Sunday 8 December 2013

ফেচবুকিয়ান




অৱশেষত উপায়হীন হৈ ৰাজেনে বকুলীক জোৰ কৰি হস্পিতাললৈ লৈ আহিলে৷ অটোৰ পৰা নামি দুয়ো হস্পিতাললৈ সোমাই গ'ল৷ এঠাইত বকুলীক বহুৱাই ৰাজেনে সিহঁতে যাবলগীয়া বিভাগটোৰ খবৰ কৰিবলৈ গ'ল৷ ৰাজেন যোৱাৰ লগে লগেই বকুলীয়ে মোবাইলটো লৈ ফেচবুকত ব্যস্ত হৈ পৰিল৷ খবৰ কৰি ৰাজেনে গ'ম পালে যে সিহঁতে যাব লগা বিভাগটো প্ৰথম মহলাত৷ এফালৰ পৰা ৰাজেনে বিভাগবোৰৰ নাম পঢ়ি আগুৱাই গ'ল, 'মাদক দ্ৰব্য আসক্তি নিৰাময় বিভাগ', 'মানসিক চাপ নিৰাময় বিভাগ' ইত্যাদি ইত্যাদি৷ একেবাৰে শেষৰ ফালে এটা বিভাগত মানুহেৰে গিজগিজাই আছে৷ এইটোৱেই ৰাজেনহঁতে অহা বিভাগটো, 'ফেচবুক আসক্তি নিৰাময় বিভাগ'৷ পিছফালে চাই ৰাজেনে দেখে যে বকুলী নাই৷ বিছাৰ খোছাৰ কৰি তাইক এখন দেৱালত ভেজা দি মিচিকিয়াই হাঁহি ফেচবুক কৰি থকা অৱস্থাত পোৱা গ'ল৷ এইবাৰ তাইক এখন হাতত ধৰি লৈ প্ৰায় টানি অনাদি ৰাজেন সেই বিভাগটোলৈ আগবাঢ়িল৷

বকুলীৰ ক্ৰমিক নম্বৰ ৬১৷ দুয়ো এঠাইত ভালদৰে বহি লৈ আপেক্ষা কৰাত লাগিল৷ বকুলী পুনৰ ফেচবুকত ব্যস্ত হৈ যোৱাত ৰাজেনে বাকীবোৰ মানুহৰ আলেখ লেখ চোৱাত লাগিল৷ অধিকাংশ মানুহেই স্মাৰ্টফোন লৈ ব্যস্ত৷ সকলোৰে স্ক্ৰীণখন নীলা বগাৰ সংমিশ্ৰণ৷ ৰাজেনৰ কাষৰ আলট্ৰা মডাৰ্ণ চেমচাং এচ4 লোৱাজনীয়ে খেতি কৰাত ব্যস্ত৷ বকুলীয়েও ধেকুৰা কুকুৰ এটাৰ ফটোত এইমাত্ৰ 'চো কিউত' বুলি কমেন্ট দি উঠিছে৷ গাওঁৰ পদুমীহঁতৰ ধেকুৰা ভোলাৰ ফটো চাগে৷ তেনেতে ৰাজেনে দেখিলে ল'ৰা এজনে উচুপি আছে আৰু এজনী ছোৱালীয়ে তাক সান্তনা দি আছে৷
: নাকান্দিবা জানু৷
: মোৰ কিমান বেয়া লাগিছে তুমি কি বুজিবা৷ ইমান ভাবি ভাবি আপদেটতো দিছিলো৷ ৰশ্মিয়ে দিয়া তাতকৈ বেয়া আপদেটত এশটাৰ ওপৰত কমেন্ট পৰে আৰু মোৰটোত কেৱল তিনিটা লাইক আৰু এটা কমেন্ট পৰিল৷ কমেন্টটো আকৌ কেৱল 'LOL'৷ তুমি এবাৰ মোৰ ঠাইত নিজকে ৰাখি চালে মোৰ কষ্ট বুজিবা৷

