Saturday 9 November 2013

ধ্ৰুৱ তৰা




প্ৰৱল আত্মবিশ্বাসী ল'ৰাজনৰ সৰুৰে পৰা লক্ষ্য আছিল ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা৷ দেউতাকেও নিজৰ অপূৰ্ণ আশা পুত্ৰৰ জৰিয়তে পূৰ্ণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল৷ ল'ৰাজনে সৰুৰে পৰা নিজৰ প্ৰতিভাৰ উমান দিছিল৷ বাওহতীয়া অলৰাউণ্ডাৰ হিচাপে অতি কম বয়সতে নিজকে এক সুদক্ষ ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছিল৷ ফলস্বৰুপে চৌধ্য বছৰ নহওতেই পঞ্জাবৰ হৈ হিমাচল প্ৰদেশৰ বিৰুদ্ধে তেওঁৰ ৰঞ্জী ট্ৰফীত অভিষেক ঘটে৷ জীৱনৰ প্ৰথম ৰঞ্জী মেচতে তেওঁ ৯৪ ৰানৰ সুন্দৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

দিনবোৰ বাগৰিব ধৰিলে৷ ল'ৰাজনে ইতিমধ্যে নিজৰ চমকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ৰঞ্জী ট্ৰফীত এহেজাৰ ৰান সম্পূৰ্ণ কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়৷ বিক্ৰম ৰাথোড়, অজয় জাডেজা আদিৰ লগত একেলগে পৰম আত্মবিশ্বাসেৰে খেলি তেওঁ ইতিমধ্যে ঘৰুৱা ক্ৰিকেটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ইতিমধ্যে শচীন অতি কম বয়সতে ভাৰতীয় দলৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছিল৷ ঘৰুৱা ক্ৰিকেটত দেখুওৱা প্ৰদৰ্শনৰ সুবাদত এই ল'ৰাজনেও যে শচীনৰ পথেই অনুসৰণ কৰিব সেই বিষয়ে বহু লোকেই নিশ্চিত আছিল৷ ঘৰুৱা ক্ৰিকেটত শচীনৰ নামত থকা কিবা কিবি ৰেকৰ্ড ভঙাৰ পিছত বহুতেই ইতিমধ্যে তেওঁক শচীনৰ লগত তুলনা কৰিবলৈ লৈছিল৷

১৯৯২ চন৷ ১৮ বছৰীয়া এই বিষ্ময় বালকৰ বিক্ৰমত নিৰ্বাচক মণ্ডলীয়ে এই প্ৰতিভাক ভাৰতীয় দলক স্থান দিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিলে৷ সেই সময়ত চম্বলপুৰত দেওধৰ ট্ৰফীত উত্তৰ মণ্ডল মুখামুখি হ'ব দক্ষিণ মণ্ডলৰ৷ সেইখন খেলত ভাল প্ৰদৰ্শন কৰিলে তেওঁৰ আগন্তুক নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় দলত স্থান নিশ্চিত বুলি ইতিমধ্যে খবৰ এটা ওলাইছিল৷ দক্ষিণ মণ্ডলত সেই সময়ত অনিল কুম্বলেহঁতৰ দৰে বলাৰ আছিল৷ কিন্তু ল'ৰাজনে কাকো কেৰেপ নকৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে৷ দ্বিতীয় ইনিংছত তেওঁৰ ৭৩ ৰানৰ ইনিংছটো তেওঁৰ জীৱনৰ এক অন্যতম শ্ৰেষ্ঠ ইনিংছ আছিল৷ সেই খেলখনত তেওঁ 'মেন অফ দা মেচ্' বটাও পাইছিল৷ সেইদিনাৰ প্ৰদৰ্শনৰ পিছত তেওঁ অতিশয় আনন্দত আছিল, তেওঁ জানিছিল যে ভাৰতীয় দললৈ মাত্ৰ আৰু কেইখোজমানহে বাকী৷

