তেতিয়া মোৰ বয়স
ছয় নে
সাত বছৰ৷
এদিন টিভিত
ক্ৰিকেট খেল
চাই আছিলো,
তেতিয়া ক্ৰিকেট
কি বস্তু
ভালকৈ বুজি
নাপাৱেই৷ দেখিলো
এজন কম
বয়সীয়া যুৱকে
খেলি আছে
আৰু দেউতাই
খূব মনোযোগেৰে
চাই আছে৷
সুধিলো, দেউতা
এয়া কোন?
দেউতাই ক'লে, "এয়া
শচীন, শচীন
টেন্ডুলকাৰ, বঢ়িয়া খেলে৷
লাহে লাহে বয়স
বাঢ়িল ৷
ক্ৰিকেট অলপ
অচৰপ বুজা
হ'লো৷
দহ বছৰ
মান বয়সৰ
পৰা আমি
চুবুৰীৰ লৰা
বোৰে শচীনক
আদৰ্শ হিচাপে
লৈ ক্ৰিকেট
শিকিবলৈ আৰম্ভ
কৰিলো৷
পোন্ধৰ বছৰমান বয়সত
যেিতয়া আমি
মেট্ৰিক পৰীক্ষা
নামৰ এক
যুদ্ধৰ বাবে
সাজু হৈছিলো,
তেতিয়া শচীনে
মৰুভুমিৰ মাজত
ৱাৰ্ণেৰ গৰিমা
ধূলিসাৎ কৰাত
ব্যস্ত আছিল৷
তেইছ বছৰ বয়সত
জীৱনৰ প্ৰথম
চাকৰিত যোগদান
কৰিলো, আৰু
সেইদিনাই গধূলি
শচীনে এদিনীয়া
ক্ৰিকেটত পোন্ধৰ
হাজাৰ ৰান
সম্পূৰ্ণ কৰিলে৷
বিয়া পাতিলো আঠাইছ
বছৰত৷ আৰু
বিয়াৰ কিছুদিন
পিছতেই গৰ্বিত
শচীনে ৱৰ্ল্ড
কাপ হাতত
তুলি লোৱা
দেখি আমি
আনন্দত আত্মহাৰা
হৈ এই
বিজয় শ
শ ক্ৰিকেট
অনুৰাগীৰ সৈতে
উদযাপন কৰিবলৈ
ৰাজপথলৈ ওলাই
আহিলো৷
ত্ৰিশ বছৰ বয়সত
পিতৃ হ'লো৷ মোৰ
তিনি মহীয়া
কণমাণি জনীক
নিচুকাই আই
পি এল
ফাইনেল চাই
আছিলো, শচীনক
চেম্পিয়নৰ ট্ৰফীৰ সৈতে দেখি মনটো
আকৌ এবাৰ
ভাল লাগি
গ'ল৷
আজি মই মোৰ
কাৰ্য্যালয়ত বহি আছো, মনত পেলাবলৈ
চেষ্টা কৰিছো
কেতিয়া শেষবাৰৰ
বাবে মই
বেট বা
বল হাতত
তুলি লৈছিলো,
আৰু শচীনে
আজিও খেলি
গৈছে, দেশৰ
বাবে, আমাৰ
দৰে গুনমুগ্ধৰ
বাবে৷
এতিয়া মাত্ৰ এটাই
কামনা, ভবিষ্যতে
যাতে টিভিৰ
পৰ্দাত শচীনক
টেষ্ট ক্ৰিকেট
খেলা দেখি
মোৰ ছোৱালীয়ে
সোধে, " দেউতা, এয়া কোন?"...............
আৰু মোৰ উত্তৰ
হ'ব,
শচীন,,,,, শচীন ৰমেশ টেণ্ডুলকাৰ, এক
অসাধাৰণ খেলুৱৈ৷
No comments:
Post a Comment