Monday 30 September 2013

গুণী জোঁৱাই




দত্তহঁত মুম্বাইৰ পৰা ঘুৰি অহা খবৰটো শুনি শইকীয়া খবৰ এটা কৰিবলৈ ওলাল৷ দত্তনীৰ ৰিটায়াৰমেন্টৰ পিছত দত্ত-দত্তনী জীয়েক মাজনীৰ তালৈ ফুৰিবলৈ গৈছিল৷ কলিংবেল টিপাৰ প্ৰায় লগে লগেই হাঁহিমুখে দত্ত ওলাই আহিল৷

: শইকীয়া, আহক আহক৷ আবেলিকৈ আপোনাৰ তালৈ পাক এটা মাৰিম বুলি ভাবিছিলোৱেই৷
: ভালনে দত্তদা৷ মই এইমাত্ৰ গোপাল দোকানীৰ পৰা আপোনালোক অহা খবৰটো পালো, বোলো খবৰ এটা কৰি যাওঁ৷
: হেঃ হেঃ, ভালেই কৰিলে৷ ঈশ্বৰৰ কৃপাত ভালে কুশলে আহি পালো দিয়ক৷
: মাজনীৰ খবৰ ভালনে?
: আছে দিয়ক তায়ো ভালে কুশলে৷ জোঁৱাই বৰ ভাল বুজিছে, স্বৰ্গসুখত ৰাখিছে তাইক৷
: , আমাৰ মানুহজনীয়ে কৈছিল মাজনীৰ দৰাটো বৰ ভাল ল'ৰা বুলি৷
: ভাল মানে খুবেই ভাল৷ সাধি পাইছে তাই এনেকুৱা ল'ৰা৷

তেনেতে দত্তনী আহি মেলত যোগ দিলে,

: আমাৰ জোঁৱাই ৰাতুল বৰ গুণী ল'ৰা বুজিছেনে৷ গৈয়েই দেখো মাজনীৰ ঘৰ একদম ফিট ফাট৷ আমি ভাবো বোলে মাজনী কেতিয়াৰ পৰা ইমান পৰিপাটী হ'ল৷ দুদিনমান থাকিহে গ'ম পালো ৰাতুলে গোটেই ঘৰ পৰিপাটীকৈ ৰাখে৷
আৰু ঘৰো কি ঘৰ, বাপৰে৷ অৱশ্যে তাৰ তেনেকুৱা কোনো বাৰ্ডেনো নাই নহয়৷ মাক দেউতাক দুয়ো চাকৰি কৰিছিল নহয়৷ গতিকে ঘৰত খৰছ পাতি দিয়াৰ একো লেঠা নাই৷ গতিকে টকাবোৰ কিনো কৰিব, ঘৰটোকে হেঁপাহ কৰি ধুনীয়া কৰি লৈছে আৰু৷
: বৰ সুখ পালো শুনি৷ মাজনীৰ সুখেই আমাৰ সুখ, নে কি কয় দত্তদা৷

দত্তৰ উত্তৰলৈ বাট নাচাই দত্তনীয়ে আকৌ ক'ব ধৰিলে,

: হয়হে শইকীয়া, বৰ পুণ্য কৰি তেনেকুৱা জোঁৱাই পাইছো আমি৷আমি থকা কেইদিন সদায় ৰাতুলেই আমাক ব্ৰেকফাষ্ট খুৱালে৷ মাজনী শুই নুঠোতেই তাৰ ব্ৰেকফাষ্ট ৰেডী৷ তাইৰ গাটো যে বেয়া হৈ থাকে, গতিকে সি তাইক কাম কৰিলে খঙেই কৰে৷ তাই ভালপোৱা বস্তু বিধে বিধে ৰান্ধি খূৱাই তাইক৷ এনেকুৱা জোঁৱাই কেইজনে পায় হে৷
আমাৰ মাজনীৰ বেছিসময় পানীৰ লগত লাগি থাকিলে আকৌ এলাৰ্জী হয়, সেইকাৰণে কাপোৰ কানি ধোৱা মেলাৰ বাবে পাৰ্টটাইম বাই এজনী ৰাখি দিছে৷ পিছে তাই কামত বৰ ফাঁকি দিয়ে৷ গতিকে তাইৰ কাপোৰবোৰ প্ৰায় ৰাতুলে নিজেই ধুই দিয়ে৷ যি ধুনীয়াকৈ ধুৱে নহয়, দেখিলেই ভাল লাগি যায়৷ হোষ্টেলত থকা ল'ৰা বাবে সেইবোৰ কাম বৰ ভালকৈ জানে দেই৷

