Sunday 28 July 2013

মোৰ প্ৰথম প্ৰেম৷




তেতিয়া মই অষ্ঠম শ্ৰেণীৰ ছাত্ৰ ৷ লগৰবোৰ লাহে লাহে প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছেই৷ মইনো কেনেকৈ পিছ পৰি থাকো? গতিকে এদিন শ্ৰেণীকোঠাৰ শেষৰ ফালে বহি লৈ প্ৰেমিকাৰ সন্ধানত নামি পৰিলো৷ তিনিটামান ক্লাছ যোৱাৰ পিছত এজনী পচন্দ কৰিলো, লগৰ কেইটাৰ লগতো আলোছনা কৰি ললো যাতে কাৰো লগত ডাবল ক্ৰছিঙ নহয়৷ বচ, আৰু কোনে পাই, সেইদিনাৰ পৰা এক দুৰ্দান্ত প্ৰেমিক হৈ উঠিলো৷ তাই গ'ম নোপোৱাকৈ তাইৰ পিছ লোৱা হ'লো৷ ইমান একাগ্ৰতাৰে এই কামটো কৰিবলৈ ললো যে আজিৰ দিনত হোৱা হ'লে ভদাফোনৰ বিজ্ঞাপনত সেই কুকুৰটোৰ সলনি মোকেই ল'লেহেতেন৷ তাইৰ কাৰণেই মোৰ দৰে গুৰু গোসাই নমনাটোৱেও সংস্কৃত ঐচ্ছিক বিষয় হিচাপে লৈ সংস্কৃত শ্লোক মূখস্হ কৰাত লাগি গ'লো৷ প্ৰেম নিবেদন কৰাৰ সাহস কিন্তু নাছিল দেই৷ চেন্দেলৰ কোবলৈ বৰ ভয় লাগে মোৰ৷

আহক সেই সময়তে শ্বাহৰুখ খানৰ ঢৌ৷ কেশবিন্যাস, সাজ সজ্জাৰে শ্ৰেণীৰ আধাআধি ছাত্ৰ শ্বাহৰুখ হলেই৷ ময়ো তাৰে এজন অন্যতম৷ ইতিমধ্যে মুক্তি পালে শ্বাহৰুখ অভিনীত 'ডৰ ' খনে৷ তিনিবাৰ মান চালো৷ এদিন টিভিত অকলে অকলে সেইখন চাই থাকোতে এটা বাম্পাৰ পৰিকল্পনা মনলৈ আহিল৷ লগৰ কেইটাৰ লগত আলোছনা কৰোতে পৰিকল্পনাটোৱে পূৰ্ণ সমৰ্থন পালে৷ পৰিকল্পনা মতে, মই তাইক প্ৰেম নিবেদন নকৰো৷ মোৰ মনত তাইক ৰাখি প্ৰেম আৰু গভীৰ কৰি তুলিম৷ এদিন তাইৰ বিয়া হব, কোনো কথা নাই৷ তাৰ পিছতহে মোৰ আছল খেল আৰম্ভ হ'ব৷ বিয়াৰ এবছৰ মান পিছত তাইৰ গিৰিয়েকক মই ভাড়াতীয়া গুণ্ডাৰ হতুৱাই হত্যা কৰোৱাম৷ যেতিয়া তাই বিধৱা হৈ অকলশৰীয়া হৈ পৰিব, তেতিয়া মই তাইৰ শুভাকাঙ্খী হৈ তাইৰ ওচৰ চাপি যাম আৰু এদিন আমি বিবাহপাশত আবদ্ধ হ'ম৷ সেই সময়ত মোৰ পোন্ধৰ বছৰীয়া মগজুত এয়া এক নিখূত পৰিকল্পনা আছিল৷ এই পৰিকল্পনাৰ বাবে শ্বাহৰুখ খানৰ লগতে ৰঞ্জু হাজৰিকায়ো সমানেই কৃত্তিত্ব দাবী কৰিব পাৰে৷

