Friday 29 November 2013

বিভ্ৰান্তি




প্ৰায় এবছৰৰ মূৰত বৰপেটাৰ আপোন গাওঁখনলৈ আহিছে শান্তনু৷ পেশাত অভিযন্তা শান্তনু কৰ্মসুত্ৰে দিল্লীৰ বাসিন্দা৷ যোৱা দুদিন সম্পৰ্কীয় মানুহবোৰৰ ঘৰত খুব ফুৰিলে শান্তনুৱে৷ আজি সি কতো ওলাই যোৱা নাই৷ মাকে ৰাতি ৯ বজাত ভাত খাবলৈ মাতিলেই৷ ঘৰলৈ আহিলে এই কামটোৱেই বৰ অশান্তি পায় সি৷ দিল্লীত খাই বৈ বিছনালৈ যাওতে ৰাতি দুইমান বাজে৷ ইয়াত ৰাতি দহ বজাৰ আগতেই সকলো বিছনাত পৰে৷ টোপনি নধৰাত সি লেপটপটো উলিয়াই ল'লে৷

লোডিং লোডিং লোডিং.............. ধেইৎ ইমান বেয়া ইয়াতে নেটৰ কানেকচন৷ বহুপৰ ৰোৱাৰ পিছত কোনোমতে পেইজটো খোল খালে৷ চিধাচিধি ফেচবুকত গৈ সোমাল শান্তনু৷ এনেয়ে ওপৰৰ পৰা তললৈ চকু ফুৰালে, দুটামান লাইক,কমেন্ট মাৰিলে৷ এইবাৰ গৈ অ-ক-বত সোমাল৷ নাই আজি বিশেষ একো নাই৷ মোডীক লৈ এসপ্তাহ ধৰি চলি থকা যুদ্ধখন এতিয়াও পিনড্ পোষ্টৰ দৰে ওপৰতে জিলিকি আছে, ৰোমান আক্ৰমণ প্ৰতিহত কৰি প্ৰশাসকে ত'ত পোৱা নাই৷ বহুদিন দেৱপ্ৰতীমে ভূতৰ গল্প পোষ্ট কৰা নাই, পৰীক্ষা চলি আছে নেকি৷

ভূতৰ গল্প শান্তনুৰ বৰ প্ৰিয়৷ নেটৰ স্পীড আৰু অকবত বিশেষ একো নেদেখি লেপটপটো বন্ধ কৰিবলৈ লওতেই দেখিলে দেৱপ্ৰতীমে কিবা পোষ্ট কৰিছে৷ গল্প নহয়,কিবা ভৌতিক ছবি এখনহে পোষ্ট কৰিছে৷ ভালদৰে চাই দেখিলে এটা ভূতবাংলা সদৃশ ঘৰৰ ছবি৷ ৰাতিৰ ছবি৷ ভালদৰে চালে ছবিখনৰ মাজত এজনী সৰু ছোৱালীৰ দেখ নেদেখ অবয়ব এটা দেখা যায়৷ তলত লিখিছে,
" ১৯৪৯ চনত নেদাৰলেণ্ডৰ এই ঘৰটোত ৰহস্যজনক বাবে জুই লগাৰ ফলত জেমছ ৰাডাৰফৰ্ডৰ নামৰ এজন অধিবক্তাৰ সমগ্ৰ পৰিয়ালটোৰ জুইত পুৰি মৃত্যু ঘটে৷ পিছত ঘৰটোৰ ফটো লওতে এক ফটোগ্ৰাফাৰৰ কেমেৰাত ধৰা পৰে এক বিৰল দৃশ্য৷ সুক্ষ্মভাবে লক্ষ্য কৰিলে আপোনালোকে দেখিব যে ফটোখনৰ মাজভাগত এজনী ছোৱালীৰ এক দেখ নেদেখ অৱয়ব আছে৷ এইছোৱালীজনীৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ সৰু ছোৱালীজনীৰ লগত মিল থকা বুলি স্থানীয় লোকসকলে কয়৷ কোৱা হয় যে যিয়েই এই ছবিখন দীৰ্ঘসময় ধৰি চাইছে, সেই ব্যক্তিৰ জীৱনত অতি সোনকালেই কিবা অঘটন ঘটে "৷

