Sunday 25 August 2013

ভাল ল'ৰা


ৰাতি অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিল, ভাৰতৰ বাহিৰৰ নম্বৰ৷ ফোনটো উঠালো, সেইমূৰত দিগন্ত৷ দিগন্ত মোৰ স্কুলীয়া দিনৰ সংগী৷ বৰ্তমান সি আমেৰিকাৰ এটা ডাঙৰ বহুজাতিক কোম্পানীৰ অভিযন্তা৷ বহুত কথা হ'ল তাৰ লগত৷ অহা সপ্তাহত সি ঘৰলৈ আহি আছে৷ বিশেষ ব্যস্ততাৰ বাবে মোৰ বিয়ালৈ সি আহিব নোৱাৰিলে, গতিকে সি অহা ৰবিবাৰে আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব৷

ৰবিবাৰে সি আহিব বাবে ঘৰত যোগাৰ তুংগত৷ মাৰ গাত তত নাই৷ মা দেউতাই তাক খুব মৰম কৰে, গোটেই সৰুকালতো তাৰ কাৰণে কমখন গালি খালোনে৷ সি পঢ়া শুনাত খুবেই ভাল৷ শান্ত শিষ্ট, এককথাত কবলৈ গলে এক আদৰ্শ লৰা৷ সৰুকালত কিবা দুষ্টামি কৰিলেই তাৰ উদাহৰণ দি আমাক গালি দিছিল,কেতিয়াবা বুজাইছিল৷

১১ মান বজাত সি আমাৰ ঘৰ পালেহি৷ সকলো তাক লৈ ব্যস্ত হৈ পৰিল৷ মায়ে মোৰ শ্ৰীমতীক তাৰ সৈতে চিনাকী কৰি দিলে,

: বোৱাৰী, এয়াই দিগন্ত৷ তোমাক সেইদিনা কৈছিলো নহয় তাৰ কথা, বৰ ভাল ল'ৰা৷ এনেকুৱা ল'ৰা আজিৰ দিনত দৰবত দিবলৈও নাই৷

ঘৰৰ সকলোৰে লগত কথা বাৰ্তা চলিল৷ খোৱাৰ যোগাৰ হ'বলৈ কিছুসময় আছিল৷ গতিকে আমি দুয়ো চকৰ ফালে ওলাই আহিলো৷ পুৰণি কথাবোৰ ওলাল৷ মাজতে মই কলো

: ভাই এতিয়াতো তই আমেৰিকান হৈ গলি৷ এনজয় কৰিছনে নাই ৱেষ্টাৰ্ন লাইফ৷ মদ পানী খোৱা আৰম্ভ কৰিলিনে নাই?

মোৰ প্ৰশ্ন শুনি এটা সৰু হাঁহি মাৰি দিগন্তই আৰম্ভ কৰিলে,

: আজিযে তহঁতৰ খুৰীয়ে মোৰ কথা কলে মন কৰিছিলিনে? দিগন্ত খুব ভাল ল'ৰা৷ এই 'ভাল ল'ৰা', এইটো বৰ গধুৰ শব্দ বুজিছনে৷ যেতিয়া ই কাৰোবাৰ কান্ধত বহে তেতিয়াহে বুজা যায় ইয়াৰ বোজা বহন কৰা কিমান টান৷ ভাল ল'ৰা আৰু পোহনীয়া কুকুৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰাটো বহু সময়ত অসম্ভৱ হৈ উঠে৷ ভাল ল'ৰা মানেই যেন ডিঙিত চেইন বন্ধা কুকুৰ, কেৱল মালিকে শিকাই দিয়া কামবোৰেই কৰে আৰু বিনিময়ত পায় ৰুটি,মাংসৰ হাড় আৰু বিস্কুট৷

ভাল ল'ৰাবোৰে কেৱল পঢ়াশুনা কৰে, একো উৎপাত নকৰে, প্ৰেম নকৰে, ৰাজনীতি নকৰে৷ কাৰণ সিহঁত যে ভাল ল'ৰা৷

