Tuesday 10 December 2013

এক আছিল বুঢ়া বুঢ়ী




(ফেচবুকিয়ানৰ ছিকুৱেল)

২০২৪ চনৰ কথা৷ ইতিমধ্যে বিজ্ঞান বহুদুৰ আগুৱাই গৈছে৷ ডাঃ বিপুল গগৈৰ নেৰানেপেৰা প্ৰচেষ্টাত বকুলীয়ে অৱশেষত ফেচবুক নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল৷ এতিয়া তাই কেতিয়াবাহে ফেচবুকত বহে৷ বুলগেৰিয়ান মাৰ্ক আৰু ৰিচাৰ্ড কাৰ্লোছকো তাই আনফ্ৰেইণ্ড কৰি দিলে৷ ৰাজেনক আকৌ ফ্ৰেণ্ড লিষ্টত সুমুৱাই ল'লে৷ এতিয়া তাইৰ ফেচবুক লৈ কোনো ক্ৰেজ নাই৷ এতিয়া তাই সকলো ফালৰ পৰা এজনী কাজী তিৰোতা৷ বন কৰা ছোৱালীজনীকো তাই বিদায় দিলে৷ সকলো কাম এতিয়া তাই অকলেই চম্ভালে৷
কিন্তু ইমানখিনি কৰাৰ পিছতো ৰাজেনে এতিয়াও তাইক সন্দেহ কৰে৷ সি অফিচ যোৱাৰ পিছত তাই ফেচবুকতেই লাগি থাকে বুলি ভাবে৷ এদিন এই কথাটো লৈ দুয়োৰে মাজত কাজিয়া লাগিল৷ ৰাজেনৰ মতে সি দিনৰ দিনটো কষ্ট কৰি টকা ঘটে আৰু সেইখিনি বকুলীয়ে ফেচবুক কৰি কৰি উৰাই দিয়ে৷ বকুলীয়ে বহুত চেষ্টা কৰিও ৰাজেনক বুজাব নোৱাৰিলে৷ শেষত দুয়োৰে কাজিয়া ইমান বেছি হৈ পৰিল যে মধ্যস্থতাকাৰী ৰুপে শেষত ডাঃ গগৈ দুয়োৰে মাজত সোমাব লগা হ'ল৷
গগৈয়েও ৰাজেনক বহুত বুজালে, কিন্তু কোনোপধ্যে ৰাজেনে নামানে৷ ৰাজেনৰ মতে বকুলীয়ে খুব আৰামত কাম চলাই আছে৷ শেষত দুয়োৰে অৱস্থা তাহানিতে পঢ়া 'এক আছিল বুঢ়া-বুঢ়ী' পদ্যটোৰ দৰে হ'ল৷ ৰাজেনে বকুলীক এদিনৰ কাৰণে তাৰ কাম কৰি চাবলৈ চেলেঞ্জ কৰিলে৷ কিন্তু সমস্যাটো হ'ল যে তাহানিৰ সেই বুঢ়া গৈছিল খেতি কৰিবলৈ, কিন্তু ৰাজেনে কৰে চাকৰি৷ এতিয়া জেদ লাগিল বুলিয়েই সি বকুলীক অফিছলৈ কেনেকৈনো পঠিয়াই৷ বছে বকুলীক অফিছত দেখিলে তাক সুদাই এৰিবনে৷ কিন্তু সি নাচোৰবান্দা, বকুলীক তাৰ কষ্ট অনুভৱ কৰাইহে এৰিব আৰু তাইক নিউজ লাইভৰ ৰিপৰ্টাৰে সোধা দি তাইক সুধিব, 'আজিৰ এই দিনটোত আপোনাৰ অনুভৱ কেনে'৷
