নাই৷ কোনেনো এই ৰাতিখন কামুৰি আছে৷ দৰজা বন্ধ কৰি ঘূৰিবলৈ লওঁতেই আদিত্যই দেখিলে পেচেন্ট আদিত্যৰ বিছনাত বহি আছে৷
- চাৰ ভালনে???
- হাৰে কি মানুহ, আপুনি কোনফালেদি সোমালে?
- আপোনাৰ কাষলতিৰ তলেৰেই সোমালো চাৰ৷ মোৰ বৰ বেমাৰ৷ চাই দিয়কনা প্লিজ৷

টৰ্চটো মাৰিয়েই আদিত্য প্ৰায় বেহুঁচ৷ পেচেন্টে নিজৰ মুৰটো কোলাত লৈ বিচনাত বহি আছে৷ দেখিয়েই বিকট চিঞঁৰ এটা দি আদিত্যই খিড়িকীৰ বাহিৰলৈ জাপ দিলে৷ এই চকীদাৰে এবাৰটো ক'ব পাৰে যে খিড়িকীৰ বাহিৰত বোকাৰ পুখুৰী আছে৷ বোকাৰ প্ৰলেপ, পোক পতঙ্গ, পলিথিন, পকেটত এটা খালী মদৰ বটলেৰে আদিত্য উঠি আহিল৷ ইতিমধ্যে খিড়িকীৰে নোসোমোৱা এলেহুৱা মহকেইটা এইবাৰ জাগি উঠিল৷ এইকেইটাৰ কামোৰত মৰাতকৈ ভূতটোৰ লগত বহি থকাই ভাল৷ বগাই বগাই আকৌ সি খিড়িকীৰে ভিতৰ সোমাল৷ ভূতটোৱে ভিতৰত কান্দি কাটি অৱস্থা নাই৷ মুৰটোক হাত দুখনে যিমান পাৰে শান্তনা দি আছে৷  এইবাৰ আদিত্যৰ ভয়টো কমিল৷

এতিয়া ভূতটোলৈ অকনমান বেয়াওঁ লাগিব ধৰিছে৷ এনেওঁ এতিয়া ভূতটোতকৈ সি বেছি ভয়ানক ৰূপ লৈছে৷
- অই কান্দিছ কিয়?
- বিৰাট ভোক লাগিছে৷
- ভোক লাগিছে যদি কিবা নাখাৱ কিয়? মোৰো বিৰাট ভোক লাগিছে৷
নাই চাৰ, মই যি খাওঁ ডিঙিৰে গৈ পেট  নাপায়৷ আধাতেই সৰি মাটিত পৰি যায়৷

ভূতটোৱে আকৌ ভেঁ ভেঁ কৈ কান্দিবলৈ লাগিল৷
- চাৰ আপুনি মোৰ ডিঙিটো জোৰা লগাই দিয়কনা প্লিজ৷ আগতে ইয়াক এখন ডিচপেনচেৰী আছিল৷ তাক ডাক্টৰবোৰক কিমান ক'লো জোৰা লগাই দিবলৈ৷ কোনেওঁ নিদিলে৷ সকলো পলালহে৷ এতিয়া বহুবছৰ ধৰি গাঁৱত কোনো ডাক্টৰ নাই৷ আজি গধূলি আপোনাৰ হৃষ্টপুষ্ট চেহেৰাটো দেখি মনলৈ সাহস আহিছে৷ আপুনিয়েই মোৰ শেষ আশা৷ চাৰ……
- কিন্তু জোৰা লগাই দিলে দেখোন মানুহে তোক ভয়েই নকৰিব৷
- ভয় কৰিব নালাগে চাৰ৷ জাষ্ট খাব পৰা কৰি দিলেই হ'ল৷
- বাৰু,তঁহতে কি খাব অ'৷ মাছ- মাংস??
- না না, এইবোৰ মানুহে এনেই কয়৷ আমি কেৱল পোহৰ খাওঁ৷
- পোহৰ?? মানে?
- চন্দ্ৰৰ পোহৰ চাৰ৷ বেলিৰ পোহৰ খাবলৈটো দিনত ওলাবই নোৱাৰো৷
- কথাটো হয় পিছে৷ বাকী জুই, মমবাতি এইবোৰৰ পোহৰ?
- সেইবোৰ তামাম টেষ্টী৷ পিছে আজিকালি বাদ দিলো৷
- কিয়?
- সেইবোৰ ফাষ্টফুড৷ আচাৰ্যই খাবলৈ মানা কৰিছে৷ তথাপি ন'ন্ ভেজ বুলি কেতিয়াবা জোনাকী পৰুৱা চলি যায়৷
- ভালেই কৰিছ দে৷ পিছে পোহৰ চিধাচিধি খাই দিয়নে ৰন্ধা বঢ়াৰ নিয়ম আছে৷
- আছে আছে৷ ভাজি, সিদ্ধ, গ্ৰীল, ৰোষ্ট সকলো চিষ্টেম আছে৷ আজি গ্ৰীল কৰিছিল৷ চাওঁকচোন জোনটো কেনেকুৱা হালধীয়া হৈ আছে৷ কিন্তু মোৰ…

