Friday 24 March 2017

:: নিনাদ ::

লেপটপটোৰ সন্মুখত অস্থিৰভাৱে বহি আছে অতনু৷ এই মূহুৰ্তত সি এটা চিগাৰেট ব্ৰেকৰ প্ৰয়োজনীয়তা বৰকৈ অনুভৱ কৰিছে৷ চিগাৰেটতো জ্বলাই লৈ খিৰিকীৰে বাহিৰলৈ চকু দিলে সি৷

অন্ধকাৰ এটা নিশা৷ আন্ধাৰতে কিবা উৰি যোৱাৰ শব্দ, বাদুলীয়েই হ'ব চাগে৷ সৌৱা দূৰত প্ৰকাণ্ড দালানটো৷ কোনে, কি ভাবি সেইটো সাজিছিল জানিবলৈ ইচ্ছা গ'ল অতনুৰ৷ দেখিলেই গম পোৱা যায়, বহু বছৰ ধৰি কোনো নাই সেই দালানটোত৷ অলপো পোহৰ নাই দালানটোত, তথাপি কিয় জানো সদায়েই অৱয়বটো স্পষ্টকৈ দেখা যায়৷

ভাবিলেই কিবা অদ্ভূত লাগে অতনুৰ৷ নাম নজনা বা জনাটো বৰ বিশেষ প্ৰয়োজনীয় বুলি নভবা জন্তুৰ শুন নুশুন চিঞৰ কিছুমানে যেন তোলপাৰ লগাই থাকে দালানৰ চৌহদত৷ বিশাল পথাৰখনৰ সিটো পাৰেই দালানটো৷ কেতিয়াবা যাব লাগিব তালৈ৷ প্ৰায়েই অহাৰ দৰে আজিওঁ মনলৈ সেই একেই ভাবেই আহিল৷ তিনি মাহেই হ'ল অতনুৰ ইয়ালৈ অহা৷ নিঃসংগতা আৰু ব্যস্ততাৰ এক অদ্ভূত কম্বিনেচনৰ মাজেৰে দিনবোৰ পাৰ হৈছে৷

চিগাৰেটটোত এটা দীঘলীয়া টান মাৰিলে অতনুৱে৷ কামৰ হেঁচা ইয়াতে অদ্ভূত ধৰণৰ৷ যোৱা তিনি মাহত এদিনো চুটী লোৱা হোৱা নাই৷ ৰবিবাৰ বুলি একোৱেই নাই৷ সা সুবিধা পিছে সকলো দিছে৷ প্ৰকাণ্ড এটা কোৱাৰ্টাৰ, ঘৰৰ বন কৰিবলৈ মানুহ, বজাৰ সমাৰ কৰিবলৈ বাহিৰলৈ যোৱাৰ দৰকাৰেই নাই৷ নিজেই এক চক্ৰত বন্দী হৈ পৰিছে অতনু, মুক্তিৰ সোৱাদ বিছাৰি সি ব্যাকুল৷

দুৱাৰত টোকৰ পৰিল৷ বাহিৰত সুন্দৰী নাৰ্চজনী৷ এই মূহুৰ্তত নাৰ্চজনীৰ নামটো তাৰ মনত পৰা নাই৷ দেখিলেই গম পোৱা যায়, একেবাৰে উধাতু খাই আহিছে৷

- চাৰ, বাৰ নম্বৰৰ পেচেন্টে আকৌ উৎপাত লগাইছে৷ সোনকালে বলক৷

ডিউটি নথকা সময়খিনিটো শান্তি নাই৷ এইবোৰ কাৰণতে থাকিবলৈ মন নাযায়৷ মানসিক ৰোগীৰ চিকিৎসাৰ বাবে স্থাপন কৰা এই চিকিৎসালয়খন একেবাৰে ভিতৰুৱা ঠাইত বাবে ইয়ালৈ কোনো ডাক্তৰ, নাৰ্চ আদি আহিব নোখোজে৷ ফলত মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে এই বৰ্ধিত ৰোগীৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে৷

বাৰ নম্বৰ ৰুমৰ পৰা হুলস্থুলৰ শব্দ ভাঁহি আহিছে৷ কোনজন ৰোগী বাৰ নম্বৰত আছিল অতনুৰ ঠিক মনত পৰা নাই৷ আগতে সি এনেকুৱা  নাছিল৷ দিনে দিনে স্মৃতিশক্তিয়ে তাৰ লগত খেলিবলৈ লৈছে৷ কিবা যেন অসহ্যকৰ৷

