Thursday 19 December 2013

নৱবৰ্ষৰ উপহাৰ




 নৱবৰ্ষ সমাগত৷ ইতিমধ্যে নৱবৰ্ষ বা প্ৰচলিত ভাষাত হেপ্পী নিউ ইয়েৰৰ ঢৌৱে ৰাইজক চুই গৈছেই৷ থাৰ্টী ফাষ্ট পাৰ্টী ক'ত হ'ব, খাহী ক'ৰ পৰা আনিব, ফুৰ্তিপানী খানাপাৰাৰ পৰা আনিবনে নাই, গাহৰি ফ্ৰাই হ'ব নে লাই শাকৰ লগত হ'ব সেইবোৰ যোগাৰত ৰাইজ ব্যস্ত৷ ইতিমধ্যে পিকনিকবোৰে চাৰিওফালে আনন্দৰ নিজৰা বোৱাইছে৷ মুঠৰ ওপৰত ৰাইজ নতুন বছৰৰ বাবে টঙালি বান্ধি সাজু৷

নতুন বছৰ অহাৰ লগে লগে সাধাৰণতে দুই ধৰণৰ মানুহ দেখা যায়৷ 'মোক এটা যেনেতেনে দিবদেই৷ ল'ৰা/ছোৱালী/আমুক/নিজৰ ইত্যাদি ইত্যাদিৰ বাবে লাগে'-- এয়া হৈছে প্ৰথমটো গোটৰ মানুহৰ ভাষ্য৷ 'পালে নিশ্চয় দিম, ৰাখি কিনো কৰিম মই৷ আগতে কিমান পাইছিলো হিচাপেই নাই৷ আছলতে আজিকালি আগৰ দৰে ইমান নাপাও'-- এয়া দ্বিতীয় গোটৰ ভাষ্য৷

প্ৰায় সকলোৰে আকাঙ্খিত এই বস্তুটো হৈছে ডায়েৰী৷ সাধাৰণভাবে ক'বলৈ গলে দৈনন্দিন কাৰ্য্যক্ৰমনিকা নিয়মিত ৰুপে লিপিবদ্ধ কৰা কাৰ্য্যকেই ডায়েৰী বা দিনলিপি বুলি কোৱা হয়৷ দৈনিক ব্যৱসায়িক তথ্য লিপিবদ্ধ কৰা কাৰ্য্যকো ডায়েৰী লিখা বুলিয়েই কোৱা হয় যদিও সাধাৰণতে আমি ডায়েৰী লিখা বুলিলে ব্যক্তিগত দিনলিপিকে বুজো৷

আকৌ ঘুৰি আহিছো, নৱবৰ্ষৰ উপহাৰ এই ডায়েৰীলৈ৷ ডায়েৰী বিছাৰি চাৰিওফালে ঘুৰি ফুৰাসকলৰ এক নগন্যসংখ্যকেহে চাগে ডায়েৰী প্ৰকৃত উদ্দেশ্যত ব্যৱহাৰ কৰে৷ ডাযেৰী যোগাৰ কৰা তেওঁলোকৰ হবি৷ আকৌ যিসকলে দিম বুলি চাৰিওফালে কৈ থয়, ধুনীয়া ধুনীয়া ডায়েৰীবোৰ দিয়াৰ সময়ত তেওঁলোকে কলিজা ফালি ডায়েৰী উলিয়াই দিয়ে যেন ভাব হয় কেতিয়াবা৷ সাধাৰণতে দাতা সকলে বিলাবলৈ লওতে তেওঁলোকে তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰি কোনজন মানুহক কোনখন ডায়েৰী দিয়া হ'ব সেয়া নিৰ্ণয় কৰে ৷ এইকেইটা হৈছে:

১) চকচকীয়া ডায়েৰী৷ আকাৰত ডাঙৰ, সোণালী চিয়াহীৰ চিকমিকনি, চামৰাৰে বন্ধা, চমৎকাৰ দিজাইন: সাধাৰণতে এনেকুৱা ডায়েৰী অতি গুৰুত্বপূৰ্ণ মানুহক দিয়া হয়৷ তৈলমৰ্দন কৰিবলৈ এনেকুৱা ডায়েৰী অতি দৰকাৰী৷ শহুৰ, ওপৰৱালা, গুৰুত্বপুৰ্ণ গ্ৰাহক, থানাৰ অচিৰ পত্নী,বাবা-মাইনাৰ স্কুলৰ মিছ আদিয়ে সাধাৰণতে এনেকুৱা ডায়েৰী উপহাৰ হিচাপে পায়৷

২) মধ্যমীয়া ডায়েৰী: ৰেক্সিনৰ বেটুপাত, সাধাৰণ পাত, দুৰ্বল চিলাই আদি এই ডায়েৰীৰ বৈশিষ্ট৷ সাধাৰণতে এইবোৰ ডায়েৰী এনেকুৱা লোকক দিয়া হয় যিসকলে ডায়েৰী পোৱাৰ পিছত মিচিকিয়া হাঁহি এটা মাৰি কয়, 'হেঃ হেঃ, নিদিলেও হ'লহেতেন৷ এনেই কষ্ট কৰিলে'৷ আছলতে এইষাৰ কথা তেওঁলোকে ডায়েৰীখনৰ ৰুপ দেখি দুখতহে কয়৷ চেলচ টেক্স অফিছৰ কেৰাণীজন, বাকী খোৱা দোকানৰ মালিক, ওচৰ চুবুৰীয়া আদিৰ ভাগ্যত এনেকুৱা ডায়েৰী পৰে৷

