Thursday 10 August 2017

:: এনেই যা তা ::


- দাদা, দাদা!!
- কি হ'ল??
- মোক বচাওঁক দাদা৷
- এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷
- দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷
- আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বঁচাম৷
- অহ, চৰী চৰী৷ দুখ পাইছে?
- অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ'কে৷ কওঁক এতিয়া৷
- মোক বচাওঁক প্লিজ৷
- চাওঁক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷ মই ট্ৰেফিক পুলিচহে, তাতে আজি নতুন ইউনিফৰ্ম পিন্ধি নিজকে এয়াৰফোৰ্চ অফিচাৰ যেন লাগি আছে৷ কিমান বচাব পাৰিম নাজানে দেই৷
- ডাক্তৰৰ দ্বাৰা নহ'ব দাদা৷ আপুনিয়েই বচাব লাগিব৷ সেই হাৰামজাদাৰ বাবে আজি মোৰ এই অৱস্থা৷
- কোন? সেই ডাঢ়িৱালাটো?
- অ'৷
- ৰহ আজি তাক৷ সি ইমান বাজে মেকআপ কিয় কৰিছে? মই আপোনালোক দুয়োকে যাত্ৰাপাৰ্টীৰ অভিনেতা বুলি ভাবিছিলোঁ৷ আপুনি নায়িকা, সি বেটা চাইড্ ৰোল৷
- এইবোৰ কি কৈ আছে আজি৷ মোক বচাওঁক আগতে৷
- সি আপোনাক জোকাইছে নহয় জানো? লকআপত নি দুই কোব দিলেই ঠিক লাগি যাব৷ চিন্তা  নকৰিব৷
- নাই নাই, তেনেকুৱা একো কৰা নাই৷
- তেন্তে? বাৰু যিয়েই নহওঁক, মই আপোনাৰ ৰিপৰ্টটো লৈ লওঁ৷ আপোনাৰ নাম?
- সীতা।
- সীতা কী?
- আচ্ছা উপাধি নিলিখে?
- নিলিখো৷
- পতিৰ নাম?
- ৰামচন্দ্ৰ৷
- ৱাহ৷ একেবাৰে ৰামায়নৰ জোৰা! এতিয়া কওঁক কি হৈছে৷ কি কৰিছে সেই মানুহটোৱে?
- তেনে বিশেষ একো কৰা নাই৷ মোক বিশ্বাসঘাটকতা কৰি এইদম বেয়া ঠাই এডোখৰত লৈ  আহিছে৷
- আপোনাক ঘৰ ক'ত?
- অযোধ্যা।
- কি? ধেমালি পাইছে এই দুপৰীয়াখন?
- দাদা শুনক৷ মই জনকৰজাৰ ছোৱালী৷ মিছা মই নকওঁ৷ এইটো ইউনিভাৰ্ছেলী জানে সকলোৱে৷
- ধেত তেৰী৷ কি অদ্ভূত কামোৰ বে৷ আপুনি সীতা? মৰ্যদা পুৰোষত্তম ৰামৰ পত্নী?
- হয়৷
- ৰামৰ পত্নী যদি এই দুপৰীয়া পল্টনবজাৰত কি কৰিছে? ৰাজপ্ৰসাদত নাথাকেগৈ কিয়৷
- ৰাজপ্ৰসাদত থাকিব দিয়ক ভালকৈ৷
- কিয়, কি হ'লনো?
- লঙ্কাত আছিলোঁ, জানেই চাগে৷
- জানো৷
- তাৰপৰা এখেতে মোক লৈ আহিলে৷ অহাৰ পিছত আপোনালোকৰ ইয়াৰে কেজু জাতীয় দুজনমানে মোৰ চাৰ্টিফিকেট খুজিলে৷ আমাৰ সেইফালে আকৌ চাৰ্টিফিকেট পাবলৈ টেষ্ট দিব লাগে৷ ইয়াৰ ইউনিভাৰ্চিটী কিছুমানৰ দৰে নহয়৷
- তাৰ পিছত?
- তাৰ পিছত আৰু কি? অগ্নিক মাতি পঠিয়ালোঁ৷ সৌ যে ডাঢ়িৱালাটো, সিয়েই অগ্নিদেৱতা৷
- ঔ মাই গ'ড!
- অগ্নিয়ে জানিছিল গোটেই কেইচটো৷ মোৰ যে দোষ নাই তাকো জানে৷ মোক সেয়ে ভিতৰুৱাকৈ ক'লে যে আৰামত পৰীক্ষা ক্লীয়েৰ কৰাই দিব৷
- তাৰ পিছত?
- তাৰ পিছত আৰু কি৷ অযোধ্যাৰ পৰা চেকেণ্ড ক্লাছ শ্লীপাৰত আনি এই মৰ গৰমত পল্টন বজাৰত নমাই দিছে৷
- কিন্তু কিয়?
- এয়াই বোলে মোৰ অগ্নিপৰীক্ষা দাদা৷ মোৰ দোষ থাকিলে দিল্লী নিলেহেঁতেন বোলে৷ স্বামীয়ে চিম্পলী অগ্নিপৰীক্ষাৰ কথা কৈছিল দাদা, ইমান কষ্টৰ কথা কোৱা নাছিল৷ ই বেটাই মাজতে গেইম খেলি দিলে৷ বচাওঁক দাদা৷
- মই কি কৰিম? নিজেই দেখোন ইয়াত ডিউটী দি আছো৷
- আজিকালি বোলে শ্বিলঙলৈ উবেৰ চলে৷ পাৰে যদি এখন উবেৰকে বুক কৰি দিয়ক৷ আয়ৌ গৰম!!

No comments:

Post a Comment