Monday 10 March 2014

গোৰ




ঠিক পেটৰ মাজভাগত গোৰটো পৰিল প্ৰিয়াৰ৷ বিষত কেঁকাই উঠিল তাই৷ পিছমুহুৰ্ততে অবাক হৈ বিষ পাহৰি তাই সন্মুখত থিয় হৈ থকা মানুহজনলৈ চালে৷ ৰিদিপ তাইৰ ঠিক সন্মুখত থিয় হৈ আছে৷ এইবাৰ আগতকৈও জোৰে এটা গোৰ পৰিল৷ বিষত বিতত হৈ পৰিল প্ৰিয়া৷

ৰিদিপে তেতিয়াই প্ৰিয়াৰ হাতৰ পৰা টান মাৰি ডায়েৰীখন কাঢ়ি ললে৷ সেইখন প্ৰিয়াৰ একান্ত ব্যক্তিগত ডায়েৰী৷ তাত লিখা কথাবোৰ তাইৰ একান্তই ব্যক্তিগত৷ তাই ৰিদিপক সেইখন ন'লবলৈ অনুৰোধ কৰিব খোজোতেই আকৌ এটা গোৰ৷ ৰিদিপে পঢ়িবলৈ আৰম্ভ কৰিলে৷

৬-৮-০৯:
আজি ৰিদিপ আহিছিল৷ কালিয়েই ফোন কৰি জনাইছিল আহিব বুলি৷ কলেজৰ গেইটৰপৰা ফোন কৰিলে মোক৷ লগৰ সহকৰ্মীবোৰৰ আগত তাক লগ ধৰিবলৈ অলপ লাজ লাগিছিল যদিও লক্ষীবাহঁতে পৰিবেশটো সহজ কৰি দিলে৷ ৰিদিপক আমাৰ কলেজ কেম্পাছটো দেখুৱালো৷ একেলগে 'ভেজি ফুড'ত খালো৷ তাৰ অলপ লৰালৰি আছিল বাবে সোনকালেই গুছি গ'ল৷ ৰিদিপ যোৱাৰ পিছত কিবা যেন উকা উকা লাগিছে মনটো৷

১৩-৫-১০:
আজি ৰিদিপৰ জন্মদিন৷ গুৱাহাটীত কিবা কিবি কাম থকা বুলি দেখুৱাই ঘৰৰ পৰা কোনোমতে গুৱাহাটীলৈ আহিছো৷ দিনটো ৰিদিপৰ লগত ফুৰিলো৷ ডেলিকেচীত খালো৷ ৰাতি মই মাহীৰ ঘৰত থকা কথা আছিল৷ ৰিদিপে মোক ৰিক্সা এখনত উঠাই নিজে বেলেগ ৰিক্সা এখনত উঠি মোক একেবাৰে মাহীৰ ঘৰলৈ আগবঢ়াই দিলে৷

৬-৯-১০:
ইতিমধ্যে ঘৰত আমাৰ কথা গম পাইছে৷ দেউতাই কোনোপধ্যেই আমাৰ এই সম্পৰ্ক মানি লোৱা নাই৷ মায়ে এইকেইদিন খঙতে মোৰ লগত মাত বোল কৰা নাই৷ কি যে হ'ব আমাৰ একো ধৰিবই পৰা নাই৷

১-১২-১০:
মোক কোনো খবৰ নিদিয়াকৈ ৰিদিপ আজি আমাৰ ঘৰ আহি ওলাইছিল, লগত মানস৷ মই কলেজত থকা বাবে তাক লগ নাপালো৷ এনেদৰে খবৰ নিদিয়াকৈ আহি ওলোৱা বাবে মোৰ চিন্তাত ত'ত নাই৷ সি কি কথা পাতিলে নাজানো, কিন্তু ঘৰত সকলোৰে খঙতো আগতকৈ কমা যেন লাগিল৷

৭-১০-১১:
ইমান বছৰৰ আপেক্ষাৰ অন্ত পৰিল৷ আজি আমাৰ বিয়া৷ অৱশেষত অনেক বাধা বিঘিনি নেওচি আজি আমি দুয়ো এক হ'বলৈ গৈ আছো, জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ৷

ডায়েৰীখন কাষৰ বিচনাখনত ৰাখি এইবাৰ ৰিদিপ প্ৰিয়াৰ ফালে আগুৱাই আহিল৷ প্ৰিয়াই শুই থকাৰ পৰা মুৰ তুলি চাওঁতেই এইবাৰ আকৌ এটা গোৰ৷

এইবাৰ কোনোমতে নিজকে চম্ভালি প্ৰিয়াই সেহাই সেহাই ৰিদিপক কলে,
'ৰিদিপ, আমাৰ সন্তান ফুটবলাৰেই হ'ব যেন পাইছো, এতিয়াৰপৰাই যি গোৰ শোধোৱা আৰম্ভ কৰিছে নহয়৷ তুমি বেডৰুমৰ পৰা বেজ্জিওৰ ফটোখন সোনকালে গুছোৱা৷ নহলে কণমানিটোৱে বেজ্জিওক দেখি দেখি মোৰ অৱস্থা নোহোৱা কৰিব৷'

ৰিদিপে প্ৰিয়াৰ কথা শুনি জোৰে জোৰে হাঁহিবলৈ ধৰিলে৷

No comments:

Post a Comment