ভূতটোৱে আকৌ কান্দিবলৈ আৰম্ভ কৰিলে৷
- অই নাকান্দিবি৷ তোৰ মুৰটো চিলাই কৰি দিম আহ৷

লগে লগে মুৰটো ডিঙিৰ ওপৰত ফিট কৰি ভূত সাঁজু৷ ইতিমধ্যে আদিত্যৰ গাৰ বোকাবোৰ শুকাই কৰ্কৰীয়া হৈ পৰিছে৷ সেইবোৰক গুৰুত্ব নিদি বেজী সূতা লৈ আদিত্য কামত লাগিল৷

- অই সূতাদাল তোৰ গাৰ পৰা ওলাই আহে কিয়?
- মইযে অশৰীৰী৷ এই সুতাৰে কাম নহ'ব৷
- কাম নহ'ব যদি মোক কোৱা নাই কিয় আগতে৷ এনেই ৰাতিখন মাথা মাৰিলো৷
- চাৰ  প্লিজ!
- হেই কিহৰ প্লিজ৷ ক'ৰ পৰা তোৰ সূতা আনিম৷

গণি গণি আকৌ আধাঘন্টাৰ কন্দা কটা৷ টোপনিত আদিত্যৰ চকু টানি নিছে৷ হঠাৎ এটা আইদিয়া তাৰ মনলৈ আহিল৷
- অই তোৰ চাৰ্ট, পেন্ট, গামোচা যি আছে লৈ আহ৷ কিবা এটা মেনেজ কৰিম৷
- সেইবোৰ নাই চাৰ৷ লেঙটা হৈ ঘূৰাৰ মজাই বেলেগ৷ ন' চাৰ?
- ধুৰৰ… মই কি জানো আৰাম নে কি? আৰু শুন বাবা, মই চেষ্টাটো কৰিলোৱেই৷ নোৱাৰিলে কি কৰিম কচোন৷ কাইলৈ মোৰ বহুত কাম আছে৷ এতিয়া অলপ শুবলৈ দেছোন৷ ৰাতি টোপনিত কিজানি কিবা আইডিয়া আহেই৷

আমন জিমন কৈ আধাঘন্টামান উচুপি উচুপি শেষত ভূতটো বাহিৰলৈ ওলাই গ'ল৷ মহবোৰে আকৌ আক্ৰমণ কৰিব বুলি বোকাবোৰ গাত লৈয়েই আদিত্যই বাগৰ দিলে৷

গভীৰ টোপনিৰ মাজত আদিত্যই এটা কোৰাচ শুনা যেন পালে৷
"চাৰ… চাৰ… অ' চাৰ"…

খকমককৈ সাৰ পায় আদিত্যই যি দৃশ্য দেখিলে তাকে দেখি সি আগৰবাৰতকৈওঁ বিকট চিঞঁৰ এটা মাৰিলে৷ কিন্তু এইবাৰৰ চিঞঁৰটোত একো শব্দ নোলাল৷