কিন্তু কেনেকৈ কামটো কৰা যায়? শেষত ডাঃ গগৈয়ে উপায় দিলে,
: এটা উপায় আছে, কিন্তু অলপ খৰচী হ'ব৷
: কোনো আপত্তি নাই৷ কিন্তু মই এয়া কৰিমেই৷
: ঠিক আছে, মই আপোনালোক দুয়োৰে সৰু অপাৰেচন এটা কৰিম৷ তাৰ ফলত দুয়োৰে লিংগ সলনি হ'ব, প্লাষ্টিক চাৰ্জাৰীও কৰি দিম৷ দুদিন মান পিছত পুনৰ অপাৰেচন কৰি আপোনালোকক মই আগৰ অৱস্থালৈ লৈ আহিম৷
: সেইটো দেখোন বহুত ডাঙৰ অপাৰেশ্যন৷
: এসময়ত ডাঙৰ আছিল, আজিকালি সেইটো এটা মাইনৰ অপাৰেশ্যনত পৰে৷
সেইমতেই দুয়োৰে অপাৰেচন সম্পন্ন হ'ল৷ ৰাজেন হৈ পৰিল বকুলী আৰু বকুলী হ'ল ৰাজেন৷ পিছদিনা ৰাতিপুৱা ঘৰলৈ গৈয়েই দুয়ো কামত লাগি গ'ল৷ বকুলী চুট টাই মাৰি অফিচলৈ গ'ল আৰু ৰাজেনে মেক্সীটো পিন্ধি ঝাৰুডাল লৈ কেজৰিৱাল ষ্টাইলত কামত জপিয়াই পৰিল৷
এইফালে বকুলীৰ অফিছত একো কাম নাই৷ বহুদিনৰ মুৰত আকৌ ভালদৰে ফেচবুকত বহিছে৷ কাম বিশেষ নাই৷ কামত ধৰো বুলি ভাবোতেই তালুকদাৰে তামোল খাবলৈ লগ ধৰিলে৷ ইফালে সিফালে ঘূৰাঘূৰি কৰোতে কেতিয়ানো ঘৰ যোৱাৰ সময় হ'ল বকুলীয়ে ধৰিবই নোৱাৰিলে৷
এইফালে ৰাজেনৰ অৱস্থা নাই৷ ৰাতিপুৱাই ঝাৰু মাৰি কামত যি লাগিল তাৰ পিছত জিৰণি ল'বলৈ আহৰিয়েই পোৱা নাই৷ পুৱাই বকুলীক ব্ৰেকফাষ্ট খুৱাই বুৱাই, ছোৱালীজনীক স্কুললৈ বুলি সাজু কৰাই পঠিয়াও অলপ জিৰণি ল'বলৈ লওতেই দেখিলে এদম কাপোৰ ধুবলৈ আছে৷ সেইখিনি ধুই মেলি আগদিনাৰ কাপোৰবোৰ ইষ্ট্ৰি কৰি উঠি দেখিলে যে ভাত ৰন্ধাৰ সময় হ'লেই৷ ভাত ৰান্ধি উঠি ছোৱালীজনীক স্কুলৰ পৰা আনিবলৈ গ'ল৷
আবেলি আকৌ ওছৰৰ দোকানখনৰ পৰা বজাৰ কৰি, গাখীৰ আনি উঠি দেখিলে যে বকুলী ইতিমধ্যে অফিছৰ পৰা আহি টিভিত ক্ৰিকেট চোৱাত ব্যস্ত৷ বকুলীক কফি আৰু পকোৰা দি ৰাজেন ছোৱালীজনীৰ পঢ়া চোৱাত লাগিল৷ অলপ পিছত ভাত ৰান্ধিবৰ হ'লেই৷ বকুলীয়ে অফিচৰ পৰা আহোতে আজি লোকেল মাছ লৈ আহিছে, বিলাহীৰে সৈতে খাব বোলে৷ সেইবোৰ ৰান্ধি মেলি, বকুলী আৰু জীয়েকক খুৱাই মেলি পাকঘৰ চাফা কৰি শুব লওতে ৰাতি বাৰটামান বাজিল৷