খেল শেষ হোৱাৰ পিছদিনাই ভাৰতীয় দল নিৰ্বাচন হোৱাৰ কথা৷ ল'ৰাজনৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন তাক কৈছিল যে ঘোষিত হ'ব লগীয়া দলত স্থান নিশ্চিত৷ সেই বিশেষ মুহুৰ্তটোত ল'ৰাজনে ঘৰৰ মানুহৰ লগত থকাটো মনেপ্ৰাণে বিছাৰিছিল৷ গতিকে সেই ৰাতিয়েই কাৰো হকা বধা নামানি তেওঁ অকলে ঘৰলৈ বুলি আহিবলৈ ওলাল৷ দলৰ সকলোৱে পিছদিনা একেলগে আহিবলৈ কোৱা স্বত্তেও নিজৰ মতত আকোৰগোজ হৈ থাকি সেই ৰাতিয়েই অকলে এখন গাড়ী ভাড়া কৰি ঘৰলৈ বুলি ওলাল৷ দলৰ সদস্য চেতন শৰ্মাৰ পৰামৰ্শ মানি তেওঁ মেচ্ ফিজ খিনি লেগ গাৰ্ডৰ ভিতৰত ভালকৈ লুকুৱাই লৈ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে৷

কোনে জানিছিল সেয়াই তেওঁৰ শেষ যাত্ৰা আছিল৷ অম্বালাৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তেওঁ চিৰদিনৰ বাবে প্ৰাণ হেৰুৱালে৷ এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যত নিমিষতে শেষ হৈ গ'ল৷ পৰিয়ালে হেৰুৱালে তেওঁলোকৰ সকলো, বন্ধুবৰ্গই কেতিয়াও পাহৰিব নোৱাৰা এক বন্ধু আৰু দেশে হেৰুৱালে এক উজ্বল প্ৰতিভা৷ হয়তো অনাগত দিনৰ শচীনৰ অপেনিঙৰ সঙ্গীজনক দেশবাসীয়ে দেখাৰ আগতেই তেওঁ এক নেদেখা দেশলৈ গুছি গ'ল৷

তেওঁৰ মৃত্যুৰ কিছুবছৰ পিছত চেতন শৰ্মা তেওঁৰ ঘৰলৈ গৈছিল৷ তেওঁৰ কিটবেগটো চাই থাকোতে হঠাৎ চেতন শৰ্মাৰ চকু তেওঁৰ লেগ গাৰ্ডলৈ গ'ল আৰু অতি সাৱধানে তাৰপৰা উলিয়াই আনিলে ল'ৰাজনৰ জীৱনৰ শেষ খেলখনৰ মেচ্ ফিজ৷ কান্দোনত ভাঙি পৰি চেতন শৰ্মা তেওঁৰ ঘৰৰ পৰা ওলাই আহিল৷

আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত এইজন ত্ৰিকেটাৰৰ কথা বৰকৈ মনত পৰিছে৷ কোনে জানে, কালে কুটিল হাঁহি নামাৰিলে আজি হয়তো শচীনৰ লগত নন্ ষ্ট্ৰাইকাৰ এণ্ডত থাকিলেহেতেন অকালতে হেৰাই যোৱা এই উজ্বল প্ৰতিভা৷

সৰুতে শুনিছিলো কোনোবা ভাল মানুহৰ মৃত্যু হ'লে তেওঁ গৈ আকাশৰ তৰা হয়৷ যদি সেয়া সঁচা হয় তেনেহ'লে আজি নিশ্চয় তেওঁ আকাশৰ পৰা ধ্ৰুৱ তৰা হৈ শচীনৰ খেল চাই আছে৷ অকালতে মৰহি যোৱা ধ্ৰুৱ পাণ্ডৱ নামৰ শচীনৰ একালৰ প্ৰতিদ্বন্দী জনক আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত শ্ৰদ্ধাৰে সুৱৰিছো৷

No comments:

Post a Comment