Sunday 25 August 2013

বেয়া ল'ৰা




কালি 'ভাল ল'ৰা' দিগন্তৰ বিষয়ে লিখিছিলো৷ আজি কোনোবা এজন বেয়া ল'ৰাৰ বিষয়ে লিখিবলৈ মন গৈছে৷

জীৱনৰ প্ৰতিটো খোজতে সংখ্যাৰ ফালৰ পৰা ভাল ল'ৰাতকৈ বেয়া ল'ৰা বেছি পাইছো৷ পিছে আজি লিখিবলৈ লৈ এখন্তেক থমকি ৰৈছো৷ কাৰ কথা নো লিখো৷ প্ৰকৃততে বেয়া ল'ৰা কোনবোৰ সেয়া ভাবি আছো৷ লিখাৰ হেঁপাহত এবাৰ গুগলত বিছাৰিও চালো৷ কিন্তু গুগলে এইবাৰ মনে বিছৰা উত্তৰ দিব নোৱাৰিলে দেখোন৷

সৰুকালটোৱেই ভাল আছিল৷ বেয়া ল'ৰা চিনি পোৱা একেবাৰে সহজ আছিল৷ গাখীৰ নোখোৱা, চুলি নফণিওৱা, নখ নকটা, খেলোতে গাড়ী-পুতলা ভঙাবোৰেই বেয়া ল'ৰা আছিল৷

অলপ ডাঙৰ হোৱাত বেয়া ল'ৰাৰ সংজ্ঞা লাহেকৈ বদলি হ'ল৷ স্কুলত হোমৱৰ্ক নকৰা, পৰীক্ষাত কম নম্বৰ পোৱা, মাৰপিট কৰাবোৰেই বেয়া ল'ৰাৰ নতুন পৰিচয় হ'ল৷

আৰু অলপ ডাঙৰ হ'লো৷ ইতিমধ্যে সৰুকালিৰ বহুতো বেয়া ল'ৰা ভাল হবলৈ আৰম্ভ কৰিলে৷ কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিত বেয়া ল'ৰা বুলিলে এইবাৰ বেলেগ বুজা হ'লো৷ প্ৰেম কৰা, ছোৱালী জোকোৱা, ষ্টুডেন্ট ইউনিয়ন কৰা, মদ-চিগাৰেট খোৱা, বেয়া চিনেমা চোৱাবোৰেই হৈ পৰিল এইবাৰ বেয়া ল'ৰা৷

কিন্তু এতিয়া মই কাৰ কথা লিখো? জীৱনৰ বিভিন্ন ক্ষণত বেলেগ বেলেগ বেয়া ল'ৰা পাইছো৷ জীৱনৰ এই বিভিন্ন স্তৰবোৰত লগ পোৱা বেয়া ল'ৰাবোৰৰ কথা ভাবি শেষত মানসৰ কথা লিখাটোৱেই থিৰাং কৰিলো৷ সৰুৰে পৰা আমি শুনা বেয়া ল'ৰাৰ গোটেইকেইটা বৈশিষ্ট তাৰ আছে৷

ভবা মতেই কাম, লিখিবলৈ বহিলো৷ বৰ্তমান মানসে কিবাকিবি ব্যৱসায় কৰে৷ কি ব্যৱসায় কোনেও ভালকৈ ক'ব নোৱাৰে৷অলপ লিখি খেলিমেলি লাগিল৷ নাহ, এনেকৈ নহব, এবাৰ তাক লগ ধৰিব লাগিব৷ কিন্তু তাৰ ফোন নম্বৰো যে নাই৷ ফেচবুকত বিছাৰি নম্বৰটো পালো৷ কি ফেচবুক প্ৰফাইল তাৰ, বাপৰে!! চিগাৰেটৰ ধোঁৱা উৰুৱাই থকা প্ৰফাইল ফ'টো, বিভিন্ন বেয়া বেয়া লিংক৷ মনটো ভাল লাগি গ'ল৷ ঠিক মানুহকে পচন্দ কৰিছো৷

