Sunday 29 December 2013

আমেৰিকান হোৱাৰ আনন্দ




ম্যাকড'নাল্ডৰ খাদ্যৰ সৈতে মোৰ প্ৰথম পৰিচয় মুম্বাইত৷ কে এফ চি, চাব ৱে, চি চি ডি ইত্যাদিৰ অন্দৰমহলৰ দৰ্শনো প্ৰথম মুম্বাইতেই হ'ল৷ অৱশ্যে জীৱনত প্ৰথম ম্যাকড'নাল্ড দেখিছিলো কলিকতাত৷

কলেজৰ চুড়ান্ত পৰীক্ষা শেষ হৈছিল, য়াহু মেছেঞ্জাৰ, অৰকুটতকৈ নৌকৰি ডট কম,টাইমছ জব ডট কমত বেছি সময় কটোৱাৰ বয়স হৈছিল তেতিয়া৷ তেনে এটা দিনতেই বৰ্তমান চাকৰি কৰি থকা প্ৰতিষ্ঠানটোৰ পৰা ইন্টাৰভিউৰ খবৰ আহিল, কলিকতাত ইন্টাৰভিউ৷ সেই সময়ত ইন্টাৰভিউ বুলিলে আটাইতকৈ ভয় লাগে ইংৰাজীলৈ৷ কলেজৰ চেমিনাৰবোৰত কিবা কিবি কৰি কাম চলাই নিছিলো৷ কিন্তু ইন্টাৰভিউতটো সেই অনা নেচেল৷ ইন্টাৰভিউৰ দিনা মগজুত থকা ইংৰাজীৰ সমস্ত জ্ঞান একত্ৰিত কৰি ইংৰাজীত কোনোমতে কথা কৈ সেইবাৰলৈ দুৰ্গ ৰক্ষা কৰিলোঁ৷

ইন্টাৰভিউ শেষ কৰিয়েই মেট্ৰ'ত উঠি ৰাওনা দিলো পাৰ্ক স্ট্ৰিটলৈ৷ স্কুলীয়া বন্ধু চিন্ময়ে তাতে থকা মিউজিক ৱৰ্ল্ডৰ সন্মূখত ৰৈ থাকিবলৈ কৈছে, তাৰ পিছত আমি কলিকতা ফুৰিবলৈ যাম৷ ভৰসা দেউতাই দি পঠিওৱা টকা দুই হাজাৰ, ইতিমধ্যে চাৰিশমান শেষেই৷ মিউজিক ৱৰ্ল্ডৰ সন্মুখত ৰৈ থাকোতেই হঠাৎ সন্মুখত দেখিলো ম্যাকড'নাল্ড৷ স্বয়ং ব্ৰহ্মা মোৰ সন্মুখত বৰ দিবলৈ হাজিৰ হ'লেও চাগে মই ইমান আনন্দ নাপালোঁ হেতেন ৷ একে দৌৰে ৰাস্তা পাৰ হৈ তাতে সোমালোগৈ৷ সোমায়েই দেখো এক সপোনপুৰী, ডেকা-বুঢ়া সকলোৱে গাত গা লগাই বিভিন্ন খাদ্যৰ সোৱাদ লোৱাত ব্যস্ত৷ সৰু ল'ৰা ছোৱলীবোৰে 'এম' লিখা থকা বেলুনবোৰেৰে খেলি আছে৷ কাউন্টাৰলৈ গৈ দেখিলো মোটামুটি লাইন এটা ইতিমধ্যে গঢ় লৈ উঠিছে৷ সমস্যাটো হ'ল তাতেই, ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষই ইংৰাজীত বাণ নিক্ষেপ কৰাত ব্যস্ত৷ আৰু ইংৰাজীও কি ইংৰাজী, আমি তেনেকৈ ক'লে জিভা যে মোচোকা খাব সেয়া নিশ্চিত৷ যি হয় হ'ব বুলি মৰণত শৰণ দি লাইনত থিয় দিলো৷ দেউতাই দিয়া টকাৰেই ৰাতি হোটেলত থাকি পিছদিনা ঘুৰিবও লাগিব৷ গতিকে ওপৰৰ স্ক্ৰীনত কমদামী খাদ্যৰ সন্ধানত চকু পিটপিটাবলৈ ধৰিলো৷ যথা সময়ত মোৰ নম্বৰ আহিল৷ মৰণত শৰণ দি একেবাৰে চাহাবী ষ্টাইলত ক'লো,

- ওৱান ম্যাকচিকেন প্লিজ৷

উত্তৰত সেইফালৰ পৰা ছোৱালীজনীয়ে কিবা কিবি ক'লে, একো নুবুজিলো পিছে৷ বঙালী জিভাত আমেৰিকান ইংৰাজী, ক'তনো বুজিম আৰু৷ তায়ো চাগে মোৰ অৱস্থাটো বুজিলে৷ গতিকে এইবাৰ পুনৰ হিন্দীতেই আৰম্ভ কৰিলে,

-চৰি চাৰ, ম্যাকচিকেন অভি নহী মিলেগা৷ ডু ইউ ৱান্ট টু হেভ ছামথিং এলচ্৷

ভগ্ন হৃদয়েৰে আকৌ এবাৰ মেনুখনলৈ চকু ফুৰালো৷ এইফালে জীৱনত প্ৰথমবাৰলৈ কোনোবাই চাৰ বুলি মতাৰ সুখ, আনফালে বাজেট নিলাব নোৱাৰাৰ দুখ৷ 'নো থেংক ইউ' বুলি কৈ গভীৰ বেদনাৰে তাৰ পৰা ওলাই আহিলো৷

ইতিমধ্যে চিন্ময় আহি পাইছিল৷ ম্যাকড'নাল্ডে অন্তৰত সৃষ্টি কৰা বেদনা ওচৰৰে কুসুম ৰোল কৰ্ণাৰত ডাবল চিকেন ৰোল এটা খাই শান্ত কৰিবলৈ বৃথা চেষ্টা কৰিলো৷

ঘটনাৰ পৰৱৰ্তী স্থান মুম্বাইত৷ কলিকতাত ইন্টাৰভিউ দিয়া চাকৰিটো পালো, মুম্বাইত আহিছোঁ এসপ্তাহৰ ট্ৰেইনিং কৰিবলৈ৷ এইবাৰ কিন্তু আগৰ সেই দৰিদ্ৰ মইজন নাই৷ কোম্পানীয়ে বেংক একাউন্ট খুলি দিছে (তাৰ আগলৈ নাছিল দেই), এডভান্স হিচাপে পছিশ হাজাৰ টকা একাউন্টত দি দিছে, বিলাসী হোটেলত ৰুম বুক কৰি দিছে৷ হোটেলৰ বিছনাত শুলে অতি কমেও পাঁচ ইঞ্চিমান ভিতৰলৈ সোমাই যাওঁ, জীৱনত প্ৰথম এচি ৰুমত আছো৷ স্বৰ্গ কেনেকুৱা হ'ব পাৰে এক থুলমুল ধাৰণা মই পাই গলো৷

প্ৰথমদিনা ৰাতিপুৱা ট্ৰেইনিং কৰিবলৈ যাওতে হোটেলৰ ওচৰত ম্যাকড'নাল্ড এখন দেখি গৈছিলো৷ এইবাৰ ৰক্ষা নাই, ঘুৰি আহোতে বাহিৰে বাহিৰে তাতেই সোমালো৷ ইতিমধ্যে বাটে ঘাটে ইংৰাজী কব পৰা হৈছো৷ কাউন্টাৰ খালী আছিল, গৈয়েই তিনিজনমানৰ খোৱাৰ অৰ্ডাৰ দিলো৷ ইতিমধ্যে মেনু দেখি জিভাৰ পানী পৰে আৰু৷ হঠাৎ তাৰে কৰ্মচাৰীজনৰ মাতত সম্বিত ঘুৰি আহিল৷

- ডাইনিং অ'ৰ পেকিং চাৰ?

এতিয়া তাক ডাইনিং বুলিনো কওঁ কেনেকৈ, অতি কমেও তিনি জনৰ খাদ্য৷ ধুনীয়াকৈ বুজাই দিলো যে ওৱান পাৰ্ট ডাইনিং এণ্ড ৰেষ্ট টু পাৰ্ট পেকিং৷ ভতিজা দুটাই যে ম্যাকড'নাল্ড নহলে ভাতেই নাখাই তাকো ক'লো তাক৷ সি কিবা চাবলৈ যাবনে মোৰ ভতিজা?

ডাইনিং পাৰ্ট টেটুৰ গুৰিলৈকে খালো৷ অপূৰ্ব সোৱাদ৷ জীৱনত কি মিচ কৰি আছিলো ইয়াত নোসোমালে গমেই নাপালোহেতেন৷ উগাৰ এটা মাৰি পেকিং খিনি লৈ হোটেললৈ খোজ ললো৷ তাৰ পৰা ওলাই দুই খোজমান আহি পেকিংখিনিত হাত ভৰালো, এটা ম্যাকচিকেন উঠি আহিল৷ বাচা, কলিকতাত তই বৰ দুখ দিলি, কত সাৰিবি এইবাৰ৷ মোকোৰা মোকোৰ কামোৰ বহাই হোটেললৈ পদব্ৰজে ৰাওনা দিলো৷

হোটেল সোমাই গম পালো আমাৰ খোৱাৰ বাবে বোলে একো টকা দিব নালাগে, মানে বিল টু কোম্পানী৷ হে ভগবান মোক একেদিনাই ইমান সুখ কিয় দিছা৷ লৰালৰিকৈ পেকিংৰ বাকীখিনি শেষ কৰি টয়লেটলৈ গৈ পেট খালী কৰি ডাইনিং ৰুমলৈ খোজ ললো৷

পিছৰ দুদিন অফিচৰ গাড়ীৰে হোটেল অনা নিয়া কৰা বাবে ম্যাকড'নাল্ড যোৱাৰ সুবিধা পোৱা নাই৷ সুযোগ ওলাল ৰবিবাৰে৷ আমি গোটেইকেইজন প্ৰশিক্ষাৰ্থী মুম্বাই দৰ্শনত ওলালো৷ বাকীকেইজনে মুম্বাই চালে, মই আৰু গাজিয়াবাদৰ ৰাজীবে ধাহি মুহি কে.এফ.চি, ছাব ৱে আদিত আক্ৰমণ চলালো৷ বিশ্বাস কৰক বা নকৰক, আমি বিদেশী খাদ্যৰ ওপৰত কৰা সেই আক্ৰমণ লাডেনে কৰা আক্ৰমণতকৈ কোনো গুণে কম নাছিল৷ কোনো এৰা ভকত নহয়, দুয়ো সমানে খালো, আনকি গধুলি দুয়ো লোমোফেন টেবলেট দুটাও একেলগেই খাব লগা হ'ল৷

ট্ৰেইনিং শেষ কৰি গুৱাহাটীত কৰ্মজীৱন আৰম্ভ কৰিলো৷ ইতিমধ্য মুম্বাইত অৰ্ধ আমেৰিকান হৈছিলো৷ গুৱাহাটীৰ ম'ম ঘৰ,জে ১৪ত আগৰ মজা নোপোৱা হ'লো, লাড়ু,পিঠা কৰবাতে ৰ'ল৷ কে এফ চি নাই, ম্যাক ডি নাই, কি যে ঠাইত জন্ম ললো নহয়৷

পৰৱৰ্তী কালত কলিকতা, মুম্বাইলৈ গলেই আকৌ আমেৰিকান হৈ পৰো৷ এনেকৈ কিছুু বছৰ চলিল৷ এদিন অফিচৰ কামত পানবজাৰ গৈ আছিলো৷ হঠাৎ অকল্পনীয় কিবা এটা দেখি বুকুখন কিবা কিবি লাগি গ'ল৷ কৃষ্ণ, এইখন দেখোন কে এফ চি৷ লগে লগে গাড়ী ৰখাই দৌৰ দিলো৷ ইতিমধ্যে ৰখীয়াজন চাগে উত্তৰ দি দি হায়ৰাণ হৈছিল৷ মই কিবা সোধাৰ আগতেই ক'লে,
- আৰু বিশ পচিশ দিন পিছত আহক৷

তাৰ পিছত আলেঙে আলেঙে খবৰ লৈ থাকো৷ যিদিনা মুকলি হ'ব বুলি গম পালো সেইদিনা হাজিৰ হৈ দেখো পৰিস্থিতি বিষম৷ গ্ৰাহকৰ লাইন ৰাজপথ পাইছেহি৷ লাইন পাতিবলৈচোন কিবা লাজ লাগিল, মইটো আগতে কে এফ চিত খাই নোপোৱা নহয় কিবা৷ মানুহবোৰৰ কাম নাই আৰু৷ অফিছৰ পিয়নটোক মাতি আনি লাইনত লগাই দিলো, পেকিং কৰি নিম আকৌ৷ ফটোখন পিছে লগে লগে উঠি থলো৷ ফেচবুকত আপলোড কৰিব লাগিল নহয়৷

চাৰিমাহমান পিছত কোনোমতে ভিৰ কমিল৷ এদিন গলো৷ দুৱাৰ খন খুলি সোমাবলৈ নাপাওতেই তিনিজনীমানে একেলগে কাউন্টাৰৰ পৰা 'হাই' দিলে৷ হাই ও একেবাৰে ভয়ঙ্কৰ হাই, কোনোবাটো নলবৰীয়া, কোনোবাটো বৰপেটীয়া, আকৌ কোনোবাটো যোৰহটীয়া হাই৷ আমেৰিকাৰ এই আগ্ৰাসনটো যে তেওঁলোকে অসমীয়া হাই এটা আৱিষ্কাৰ কৰি উলিয়াইছে দেখি বৰ ভাল লাগিল৷ একেবাৰে ঘৰৰ ছোৱালীযেন লাগিল৷ নিজৰ ঠাই, অসমীয়াতেই অৰ্ডাৰ দিলো, খালো৷ অলপ কমকৈ ভজা গল চাগে৷ একো নাই ঘৰৰে দোকান৷ বৰ্মনৰ দোকানৰ চিঙৰাৰ দৰে জ্বলাই পেলোৱা নাই নহয়৷