এই বিচিত্ৰ পৃথিৱীখন দেখি ৰাজেনৰ মূৰটো বিষাবলৈ ধৰিলে৷ সি এমাহ মানৰ বিৰতিত কেতিয়াবা ফেচবুক খোলা মানুহ৷ হওতে বকুলীক সিয়েই ফেচবুক শিকাইছিল৷ গাওঁৰ পৰা বিয়া কৰাই আনি চহৰৰ ভাড়াঘৰলৈ অনাৰ পিছত তাইৰ দিনৰ দিনটো কৰিবলৈ একো নাথাকে৷ তাৰ প্ৰায়েই ট্যুৰ থাকে৷ গতিকে টাইম পাছ কৰিবলৈ তাইক ফেচবুক চলাবলৈ সিয়েই শিকাই দিছিল৷ কিন্তু এই ফেচবুকেই যে তাইক হস্পিতাল পোৱাবহি সেয়া তাৰ সপোনৰো আগোচৰ আছিল৷

এইবোৰ কথাকেই আকাশ পাতাল ভাবি থাকোতে হঠাৎ বকুলীৰ নাম মতাত ৰাজেন খপজপকৈ উঠিল৷ বকুলীক টানি চেম্বাৰৰ ভিতৰলৈ লৈ গ'ল৷ ডাক্তৰে হাঁহি এটা মাৰি দুয়োকে সম্ভাষণ জনালে৷ তেওঁক দেখিয়েই বকুলীয়ে হাঁহি এটা মাৰি ক'লে,
: ডাক্তৰ বিপুল গগৈ নহয় জানো?

অলপ থতমত খাই তেওঁ ক'লে,
: হয়, পিছে আপোনাক ধৰিব পৰা নাই৷
: মই আপোনাৰ ফেচবুক ফ্ৰেইণ্ড আকৌ৷ অৱশ্যে আপুনি মোক চিনি নাপাবও পাৰে৷ মোৰ নামটো ফেচবুকত প্ৰিঞ্চেছ বৰ্ণিকা বুলি আছে৷

অপ্ৰস্তুত হাঁহি এটা মাৰি ডাক্তৰে ক'লে,
: কওকচোন আপুনি এই ফেচবুকৰ পৃথিৱীখনত কেনেকৈ আহিল৷

ইতিমধ্যে বকুলী আকৌ ফেচবুকত ব্যস্ত হৈ পৰিল৷ ৰাজেনে ধমকি এটা মাৰি তাইক ক'লে,
: নোকোৱা কিয়৷