বুঢ়া ডাঙৰীয়া, বীৰা, যক্ষ্য, বাঁক… আৰু ক'ত কি যে ভূত আহি তাৰ ৰুমটোত সোমাই আছে৷

- চাৰ আপুনি বোলে দিল্লীৰ পৰা অহা ডাক্টৰ৷ আমাৰ পোণাক ভাল কৰি দিয়ক চাৰ৷ ই বৰ কষ্টত আছে৷ ৰিকুৱেষ্ট চাৰ…

এই প্ৰকাণ্ড ভূতটোৰ মুখত অলকা য়াগনিকৰ দৰে মিঠা মাত শুনি আদিত্য তধা লাগি ৰৈ গৈছিল৷ আকৌ সন্মিলিত "চাৰ" টো শুনি তাৰ সম্বিত আহিল৷ ইহঁতৰ পৰা পলাই লাভ নাই৷ বুদ্ধিৰে নেখেদিলে গোটেই ৰাতি কামোৰ দি থাকিব৷
- চাওঁক ডাঙৰীয়াসকল, মইটো চেষ্টা কৰিলোৱেই৷ কিন্তু মোৰ বেজী সূতাই একো কামেই নিদিয়ে৷ কি কৰো কওঁক৷
- কিবা কৰক চাৰ……
- নহ'ব বুজিছেনে………

কথাখিনি কৈ কৈ আধাতে আদিত্য ৰৈ গ'ল৷
- ৰ'ব ৰ'ব, এটা বাম্পাৰ আইডিয়া পালো… বুঢ়া ডাঙৰীয়াৰ ধুতিৰ সূতাৰে কামটো হৈ যাব লাগে!

"হেই কি কৰ" বুলি ডাঙৰীয়াৰ বাক্যটো শেষ হোৱাৰ আগতেই ধুতি পিলিঙা ভূতৰ মুঠিত৷ বাঁকে নেফানেফকৈ ফালি লগে লগে সূতা সাঁজু কৰিয়েই দিলে৷ বুঢ়া ডাঙৰীয়াই তলমুৱা চকুৰে চোলাটোকেই যিমান পাৰে সিমাকন তললৈ টানি মেলি বিচনাৰ চুক এটাত শান্ত শিষ্ট হৈ বহি পৰিল৷

সূতা আহিল৷ পিছে নাই, কাম নহ'ল৷ এই অশৰিৰী সূতা আদিত্যৰ বেজীত নোসোমাই৷ ভাবি ভাবি আদিত্যৰ চকু পৰিল বাঁকৰ ওলাই অহা দাঁত দুটাত৷ লগে লগে সকলোৱে বাঁকৰ ফালে চালে৷
-  নহ'ব৷ একদম নহ'ব৷ দাঁত মই কোনোপধ্যেই বেজী কৰিবলৈ নিদিওঁ৷

মূহুৰ্ততে কোঠাটোত ভয়ঙ্কৰ হুলস্থুল এখন লাগি গ'ল৷ সকলোৰে লক্ষ্য বাঁকৰ দাঁত৷ হৈ চৈ, মাৰ ধৰ… কি যে এক পৰিবেশ৷ ফুটবল, বেচবল, হকী একো এৰা নাই এইকেইটাই৷
- চাৰ এইটো লওঁক৷

পিলিঙা ভূতে গৰ্বৰ হাঁহি এটা মাৰি দাঁতটো আদিত্যক গটালে৷
- ঐ পিলিঙা, এইটো সূতাৰ লগত টানকৈ বান্ধ৷

বেজী, সূতা সাঁজু৷ এইবাৰ বেমাৰী ভূতৰ মুৰটো গায়ব৷ মাৰ পিটৰ মাজতে সেইটো ক'ৰবাত হেৰাল৷ অৱশেষত বহুত বিছাৰ খোছাৰ কৰি কাৰোবাৰ গোৰত ফুটবল চিটিকাদি চিটিকি গৈ পুখুৰীৰ পাৰ পোৱা মুৰটোক তাৰ পৰা উঠাই অনা হ'ল৷