আবেলি সময়ত তাক লগ ধৰিম বুলি ফোন লগালো৷ বেলতলাৰ সিহঁতৰ ৰেগুলাৰ বাৰ খনতেই বহি মদ খাই আছে৷ এই দিন দুপৰতে মদ!!! ই সঁচাকৈ ভাল নহ'ল৷যথাসময়ত গৈ পালো৷ মানস আৰু তাৰ বন্ধু কেইজনমানে মদ, মাংস, চিগাৰেটেৰে এক মায়াবী পৰিবেশ সৃষ্টি কৰি বহি আছে৷ অলপ সময় সিহঁতৰ লগত বহি অসংলগ্ন বিষয় কিছুমানৰ ওপৰত আড্ডা মাৰিলো৷ মই সহজ হ'ব নোৱাৰাটো চাগে মানসৰ চকুত পৰিছিল, এটা সময়ত সি মোক লৈ বাৰৰ পৰা ওলাই আহিল৷

দুয়ো আমাৰ পুৰণা আড্ডা কমাৰ্চলৈ আহিলো৷ এসময়ৰ আমাৰ আড্ডাস্হলীত আজি কেৱল আমি দুয়ো৷ কথা পাতি গম পালো ই অলপো সলনি হোৱা নাই৷ তাৰ মতে তিনিটা 'ম', মানে মদ, মাংস, মাইকীয়েই তাৰ জীৱনৰ চালিকা শক্তি৷ তিনিজনীমান প্ৰেমিকা (?) সলালেই৷ এইবাৰ আকৌ বেলেগ এজনী চাই আছে৷ কথাপ্ৰসংগত গম পালো কিছুমান দুই নম্বৰী ব্যৱসায়টো সি নামিছে৷ আগৰ দৰেই বেপেৰোৱা হৈ আছে৷

আড্ডা মাৰি উঠি তাক গাড়ীৰে ঘৰত নমাই দিবলৈ গলো৷ সন্মুখতে ভনীয়েকক পালো, তাই মোক দেখি জোৰ কৰি চাহ একাপ খুৱাবলৈ ভিতৰলৈ লৈ গ'ল৷ ড্ৰয়িং ৰুমত বহি মন কৰিলো মানসে ঘৰটো আগতকৈ যথেষ্ঠ ভাল কৰিছে৷ আহিয়েই বাহিৰৰ পৰা দেখিছিলো ঘৰটোৰ এক মহলা বঢ়াইছে৷ মাক-দেউতাৰ ঢুকোৱাৰ পিছতো যে সি এইখিনি কৰিছে দেখি ভাল লাগিল৷ ভনীয়েকৰো বিয়া ঠিক হৈছে৷

চাহ খাই দুয়োকে মাত দি আহিবলৈ লওতেই ওপৰৰ পৰা এক বয়সস্হ মহিলা নামি আহিল৷ বৰ চিনাকী মুখ, মোক দেখিয়েই মাত দিলে,
: আৰে তুমি দেখোন, ইমান বছৰৰ মূৰত দেখিলো৷

এয়া দেখোন আমাৰ লগৰ সন্দীপনৰ মাক৷ সি এতিয়া লণ্ডনত থাকে, তাৰেই ছোৱালী এজনী বিয়া কৰাইছে৷
: খুৰী আপুনি ইয়াত৷ কিবা কামত আহিছিল নেকি?
শেঁতা হাঁহি এটা মাৰি তেওঁ ক'লে,
: কিয় মানসে তোমাক কোৱা নাই নেকি? আমি আঠজনী মহিলা ইয়াতেই থাকো আজিকালি৷
: কিন্তু সন্দীপন? মই জনাত টো সি আপোনাক লণ্ডনলৈ লৈ গৈছিল৷
: ( এটা হুমুনিয়াহ কাঢ়ি) হয় সি মোক লণ্ডনলৈ লৈ গৈছিল, কিন্তু তাৰ লগত ৰাখিবলৈ নহয়৷ তাত তাৰ কেঁচুৱাটোক ডাঙৰ কৰিবলৈ কাম কৰা মানুহ নাপায় নহয়, সেইবাবে মোক লৈ গৈছিল৷ এতিয়া কেঁচুৱা ডাঙৰ হ'ল নহয়, মোৰ দৰকাৰো নোহোৱা হ'ল৷ গতিকে পঠিয়াই দিলে৷
: কিন্তু আপুনি ইয়াত যে?
: মোৰ দুখৰ কথা কি কম তোমাক৷ মোৰ দুই পুত্ৰই মিলি পুৰণা ঘৰটো ভাঙি ফ্লেট বনালে৷ মই তেতিয়া লণ্ডনত আছিলো৷ যেতিয়া ঘূৰি আহিলো, সিহঁতে মোক এটা ভাড়াঘৰ ঠিক কৰি দিলে৷ কিন্তু দুমাহ পিছৰে পৰা দুয়ো টকা পঠিওৱা বন্ধ কৰিলে৷ জমা টকাৰে কিছুদিন চলিলো৷ তেনেতে এদিন মানসে মোক পাই ইয়ালৈ লৈ আহিলে৷ তেনেকুৱা হতভগা আমি আঠজনী মহিলা এতিয়া ইয়াতেই থাকো৷
তোমালোকৰ লগত পঢ়া অৰিন্দম, এবছৰ ডাঙৰ ভাৰ্গবৰ মাকহঁতো ইয়াতেই থাকে৷ ৰবা মই তেওঁলোকক মাতি দিঁও৷