এতিয়া কে এফ চি বাঢ়ি বাঢ়ি তিনিখন হ'লগৈ, গনেশগুৰিত ডুপ্লিকেট এখনো হ'ল৷ এতিয়া আৰু আমেৰিকান হ'বলৈ মুম্বাই, কলিকতা যোৱাৰ দৰকাৰ নাই, বিকশিত অসমত কে এফ চি, চিচিডি,ছাব ৱে,পিজ্জা হাট সকলো পোৱা যায়৷ যিসকলে অসমৰ উন্নতি হোৱা নাই বুলি কৈ থাকে তেওঁলোকক পাচ কিলোমিটাৰ মানৰ ভিতৰত থকা তিনিখন কে এফ চি দেখুৱাই দিলেই হ'ল৷ অসমক বঞ্ছনা কৰা হ'লে অসমবাসীক আমেৰিকাৰ সুখ দিয়েনে কিবা৷ হাঁহিৰাম কাইটিয়ে অসমক বিদেশৰ লেখীয়া কৰিবলৈ কম যত্ন কৰিছেনে, বিদেশী বোৱাৰী পৰ্যন্ত আনি দিছে৷ তথাপি আমি চকুচৰহাবোৰৰ পৰা শান্তি নাই৷ জানো নহয়, এইবোৰ সকলো বিসম্বাদীৰ চাল৷

হাঁহিৰাম কাইটি থকালৈ আমাৰ চিন্তা নাই, কে এফ চি, চি চি ডি আদিৰে অসম ভৰি পৰিব৷ পিছে কাইটিৰো বয়স হৈ অহা বাবেহে চিন্তা হৈছে৷ পোৱালী গগৈকো দেখোন কাইটিয়ে হাল বোৱাতহে লগালে৷ এইফালে খেতিয়ক গগৈও অনশন,ধৰ্ণাত ব্যস্ত৷ ডড়ীয়া প্ৰভূ সকলো তেৰ বছৰ ধৰি ভোকত আছে, সুযোগ পালে নিজেহে আগতে খাই ল'ব৷ শৰ্মাদাই সুযোগ পালেতো গোটেইবোৰ মধ্যাহ্ন ভোজনতে শেষ কৰিব৷ তেনেহ'লে বুল কাইটি? নাই নাই, তেওঁ সুবিধা পালে কে এফ চি খন কে এফ আৰ কৰি পেলাব৷ এনেও খৰ্গ কাটি নিয়াৰ পিছত মাংসখিনি এনেয়েহে থাকে৷
অ পাহৰিছিলোৱেই দেখোন, ৰাইজে দিল্লীৰ পৰা আম আদমীক অসমলৈ আনিবলৈ মন মেলিছে নহয়৷ লগতে পাৰিলে কেজৰিৱালক কৈ মেলি 'ম্যাকড'নাল্ড' এখনো আনিবহে৷ সেইখিনি কৃপা কৰিলে আমাৰ দৰে 'হঠাৎ আমেৰিকান'বোৰৰ ভোটকেইটা নিশ্চয় পাব৷

Tuesday 24 December 2013

ধুম-৩ চালো




প্ৰায় এবছৰৰ মুৰত আজি চিনেমাহলত ভৰি দিলোগৈ৷ উদ্দেশ্য, য়শ চোপ্ৰা ৰোজগাৰ যোজনাৰ অন্তৰ্গত ধুম-৩ খন চাই অভিষেক বচ্চন আৰু উদয় চোপ্ৰাক উদগণি দিয়া আৰু লগতে নিশ্চয়কৈ আমীৰ খানক এক নতুন ৰুপত চোৱা৷

চিনেমাখনৰ আৰম্ভণিৰ দৃশ্যতেই জেকী শ্ৰফক আমীৰ খানৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা দেখি বুকুখন মোচৰ খাই উঠিল৷ ৰংগীলাৰ জেকী-আমীৰ যুটিলৈ মনত পৰি গ'ল৷ বলীউডৰ খান কেইজনৰ বাদে বয়স যে কাৰো বাবে ৰৈ নাথাকে সেয়া আকৌ এবাৰ বুজিলো৷

আগৰ ধুম কেইখন চোৱাৰ অভিজ্ঞতা আছিল বাবে মই বিশেষ একো ঘটনা আশা কৰা নাছিলো৷ ধুম ছিৰিজ সদায়েই ষ্টান্ট আৰু ভিলেইন পাৱাৰৰ বাবে জনপ্ৰিয়৷ জন আব্ৰাহাম, হৃত্বিকৰ পিছত সকলোৱে আমীৰ খানৰ বাবে আগ্ৰহেৰে বাট চাই আছিল৷ কেইটামান ডান্স ষ্টেপ আৰু কাটৰিনাৰ লগত থকা পেনপেনীয়া প্ৰেমৰ দৃশ্য এটা বাদ দি আমীৰে নিৰাশ নকৰিলে৷ কিন্তু এইখন চাগে আমীৰৰ একমাত্ৰ চিনেমা যিখনত মই তেওঁৰ অভিনয়তকৈ ষ্টাণ্টবোৰ চাই বেছি ভাল পালো৷

বাইক ষ্টাণ্ট, বিশেষ এফেক্ট আদিবোৰ এতিয়ালৈ মই দেখা সামসাময়িক হিন্দী চিনেমাবোৰৰ ভিতৰত শ্ৰেষ্ঠ তিনিখনমানৰ ভিতৰতে পৰিব বুলি মোৰ ধাৰণা৷

চিনেমাখনত এনেকুৱা কিছুমান দৃশ্য আছে য'ত যুক্তিৰ কোনো স্থান নাই৷ যুক্তিবাদী মন এটা লৈ এইখন চিনেমা চাবলৈ গ'লে আপুনি নিৰাশ হোৱাটো খাটাং৷ তেনেকুৱা দৃশ্য দুটামান ইয়াত লিখিবলৈ মন থকা স্বত্তেও চাবলৈ পাং পাতি থকাসকলৰ আগ্ৰহ কমি যাব বুলি লিখাৰ পৰা বিৰত থাকিলো৷ তথাপি শেষৰ দৃশ্যটোত চিকাগো পুলিচৰ কমাণ্ডোসকলে বেলেগ বেলেগ ডিজাইনৰ পেন্ট পিন্ধা দৃশ্যটো একেবাৰে বৰ হজম নহ'ল৷

নিসন্দেহে আমীৰ খান চিনেমাখনৰ মুখ্য আকৰ্ষণ৷ হয়তো এইখন চিনেমাৰ শ্বুটিংৰ বাবে তেওঁ বহুত কষ্ট কৰিছে, তথাপি অভিনয়ৰ ফালৰ পৰা চাবলৈ গলে এইখন তেওঁৰ শ্ৰেষ্ঠ চিনেমাৰ শাৰীত নপৰিব চাগে৷ আমীৰ খানক দিব লগা পাৰিশ্ৰমিক খিনি দিবলৈ আদায় কৰিবলৈ প্ৰযোজকে অভিষেকৰ পত্নী/প্ৰেমিকাৰ চৰিত্ৰ, কাটৰিনাৰ কাপোৰ কানি, কামাণ্ডোৰ পেন্ট আদি সকলোতে কম্প্ৰমাইজ কৰা যেন ভাব হ'ল৷ অভিষেক, উদয় চোপ্ৰাই কেনেকুৱা অভিনয় কৰিব ৰাইজে আগতেই জানে, এজনৰ মুখৰ কোনো অভিব্যক্তি নায়েই, এজনৰ আকৌ দৰকাৰতকৈ বেছি কেৰিকেছাৰ৷ কাটৰিনা হিৰোইন নে আইটেম গাৰ্ল আছিল সেয়া মোৰ বাবে অস্পষ্ট হৈ ৰ'ল৷

চিনেমাখনত ঘটনা বুলিবলৈ বিশেষ একো নাপালো৷ তথাপি যি যৎসামান্য ঘটনা আছে তাকে ইয়াত কৈ চাবলৈ পাঙি থকা সকলৰ আশাত এই মৰ ঠাণ্ডাত পানী ঢালিব বিছৰা নাই৷ গতিকে ঘটনা বা টুইষ্ট সন্দৰ্ভত সম্পুৰ্ণ নিমাত হৈ ৰলো৷ মোৰ ব্যক্তিগত মতামত অনুসৰি সৰ্বোচ্চ দুশ টকামানৰ (টিকট ১০০ টকা + বাকী ১০০ টকা পপকৰ্ণ, পেপচি আদিত) ভিতৰত মিলাব পাৰিলে ধুম-৩ খন সকলোৱে এবাৰ চোৱা উচিত,বিশেষকৈ যিসকলে মোৰ দৰে হলীউডৰ চিনেমাৰ ফৰফৰীয়া ইংৰাজী বুজি নাপায় হিন্দী চিনেমাতেই সন্তুষ্ট হৈ থাকে৷ এই টকাখিনিৰ ১৭৫ টকামান আমীৰ খানেই ৱচুল কৰি দিব৷

Thursday 19 December 2013

নৱবৰ্ষৰ উপহাৰ




 নৱবৰ্ষ সমাগত৷ ইতিমধ্যে নৱবৰ্ষ বা প্ৰচলিত ভাষাত হেপ্পী নিউ ইয়েৰৰ ঢৌৱে ৰাইজক চুই গৈছেই৷ থাৰ্টী ফাষ্ট পাৰ্টী ক'ত হ'ব, খাহী ক'ৰ পৰা আনিব, ফুৰ্তিপানী খানাপাৰাৰ পৰা আনিবনে নাই, গাহৰি ফ্ৰাই হ'ব নে লাই শাকৰ লগত হ'ব সেইবোৰ যোগাৰত ৰাইজ ব্যস্ত৷ ইতিমধ্যে পিকনিকবোৰে চাৰিওফালে আনন্দৰ নিজৰা বোৱাইছে৷ মুঠৰ ওপৰত ৰাইজ নতুন বছৰৰ বাবে টঙালি বান্ধি সাজু৷

নতুন বছৰ অহাৰ লগে লগে সাধাৰণতে দুই ধৰণৰ মানুহ দেখা যায়৷ 'মোক এটা যেনেতেনে দিবদেই৷ ল'ৰা/ছোৱালী/আমুক/নিজৰ ইত্যাদি ইত্যাদিৰ বাবে লাগে'-- এয়া হৈছে প্ৰথমটো গোটৰ মানুহৰ ভাষ্য৷ 'পালে নিশ্চয় দিম, ৰাখি কিনো কৰিম মই৷ আগতে কিমান পাইছিলো হিচাপেই নাই৷ আছলতে আজিকালি আগৰ দৰে ইমান নাপাও'-- এয়া দ্বিতীয় গোটৰ ভাষ্য৷

প্ৰায় সকলোৰে আকাঙ্খিত এই বস্তুটো হৈছে ডায়েৰী৷ সাধাৰণভাবে ক'বলৈ গলে দৈনন্দিন কাৰ্য্যক্ৰমনিকা নিয়মিত ৰুপে লিপিবদ্ধ কৰা কাৰ্য্যকেই ডায়েৰী বা দিনলিপি বুলি কোৱা হয়৷ দৈনিক ব্যৱসায়িক তথ্য লিপিবদ্ধ কৰা কাৰ্য্যকো ডায়েৰী লিখা বুলিয়েই কোৱা হয় যদিও সাধাৰণতে আমি ডায়েৰী লিখা বুলিলে ব্যক্তিগত দিনলিপিকে বুজো৷

আকৌ ঘুৰি আহিছো, নৱবৰ্ষৰ উপহাৰ এই ডায়েৰীলৈ৷ ডায়েৰী বিছাৰি চাৰিওফালে ঘুৰি ফুৰাসকলৰ এক নগন্যসংখ্যকেহে চাগে ডায়েৰী প্ৰকৃত উদ্দেশ্যত ব্যৱহাৰ কৰে৷ ডাযেৰী যোগাৰ কৰা তেওঁলোকৰ হবি৷ আকৌ যিসকলে দিম বুলি চাৰিওফালে কৈ থয়, ধুনীয়া ধুনীয়া ডায়েৰীবোৰ দিয়াৰ সময়ত তেওঁলোকে কলিজা ফালি ডায়েৰী উলিয়াই দিয়ে যেন ভাব হয় কেতিয়াবা৷ সাধাৰণতে দাতা সকলে বিলাবলৈ লওতে তেওঁলোকে তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰি কোনজন মানুহক কোনখন ডায়েৰী দিয়া হ'ব সেয়া নিৰ্ণয় কৰে ৷ এইকেইটা হৈছে:

১) চকচকীয়া ডায়েৰী৷ আকাৰত ডাঙৰ, সোণালী চিয়াহীৰ চিকমিকনি, চামৰাৰে বন্ধা, চমৎকাৰ দিজাইন: সাধাৰণতে এনেকুৱা ডায়েৰী অতি গুৰুত্বপূৰ্ণ মানুহক দিয়া হয়৷ তৈলমৰ্দন কৰিবলৈ এনেকুৱা ডায়েৰী অতি দৰকাৰী৷ শহুৰ, ওপৰৱালা, গুৰুত্বপুৰ্ণ গ্ৰাহক, থানাৰ অচিৰ পত্নী,বাবা-মাইনাৰ স্কুলৰ মিছ আদিয়ে সাধাৰণতে এনেকুৱা ডায়েৰী উপহাৰ হিচাপে পায়৷

২) মধ্যমীয়া ডায়েৰী: ৰেক্সিনৰ বেটুপাত, সাধাৰণ পাত, দুৰ্বল চিলাই আদি এই ডায়েৰীৰ বৈশিষ্ট৷ সাধাৰণতে এইবোৰ ডায়েৰী এনেকুৱা লোকক দিয়া হয় যিসকলে ডায়েৰী পোৱাৰ পিছত মিচিকিয়া হাঁহি এটা মাৰি কয়, 'হেঃ হেঃ, নিদিলেও হ'লহেতেন৷ এনেই কষ্ট কৰিলে'৷ আছলতে এইষাৰ কথা তেওঁলোকে ডায়েৰীখনৰ ৰুপ দেখি দুখতহে কয়৷ চেলচ টেক্স অফিছৰ কেৰাণীজন, বাকী খোৱা দোকানৰ মালিক, ওচৰ চুবুৰীয়া আদিৰ ভাগ্যত এনেকুৱা ডায়েৰী পৰে৷