কৌতুবলবসত শান্তনুৱে ছবিখন ভালদৰে চালে৷ এজনী দহ-বাৰ বছৰীয়া ছোৱালী৷ শেতা শেতা ভাব এটা আছে৷ ইতিমধ্যে লাইক, কমেন্ট পৰা আৰম্ভ হলেই৷
- ভয়ানক৷
- ফটোছপৰ বাহাদুৰি৷
- ৰাতি ৰাতি এইবোৰ কিয় পোষ্ট কৰে? টোপনিয়েই নাহিব আজি মোৰ৷

এফালৰপৰা কমেন্টবোৰ পঢ়ি গৈ থাকিল শান্তনু৷ কৌতুহলবসত ফটোখন আকৌ এবাৰ চাবলৈ সি এবাৰ ওপৰলৈ গ'ল৷ হাৰে, এয়া কি৷ এইবাৰ ফটোখনত ছোৱালীজনী নাই দেখোন৷ আজব ঘটনা, এয়া কেনেকৈ হ'বলৈ পালে৷ আকৌ এবাৰ ভালদৰে চাই দেখিলে ছোৱালীজনী আছে৷ কিবা চিন্তাত চাগে সি নেদেখিলে৷ আকৌ স্ক্ৰলিং কৰি সি বেলেগ পোষ্টবোৰ পঢ়াত লাগিল৷

হঠাৎ ভাব হ'ল শান্তনুৰ কোঠাত যেন কোনোবাই পায়চাৰি কৰিছে৷ খামিডাঠ মানুহ হলেও তাৰ বুকুখন চিৰিংকৈ উঠিল৷ একে জাপে উঠি সি চাৰিওফালে চালে, বিছনাৰ তলৰপৰা মেকুৰী এটা দৌৰ দিলে৷ মেকুৰীটো দেখি শান্তনুৰ নিজৰ ওপৰতে হাঁহি উঠিল৷

ঘড়ীটোৱে বাৰটা বজাৰ সংকেত দিলে৷ শুবলৈ হ'ল আৰু, শান্তনুৱে বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিল৷ বিছনাত শুই বেবেৰিবাং চিন্তা কিছুমান কৰি থাকোতে কেতিয়া টোপনি আহিল সি গমেই নাপালে৷

ফোঁচ............!!!

হঠাৎ এটা শব্দত তাৰ টোপনি ভাগি গ'ল৷ আকৌ হ'ল শব্দটো৷ কোনোবাই যেন বিছনাৰ তলত ঘন ঘনকৈ উশাহ লৈছে৷

লাহে লাহে সোফালে ঘুৰিলে শান্তনুৱে৷ একে জাপে বিছনাৰ পৰা নামি কোঠাৰ চুকত থকা ভায়েকৰ ক্ৰিকেট বেটখন ডাঙি ল'লে৷

- কোন? বিছনাৰ তলত কোন? ওলাই আহ ভালে ভালে৷ নহলে ফালি দিম৷

কোনো শব্দ নাই৷ লাইট জ্বলাই বিছনাৰ তলত, কোঠাটোৰ চুকে কোনে চালে৷ নাই, একোৱেই নাই৷

তেনেহ'লে কি শুনিছিল সি? সি স্পষ্ট শুনিছে কোনোবাই উশাহ নিশাহ লোৱাৰ শব্দ৷ নে কিবা সপোন দেখিছিল সি?

এক গিলাছ পানী ঘটঘটকৈ পি আকৌ বিছনালৈ গ'ল সি৷

তাৰ অসম্ভৱ ঠাণ্ডা লাগিছে৷ ইমান ঠাণ্ডা হঠাৎ পৰিল যে৷ এইবাৰ আকৌ লোডশ্বেডিং৷ কি যে হৈ আছে আজি৷ অস্বস্তি লাগিল শান্তনুৰ, কোঠাটোৰ পৰা বাহিৰলৈ ওলাই প্ৰথম মহলাত থকা সংলগ্ন বাৰাণ্ডাখনলৈ আহিল৷