চিলাই পৰ্ব আৰম্ভ হ'ল৷ আদিত্যই বীৰাক লগাই দিছে চিলাই কৰিবলৈ৷ সি বুজাই গৈ আছে৷ বাপৰে তাৰ কি চিঞঁৰ! ৰক বেণ্ডবোৰে ইয়াক পালে কিমান টকাত চাইন কৰে ঠিক নাই৷ এই  মাজৰাতি ভূতক দিবলৈ এনাস্থেছিয়া নাই৷ কাণত আঙুলি দিয়েই চিঞঁৰ সহ্য কৰিব লাগিব আৰু৷

সফল অপাৰেচন৷ ফূৰ্তিত ভূতবোৰে কি কৰিব, কি নকৰিব অৱস্থা৷ আদিত্যক চুমা খাই ত'ত পোৱা নাই৷ আদিত্যই কোনোমতে ঘোষণা কৰিলে, "এসপ্তাহলৈ বেমাৰীয়ে কেৱল পোহৰৰ জুইচ্ খাব লাগিব"৷ ভজা-পোৰা, গ্ৰীল একদম বন্ধ৷

ভূতকেইটাৰ লগত লাহে লাহে জমি উঠিছিল৷ আড্ডা মাৰিবলৈ আদিত্যৰ খুব মন আছিল৷ পিছে এতিয়া সময় ৰাতিপুৱা চাৰি বাজি বিশ মিনিট৷ এতিয়া অলপ শুই নল'লে কেম্পত তাৰ বাৰ বাজি যাব৷
- প্ৰভূসকল মই অলপ শুই লওঁ নেকি? এতিয়াওঁ ভূত হোৱা নাই যে, গতিকে ৰাতি অলপ টোপনি মাৰিবলৈ নাপালে দিগদাৰ পাওঁ৷ কিন্তু আপোনালোকক কথা দিলো নিজে ভূত হোৱাৰ পিছদিনাই ইয়ালৈ আহি গোটেই ৰাতি পাৰ্টী কৰিম৷

কৃতজ্ঞতাত গদ্‌গদ হৈ গোটেইজাকে আকৌ দুটা দুটাকৈ চুমা দি আদিত্যৰ পৰা বিদায় ল'লে৷

বিচনাত পৰাৰ লগে লগে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল আদিত্য৷

নিদ্ৰাৰ অটল গহ্বৰৰ ভিতৰত সোমাই গৈ কোনোবাই যেন আকৌ আদিত্যক মাতিলে,
- চাৰ… অ' চাৰ৷

একে জাপে উঠিল আদিত্য৷ উফ ৰক্ষা, এইবাৰ ভূত নহয় চকীদাৰটোহে৷
- চাৰ আধাঘন্টা পিছত কেম্প আৰম্ভ হ'ব৷ আপুনি সাঁজু হওঁক৷ মই জলপানৰ যোগাৰ কৰিছো৷
উফ ৰক্ষা! নিজৰ হাত- ভৰিলৈ চকু দিলে আদিত্যই৷ ক'তো বোকাৰ দাগ নাই৷ নিজৰ ওপৰতে বিৰাট হাঁহি উঠিল তাৰ৷ ধেই কি কি যে সপোন দেখিলে গোটেই ৰাতি!

হাঁহি হাঁহি হঠাৎ আদিত্যৰ হাঁহি একেবাৰতে বন্ধ হৈ গ'ল৷ ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে এক অদ্ভূত অবয়বে তেল তেলকৈ আদিত্যলৈ চাই আছে৷

মাত্ৰ আধা চেকেণ্ড৷ এটা বিকট চিঞঁৰ মাৰি খিড়িকীৰে একে সময়তে হাইজাম্প, লং জাম্প দুয়োটাই মাৰিলে আদিত্যই৷ বোকাত পৰাৰ ঠিক এটা মূহুৰ্তৰ আগতে তাৰ মনলৈ আহিল……

ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে তাক তেল তেলকৈ চাই থকা প্ৰাণীটো বেলেগ একো নাছিল৷ সেয়া আছিল দেৱালত ওলমি থকা আয়নাত জিলিকি উঠা গোটেই ৰাতি মহৰ অত্যাচাৰত শুব নোপোৱা ডাক্টৰ আদিত্য বৰুৱাৰ নিজৰেই মুখ!!