Monday 25 November 2013

সপোনত শচীন




শচীনে অৱসৰ ল'লে৷ তেওঁক আকৌ ক্ৰিকেটৰ পথাৰত দপদপাই ফুৰা নেদেখিম৷

এইকেইদিন সকলো শচীনক লৈ ব্যস্ত৷ বজাৰ, হোটেল, টিভি, আড্ডা, ফেচবুক, ব্লগ সকলোতে কেৱল শচীন৷ ময়ো ব্যতিক্ৰম নহয়৷ শয়নে সপোনে কেৱল শচীন৷

শচীনো ব্যস্ত এইকেইদিন৷ এৱাৰ্ড লোৱা, মমেন্ট' সংগ্ৰহ কৰা, ফটো উঠা, ইন্টাৰভিউ দিয়া... কিমান যে কাম৷

শচীনৰ বিষয়ে ফেচবুকত অহা কমেন্টবোৰ পঢ়ি থাকোতেই কেতিয়া টোপনি আহিল কবই নোৱাৰিলো৷ টোপনিত গৈ শচীনৰ ওচৰ পালো৷ চাৰিওফালে মানুহে শচীনক ঘেৰি ধৰিছে, ইন্টাৰভিউ চলি আছে৷ হঠাৎ মনলৈ আহিল, ময়ো দেখোন ইন্টাৰভিউ এটা ল'ব পাৰো৷ সাহিত্য ডট অৰ্গলৈ পঠিয়াই দিম ইন্টাৰভিউটো৷ আগুৱাই গলো৷ পিছে যি ঠেলা হেঁচা, এশ মিটাৰ মান দূৰৰ পৰাই উৎসাহী জনতাই ছিটিকাই পঠিয়ালে৷

তেনেতে ড্ৰেছিং ৰুমত দেখিলো শচীনৰ বেটখনে আমন জিমনকৈ কোঠালিৰ এচুকত আউজি আছে৷ মই বোলো শচীনক নাপালো নাই, আজি এই বেটখনৰেই ইন্টাৰৰভিউ লোৱা যাওঁক৷ শচীনৰ সুখ দুখ, যশস্যা, সন্মানৰ চিৰসংগী এই বেটখন৷

চুচুক চামাককৈ আগুৱাই গৈ কথা আৰম্ভ কৰিলো৷

- নমস্কাৰ বেট মহাশয়৷ আপুনি অনুমতি দিলে মই আপোনাৰ ইন্টাৰভিউ ল'ব বিছাৰো৷

বেটে অবাক হৈ মোৰ ফালে চালে, তাৰ পিছত ক'লে,

- নিশ্চয়, নিশ্চয়৷ শচীনে গোটেই জীৱন ইন্টাৰভিউ দিলে৷ মোৰ ইন্টাৰভিউ আজিলৈ কোনেও লোৱা নাই৷ আপোনাক বহুত ধন্যবাদ৷

- বাৰু কওকচোন আজিৰ এই দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা৷

- কিবা এক অদ্ভুত অনুভৱ হৈছে৷ বুকুৰ কোনোবাখিনিত এক বিষ অনুভৱ কৰিছো৷

- আপোনাক মই পুৰণা দিনলৈ লৈ যাব বিচাৰিছো৷ আপুনি কেতিয়া প্ৰথম গম পালে যে আপুনি এক মহান ব্যক্তিৰ হাতত পৰিছে?

- যদিও আগৰে পৰাই অলপ আভাস পাইছিলো তথাপি মই প্ৰথম এই বিষয়ে ১৯৯১-৯২ চনত অষ্ট্ৰেলিয়াত গম পাইছিলো৷ পাৰ্থত তেওঁৰ ইনিংছটো চাগে আপোনাৰ মনত আছে৷ পিটচখনত ইমানেই বাউঞ্চ আছিল যে মই বেছিভাগ সময় শচীনৰ বুকুৰ ওচৰে পাজৰেই ঘুৰি আছিলো৷ তথাপি বেছিভাগ সময় বল মোৰ বেটৰ মাজভাগতেই লাগিছিল৷ সেইদিনাই বুজিছিলো যে মই কোনো সাধাৰণ হাতত পৰা নাই৷

- আপুনি বাৰু কোন বলাৰৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াই আনন্দ পায়৷