পিছদিনা আকৌ একেই ঘটনা৷ তাৰ পিছদিনাও একেই৷ ৰাজেন হায়ৰাণ হৈ পৰিল৷ বকুলীক সন্দেহ কৰি সি যে মাৰাত্মক ভুল কৰিছিল সেয়া সি মৰ্মে মৰ্মে অনুভৱ কৰিলে৷ সেইদিনা বকুলী অফিছৰ পৰা অলপ পলমকৈ আহিল৷ ৰাজেনে তাইৰ ওচৰত যাওতে সুৰাৰ গোন্ধ পালে৷ অফিছত তালুকদাৰৰ লগত ধৰি আহিছে চাগে৷ সেইদিনা ৰাতি পাকঘৰৰ কাম সামৰি বিছনাত বকুলীৰ ওচৰত ৰাজেনে হুকহুকাই কান্দিলে৷ তাইৰ কামবোৰ হেয় জ্ঞান কৰি সি যে মাৰাত্মক ভুল কৰিছিল সেয়া সি একেআষাৰে মানি ল'লে৷ ৰাজেনৰ অৱস্থা দেখি বকুলীৰো দুখ লাগিল৷ তাই ক'লে,
: বুজিছা নহয় তোমালোকে ভবাৰ দৰে আমাৰ জীৱন ইমান আৰামৰ নহয়৷ তুমি যে মোৰ কষ্ট অনুভৱ কৰিছা সেয়াই মোৰ সন্তুষ্টি৷ হ'ব দিয়া, কাইলৈ আমি গৈ অপাৰেশ্যনটো কৰি ল'ম৷ তুমি পৰহিৰ পৰা আকৌ অফিছ যাবা, মই ঘৰ চম্ভালিম৷
: থেংক ইউ বকুলী৷
পিছদিনা পুৱাই দুয়ো ডাঃ গগৈৰ ওচৰলৈ গ'ল৷ অপাৰেশ্যনৰ বাবে দুয়ো সাজু হ'ল৷ অপাৰেশ্যনৰ পূৰ্বে কৰিবলগীয়া দৰকাৰী টেষ্টবোৰ কৰোৱাই দুয়ো ৰিপৰ্টৰ বাবে আপেক্ষা কৰিবলৈ ধৰিলে৷
যথাসময়ত ৰিপৰ্টবোৰ গগৈৰ মেজত আহি পালে৷ ৰিপৰ্টবোৰ পঢ়ি গগৈক অলপ চিন্তিত দেখা গ'ল৷ গগৈৰ এই ৰুপ দেখি শাৰীখন অলপ ঠিকঠাক কৰি লৈ ৰাজেনে আগুৱাই লৈ সুধিলে,
: চাৰ কিবা চিন্তাৰ কাৰণ?
: নাই তেনেকুৱা চিন্তাৰ কাৰণ নাই৷ কিন্তু অপাৰেশ্যনটো কিছুদিন পিছুৱাই দিব লাগিব৷
: কিয়??? চাৰ মই আৰু নোৱাৰিছো৷ প্লিজ সোনকালে কৰক৷
: নাই আপোনালোকে ৰ'বই লাগিব,অন্ততঃ কিছুমাহ ৷
বকুলীয়ে শিখৰখিনি মুখত সুমুৱাই লৈ আগবাঢ়ি আহি সুধিলে,
: কিন্তু চাৰ কিয়? কিবা চিন্তাৰ বিষয়? খোলাখুলিকৈ কওক৷
গগৈয়ে মিচিকিয়া হাঁহি এটা মাৰি ক'লে,
: চিন্তা কৰিবলগীয়া একো নাই হে, খবৰ ভালহে৷

ৰাজেনৰ ফালে আঙুলিয়াই গগৈয়ে ক'লে,
: এখেত মাক হ'বলৈ ওলাইছে৷ : )

No comments:

Post a Comment