Sunday 28 July 2013

বয়স


আপোনালোকে বাৰু কেতিয়াবা আপোনাৰ সমান বয়সৰ, কিন্তু আপোনাতকৈ দেখাত বহুত বেছি বয়সস্হ মানুহ দেখি আত্মসন্তুষ্টি লাভ কৰেনে? "মই কিন্তু ইমানো বুঢ়া হোৱা নাই", এইখিনি কথা মনলৈ আহিলে মনটো শাঁত পৰি যায়নে? আপোনালোকৰ কথা নাজানো, মোৰ কিন্তু মনটোৱে এনে কথা ভাবি বৰ শান্তি লাভ কৰে৷
এদিন মই দাঁতৰ বিষত বিতত হৈ এজন দন্ত চিকিৎসকৰ ওচৰলৈ 'লো৷ খুব ভিৰ,মোৰ নম্বৰ অহালৈ আপেক্ষা কৰি থাকোতে হঠাৎ তেওঁৰ নামফলক খনলৈ চকু ', নামটো ডাঃ দিগন্ত ডেকা৷ বৰ চিনাকী চিনাকী লাগিল নামটো৷ ভাব ভাবি মনত পৰিল,স্কুলত একে নামৰ মোৰেই এজন সহপাঠী আছিল৷ দেখিবলৈ ওখ-পাখ, ধুনীয়া 'ৰা৷ সেই দিনতেই সঞ্জয় দত্তৰ লেখীয়া একোছা দীঘল চুলি৷ মনলৈ ভাব আহিল, এইজন সেই দিগন্ত নহয় টো? পিছে সেইজন দিগন্ত টো পঢ়াত ভাল নাছিল, আমাৰ দৰেই আছিল৷ কতনো সি ডাক্তৰ হবগৈ৷ এইজন কোনোবা বেলেগ 'ব৷
অলপ পিছত দুৱাৰৰ ফাঁকেৰে ডাক্তৰজনক দেখিলো৷ দেখি নিশ্চিন্ত 'লো, মোৰ সহপাঠীজন এইজন নহয়৷ এইজন এজন মধ্যবয়সীয়া, তপা ব্যক্তি৷ অলপ পিছত মোৰ নম্বৰ আহিল৷ ডাক্তৰে ৰোগী চোৱা বিশেষ চকীখনত মোক বহিবলৈ কৈ ৰোগৰ বিৱৰণ শুনি চিকিৎসা আৰম্ভ কৰি দিলে৷ চিকিৎসা চলি থাকোতে মই তেওঁক মনোযোগেৰে চাওঁতে স্কুলৰ দিগন্তৰ লগত অলপ মিল পালো৷ উৎকন্ঠা দমাই ৰাখিব নোৱাৰি সুধিয়েই দিলো, " আপুনি বাৰু দিছপুৰ বিদ্যালয়ত পঢ়িছিল নেকি?"
"হয়৷ " তেওঁৰ উত্তৰ৷
"ৰুপম, অনুপ 'তৰ লগত একেলগে বহিছিল?" মোৰ উৎসাহী প্ৰশ্ন?
"হয়" আকৌ তেওঁৰ উত্তৰ৷
এইবাৰ মই নিশ্চিত 'লো স্কুলৰ দিগন্ত ইয়েই৷ পিছে তাৰ অৱস্হাটো দেখি বৰ দুখ লাগিল৷ কি 'ৰাৰ কি অৱস্থা৷ সেই ধুনীয়া 'ৰাটো আজি এক মধ্যবয়সীয়া, তপা ব্যক্তি৷ মোকেই মোৰ পত্নীয়ে দেখাত বুঢ়া হৈ যোৱা বুলি হাঁহে৷ মোৰটো কেৱল পেটতো অলপ ওলাইছে আৰু দুডালমান চুলি পকিছে৷ দিগন্তৰ কথা ভাবি দুখেই লাগিল, তাক চাগে তাৰ পত্নীয়ে কিমান কথা শুনায়৷ বেচেৰালৈ দুখেই লাগে৷
"মোক চিনি পাইছা? তুমি মোৰ ক্লাছত আছিলা৷ " মোৰ আগ্ৰহী প্ৰশ্ন৷
দিগন্তই মোৰ প্ৰশ্ন শুনি অতি মনোযোগেৰে মোৰ ফালে কিছু সময় চালে৷ তাৰ পিছত অতি বিনীতভাবে সেই তপা, মধ্যবয়সীয়া ডাক্তৰে মোক প্ৰশ্ন কৰিলে.........
"মই ঠিক ধৰিব পৰা নাই, আপুনি বাৰু স্কুলত আমাক কি পঢ়াইছিল চাৰ ?



No comments:

Post a Comment