এজন ডেকা ল'ৰা আছিল অৱশ্যে৷ নিজকে দিল্লীৰ কোনো হস্পিটেলৰ ডাক্তৰ বুলি ভাবে৷  মাজে মাজে বৰ ভয়ানকভাৱে উন্মাদ হৈ পৰে ল'ৰাটো৷

বাৰ নম্বৰত সোমাই পৰিল অতনু৷ ভিতৰৰ অৱস্থা দেখি আৰু বেছি গহীন হৈ পৰিল অতনু৷ ৰাধা নামৰ নাৰ্চগৰাকী মজিয়াত অচেতন হৈ পৰি আছে৷ এইফালে চাৰিজনী নাৰ্চে মিলিওঁ ৰখাব পৰা নাই ৰোগীক৷ এজনীয়ে ৰোগীক শিকলি লগাবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷

ৰাধাৰ কাষত বহি পৰে অতনু৷ ৰাধাই ৰোগীগৰাকীক বেজী দিবলৈ আহোতে ওলোটাই আক্ৰমণ কৰি বেজী সুমুৱাই দিছে হেনো৷ লগতে দুটা ঘোঁচাওঁ শোধাইছে৷ ৰাধাক লৰালৰিকৈ চিকিৎসাৰ বাবে পঠিয়াই দি ৰোগীৰ ওচৰলৈ আহে অতনু৷ ৰোগীক গোটেইকেইজনীয়ে ধৰি বান্ধি ৰাখিছে৷ ফলত সাময়িকভাৱে অৱস হৈ পৰিছে তেওঁ৷ ৰোগীজনীৰ কেচটো অলপ ব্যতিক্ৰমী৷ অতনুৱে এইজনী ৰোগীৰ কথা লৈ চিনিয়ৰ দুজনমানৰ লগত যোগাযোগো কৰিছে ইতিমধ্যে৷

- পেচেন্টৰ ফাইলটো লৈ আহা৷

এজনীয়ে ফাইলটো লগে লগে অতনুৰ হাতত তুলি দিলে৷ ফাইলটো লুটিয়াবলৈ আৰম্ভ কৰিলে সি৷

"নাম- বাসৱী বৰুৱা৷
বয়স- সাতাইশ৷"

বাসৱী বিবাহিতা৷ ছয় বছৰীয়া এজনী ছোৱালী আছে৷ সৰু আৰু সুখী পৰিয়াল৷ যোৱা বছৰ গোৱালৈ ফুৰিবলৈ গৈছিল তিনিওঁ৷ দেউতাক শুই থাকোতেই কণমাণিজনীয়ে ডাঢ়ি খুৰোৱা ৰেজৰেৰে দেউতাকৰ ডিঙিত ৰেপ দি হত্যা কৰিছে৷ তাৰ পিছৰ পৰা বাসৱী ইয়াত৷

কোনাবাক অকলে পালেই জপিয়াই পৰে বাসৱী৷ শহুৰৰ ঘৰৰ লগত বাসৱীৰ সম্পৰ্ক ভাল নাছিল৷ গতিকে শহুৰৰ ঘৰৰ মানুহে পাগলীৰ মিছা অপবাদ দি বাসৱীক পতি আৰু জীয়ৰীৰ পৰা নিলগাই ৰাখিছে৷ এয়া হ'ল বাসৱীৰ যুক্তি৷

আকৌ হিংস্ৰ হৈ পৰিছে বাসৱী, নাৰ্চ আইভীৰ জোৰে কামুৰি দিছে৷ এই শৰীৰটোত ইমান শক্তি ক'ত লুকাই আছে তাকেই ভাবি ত'ত পোৱা নাই অতনুৱে৷ নাই আৰু নহ'ব৷ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব ধৰিছে৷

"বাসৱী"! অতনুৰ ধমকিত উচপ খাই উঠিল তাই৷ এপলকৰ বাবে ৰৈ যায় বাসৱী৷ লাহে লাহে অতনুৰ ফালে মুখ কৰি থিয় হয় তাই৷
- কওঁক ডাক্তৰ!