- সাধাৰণতে মই অষ্ট্ৰেলিয়ান বলাৰৰ বলত কোবাবলৈ ভাল পাওঁ, বিশেষকৈ ৱাৰ্ণ আৰু মেকগ্ৰাথৰ৷ তেওঁলোকৰ বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠিওৱাৰ মজাই বেলেগ৷ শাৰজাহত ৱাৰ্ণেৰ বলত কোবোৱাটো আপোনাৰ মনত আছেই চাগে৷

আৰু আখটাৰৰ কথা পাহৰিছিলোৱেই৷ তেওঁ ইমান দুৰৰ পৰা দৌৰে যে মোৰ দেখিয়েই বিৰক্তি লাগে৷ তেওঁ দলিওৱা বলত ছয় কোবোৱাৰ মজাই বেলেগ৷ শচীন বুলিহে সেইবোৰ বল কোবাব পাৰিছিল দেই৷

- বাৰু আপোনাৰ অন্য খেলুৱৈৰ বেটবোৰৰ লগত কেনেকুৱা সম্বন্ধ আছিল?

- সকলোৰে লগত মোৰ সম্বন্ধ ভালেই আছিল, অৱশ্যে পেটে পেটে মোক অলপ ইৰ্ষা কৰিছিল৷ কিন্তু আজাহাৰুদ্দিনৰ বেটখনৰ লগত মোৰ অহি নকুল সম্পৰ্ক আছিল৷ সি একেবাৰে ক্ষীণ আছিল আৰু মোক সদায় পেটলা বুলি জোকাই থাকিছিল৷ মই শকত বাবে মোক লৈ বিভিন্ন গাজাখুৰি কথা কৈছিল৷ অৱশ্যে পিছলৈ মই ভাল বন্ধু এজন পাইছিলো৷ মোৰ মনৰ কথা বুজা, মোৰ দৰে শকত আবত ধোনীৰ বেটখন৷ ভাল জমি থাকিছিল তাৰ লগত৷

- আৰু শচীনৰ সৈতে আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ জনাব নেকি৷

- অহ, সুন্দৰ সম্পৰ্ক আছে আমাৰ মাজত৷ মোৰ ওজন, গ্ৰিপ আদিৰ বিষয়ে তেওঁ সদা সচেতন আছিল৷ তেওঁৰ টেনিছ এলব'ৰ চিকিৎসাৰ পিছত ময়ো ওজন কমাব লগীয়া হ'ল৷ বহুত কষ্ট হৈছিল মোৰ, কাৰণ মই জন্মৰে পৰা শকত৷ কিন্তু আমি দুয়ো মিলি সময়ত সকলো সমস্যা সুচাৰুৰুপে সমাধান কৰিছিলো৷ আমি প্ৰায়ে ক্ৰিকেট, খেলৰ নতুন খবৰ, আমাৰ ফৰ্ম আদিৰ বিষয়ে বিতংভাবে কথা পাতিছিলো৷

- আপুনি শচীনৰ লগত ইমান বছৰ একেলগে থাকি কিবা কষ্ট অনুভৱ কৰিছিলনে? যিহেতু তেওঁ খুব পৰিশ্ৰমী আছিল, আপুনিওঁ নিশ্চয় তেওঁৰ লগত যথেষ্ট কষ্ট কৰিব লগা হৈছিল৷

- হয়, তেওঁৰ লগত থাকি যথেষ্ট পৰিশ্ৰম কৰিব লগীয়া কেতিয়াবা প্ৰসাদ, ইশান্ত, আগৰকাৰহঁতৰ বেটকেইখনৰ আৰাম দেখি মোৰ বৰ হিংসা হৈছিল৷

