Wednesday 7 May 2014

::পাৰ্টিৰ কাম::


৷১।
- পাৰ্টিৰ কাম? কৰিব পাৰিম বুবুল দা। মই দেহে কেহে খাটিব পাৰিম, যি লাগে তাকেই কৰিম। কিন্তু চাকৰিটো হ’বটো বুবুল দা?
- ডিগ্ৰীৰেটো ইমান দিন একো নহ’ল। কিবা কৰিব পাৰিলি জানো? এইবাৰ পাৰ্টিক ভৰষা কৰি চাচোন। নিজেই গম পাবি কেনেকুৱাকৈ কপাল ফুলে এইবাৰ তোৰ।
৷২।
- জান প্ৰাণ দি কাম কৰিম বুবুল দা, সকলোৰে ঘৰে ঘৰে গৈ বুজাম। আমাৰ আদৰ্শৰ কথা, পলিচীৰ কথা, লক্ষ্যৰ কথা। এইবাৰ ভোট বেলেগত পৰিবলৈ নিদিও। আপুনি চাই থাকক।
- মুখৰ ভাষা সকলোৱে নুবুজে জয়। কেতিয়াবা প্ৰয়োজন হ’লে.............
- কিন্তু আমাৰ আইডিওলোজি?
- পেটৰ কথা ভাব। তোৰ মাৰ কেন্সাৰৰ কথা ভাব। আইডিওলোজিয়ে পেট নভৰায়, খুৰীৰ কেন্সাৰ ভাল নকৰে।
৷৩।
- ৰিগিং???
- অ’, ইমান আচৰিত হ’বলৈ কি হ’ল?
- তুমিটো মোক এইবোৰ কৰিব লাগিব বুলি কেতিয়াও কোৱা নছিলা? নাই মই নকৰো।
- ৱাহ। বাকী ৰাজু,গনেশহ’তে কষ্ট কৰিব আৰু তই একো নকৰাকৈ চাকৰিটো পাবি।
- কিন্তু এয়া চুৰি বুবুল দা।
- চুৰি ভাল নে পাৰ্টিক বিট্ৰে কৰা ভাল?
- কিন্তু বুবুল দা....
- তোৰ চাইকেল খন দেখোন বহুত পুৰণা হৈছে। কাইলৈ ওলাবি এখন বাইক কিনি দিম তোক।
৷৪।
- তই ভাঙি পৰিছ কিয়? এয়া আৰম্ভণিহে..
- বুবুল দা মোৰ উশাহ বন্ধ হৈ যাব কোনোবা দিনা।
- উশাহ বন্ধ হ’লে নহ'ব বোপা। পাৰ্টিৰ কাম কৰি চাকৰিটো নল’লে তোৰ গোটেই বংশৰ উশাহ বন্ধ হৈ যাব।
৷৫।
- বোমা বনাম??? বুবুল দা মই ফিজিক্সত মেজৰ লৈ পঢ়ি........
- ভনীয়েৰেক বিয়া দিবলৈ লাল নয়া এটা নাই। মাৰ ঔষধ কিনিবলৈ টকা মোৰ পৰা নিব লাগে। আৰু তই ইয়াত মেজৰৰ লেবেল দিবলৈ অহিছ।
৷৬।
- ইন্তাজুৰক মাৰি পেলালে বুবুল দা। কি যে হৈ গ’ল। ইমান ভাল ল’ৰাটোক কেনেকৈ মাৰি পেলালে আপোনালোকে। যোৱা বছৰ তাৰ মাকে ইদত ইমান মৰমেৰে খুৱালে। আজি সি আৰু নাই বুবুল দা..
- ইন্তাজুৰ বিৰোধীৰ দালাল আছিল, মনত ৰাখিবি এয়া বিপ্লৱৰ সময়..
- এয়া বিপ্লব??
- পাৰ্টিয়ে তাকেই কয়। তাতকৈ বেছি জানিবলৈ তোৰ দৰকাৰ নাই।
৷৭।
- বুবুল দা, চাকৰিটো?
- কেই মাহমান ধৈর্য্য ধৰ। ইলেকশনটো হৈ যাওক।
- কিন্তু তেতিয়ালৈ যে ভেকেন্সীটো নাথাকিব..
- বুৰ্বক, ইলেকশনৰ পিছত এনেকুৱা হাজাৰ হাজাৰ ভেকেন্সী ওলাব তঁহতৰ বাবে।
৷৮।
- অসম্ভৱ বুবুল দা।
- তোৰ মাক হস্পিটালাইজ কৰিছে মনত ৰাখিবি। এই সময়ত পাৰ্টিৰ হাত তোৰ ওপৰত নাথাকিলে....
- মই কেতিয়াও ৰিভলভাৰ চুয়েই পোৱা নাই। চলাম কেনেকৈ?
- চলাব নালাগে, লগত ৰাখিলেই হ’ল। কেৱল ইমাৰ্জেন্সীত হে।
- কেৱল ইমাৰ্জেন্সীতটো??
- পাৰ্টিৰ হাত সদায় তোৰ লগত আছে। চিন্তা কিহৰ?
- চাকৰিটো বুবুল দা?
- গুড বয়
৷৯।
- বুবুল দা, মই হত্যা কৰা নাই। বিশ্বাস কৰক।
জানো, পাৰ্টিয়েও জানে। কিন্তু দিপক দা ফছি গ’লে আমাৰ বিপদ হ’ব। মাত্ৰ দুমাহ, ইলেকশন গ’লেই...
- জেইল?? চাকৰিৰ বাবে আহিছিলো.... শেষত।
কিয় বুবুল দা???
- পুলিছৰ আগত যেন দিপক দাৰ নাম ভুলতেও নোলায়। নাম ওলালেই জিভা চিঙি দিম। আৰু মনত ৰাখিবি, তোৰ ভন্টি সদায় গধুলি কলেজৰ পৰা চাৰি মাইল খোজ কাঢ়ি ঘৰলৈ আহে।
- বুবুল দা........
৷১০।
- জয় তই পাগল হৈছ নেকি? ৰিভলভাৰটো গুছা, সেইটো লোডেড। কি পাগলামি কৰিছ? মোক মাৰিলে তই চাকৰি কেনেকৈ পাবি?
- চাকৰি হৈ গৈছে মোৰ। তপন দাই কথা দিছে মোক।
- তপন??? তই গৈ বিৰোধীৰ লগ লাগিলি শেষত...
- দেড় লাখ টকা দিব, পঞ্চাশ এডভান্স পাইছো ইতিমধ্যে।
- জয় প্লিজ... তই মোৰ ভাইটি হয়। সৰুতে তোক মই কোলাত লৈ ফুৰাইছিলো। মনত আছেনে তোক মই চাইকেল চলাবলৈ শিকাইছিলো।
বোমা বনাবলৈও শিকাইছিল... হত্যা কৰিবলৈও..
- জয় প্লিজ...
- তুমি মৰি গলে বৌ একেবাৰে অকলশৰীয়া হৈ যাব ন’ বুবুল দা.. মোৰ ভন্টিৰ দৰে বৌও অকলে অকলে কলেজৰ পৰা অহিব লাগিব ন’ বুবুল দা...
- জয়.........................