৩) নিকৃষ্ট ডায়েৰী: এটা পৃষ্ঠাতে তিনিদিনৰ বিৱৰণ লিখিব পৰা, আকাৰত সৰু, সোলোক ঢোলোক চিলাই আদি এই ডায়েৰীৰ বৈশিষ্ট৷ সাধাৰণতে অফিচৰ পিয়ন, পান দোকানী, ৰিটায়াৰ্ড খুড়া, ভেন্সাৰ স্কুলৰ মাষ্টৰ, ডায়েৰী বিছাৰি অক্টোবৰ মাহৰ পৰা বজ্ৰকামোৰ দিয়াসকল আদিৰ ভাগ্যত সাধাৰণতে এনেকুৱা ডায়েৰী পৰে৷

ডায়েৰী দান কৰাবোৰৰ কথা শেষ হ'ল বাৰু৷ এতিয়া ডায়েৰী উপহাৰ হিচাপে পোৱাবোৰৰ কথালৈ আহো৷ সাধাৰণতে ডায়েৰী পোৱাৰ পিছত পোৱাসকলে কৰা কাণ্ড কাৰখানবোৰ এনে ধৰণৰ:

যদিহে এখনতকৈ বেছি ডায়েৰী পাইছে তেন্তে প্ৰথম কাম হ'ব বাছি বাছি ভাল খন হাতত লোৱা৷ দ্বিতীয় কাম হ'ব হাতত লৈয়েই প্ৰথম নিজৰ নাম, ঠিকনা, ঘৰৰ আৰু নিজৰ ফোন নম্বৰ, নিজৰ ব্লাড গ্ৰুপ পৰ্য্যন্ত লিখি পেলোৱা৷ তাৰ পিছত দিল্লী, মুম্বাই আদিৰ মানচিত্ৰ কেইখন চাই ভূগোলৰ জ্ঞান বৃদ্ধি কৰা হয়৷ তাৰ পিছত এছ টি ডি, আই এছ ডি কোডবোৰ চাই সময় পাৰ কৰা৷ তাৰ পিছৰ পৰ্য্যায়ত আহে নতুন বছৰৰ কেলেণ্ডাৰখন চাই বন্ধৰ তালিকাখনত চকু ফুৰোৱা, কোনবোৰ বন্ধ ৰবিবাৰে খালে সেয়া চকু ফুৰোৱা৷

এইবাৰ কি কৰা যায়? পকেট মাহৰ দহ তাৰিখে খালী হৈ গলে কি হ'ল, ইনকাম টেক্স স্লেব কেইটা এবাৰ চকু নুফুৰালে হ'ব জানো? গতিকে এবাৰ কেলকুলেটৰটো লৈ কিমান টেক্সৰ বিষয়ে এটা হিচাপ কৰা হয়৷

সকলো কৰি শেষ, এইবাৰহে আছল কামটোলৈ আহিব লাগিল৷ ডায়েৰীখন টো পালে, এতিয়া এইখনেৰে কৰে কি? হাতত এটম বোমাৰ ৰিমট পালেও চাগে ইমান চিন্তা কৰিবলগীয়া নহয়৷ কি জ্বালা৷

ডায়েৰীকেই লিখা যাওক নেকি? প্ৰায় প্ৰতি বছৰেই মাঘ বিহুৰ সময়ত লিখিবলৈ আৰম্ভ কৰি গণতন্ত্ৰ দিৱস মানত এই কাৰ্য্যৰ ইতি পেলোৱা হয়৷ তাৰ পিছত কি কৰা যায়? হায় কি সমস্যা৷ অফিচৰ কামৰ নিয়মিত কামৰ হিচাপ ৰখা যাওক নেকি? চতুৰ্থ শ্ৰেণীত থাকোতে বাইদেৱে কৈছিল মই হেনো চেষ্টা কৰিলে ভাল কবি হ'ব পাৰিম৷ চেষ্টা কৰি চাও নেকি? বয়স হ'লে নোৱাৰিম বুলি কতো লিখা নাই নহয়৷ নে প্ৰবন্ধ লিখা যাওক নেকি? চিন্তাত ঘামি জামি একাকাৰ৷

জুন-জুলাই পোৱালৈ ডায়েৰীখনত অন্য এক খেল আৰম্ভ হয়৷
'লংপেন্ট-২, ফুল চাৰ্ট-৪, হাফ-৬,শাৰী-৩'৷
বা
'নিমখ-১ কিলো, মিঠাতেল-২ লিটাৰ, মচুৰ-আধা কিলো..... ইত্যাদি ইত্যাদি'৷

বি.দ্ৰ. : ডায়েৰীৰ সদব্যৱহাৰ কৰা সকলক এই লিখনিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে৷ যিসকলে ডায়েৰীৰ প্ৰকৃত ব্যৱহাৰ কৰে তেওঁলোকে জানুৱাৰীৰ পোন্ধৰ তাৰিখলৈ ডায়েৰী উপহাৰ পোৱাৰ আপেক্ষা নকৰি নিজে কিনি আনি এক তাৰিখৰ পৰা নিয়মিত ৰুপত লিখা আৰম্ভ কৰে৷ জীৱনৰ সুখ দুখ, হাঁহি কান্দোনৰ সাক্ষী এই ডায়েৰীবোৰ সাধাৰণতে চিৰকাল লোকচক্ষুৰ আৰতেই থাকে৷

( লেখনীটোৰ মূলভাবটো অন্য এক লেখনীৰ পৰা লোৱা হৈছে৷ )

Monday 16 December 2013

এখন ফেচবুকীয়া চিনেমাৰ কেইটামান স্নেপশ্বট




আৰম্ভণিৰ এটা দৃশ্য:

- মা মা..... আজি মোৰ ষ্টেটাছত আটাইতকৈ বেছি লাইক আৰু কমেন্ট পাইছো৷ আজি মই সুৰেশৰ ৰেকৰ্ড ভাঙি দিলো৷
- আজি মই বৰ সুখী ৰমেশ, আজি যদি তোৰ দেউতাৰৰ এটা ফেচবুক একাউন্ট থাকিলেহেতেন, তেওঁ তোৰ আপডেটৰ ডিমাণ্ড দেখি কিমান যে সুখ পালেহেতেন৷
- নাকান্দিবা মা, দেউতাৰ একাউন্ট নাই কি হ'ল৷ মোৰ প্ৰফাইলত ৰিলেশ্ব্যন ষ্টেটাছত তোমাৰ লগৰ ধৰণী খুড়াক মই ফাদাৰ হিচাপে এড্ কৰিয়েই থৈছো৷ তেওঁ মোক কেতিয়াও দেউতাৰ একাউন্ট নথকাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই৷ তাৰোপৰি তুমি মোৰ সকলো আপডেটত লাইক, কমেন্ট দিয়াই দেখোন৷ কেতিয়াও তুমি মোক দেউতাৰ একাউন্ট নোহোৱাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই৷

নায়ক নায়িকাৰ এক দৃশ্য:

- বন্দনা, জানাই দেখোন মই এজন অতি সাধাৰণ ফেচবুক ইউজাৰ৷ মোৰ ষ্টেটাছত যিমান লাইক পৰে তাতকৈ বেছি লাইক তোমাৰ কমেন্টত পৰে৷ তোমাৰ সৈতে মোক 'ইন এ ৰিলেশ্ব্যনশ্বিপ'ত দেখিলে সকলোৱে তোমাক হাঁহিব৷
- বেলেগে কি কয় সেয়া মই কেতিয়াও ভবা নাই৷ তোমাৰ ষ্টেটাছত লাইক, কমেন্ট কিমান সেয়া দেখি মই তোমাৰ প্ৰেমত পৰা নাই৷ তুমি যদি ৰিলেশ্ব্যনশ্বিপ ষ্টেটাছ একচেপ্ট নকৰা মই আজিয়েই মোৰ একাউন্ট ডি এক্টিভেট কৰি দিম৷
- নাই বন্দনা, তোমাৰ একাউন্ট ভুলতেও ডি এক্টিভেট নকৰিবা৷ তুমি নাথাকিলে মই ফেচবুকত থাকি কি কৰিম? মই আজিয়েই মাৰ পৰা টকা খুজি নেট পেকটো ভৰাই তোমাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিম৷

নায়ক আৰু নায়িকাৰ পিতৃৰ দৃশ্য:

- তোৰ ইমান সাহস, মোৰ ছোৱালীলৈ তই চকু দিছ৷ তোৰ দৰে ভিকহু ফেচবুক ইউজাৰ এটালৈ মই মোৰ ছোৱালী কেতিয়াও নিদিও৷ তোৰ আপডেটত যিমান লাইক পৰে, তাতকৈ বেছি লাইক আমাৰ ৰামুকাকাৰ ষ্টেটাছত পৰে৷ তই কৰাৰ দৰে এশটামানক টেগ কৰিলে চাগে ৰামুকাকাৰ লাইক আৰু বাঢ়িলেহেতেন৷
- চৌধুৰী চাহাব, মই কম লাইক-কমেন্টৰ মালিক হ'ব পাৰো, কিন্তু আপুনি চাগে নাজানে যে মোৰো দহ হাজাৰ+ লাইকৰ এটা পেইজ আছে৷ সৰু মানুহ বুলি অৱজ্ঞা নকৰিব, কেতিয়াবা হয়তো আপোনাৰ পেইজ প্ৰ'মট কৰিবলৈ আপোনাক মোৰ পেইজৰেই দৰকাৰ হ'ব৷ এই কথা মনত ৰাখিব৷

খলনায়ক আৰু খলনায়কৰ পিতৃৰ দৃশ্য:

- দেউতা যেনেকৈয়ে নহওক, তোমাৰ ফ্ৰেইণ্ডলিষ্টত থকা চৌধুৰীৰ ছোৱালীক মোৰ ফ্ৰেইণ্ডলিষ্টত লাগে৷ তাইক দহবাৰমান ৰিকুৱেষ্ট পঠিয়ালো, এড নকৰিলে তাই মোক৷
- বাবা চিন্তা নকৰিবি, সকলো ভবা মতেই হ'ব৷ তই প্ৰথম চৌধুৰীৰ সেই থাৰ্ডক্লাছ আপডেটবোৰত লাইক, কমেন্ট মাৰি তেওঁৰ মন জয় কৰিবলৈ চেষ্টা কৰ৷ চৌধুৰী লাইনত আহি গ'লে জীয়েকক এড কৰাটো একেবাৰে সহজ হ'ব৷
- মই ইমান ধৈৰ্য্য ধৰিব নোৱাৰো৷ কালিয়েই মই তাইক প'ক কৰিছিলো, ২৪ ঘন্টাৰ ভিতৰত যদি তাই প'ক বেক নকৰে তেতিয়াহ'লে মই পাপ্পু হেকাৰক কৈ তাইক আই ডি ডিলিট কৰোৱাই দিম৷ চিনি পোৱা নাই তাই মোক৷

শেষ দৃশ্য:

নায়িকাই খলনায়কক উদ্দেশ্যি,
- চয়তান, তোক মই চিনিবলৈ বাকী নাই৷ তই পাপ্পু হেকাৰৰ সহায়ত মোৰ একাউন্টৰ পৰা নিজৰ আপডেটত লাইক, কমেন্ট ঠিকেই কৰিছ, কিন্তু তই হাজাৰ চেষ্টা কৰিলেও মোৰ ৰিলেশ্ব্যন ষ্টেটাছত ৰমেশেই থাকিব৷
- হাঃ হাঃ হাঃ, সুন্দৰী তই হয়তো গমেই নাপাও, আৰু আধাঘন্টাৰ ভিতৰত তোৰ প্ৰফাইলৰ ৰিলেশ্ব্যন ষ্টেচাছত মোৰ নাম দেখাব৷
- নহী........ ৰমেশ তুমি ক'ত আছা৷

স্মাৰ্টফোন এটা লৈ ৰমেশৰ প্ৰবেশ,

- বন্দনা, বন্দনা, বন্দনা.......
- ৰমেশ......
- মই আহি গলো বন্দনা, তোমাৰ একাউন্টত আৰু কোনেও হাত লগাব নোৱাৰে৷ এই মদন গুণ্ডাৰ সকলো পোষ্ট মই ৰিপৰ্ট কৰি নোহোৱা কৰি দিছো৷

ৰমেশ, সুৰেশ, ধৰণী খুড়া, মা আদি সকলোৰে সন্মিলিত ৰিপৰ্টৰ প্ৰকোপত মদন গুণ্ডাৰ ফেচবুক একাউন্ট চিৰদিনলৈ ব্লক হৈ যায় আৰু এইদৰেই ৰমেশ আৰু বন্দনা যুগ যুগান্তৰলৈ এক হৈ পৰে৷

Friday 13 December 2013

পকেট





এসময়ত পকেট নামৰ বস্তুটোত পুৰুষৰ একচেটীয়া অধিকাৰ আছিল৷ কিন্তু বৰ্তমান পকেটৰ ওপৰত নাৰীৰো সম অধিকাৰ আছে৷ যিহেতু আজিকালিৰ মহিলাসকলে পুৰুষৰ দৰেই পোছাক পৰিধান কৰা আৰম্ভ কৰিছে, গতিকে পকেট আজি সকলোৰে বাবে আপোন হৈ পৰিছে৷