শচীনে একেৰাহে ঘন্টাৰ পিছত ঘন্টা অনুশীলন কৰিছিল৷ গধুলিলৈ মোৰ ভাগৰত মাত নোলোৱা হৈ যায়৷ বিদেশ যাত্ৰাৰ আগে আগে ৰবৰৰ বলবোৰ পানীত ডুবাই তেওঁ বাউন্সী পিটচৰ বাবে প্ৰস্তুতি চলাইছিল৷ ৰবৰৰ বলৰ সেই ৰোমান্টিক স্পৰ্শবোৰ মোৰ আটাইতকৈ প্ৰিয়৷ কিন্তু যেতিয়া শচীনে খেলৰ আগদিনা ৰাতি হোটেলৰ ৰুমত মোক লৈ শূণ্যতে বেটিং প্ৰেকটিছ কৰে, তেতিয়া মোৰ বিৰাট খং উঠে৷ হেৰৌ, গোটেই ৰাতি শুবলৈ নিদিলে মই পিছদিনা খেলিম কেনেকৈ৷ কিন্তু শচীন সদায় জিনিয়াছ দেই৷ তেনেকৈয়ে উজাগৰী নিশা কটাই উঠিও কিমান যে ক্লাছিক ইনিংছ খেলিলো আমি দুয়ো৷ এনেয়ে শচীনক ভগৱান বুলি নকয়৷

- আপোনাৰ প্ৰিয় শ্বট?

- ষ্ট্ৰেইট ড্ৰাইভ, এইটো শ্বটত মই বলটো সাৱটি ধৰিব পাৰো৷ স্কোৱেৰ কাট বা লেগ গ্লান্সত কেৱল হেণ্ডশ্যেক দিয়েই ক্ষান্ত থাকিব লাগে৷

- কি শ্বট আপুনি বেয়া পায়?

- পেডেল চুইপ্৷ পিটচত ঘঁহনি খালে বৰ দুখ পাওঁ মই৷

- শচীনৰ সৈতে আপোনাৰ এনে কিবা স্মৃতি যি আপুনি আমাক ক'বলৈ ভাল পাব৷

- মোৰ তেওঁৰ সৈতে যিমান স্মৃতি আছে সেয়া কৈ শেষ কৰিব নোৱাৰি৷ যদিও মই শকত, শচীন অবিহনে মোৰ কোনো ওজনেই নাই৷ মোৰ নিজকে এজন যাদুগৰৰ হাতত দণ্ডদাল যেন লাগে৷ যি দণ্ডৰে তেওঁ বিপক্ষক ধ্বংস কৰে, একে সময়তে শান্তিৰ বাণী বিয়পায়৷ মোক সাৰথি কৰিয়েই তেওঁ স্কুল, কলেজ, অফিচ আনকি সমগ্ৰ দেশকেই স্তব্ধ কৰি দিয়ে৷ আমি দুয়ো ক্ৰীজত থকালৈকে কোনেওঁ আশা এৰি নিদিয়ে৷ যুঁজাৰু মানসিকতা কি সেয়া আজিৰ প্ৰজন্মক আমি শিকাইছো৷ মোক ব্যৱহাৰ কৰি তেওঁ আনন্দৰ বাণী বিলাইছিল৷ কাশ্মীৰৰ পৰা অহা এটুকুৰা কাঠৰ টুকুৰাক ইয়াতকৈ বেছি আৰু কিনো সন্মান লাগে৷

- শচীনৰ অৱসৰৰ পিছত আপোনাৰ ভৱিষ্যত পৰিকল্পনা?

- (কিছু সময় ভাবি) সেই বিষয়ে এতিয়াও বিশেষ ভবাই নাই৷ কিছুদিন আৰাম কৰো৷ তাৰ পিছত শচীনে যেনেদৰে বিছাৰে সেইমতে জীৱন নিৰ্বাহ কৰিম৷ হয়তো অৰ্জুনৰ সংগী হ'ব পাৰো৷ অৱশ্যে মই সেই বিষয়ে গভীৰভাবে ভবা নাই এতিয়াও৷

ভগৱানক ধন্যবাদ যে মই আফ্ৰিদীৰ বেট নহ'লো৷ নহ'লে ৰিটায়াৰমেন্টৰ পিছতো আকৌ খেলিবলৈ যাব লাগিলহেতেন৷ আৰাম কৰিবলৈ সুযোগেই নাপালে আফ্ৰিদীৰ বেটে :)৷

- আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল৷ সময় দিয়াৰ বাবে ধন্যবাদ৷ আপোনাক লৈ দুটামান শ্বট দি চাব পাৰোনে?

- নিশ্চয়৷



শ্ৰীমতীৰ মাতত খকমককৈ সাৰ পালো৷ হাতখন টানি নিছিলো বোলে৷ এতিয়া এই ৰাতিখন কোনে তেওঁক বুজাই যে মই স্কোৱেৰ কাট এটাহে মাৰিছিলো৷

No comments:

Post a Comment