Sunday 26 January 2014

কল্পবিজ্ঞানৰ জগতত মোৰ এভূমুকি

আজিৰ যুগত বিজ্ঞান অবিহনে মানৱ সভ্যতাৰ কল্পনা কৰাটো অসম্ভৱ হৈ পৰিছে৷ বিজ্ঞান আজি মানুহৰ হাতৰ লাখুটি৷ বিজ্ঞান অবিহনে আমি আজি অন্ধ৷ সেয়েহে কোৱা হয় আজিৰ যুগ বিজ্ঞানৰ যুগ৷ বিজ্ঞানকেই সাৱটি লৈ আজিৰ মানুহে মহাবিশ্বত বিজয় অভিযান ঘোষণা কৰিছে........ " ৷

ৰচনা প্ৰৱাহ আৰু ৰচনা বিচিত্ৰাৰ ওপৰত ভৰষা কৰি পৰীক্ষাত ৰচনাৰ প্ৰত্যাহ্বান ওফৰোৱা বেছিভাগৰে চাগে ওপৰোক্ত শাৰী কেইটা মনত আছে৷ বিজ্ঞানৰ অৱদানৰ বিষয়ে লিখি লিখি পৰীক্ষাৰ বহীখনৰ ওজন বঢ়ালেও এই বিষয়টোৰ প্ৰতি মোৰ অলপো ভাল ভাব নাছিল৷ বিজ্ঞানীসকলে মোৰ দৰে চিন্তা-চৰ্চা কৰা হ'লে আজি চাগে আমি বল্কল পৰিধান কৰি অৰণ্যৰ মাজত এক টেনশ্যন ফ্ৰি জীৱন নিৰ্বাহ কৰিলোহেঁতেন৷

বিজ্ঞান বিষয়টোক চকু পাৰি দেখিব নোৱাৰিলেও পঢ়িব লগা হৈছিল কেইটামান নম্বৰৰ লোভত আৰু একেবাৰতে মেট্ৰিক পাছ কৰাৰ তাড়নাত৷ ইতিমধ্যে ওচৰ চুবুৰীয়া আৰু সম্পৰ্কীয় মানুহৰ কথাত মনত এটা বদ্ধমুল ধাৰণা গঢ় লৈছিল যে ভাৰতত জন্ম লৈ ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে জীৱন বৃথা, ডাক্তৰ-ইঞ্জিনিয়াৰ নোহোৱাটো পূৰ্বজন্মৰ পাপৰ ফল৷ কিন্তু বিজ্ঞান বিষয়ত পোৱা নম্বৰৰ নমুনা দেখি মই বিজ্ঞান শাখাত ভবিষ্যত গঢ়াৰ চিন্তাত অষ্টম শ্ৰেণীতে পানী এচলু ঢালি সংস্কৃত ঐচ্ছিক বিষয় হিচাপে লৈ এক ভয়ানক ভবিষ্যতৰ দিশে ( ৰাইজৰ মতে) অগ্ৰসৰ হ'লো৷

কিন্তু মই বিজ্ঞানক এৰিব বিচাৰিলেও বিজ্ঞানে মোক এৰা নাছিল৷ বৰঞ্চ ওপৰৰ শ্ৰেণীলৈ যিমানেই আগুৱাইছিলো সিমানেই বিজ্ঞানে মোক চেপি ধৰিছিল৷ ওচৰ-চুবুৰীয়া, সম্পৰ্কীয় সকলে মিলি মোক ডাক্তৰ- ইঞ্জিনিয়াৰ বনাইহে এৰিব, সকলোৰে যুদ্ধং দেহি মনোভাৱ৷ তেনে এটা দিনতে মৰণত শৰণ দি ঘোষণা কৰিলো যে মই কমাৰ্চ পঢ়িম৷ ঘৰত একো আপত্তি নকৰিলে, পিছে বাকীবোৰ জাঙুৰ খাই উঠিল৷ গধূলিলৈ ওচৰৰ বৰ্মন বৰদেউতা আমাৰ ঘৰলৈ আহিল৷ আহিয়েই মোলৈ চমন পঠিয়ালে৷ গলো৷
- কি হা? কমাৰ্চ পইৰ্হবি বলে?
- ভাবিছো৷
- কি কইৰবি তাৰ পাছোত?
- চি এ পঢ়িম৷
- সেইগলা পঢ়ি?
- নিজা ফাৰ্ম খুলিম৷
- কুনি এইগিলা বুদ্ধি দিছি তোক? ফাৰাম খুইলবা পইৰ্হবা লাগে নেকি? আমাৰ চামতাৰ যগেনে চুন এল পি ক লেগি পঢ়িয়েই কি মস্ত ফাৰাম খুইলছি৷ বাৰটা হাথীহেন জাৰ্ছি৷ বৰ কষ্ট পাছে, বৰি পুৱাতে উঠি একখাদা গবৰ ফেলবা লাগে৷ মই তাক কাইন্ধাতে বইলাৰৰ ফাৰাম এখানো খুলবা দিছু৷