আমাৰ পূৰ্ব পুৰুষসকলে যেতিয়া শীত, তাপ, লজ্জা আদি নিবাৰণৰ বাবে পাত, লতা,গছৰ বাকলি আদিৰ ব্যৱহাৰ কৰিছিল তেতিয়া সেই পোছাকত পকেটৰ অস্তিত্ব নিশ্চয় নাছিল৷ প্ৰয়োজনীয় সামগ্ৰী যেনে অস্ত্ৰ শস্ত্ৰ, খাদ্য সামগ্ৰী কঢ়িয়াবলৈ হাতৰ ব্যৱহাৰেই হৈছিল নিশ্চয়৷ কিছু সামগ্ৰী ককালতো গুজি লৈছিল নিশ্ছয়৷ সময় আগুৱাই ', এসময়ত বস্ত্ৰ আৱিস্কাৰ 'ল৷ পৰিধান কৰা বস্ত্ৰৰ দৈৰ্ঘ্য-প্ৰস্থ বাঢ়ি গৈ থাকিল৷ পিছলৈ অৱশ্যে ফেশ্যনৰ কবলত পৰি জোখ মাখবোৰ কমিও 'ল৷ যুগে যুগে মানুহে নিজৰ প্ৰয়োজন অনুসৰি বস্ত্ৰৰ পৰিবৰ্তন কৰিছে, প্ৰযোজনীয়তা, সৌন্দৰ্য্যবোধ অনুসৰি সংযোজন কৰিছে নতুন নতুন কাৰুকাৰ্য্য৷

এনেকৈয়ে হয়তো এদিন হাত দুখনক খালী ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰাৰ ফলত পকেটৰ আৱিষ্কাৰ 'ল৷ পোছাকত টাপলি মাৰি তৈয়াৰ কৰা ' অতিৰিক্ত ঠাই অলপমান ' সৰুসুৰা প্ৰয়োজনীয় সামগ্ৰী সহজে ৰাখিব পৰা যায়৷

পকেটৰ ইতিহাস বিছাৰি গুগল চলাথ কৰি চালো, কিন্তু বৰ বিশেষ একো নাপালো৷ বাৰু এনেকুৱাওটো ' পাৰে যে কেতিয়াবা কাৰোবাৰ পোছাক ফালি যাওতে টাপলি মাৰিবলৈ ' আৰু হঠাৎ এদিন মন কৰিলে যে তাতে দেখোন কিবা কিবি ৰাখিব পাৰি৷ বচ্ হৈ ' পকেট৷ এয়া অৱশ্যে বেবেৰিবাং চিন্তা কিছুমানহে দেই৷

যিধৰণেই আৱিস্কাৰ নহওক, এতিয়া সমগ্ৰ পৃথিৱীতে চানি পৰিছে পকেট৷ আজি সকলোৰে পোছাকত পকেট, প্ৰয়োজন নহলেও পকেট৷ আজিকালি দেখা কিছুমান পোছাকৰ পকেট গণাটো এটা দুৰুহ কাৰ্য্য৷ আগ পকেট, পিছ পকেট, ছাইড পকেট, বেক পকেট, ইন পকেট, ফলচ্ পকেট আৰু ' যে কি পকেট৷

পকেট যে কেৱল পোছাকতেই আছে তেনে নহয়৷ মানিবেগতেই খুচুৰা পইচা, ড্ৰাইভিং লাইছেন্স, ক্ৰেডিট কাৰ্ড ইত্যাদিৰ বাবে বেলেগ বেলেগ পকেট৷ আকৌ পকেটত ৰখাৰ বাবে বিভিন্ন কোম্পানীয়ে সুবিধা কৰি বস্তু উলিয়াইছে, যেনে পকেট অভিধান, পকেট কেলকুলেটৰ, পকেট চুৰি ইত্যাদি৷

প্লেনৰ চিট, গাড়ীৰ চিট সকলোতে আপোনাৰ সুবিধা অনুসৰি আছে পকেট৷ মোনাবোৰতো দেধাৰ পকেট৷ এতিয়াও মনত আছে,সৰুতে মহাবীৰ দৰ্জীৰ ওচৰত ছাইড পকেট থকা জিনচ্ পেন্ট চিলাইছিলো৷ পকেটত দুই হাত সুমুৱাই দুৰ্গা পুজাত খুব ঘুৰিছিলো৷ চিনাকী ডাঙৰ মানুহ দেখিলে অৱশ্যে নিজে নিজে হাতদুখন পকেটৰ বাহিৰলৈ ওলাই আহে৷
মাৰ্বল, বগৰী, জলফাই, পাকঘৰৰ পৰা চুৰ কৰা মিঠাই সকলোবোৰেইতো ৰাখিছিলো এই পকেটতেই৷ ঘৰৰ মানুহৰ পৰা বস্তু লুকুৱাবলৈ মুহুৰ্ততে পকেটস্থ কৰিছিলো৷ পকেট৷ এতিয়া ডাঙৰ 'লো, কোনোবাই ধাৰ বিছাৰিলে সহজ উত্তৰ, 'পকেট একেবাৰে খালী ভাই' পকেট আছে বাবেই পকেটমাৰ আছে৷ পকেটমাৰ ধৰা পৰিলে পিটন দিবলৈ উৎসাহী জনতা আছে, পুলিচতকৈ আগতে হাজিৰ 'বলৈ আমাৰ ইয়াত নিউজ লাইভ, ডি ৱাই আছে৷

পকেটৰ বিষয়ে গুগল খুছৰি থাকোতে এটা খবৰ দেখিলো৷ নেপালৰ চৰকাৰে বিমান বন্দৰৰ কৰ্মী সকলৰ বাবে পকেটবিহীন ইউনিফৰ্ম দিয়াৰ চিন্তা চৰ্চা কৰিছে৷ কাৰণ ' ভেটী খোৱাৰ উপদ্ৰৱ৷ দুৰ্নীতিগ্ৰস্থ কৰ্মছাৰী কিছুমানে খালী পকেটে আহি ঘৰলৈ যাওতে পকেট ভৰ্তি কৰি টকা লৈ যায়৷

এনেই চিন্তা এটা মনলৈ আহিছে, আমাৰ দেশতো এনেকুৱা কিবা কৰিব নোৱাৰিনে? কেৱল বিমানবন্দৰ কিয়, সকলো কাৰ্য্যালয়তে পকেট নিষিদ্ধ কৰিব নোৱাৰিনে? কিন্তু তাৰ পিছতে মনলৈ আহিল, নাই আমাৰ দেশৰ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীয়ে ইয়াৰ সমাধান উলিয়াই 'ব৷ বিভাগীয় দৰ্জীক ভেটী দি গোপন পকেট এখন চিলাই 'ব৷ কি পোছাক পিন্ধাই এইচামক পকেটবিহীন কৰা যায়?

জন্মতে পিন্ধি অহা পোছাকসাজ? মনলৈ অহা কথাটোহে 'লো, ৰাইজে দায় দোষ নধৰিব৷

Tuesday 10 December 2013

এক আছিল বুঢ়া বুঢ়ী




(ফেচবুকিয়ানৰ ছিকুৱেল)

২০২৪ চনৰ কথা৷ ইতিমধ্যে বিজ্ঞান বহুদুৰ আগুৱাই গৈছে৷ ডাঃ বিপুল গগৈৰ নেৰানেপেৰা প্ৰচেষ্টাত বকুলীয়ে অৱশেষত ফেচবুক নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল৷ এতিয়া তাই কেতিয়াবাহে ফেচবুকত বহে৷ বুলগেৰিয়ান মাৰ্ক আৰু ৰিচাৰ্ড কাৰ্লোছকো তাই আনফ্ৰেইণ্ড কৰি দিলে৷ ৰাজেনক আকৌ ফ্ৰেণ্ড লিষ্টত সুমুৱাই ল'লে৷ এতিয়া তাইৰ ফেচবুক লৈ কোনো ক্ৰেজ নাই৷ এতিয়া তাই সকলো ফালৰ পৰা এজনী কাজী তিৰোতা৷ বন কৰা ছোৱালীজনীকো তাই বিদায় দিলে৷ সকলো কাম এতিয়া তাই অকলেই চম্ভালে৷
কিন্তু ইমানখিনি কৰাৰ পিছতো ৰাজেনে এতিয়াও তাইক সন্দেহ কৰে৷ সি অফিচ যোৱাৰ পিছত তাই ফেচবুকতেই লাগি থাকে বুলি ভাবে৷ এদিন এই কথাটো লৈ দুয়োৰে মাজত কাজিয়া লাগিল৷ ৰাজেনৰ মতে সি দিনৰ দিনটো কষ্ট কৰি টকা ঘটে আৰু সেইখিনি বকুলীয়ে ফেচবুক কৰি কৰি উৰাই দিয়ে৷ বকুলীয়ে বহুত চেষ্টা কৰিও ৰাজেনক বুজাব নোৱাৰিলে৷ শেষত দুয়োৰে কাজিয়া ইমান বেছি হৈ পৰিল যে মধ্যস্থতাকাৰী ৰুপে শেষত ডাঃ গগৈ দুয়োৰে মাজত সোমাব লগা হ'ল৷
গগৈয়েও ৰাজেনক বহুত বুজালে, কিন্তু কোনোপধ্যে ৰাজেনে নামানে৷ ৰাজেনৰ মতে বকুলীয়ে খুব আৰামত কাম চলাই আছে৷ শেষত দুয়োৰে অৱস্থা তাহানিতে পঢ়া 'এক আছিল বুঢ়া-বুঢ়ী' পদ্যটোৰ দৰে হ'ল৷ ৰাজেনে বকুলীক এদিনৰ কাৰণে তাৰ কাম কৰি চাবলৈ চেলেঞ্জ কৰিলে৷ কিন্তু সমস্যাটো হ'ল যে তাহানিৰ সেই বুঢ়া গৈছিল খেতি কৰিবলৈ, কিন্তু ৰাজেনে কৰে চাকৰি৷ এতিয়া জেদ লাগিল বুলিয়েই সি বকুলীক অফিছলৈ কেনেকৈনো পঠিয়াই৷ বছে বকুলীক অফিছত দেখিলে তাক সুদাই এৰিবনে৷ কিন্তু সি নাচোৰবান্দা, বকুলীক তাৰ কষ্ট অনুভৱ কৰাইহে এৰিব আৰু তাইক নিউজ লাইভৰ ৰিপৰ্টাৰে সোধা দি তাইক সুধিব, 'আজিৰ এই দিনটোত আপোনাৰ অনুভৱ কেনে'৷
কিন্তু কেনেকৈ কামটো কৰা যায়? শেষত ডাঃ গগৈয়ে উপায় দিলে,
: এটা উপায় আছে, কিন্তু অলপ খৰচী হ'ব৷
: কোনো আপত্তি নাই৷ কিন্তু মই এয়া কৰিমেই৷
: ঠিক আছে, মই আপোনালোক দুয়োৰে সৰু অপাৰেচন এটা কৰিম৷ তাৰ ফলত দুয়োৰে লিংগ সলনি হ'ব, প্লাষ্টিক চাৰ্জাৰীও কৰি দিম৷ দুদিন মান পিছত পুনৰ অপাৰেচন কৰি আপোনালোকক মই আগৰ অৱস্থালৈ লৈ আহিম৷
: সেইটো দেখোন বহুত ডাঙৰ অপাৰেশ্যন৷
: এসময়ত ডাঙৰ আছিল, আজিকালি সেইটো এটা মাইনৰ অপাৰেশ্যনত পৰে৷
সেইমতেই দুয়োৰে অপাৰেচন সম্পন্ন হ'ল৷ ৰাজেন হৈ পৰিল বকুলী আৰু বকুলী হ'ল ৰাজেন৷ পিছদিনা ৰাতিপুৱা ঘৰলৈ গৈয়েই দুয়ো কামত লাগি গ'ল৷ বকুলী চুট টাই মাৰি অফিচলৈ গ'ল আৰু ৰাজেনে মেক্সীটো পিন্ধি ঝাৰুডাল লৈ কেজৰিৱাল ষ্টাইলত কামত জপিয়াই পৰিল৷
এইফালে বকুলীৰ অফিছত একো কাম নাই৷ বহুদিনৰ মুৰত আকৌ ভালদৰে ফেচবুকত বহিছে৷ কাম বিশেষ নাই৷ কামত ধৰো বুলি ভাবোতেই তালুকদাৰে তামোল খাবলৈ লগ ধৰিলে৷ ইফালে সিফালে ঘূৰাঘূৰি কৰোতে কেতিয়ানো ঘৰ যোৱাৰ সময় হ'ল বকুলীয়ে ধৰিবই নোৱাৰিলে৷
এইফালে ৰাজেনৰ অৱস্থা নাই৷ ৰাতিপুৱাই ঝাৰু মাৰি কামত যি লাগিল তাৰ পিছত জিৰণি ল'বলৈ আহৰিয়েই পোৱা নাই৷ পুৱাই বকুলীক ব্ৰেকফাষ্ট খুৱাই বুৱাই, ছোৱালীজনীক স্কুললৈ বুলি সাজু কৰাই পঠিয়াও অলপ জিৰণি ল'বলৈ লওতেই দেখিলে এদম কাপোৰ ধুবলৈ আছে৷ সেইখিনি ধুই মেলি আগদিনাৰ কাপোৰবোৰ ইষ্ট্ৰি কৰি উঠি দেখিলে যে ভাত ৰন্ধাৰ সময় হ'লেই৷ ভাত ৰান্ধি উঠি ছোৱালীজনীক স্কুলৰ পৰা আনিবলৈ গ'ল৷
আবেলি আকৌ ওছৰৰ দোকানখনৰ পৰা বজাৰ কৰি, গাখীৰ আনি উঠি দেখিলে যে বকুলী ইতিমধ্যে অফিছৰ পৰা আহি টিভিত ক্ৰিকেট চোৱাত ব্যস্ত৷ বকুলীক কফি আৰু পকোৰা দি ৰাজেন ছোৱালীজনীৰ পঢ়া চোৱাত লাগিল৷ অলপ পিছত ভাত ৰান্ধিবৰ হ'লেই৷ বকুলীয়ে অফিচৰ পৰা আহোতে আজি লোকেল মাছ লৈ আহিছে, বিলাহীৰে সৈতে খাব বোলে৷ সেইবোৰ ৰান্ধি মেলি, বকুলী আৰু জীয়েকক খুৱাই মেলি পাকঘৰ চাফা কৰি শুব লওতে ৰাতি বাৰটামান বাজিল৷
পিছদিনা আকৌ একেই ঘটনা৷ তাৰ পিছদিনাও একেই৷ ৰাজেন হায়ৰাণ হৈ পৰিল৷ বকুলীক সন্দেহ কৰি সি যে মাৰাত্মক ভুল কৰিছিল সেয়া সি মৰ্মে মৰ্মে অনুভৱ কৰিলে৷ সেইদিনা বকুলী অফিছৰ পৰা অলপ পলমকৈ আহিল৷ ৰাজেনে তাইৰ ওচৰত যাওতে সুৰাৰ গোন্ধ পালে৷ অফিছত তালুকদাৰৰ লগত ধৰি আহিছে চাগে৷ সেইদিনা ৰাতি পাকঘৰৰ কাম সামৰি বিছনাত বকুলীৰ ওচৰত ৰাজেনে হুকহুকাই কান্দিলে৷ তাইৰ কামবোৰ হেয় জ্ঞান কৰি সি যে মাৰাত্মক ভুল কৰিছিল সেয়া সি একেআষাৰে মানি ল'লে৷ ৰাজেনৰ অৱস্থা দেখি বকুলীৰো দুখ লাগিল৷ তাই ক'লে,
: বুজিছা নহয় তোমালোকে ভবাৰ দৰে আমাৰ জীৱন ইমান আৰামৰ নহয়৷ তুমি যে মোৰ কষ্ট অনুভৱ কৰিছা সেয়াই মোৰ সন্তুষ্টি৷ হ'ব দিয়া, কাইলৈ আমি গৈ অপাৰেশ্যনটো কৰি ল'ম৷ তুমি পৰহিৰ পৰা আকৌ অফিছ যাবা, মই ঘৰ চম্ভালিম৷
: থেংক ইউ বকুলী৷
পিছদিনা পুৱাই দুয়ো ডাঃ গগৈৰ ওচৰলৈ গ'ল৷ অপাৰেশ্যনৰ বাবে দুয়ো সাজু হ'ল৷ অপাৰেশ্যনৰ পূৰ্বে কৰিবলগীয়া দৰকাৰী টেষ্টবোৰ কৰোৱাই দুয়ো ৰিপৰ্টৰ বাবে আপেক্ষা কৰিবলৈ ধৰিলে৷
যথাসময়ত ৰিপৰ্টবোৰ গগৈৰ মেজত আহি পালে৷ ৰিপৰ্টবোৰ পঢ়ি গগৈক অলপ চিন্তিত দেখা গ'ল৷ গগৈৰ এই ৰুপ দেখি শাৰীখন অলপ ঠিকঠাক কৰি লৈ ৰাজেনে আগুৱাই লৈ সুধিলে,
: চাৰ কিবা চিন্তাৰ কাৰণ?
: নাই তেনেকুৱা চিন্তাৰ কাৰণ নাই৷ কিন্তু অপাৰেশ্যনটো কিছুদিন পিছুৱাই দিব লাগিব৷
: কিয়??? চাৰ মই আৰু নোৱাৰিছো৷ প্লিজ সোনকালে কৰক৷
: নাই আপোনালোকে ৰ'বই লাগিব,অন্ততঃ কিছুমাহ ৷
বকুলীয়ে শিখৰখিনি মুখত সুমুৱাই লৈ আগবাঢ়ি আহি সুধিলে,
: কিন্তু চাৰ কিয়? কিবা চিন্তাৰ বিষয়? খোলাখুলিকৈ কওক৷
গগৈয়ে মিচিকিয়া হাঁহি এটা মাৰি ক'লে,
: চিন্তা কৰিবলগীয়া একো নাই হে, খবৰ ভালহে৷

