Thursday 10 October 2013

পূজা আহিল




আজি ষষ্ঠী৷ ঢাক বজা আৰম্ভ হলেই ৷ আগৰ পূজাৰ উৎসাহ আজি আৰু নাই৷ পূজা বুলিলেই কিমান যে স্মৃতি,কিমান যে ঘটনা৷ নতুন কাপোৰ, পিষ্টল,বেলুন,জিলাপী আৰু কিমান যে কি৷

এতিয়া পিচে পূজা বুলিলেই অলপ চিন্তা হয়৷ ঘৰৰ দুৰ্গাসকলে পূজা মন্দপৰ লিষ্টখন তৈয়াৰ কৰিছেই৷ পূজা চাবলৈ যোৱা মানুহৰ লিষ্টখন এইবাৰ খুবেই দীঘল, গতিকে দাদা আৰু মই দুয়ো এইকেইদিন অবৈতনিক ফুলটাইম ড্ৰাইভাৰৰ চাকৰি পোৱাটো খাটাং৷ পূজা চোৱাৰ ফাঁকে ফাঁকে ৰেষ্টুৰেন্টৰ আগত দীঘলীয়া শাৰি পাতি এঘন্টামান আপেক্ষা কৰি বিধে বিধে খাই পকেট খালী কৰিবলৈ মই সাজু৷

আৰু বজাৰ সমাৰ আছেই৷ অফিছৰ কামত কলিকতা গৈছিলো৷ কিছু বজাৰ তাতে কৰিলো, এদিন ফেন্সী বজাৰত কৰিলো৷ অৱশ্যে বজাৰৰ লিষ্ট এতিয়াও শেষ হোৱা নাই৷ পছন্দৰ কাপোৰ বিছাৰি নাপাই পত্নীয়ে পেণ্ডিংত থৈ দিছে৷ মইহে এতিয়ালৈ একো পোৱা নাই পিছে, পত্নীয়ে অৱশ্যে শেষ মুহুৰ্তত কিবা ছাৰপ্ৰাইজ দি দিব বুলি মই এতিযাওঁ আশবাদী৷

তাৰপিছত আহিল বকচিছৰ খেল৷ ছুইপাৰ, পিয়ন আদি সকলোৱে ইতিমধ্যে বকচিছ আদায় কৰিলেই৷ চান্দাৰ কথা নতুনকৈ আৰু কি ক'ম৷ সকলোৱে জানেই দেখোন৷

পূজাস্থলী বুলিলে এতিয়া কেৱল প্ৰতিযোগিতা৷ প্ৰতিমা, মণ্ডপ, উদ্বোধক সকলোত কেৱল প্ৰতিযোগিতা৷ দুৰ্গাৰ প্ৰতিমাৰ ওচৰে পাজৰে অখিল গগৈ, আন্না হাজাৰে, সুধাকন্ঠ আদিক যোৱা বছৰ হেঁপাহ পলুৱাই চালো৷ এইবাৰ চাগে মেৰী কম, নৰেন্দ্ৰ মোডীহ'তৰ পাল৷ চাৰিওফালে কেৱল থীমৰ পয়োভৰ৷ জুৰাছিক পাৰ্ক, কৈলাশ পৰ্বত আৰু ক'ত কি যে থীম৷ কেতিয়াবা থীমৰ উৎপাতত দুৰ্গা দেৱীক বিছাৰি পোৱাই দিগদাৰ হৈ পৰে৷ আৰু তাৰ মাজত দেৱীক বিছাৰি পালেও মন বেয়া হে হয় কেতিয়াবা৷ বিপাশা বসু,মমতা,চোনিয়াৰ পৰা আৰম্ভ কৰি চাইনা নেহৱাললৈ, সকলোকে আপুনি দূৰ্গাদেৱীৰ ৰুপত দেখি যাব পাৰে৷

পৰিবৰ্তন আহিছে৷ কিন্তু তাৰ মাজতো দুৰ্গাপূজা নিজৰ স্বকীয় মহিমাৰে চলি থাকিব৷ আমিও পূজা চাবলৈ যাম, ফটো উঠিম৷ পূজা চাই ঘৰ পোৱাৰ আগতেই আমি ফেচবুকত দিয়া ফটোত লাইক, কমেন্ট আহি যাব৷ আগতে খোজ কাঢ়ি, বাছত উঠি পূজা চাবলৈ গৈছিলো৷ এতিয়া এচি গাড়ীত যাম৷ কিন্তু সৰুকালৰ দৰে চাগে আৰু উপভোগ কৰিব নোৱাৰিম৷

সেইবোৰ আজি স্মৃতি৷ সৰুকালৰ পিষ্টল- নতুন কাপোৰ, কৈশোৰত বন্ধুৰ সৈতে ৰাতি বাৰটালৈ পুজা চোৱা, ছোৱালী জোকোৱা, মোগলাই পৰঠা খোৱা, তাইক দেখা পাম বুলি বাৰে বাৰে বেলতলাৰ পূজালৈ যোৱা..... সকলো আজি এক স্মৃতি মাত্ৰ৷

এইবোৰ মনত পৰিলে দুৰ্গাপূজাৰ সময়ত মন বেয়া হয়৷ হাজাৰ চেষ্টা কৰিলেও সেই দিন উভটি নাহে৷ কোনো চিন্তা নাই, জীৱনত প্ৰতিষ্ঠিত হোৱাৰ যুঁজ নাই, চাকৰিৰ টেনশ্যন নাই৷ আহ!!! কি জীৱন কি হৈ গ'ল৷

এইবাৰ পূজাত দেৱীৰ পৰা কিবা বিছাৰিম৷ এবাৰ মাত্ৰ সেই শৈশব ঘুৰাই দিয়া, সেই দিনবোৰ এদিনৰ বাবে ঘুৰাই দিয়া, জীৱনটোক তেনেদৰে উপভোগ কৰিবলৈ তীব্ৰ ইচ্ছা হৈছে৷ আৰু তোমাৰ পৰা বেলেগ একো নিবিছাৰো৷

No comments:

Post a Comment