ধমকি খাই এইবাৰ বকুলীয়ে আৰম্ভ কৰিলে,
: মোক প্ৰথম এখেতে এটা একাউন্ট খুলি দিলে৷ প্ৰথম দুমাহমান একো বুজিয়েই নাপালো কি বস্তু এইটো৷ পিছত ওচৰৰ শইকীয়ানীয়ে বুজোৱাতহে বুজি পালো৷ এতিয়া দিনত আঠবাৰ মান নাচালে ভালেই নালাগে, ৰাতি আকৌ সমানেই৷ আজিকালি মাজৰাতি উঠি আকৌ ফেচবুক খোলো৷ মাৰ্কে আকৌ ৰাতিহে ভাল আপডেটবোৰ দিয়ে৷
: কোন মাৰ্ক?
: মোৰ বুলগেৰিয়ান ফ্ৰেণ্ড এজন৷ বঢ়িয়া আপডেট দি থাকে, আপুনিও এড্ কৰি লবছোন৷ আমাৰ এওঁ আকৌ ভাৰ্ছুৱেল ফ্ৰেইণ্ডশ্বিপ একেবাৰে বেয়া পায়, সেইবাবেইটো এতিয়াও ৬৫টা ফ্ৰেইণ্ডত বাজি আছে৷ লাজেই লাগে৷
: বাৰু বাৰু, কওকচোন ফেচবুকৰ কি আপোনাৰ আটাইতকৈ ভাল লাগে৷
: মোৰ ফেচবুকৰ সকলোখিনিয়েই ভাল লাগে৷ তাৰ মাজতো কবলৈ গলে ফেচবুকে মোক এক নতুন জীৱন দিছে৷ বাস্তৱ জীৱনত মোৰ ৫-৬ জনতকৈ বেছি বন্ধু নাই৷ কিন্তু ফেচবুকত মোৰ বন্ধু জানেনে? ছিক্স হাণ্ড্ৰেড এণ্ড টেন৷ ইজ নট ইট এমেজিং? পাপন, দিক্ষু, জুবিন, কুমাৰ ভবেশ, ৰাজকুমাৰ ... কোন নাই মোৰ লিষ্টত৷ আপুনি জানেনে ৰিচাৰ্ড কাৰ্লোছো মোৰ ফেচবুক ফ্ৰেইণ্ড৷
: কোন ৰিচাৰ্ড কাৰ্লোছ?
: ( সেপ ধুকি), কোন ময়ো ভালকৈ নাজানো৷ কিন্তু কোনোবা বিখ্যাত মানুহেই হ'ব৷ চাৰি হাজাৰ মান ফ্ৰেইণ্ড আছে দেখোন৷
: হমমম, আপুনি চাগে বহুতো পুৰণি বন্ধু-বান্ধৱী ফেচবুকত বিছাৰি পাইছে?
: বহুত পাইছো৷ কালি আমাৰ লগৰ ধীৰেণক পালো৷ সি আজিকালি ইৰিগেশ্যনৰ পিয়ন৷ জোনালী আজিকালি বিহাৰত থাকে৷ এতিয়া ফেচবুকত থাকিয়েই মই জানো পদুমীয়ে আজি কি ৰান্ধিব, খাবলৈ কেনেকুৱা হৈছে সেয়া তাইৰ গিৰিয়েকৰ কমেন্ট চালেই গম পাও৷ বীৰেণহঁতৰ নতুন ঘৰটোত কি ৰং দিলে ভাল হ'ব সুধি ফেচবুকত পোষ্ট দিছিল৷ শেষত মই কোৱা পিংকটোৱেই দিলে৷ ৰং কৰি উঠি ঘৰৰ ফটোখনত মোক টেগ কৰিও দিছে৷
আজিকালি কোন ক'ত ফুৰিবলৈ গ'ল, কোনে কি খালে, কেতিয়া শুলে আদি সকলোবোৰ ফেচবুকতেই গ'ম পাও৷ তাৰোপৰি আজিকালি মই ফেচবুকত বন্ধুবোৰৰ লগত গেম খেলো৷
: ফাৰ্মভিলে?
: নাহ, মাফিয়া ৱাৰ খেলো৷ মই হিটমেন৷
: অ'কে৷ বাৰু আপুনি ফেচবুকৰ দ্বাৰা লগ পোৱা বন্ধুবোৰৰ তালৈ কেতিয়াবা ফুৰিবলৈ যায়নে?
: নাই তেনেকৈ যোৱা হোৱা নাই৷ ফেচবুকতেই ভাল বুজিছেনে৷ কৰবালৈ যোৱা মানে সাজি কাচি, গা পা ধুই ওলোৱা৷ মইটো ফেচবুকত লাগি থাকোতে দুই তিনিদিনলৈ গা ধোৱা নহয়েই৷ ফেচবুকত সেইবোৰ লেঠা নাই৷ প্ৰফাইল পিকচাৰ খন ভাল দিলেই হ'ল৷ আমাৰ লগত স্কুলত পঢ়া ডালিমীয়ে মেট্ৰিকৰ আগৰে ফটো লগাই নিজকে গাভৰু হৈ থকা বুলি জাহিৰ কৰে এতিয়াও৷ হিঃ হিঃ৷
: পিছে আপোনাৰ প্ৰফাইল ফটোখনো নতুন যেন লগা নাই৷
: অহ, মোৰখন কলেজ যোৱাৰ আগে আগে উঠিছিলো৷
: আপোনাক লগৰ বোৰে নোসোধেনে কেনেকৈ আপুনি ইমান ডেকা হৈ আছে?
: নাই নাই, কোনেও নোসোধে৷ মই 'ৱৰ্ক এট্ য়োগা' বুলি প্ৰফাইলত দি থৈছো নহয়৷
: ঠিক আছে, বাৰু আপুনি অলপ বাহিৰত বহক৷ মই আপোনাৰ হাজবেণ্ডৰ লগত অলপ কথা পাতো৷