ৰাজেনৰ ফালে আঙুলিয়াই গগৈয়ে ক'লে,
: এখেত মাক হ'বলৈ ওলাইছে৷ : )

Sunday 8 December 2013

ফেচবুকিয়ান




অৱশেষত উপায়হীন হৈ ৰাজেনে বকুলীক জোৰ কৰি হস্পিতাললৈ লৈ আহিলে৷ অটোৰ পৰা নামি দুয়ো হস্পিতাললৈ সোমাই গ'ল৷ এঠাইত বকুলীক বহুৱাই ৰাজেনে সিহঁতে যাবলগীয়া বিভাগটোৰ খবৰ কৰিবলৈ গ'ল৷ ৰাজেন যোৱাৰ লগে লগেই বকুলীয়ে মোবাইলটো লৈ ফেচবুকত ব্যস্ত হৈ পৰিল৷ খবৰ কৰি ৰাজেনে গ'ম পালে যে সিহঁতে যাব লগা বিভাগটো প্ৰথম মহলাত৷ এফালৰ পৰা ৰাজেনে বিভাগবোৰৰ নাম পঢ়ি আগুৱাই গ'ল, 'মাদক দ্ৰব্য আসক্তি নিৰাময় বিভাগ', 'মানসিক চাপ নিৰাময় বিভাগ' ইত্যাদি ইত্যাদি৷ একেবাৰে শেষৰ ফালে এটা বিভাগত মানুহেৰে গিজগিজাই আছে৷ এইটোৱেই ৰাজেনহঁতে অহা বিভাগটো, 'ফেচবুক আসক্তি নিৰাময় বিভাগ'৷ পিছফালে চাই ৰাজেনে দেখে যে বকুলী নাই৷ বিছাৰ খোছাৰ কৰি তাইক এখন দেৱালত ভেজা দি মিচিকিয়াই হাঁহি ফেচবুক কৰি থকা অৱস্থাত পোৱা গ'ল৷ এইবাৰ তাইক এখন হাতত ধৰি লৈ প্ৰায় টানি অনাদি ৰাজেন সেই বিভাগটোলৈ আগবাঢ়িল৷

বকুলীৰ ক্ৰমিক নম্বৰ ৬১৷ দুয়ো এঠাইত ভালদৰে বহি লৈ আপেক্ষা কৰাত লাগিল৷ বকুলী পুনৰ ফেচবুকত ব্যস্ত হৈ যোৱাত ৰাজেনে বাকীবোৰ মানুহৰ আলেখ লেখ চোৱাত লাগিল৷ অধিকাংশ মানুহেই স্মাৰ্টফোন লৈ ব্যস্ত৷ সকলোৰে স্ক্ৰীণখন নীলা বগাৰ সংমিশ্ৰণ৷ ৰাজেনৰ কাষৰ আলট্ৰা মডাৰ্ণ চেমচাং এচ4 লোৱাজনীয়ে খেতি কৰাত ব্যস্ত৷ বকুলীয়েও ধেকুৰা কুকুৰ এটাৰ ফটোত এইমাত্ৰ 'চো কিউত' বুলি কমেন্ট দি উঠিছে৷ গাওঁৰ পদুমীহঁতৰ ধেকুৰা ভোলাৰ ফটো চাগে৷ তেনেতে ৰাজেনে দেখিলে ল'ৰা এজনে উচুপি আছে আৰু এজনী ছোৱালীয়ে তাক সান্তনা দি আছে৷
: নাকান্দিবা জানু৷
: মোৰ কিমান বেয়া লাগিছে তুমি কি বুজিবা৷ ইমান ভাবি ভাবি আপদেটতো দিছিলো৷ ৰশ্মিয়ে দিয়া তাতকৈ বেয়া আপদেটত এশটাৰ ওপৰত কমেন্ট পৰে আৰু মোৰটোত কেৱল তিনিটা লাইক আৰু এটা কমেন্ট পৰিল৷ কমেন্টটো আকৌ কেৱল 'LOL'৷ তুমি এবাৰ মোৰ ঠাইত নিজকে ৰাখি চালে মোৰ কষ্ট বুজিবা৷

এই বিচিত্ৰ পৃথিৱীখন দেখি ৰাজেনৰ মূৰটো বিষাবলৈ ধৰিলে৷ সি এমাহ মানৰ বিৰতিত কেতিয়াবা ফেচবুক খোলা মানুহ৷ হওতে বকুলীক সিয়েই ফেচবুক শিকাইছিল৷ গাওঁৰ পৰা বিয়া কৰাই আনি চহৰৰ ভাড়াঘৰলৈ অনাৰ পিছত তাইৰ দিনৰ দিনটো কৰিবলৈ একো নাথাকে৷ তাৰ প্ৰায়েই ট্যুৰ থাকে৷ গতিকে টাইম পাছ কৰিবলৈ তাইক ফেচবুক চলাবলৈ সিয়েই শিকাই দিছিল৷ কিন্তু এই ফেচবুকেই যে তাইক হস্পিতাল পোৱাবহি সেয়া তাৰ সপোনৰো আগোচৰ আছিল৷

এইবোৰ কথাকেই আকাশ পাতাল ভাবি থাকোতে হঠাৎ বকুলীৰ নাম মতাত ৰাজেন খপজপকৈ উঠিল৷ বকুলীক টানি চেম্বাৰৰ ভিতৰলৈ লৈ গ'ল৷ ডাক্তৰে হাঁহি এটা মাৰি দুয়োকে সম্ভাষণ জনালে৷ তেওঁক দেখিয়েই বকুলীয়ে হাঁহি এটা মাৰি ক'লে,
: ডাক্তৰ বিপুল গগৈ নহয় জানো?

অলপ থতমত খাই তেওঁ ক'লে,
: হয়, পিছে আপোনাক ধৰিব পৰা নাই৷
: মই আপোনাৰ ফেচবুক ফ্ৰেইণ্ড আকৌ৷ অৱশ্যে আপুনি মোক চিনি নাপাবও পাৰে৷ মোৰ নামটো ফেচবুকত প্ৰিঞ্চেছ বৰ্ণিকা বুলি আছে৷

অপ্ৰস্তুত হাঁহি এটা মাৰি ডাক্তৰে ক'লে,
: কওকচোন আপুনি এই ফেচবুকৰ পৃথিৱীখনত কেনেকৈ আহিল৷

ইতিমধ্যে বকুলী আকৌ ফেচবুকত ব্যস্ত হৈ পৰিল৷ ৰাজেনে ধমকি এটা মাৰি তাইক ক'লে,
: নোকোৱা কিয়৷

ধমকি খাই এইবাৰ বকুলীয়ে আৰম্ভ কৰিলে,
: মোক প্ৰথম এখেতে এটা একাউন্ট খুলি দিলে৷ প্ৰথম দুমাহমান একো বুজিয়েই নাপালো কি বস্তু এইটো৷ পিছত ওচৰৰ শইকীয়ানীয়ে বুজোৱাতহে বুজি পালো৷ এতিয়া দিনত আঠবাৰ মান নাচালে ভালেই নালাগে, ৰাতি আকৌ সমানেই৷ আজিকালি মাজৰাতি উঠি আকৌ ফেচবুক খোলো৷ মাৰ্কে আকৌ ৰাতিহে ভাল আপডেটবোৰ দিয়ে৷
: কোন মাৰ্ক?
: মোৰ বুলগেৰিয়ান ফ্ৰেণ্ড এজন৷ বঢ়িয়া আপডেট দি থাকে, আপুনিও এড্ কৰি লবছোন৷ আমাৰ এওঁ আকৌ ভাৰ্ছুৱেল ফ্ৰেইণ্ডশ্বিপ একেবাৰে বেয়া পায়, সেইবাবেইটো এতিয়াও ৬৫টা ফ্ৰেইণ্ডত বাজি আছে৷ লাজেই লাগে৷
: বাৰু বাৰু, কওকচোন ফেচবুকৰ কি আপোনাৰ আটাইতকৈ ভাল লাগে৷
: মোৰ ফেচবুকৰ সকলোখিনিয়েই ভাল লাগে৷ তাৰ মাজতো কবলৈ গলে ফেচবুকে মোক এক নতুন জীৱন দিছে৷ বাস্তৱ জীৱনত মোৰ ৫-৬ জনতকৈ বেছি বন্ধু নাই৷ কিন্তু ফেচবুকত মোৰ বন্ধু জানেনে? ছিক্স হাণ্ড্ৰেড এণ্ড টেন৷ ইজ নট ইট এমেজিং? পাপন, দিক্ষু, জুবিন, কুমাৰ ভবেশ, ৰাজকুমাৰ ... কোন নাই মোৰ লিষ্টত৷ আপুনি জানেনে ৰিচাৰ্ড কাৰ্লোছো মোৰ ফেচবুক ফ্ৰেইণ্ড৷
: কোন ৰিচাৰ্ড কাৰ্লোছ?
: ( সেপ ধুকি), কোন ময়ো ভালকৈ নাজানো৷ কিন্তু কোনোবা বিখ্যাত মানুহেই হ'ব৷ চাৰি হাজাৰ মান ফ্ৰেইণ্ড আছে দেখোন৷
: হমমম, আপুনি চাগে বহুতো পুৰণি বন্ধু-বান্ধৱী ফেচবুকত বিছাৰি পাইছে?
: বহুত পাইছো৷ কালি আমাৰ লগৰ ধীৰেণক পালো৷ সি আজিকালি ইৰিগেশ্যনৰ পিয়ন৷ জোনালী আজিকালি বিহাৰত থাকে৷ এতিয়া ফেচবুকত থাকিয়েই মই জানো পদুমীয়ে আজি কি ৰান্ধিব, খাবলৈ কেনেকুৱা হৈছে সেয়া তাইৰ গিৰিয়েকৰ কমেন্ট চালেই গম পাও৷ বীৰেণহঁতৰ নতুন ঘৰটোত কি ৰং দিলে ভাল হ'ব সুধি ফেচবুকত পোষ্ট দিছিল৷ শেষত মই কোৱা পিংকটোৱেই দিলে৷ ৰং কৰি উঠি ঘৰৰ ফটোখনত মোক টেগ কৰিও দিছে৷
আজিকালি কোন ক'ত ফুৰিবলৈ গ'ল, কোনে কি খালে, কেতিয়া শুলে আদি সকলোবোৰ ফেচবুকতেই গ'ম পাও৷ তাৰোপৰি আজিকালি মই ফেচবুকত বন্ধুবোৰৰ লগত গেম খেলো৷
: ফাৰ্মভিলে?
: নাহ, মাফিয়া ৱাৰ খেলো৷ মই হিটমেন৷
: অ'কে৷ বাৰু আপুনি ফেচবুকৰ দ্বাৰা লগ পোৱা বন্ধুবোৰৰ তালৈ কেতিয়াবা ফুৰিবলৈ যায়নে?
: নাই তেনেকৈ যোৱা হোৱা নাই৷ ফেচবুকতেই ভাল বুজিছেনে৷ কৰবালৈ যোৱা মানে সাজি কাচি, গা পা ধুই ওলোৱা৷ মইটো ফেচবুকত লাগি থাকোতে দুই তিনিদিনলৈ গা ধোৱা নহয়েই৷ ফেচবুকত সেইবোৰ লেঠা নাই৷ প্ৰফাইল পিকচাৰ খন ভাল দিলেই হ'ল৷ আমাৰ লগত স্কুলত পঢ়া ডালিমীয়ে মেট্ৰিকৰ আগৰে ফটো লগাই নিজকে গাভৰু হৈ থকা বুলি জাহিৰ কৰে এতিয়াও৷ হিঃ হিঃ৷
: পিছে আপোনাৰ প্ৰফাইল ফটোখনো নতুন যেন লগা নাই৷
: অহ, মোৰখন কলেজ যোৱাৰ আগে আগে উঠিছিলো৷
: আপোনাক লগৰ বোৰে নোসোধেনে কেনেকৈ আপুনি ইমান ডেকা হৈ আছে?
: নাই নাই, কোনেও নোসোধে৷ মই 'ৱৰ্ক এট্ য়োগা' বুলি প্ৰফাইলত দি থৈছো নহয়৷
: ঠিক আছে, বাৰু আপুনি অলপ বাহিৰত বহক৷ মই আপোনাৰ হাজবেণ্ডৰ লগত অলপ কথা পাতো৷