সন্দীপনৰ মাকে আটাইকেইগৰাকী খুৰী/ বৰমাক মাতি আনিলে৷ সকলোৰে লগত কথা হ'লো৷ সকলোৰে একেই কাহিনী৷ অৰিন্দম গুৱাহাটীতেই থাকে৷ বোৱাৰীয়েকৰ লগত টিকিব নোৱাৰি মাক ইয়ালৈ আহিছে৷ ভাৰ্গবদা দেউতাক ঢুকাওতে আহিব নোৱাৰিলে, ছুটী নাপালে৷ বৰমাৰ বেমাৰত চোৱা চিতা কৰিবলৈ কোনো নাই বাবে মানসে লৈ আহিছে৷

মোৰ গোটেই হিচাপ খেলিমেলি হৈ গ'ল৷ সন্দীপন, অৰিন্দম, ভাৰ্গব দা ইহঁতেই টো আমাৰ বাবে ভাল ল'ৰাৰ উদাহৰণ আছিল৷ আজি এইবোৰ মই কি দেখিছো৷ অৰিন্দম পঢ়া শুনা, খেলা ধুলা, সংগীত সকলোতে আগৰণুৱা আছিল৷ স্কুলৰ যিকোনো অনুষ্ঠান অৰিন্দম অবিহনে অসম্পূৰ্ণ আছিল৷ ভাৰ্গবদা আছিল আমাৰ বাবে আদৰ্শ, মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্হান পাইছিল৷ এতিয়াও চাৰ-বাইদেউহ'তে ভাৰ্গবদাৰ কথা কৈ গৌৰৱ কৰে৷ আৰু সন্দীপন, সি আছিল এটা জিনিয়াছ৷ সেই দিনতে বিজ্ঞানৰ বিভিন্ন প্ৰদৰ্শনীত সি কিবা কিবি তৈয়াৰ কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

হঠাৎ মনত পৰিল, সন্দীপনৰ মাকে জ্যোতিষী আদি বৰ বিশ্বাস কৰিছিল৷ এবাৰ মাকক কোনোবা জ্যোতিষীয়ে কৈছিল যে তাক কোনোবাই মন্ত্ৰপুত ঔষধ খুৱাই বেয়া কৰিব পাৰে৷ গতিকে তেওঁ সম্পুৰ্ণ এবছৰ স্কুল, টিউশ্যন সকলোতে তাৰ লগত আহি বাহিৰত ৰৈ থাকিছিল৷ সি যাতে বাহিৰৰ একো বস্তু নাখায় সেয়া দঢ়াই দঢ়াই কৈছিল৷

ঠিক, এতিয়াহে কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিছে৷ মানস বেয়া ল'ৰা বুলি সকলোৱে জানে৷ নিশ্চয় সি এনেকুৱা কিবা মন্ত্ৰপুত ঔষধেৰে সকলোকে বশ কৰি নিজৰ ঘৰলৈ লৈ আহিছে৷ নহ'লে তেওঁলোকে নিজৰ ইমান গুণী পুত্ৰবোৰক এৰি কিয় বেয়া ল'ৰা মানসৰ তালৈ আহিব?মানসৰ নিশ্চয় কিবা উদ্দেশ্য আছে, নহলে সি নিজা খৰছত তেওঁলোকক ৰাখিবনে?

সি সচাঁকৈয়ে বৰ বেয়া ল'ৰা৷

1 comment:

  1. জীবনত সময়র লগে লগে ভাল বেয়ার সংজ্ঞা বোরো বেলেগ বেলেগ হৈ যায়। আরু কিছুমান বেয়া সদায় ভাল। লিখনিটোও বহুত ভাল লাগিল।

    ReplyDelete