Saturday 27 July 2013

ক্ৰিকেট আৰু মই৷

এটা সময়ত ক্ৰিকেট পাাগল আছিলো৷ দিন ৰাতি কেৱল ক্ৰিকেট আৰু ক্ৰিকেট৷ দিনটো খেলোঁ আৰু ৰাতি পিছদিনাৰ খেলৰ পৰিকল্পনা কৰোঁ৷ ব্ৰায়ান লাৰা আৰু ৱাছিম আক্ৰাম তেতিয়া মোৰ বাবে ভগৱান৷ সেই সময়ত টেনিছ বল ক্ৰিকেট টুৰ্নামেন্টৰ ধুম আছিল৷ ২৪০০ স্কোৱেৰ ফুট মানৰ খালি ঠাই পালেই টুৰ্নামেন্ট আৰম্ভ৷ এটা সময়ত খূৱ খেলিলোঁ৷ স্কুল টুৰ্নামেন্ট,  লোকেল টুৰ্নামেন্ট একো বাদ দিয়া নাছিলো৷ সেইটো পৰ্য্যায়ত বৰ এটা বেয়া খেলা নাছিলো৷ ক্ৰিকেট খেলি সেইসময়ত পোৱা ট্ৰফীৰ দুই এটা ভগ্নাৱশেষ এতিয়াও ঘৰত বিছাৰিলে ওলাব ৷

ডাঙৰ হোৱাৰ লগে লগে খেলা কমি আহিল৷ মোৰ শেষ খেলখন আছিল মাষ্টাৰ ডিগ্ৰী কৰি থকাৰ সময়ত, কলেজৰ খেল৷ বিপক্ষ দলে ১৫ অভাৰত ১২৫ মান কৰিছিল৷ আৰু আমি ১০ অভাৰতে জিকিছিলো৷ মোৰ মাৰমুখী বেটিঙৰ কাৰনে মই 'মেন অফ দা মেটছ' পাইছিলো৷

সেইবোৰ আজি অতীত৷ বহু বছৰ বেট-বলৰ লগত সম্পৰ্ক নাই৷ কেইমাহমান আগতে গাৱঁলৈ গৈছিলো৷ আমাৰ ঘৰৰ কাষৰ পথাৰখনত ১২-১২ বছৰীয়া সৰু ল'ৰাবোৰে ক্ৰিকেট খেলি আছিল৷ গছৰ তলত বহি বহুপৰ সিঁহতৰ খেল চালো৷ পুৰণা কথাবোৰ মনলৈ আহিল৷

তেনেতে এটা দলত এজন খেলুৱৈ কম হ'ল৷ চিনাকী ল'ৰা এজনে চিঞৰি সুধিলে,  'দাদা খেলিবি নেকি?' আহ্বান শুনি সেই পুৰণা খেলুৱৈজন যেন সাৰ পাই উঠিল৷ মন্ত্ৰমুগ্ধৰ দৰে খেলপথাৰলৈ নামি গলো৷ এটা দলত মোক লোৱা হ'ল৷ বিপক্ষ দলৰ এজনে কলে ,  দাদা জোৰে নামাৰিবি দেই, বল পুখুৰীত পৰিব৷ মই সন্মতিৰে মুৰ দুপিয়ালো৷যথাসময়ত খেল আৰম্ভ হ'ল৷

আমাৰ দলে ফিল্ডিং কৰিলে৷ পাঁচ অভাৰ মানত দুটা কেটচ্ মিছ কৰিলো৷ বহুদিন খেলা নাই যে৷ যথা সময়ত আমাৰ বেটিঙ আৰম্ভ হ'ল৷ দুটা উইকেট যোৱাৰ পিছত মই বেটিঙ কৰিবলৈ নামিলো৷

প্ৰথম বল, তীব্ৰবেগে বেট ঘুৰালো৷ ফলাফল? বল কীপাৰৰ হাতত৷ দ্বিতীয় বল, এইবাৰ মোৰ এক দৃষ্টিনন্দন স্কোৱেৰ ড্ৰাইভ, বলটো কোনোমতে লেগ ষ্টাম্পত নলগাকৈ পাৰ হৈ গ'ল৷
পৰবৰ্তী বলত আগুৱাই গৈ এটা সুন্দৰ শ্বট লবলৈ লওতেই ক্ৰীজৰ মাজত বাগৰি পৰিলো৷

ইতিমধ্যে অভাৰ শেষ হ'ল৷ এইবাৰ কেটেঙা পোৱালী এটা বলিং কৰিবলৈ আহিল৷ নন ষ্ট্ৰাইকাৰ এণ্ডৰ পৰা তাৰ বলিং দেখি হাঁহি উঠিল৷ ইয়াৰ বল পালেই ফালিম, মনত এনেকুৱা এটা ভাৱ৷ দুই নম্বৰ বলটোত এক ৰান লৈ মোক স্ট্ৰাইক দিলে৷ মই ইতিমধ্যে চাই লৈছিলো যে সি অলপ শ্বৰ্ট লেংথ বলিং কৰি আছে৷ ময়ো সেইমতে আক্ৰমণৰ বাবে সাজু হ'লো৷ সি বলিং কৰিবলৈ সাজু, ময়ো লগানৰ আমিৰ খানৰ দৰে বেট লৈ মোৰ পুৰণা শ্বটবোৰ মনত পেলাইছো৷

সেই সময়তে থাৰ্ডমেন পজিশ্যনৰ পৰা পোৱালি এটাই চিঞৰ দিলে, "অই, দাদাক স্পীন বলিং দিবি দেই"৷

ধেইত, নেখেলো যা আজিৰ পৰা ক্ৰিকেট৷

দুদিনমান পিছত শুনিলো শচীনে বোলে এদিনীয়াৰ পৰা অৱসৰ ল'লে, ভালেই কৰিলে৷









No comments:

Post a Comment