বকুলী ওলাই যোৱাৰ পিছত ডাঃ গগৈয়ে ক'লে,
: চাওক মিঃ ৰাজেন, এওঁ একেবাৰে যে নৰমেল নহয় সেয়া নিশ্চিত৷ কিন্তু এইখিনি আজিকালি বেছিভাগৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি বেছি চিন্তা নকৰিব৷ বৰ্তমান সমাধান হিচাপে আপুনি এখেতক ৰিলায়েন্সৰ 2g কানেকচন এটা লৈ দিয়ক৷ নেটৰ স্পীড দেখি তেওঁৰ চখ নিজেই কমি যাব৷
: চাৰ ময়ো আপোনাৰ দৰেই ভাবিছিলো৷ কিন্তু যোৱা কিছুদিনৰ ঘটনা দেখি মই বৰ চিন্তাত পৰিছো৷ মোক উদ্ধাৰ কৰক চাৰ৷
: কিয়, কি হৈছেনো? খুলি কওকচোন মোক৷
: কিনো কম আপোনাক মোৰ দুখৰ কথা৷ যোৱা সোমবাৰে মই হঠাৎ অফিচৰ কামত অৰুণাছললৈ ট্যুৰত যাব লগা হ'ল৷ দৌৰাদৌৰি হোৱা বাবে ঘৰত কৈ অহা নহ'ল৷ আধা বাটৰ পৰা এওঁক ফোন কৰিলো, নধৰে৷ দুদিন থাকিলো৷ এওঁৰ কোনো খবৰ নাই৷ তিনিদিনৰ দিনাও এওঁৰ একো খবৰ নাপায় মই বৰ চিন্তাত পৰিলো৷ হঠাৎ কিবা ভাবি মই ফেচবুক খুলি দেখো যে মহাৰাণী ফেচবুকত পুৰা এক্টিভ৷ উপায় নাপাই তেওঁৰ ফেচবুকৰ ৱালতেই লিখিলো,
'হেৰা মই অৰুণাচলত'৷
লগে লগে কমেন্ট আহিল,
- ৱাও, পিকচাৰ আপলোড কৰা জল্দি৷ মোক টেগ কৰি দিবা দেই৷
- তুমি ফটোৰ কথা কৈছা? মই যে বাৰে বাৰে ফোন কৰি আছো, কিয় ৰিছিভ কৰা নাই? তিনিদিন ধৰি যে মই ঘৰত নাই খবৰ আছেনে?
- OMG৷ মই গমেই পোৱা নাছিলো
- তুমি মানুহ মাৰি দিবা হে৷
-
- কি জিভা দেখুৱাইছা? আচ্ছা শুনা, মোৰ ইয়ালৈ আহি পেটৰ অসুখ হৈছে৷ এতিয়া ঘৰলৈ গৈ আছো৷ একো খোৱা নাই৷ তুমি অলপ সিদ্ধ ভাত ৰান্ধি থবা৷ গৈয়েই খাব নাপালে মই ভোকত মৰি থাকিম৷
- RIP

এইখিনিলৈ কৈ ৰাজেনে ডাক্তৰক ক'বলৈ আৰম্ভ কৰিলে,

:বুজিছেনে চাৰ, RIP দিয়া দেখি মোৰ হিতাহিত জ্ঞান নোহোৱা হ'ল৷ তাইৰ ৱালতেই যা তা লিখি গালি দিলো৷
: অ'কে, ঘটনাটো তেন্তে চিৰিয়াচ৷ গালি দিয়াৰ পিছত তেখেতে কি কৰিলে? নিজৰ ভুলটো গ'ম পালে চাগে৷
: তেনেকুৱা হ'লে মই ইযালৈ নাহোৱেই চাৰ৷ গালি খাই উঠি তেওঁ কি কৰিলে জানেনে?
: কি?

হুমুনিয়াহ কাঢ়ি ৰাজেনে উত্তৰ দিলে,
: মোক আনফ্ৰেণ্ড কৰি ব্লক মাৰি দিলে৷

Friday 29 November 2013

বিভ্ৰান্তি




প্ৰায় এবছৰৰ মূৰত বৰপেটাৰ আপোন গাওঁখনলৈ আহিছে শান্তনু৷ পেশাত অভিযন্তা শান্তনু কৰ্মসুত্ৰে দিল্লীৰ বাসিন্দা৷ যোৱা দুদিন সম্পৰ্কীয় মানুহবোৰৰ ঘৰত খুব ফুৰিলে শান্তনুৱে৷ আজি সি কতো ওলাই যোৱা নাই৷ মাকে ৰাতি ৯ বজাত ভাত খাবলৈ মাতিলেই৷ ঘৰলৈ আহিলে এই কামটোৱেই বৰ অশান্তি পায় সি৷ দিল্লীত খাই বৈ বিছনালৈ যাওতে ৰাতি দুইমান বাজে৷ ইয়াত ৰাতি দহ বজাৰ আগতেই সকলো বিছনাত পৰে৷ টোপনি নধৰাত সি লেপটপটো উলিয়াই ল'লে৷

লোডিং লোডিং লোডিং.............. ধেইৎ ইমান বেয়া ইয়াতে নেটৰ কানেকচন৷ বহুপৰ ৰোৱাৰ পিছত কোনোমতে পেইজটো খোল খালে৷ চিধাচিধি ফেচবুকত গৈ সোমাল শান্তনু৷ এনেয়ে ওপৰৰ পৰা তললৈ চকু ফুৰালে, দুটামান লাইক,কমেন্ট মাৰিলে৷ এইবাৰ গৈ অ-ক-বত সোমাল৷ নাই আজি বিশেষ একো নাই৷ মোডীক লৈ এসপ্তাহ ধৰি চলি থকা যুদ্ধখন এতিয়াও পিনড্ পোষ্টৰ দৰে ওপৰতে জিলিকি আছে, ৰোমান আক্ৰমণ প্ৰতিহত কৰি প্ৰশাসকে ত'ত পোৱা নাই৷ বহুদিন দেৱপ্ৰতীমে ভূতৰ গল্প পোষ্ট কৰা নাই, পৰীক্ষা চলি আছে নেকি৷

ভূতৰ গল্প শান্তনুৰ বৰ প্ৰিয়৷ নেটৰ স্পীড আৰু অকবত বিশেষ একো নেদেখি লেপটপটো বন্ধ কৰিবলৈ লওতেই দেখিলে দেৱপ্ৰতীমে কিবা পোষ্ট কৰিছে৷ গল্প নহয়,কিবা ভৌতিক ছবি এখনহে পোষ্ট কৰিছে৷ ভালদৰে চাই দেখিলে এটা ভূতবাংলা সদৃশ ঘৰৰ ছবি৷ ৰাতিৰ ছবি৷ ভালদৰে চালে ছবিখনৰ মাজত এজনী সৰু ছোৱালীৰ দেখ নেদেখ অবয়ব এটা দেখা যায়৷ তলত লিখিছে,
" ১৯৪৯ চনত নেদাৰলেণ্ডৰ এই ঘৰটোত ৰহস্যজনক বাবে জুই লগাৰ ফলত জেমছ ৰাডাৰফৰ্ডৰ নামৰ এজন অধিবক্তাৰ সমগ্ৰ পৰিয়ালটোৰ জুইত পুৰি মৃত্যু ঘটে৷ পিছত ঘৰটোৰ ফটো লওতে এক ফটোগ্ৰাফাৰৰ কেমেৰাত ধৰা পৰে এক বিৰল দৃশ্য৷ সুক্ষ্মভাবে লক্ষ্য কৰিলে আপোনালোকে দেখিব যে ফটোখনৰ মাজভাগত এজনী ছোৱালীৰ এক দেখ নেদেখ অৱয়ব আছে৷ এইছোৱালীজনীৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ সৰু ছোৱালীজনীৰ লগত মিল থকা বুলি স্থানীয় লোকসকলে কয়৷ কোৱা হয় যে যিয়েই এই ছবিখন দীৰ্ঘসময় ধৰি চাইছে, সেই ব্যক্তিৰ জীৱনত অতি সোনকালেই কিবা অঘটন ঘটে "৷

কৌতুবলবসত শান্তনুৱে ছবিখন ভালদৰে চালে৷ এজনী দহ-বাৰ বছৰীয়া ছোৱালী৷ শেতা শেতা ভাব এটা আছে৷ ইতিমধ্যে লাইক, কমেন্ট পৰা আৰম্ভ হলেই৷
- ভয়ানক৷
- ফটোছপৰ বাহাদুৰি৷
- ৰাতি ৰাতি এইবোৰ কিয় পোষ্ট কৰে? টোপনিয়েই নাহিব আজি মোৰ৷

এফালৰপৰা কমেন্টবোৰ পঢ়ি গৈ থাকিল শান্তনু৷ কৌতুহলবসত ফটোখন আকৌ এবাৰ চাবলৈ সি এবাৰ ওপৰলৈ গ'ল৷ হাৰে, এয়া কি৷ এইবাৰ ফটোখনত ছোৱালীজনী নাই দেখোন৷ আজব ঘটনা, এয়া কেনেকৈ হ'বলৈ পালে৷ আকৌ এবাৰ ভালদৰে চাই দেখিলে ছোৱালীজনী আছে৷ কিবা চিন্তাত চাগে সি নেদেখিলে৷ আকৌ স্ক্ৰলিং কৰি সি বেলেগ পোষ্টবোৰ পঢ়াত লাগিল৷

হঠাৎ ভাব হ'ল শান্তনুৰ কোঠাত যেন কোনোবাই পায়চাৰি কৰিছে৷ খামিডাঠ মানুহ হলেও তাৰ বুকুখন চিৰিংকৈ উঠিল৷ একে জাপে উঠি সি চাৰিওফালে চালে, বিছনাৰ তলৰপৰা মেকুৰী এটা দৌৰ দিলে৷ মেকুৰীটো দেখি শান্তনুৰ নিজৰ ওপৰতে হাঁহি উঠিল৷

ঘড়ীটোৱে বাৰটা বজাৰ সংকেত দিলে৷ শুবলৈ হ'ল আৰু, শান্তনুৱে বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিল৷ বিছনাত শুই বেবেৰিবাং চিন্তা কিছুমান কৰি থাকোতে কেতিয়া টোপনি আহিল সি গমেই নাপালে৷

ফোঁচ............!!!

হঠাৎ এটা শব্দত তাৰ টোপনি ভাগি গ'ল৷ আকৌ হ'ল শব্দটো৷ কোনোবাই যেন বিছনাৰ তলত ঘন ঘনকৈ উশাহ লৈছে৷

লাহে লাহে সোফালে ঘুৰিলে শান্তনুৱে৷ একে জাপে বিছনাৰ পৰা নামি কোঠাৰ চুকত থকা ভায়েকৰ ক্ৰিকেট বেটখন ডাঙি ল'লে৷

- কোন? বিছনাৰ তলত কোন? ওলাই আহ ভালে ভালে৷ নহলে ফালি দিম৷

কোনো শব্দ নাই৷ লাইট জ্বলাই বিছনাৰ তলত, কোঠাটোৰ চুকে কোনে চালে৷ নাই, একোৱেই নাই৷

তেনেহ'লে কি শুনিছিল সি? সি স্পষ্ট শুনিছে কোনোবাই উশাহ নিশাহ লোৱাৰ শব্দ৷ নে কিবা সপোন দেখিছিল সি?