তলত পোহনীয়া কুকুৰটো এৰি দিয়া আছে৷ সি শান্তনু ওলাই অহা শব্দ শুনি এবাৰ তাৰ ফালে চালে আৰু মুহুৰ্ততে চিৎকাৰ কৰি নেজ ডাঙি তৰানৰা চিঙি ৰাস্তাৰ পালে দৌৰ দিলে৷ শান্তনুৱে ধৰিব পৰা নাই আজি হৈছে কি৷

ৰাস্তাৰ পৰা চকু ফুৰাওতেই শান্তনুৰ বুকুখন চিৰিংকৈ গ'ল৷ বাৰাণ্ডাৰ সিটো মূৰে কিবা অদ্ভূত অন্ধকাৰ৷ এটা বস্তা জাতীয় কিবাই যেন বাৰে বাৰে আকৃতি সলনি কৰিছে৷ বাৰাণ্ডাৰ সেইপাৰে কি আছে একো দেখা নাই৷ ভয়ৰ এক শীতল স্ৰোত তাৰ ওপৰৰ পৰা তললৈ বৈ গ'ল৷ভূত প্ৰেতৰ গল্প ভাল পালেও সি এইবোৰ বিশ্বাস নকৰে, কিন্তু এইবোৰ হৈছে কি তাৰ লগত৷

হেলুচিনেশ্যন.... !!!

ভয়ঙ্কৰ হেলুচিনেশ্যনৰ কবলত পৰিছে তাৰ মস্তিস্ক৷ বেছিসময় বাৰাণ্ডাত থাকিব নোৱাৰিলে সি৷ কোনোমতে বিছনালৈ আহি বাগৰি দিলে৷

আকৌ সেই শব্দ৷ চকু মেলি চাবৰ সাহস নহ'ল তাৰ৷ আন্ধাৰত কিবা এটাই কোঠাটোৰ ভিতৰত ঘুৰি আছে৷ চকু মেলিলে সি দেখিলেহেতেন লাহে লাহে সেই কিবাটোৱে এজনী ছোৱালীৰ ৰুপ ধাৰণ কৰাৰ পথত৷ সেই দেৱপ্ৰতীমৰ পোষ্টৰ ছোৱালীজনী৷

কম্বলৰ তলত শান্তনু ঘামি জামি একাকাৰ৷ হাৰ্টবিট তুংগত৷

ছোৱালীজনী এতিয়া তাৰ নিচেই কাষত৷ বগা,মনিহীন, শেতা এযুৰি চকুৱে শান্তনুক চাই আছে৷ চকু মেল খাই গ'ল তাৰ৷

এয়া কি দেখিছে সি!!!

হিমশীতল এক স্পৰ্শ অনুভৱ কৰিলে সি৷ তাক কিহবাই হেঁচা মাৰি ধৰিছে৷ সি চিঞৰিছে, কিন্তু একো মাত ওলোৱা নাই৷ অসহ্য বিষ তাৰ সমগ্ৰ শৰীৰত৷ ছোৱালীজনীৰ মূখত এক ক্ৰুৰ হাঁহি ফুটি উঠিছে৷

তাৰ পিছত শান্তনুৰ একো মনত নাই৷

খকমককৈ সাৰ পালে শান্তনুৱে৷ লেপটপটো খোলা আছে৷ এটা এটাকৈ ৰাতিৰ ঘটনাবোৰ মনলৈ আহিল৷ কি আছিল সেয়া? সপোন নে সঁচা? একো ধৰিব পৰা নাই সি৷ কিছুপৰ বিছনাতেই পৰি থাকিল সি৷ গাটো অৱশ, পাতল কেনেকুৱা যে লাগিছে৷ বিছনাৰ পৰা উঠিব লওতেই সি আকৌ উচপ খাই উঠিল৷ তাৰ কাষতে কোনোবা দেখোন শুই আছে৷

কোন চাবলৈ একেটানে সি মানুহজনক লুটিযাই দিলে৷ আস, কি দেখিলে সি এয়া, তেজেৰে লুটুৰি পুতুৰি হৈ থকা এয়াচোন....... এয়াচোন সি নিজেই৷

No comments:

Post a Comment