Friday 9 August 2013

বৰ বৰ মানুহৰ সৰু সৰু স্মৃতি - ৩৷


  


উশাহ লবলৈওঁ সময় নোহোৱাৰ দৰে৷ মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে৷ আমি ছাত্ৰ একতা সভাৰ সদস্য কেইজনৰ কাম কৰি কৰি আধামৰা অৱস্হা৷ মই আছিলো উপ সভাপতি৷ অধ্যক্ষ মহোদয়ে মোক আৰু সাধাৰণ সম্পাদকৰ ওপৰত সামৰণীৰ দিনাৰ অনুষ্ঠানৰ বাবে মুখ্য অতিথি নিমন্ত্ৰণ কৰাৰ ভাৰ ন্যস্ত কৰিলে৷

দায়িত্ব লৈয়েই দুয়ো দৌৰ মাৰিলো হোমেন বৰগোহাঞি চাৰৰ ওচৰলৈ৷ গৈ গ'ম পালো তেওঁ অসমৰ বাহিৰত৷ পৰৱৰ্তী লক্ষ্য হিচাপে ললো কনকসেন ডেকা দেৱক৷ দৈনিক অগ্ৰদূতৰ কাৰ্য্যালয়লৈ গৈ তেখেতক আমাৰ উদ্দেশ্য জনালো৷ কিবা এক ব্যক্তিগত অসুবিধাৰ বাবে তেওঁৰ ফালৰ পৰাওঁ ঋণাত্মক উত্তৰ পালো৷ এনেদৰে আমি দুদিন ধৰি মুখ্য অতিথি বিছাৰিলো, কিন্তু কাকো নাপালো৷ সকলোৰে কিবা নহয় কিবা লেঠা৷এইফালে ৫ দিন পিছত অনুষ্ঠান৷ আমি মুখ্য অতিথি বিছাৰিয়েই আছো৷ ইফালে অধ্যক্ষৰ তীব্ৰ হেচা৷

চতুৰ্থ দিনা দুয়ো গভীৰ চিন্তাত মগ্ন হৈ সম্ভাব্য মুখ্য অতিথিৰ কথা ভাবি আছো৷ তেনেতে সাধাৰণ সম্পাদকে মাত লগালে৷
: অই, খাৰঘুলি পাহাৰত যে এজন মানুহ থাকে, তেওঁৰ তালৈ যাওঁ ব'ল৷
: কোন?
: সেই যে ইকনমিক্সৰ মানুহটো৷ কি বা নাম আছিল পাহৰিলো নহয়৷
: ( মই অলপ ভাবি) ডঃ জয়ন্ত মাধৱ?
: ৰাইট ৰাইট৷ ব'ল যাওঁ ( লগে লগে বাইক গৰ্জি উঠিল৷) ৷
: ক'ত তালৈ যাৱ৷ নাযাও মই, দাস এণ্ড ভূঞাৰ নোটচ পঢ়ি কোনোমতে ইকনমিক্সৰ পেপাৰ খন পাৰ হৈছো৷ কিবা সুধি দিলে খাৰঘূলি পাহাৰৰ পৰা জপিয়াব লাগিব৷ বাদ দে, বেলেগ বিছাৰিম৷
: চা ভাই, হাতত একেবাৰে সময় নাই৷ মানুহ যোগাৰ নহলে প্ৰিঞ্চিপালে ফালি দিব৷ হৈ যাব ব'ল এইবাৰ৷ চিন্তা নকৰিবি৷ ম'ম খুৱাম ব'ল তোক৷

তাৰ কথামাতে খাৰঘূলিলৈ বাইক দৌৰাই দিলো৷ তেওঁৰ ঘৰ পোৱালৈ ঠাণ্ডাত দুয়োৰে অৱস্হা নাই৷ ভাগ্য ভাল তেওঁ ঘৰতে আছিল৷ আমাক আচৰিত কৰি একে আষাৰে তেওঁ মান্তি হ'ল৷ দিন বাৰ সময় সকলো এখন নিমন্ত্ৰণী পত্ৰ আকাৰে লিখি তেওঁক দি আমি দুয়ো বাহিৰ ওলালো৷

ডাঙৰ সফলতা৷ উফ্ কি শান্তি৷ আনন্দত পাহাৰৰ নামনিলৈ আমি দুয়ো শ্বোলেৰ জয় বীৰুৰ দৰে নাচি বাগি আহিলো৷ তলত নামিয়েই অধ্যক্ষৰ ঘৰৰ নম্বৰলৈ ফোন লগালো৷ তেতিয়া তেওঁক মবাইল নাছিল৷ ছাৰৰ জীয়েকজনীয়ে ধৰিলে৷ ছাৰ ক'ৰবাত বিয়া খাবলৈ গৈছে৷ ছোৱালীজনীক খবৰটো দি ছাৰক জনাবলৈ কলো৷