কি ভয়ানক মাত৷ অতনুৰ অন্তৰাত্মা কঁপি উঠে৷ যেন বাসৱী কোনোবা বেলেগ জগতলৈ গুছি গৈছে৷ যথাসম্ভৱ স্বাভাবিক হৈ থাকি অতনুৱে কথা আৰম্ভ কৰে,
- এইবোৰ কি কৰি আছা বাসৱী? মই তোমাৰ বাবে ইমান ভাল খবৰ লৈ আহিছিলো৷

অলপ অন্যমনস্ক হোৱা নাৰ্চজনীক এটা প্ৰচণ্ড ঘোঁচা শোধাই আগুৱাই আহে বাসৱী৷
- কি খবৰ?

তোমাৰ ঘৰৰ মানুহৰ লগত মোৰ কথা হৈছে৷ তুমি ভালকৈ থাকিলে অহা সপ্তাহত আমি তোমাৰ ছোৱালীক ইয়ালৈ লৈ আহিম৷ তাৰপিছত তুমি বিছৰা মতে একেলগে থাকিবা৷
- মোৰ ছোৱালী!!

চকুৰ কোণ সেমেকি উঠে তাইৰ৷ অতনুৱে চকুৱে পিছফালৰ নাৰ্চজনীক ইংগিত দিয়ে৷ বাসৱীয়ে লৰিবলৈ পোৱাৰ আগতেই অজ্ঞান হোৱা ইঞ্জেকচন বাসৱীৰ শৰীৰত সোমাই পৰে৷ ক্ষণিকৰ বাবে খঙত ফাটি পৰে বাসৱী৷ লাহে লাহে ঢলি পৰে মুহূৰ্ততে৷

সুন্দৰী এই নাৰীয়ে নিজৰ পতি- পুত্ৰীৰ সৈতে নিজৰ মানসিক ভাৰসাম্যওঁ হেৰুৱাইছে৷ অতনুৱে চেষ্টা কৰি মানসিক ভাৰসাম্যৰ সমস্যা ঠিক কৰিলেওঁ বাসৱীয়ে পিছলৈ কৰিব কি? জীয়াব কেনেকৈ?
কি বিচিত্ৰ জীৱন! হুমুনিয়াহ কাঢ়ি অতনু বাহিৰলৈ ওলাই আহে৷

****

- সুপ্ৰভাত৷
অতনুক দেখিয়েই মিঠা হাঁহি এটাৰে মাত লগালে তাই৷ কোনে ক'ব কালিৰ বাসৱীজনী এইজনীয়েই৷
- সুপ্ৰভাত৷ গা কেনেকুৱা এতিয়া?
- ঠিকেই আছো৷ অলপ মুৰৰ বিষ এটা হৈ আছে৷
- কিবা লিখি আছে?
- নাই এনেই৷ গল্প এটা লিখি আছিলো কিছুদিন ধৰি৷ আঁত হেৰাই গৈছে মাজতে, তাকেই  মিলাবলৈ চেষ্টা কৰিছো৷
- আপুনি লেখিকা? মই একেবাৰে নাজানিছিলো৷
- নাই নাই৷ মই লেখিকা নহয়৷ এনেই সময়বোৰ পাৰ কৰিবলৈ আঁক বাঁক কৰো৷ সিমানেই৷
- মোৰ নিজৰ জীৱনৰেই দুটামান ভাল প্লট আছে৷ পিছে আমি কলমেৰে সেইবোৰ সজাব নাজানো, সেয়াই দুখ৷
- ৱাহ, কবচোন দুটামান প্লট৷ কিজানি ময়েই কিবা সমল পাওঁ৷

বাহিৰৰ ফুলনিখনত পায়চাৰি কৰিছে দুয়ো৷ অতনুৱে জীৱনৰ অধ্যায় শুনাবলৈ সাঁজু৷

- তেতিয়া মোৰ বয়স তিনি- চাৰি বছৰ৷ যোৰহাটৰ কাষৰ এখন চাহ বাগানত মই ডাঙৰ হৈছিলো৷ ওচৰে পাঁজৰে মোৰ বয়সৰ কোনো নাছিল৷ নিঃসংগতাৰ মাজত ডাঙৰ হৈছিলো৷ ওচৰৰ বাগানৰ ল'ৰা ছোৱালীবোৰৰ সঙ্গ ল'বলৈ মোক ঘৰৰপৰা অনুমতি নাছিল৷ মাৰ ভাষাত সিঁহত জঙ্গলী৷ সেই ল'ৰা ছোৱালীবোৰৰ সৈতে মোক খেলিবলৈ দিয়াটো আছিল সপোনৰো অগোচৰ৷ ব্যস্ত মা - দেউতা, পুতলা, গাড়ী, সাধুকথা… এইবোৰেই জীৱন আছিল মোৰ৷