সকলো পিতৃ মাতৃয়ে এজন ভাল ল'ৰা বিছাৰে,সকলো শিক্ষকে এজন ভাল ল'ৰাক নিজৰ ছাত্ৰ ৰুপে বিছাৰে৷ ময়ো সকলোৰে কাৰণে এজন ভাল ল'ৰা হৈ থাকিলো৷ কিন্তু এই ভাল ল'ৰা হোৱাৰ যুজত নিজৰ শৈশৱ, যৌৱন সকলো হেৰুৱালো৷ স্কুলত সকলোৰে অভিভাৱকে কৈছিল, 'দিগন্তক চা, কিমান ভাল ল'ৰা, তাৰ পৰা কিবা শিক্৷ ফল কি হৈছিল? বন্ধু বিয়োগ৷ স্কুলত কাৰো ভাল বন্ধু হ'ব নোৱাৰিলো, ভাল ল'ৰা হৈয়েই থাকি গ'লো৷

তহঁতে সৰুতে সদায় মাৰ্বল খেলিছিলি, মই কোনোদিন মাৰ ভয়ত খেলিবলৈ যাব নোৱাৰিলো৷ মাৰ এটাই কথা, ভাল ল'ৰাই মাৰ্বল আদি নেখেলে৷ মাৰ্বল কেইটামান সদায় মোৰ ড্ৰয়াৰতেই থাকি গ'ল৷ স্কুল টুৰ্নামেন্ট জিকি আহি তহঁতে স্কুলত হিৰো হৈ আহিলি,মই দুৰৰ পৰা হাত চাপৰি মাৰিলো৷ কি কৰিবি, কোনোদিন বেট ভালকৈ হাতত লৈ নাপালো৷ খেলিবলৈ এতিয়া মন গলেও নোৱাৰো৷

কিন্তু কিয়? ভাল ল'ৰাই কিয় সৰুকালৰ নিৰ্দোষ ধেমালি খিনিও নকৰিব? কিয় ৰাজনীতি নকৰিব? ভাল ল'ৰাই কিয় প্ৰেম নকৰিব? পাৰ্টীত গৈ কিয় মদ পানী খাই নানাচিব? এইবোৰৰ এটাই উত্তৰ, এয়া ভাল ল'ৰাৰ কাম নহয়৷ আৰু ভাল ল'ৰাবোৰে ইয়াৰ প্ৰতিবাদ কৰিবও নোৱাৰে৷ কাৰণ মুখ খুলি কথা কোৱাৰ অধিকাৰ আমাৰ পৰা সৰুতেই কাঢ়ি লোৱা হয়৷

ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাহিৰলৈ গৈ ভাবিছিলো এইবাৰ সুযোগ নেৰো৷ ইয়াতটো কোনেও চিনি নাপাই৷ মনে বিছৰা ধৰনে জীৱনটো উপভোগ কৰিম৷ অতি সোনকালে তেনেকুৱা বন্ধু-বান্ধব গোট খালে৷ কিন্তু ইমান বছৰৰ ভাল ল'ৰাৰ স্বভাৱ কলৈ যাব? যিমানেই বেয়া হোৱাৰ চেষ্টা কৰো, ভিতৰৰ পৰা ভাল ল'ৰাটোৱে টানি ধৰে৷ বেয়া হ'বলৈ সকলো ধৰণৰ চেষ্টা চলালো, কিন্তু সেই " ভাল ল'ৰা" আকৌ সন্মুখত আহি থিয় দিলেহি৷ মা-দেউতা আৰু সকলোৰে মূখবোৰ মনলৈ আহিল৷ গতিকে...........

তাৰ পিছতেই আহিল জীৱনত প্ৰতিষ্ঠিত হোৱাৰ যুঁজ৷ সেই যুঁজত যিখিনি আছিল সেয়াও হেৰুৱালো৷ আজি মই এক সফল ব্যক্তি৷ কিন্তু এই সফলতাৰ বাবে, ভাল ল'ৰা হৈ থকাৰ বাবে মই বহুত কিবাকিবি ত্যাগ কৰিব লগা হ'ল৷ যেতিয়া চখ আছিল তেতিয়া সুযোগ নাপালো আৰু যেতিয়া সুযোগ পালো তেতিয়া চখ বুলিবলৈ একো নাথাকিল৷
এতিয়া মই কেৱল টকা ঘটা এক যন্ত্ৰ৷