সামৰণী অনুষ্ঠানৰ দিনা ৰাতিপুৱাৰে পৰা আমি ব্যস্ত৷ ১০ মান বজাত জয়ন্ত মাধৱ ছাৰে ফোন কৰি জনালে যে তেওঁ আধা ঘণ্টাৰ ভিতৰত পাবহি৷ লগে লগে আমি কেইজনমানে ফুলৰ থোপা লৈ তেওঁক আদৰিবলৈ গেটৰ ওচৰত থিয় হলো৷ তেনেতে দেখিলো অধ্যক্ষ মহোদয়ে নিজৰ কোঠাৰ পৰা ইংগিত দি আমাক মাতিছে৷ যোৱাৰ লগে লগে তেওঁ সুধিলে
: গেটত কি কৰিছ' গোটেইমখাই?
: জয়ন্ত মাধৱ ছাৰক আদৰিবলৈ ৰৈ আছো৷
: ডঃ জয়ন্ত মাধৱ????? তেওঁ আকৌ কিয় আহে?
: ( আমি ইজনে সিজনৰ মুখলৈ চাই) তেৱেই টো মুখ্য অতিথি৷

আমাৰ কথা শুনি অধ্যক্ষ মহোদয়ে মোৰ ফালে চাই চিৎকাৰ কৰি উঠিল৷
: পাগল হৈছ' নেকি? মই তোক বিছাৰি নাপায় আলোচনী সম্পাদকক ফোন কৰোতে সি কলে যে কোনো মূখ্য অতিথি ঠিক হোৱা নাই৷ গতিকে মই ভগবান লহকৰ ছাৰক মাতি দিলো৷ লহকৰ ছাৰ কেতিয়াবাই আহি সেইটো কোঠাত বহি আছে৷

শুনি আমাৰ মূৰত যেন আকাশখন ভাঙি পৰিল৷দুজন মুখ্য অতিথি৷ তাকো গম পাইছো শেষ সময়ত৷ আলোচনী সম্পাদক দিনে ৰাতিয়ে ফূৰ্তি পানী খাই থকা মানুহ৷ সেই কথা ছাৰক নো কেনেকৈ কওঁ৷ সুধিবলৈ তাকহে পালেনে ইমান ছাত্ৰৰ মাজত৷ ভয়ে ভয়ে কলো,

: ছাৰ আমি আপোনাক জনাবলৈ ফোন কৰিছিলো৷ আপোনাক নাপায় আপোনাৰ ছোৱালীজনীক জনাই দিছিলো৷
: মোৰ ছোৱালী?? মোৰ ছোৱালী যোৱা ছমাহ ধৰি ঘৰলৈ অহা নাই৷ তাই অসমৰ বাহিৰত পঢ়ে৷ মাৰিলি তহতে মোক, কাম কৰা ছোৱালীজনীক কলি চাগে৷

তেনেতে মবাইল বাজি উঠিল৷ জয়ন্ত মাধৱ কলিং৷ জানুৱাৰী মাহতো ঘামি গলো৷ তেওঁ আহি পালেহি৷ এক কৰুণ চাৱনিৰে ছাৰে আমাৰ ফালে চাই কলে,
: যা তেওঁক আদৰি আনগৈ৷ মই লহকৰ ছাৰক কি কৰিব পাৰো চাওঁ৷ তঁহতক কি কৰো পিছত ঠিক কৰিম৷
: ছাৰ এইবাৰলৈ ক্ষমা কৰক৷ ভবিষ্যতে এনে ভুল নহয়৷

অধ্যক্ষৰ উত্তৰলৈ আপেক্ষা নকৰি আমি পলালো৷

আমি দলে বলে গৈ ডঃ জয়ন্ত মাধৱ ছাৰক আদৰিলো৷ বুকু দুৰু দুৰু৷ জ্যোষ্ঠ প্ৰবক্তা এজনে আহি তেওঁক আদৰি নিলে৷ ঘোষিকা জনীয়ে ঘোষনা কৰিলে,

: এইবাৰ মঞ্চলৈ আদৰিছো আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি, অৰ্থনীতিবিদ, অসমৰ লগতে সমগ্ৰ ভাৰতৰে গৌৰৱ ডঃ জয়ন্ত মাধৱ৷

আমি মঞ্চৰ পৰা দেখিলো অধ্যক্ষ মহোদয়ে ঘামি জামি লহকৰ ছাৰৰ লগত আমাৰ ফালে ঘোপাকৈ চাই মঞ্চলৈ আহি আছে৷ তেওঁক জয়ন্ত মাধৱ ছাৰৰ কাষত বহুৱাই অধ্যক্ষ মহোদয়ে মাইকটো হাতত লৈ ঘোষণা কৰিলে,

: মঞ্চলৈ আদৰিছো আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা ভগৱান লহকৰ ছাৰক৷

অধ্যক্ষ মহোদয়ে কি ফিটিং দিলে কেতিয়াওঁ নুসুধিলো৷ কিন্ত মনে মনে হেজাৰটা চেলুট মাৰিলো৷


No comments:

Post a Comment