বকুলী ওলাই যোৱাৰ পিছত ডাঃ গগৈয়ে ক'লে,
: চাওক মিঃ ৰাজেন, এওঁ একেবাৰে যে নৰমেল নহয় সেয়া নিশ্চিত৷ কিন্তু এইখিনি আজিকালি বেছিভাগৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি বেছি চিন্তা নকৰিব৷ বৰ্তমান সমাধান হিচাপে আপুনি এখেতক ৰিলায়েন্সৰ 2g কানেকচন এটা লৈ দিয়ক৷ নেটৰ স্পীড দেখি তেওঁৰ চখ নিজেই কমি যাব৷
: চাৰ ময়ো আপোনাৰ দৰেই ভাবিছিলো৷ কিন্তু যোৱা কিছুদিনৰ ঘটনা দেখি মই বৰ চিন্তাত পৰিছো৷ মোক উদ্ধাৰ কৰক চাৰ৷
: কিয়, কি হৈছেনো? খুলি কওকচোন মোক৷
: কিনো কম আপোনাক মোৰ দুখৰ কথা৷ যোৱা সোমবাৰে মই হঠাৎ অফিচৰ কামত অৰুণাছললৈ ট্যুৰত যাব লগা হ'ল৷ দৌৰাদৌৰি হোৱা বাবে ঘৰত কৈ অহা নহ'ল৷ আধা বাটৰ পৰা এওঁক ফোন কৰিলো, নধৰে৷ দুদিন থাকিলো৷ এওঁৰ কোনো খবৰ নাই৷ তিনিদিনৰ দিনাও এওঁৰ একো খবৰ নাপায় মই বৰ চিন্তাত পৰিলো৷ হঠাৎ কিবা ভাবি মই ফেচবুক খুলি দেখো যে মহাৰাণী ফেচবুকত পুৰা এক্টিভ৷ উপায় নাপাই তেওঁৰ ফেচবুকৰ ৱালতেই লিখিলো,
'হেৰা মই অৰুণাচলত'৷
লগে লগে কমেন্ট আহিল,
- ৱাও, পিকচাৰ আপলোড কৰা জল্দি৷ মোক টেগ কৰি দিবা দেই৷
- তুমি ফটোৰ কথা কৈছা? মই যে বাৰে বাৰে ফোন কৰি আছো, কিয় ৰিছিভ কৰা নাই? তিনিদিন ধৰি যে মই ঘৰত নাই খবৰ আছেনে?
- OMG৷ মই গমেই পোৱা নাছিলো
- তুমি মানুহ মাৰি দিবা হে৷
-
- কি জিভা দেখুৱাইছা? আচ্ছা শুনা, মোৰ ইয়ালৈ আহি পেটৰ অসুখ হৈছে৷ এতিয়া ঘৰলৈ গৈ আছো৷ একো খোৱা নাই৷ তুমি অলপ সিদ্ধ ভাত ৰান্ধি থবা৷ গৈয়েই খাব নাপালে মই ভোকত মৰি থাকিম৷
- RIP

এইখিনিলৈ কৈ ৰাজেনে ডাক্তৰক ক'বলৈ আৰম্ভ কৰিলে,

:বুজিছেনে চাৰ, RIP দিয়া দেখি মোৰ হিতাহিত জ্ঞান নোহোৱা হ'ল৷ তাইৰ ৱালতেই যা তা লিখি গালি দিলো৷
: অ'কে, ঘটনাটো তেন্তে চিৰিয়াচ৷ গালি দিয়াৰ পিছত তেখেতে কি কৰিলে? নিজৰ ভুলটো গ'ম পালে চাগে৷
: তেনেকুৱা হ'লে মই ইযালৈ নাহোৱেই চাৰ৷ গালি খাই উঠি তেওঁ কি কৰিলে জানেনে?
: কি?

হুমুনিয়াহ কাঢ়ি ৰাজেনে উত্তৰ দিলে,
: মোক আনফ্ৰেণ্ড কৰি ব্লক মাৰি দিলে৷

No comments:

Post a Comment