তাৰ পিছত এঘন্টা ধৰি তেওঁ মোৰ দেউতাক বিজ্ঞান শাখাৰ উপকাৰিতা বুজালে৷ ভতিজাকে মেট্ৰিকত ছেকেণ্ড ডিভিজন পায়ো যে বাঙ্গালোৰৰ পুত্তুস্বামী নে ৰামস্বামী জাতীয় কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছে তাকো গৌৰৱেৰে কলে৷

দেউতায়ো সেই বুজনিত পতিয়ন গৈ পুত্তুস্বামী জাতীয় কলেজত ডনেশ্যন দিবলৈ টকা জমা কৰাত লাগি গল৷ টিউশ্যন কৰিলে ল'ৰা বেয়া হয় বুলি ধাৰণা থকা দেউতায়েই মোক দশম শ্ৰেণীত বান্ধি কুন্ধি নি টিউশ্যন নামৰ বিৰক্তিকৰ বস্তুটোৰ সঙ্গী কৰি দিলে৷

তাৰ পিছত বিজ্ঞানৰ লগত মোৰ হৰিহৰৰ যুদ্ধৰ লেখীয়া যুদ্ধ আৰম্ভ হ'ল৷ মই বোলো বুজিমেই, বিজ্ঞানে বোলে নিদিও বুজিব৷ ইতিমধ্যে উজান বজাৰৰ এক 'বি এ, পাছ কোৰ্চ' দাদাই পৰামৰ্শ দিলে,
- আব্বে চন, কেলেই চিন্তা কৰিছ৷ চাইন্স লৈ টেনচন কৰে নেকি? থোৰাই বাহিৰৰ বোৰ্ড? আমাৰ ছেবা হে৷ ডাঙৰ ডাঙৰ মাৰ্জিন টানিবি, গেপ দি দি লিখিবি, খালী পেজ খুজিবি৷ আমাৰ ছেবাত ওজন চাই নম্বৰ দিয়ে বুজিলি৷ তাৰ পিছতো মেট্ৰিকত নম্বৰ নাপালে মোক কবি, ছেবাত মোৰ গেহেৰা ফিটিং আছে৷ বুজিলি চন?

ছমহীয়া পৰীক্ষা আহি পালেই৷ উজান বজাৰৰ দাদাৰ উপদেশ সাৰোগত কৰি যুদ্ধত জপিয়াই পৰিলো৷ বায়'লজীখিনি অলপ-অচৰপ জানো, কিবা কিবি লিখিলো৷ তাৰ পিছতহে আচল খেলা আৰম্ভ হ'ল৷ প্ৰশ্নকাকতখনলৈ ভয়ে ভয়ে চকু দিলো৷ পানী আৰু নিমখৰ বৈজ্ঞানিক নামৰ বাদে একো কমন পৰা নাই৷ এইফালে সেইফালে ডিঙি ঘূৰাই দহ-পোন্ধৰ নম্বৰ বুটলিলো৷ তেনেতে পাটগিৰি বাইদেৱে দেখা পায় প্ৰথম বেঞ্চলৈ উঠাই লৈ গ'ল৷

