Sunday 28 July 2013

পু'হত অকবিয়ানৰ বিয়া



স্নেপ :
ৰাতিপুৱাৰে পৰা আদিত্যৰ মন বেয়া৷ কিমান উৎসাহেৰে ৰাতি ৰাতি কবিতা লিখি সি দিগন্তদাৰ তিনি নম্বৰ খুলশালী জনীক প্ৰেমৰ জালত পেলাব খুজিছিল আজি তায়েই তাক আনফ্ৰেণ্ড কৰি দিলে৷ এই জ্ঞানেশ্বৰেই তাৰ কাল 'ল৷ আদিত্যই তাইক কবিতা কেইটা দিয়াৰ আগতেই জ্ঞানেশ্বৰে সেইকেইটা চুৰ কৰি তাইক টেগ কৰি থৈছিল৷ আদিত্যই যেতিয়া তাইক কবিতা কেইটা দিলেগৈ,ওলোটা সিহে চুিৰৰ অপবাদ পালে৷ ধেৎ দিনটোৱেই বৰবাদ হৈ 'ল৷ মনৰ দূুখত ডিক্ৰং নদীৰ পাৰত বহি সি বাঁহী বজাই আছিল৷ অলপ আগতে জীৱেশ্ৱৰে দি যোৱা চাধাপালি খাইহে এতিয়া মনটো অলপ পাতল পাতল লাগিছে৷ নাই এনেকৈ থাকিলে নহ'ব৷ মাজুজনীক 'লেও নিজৰ কৰিবই লাগিব৷ সন্মানৰ কথা আছে৷ এই দিগন্ত দাৰো কাম নাই আৰু, তিনিজনী খুলশালী আছে বুলি ৰাজহুৱাকৈ জনাই দিলে৷ এতিয়া কাৰ কাৰ চকু পৰে ঠিক নাই৷ জ্যোিতটো উঠি পৰি লাগিছেই৷ তাতে ইফালে সেইজনীয়ে জ্যোতিৰ কমেন্টত লাইকো মাৰিছে৷ হে ভগৱান, সেইজনীক জ্যোতিলৈ যাব নিদিবা৷ সি প্ৰাইমত হে ওলাইছে, মই দিন ভালে থাকিলে বিবিচি ওলাম৷ এবাৰ কেৱল তাইৰ ভুল ভাঙি দিয়া৷
স্নেপ -
জ্যোতিপ্ৰকাশৰ ভাষাৰে- দিগন্ত দাৰ খুলশালী থকা শুনি মনটো ভাল লাগি আছে৷ বুকুখনেও কিবা লাভ লাভ কৰি থাকে আজিকালি৷ তাতে সেইদিনা তাৰে এজনীয়ে মোৰ কমেন্টত লাইক এটাও মাৰিছে৷ সেইদিনা বা টিভি মোক চালেনে নাই৷ চেহঃ, দাড়ি কেইদাল কাটি ষ্টুডিওলৈ যাব লাগিছিল৷ ভুল হৈ 'ল৷ সেইকেইজনীয়ে বোলে আকৌ অসমীয়া চিনেমা চাবলৈ বৰ ভাল পায়৷ সেয়াহে চিন্তাৰ কথা হৈছে৷ কেইদিনমান আগতে অকবত টেটুফালি কৈ আহিছো যা তা অসমীয়া চিনেমা নাচাও বুলি৷ এতিয়া তাইৰ লগত যাওঁতে বিতোপনে দেখিলে কম লাজৰ কথা হবনে?