অলপ ৰৈ দিগন্তই পুনৰ আৰম্ভ কৰিলে,

: তহঁতে চাগে নাজান, মোৰ জীৱনলৈ এবাৰ প্ৰেম আহিছিল৷ আমাৰ ক্লাছৰ মৃণালীনিৰ সতে মোৰ এক বুজাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছিল৷ কোনেও একো প্ৰকাশ নকৰাকৈ দুয়ো দুয়োকে ভাল পাইছিলো৷ মই ইমানবছৰে সেয়া মোৰ একপক্ষীয় প্ৰেম বুলি ভাবি নিজকে শান্তনা দি আছিলো৷ কিন্তু আজিৰ পৰা কিছু বছৰ আগতে তাইৰ অমতত বিয়া ঠিক হোৱাৰ পিছত তাই কান্দি কাটি মোলৈ ফোন কৰিছিল৷ তাইক লৈ যাবলৈ মোক বাৰে বাৰে অনুৰোধ কৰিছিল৷ সেইদিনাহে বুজিছিলো তায়ো মোৰ মনৰ ভাষা ঠিকেই বুজিছিল৷ কিন্তু বিনিময়ত মই কি কৰিলো? কাপুৰুষৰ দৰে আতৰি আহিলো৷ সেই সময়ত মই কলেজৰ পৰা পাছ কৰি ওলাইছিলো মাত্ৰ৷ ঘৰত কোৱাৰ সাহসেই নহ'ল মোৰ৷ তাতে দেউতাহতে ভাবিবও নোৱাৰা ব্ৰাহ্মন-কলিতাৰ সমস্যা আছিলেই৷ "ভাল ল'ৰা"ৰ সমাজৰ প্ৰাচীৰ ভঙাৰ সাহস নহ'ল৷

তাৰ কথাৰ মাজতে মই মাত লগালো,

: কিন্তু মৃণালীনি যে দুবছৰ আগতে বিধৱা হৈছে সেয়া তই জাননে?

: সকলো জানো, সেইবাবেই মই এইবাৰ ইযালৈ আহিছো৷ আগতে কৰা ভুলৰ শুধৰণি কৰিবলৈ, মৃণালীনিক বিয়াৰ প্ৰস্তাব দিবলৈ৷ ইতিমধ্যে মই তাইৰ ঘৰৰ মানুহক সন্মত কৰাইছো৷ নাজানো তাই সন্মত হয় নে নহয়, কিন্তু মই এইবাৰ আপ্ৰাণ চেষ্টা কৰিম তাইক নিজৰ কৰিবলৈ৷ মোৰ বিশ্বাস তাই মোক ক্ষমা কৰি আদৰি ল'ব৷ বিশ্বাস কৰ', মই তাইৰ প্ৰতি সহানুভুতিশীল হৈ তাইক বিয়া কৰাব বিছৰা নাই৷ মোৰ নিজৰ স্বাৰ্থত হে তাইক নিজৰ কৰিব বিছাৰিছো৷ পলম হলেওঁ মই এইবাৰ মোৰ মনে বিছৰা মতে জীৱনটো কটাব বিছাৰো৷ তাইক বিয়া পাতিবলৈ হ'লে মই ঘৰ,সমাজৰ লগত এখন যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব, কিন্তু মই তাৰ বাবে এইবাৰ প্ৰস্তুত৷ মা-দেউতাক মই বুজাই ল'ম কোনোমতে,কিন্তু এইবাৰ মই আৰু ভাল ল'ৰা হৈ নাথাকো৷ মোক এই ভাল ল'ৰাৰ চীল মোহৰ আৰু নালাগে, মোক এতিয়া এক নতুন জীৱন লাগে, শান্তি লাগে৷ যিখন ঘৰ, সমাজত মই ইমান দিনে ভাল ল'ৰা হৈ থাকিলো, হয়তো এইবাৰ তাতেই মই এজন বেয়া ল'ৰা হৈ উভতি যাম৷

তহঁতলৈ এটাই অনুৰোধ, ভাল ল'ৰা হিচাপে মোক মনত নাৰাখিলেও এজন ভাল বন্ধু হিচাপে যেন মনত ৰাখ৷

No comments:

Post a Comment