২০০৭ চনৰ কথা৷ তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নীৰ লগত 'চক্ ডে ইণ্ডিয়া' চাবলৈ
গৈছিলো৷ ভাৰত আৰু পাকিস্থানৰ মাজৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ হকী প্ৰতিযোগিতা৷ পেনাল্টী শ্বুট আউটত কবীৰ
খানৰ এটা ভুলেই
ভাৰতৰ পৰাজয় মাতি
আনিলে আৰু তেওঁ
আখ্যা পালে দেশদ্ৰোহীৰ৷ তাৰ পিছতেই চিনেমাখনৰ আছল কাহিনীটো আৰম্ভ হয়৷
মোৰ প্ৰিয় অভিনেতা শ্বাহৰুখ খানে নিপুনতাৰে কবীৰ খানৰ চৰিত্ৰত অভিনয়
কৰা এই চিনেমাখনত কিন্তু মই একেবাৰে মন বহুৱাব নোৱাৰিলো৷ কাৰণ পেনাল্টী শ্বটত গ'ল দিব নোৱাৰা দৃশ্যটো দেখাৰ
পিছতেই মোৰ মনটো
উৰা মাৰি গৈছিল
১৯৯৪ চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেললৈ৷ বাৰে বাৰে মনত পৰিছিল ডিভাইন পনিটেইললৈ৷ হয়, ডিভাইন পনিটেইল ৰুপে
খ্যাত মোৰ আতাইতকৈ প্ৰিয় খেলুৱৈ ৰবাৰ্ট বেজ্জিঅ'লৈ৷
১৯৯০ চনত প্ৰথম বিশ্বকাপ ফুটবল চাইছিলো৷ ফুটবল বুজি পোৱাৰ বয়সেই
হোৱা নাছিল মোৰ৷
তথাপি দাদাহঁতৰ লগত সদায় বহি যাওঁ৷
সকলোৱে ব্ৰাজিল-আৰ্জেন্টিনাক লৈ ব্যস্ত৷ মোৰ কিন্তু ভাল লাগিছিল অন্য
এটা দল৷ আজ্যুৰি নামেৰে খ্যাত ইটালী
দল৷ আছলতে ইটালীৰ খেলুৱৈবোৰ দেখাত বৰ ধুনীয়া আছিল আৰু কেৱল সেইটো কাৰণতেই মই ইটালীৰ ফেন হৈ পৰিছিলো৷ ফুটবল একো বুজি নাপাইছিলো, কিন্তু ইটালীৰ খেল থাকিলে সদায় চাইছিলো৷ তেতিয়াই প্ৰথমবাৰ দেখিছিলো মোৰ হিৰ' ৰবাৰ্ট বেজ্জিঅ'ক৷ ছেমি ফাইনেলত প্ৰশিক্ষকে বেজ্জিঅ'ক খেলিব নিদিলে আৰু সেইদিনাই আৰ্জেন্টিনাৰ হাতত পৰাস্ত হৈ ইটালীয়ে বিদায় ল'লে৷
এইবাৰ আহিল ১৯৯৪ চনৰ বিশ্ৱকাপ,স্থান আমেৰিকা৷ ইতিমধ্যে হাইস্কুলৰ দেওনা চুইছিলো৷ ফুটবল নিজে
খেলাৰ লগতে বুজা
হ'লো৷ এইবাৰ
বেজ্জিঅ' আৰু তেওঁৰ
দলক সমৰ্থন কৰিবলৈ টঙালি বান্ধিলো৷ এইবাৰ বেজ্জিঅ' নতুন ৰুপত,
পনিটেইল ষ্টাইলত চুলি
ৰাখি খেলপথাৰত নামিল৷ এই ষ্টাইলৰ বাবে