দেউতা আছিল খুবেই ধাৰ্মিক৷ পূজা- পাতলত প্ৰায়েই ব্যস্ত থাকিছিল৷ মোকো ভগবানৰ বিভিন্ন সাধু শুনাইছিল৷ নাজানো কিয় এই সাধুবোৰত অলপো ৰস নাপাইছিলো৷ মোৰ সেই সৰুৰেপৰা ভাল লাগিছিল ভূত, প্ৰেত, চয়তানৰ কাহিনী৷

বাসৱীয়ে একেথৰে অতনুৰ ফালে চাই  আছে৷ অতনুৱে গুৰুত্ব নিদিলে৷

- মাক আবদাৰ কৰি এইবোৰ সাধু শুনিছিলো৷ মায়ে মোক এখন বেলেগ জগতলৈ লৈ গৈছিল৷ মায়ে কোৱা চয়তানৰ চৰিত্ৰ এটাৰ লগত মোৰ আত্মীয়তা গঢ়ি উঠিছিল৷  গোটেই পৃথিৱীখন সেই চয়তানটোৰ বিচৰণভূমি আছিল৷ মন গলেই মানুহৰ শৰীৰত সোমাই সেই শৰীৰ নিয়ন্ত্ৰণ কৰিছিল৷ মই এই কাহিনীবোৰ শুনি ৰোমাঞ্চিত হৈ পৰিছিলো৷ চয়তানক বিছাৰি মই চলাথ কৰিছিলো ইফালে সিফালে৷

- আপুনি মোক এইবোৰ কিয় শুনাইছে ডাক্তৰ? কি ক'ব বিছাৰিছে বাৰু আপুনি?

- অৱশেষত চয়তানক মই লগ পালো৷ দুপৰীয়া সকলো শুৱাৰ পিছত চয়তানৰ লগত মোৰ মেল বহে৷ চয়তানে মোক সদায় খেলিবলৈ নতুন নতুন বস্তু আনি দিয়ে, নতুন নতুন কথা শিকাই দিয়ে৷

- ডাক্তৰ চুপ! একদম চুপ৷

- এদিন চয়তানে মোক এক মজাৰ খেল শিকাই দিলে৷ দেউতাৰ ৰেজৰখনৰ দৰে এখন ৰেজৰ মোৰ হাতত তুলি দিলে৷ দেউতা শুই থাকোতে দেউতাৰ ডিঙিত এবাৰ ঘঁহি দিলেই ময়ো পাই যাম চয়তানৰ দৰে চুপাৰ পাৱাৰ৷

- চাট আপ ডাক্তৰ৷ আপুনি বেছি বাঢ়ি গৈছে৷ এইবোৰ আপোনাৰ কাহিনী মুঠেই নহয়৷

- আমি গোৱালৈ ফুৰিবলৈ হৈছিলো৷ মা ৰাতিপুৱাই উঠি গা ধুবলৈ গৈছিল৷ দেউতা বিছনাতেই৷ চয়তানে খিৰিকীৰ সিপাৰেৰে চকুৰ টিপ মাৰি দিলে৷ মই ৰেজৰ লৈ বিছনালৈ আগুৱাই গ'লো৷

- আৰু এটা শব্দওঁ নকব ডাক্তৰ৷ জোৰ কৰি মোৰ মনত কথাবোৰ সুমুৱাই নিদিব৷ মই নুশুনো একো৷

মায়ে এতিয়াওঁ ভাবে মই সেইদিনা একো কৰা নাছিলো৷ মায়ে ভাবে দেউতা এতিয়াওঁ বাঁচি আছে৷ আছলতে কথাবোৰ কি বাৰু মিছেছ বাসৱী? মা শুদ্ধ নে মই?

অতনুৰ ডিঙিত সজোৰে টিপি ধৰে বাসৱীয়ে৷ লগে লগে চিকিৎসালয়ৰ কেইজনমান কৰ্মচাৰীয়ে দৌৰি আহি বাসৱীক আতৰাই নিয়ে৷

- তয়ো মোৰ ছোৱালীক মোৰপৰা আঁতৰাই নিবলৈ ওলাইছ?? তোক মই মাৰি পেলাম ডাক্তৰ!