এক গিলাছ পানী ঘটঘটকৈ পি আকৌ বিছনালৈ গ'ল সি৷

তাৰ অসম্ভৱ ঠাণ্ডা লাগিছে৷ ইমান ঠাণ্ডা হঠাৎ পৰিল যে৷ এইবাৰ আকৌ লোডশ্বেডিং৷ কি যে হৈ আছে আজি৷ অস্বস্তি লাগিল শান্তনুৰ, কোঠাটোৰ পৰা বাহিৰলৈ ওলাই প্ৰথম মহলাত থকা সংলগ্ন বাৰাণ্ডাখনলৈ আহিল৷

তলত পোহনীয়া কুকুৰটো এৰি দিয়া আছে৷ সি শান্তনু ওলাই অহা শব্দ শুনি এবাৰ তাৰ ফালে চালে আৰু মুহুৰ্ততে চিৎকাৰ কৰি নেজ ডাঙি তৰানৰা চিঙি ৰাস্তাৰ পালে দৌৰ দিলে৷ শান্তনুৱে ধৰিব পৰা নাই আজি হৈছে কি৷

ৰাস্তাৰ পৰা চকু ফুৰাওতেই শান্তনুৰ বুকুখন চিৰিংকৈ গ'ল৷ বাৰাণ্ডাৰ সিটো মূৰে কিবা অদ্ভূত অন্ধকাৰ৷ এটা বস্তা জাতীয় কিবাই যেন বাৰে বাৰে আকৃতি সলনি কৰিছে৷ বাৰাণ্ডাৰ সেইপাৰে কি আছে একো দেখা নাই৷ ভয়ৰ এক শীতল স্ৰোত তাৰ ওপৰৰ পৰা তললৈ বৈ গ'ল৷ভূত প্ৰেতৰ গল্প ভাল পালেও সি এইবোৰ বিশ্বাস নকৰে, কিন্তু এইবোৰ হৈছে কি তাৰ লগত৷

হেলুচিনেশ্যন.... !!!

ভয়ঙ্কৰ হেলুচিনেশ্যনৰ কবলত পৰিছে তাৰ মস্তিস্ক৷ বেছিসময় বাৰাণ্ডাত থাকিব নোৱাৰিলে সি৷ কোনোমতে বিছনালৈ আহি বাগৰি দিলে৷

আকৌ সেই শব্দ৷ চকু মেলি চাবৰ সাহস নহ'ল তাৰ৷ আন্ধাৰত কিবা এটাই কোঠাটোৰ ভিতৰত ঘুৰি আছে৷ চকু মেলিলে সি দেখিলেহেতেন লাহে লাহে সেই কিবাটোৱে এজনী ছোৱালীৰ ৰুপ ধাৰণ কৰাৰ পথত৷ সেই দেৱপ্ৰতীমৰ পোষ্টৰ ছোৱালীজনী৷

কম্বলৰ তলত শান্তনু ঘামি জামি একাকাৰ৷ হাৰ্টবিট তুংগত৷

ছোৱালীজনী এতিয়া তাৰ নিচেই কাষত৷ বগা,মনিহীন, শেতা এযুৰি চকুৱে শান্তনুক চাই আছে৷ চকু মেল খাই গ'ল তাৰ৷

এয়া কি দেখিছে সি!!!

হিমশীতল এক স্পৰ্শ অনুভৱ কৰিলে সি৷ তাক কিহবাই হেঁচা মাৰি ধৰিছে৷ সি চিঞৰিছে, কিন্তু একো মাত ওলোৱা নাই৷ অসহ্য বিষ তাৰ সমগ্ৰ শৰীৰত৷ ছোৱালীজনীৰ মূখত এক ক্ৰুৰ হাঁহি ফুটি উঠিছে৷

তাৰ পিছত শান্তনুৰ একো মনত নাই৷

খকমককৈ সাৰ পালে শান্তনুৱে৷ লেপটপটো খোলা আছে৷ এটা এটাকৈ ৰাতিৰ ঘটনাবোৰ মনলৈ আহিল৷ কি আছিল সেয়া? সপোন নে সঁচা? একো ধৰিব পৰা নাই সি৷ কিছুপৰ বিছনাতেই পৰি থাকিল সি৷ গাটো অৱশ, পাতল কেনেকুৱা যে লাগিছে৷ বিছনাৰ পৰা উঠিব লওতেই সি আকৌ উচপ খাই উঠিল৷ তাৰ কাষতে কোনোবা দেখোন শুই আছে৷

কোন চাবলৈ একেটানে সি মানুহজনক লুটিযাই দিলে৷ আস, কি দেখিলে সি এয়া, তেজেৰে লুটুৰি পুতুৰি হৈ থকা এয়াচোন....... এয়াচোন সি নিজেই৷

Monday 25 November 2013

সপোনত শচীন




শচীনে অৱসৰ ল'লে৷ তেওঁক আকৌ ক্ৰিকেটৰ পথাৰত দপদপাই ফুৰা নেদেখিম৷

এইকেইদিন সকলো শচীনক লৈ ব্যস্ত৷ বজাৰ, হোটেল, টিভি, আড্ডা, ফেচবুক, ব্লগ সকলোতে কেৱল শচীন৷ ময়ো ব্যতিক্ৰম নহয়৷ শয়নে সপোনে কেৱল শচীন৷

শচীনো ব্যস্ত এইকেইদিন৷ এৱাৰ্ড লোৱা, মমেন্ট' সংগ্ৰহ কৰা, ফটো উঠা, ইন্টাৰভিউ দিয়া... কিমান যে কাম৷

শচীনৰ বিষয়ে ফেচবুকত অহা কমেন্টবোৰ পঢ়ি থাকোতেই কেতিয়া টোপনি আহিল কবই নোৱাৰিলো৷ টোপনিত গৈ শচীনৰ ওচৰ পালো৷ চাৰিওফালে মানুহে শচীনক ঘেৰি ধৰিছে, ইন্টাৰভিউ চলি আছে৷ হঠাৎ মনলৈ আহিল, ময়ো দেখোন ইন্টাৰভিউ এটা ল'ব পাৰো৷ সাহিত্য ডট অৰ্গলৈ পঠিয়াই দিম ইন্টাৰভিউটো৷ আগুৱাই গলো৷ পিছে যি ঠেলা হেঁচা, এশ মিটাৰ মান দূৰৰ পৰাই উৎসাহী জনতাই ছিটিকাই পঠিয়ালে৷

তেনেতে ড্ৰেছিং ৰুমত দেখিলো শচীনৰ বেটখনে আমন জিমনকৈ কোঠালিৰ এচুকত আউজি আছে৷ মই বোলো শচীনক নাপালো নাই, আজি এই বেটখনৰেই ইন্টাৰৰভিউ লোৱা যাওঁক৷ শচীনৰ সুখ দুখ, যশস্যা, সন্মানৰ চিৰসংগী এই বেটখন৷

চুচুক চামাককৈ আগুৱাই গৈ কথা আৰম্ভ কৰিলো৷

- নমস্কাৰ বেট মহাশয়৷ আপুনি অনুমতি দিলে মই আপোনাৰ ইন্টাৰভিউ ল'ব বিছাৰো৷

বেটে অবাক হৈ মোৰ ফালে চালে, তাৰ পিছত ক'লে,

- নিশ্চয়, নিশ্চয়৷ শচীনে গোটেই জীৱন ইন্টাৰভিউ দিলে৷ মোৰ ইন্টাৰভিউ আজিলৈ কোনেও লোৱা নাই৷ আপোনাক বহুত ধন্যবাদ৷

- বাৰু কওকচোন আজিৰ এই দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা৷

- কিবা এক অদ্ভুত অনুভৱ হৈছে৷ বুকুৰ কোনোবাখিনিত এক বিষ অনুভৱ কৰিছো৷

- আপোনাক মই পুৰণা দিনলৈ লৈ যাব বিচাৰিছো৷ আপুনি কেতিয়া প্ৰথম গম পালে যে আপুনি এক মহান ব্যক্তিৰ হাতত পৰিছে?

- যদিও আগৰে পৰাই অলপ আভাস পাইছিলো তথাপি মই প্ৰথম এই বিষয়ে ১৯৯১-৯২ চনত অষ্ট্ৰেলিয়াত গম পাইছিলো৷ পাৰ্থত তেওঁৰ ইনিংছটো চাগে আপোনাৰ মনত আছে৷ পিটচখনত ইমানেই বাউঞ্চ আছিল যে মই বেছিভাগ সময় শচীনৰ বুকুৰ ওচৰে পাজৰেই ঘুৰি আছিলো৷ তথাপি বেছিভাগ সময় বল মোৰ বেটৰ মাজভাগতেই লাগিছিল৷ সেইদিনাই বুজিছিলো যে মই কোনো সাধাৰণ হাতত পৰা নাই৷

- আপুনি বাৰু কোন বলাৰৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াই আনন্দ পায়৷

- সাধাৰণতে মই অষ্ট্ৰেলিয়ান বলাৰৰ বলত কোবাবলৈ ভাল পাওঁ, বিশেষকৈ ৱাৰ্ণ আৰু মেকগ্ৰাথৰ৷ তেওঁলোকৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিওৱাৰ মজাই বেলেগ৷ শাৰজাহত ৱাৰ্ণেৰ বলত কোবোৱাটো আপোনাৰ মনত আছেই চাগে৷

আৰু আখটাৰৰ কথা পাহৰিছিলোৱেই৷ তেওঁ ইমান দুৰৰ পৰা দৌৰে যে মোৰ দেখিয়েই বিৰক্তি লাগে৷ তেওঁ দলিওৱা বলত ছয় কোবোৱাৰ মজাই বেলেগ৷ শচীন বুলিহে সেইবোৰ বল কোবাব পাৰিছিল দেই৷

- বাৰু আপোনাৰ অন্য খেলুৱৈৰ বেটবোৰৰ লগত কেনেকুৱা সম্বন্ধ আছিল?

- সকলোৰে লগত মোৰ সম্বন্ধ ভালেই আছিল, অৱশ্যে পেটে পেটে মোক অলপ ইৰ্ষা কৰিছিল৷ কিন্তু আজাহাৰুদ্দিনৰ বেটখনৰ লগত মোৰ অহি নকুল সম্পৰ্ক আছিল৷ সি একেবাৰে ক্ষীণ আছিল আৰু মোক সদায় পেটলা বুলি জোকাই থাকিছিল৷ মই শকত বাবে মোক লৈ বিভিন্ন গাজাখুৰি কথা কৈছিল৷ অৱশ্যে পিছলৈ মই ভাল বন্ধু এজন পাইছিলো৷ মোৰ মনৰ কথা বুজা, মোৰ দৰে শকত আবত ধোনীৰ বেটখন৷ ভাল জমি থাকিছিল তাৰ লগত৷

- আৰু শচীনৰ সৈতে আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ জনাব নেকি৷

- অহ, সুন্দৰ সম্পৰ্ক আছে আমাৰ মাজত৷ মোৰ ওজন, গ্ৰিপ আদিৰ বিষয়ে তেওঁ সদা সচেতন আছিল৷ তেওঁৰ টেনিছ এলব'ৰ চিকিৎসাৰ পিছত ময়ো ওজন কমাব লগীয়া হ'ল৷ বহুত কষ্ট হৈছিল মোৰ, কাৰণ মই জন্মৰে পৰা শকত৷ কিন্তু আমি দুয়ো মিলি সময়ত সকলো সমস্যা সুচাৰুৰুপে সমাধান কৰিছিলো৷ আমি প্ৰায়ে ক্ৰিকেট, খেলৰ নতুন খবৰ, আমাৰ ফৰ্ম আদিৰ বিষয়ে বিতংভাবে কথা পাতিছিলো৷

- আপুনি শচীনৰ লগত ইমান বছৰ একেলগে থাকি কিবা কষ্ট অনুভৱ কৰিছিলনে? যিহেতু তেওঁ খুব পৰিশ্ৰমী আছিল, আপুনিওঁ নিশ্চয় তেওঁৰ লগত যথেষ্ট কষ্ট কৰিব লগা হৈছিল৷

- হয়, তেওঁৰ লগত থাকি যথেষ্ট পৰিশ্ৰম কৰিব লগীয়া কেতিয়াবা প্ৰসাদ, ইশান্ত, আগৰকাৰহঁতৰ বেটকেইখনৰ আৰাম দেখি মোৰ বৰ হিংসা হৈছিল৷

শচীনে একেৰাহে ঘন্টাৰ পিছত ঘন্টা অনুশীলন কৰিছিল৷ গধুলিলৈ মোৰ ভাগৰত মাত নোলোৱা হৈ যায়৷ বিদেশ যাত্ৰাৰ আগে আগে ৰবৰৰ বলবোৰ পানীত ডুবাই তেওঁ বাউন্সী পিটচৰ বাবে প্ৰস্তুতি চলাইছিল৷ ৰবৰৰ বলৰ সেই ৰোমান্টিক স্পৰ্শবোৰ মোৰ আটাইতকৈ প্ৰিয়৷ কিন্তু যেতিয়া শচীনে খেলৰ আগদিনা ৰাতি হোটেলৰ ৰুমত মোক লৈ শূণ্যতে বেটিং প্ৰেকটিছ কৰে, তেতিয়া মোৰ বিৰাট খং উঠে৷ হেৰৌ, গোটেই ৰাতি শুবলৈ নিদিলে মই পিছদিনা খেলিম কেনেকৈ৷ কিন্তু শচীন সদায় জিনিয়াছ দেই৷ তেনেকৈয়ে উজাগৰী নিশা কটাই উঠিও কিমান যে ক্লাছিক ইনিংছ খেলিলো আমি দুয়ো৷ এনেয়ে শচীনক ভগৱান বুলি নকয়৷

- আপোনাৰ প্ৰিয় শ্বট?

- ষ্ট্ৰেইট ড্ৰাইভ, এইটো শ্বটত মই বলটো সাৱটি ধৰিব পাৰো৷ স্কোৱেৰ কাট বা লেগ গ্লান্সত কেৱল হেণ্ডশ্যেক দিয়েই ক্ষান্ত থাকিব লাগে৷

- কি শ্বট আপুনি বেয়া পায়?

