এসময়ত পকেট নামৰ
বস্তুটোত পুৰুষৰ
একচেটীয়া অধিকাৰ
আছিল৷ কিন্তু
বৰ্তমান পকেটৰ
ওপৰত নাৰীৰো
সম অধিকাৰ
আছে৷ যিহেতু
আজিকালিৰ মহিলাসকলে
পুৰুষৰ দৰেই
পোছাক পৰিধান
কৰা আৰম্ভ
কৰিছে, গতিকে
পকেট আজি
সকলোৰে বাবে
আপোন হৈ
পৰিছে৷
আমাৰ পূৰ্ব পুৰুষসকলে
যেতিয়া শীত,
তাপ, লজ্জা
আদি নিবাৰণৰ
বাবে পাত,
লতা,গছৰ
বাকলি আদিৰ
ব্যৱহাৰ কৰিছিল
তেতিয়া সেই
পোছাকত পকেটৰ
অস্তিত্ব নিশ্চয়
নাছিল৷ প্ৰয়োজনীয়
সামগ্ৰী যেনে
অস্ত্ৰ শস্ত্ৰ,
খাদ্য সামগ্ৰী
কঢ়িয়াবলৈ হাতৰ ব্যৱহাৰেই হৈছিল নিশ্চয়৷
কিছু সামগ্ৰী
ককালতো গুজি
লৈছিল নিশ্ছয়৷
সময় আগুৱাই
গ'ল,
এসময়ত বস্ত্ৰ
আৱিস্কাৰ হ'ল৷ পৰিধান
কৰা বস্ত্ৰৰ
দৈৰ্ঘ্য-প্ৰস্থ
বাঢ়ি গৈ
থাকিল৷ পিছলৈ
অৱশ্যে ফেশ্যনৰ
কবলত পৰি
জোখ মাখবোৰ
কমিও গ'ল৷ যুগে
যুগে মানুহে
নিজৰ প্ৰয়োজন
অনুসৰি বস্ত্ৰৰ
পৰিবৰ্তন কৰিছে,
প্ৰযোজনীয়তা, সৌন্দৰ্য্যবোধ অনুসৰি সংযোজন কৰিছে
নতুন নতুন
কাৰুকাৰ্য্য৷
এনেকৈয়ে হয়তো এদিন
হাত দুখনক
খালী ৰখাৰ
প্ৰয়োজনীয়তা অনুভৱ কৰাৰ ফলত পকেটৰ
আৱিষ্কাৰ হ'ল৷ পোছাকত
টাপলি মাৰি
তৈয়াৰ কৰা
হ'ল
অতিৰিক্ত ঠাই
অলপমান য'ত সৰুসুৰা
প্ৰয়োজনীয় সামগ্ৰী সহজে ৰাখিব পৰা
যায়৷
পকেটৰ ইতিহাস বিছাৰি
গুগল চলাথ
কৰি চালো,
কিন্তু বৰ
বিশেষ একো
নাপালো৷ বাৰু
এনেকুৱাওটো হ'ব পাৰে যে
কেতিয়াবা কাৰোবাৰ
পোছাক ফালি
যাওতে টাপলি
মাৰিবলৈ গ'ল আৰু
হঠাৎ এদিন
মন কৰিলে
যে তাতে
দেখোন কিবা
কিবি ৰাখিব
পাৰি৷ বচ্
হৈ গ'ল পকেট৷
এয়া অৱশ্যে
বেবেৰিবাং চিন্তা কিছুমানহে দেই৷
যিধৰণেই আৱিস্কাৰ নহওক,
এতিয়া সমগ্ৰ
পৃথিৱীতে চানি
পৰিছে পকেট৷
আজি সকলোৰে
পোছাকত পকেট,
প্ৰয়োজন নহলেও
পকেট৷ আজিকালি
দেখা কিছুমান
পোছাকৰ পকেট
গণাটো এটা
দুৰুহ কাৰ্য্য৷
আগ পকেট,
পিছ পকেট,
ছাইড পকেট,
বেক পকেট,
ইন পকেট,
ফলচ্ পকেট
আৰু ক'ত যে কি পকেট৷
পকেট যে কেৱল
পোছাকতেই আছে
তেনে নহয়৷