ইতিমধ্যে মেট্ৰিক পৰীক্ষা ওচৰ চাপিল ৷ মনে মনে ঠিক কৰিলো, তাই যি কলেজত পঢ়ে ময়ো তাতেই পঢ়িম৷ বিজ্ঞান, কলা, বাণিজ্য তাই যি পঢ়ে ময়ো সেয়াই পঢ়িম৷ কিন্তু হায়ৰে কপাল, তাই গলগৈ সন্দিকৈ কলেজলৈ৷ ময়ো ঠোট মূখ চেলেকি গুৱাহাটী কমাৰ্চ কলেজ পালোহি৷

দিন বাগৰিল৷ বয়স, পঢ়া শুনা, ভৱিষ্যতৰ চিন্তাই প্ৰেমৰ চোক কমাই দিলে আৰু এদিন ক'ব নোৱাৰাকৈ প্ৰেমৰ ভূতটো কেনি জানো পলাই গ'ল৷

লাহে লাহে বিয়াৰ বয়স হ'ল৷ নিজৰ নহলেও লগৰবোৰৰ বিয়া বছৰত দহ খন মানকৈ খাব পোৱা হ'লো৷ ঠিক তেনে এখন বিয়াতেই আকৌ পাই গলো নহয় তাইক, এক আদৰ্শ বোৱাৰীৰ ৰুপত৷ গিৰিয়েক আমাৰেই অগ্ৰজ নীলিম দা ৷ ইতিমধ্যে বিয়াত পুৰনা বন্ধুবোৰ লগ হৈ স্কুলীয়া দিনৰ স্মৃতি ৰোমন্থন পূৰ্ণ গতিত চলাই আছে ৷ এসময়ত গৈ মোৰ সেই পৰিকল্পনাৰ কথাও ওলাল৷ ময়ো ধেমালিতে কলো যে পৰিকল্পনাটো এতিয়াও চলি আছে৷ নীলিম দাই জোৰ দি সুধিলে ছোৱালীজনী কোন৷ দৰকাৰ হ'লে গুণ্ডা বিছৰাত সহায় কৰি দিব বুলিও ক'লে৷ এটা মিচিকিয়া হাঁহিৰে আলোচনাটোৰ তাতেই অন্ত পেলালো৷

ইতিমধ্যে আমাৰ খোৱা বোৱা হৈ গ'ল৷ দৰাৰ লগত যাবলৈ আমি সাজু৷ নীলিম দা আৰু তাই যাবলৈ ওলাল, মই দৰাৰ লগত কিবা এটা হিচাপ কৰি আছিলো৷ সিহতে দৰাক মাত দিবলৈ আহি মোৰ পৰাও বিদায় ললে৷ নীলিম দাই মোক কলে, 'এইবাৰ ছাগে তোমাৰ বিয়া খাবলৈ পাম '৷ মই হাঁহি এটাৰে সন্মতি জনাবলৈ লওতেই দৰাই মাত দিলে, ' দাদা, তাৰ স্কুলৰ ড্ৰীমগাৰ্ল জনীক টো আপুনিয়েই বিয়া পাতিলে, এতিয়া আকৌ সি নতুনকৈ এজনী বিছাৰিব লাগিল ৰ'ব '৷

কথাটো শুনিয়েই মোৰ অৱস্হা তাহানিৰ শক্তিমান নামৰ ধাৰাবাহিকখনৰ গংগাধৰৰ দৰে হ'ল৷ কিন্তু পিছ মুহুৰ্ততে নীলিমদাৰ স্কুলীয়া দিনৰ মাধমাৰ কেইটালৈ মনত পৰাত মই শক্তিমানৰ দৰে মই তাৰ পৰা নিমিষতে নোহোৱা হৈ গলো৷

বি.দ্ৰ. : ঘটনাটোৰ পিছৰে পৰা মই শ্বাহৰুখ খানৰ চিনেমা আৰু ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ সোৱাদ লোৱাৰ সাহ গোটাব পৰা নাই৷

4 comments: