Thursday 10 August 2017

:: কৰ্পৰেট ভূত ::


পোন্ধৰ মিনিটমান হ'ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেই ইফালে সিফালে ঘূৰি আছো৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছো,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷

বৈদ্য কামোৰ খাইছো৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ' চিমখনে  কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিওঁ এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ বতাহত ভাহি ফুৰাৰ বাদে মোৰ বেলেগ একো কাম নাই৷ আত্মাৰ ওজন ইমান কম বুলি ভবাই নাছিলোঁ৷ এতিয়া ইচ্ছা কৰিলেওঁ মাটিত নামি পিটপিটাই ফুৰাৰ অপচন নাই৷

আধা ঘন্টা পাৰ হৈ গ'ল৷ বতাহত কিবা এটা দেখিলোঁ
ভালকৈ চালোঁ, যমদূত নহয়৷ আৰে!! এইখন দেখোন এম্ এছ্ এক্সেল ৱৰ্কশ্বীট৷ সেইখনে আকৌ কথাওঁ কয়৷

" আহি গ'লো", কৈয়েই মোক জপটিয়াই ধৰিলে৷

- আৰে আপুনি হয় কোন? আহিয়েই মোক জপটিয়াই ধৰিলে যে?
- নকব দাদা, গুগল মেপত লোকেচনটো অলপ গণ্ডগোল হৈ আছে আপোনাৰ৷ আপুনি বুলি বেলেগ এজনক নিব ওলাইছিলোঁ৷ ভালকৈ চাওঁতেহে গম পালোঁ৷
- মানে?
- মানে আপোনাক নিবলৈ আহিছো আকৌ৷ আজি আপোনাৰ নামৰ এগাল কেইচ আছে৷ "ভি লুক আপ" মাৰিহে আপোনাক বিছাৰি পাইছো৷ বলক বলক, একদম টাটকা হৈ আছে আপুনি৷ গৈ মজা পাব৷
- আৰে কি পাগলামি৷ আপোনাৰ লগত মই কিয় যাম? সেই শিং থকা যমদূতটো নাহিল যে?
- ধেই আপুনিওঁ কিবা সত্যযুগৰ মানুহৰ দৰে কথা কৈ  আছে৷ শিং থকা কেইটাক ১৯৯২ত ভি আৰ এছ দিছে৷ সেই মনমোহন সিং ফাইনেঞ্চ মিনিষ্টাৰ হোৱাৰ পিছতেই৷
- কি কয়?
- সোনকালে বলক৷ পলম হ'লে নৰকৰ দুৱাৰ বন্ধ হৈ যাব৷ আজি বন্ধ হৈ গ'লে আপোনাক আকৌ পাইভ'ট  টেবুল মাৰি লুকুৱাই ৰাখিব লাগিব৷ বৈদ্য কামোৰ কাৰবাৰ৷
- নৰক? স্বৰ্গত চৰ্টলিষ্ট নহ'লো নেকি ৰে এক্সেল দা?
- জীৱনটো প্ৰমোচনৰ লোভতেই দৌৰিছে৷ এনেকৈ স্বৰ্গ যাব পাৰি নেকি? জিভাখন আয়নাত ভালকৈ চাওঁক৷ এতিয়াওঁ আপোনাৰ বছৰ জোতা পালিছৰ ৰঙ লাগিয়েই আছে৷ তাতোকৈ ইম্পৰ্টেন্ট, আপুনি দেশভক্তওঁ নহয়৷ আপোনালোকৰ দেশৰ পৰা যোৱাবোৰৰ সেইটো কোটা অলপ অচৰপ চলে৷
- এহ, এইবোৰ কথা ইমান জোৰে জোৰে ক'ব লাগেনে? কৰ্পৰেটত চলেই আৰু সেইবোৰ৷
- বলক এতিয়া৷
- বাৰু এটা কথা সোধো৷ নৰকত এতিয়া ট্ৰেণ্ডিং কি চলি আছে বাৰু? গৰম তেলৰ কেৰাহী? পাপীবোৰক ডিপফ্ৰাই কৰেনে পানী দি উতলাই?
- ধেই আপুনি কি যুগত আছে? কেৰাহী- হেতা এতিয়া মিউজিয়ামত৷ এতিয়া নৰকত চাৰিওঁফালে লেপটপ৷
- কিয়?
- নৰকৰ প্ৰাইভেটাইজেচন হৈ গ'ল নহয়৷ এতিয়া গোটেই নৰকত লেপটপেই লেপটপ৷ গোটেইবোৰ পাপী বহি লৈ দিন ৰাতি এক্সেল আৰু পাৱাৰপইন্টত ব্যস্ত৷ এতিয়া পাৱাৰপইন্টৰ কাম বেছি৷ দিন ৰাতি প্ৰেজেন্টেচন তৈয়াৰ কৰাত সকলোঁ ব্যস্ত৷
- আকৌ সেইবোৰ?? হোৱাট্ দা হেল!!
- নৰক দিনে দিনে টাফ হৈ গৈছে দাদা৷ কি ক'ব এইবোৰ৷
- স্বৰ্গত পিছে কি চলি আছে এক্সেল ভাই?
- ৰোমান্টিক আবেলি, গোটেই পথটোত কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ…… অনুপমৰ গান৷ গলিটো পাৰ হৈয়েই ম'ম ঘৰ, গগৈদাৰ হোটেল৷ অ' আৰু পাহৰিছিলোৱেই…… ফ্ৰি চল্টেড বাদাম আৰু লগত ডিউটী ফ্ৰি…
- আহ! স্বৰ্গ মই ভবাতকৈওঁ সুন্দৰ৷
- সেইবোৰ বেছি ভাবি লাভ নাই দাদা৷ মন বেয়া হ'ব৷ মইতো ফ্ৰি তণ্ডুৰী আৰু পেপচিৰ কথা আপোনাক কোৱাই নাই৷
- বলক বলক৷ গোটেই ৰাতি পাইভ'টত সোমাব মন নাই৷ পাৱাৰপইন্টতেই লাগোগৈ৷ ৰক্ষা নাই দিয়ক, বুজি গ'লো!  

No comments:

Post a Comment