Friday 24 March 2017

::পৌনঃপুনিক ::

লেপটপটো বন্ধ কৰিলে সমুদ্ৰই৷ নতুন ঠাই, নতুন অফিচ…… এতিয়াওঁ ভালকৈ মন বহুৱাব পৰা নাই৷ জইন কৰাৰ পিছৰে পৰা কামে হেঁচা মাৰি ধৰিছে সমুদ্ৰক৷ গতিকেই এই ৰাতিখন অকলে অকলে লেপটপত ব্যস্ত হৈ আছিল সমুদ্ৰ৷

সমুদ্ৰৰ ঘৰ ডিব্ৰুগড়ত৷ বাঙ্গালোৰত পঢ়া শুনা কৰি তাৰেই এটা কোম্পানীত যোৱা পাঁচ বছৰে চাকৰি কৰি আছিল৷ ঘৰৰ ওচৰলৈ অহাৰ তাড়নাত সেই  চাকৰি এৰি কিছুদিন আগতে গুৱাহাটীত বৰ্তমানৰ কোম্পানীটোত জইন কৰিছে৷ বাঙ্গালোৰৰ তুলনাত গুৱাহাটী এখন শান্ত, সৰু চহৰ৷ ভুল সিদ্ধান্ত ল'লে নেকি?? কেতিয়াবা সমুদ্ৰৰ মনলৈ এনে ভাৱ নহা নহয়৷ এতিয়াওঁ ভাৰাঘৰ লোৱাই নাই সি, হোটেলৰ পৰাই কাম চলাই আছে৷ শনি, ৰবিবাৰৰ ভিতৰত ঘৰ এটা ঠিক কৰিব লাগিব৷ ঘৰটোৰ গতি লাগিলে বাকীবোৰো ঠিক হৈ যাব চাগে৷ এতিয়া হোটেললৈ গৈ ভালকৈ শুৱাহে কথা৷

পঞ্চম মহলাৰ পৰা লিফটেৰে নামি আহিল সমুদ্ৰ৷ অফিচৰ বিল্ডিঙটোৰ তৃতীয় মহলাতেই আছে টপাজ ডিস্ক'থেক৷ মুহুৰ্ততে হোটেললৈ যোৱাৰ পৰিকল্পনা সলনি কৰি লিফটৰ তিনি নম্বৰ বুটামটো টিপি দিলে সমুদ্ৰই৷

- লাৰ্জ৷
পচন্দৰ ব্ৰেণ্ডলৈ আঙুলিয়াই ৱেইটাৰজনক অৰ্ডাৰ দিলে৷

- বহিব পাৰো? যদিহে আপুনি বেয়া নাপায়৷ গোটেই টেবুলবোৰ ভৰ্তি৷
আগন্তুকৰ মাতত সচকিত হৈ পৰিল সমুদ্ৰ৷
- অ' নিশ্চয়, নিশ্চয়৷
- থেংক ইউ৷ টপাজত আপুনি নতুন চাগে৷ আগতে দেখা মনত নপৰে৷
- টপাজত নহয়, গুৱাহাটীতেই নতুন বুলিব পাৰে৷ এমাহো হোৱা নাই৷
- ঔকে৷ ফিফট্ ফ্লোৰত কাম কৰে চাগে?
- আপুনি কেনেকৈ জানিলে??
- বুকুত আই আৰ্ড ওলমি আছে মিষ্টাৰ সমুদ্ৰনীল  বৰা৷
- হাঃ হাঃ৷ ভাল অবজাৰ্ভাৰ আপুনি৷ ভাল লাগিল৷
- আপুনি ট্ৰেঞ্চফাৰ হৈ আহিছে?
- নহয়৷ চাকৰি সলালোঁ৷ আগতে বাঙ্গালোৰত আছিলোঁ৷
- বাঙ্গালোৰৰ পৰা গুৱাহাটী পালে? চেহ, মই হ'লে নাহিলোহেঁতেন৷
- মোৰো মাজে মাজে ভুল কৰা যেনেই লাগি আছে৷ পাৰিলে একেবাৰে ডিব্ৰুগড়তেই ঘূৰি যোৱাৰ মন আছে৷ গুৱাহাটীখন পচন্দ হোৱা নাই দেখোন৷
- হৈ যাব, হৈ যাব৷ আপুনি গুৱাহাটীখন ভাল পাবলৈ শিককচোন৷ এৰিবই নোৱাৰিব৷
- তাকেই৷ কিছুদিন থাকিলেহে মন বহিব চাগে৷