মানিবেগতেই খুচুৰা পইচা, ড্ৰাইভিং লাইছেন্স,
ক্ৰেডিট কাৰ্ড
ইত্যাদিৰ বাবে
বেলেগ বেলেগ
পকেট৷ আকৌ
পকেটত ৰখাৰ
বাবে বিভিন্ন
কোম্পানীয়ে সুবিধা কৰি বস্তু উলিয়াইছে,
যেনে পকেট
অভিধান, পকেট
কেলকুলেটৰ, পকেট চুৰি ইত্যাদি৷
প্লেনৰ চিট, গাড়ীৰ
চিট সকলোতে
আপোনাৰ সুবিধা
অনুসৰি আছে
পকেট৷ মোনাবোৰতো
দেধাৰ পকেট৷
এতিয়াও মনত
আছে,সৰুতে
মহাবীৰ দৰ্জীৰ
ওচৰত ছাইড
পকেট থকা
জিনচ্ পেন্ট
চিলাইছিলো৷ পকেটত দুই হাত সুমুৱাই
দুৰ্গা পুজাত
খুব ঘুৰিছিলো৷
চিনাকী ডাঙৰ
মানুহ দেখিলে
অৱশ্যে নিজে
নিজে হাতদুখন
পকেটৰ বাহিৰলৈ
ওলাই আহে৷
মাৰ্বল, বগৰী, জলফাই,
পাকঘৰৰ পৰা
চুৰ কৰা
মিঠাই সকলোবোৰেইতো
ৰাখিছিলো এই
পকেটতেই৷ ঘৰৰ
মানুহৰ পৰা
বস্তু লুকুৱাবলৈ
মুহুৰ্ততে পকেটস্থ কৰিছিলো৷ পকেট৷ এতিয়া
ডাঙৰ হ'লো, কোনোবাই
ধাৰ বিছাৰিলে
সহজ উত্তৰ,
'পকেট একেবাৰে
খালী ভাই'৷ পকেট
আছে বাবেই
পকেটমাৰ আছে৷
পকেটমাৰ ধৰা
পৰিলে পিটন
দিবলৈ উৎসাহী
জনতা আছে,
পুলিচতকৈ আগতে
হাজিৰ হ'বলৈ আমাৰ
ইয়াত নিউজ
লাইভ, ডি
ৱাই আছে৷
পকেটৰ বিষয়ে গুগল
খুছৰি থাকোতে
এটা খবৰ
দেখিলো৷ নেপালৰ
চৰকাৰে বিমান
বন্দৰৰ কৰ্মী
সকলৰ বাবে
পকেটবিহীন ইউনিফৰ্ম দিয়াৰ চিন্তা চৰ্চা
কৰিছে৷ কাৰণ
হ'ল
ভেটী খোৱাৰ
উপদ্ৰৱ৷ দুৰ্নীতিগ্ৰস্থ
কৰ্মছাৰী কিছুমানে
খালী পকেটে
আহি ঘৰলৈ
যাওতে পকেট
ভৰ্তি কৰি
টকা লৈ
যায়৷
এনেই চিন্তা এটা
মনলৈ আহিছে,
আমাৰ দেশতো
এনেকুৱা কিবা
কৰিব নোৱাৰিনে?
কেৱল বিমানবন্দৰ
কিয়, সকলো
কাৰ্য্যালয়তে পকেট নিষিদ্ধ কৰিব নোৱাৰিনে?
কিন্তু তাৰ
পিছতে মনলৈ
আহিল, নাই
আমাৰ দেশৰ
দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীয়ে ইয়াৰ সমাধান
উলিয়াই ল'ব৷ বিভাগীয়
দৰ্জীক ভেটী
দি গোপন
পকেট এখন
চিলাই ল'ব৷ কি পোছাক
পিন্ধাই এইচামক
পকেটবিহীন কৰা যায়?
জন্মতে পিন্ধি অহা
পোছাকসাজ? মনলৈ অহা কথাটোহে ক'লো, ৰাইজে
দায় দোষ
নধৰিব৷
No comments:
Post a Comment