Friday 12 January 2018

সাধুকথা… গছজোপাৰ

গছজোপা এদিন হঠাৎ মৰি থাকিল৷

অথচ মৰাৰ কথা নাছিল, কোনোকালে৷  আৰু মৰিবই বা কিয়? ওচৰে পাজৰে এনেকুৱা সতেজ গছ অন্য এজোপা আছিল জানো? যেনেকুৱা মসৃণ তাৰ গা, তেনেকুৱাই ধুনীয়া তাৰ পাতৰ বাহাৰ৷ নাজানো কৰ পৰা উফৰি আহি জন্ম ল'লে, গছজোপাই নিজেওঁ নাজানে৷ কেৱল গৰাকীৰ ঘৰৰ সন্মুখত অৱজ্ঞা আৰু অপৰিচিত ধুলিবোৰ গাত সানি অকাৰণত হাঁহি থাকে গছজোপাই৷ আবেলিৰ বতাহজাকে অবাক হৈ চাই থাকে গছজোপাক৷ দুষ্ট চৰাইবোৰে আনন্দত হাঁহি হাঁহি ঢলি পৰে তাৰ গাত৷ কাষৰ গছবোৰে তালৈ চাই থাকে, আৰু কোৱামেলা কৰে, " ইচচ্, তাৰ অহঙ্কাৰ চা৷ ইমান সাহস যে গৰাকীৰ অনুমতি নোহোৱাকৈ সি বতাহত উৰিবলৈ যায়৷"

  গছজোপাৰ বন্ধু বুলিবলৈ আছিল ফৰিং কেইটা, নানাৰঙী৷ সিঁহতে ভাল পাইছিল গছজোপাক৷ দুখে সুখে থিয় দিছিলহি কাষত৷ মৰ ঠাণ্ডাত যেতিয়া গছজোপা থকথককৈ কপিছিল, সিহতে আহি কৈছিল, "ভয় নকৰিবি, আমিওঁ আছো লগত৷" আৰু যিদিনা ধুমুহাজাকে অশান্ত ৰূপ লৈ তাণ্ডৱ সৃষ্টি কৰিছিল, সিহতেওঁ  সেইদিনা তাৰ লগতেই কান্দিছিল৷

তাৰপিছত? বুকুৰ কান্দোনবোৰ বসন্তৰ বতাহ হৈ ঘূৰি অহাৰ দিনা সিহতেওঁ আনন্দ কৰিছিল৷ আকাশখন সেইদিনা ৰঙীন হৈ উঠিছিল, ৰঙা- গেৰুৱা…… বগা! চৰাইবোৰৰ কলকলনিত ৰঙীন হৈ পৰিছিল সেই আবেলিটো৷ বিদেশী চৰাইজনীয়েওঁ উমাল চাদৰখন উৰাই দিছিল সেইদিনা৷ ঠাণ্ডা পাবি, ভালকৈ থাক৷ আহিছিল সিহত গছজোপাৰ মনৰ উমান ল'বলৈ৷ "আহ তোক লৈ যাম আমাৰ দেশলৈ, যাবি? আমাৰ দেশত ৰাতিৰ মায়াবী ৰাতিবোৰত আকাশৰ পৰা জলপৰীবোৰ নামি আহে৷ তাত বৰফবোৰ শুই আছে পাহাৰৰ কোলাত৷ সেইবোৰ সকলো আমাৰ বন্ধু৷ ৰাতি বতাহবোৰে অৰণ্যত সংগীতৰ মেলা পাতে৷ যাবি?"

সি আছিল নিজৰ মতেই৷ কাকো একো কোৱা নাছিল৷ আকাশখনক কথা দিছিল, "এদিন তোৰ বুকুত লিখি দিম সাহসৰ আখৰবোৰ৷" পশ্চিমৰ বতাহজাকক কৈছিল, " ভালদৰে যাবি, অহাবাৰ আকৌ দেখা হ'ব৷" গৰ্ভৱতী মেঘখিনিক কৈছিল, "সাৱধানে থাকিবি ভনী৷ পাহাৰৰ বুকুখন সাৱটি আলফুলে শুই থাকগৈ যা৷"

মায়াবোৰ বুকুতেই সাৱটি এদিন সি মৰি থাকিল৷ লৰি আহিল বৃক্ষ, পক্ষী, মেঘ, বতাহৰ সমদল৷ সকলোৱে বাহ্যিক দুখ প্ৰকাশ কৰিলে৷ দিন শেষ, সকলো গুছি গ'ল কামে কাজে৷ ৰৈ থাকিল "ৰ'দালীবোৰ"৷ সিহতক ভাড়া কৰি অনা সময়খিনি পাৰ হোৱা নাই যে এতিয়াওঁ৷

ৰৈ গ'ল ফৰিঙটো৷ কেৱল ফৰিঙটোৰ চকুত পৰিল মৃত গছজোপাৰ শুকাই যোৱা গুৰি, পঁচি যোৱা বাকলিবোৰ৷ দেখিলে গছজোপাৰ প্ৰতিটো পাতৰ আগত লাগি আছো বগা তেজবোৰ৷ আৰু সি কি দেখিলে জানা? গছজোপাৰ ফোঁপোলা শৰীৰটোৱে হাঃ হাঃ কৈ হাঁহিছে৷ হাঁহিটোত আছে তাহানিৰে পৰা কঢ়িয়াই ৰখা সুখ, দুখ, হাঁহি, কান্দোন, শুকোৱা অশ্ৰুকণাবোৰ৷

গছজোপাৰ গৰাকীয়েওঁ কান্দিছিল সিদিনা৷ তেতিয়াই নতুন মালীজনে সুধিলে, "কাটি পেলাই দিওঁনে গছজোপা?"

" কাটিবলগীয়া হৈ আছিলেই, পলমহে হ'ল৷ ভালকৈ কাটিবি৷ তই অনা নতুন পুলিটো কাষতে ৰুই দিবি৷ ঠাইখিনি খালী হৈ থাকিলে কিবা অসম্পূৰ্ণ যেন লাগিব৷"

ফৰিঙটোৱে শুনি আছে কথাখিনি৷ কথা দিছে সাক্ষী  হৈ থাকিব শেষ দৃশ্যটো শেষ হোৱাৰ পিছতো গছজোপাৰ লগত থিয় দিয়াৰ৷

No comments:

Post a Comment