পত্নীয়ে পাকঘৰত কণী
ভাজি আছিল৷
গোন্ধ শুঙি
পতি উধাতু
খাই পাকঘৰলৈ
আহিল৷
পতি: হেৰা কি
কৰিছা এয়া
তুমি, ইমান
কম তেল
কিয় দিছা?
হে ভগৱান.....
তুমি দেখোন
দুটা কণী
একেলগে কেৰাহীত
দিছা৷ তেল
অলপ বেছিকৈ
দি দিয়া
এতিয়াই৷ হে
ভগবান তেল
আছেনে নাই
বাৰু?
তুমিটো পৰহি মাংস
ৰান্ধোতে বহুত
তেল খৰছ
কৰি দিছিলা
৷ হেৰা
এবাৰ লুটিয়াই
দিয়াহে৷ নহলে
কেৰাহীত লাগি
ধৰিব৷ সাবধান......
তুমি কেতিয়াও
ৰান্ধোতে মোৰ
কথা নুশুনা
৷ লুটিয়াই
দিয়া, সোনকালে
কৰা৷ কি
ভাবি আছাহে
তুমি? আজিকালি
তোমাৰ মন
ক'ত
থাকে বুজিবকে
নোৱাৰি৷
(অলপ ৰৈ)
তুমি বাৰু
নিমখ দিছানে?নিমখ দিবলৈ
নাপাহৰিবা কিন্তু, নহলে গোটেই সোৱাদ
নষ্ট হৈ
যাব ৷
শুনিছানে মই
কি ক'লো, নিমখ
দিয়া সোনকালে৷
পিছত বেয়া
হলে নকবা
কিন্তু মই
সাবধান নকৰিলো
বুলি ৷
পত্নী: কি হৈছে
তোমাৰ? পগলা
হ'লা
নেকি ? আজি
তিনি বছৰে
কিমান কণীভাজি
খুৱালো তোমাক৷
আজি আকৌ
নতুনকৈ শিকাবলৈ
কিহে পাইছে?
পতি: (অতি শান্তভাবে)
মোৰ একো
হোৱা নাই৷
মাত্ৰ তোমাক
অনূভৱ কৰাব
বিছাৰিছো যে
তুমি লগত
থাকিলে মোৰ
গাড়ী চলাই
কেনে লাগে৷
tamam.......
ReplyDelete