আড্ডা জমি আহিছে৷ সংলগ্ন- অসংলগ্ন, শ্লীল- অশ্লীল, ব্যক্তিগত৷

- আপুনি কি কৰে গম নাপালোঁ৷
- অহ, মই ব্যৱসায় কৰো৷ কাপোৰৰ৷ সৰু সুৰা ব্যৱসায়৷
- আপোনাৰ কাপোৰ- কানি, সোণৰ চেইন দেখি সৰু ব্যৱসায় যেন লগা নাই পিছে৷
- হেঃ হেঃ৷ ফেমিলী কোলকাতাত থাকে, মই এই ক্লাব, ডিস্ক', পাৰ্টি লৈয়েই ব্যস্ত হৈ থাকো৷
- ভাল ভাল, মইহে ইয়াত বিৰাট অকলশৰীয়া হৈ গৈছো৷
- আৰে এতিয়া সেইবোৰ চিন্তা নকৰিব৷ মোক লগ পালে যেতিয়া এতিয়া আপোনাৰ বাবে গুৱাহাটী একদম হেপেনিং কৰি দিম৷  
- বঢ়িয়া৷ অহা শনিবাৰে কিবা এটা প্লেন কৰো তেন্তে৷
- চিউৰ বছ্৷

টুং টাং!!! বেকগ্ৰাউণ্ডত "ব্ৰেক আপ চং"…

- বাৰু মিষ্টাৰ সমুদ্ৰ, এটা কথা সোধো৷
- কওঁক৷ বিন্দাছ কওঁক৷
- আপোনাৰ মুখখন বিৰাট চিনাকী যেন লাগি আছে৷ কেনেবাকৈ ক'ৰবাত আমি আগতে লগ পাইছিলোঁ নেকি?
- আচৰিত! এইটো প্ৰশ্নকেই মই তেতিয়াৰ পৰা সুধিম বুলি ভাবি আছিলোঁ৷ আপোনাক ক'ৰবাত পাইছো মই৷ ডিব্ৰুগড়, বাঙ্গালোৰ??
- এসময়ত খুব ডিব্ৰুগড় গৈছিলোঁ৷ হয়তো কৰবাত৷ ময়ো একদম মনত পেলাব পৰা নাই৷

- অৱশ্যে মোৰ মুখখনো একদম কমন৷ মোৰ দৰে মানুহ য'তে ত'তে দেখিব৷

- নাই নাই৷ ক'ৰবাত পাইছো আপোনাক মই৷ এদিন ভালকৈ বহিম দুয়ো মনত পেলাবলৈ৷ আজি উঠিব লাগিব৷ জৰুৰী কাম এটা আছে৷

- আৰে বহক, এই ৰাতি কিনো জৰুৰী কাম আছে৷

- নহয় মিষ্টাৰ সমুদ্ৰ৷ আজি মোৰ ডাক্তৰৰ ওচৰত এটা জৰুৰী এপইন্টমেন্ট আছে৷ 

- এই ৰাতি?? এতিয়া দহটা বাজিবৰ হ'ল দেখোন৷

- নক'ব বুজিছে৷ চিনাকী ডাক্তৰ, এই ৰাতিখন ঘৰলৈ গৈ দেখুৱাম৷ বৰ অশান্তি পাইছো৷ ছালৰ সমস্যা৷

- ডাক্তৰজন ভালনে? ময়ো বৰকৈ ভূগি আছো ছালৰ সমস্যাত৷

- আৰে ডাৰ্মাটোল'জিষ্ট নীহাৰ চৌধুৰী গুৱাহাটীৰ বেষ্ট৷ মই আপোনাৰ এপইন্টমেন্ট লৈ দিম বাৰু৷

- বৰ উপকাৰ হ'ব৷ গোটেই শৰীৰটোতে কিবা যেন চুৰীৰে খুঁচি দিয়াৰ দৰে দাগ৷ বৰ অসহ্য৷

- হোৱাট??

- কিয় কি হ'লনো?

- আচৰিত৷ মোৰো একেই সমস্যা৷ কিবা নতুন বেমাৰ নহয়টো৷ এনীৱেইজ, মই আপোনাৰ এপইন্টমেন্ট লৈ জনায় আছো৷

- বহুত ধন্যবাদ৷ পিছে মনটোহে বৰ খুচখুচাই আছে৷ আপোনাক ক'ত দেখিছিলোঁ মনত পৰা নাই একদম৷

- একদম৷ আমি ক'ৰবাত ভালকৈ লগ পাইছো৷ সেয়া চিউৰ৷ এনীৱেইজ আজিলৈ এৰিছো৷ বেছি পলম হ'লে ডাক্তৰে গালি দিব৷

ভদ্ৰলোকে ঢলং পলঙকৈ  গতি কৰিলে৷ হঠাৎ কিবা এটা মনত পৰিল সমুদ্ৰৰ৷

- এক্সকিউজ মি৷ আপোনাৰ নামটো সোধাই নহ'ল৷

- অহ, ময়ো ক'বলৈ পাহৰি থাকিলো৷ মাইচেল্ফ অতনু… অতনু বিশ্বাস!