এইবাৰ দত্তই মাত দিলে,

: আৰু আমি যাম বুলি শুনি সি দুদিন চুটী লৈ আমাক মুম্বাইখন দেখুৱালে৷ তাৰ নিজৰ মাক দেউতাক যাওতে বোলে চুটী ল'ব নোৱাৰিলে, কিবা বোলেনে অডিট চলি আছিল৷ আমাক পিছে বৰ ভালকৈয়ে ঘুৰালে দেই৷
আমি আকৌ আহোতে একেবাৰতে ডাঙৰ বাবাৰ তাতো সোমাই আহিলো নহয়৷ ৰাতুলে একেবাৰে এয়াৰপোৰ্টত নমাই দিহে ঘৰলৈ গৈছে৷

: আপোনালোকে ডাঙৰ বাবাৰ তাতেও গৈছিল নেকি? পৰহি সিহঁতৰ যে অংকৰ মাষ্টৰ আছিল বৰা, সেই বৰাই লগ পাই তাৰ কথা সুধিছিল৷ তাৰ দৰে ভাল ছাত্ৰ বোলে আজিকালি নায়েই৷

শইকীয়াই কথাখিনি ক'বহে পালে, দত্ত গৰজি উঠিল,

: ভাল, হুহ৷ ভাল ভাল কওতে সি কাল হ'লগৈ বুজিছেনে শইকীয়া৷ বিয়া কৰাই একেবাৰে অধমৰ শাৰীত পৰিল সি৷
: এনেকৈ কলে যে দত্ত দা? কি হ'লনো ডাঙৰ বাবাৰ?
: কি ক'ম শইকীয়া, ইমান দৰমহা পাই সি৷ ঘৰত আমাক এক নয়া পইছা দিবলৈ তাৰ হুছ নাই৷ এইফালে সি তাতে যি দালান উঠাইছে নহয়, আপোনাক কি ক'ম আৰু৷

এইবাৰ দত্তনীয়ে মাত দিলে,

: আৰু তাৰ এই ঘৈণীয়েকজনীযে হৈছে নহয়৷ দিনটো কাম বন নাই, কেৱল টিভিৰ আগত৷ তাইৰ বোলে কিবা বেমাৰ, জানো নহয় চব ফাঁকি তাইৰ৷
বেচেৰা আমাৰ ডাঙৰ বাবাক দি সকলো কাম কৰাই৷ ব্ৰেকফাষ্ট ৰেডী কৰাৰ পৰা ঘৰ চাফা কৰালৈ সকলো সি কৰিব লাগে৷

এইবাৰ আকৌ দত্তই আৰম্ভ কৰিলে,

: অকল তাইক দোষ দি লাভ নাই৷ আমাৰ সি জানো ক'ম৷ আমাক চহৰখন দেখুৱাবলৈ তাৰ সময় নহ'ল৷ অফিচত কোনোবা বছ আহিছে বোলে৷ হেৰৌ, আমি চাকৰি কৰি কৰি চুলি পকালো৷ আমাক শিকাবলৈ আহে সি৷ কেতিয়াবা খং উঠিব,মাটি বাৰী গোটেইবোৰ মাজনীৰ নামত লিখি দিম বাপ্পেকে,তেতিয়া ঘৰলৈ দৌৰি আহি তত নাপাব৷ চিনি পোৱা নাই মোক সি৷
শহুৰেকহঁতক কিন্তু ঠিকেই ফুৰাইছিল সি৷ এলবামত দেখিছো নহয় মই৷

কথাখিনি কৈ দত্ত দপদপাই উঠি গ'ল৷ এইফালে দত্তনীয়ে উচুপিবলৈ ধৰিলে৷ শইকীয়াই অলপ অপ্ৰস্তুত হৈ ক'লে,

: বৌ কি কৰিছে৷ নাকান্দিবছোন, ঠিক হৈ যাব দিয়ক সকলো৷ চিন্তা নকৰিব৷
: ( উচুপি উচুপি) নহয়হে শইকীয়া, আপুনি মোৰ দুখ নুবুজিব৷ হাজাৰ হ'লেও মোৰেই পো৷ তাই মোৰ ল'ৰাটোক বেয়াকৈ হাত কৰিলে৷
আপোনাক বিশ্বাসী মানুহ বুলি মনৰ দুখৰ কথা খুলি কৈছো৷ আছল কথাটো মই এওক ভয়তে কোৱাই নাই৷ আপোনাকে কৈ দুখ পাতলাও৷ আপুনি কিন্তু ভুলটো কাকো নক'ব দেই৷

: চিন্তা নকৰিব বৌ, মই কাকোৱেই নকও৷ কি কথা কওকচোন৷

দত্তনীয়ে শইকীয়াৰ ওচৰলৈ গৈ ফুচফুচাই ক'লে,

: জানেনে শইকীয়া, সি তাইৰ মেখেলাও ধুৱে৷

উচুপনি কেতিয়ানো গৈ কান্দোন হ'ল শইকীয়াই ধৰিবই নোৱাৰিলে৷
( প্ৰান্তিকৰ বহু পুৰণি সংখ্যা এটাৰ ‘দৈনন্দিন’ শিতানৰ লিখনী এটাৰ ছাঁ লৈ)

No comments:

Post a Comment