৩) নিকৃষ্ট ডায়েৰী: এটা পৃষ্ঠাতে তিনিদিনৰ বিৱৰণ লিখিব পৰা, আকাৰত সৰু, সোলোক ঢোলোক চিলাই আদি এই ডায়েৰীৰ বৈশিষ্ট৷ সাধাৰণতে অফিচৰ পিয়ন, পান দোকানী, ৰিটায়াৰ্ড খুড়া, ভেন্সাৰ স্কুলৰ মাষ্টৰ, ডায়েৰী বিছাৰি অক্টোবৰ মাহৰ পৰা বজ্ৰকামোৰ দিয়াসকল আদিৰ ভাগ্যত সাধাৰণতে এনেকুৱা ডায়েৰী পৰে৷

ডায়েৰী দান কৰাবোৰৰ কথা শেষ হ'ল বাৰু৷ এতিয়া ডায়েৰী উপহাৰ হিচাপে পোৱাবোৰৰ কথালৈ আহো৷ সাধাৰণতে ডায়েৰী পোৱাৰ পিছত পোৱাসকলে কৰা কাণ্ড কাৰখানবোৰ এনে ধৰণৰ:

যদিহে এখনতকৈ বেছি ডায়েৰী পাইছে তেন্তে প্ৰথম কাম হ'ব বাছি বাছি ভাল খন হাতত লোৱা৷ দ্বিতীয় কাম হ'ব হাতত লৈয়েই প্ৰথম নিজৰ নাম, ঠিকনা, ঘৰৰ আৰু নিজৰ ফোন নম্বৰ, নিজৰ ব্লাড গ্ৰুপ পৰ্য্যন্ত লিখি পেলোৱা৷ তাৰ পিছত দিল্লী, মুম্বাই আদিৰ মানচিত্ৰ কেইখন চাই ভূগোলৰ জ্ঞান বৃদ্ধি কৰা হয়৷ তাৰ পিছত এছ টি ডি, আই এছ ডি কোডবোৰ চাই সময় পাৰ কৰা৷ তাৰ পিছৰ পৰ্য্যায়ত আহে নতুন বছৰৰ কেলেণ্ডাৰখন চাই বন্ধৰ তালিকাখনত চকু ফুৰোৱা, কোনবোৰ বন্ধ ৰবিবাৰে খালে সেয়া চকু ফুৰোৱা৷

এইবাৰ কি কৰা যায়? পকেট মাহৰ দহ তাৰিখে খালী হৈ গলে কি হ'ল, ইনকাম টেক্স স্লেব কেইটা এবাৰ চকু নুফুৰালে হ'ব জানো? গতিকে এবাৰ কেলকুলেটৰটো লৈ কিমান টেক্সৰ বিষয়ে এটা হিচাপ কৰা হয়৷

সকলো কৰি শেষ, এইবাৰহে আছল কামটোলৈ আহিব লাগিল৷ ডায়েৰীখন টো পালে, এতিয়া এইখনেৰে কৰে কি? হাতত এটম বোমাৰ ৰিমট পালেও চাগে ইমান চিন্তা কৰিবলগীয়া নহয়৷ কি জ্বালা৷

ডায়েৰীকেই লিখা যাওক নেকি? প্ৰায় প্ৰতি বছৰেই মাঘ বিহুৰ সময়ত লিখিবলৈ আৰম্ভ কৰি গণতন্ত্ৰ দিৱস মানত এই কাৰ্য্যৰ ইতি পেলোৱা হয়৷ তাৰ পিছত কি কৰা যায়? হায় কি সমস্যা৷ অফিচৰ কামৰ নিয়মিত কামৰ হিচাপ ৰখা যাওক নেকি? চতুৰ্থ শ্ৰেণীত থাকোতে বাইদেৱে কৈছিল মই হেনো চেষ্টা কৰিলে ভাল কবি হ'ব পাৰিম৷ চেষ্টা কৰি চাও নেকি? বয়স হ'লে নোৱাৰিম বুলি কতো লিখা নাই নহয়৷ নে প্ৰবন্ধ লিখা যাওক নেকি? চিন্তাত ঘামি জামি একাকাৰ৷

জুন-জুলাই পোৱালৈ ডায়েৰীখনত অন্য এক খেল আৰম্ভ হয়৷
'লংপেন্ট-২, ফুল চাৰ্ট-৪, হাফ-৬,শাৰী-৩'৷
বা
'নিমখ-১ কিলো, মিঠাতেল-২ লিটাৰ, মচুৰ-আধা কিলো..... ইত্যাদি ইত্যাদি'৷

বি.দ্ৰ. : ডায়েৰীৰ সদব্যৱহাৰ কৰা সকলক এই লিখনিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে৷ যিসকলে ডায়েৰীৰ প্ৰকৃত ব্যৱহাৰ কৰে তেওঁলোকে জানুৱাৰীৰ পোন্ধৰ তাৰিখলৈ ডায়েৰী উপহাৰ পোৱাৰ আপেক্ষা নকৰি নিজে কিনি আনি এক তাৰিখৰ পৰা নিয়মিত ৰুপত লিখা আৰম্ভ কৰে৷ জীৱনৰ সুখ দুখ, হাঁহি কান্দোনৰ সাক্ষী এই ডায়েৰীবোৰ সাধাৰণতে চিৰকাল লোকচক্ষুৰ আৰতেই থাকে৷

( লেখনীটোৰ মূলভাবটো অন্য এক লেখনীৰ পৰা লোৱা হৈছে৷ )

No comments:

Post a Comment