স্নেপ :
এইকেইদিন মনজিৎ ব্যস্ত কইনা বিচৰাত৷ ঘৰত কৈ দিছে, অকল কানেক্টিং ইণ্ডিয়া কৰিলেই নহব, নিজকো সোনকালে এজনীৰ লগত কানেক্ট কৰ৷ নহলে ময়ুৰী শৰ্মাই যোৰা পাতি দিয়া দি কৰোবাৰ লগত বান্ধি দিম৷ বহুত চিন্তা তাৰ মুৰত৷ অকল ছোৱালী চালেই নহব, বিয়াৰ যোগাৰো নিজেই কৰিব লাগিব৷ অজয়লালো বোলে নাহে বিয়াত লুচি বিলাবলৈ৷ চিনাকীৰ মাজত কইনা পালে ভাল আছিল৷ সেইবোৰ কথাকে মনজিতে ৰবিবাৰ এটাত বাকৰ পুতেকৰ লগত আলোচনা কৰি আছিল৷ জুনিয়ৰ বাকে 'লে তই এবাৰ দিগন্তদাৰ খুলশালী এজনী চাই নাহ কিয়৷ মই যোৱা সপ্তাহত দিগন্তদাৰ শহুৰেকে অনা চিতল মাছটো চুৰ কৰিবলৈ যাওঁতে সেই তিনিজনীক দেখি আহিছো৷ ভাল মিলিব তোৰ লগত৷ একেলগে তিনিটা অপচন৷ জুনিয়ৰ বাকৰ কথা শুনি মনজিতৰ সুখ কুলায়ে পাছিয়ে নধৰা অৱস্হা৷
লাহে লাহে ত্ৰিমূৰ্তিৰ এই প্ৰেমৰ ঘটনা ঘুনুক ঘানাককৈ বহুতৰ কানত পৰিল৷ গতিকে এদিন তিনিও লগ হৈ খোলাখূলিকৈ কথাবোৰ আলোচনা কৰি ললে৷ আলোচনাৰ শেষত ঠিৰাঙ ' ডাঙৰজনী মনজিৎৰ, মাজুজনী জ্যোতিৰ আৰু সৰুজনী আদিত্যৰ৷
এতিয়া নিজৰ মাজত কথাবোৰ ঠিক ' যেতিয়া আগবঢ়াহে কথা৷ সুশান্তদাৰ মূখেৰে কথাটো দিগন্তদাৰ কানত পেলোৱাৰ পৰিকল্পনা কৰা 'ল৷ সুশান্ত দাক কওঁতে তেওঁৰ আৰু অলপ দূখ লাগি ' যদিও তেওঁ দিগন্ত দাৰ কাণত কথাখিনি পেলালে৷ দিগন্তদাৰ একো আপত্তি নাই৷ লৰাকেইজন ভালেই৷ শহুৰেকেও গোটেইখিনি তেওঁৰ ওপৰত এৰি দিছে৷ খুলশালী তিনিজনীক সোধোতে লাজকুৰীয়া হাঁহি মাৰি ভিতৰৰ কোঠালৈহে লৰ মাৰিলে৷
ঠিৰাং কৰা ' তাৰিখে তিনিও জন কোনোবা ডাঙৰ মানুহৰ সৈতে দিগন্তদাৰ ঘৰলৈ যাব৷ মাখন চাৰ, অঞ্জলী বাইদেউ, ময়ুৰী বাইদেউ আৰু প্ৰতিভূ দাক যাবলৈ ৰাজী কৰোৱা 'ল৷
চাওঁতে চাওঁতে সেই বহু আকাঙ্খিত দিনটো আহিল৷ দিগন্ত দাৰ ঘৰত উৎসৱ মুখৰ পৰিবেশ৷ তিনিজনকৈ ভাবী জোৱাই আহিব, কম কথানে৷ ৰাতিপুৱাৰে পৰা দিগন্তদাই নৰসিংহৰ পাত চিঙি দুডাল গছ টকলা কৰিছে৷ এইখিনি ধুই মেলি আকৌ মৃদুল দাৰ তালৈ ব্ৰয়লাৰ আনিব দৌৰিব লাগিব৷ মিঠাই খিনি কালিয়েই আনি থৈছে৷ কিম্তু চিলভাৰ ফইল খিনি হে গুছাবলৈ সময়েই নাপালে৷মাধুৰ্য্যই শুনিলে বৰ বেয়া পাব দেহি৷
যথা সময়ত তিনিও দলে বলে দিগন্তদাৰ ঘৰত হাজিৰ 'ল৷ দিগন্তদাৰ অনুৰোধত মেজিক মমেন্টবোৰ কেমেৰাত আবদ্ধ কৰিবলৈ বিক্ৰমজিৎ দা কেতিয়াবাৰ পৰাই হাজিৰ৷ ৰৈ ৰৈ আমনি লাগি ইতিমধ্যে তেওঁ চাৰিটামান কল খালেই৷