এইবাৰহে এইবাৰ, দহ মিনিটমান কলম কামুৰিলো৷ তাৰ পিছত উজান বজাৰৰ দাদাৰ উপদেশ সাৰোগত কৰি কল্পনাৰ সাগৰত নিজকে উটোৱাই দিলো৷ কল্পনা আৰু বিজ্ঞানৰ যুগলবন্দীত মোৰ কলমেৰে নিৰ্গত হ'ল কল্পবিজ্ঞান৷ বিজ্ঞানৰ কাল্পনিক কাহিনীৰে পৃষ্ঠা ভৰি পৰিল৷ 'পৃষ্ঠা ভৰাব লাগে'- এই বেদবাক্যশাৰী মগজুত সোমাই গৈছিল৷ তাৰেই ফলশ্ৰুতিত 'ওমৰ সুত্ৰ'ৰ ঠাইত ডাৰৱিন আৰু নিগনিৰ নেজ কটা কিবা এটা সুত্ৰ লিখি চাৰি পৃষ্ঠা ভৰালো৷ ৰবলৈ সময় নাই, পৃষ্ঠা ভৰাই গৈ আছো৷ বিজ্ঞানৰ দুৰ্ভেদ্য প্ৰাচীৰে সেইদিনা মোক ৰখাব পৰা নাই৷

এইবাৰ সন্মুখত কেমেষ্ট্ৰিৰ কেমিকেল ইকুৱেশ্যন৷ জীৱনত মিলাই পোৱা নাই৷ কিন্তু সেইদিনা মই শেনৰ এজাত৷ হাৰ মনাত নাই৷ কেনেকৈ মিলোৱা যায়৷ সেই সময়ত শেষ নম্বৰ লটাৰীৰ পয়োভৰ আছিল৷ শেষ নম্বৰ মিলাবলৈ ৰাইজে নাভুত-নাশ্ৰুত সপোন দেখি তাৰ লগত শেষ নম্বৰ মিলোৱাত এক্সপাৰ্ট আছিল৷ যেনে, সাপ দেখিলে আঠ মাৰিব, দলং দেখিলে চাৰি৷ ময়ো সেই ফৰ্মূলাকেই সাৰোগত কৰি নামি পৰিলো৷ লগতে 'লুক গুড ফেক্টৰ'ৰ ওপৰতো পুৰাদমে গুৰুত্ব দিলো৷ ইকুৱেশ্যনটো দেখাত চালে চকুৰোৱা হ'বই লাগিব৷

ৱাৰ্ণিং বেল পৰিল৷ মোৰ মূৰ তুলিবলৈ সময় নাই৷ মোৰ লিখাৰ প্ৰকোপ দেখি নাথ চাৰে ওচৰতে দুটামান পাত থৈ গৈছে৷ ফাইনেল বেল পৰাৰ পিছত মোৰ বহী টানি নিয়াৰ পিছতহে ৰক্ষা৷

এক গভীৰ সন্তুষ্টিৰে পৰীক্ষাগাৰৰ পৰা ওলাই আহিলো৷ কল্পবিজ্ঞান সাহিত্যত অসমবাসীৰ অজানিতে ৰঞ্জু হাজৰিকাদেৱৰ এক প্ৰতিদ্বন্দীৰ সেইদিনাই জন্ম হ'ল৷

গৰম বন্ধ খোলাৰ পিছত পুনৰ শ্ৰেণী আৰম্ভ হ'ল৷ সেইদিনা বিজ্ঞানৰ বহী দিব৷ বুকুত এক চেপা উত্তেজনা৷ যেন মোৰ কিতাপ এখনহে সেইদিনা মুকলি হ'ব৷

সময়ত বহী দিলে, মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই৷ জিলিকি আছে, '34/100' ৷ মূহুৰ্ততে জীৱনটো অসাৰ যেন লাগিবলৈ ধৰিলে৷ ইতিমধ্যে মোৰ বিশেষ উত্তৰ কিছুমান শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ পঢ়ি শুনোৱা হ'ল৷

অসমত যে কল্পবিজ্ঞানৰ অৱস্থাৰ কোনোকালে উন্নতি নহ'ব সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ আশা বাদ দি পিছৰ বছৰ চিধাই গুৱাহাটী কমাৰ্চ কলেজত নামভৰ্তি কৰি ৰঞ্জু হাজৰিকাদেৱৰ পথ পৰিহাৰ কৰিলো৷ সেইদিন ধৰি আজিলৈ বিজ্ঞানৰ মুখামুখি হোৱা নাই, হোৱাৰ মনো নাই৷

No comments:

Post a Comment