Monday 16 December 2013

এখন ফেচবুকীয়া চিনেমাৰ কেইটামান স্নেপশ্বট




আৰম্ভণিৰ এটা দৃশ্য:

- মা মা..... আজি মোৰ ষ্টেটাছত আটাইতকৈ বেছি লাইক আৰু কমেন্ট পাইছো৷ আজি মই সুৰেশৰ ৰেকৰ্ড ভাঙি দিলো৷
- আজি মই বৰ সুখী ৰমেশ, আজি যদি তোৰ দেউতাৰৰ এটা ফেচবুক একাউন্ট থাকিলেহেতেন, তেওঁ তোৰ আপডেটৰ ডিমাণ্ড দেখি কিমান যে সুখ পালেহেতেন৷
- নাকান্দিবা মা, দেউতাৰ একাউন্ট নাই কি হ'ল৷ মোৰ প্ৰফাইলত ৰিলেশ্ব্যন ষ্টেটাছত তোমাৰ লগৰ ধৰণী খুড়াক মই ফাদাৰ হিচাপে এড্ কৰিয়েই থৈছো৷ তেওঁ মোক কেতিয়াও দেউতাৰ একাউন্ট নথকাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই৷ তাৰোপৰি তুমি মোৰ সকলো আপডেটত লাইক, কমেন্ট দিয়াই দেখোন৷ কেতিয়াও তুমি মোক দেউতাৰ একাউন্ট নোহোৱাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই৷

নায়ক নায়িকাৰ এক দৃশ্য:

- বন্দনা, জানাই দেখোন মই এজন অতি সাধাৰণ ফেচবুক ইউজাৰ৷ মোৰ ষ্টেটাছত যিমান লাইক পৰে তাতকৈ বেছি লাইক তোমাৰ কমেন্টত পৰে৷ তোমাৰ সৈতে মোক 'ইন এ ৰিলেশ্ব্যনশ্বিপ'ত দেখিলে সকলোৱে তোমাক হাঁহিব৷
- বেলেগে কি কয় সেয়া মই কেতিয়াও ভবা নাই৷ তোমাৰ ষ্টেটাছত লাইক, কমেন্ট কিমান সেয়া দেখি মই তোমাৰ প্ৰেমত পৰা নাই৷ তুমি যদি ৰিলেশ্ব্যনশ্বিপ ষ্টেটাছ একচেপ্ট নকৰা মই আজিয়েই মোৰ একাউন্ট ডি এক্টিভেট কৰি দিম৷
- নাই বন্দনা, তোমাৰ একাউন্ট ভুলতেও ডি এক্টিভেট নকৰিবা৷ তুমি নাথাকিলে মই ফেচবুকত থাকি কি কৰিম? মই আজিয়েই মাৰ পৰা টকা খুজি নেট পেকটো ভৰাই তোমাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিম৷

নায়ক আৰু নায়িকাৰ পিতৃৰ দৃশ্য:

- তোৰ ইমান সাহস, মোৰ ছোৱালীলৈ তই চকু দিছ৷ তোৰ দৰে ভিকহু ফেচবুক ইউজাৰ এটালৈ মই মোৰ ছোৱালী কেতিয়াও নিদিও৷ তোৰ আপডেটত যিমান লাইক পৰে, তাতকৈ বেছি লাইক আমাৰ ৰামুকাকাৰ ষ্টেটাছত পৰে৷ তই কৰাৰ দৰে এশটামানক টেগ কৰিলে চাগে ৰামুকাকাৰ লাইক আৰু বাঢ়িলেহেতেন৷
- চৌধুৰী চাহাব, মই কম লাইক-কমেন্টৰ মালিক হ'ব পাৰো, কিন্তু আপুনি চাগে নাজানে যে মোৰো দহ হাজাৰ+ লাইকৰ এটা পেইজ আছে৷ সৰু মানুহ বুলি অৱজ্ঞা নকৰিব, কেতিয়াবা হয়তো আপোনাৰ পেইজ প্ৰ'মট কৰিবলৈ আপোনাক মোৰ পেইজৰেই দৰকাৰ হ'ব৷ এই কথা মনত ৰাখিব৷

খলনায়ক আৰু খলনায়কৰ পিতৃৰ দৃশ্য:

- দেউতা যেনেকৈয়ে নহওক, তোমাৰ ফ্ৰেইণ্ডলিষ্টত থকা চৌধুৰীৰ ছোৱালীক মোৰ ফ্ৰেইণ্ডলিষ্টত লাগে৷ তাইক দহবাৰমান ৰিকুৱেষ্ট পঠিয়ালো, এড নকৰিলে তাই মোক৷
- বাবা চিন্তা নকৰিবি, সকলো ভবা মতেই হ'ব৷ তই প্ৰথম চৌধুৰীৰ সেই থাৰ্ডক্লাছ আপডেটবোৰত লাইক, কমেন্ট মাৰি তেওঁৰ মন জয় কৰিবলৈ চেষ্টা কৰ৷ চৌধুৰী লাইনত আহি গ'লে জীয়েকক এড কৰাটো একেবাৰে সহজ হ'ব৷
- মই ইমান ধৈৰ্য্য ধৰিব নোৱাৰো৷ কালিয়েই মই তাইক প'ক কৰিছিলো, ২৪ ঘন্টাৰ ভিতৰত যদি তাই প'ক বেক নকৰে তেতিয়াহ'লে মই পাপ্পু হেকাৰক কৈ তাইক আই ডি ডিলিট কৰোৱাই দিম৷ চিনি পোৱা নাই তাই মোক৷

শেষ দৃশ্য:

নায়িকাই খলনায়কক উদ্দেশ্যি,
- চয়তান, তোক মই চিনিবলৈ বাকী নাই৷ তই পাপ্পু হেকাৰৰ সহায়ত মোৰ একাউন্টৰ পৰা নিজৰ আপডেটত লাইক, কমেন্ট ঠিকেই কৰিছ, কিন্তু তই হাজাৰ চেষ্টা কৰিলেও মোৰ ৰিলেশ্ব্যন ষ্টেটাছত ৰমেশেই থাকিব৷
- হাঃ হাঃ হাঃ, সুন্দৰী তই হয়তো গমেই নাপাও, আৰু আধাঘন্টাৰ ভিতৰত তোৰ প্ৰফাইলৰ ৰিলেশ্ব্যন ষ্টেচাছত মোৰ নাম দেখাব৷
- নহী........ ৰমেশ তুমি ক'ত আছা৷

স্মাৰ্টফোন এটা লৈ ৰমেশৰ প্ৰবেশ,

- বন্দনা, বন্দনা, বন্দনা.......
- ৰমেশ......
- মই আহি গলো বন্দনা, তোমাৰ একাউন্টত আৰু কোনেও হাত লগাব নোৱাৰে৷ এই মদন গুণ্ডাৰ সকলো পোষ্ট মই ৰিপৰ্ট কৰি নোহোৱা কৰি দিছো৷

ৰমেশ, সুৰেশ, ধৰণী খুড়া, মা আদি সকলোৰে সন্মিলিত ৰিপৰ্টৰ প্ৰকোপত মদন গুণ্ডাৰ ফেচবুক একাউন্ট চিৰদিনলৈ ব্লক হৈ যায় আৰু এইদৰেই ৰমেশ আৰু বন্দনা যুগ যুগান্তৰলৈ এক হৈ পৰে৷

No comments:

Post a Comment