- পেডেল চুইপ্৷ পিটচত ঘঁহনি খালে বৰ দুখ পাওঁ মই৷

- শচীনৰ সৈতে আপোনাৰ এনে কিবা স্মৃতি যি আপুনি আমাক ক'বলৈ ভাল পাব৷

- মোৰ তেওঁৰ সৈতে যিমান স্মৃতি আছে সেয়া কৈ শেষ কৰিব নোৱাৰি৷ যদিও মই শকত, শচীন অবিহনে মোৰ কোনো ওজনেই নাই৷ মোৰ নিজকে এজন যাদুগৰৰ হাতত দণ্ডদাল যেন লাগে৷ যি দণ্ডৰে তেওঁ বিপক্ষক ধ্বংস কৰে, একে সময়তে শান্তিৰ বাণী বিয়পায়৷ মোক সাৰথি কৰিয়েই তেওঁ স্কুল, কলেজ, অফিচ আনকি সমগ্ৰ দেশকেই স্তব্ধ কৰি দিয়ে৷ আমি দুয়ো ক্ৰীজত থকালৈকে কোনেওঁ আশা এৰি নিদিয়ে৷ যুঁজাৰু মানসিকতা কি সেয়া আজিৰ প্ৰজন্মক আমি শিকাইছো৷ মোক ব্যৱহাৰ কৰি তেওঁ আনন্দৰ বাণী বিলাইছিল৷ কাশ্মীৰৰ পৰা অহা এটুকুৰা কাঠৰ টুকুৰাক ইয়াতকৈ বেছি আৰু কিনো সন্মান লাগে৷

- শচীনৰ অৱসৰৰ পিছত আপোনাৰ ভৱিষ্যত পৰিকল্পনা?

- (কিছু সময় ভাবি) সেই বিষয়ে এতিয়াও বিশেষ ভবাই নাই৷ কিছুদিন আৰাম কৰো৷ তাৰ পিছত শচীনে যেনেদৰে বিছাৰে সেইমতে জীৱন নিৰ্বাহ কৰিম৷ হয়তো অৰ্জুনৰ সংগী হ'ব পাৰো৷ অৱশ্যে মই সেই বিষয়ে গভীৰভাবে ভবা নাই এতিয়াও৷

ভগৱানক ধন্যবাদ যে মই আফ্ৰিদীৰ বেট নহ'লো৷ নহ'লে ৰিটায়াৰমেন্টৰ পিছতো আকৌ খেলিবলৈ যাব লাগিলহেতেন৷ আৰাম কৰিবলৈ সুযোগেই নাপালে আফ্ৰিদীৰ বেটে :)৷

- আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল৷ সময় দিয়াৰ বাবে ধন্যবাদ৷ আপোনাক লৈ দুটামান শ্বট দি চাব পাৰোনে?

- নিশ্চয়৷



শ্ৰীমতীৰ মাতত খকমককৈ সাৰ পালো৷ হাতখন টানি নিছিলো বোলে৷ এতিয়া এই ৰাতিখন কোনে তেওঁক বুজাই যে মই স্কোৱেৰ কাট এটাহে মাৰিছিলো৷

Saturday 9 November 2013

ডিভাইন পনিটেইল আৰু মোৰ বেদনা




২০০৭ চনৰ কথা৷ তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নীৰ লগত 'চক্ ডে ইণ্ডিয়া' চাবলৈ গৈছিলো৷ ভাৰত আৰু পাকিস্থানৰ মাজৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ হকী প্ৰতিযোগিতা৷ পেনাল্টী শ্বুট আউটত কবীৰ খানৰ এটা ভুলেই ভাৰতৰ পৰাজয় মাতি আনিলে আৰু তেওঁ আখ্যা পালে দেশদ্ৰোহীৰ৷ তাৰ পিছতেই চিনেমাখনৰ আছল কাহিনীটো আৰম্ভ হয়৷
মোৰ প্ৰিয় অভিনেতা শ্বাহৰুখ খানে নিপুনতাৰে কবীৰ খানৰ চৰিত্ৰত অভিনয় কৰা এই চিনেমাখনত কিন্তু মই একেবাৰে মন বহুৱাব নোৱাৰিলো৷ কাৰণ পেনাল্টী শ্বটত ' দিব নোৱাৰা দৃশ্যটো দেখাৰ পিছতেই মোৰ মনটো উৰা মাৰি গৈছিল ১৯৯৪ চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেললৈ৷ বাৰে বাৰে মনত পৰিছিল ডিভাইন পনিটেইললৈ৷ হয়, ডিভাইন পনিটেইল ৰুপে খ্যাত মোৰ আতাইতকৈ প্ৰিয় খেলুৱৈ ৰবাৰ্ট বেজ্জিঅ'লৈ৷
১৯৯০ চনত প্ৰথম বিশ্বকাপ ফুটবল চাইছিলো৷ ফুটবল বুজি পোৱাৰ বয়সেই হোৱা নাছিল মোৰ৷ তথাপি দাদাহঁতৰ লগত সদায় বহি যাওঁ৷ সকলোৱে ব্ৰাজিল-আৰ্জেন্টিনাক লৈ ব্যস্ত৷ মোৰ কিন্তু ভাল লাগিছিল অন্য এটা দল৷ আজ্যুৰি নামেৰে খ্যাত ইটালী দল৷ আছলতে ইটালীৰ খেলুৱৈবোৰ দেখাত বৰ ধুনীয়া আছিল আৰু কেৱল সেইটো কাৰণতেই মই ইটালীৰ ফেন হৈ পৰিছিলো৷ ফুটবল একো বুজি নাপাইছিলো, কিন্তু ইটালীৰ খেল থাকিলে সদায় চাইছিলো৷ তেতিয়াই প্ৰথমবাৰ দেখিছিলো মোৰ হিৰ' ৰবাৰ্ট বেজ্জিঅ'ক৷ ছেমি ফাইনেলত প্ৰশিক্ষকে বেজ্জিঅ' খেলিব নিদিলে আৰু সেইদিনাই আৰ্জেন্টিনাৰ হাতত পৰাস্ত হৈ ইটালীয়ে বিদায় 'লে৷
এইবাৰ আহিল ১৯৯৪ চনৰ বিশ্ৱকাপ,স্থান আমেৰিকা৷ ইতিমধ্যে হাইস্কুলৰ দেওনা চুইছিলো৷ ফুটবল নিজে খেলাৰ লগতে বুজা 'লো৷ এইবাৰ বেজ্জিঅ' আৰু তেওঁৰ দলক সমৰ্থন কৰিবলৈ টঙালি বান্ধিলো৷ এইবাৰ বেজ্জিঅ' নতুন ৰুপত, পনিটেইল ষ্টাইলত চুলি ৰাখি খেলপথাৰত নামিল৷ এই ষ্টাইলৰ বাবে তেওঁ আজিও ডিভাইন পনিটেইল নামেৰে বিখ্যাত৷ ইতিমধ্যে ১৯৯৩ চনত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰি তেওঁৰ আত্মবিশ্বাস তুংগত৷ বিখ্যাত পপষ্টাৰ মেডোনা তেওঁৰ জাৰ্চী এটা পাবলৈ পাগল হৈ আছে৷ সাতে সোতৰই মিলি বেজ্জিঅ' সেইবাৰৰ বিশ্বকাপৰ মূখ্য আকৰ্ষণ৷
নিজৰ সুনাম অনুযায়ী সেইবাৰ তেওঁ খেলপথাৰত নিজৰ বিক্ৰম দেখুৱালে৷ বিপক্ষৰ বেহু ভেদ কৰি তেওঁ বিপক্ষৰ ৰক্ষণ বিভাগ তচ্ নচ্ কৰি আগুৱাই 'ল৷ যোগ্য সহযোগিতা আগবঢ়ালে মালডিনি, পাগলিউকা,  বৰেছি,ডোনাডোনি,নেপ'লি, এলবাৰ্টিনি, বাৰ্গোমিহঁতে৷ ছেমি ফাইনেল পোৱালৈ তেওঁ পাচটা ' কৰিলে৷ আশা কৰা মতে ইটালী ফাইনেলত উপনীত 'ল৷ প্ৰতিপক্ষ ডুংগা, ৰোমাৰিঅ', বেবেটোহঁতৰ শক্তিশালী ব্ৰাজিল৷
ইটালীক ফাইনেলত উপনীত হোৱা দেখি মই আনন্দত আত্মহাৰা৷ স্কুল,ওচৰ চুবুৰীয়া, দোকানী সকলোকে ইটালী ফাইনেল পোৱা খবৰ কৈ কৈ আজিকালিৰ ভাষাত এটা মস্ত কামোৰ হৈ উঠিছিলো৷ সকলোতে বেজ্জিঅ' ভৰষাত ওফাইডাং মাৰি আহিছো৷ বেবেটো আৰু ৰোমাৰিঅ' হৈ পৰিছিল মোৰ ব্যক্তিগত শত্ৰু৷ ফাইনেলৰ আগে আগে গম পালো বেজ্জিঅ' হেমষ্ট্ৰিং হৈছে৷ তাৰ মানে কি লগৰ কোনেও নাজানো, তথাপি মন বেয়া হৈ 'ল৷ ঘৰৰ ভগৱানৰ থাপনাখনৰ ওচৰলৈ মনে মনে গৈ এটা ডীল কৰি আহিলো৷
যথা সময়ত খেল আৰম্ভ 'ল৷ ভূপেন হাজৰিকাৰ 'বুকু হম হম কৰে' অৰ্থ সেইদিনা বুজা যেন পালো৷ বেজ্জিঅ' সেইদিনা নিজৰ স্ৱাভাৱিক খেল খেলিব পৰা নাই৷ তথাপি চেষ্টা কৰি গৈছে৷ দুয়োফালৰ পৰা প্ৰচণ্ড হেঁচা৷ কোনোও কাৰো বেহু ভেদ কৰিব পৰা নাই৷ দুইপক্ষৰ 'লৰক্ষক টাফাৰেল আৰু পাগলিউকা দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দি আছে৷ আমাৰ কাৰো মুখৰ মাত নাই৷ বেবেটো, ৰোমাৰিঅ'হঁতে  ব'ল পালেই বুকুখন চিৰিংকৈ যায়৷
নিৰ্ধাৰিত সময়ত কোনেও গ'ল দিব নোৱাৰিলে, এক্স্ট্ৰা টাইমটো একেই অৱস্থা৷ ফলত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলৰ ফাইনেলত দুয়োটা দল পেনাল্টি শ্বুটৰ বাবে সাজু হ'ল৷ মই ব্ৰহ্মা, বিষ্নু, মহেশ্বৰ, আল্লা, গড, ছাই বাবা, বিবেকানন্দ কাকো এৰা নাই৷ জীৱনত আৰু একো নালাগে৷ কেৱল ইটালীক জিকাই দিয়া৷
ইটালীৰ হৈ প্ৰথম শ্বট ল'বলৈ আহিল অধিনায়ক বৰেছি৷ শ্বট এণ্ড মিছ, এইফালে মই ফিউজ৷ ব্ৰাজিলৰ হৈ আহিল চান্টোছ৷ এইবাৰ পাগলিউকাৰ এক দুৰ্দান্ত ছেভ৷ জীৱটো আকৌ ঘুৰি আহিল৷ স্ক'ৰ ০-০৷  এইবাৰ এলবাৰ্টিনি আৰু ৰোমাৰিঅ', দুয়ো সফল৷ স্ক'ৰ ১-১৷ এইবাৰ আহিল ইভানি, সফল শ্বট৷ ব্ৰাজিলৰ হৈ ব্ৰাংকোও সফল, স্ক'ৰ ২-২৷ এইবাৰ আহিল মাছাৰো৷ দুৰ্দান্ত ফৰ্মত থকা টাফাৰেলে ব'ল চিটিকাই দিলে৷ মুৰে কপালে হাত দি বহি পৰিলো৷ ডুংগাই কোনো ভুল নকৰিলে, স্ক'ৰ ৩-২৷ হে ভগৱান, এইবাৰলৈ বচোৱা৷
এইবাৰ আহিল বেজ্জিঅ'৷ সেইদিনা বুজিলো টেনশ্যন কি বস্তু, খেল কেৱল খেল হিচাপে নল'লে কি হ'ব পাৰে, উফফফফ... ৷ বেজ্জিঅ' আগুৱাই আহিল৷ কিন্তু এয়া কি?? হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় থানবান কৰি বেজ্জিঅ'ই  ব'লটো নেটৰ ওপৰেৰে মাৰি পঠিয়ালে৷
আস কি বেদনাদায়ক আছিল সেই মুহুৰ্ত৷ বেজ্জিঅ'ই মুক হৈ আকাশলৈ চাই ৰ'ল, বৰেছিহঁত কান্দোনত ভাঙি পৰিল৷ এইফালে ডুংগা বাহিনীৰ উল্লাসৰ সীমা নাই৷ হতাশ, বিধস্ত মই কোনোমতে আহি নিজৰ ৰুম পালোহি৷ বাহিৰত ইতিমধ্যে ব্ৰাজিল চেম্পিয়ন হোৱাৰ বাবে আবতৰীয়া দেৱালী আৰম্ভ হৈ গৈছে৷ মোৰ বাহিৰে যেন সকলো ব্ৰাজিলৰ সুখৰ সমভাগী৷
আৰু মই? মই কেৱল মোৰ হিৰ'ৰ দুখ অনুভৱ কৰাৰ চেষ্টা কৰিছো৷ মই নিজে অনুভৱ কৰা দুখখিনিৰ বাবে নিজেই আছৰিত হৈছো৷ ভাবি পোৱা নাছিলো কেৱল টিভিত দেখিয়েই কেনেকৈ এজনৰ প্ৰতি ইমান আত্মীয়তা অনুভৱ কৰিব পাৰি৷ কিন্তু সেই বেদনাৰ মাজতে জন্ম লৈছিল মোৰ ফুটব'ল খেলৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ৷ সেই খেলখনে মোক ফুটব'লৰ প্ৰতি এনেকুৱা নিচা বহুৱাই দিলে যি মই আজিলৈকে উপভোগ কৰি আছো৷ ফুটব'লেই হৈ ৰ'ব মোৰ প্ৰিয় খেল৷ বিফল হলেও বেজ্জিঅ' আজিও মোৰ হিৰ', ইটালীয়েই সদায় হৈ ৰ'ব মোৰ প্ৰিয় দল৷