****

সন্ধ্যা নামি আহিছে৷ নিজৰ কোঠাত বহি আৰামেৰে কফিৰ কাপত চুমুক দিছে অতনুৱে৷ হাতত এইবাৰৰ প্ৰান্তিকখন৷ দুৰৰ দালানটো আজিওঁ পোহৰ অবিহনেওঁ স্পষ্ট হৈ জিলিকি আছে৷ কাষৰ একোৱেই দেখা নাযায়৷ কেৱল দালানটো৷ আচৰিত!

দুৱাৰত তীব্ৰগতিত টোকৰ পৰিল, জোৰে জোৰে৷ বাহিৰত হস্পিটেলৰ চকীদাৰজন, একেবাৰে উধাতু খাই আহিছে৷
  চেহেৰাত স্পষ্ট বিৰক্তি লৈ অতনুৱে প্ৰশ্ন কৰে,
- এইবাৰ আকৌ কি হ'ল?
- বাৰ নম্বৰৰ পেচেন্ট পলাইছে চাৰ৷ গোটেই হস্পিটেল বিছাৰিওঁ নাপালো৷

বাহিৰত কিবা নাম নজনা জন্তুৰ বিকট চিঞৰ৷

****
*শেষচোৱা*

দুৱাৰত টোকৰ পৰিল৷ বাহিৰত সুন্দৰী নাৰ্চজনী৷ এই মূহুৰ্তত নাৰ্চজনীৰ নামটো একেবাৰে মনত পৰা নাই৷ দেখিলেই গম পোৱা যায়, একেবাৰে উধাতু খাই আহিছে৷

- বাৰ নম্বৰৰ পেচেন্টে আকৌ উৎপাত লগাইছে৷ সোনকালে বলক৷

ডিউটি নথকা সময়খিনিটো শান্তি নাই৷ এইবোৰ কাৰণতে ইয়াত থাকিবলৈ মন নাযায়৷ মানসিক ৰোগীৰ চিকিৎসাৰ বাবে স্থাপন কৰা এই চিকিৎসালয়খন একেবাৰে ভিতৰুৱা ঠাইত বাবে ইয়ালৈ কোনো ডাক্তৰ, নাৰ্চ আদি আহিব নোখোজে৷ ফলত মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে এই বৰ্ধিত ৰোগীৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছে৷

কোনজন ৰোগী বাৰ নম্বৰত আছিল  ঠিক মনত পৰা নাই৷ দিনে দিনে স্মৃতিশক্তিয়ে লুকাভাকু খেলিবলৈ লৈছে৷ কি যে অসহ্যকৰ!

এজন ডেকা ল'ৰা আছিল অৱশ্যে৷ নিজকে দিল্লীৰ কোনো হস্পিটেলৰ ডাক্তৰ বুলি ভাবে৷  মাজে মাজে বৰ ভয়ানকভাৱে উন্মাদ হৈ পৰে ল'ৰাটো৷

ৰিচিপচনৰ মুখতেই নাৰ্চ এজনীক দেখি অৰ্ডাৰ দিলে,
- পেচেন্টৰ ফাইলটো লৈ আহা৷

এজনীয়ে ফাইলটো হাতত তুলি দিলে৷ ফাইলটো লুটিয়াবলৈ আৰম্ভ কৰিলে৷

"নাম- অতনু বৰুৱা৷
বয়স- সাতাইশ৷"

বাৰ নম্বৰ কোঠাটোৰ ভিতৰত একো সাৰি শব্দ নাই৷
- পেচেন্টে এইমাত্ৰ শিকলি চিঙি পলাইছে৷ ক'ত লুকাই আছে কোনেওঁ বিছাৰি পোৱা নাই৷ আপুনি সাৱধানে থাকিব৷ আমি আকৌ বিছাৰো ভালকৈ৷

বাহিৰত কিবা নাম নজনা জন্তুৰ বিকট চিঞৰ৷ নোম শিয়ৰি উঠা নিনাদ৷ এক অজান আশংকাই গ্ৰাস কৰি পেলালে ডাক্তৰ বাসৱীক৷

পথাৰৰ সিপাৰৰ দালানটোতো একেই সময়তে এক অজান আশংকাত অস্থিৰভাৱে বহি আছে এক যুৱক, সন্মুখত ডাক্তৰ বাসৱীৰ কেবিনৰ পৰা লৈ অহা লেপটপটো৷

No comments:

Post a Comment