*****

তেতিয়াৰে পৰা বহীখন সন্মুখত লৈ বহি আছে বাসৱী৷ হাতত দুডাল পেঞ্চিল৷ ক'ৰপৰা, কেনেকৈ আৰম্ভ কৰিব সেয়া যেন ঠিক কৰিব পৰা নাই তাই৷

দেৱালৰ ঘড়ীয়ে এঘাৰ বজাৰ সংকেত দিলে৷ একাপ ডাৰ্ক কফি৷ আকৌ বহীখনলৈ চকু দিলে বাসৱীয়ে৷ সোণ মামা, চুবুুৰীৰ ৰন্টুদা, স্কুলৰ ভাগৱতী চাৰ, গণেশগুৰিৰ সেই ফুটপাথৰ পাগলটো, চানমাৰীৰ সেই বাইকখন, আৰু ……… সকলো বন্ধ হৈ আছে এই বহীত৷ পুৰুষৰ নগ্নতা, লোভ, কামুকতা সকলো৷

আৰু আছে প্ৰেম৷ সকলো নেওঁচি কৰা প্ৰেম৷ লগতে ঘৃণা৷ ঘৃণা বৰ বেয়া বস্তু, বিশেষকৈ ভালপোৱা যেতিয়া ঘৃণাৰ পৰ্যায়লৈ গুছি যায়৷ প্ৰতিটো ভগ্ন হৃদয়ৰ খেলে সমৃদ্ধ কৰিছে তাইক৷ বেছি নিবিড় হৈ পৰিছে তাই এই বহীখনৰ সৈতে৷ পেঞ্চিলেৰে এটা খোঁচ মাৰি দিলে তাই বহীখনত, সজোৰে৷

শৈশৱ, কৈশোৰ, যৌৱনৰ সেই দিনবোৰ তাই মনত ৰাখি থৈছে, থৈ দিছে এই বহীত৷ সৌৱা তৃতীয় পৃষ্ঠাত ভাগৱতী চাৰৰ ছৱি৷ সুস্থ- সৱল মানুহজনক এদিন হঠাৎ কোনোবাই শোৱা কোঠাতে হানি খুঁচি মাৰি থৈ গ'ল৷ শেষৰ পৃষ্ঠাৰ বাইকাৰজন হেনো এক্সিডেন্ট হৈ চিৰজীৱনৰ বাবে পংগু৷ বহীখনৰ সকলো পৃষ্ঠা এটা এটা কাহিনী হৈ ৰৈ গৈছে৷
*******

উপসংহাৰ-
নুনমাটিত অতনুৰ গাড়ীখনে টাৰ্ণিং লওঁতেই প্ৰকাণ্ড অইল টেঙ্কাৰখনে খুন্দা মাৰিলে৷ কোনেওঁ হস্পিটেললৈ নিবলৈ সময় নাপালেই৷

অইল টেঙ্কাৰখনে আগটো অলপ লগাতকৈ বেছি চেপেটা হ'ল নেকি বাৰু? লাহেকৈ ৰবৰডালেৰে মচি সেইখিনি মিলাই দিলে বাসৱীয়ে৷ ৰবৰৰ গুড়িবোৰ ফু মাৰি উৰুৱাই দিলে বতাহত৷

অফিচৰ পৰা হোটেললৈ খোজ কাঢ়ি যাব পৰা দূৰত্ব৷ পাণ এখন মুখত দি সমুদ্ৰই খোজ কঢ়া আৰম্ভ কৰিলে৷

আস্, আকৌ সেই পিঠিত যেন কিহবাই জোৰকৈ  খুচি দিছে!

পেঞ্চিলডালে অহৰহ আক্ৰমণ চলাব ধৰিলে৷ এইবাৰ সমুদ্ৰৰ পাল……

**************************

(ধাৰণাটো মৌলিক নহয়৷ প্ৰধানকৈ অহল্যা নামৰ বঙালী চুুটিছৱি এখনৰ অৱলম্বনত)

No comments:

Post a Comment