দিগন্তদাৰ পৰিয়ালে সকলোকে উষ্ম আদৰণি জনালে৷ ইমান ভাল অভ্যৰ্থনা দেখি ইমানপৰে গহীন হৈ থকা মাখন চাৰৰ মুখলৈ সেই বিখ্যাত হাঁহিটো ঘূৰি আহিল৷ আলোচনা কৰিব লগা বিশেষ নাছিল, সকলোৰে সন্মতি আছিলেই৷ সৰুজনীয়ে অলপ আপত্তি কৰিছিল আদিত্যৰ কবিতা চুৰিৰ কথা লৈ লগে লগে উচ্চজিৎ কলিতাক ফোন লগাই দিয়া 'ল৷ তেওঁ প্ৰমাণ সহকাৰে জ্ঞানেশ্বৰ পৰভূৰ কথাখিনি বুজায় দিয়াত তায়ো হাঁহিমূখে মান্তি 'ল৷
ভিতৰৰ কোঠাত বিয়নী মেল ইতিমধ্যে আৰম্ভ হৈ গৈছিল৷ ময়ুৰী বাইদেৱে ইতিমধ্যে লিমাৰিকৰ লেখীয়া যোৰা নাম লিখি উলিয়ালেই৷ অঞ্জলী বাইদেৱে নিজৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিলে যে বেবীৰ জোৰোনতকৈ এই ত্ৰিমুৰ্তিয়ে বেছি ভাল বস্তু দিব৷ শুনিয়েই তিনি কন্যাৰ মুখ উজলি উঠিল৷
এতিয়া বিয়াৰ দিনবাৰ ঠিক কৰিব লাগে৷ তিনিও আজিৰ যুগৰ ডেকা৷ পঞ্জিকাত কাৰো বিশ্ৱাস নাই৷ ভূ দাই প্ৰস্তাৱ দিলে প্ৰফেছাৰ হিজবিজৰ পৰামৰ্শ লোৱা যাওঁক৷ মনজিতে নিজৰ অফিছৰ পৰা প্ৰকাণ্ড এন্টেনা থকা এটা উঠাই আনিছিল৷ সেইটোৰে প্ৰফেছাৰক হটলাইনত লোৱা 'ল৷ প্ৰফেচাৰে টাইম মেচিনত চাই ৩১ ডিচেম্বৰ দিন দিলে৷ বাপতি সাহোন দিনটোত লঘোণে থাকিব লাগিব বাবে তিনিও অলপ দূখ পালে যদিওঁ ঠিক বিয়া হোৱাৰ আনন্দত সেয়া মানি 'লে৷ মনৰ সুখত তিনিও এবাৰ এবাৰকৈ দিগন্তদাৰ বেলকনীত গৈ দিক্ষুৰ বৰষুন বৰষুন গানটো গাই আহিল৷
ইতিমধ্যে বিয়াৰ খবৰ চাৰিওফালে বিয়পি পৰিল৷ অকবৰ সকলোৱে দায়িত্ব লবলৈ আগুৱাই আহিল৷ বনজিৎ,গীতাৰ্থ আৰু ছাজিদ ডাঙৰীয়াই তিনি কন্যাক ফেচবুকত অসমীয়া লিখিবলৈ শিকালে৷ হিমজ্যোতিয়ে 'লে এখন চিঠিতে সকলোৰে ফটো দি সম্পৰ্ক স্থাপন কৰোৱাই বিয়াৰ চিঠি ছপোৱা৷ দেৱব্ৰতে আলু,পিয়াজ যোগান দিয়াৰ দায়িত্ব 'লে৷ বিকাশে আনিব সৰভোগৰ দৈ৷ সুশান্ত দাই পায়সখিনি দিব৷ বিয়া বুলিলে নাচ গান টো লাগিবই৷ ঠিক ' দেৱপ্ৰতীমে হিলিবিলি মিউজিক বজাব আৰু দেবাংগই গাব৷ বিয়াৰ পিছত ভাড়াঘৰ বিছাৰি দিয়াৰ দায়িত্ব উদ্দীপ তালুকদাৰৰ৷ দৰাৰ ভৰি ধুৱাওতে দিবলগা খুচুৰা পইচাখিনি ইতিমধ্যে গীতুপনে যোগাৰ কৰিছেই৷ মুঠতে মানে সকলোৱে সহায় কৰিছে৷
পিছে দৰা তিনিজনৰ হে চিন্তাত ' নাই৷ ঘৰৰ মানুহ, বন্ধু-বান্ধৱী বাদ দিও কেৱল অকবতেই দহ হাজাৰ মানুহ৷ ' ৰান্ধিব, ' বহুৱাব৷ মুঠতে হাহাকাৰ অৱস্হা৷ জজ ফিল্ড খন পালে কাম 'লহেতেন অৱশ্যে৷ পিছে সেইখন কতনো বিয়া পাতিবলৈ দিব৷ অৱশ্যে সত্যকাম আৰু ইবুক দি চেষ্টা এটা কৰি চাব পৰা যায়৷ সেইবোৰ কিবা এটা কৰিব লাগিব আৰু, অসুবিধা 'লে ৰাইজ আছেই নহয় সহায় কৰিবলৈ৷
গতিকে ৰাইজ, অহা ৩১ ডিচেম্বৰত অন্য একো কাম নাৰাখিব৷ সকলোৱে বাট চাই থকা বিয়াখনলৈ মই তেওঁলোকৰ হৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালো৷


No comments:

Post a Comment