তেওঁ আজিও ডিভাইন পনিটেইল নামেৰে বিখ্যাত৷ ইতিমধ্যে ১৯৯৩ চনত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰি তেওঁৰ
আত্মবিশ্বাস তুংগত৷ বিখ্যাত পপষ্টাৰ মেডোনা তেওঁৰ
জাৰ্চী এটা পাবলৈ
পাগল হৈ আছে৷
সাতে সোতৰই মিলি
বেজ্জিঅ' সেইবাৰৰ বিশ্বকাপৰ মূখ্য আকৰ্ষণ৷
নিজৰ সুনাম অনুযায়ী সেইবাৰ তেওঁ খেলপথাৰত নিজৰ বিক্ৰম দেখুৱালে৷ বিপক্ষৰ বেহু
ভেদ কৰি তেওঁ
বিপক্ষৰ ৰক্ষণ বিভাগ
তচ্ নচ্ কৰি আগুৱাই গ'ল৷ যোগ্য সহযোগিতা আগবঢ়ালে মালডিনি, পাগলিউকা,
বৰেছি,ডোনাডোনি,নেপ'লি, এলবাৰ্টিনি, বাৰ্গোমিহঁতে৷ ছেমি
ফাইনেল পোৱালৈ তেওঁ
পাচটা গ'ল কৰিলে৷ আশা কৰা মতে ইটালী ফাইনেলত উপনীত হ'ল৷ প্ৰতিপক্ষ ডুংগা, ৰোমাৰিঅ', বেবেটোহঁতৰ শক্তিশালী ব্ৰাজিল৷
ইটালীক ফাইনেলত উপনীত হোৱা
দেখি মই আনন্দত আত্মহাৰা৷ স্কুল,ওচৰ চুবুৰীয়া, দোকানী সকলোকে ইটালী ফাইনেল পোৱা
খবৰ কৈ কৈ আজিকালিৰ ভাষাত এটা মস্ত কামোৰ হৈ উঠিছিলো৷ সকলোতে বেজ্জিঅ'ৰ ভৰষাত ওফাইডাং মাৰি আহিছো৷ বেবেটো আৰু ৰোমাৰিঅ' হৈ পৰিছিল মোৰ ব্যক্তিগত শত্ৰু৷ ফাইনেলৰ আগে আগে গম পালো
বেজ্জিঅ'ৰ হেমষ্ট্ৰিং হৈছে৷ তাৰ মানে
কি লগৰ কোনেও
নাজানো, তথাপি মন বেয়া হৈ গ'ল৷ ঘৰৰ ভগৱানৰ থাপনাখনৰ ওচৰলৈ মনে মনে গৈ এটা ডীল কৰি আহিলো৷
যথা সময়ত খেল আৰম্ভ
হ'ল৷ ভূপেন
হাজৰিকাৰ 'বুকু হম হম কৰে'ৰ অৰ্থ সেইদিনা বুজা
যেন পালো৷ বেজ্জিঅ'ই সেইদিনা নিজৰ
স্ৱাভাৱিক খেল খেলিব
পৰা নাই৷ তথাপি
চেষ্টা কৰি গৈছে৷
দুয়োফালৰ পৰা প্ৰচণ্ড হেঁচা৷ কোনোও কাৰো
বেহু ভেদ কৰিব
পৰা নাই৷ দুইপক্ষৰ গ'লৰক্ষক টাফাৰেল আৰু পাগলিউকা দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দি আছে৷ আমাৰ কাৰো মুখৰ মাত নাই৷ বেবেটো, ৰোমাৰিঅ'হঁতে ব'ল পালেই বুকুখন চিৰিংকৈ যায়৷
নিৰ্ধাৰিত সময়ত কোনেও গ'ল দিব নোৱাৰিলে, এক্স্ট্ৰা টাইমটো একেই অৱস্থা৷ ফলত
প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলৰ ফাইনেলত দুয়োটা দল পেনাল্টি শ্বুটৰ বাবে সাজু হ'ল৷
মই ব্ৰহ্মা, বিষ্নু, মহেশ্বৰ, আল্লা, গড, ছাই বাবা, বিবেকানন্দ কাকো এৰা নাই৷ জীৱনত
আৰু একো নালাগে৷ কেৱল ইটালীক জিকাই দিয়া৷
ইটালীৰ হৈ প্ৰথম শ্বট ল'বলৈ আহিল অধিনায়ক বৰেছি৷ শ্বট এণ্ড মিছ, এইফালে মই
ফিউজ৷ ব্ৰাজিলৰ হৈ আহিল চান্টোছ৷ এইবাৰ পাগলিউকাৰ এক দুৰ্দান্ত ছেভ৷ জীৱটো আকৌ ঘুৰি
আহিল৷ স্ক'ৰ ০-০৷ এইবাৰ এলবাৰ্টিনি আৰু ৰোমাৰিঅ',
দুয়ো সফল৷ স্ক'ৰ ১-১৷ এইবাৰ আহিল ইভানি, সফল শ্বট৷ ব্ৰাজিলৰ হৈ ব্ৰাংকোও সফল, স্ক'ৰ
২-২৷ এইবাৰ আহিল মাছাৰো৷ দুৰ্দান্ত ফৰ্মত থকা টাফাৰেলে ব'ল চিটিকাই দিলে৷ মুৰে কপালে
হাত দি বহি পৰিলো৷ ডুংগাই কোনো ভুল নকৰিলে, স্ক'ৰ ৩-২৷ হে ভগৱান, এইবাৰলৈ বচোৱা৷
এইবাৰ আহিল বেজ্জিঅ'৷ সেইদিনা বুজিলো টেনশ্যন কি বস্তু, খেল কেৱল খেল হিচাপে
নল'লে কি হ'ব পাৰে, উফফফফ... ৷ বেজ্জিঅ' আগুৱাই আহিল৷ কিন্তু এয়া কি?? হাজাৰ হাজাৰ
অনুৰাগীৰ হৃদয় থানবান কৰি বেজ্জিঅ'ই ব'লটো
নেটৰ ওপৰেৰে মাৰি পঠিয়ালে৷
আস কি বেদনাদায়ক আছিল সেই মুহুৰ্ত৷ বেজ্জিঅ'ই মুক হৈ আকাশলৈ চাই ৰ'ল, বৰেছিহঁত
কান্দোনত ভাঙি পৰিল৷ এইফালে ডুংগা বাহিনীৰ উল্লাসৰ সীমা নাই৷ হতাশ, বিধস্ত মই কোনোমতে
আহি নিজৰ ৰুম পালোহি৷ বাহিৰত ইতিমধ্যে ব্ৰাজিল চেম্পিয়ন হোৱাৰ বাবে আবতৰীয়া দেৱালী
আৰম্ভ হৈ গৈছে৷ মোৰ বাহিৰে যেন সকলো ব্ৰাজিলৰ সুখৰ সমভাগী৷
আৰু মই? মই কেৱল মোৰ হিৰ'ৰ দুখ অনুভৱ কৰাৰ চেষ্টা কৰিছো৷ মই নিজে অনুভৱ কৰা
দুখখিনিৰ বাবে নিজেই আছৰিত হৈছো৷ ভাবি পোৱা নাছিলো কেৱল টিভিত দেখিয়েই কেনেকৈ এজনৰ
প্ৰতি ইমান আত্মীয়তা অনুভৱ কৰিব পাৰি৷ কিন্তু সেই বেদনাৰ মাজতে জন্ম লৈছিল মোৰ ফুটব'ল
খেলৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ৷ সেই খেলখনে মোক ফুটব'লৰ প্ৰতি এনেকুৱা নিচা বহুৱাই দিলে
যি মই আজিলৈকে উপভোগ কৰি আছো৷ ফুটব'লেই হৈ ৰ'ব মোৰ প্ৰিয় খেল৷ বিফল হলেও বেজ্জিঅ' আজিও
মোৰ হিৰ', ইটালীয়েই সদায় হৈ ৰ'ব মোৰ প্ৰিয় দল৷
No comments:
Post a Comment