এসপ্তাহ ধৰি অয়ন আৰু নীতাৰ মাজত তুমুল কাজিয়া চলি আছে৷ আগতে সিহঁতৰ মাজত এনেকুৱা বহুত কাজিয়া হৈ গৈছে৷ কিন্তু এইবাৰ কথাটো বেলেগ৷ এইবাৰ কাজিয়াখন বৰ বেয়াকৈয়ে লাগিছে৷
শেষত দুয়ো ব্ৰেক আপ কৰিবলৈ ঠিৰাং কৰিলে, এনেকৈ আৰু সম্পৰ্ক এটা ধৰি ৰাখিব পৰা নাযায়৷শেষবাৰৰ বাবে দুয়ো মেইনলেণ্ড চাইনা ৰেষ্টুৰেন্টত লগ ধৰিবলৈ ঠিক কৰিলে৷ ইয়াক আনুষ্ঠানিক ব্ৰেক আপ চেলিব্ৰেট কৰা বুলিয়েই ক'ব পাৰি৷
অয়ন সোনকালেই আহি পালে৷ টাইম পাছ কৰিবলৈ সি মোবাইলত এংগ্ৰি বাৰ্ড খেলি আছে৷ হয়তো নীতাৰ ওপৰত উঠি থকা খং কমোৱাৰ এয়াই উত্তম উপায়৷
: কেতিয়া পালা?
গেমত মজি থকা অয়ন নীতাৰ মাতত চক্ খাই উঠিল৷ নীতাই সি দিয়া হালধীয়া চুৰিদাৰ যোৰ পিন্ধি আহিছে৷ আচৰিত ছোৱালী এই নীতা৷ কৈ কৈ ইমান দিনে সি এইযোৰ চুৰিদাৰ পিন্ধাব নোৱাৰিলে তাইক, আৰু আজি ব্ৰেক্ আপৰ দিনা তাই এইযোৰ পিন্ধি আহিছে৷ কোনোবাই ঠিকেই কৈছিল, নাৰীৰ মন বুজা বৰ টান৷
অয়ন প্ৰথমবাৰ অফিছৰ কামত মুম্বাইলৈ যাওঁতে তাৰপৰা এইযোৰ তাইলৈ অানিছিল৷ দেখিয়েই নীতাৰ চিঞৰ বাখৰ আৰম্ভ,
: এইযোৰ ইমান টিকটিকীয়া কি আনিলা?
: তোমাৰ পচন্দ হোৱা নাই?
: অলপো পচন্দ হোৱা নাই৷ এনেকুৱা কাপোৰ মই পিন্ধা কেতিয়াবা দেখিছা? অৱশ্যে তোমাৰ হে পচন্দ, ইয়াতকৈ কি ভাল হ'ব আৰু৷
পিছে তাই সেইদিনা যিয়েই নকওক, তাইক কিন্তু এইযোৰ সাজত অপূৰ্ব সুন্দৰী দেখাইছে৷
নীতা চকী এখন টান মাৰি তাৰ সন্মুখত বহিল৷ অয়নে কাষৰ চকীখনত থৈ দিয়া গোলাপৰ থোপাটো তাইলৈ আগুৱাই দিলে,
: এয়া তোমাৰ বাবে৷
: মোৰ বাবে গোলাপ আনিছা? আজি ব্ৰেক্ আপৰ দিনা? ৱাহ, আই কান্ট বিলিভ ইট৷ হ'ব দিয়া, বিদায়ৰ দিনত কিবা এটাটো ভাল কাম কৰিলা৷
নীতাই, আগ্ৰহেৰে ফুলথোপা ল'লে৷ কিন্তু কিছুসময় ভালদৰে নিৰীক্ষণ কৰি বিৰক্তিত চিঞৰি উঠিল,
: তেৰটা ফুল কিয় আনিছা? এই আনলাকী নম্বৰবোৰ তোমাৰ কিয় ইমান প্ৰিয়? ব্ৰেক আপৰ দিনা এটা অশুভ নম্বৰ হে বাচি ল'লা নে তুমি৷ ক'ম কথাত ব্ৰেক আপ কৰিছোনে মই৷
অয়নে মৃদু হাঁহি এটা মাৰি ক'লে,
: তোমাৰ ফেভাৰিট হাক্কা নুডলচ্ অৰ্ডাৰ দি থৈছো৷ কফি?
নীতাই একো উত্তৰ নিদি তাৰফালে থৰ লাগি চাবলৈ ধৰিলে,
: তুমি দাড়ি কাটি আহিছা? সেই হিপ্পি চুলিবোৰো কাটিছা৷ ইমান দিন কৈ আছো তোমাক, নাই ক'ত শুনিবা মোৰ কথা৷ অাৰু আজি আমাৰ ৰিলেছনৰ শেষৰ দিনা গোটেইবোৰ মই বিছৰা মতে কৰি আহিছা৷ তোমাৰ মহিমা ইশ্বৰেও চাগে নুবুজিব৷
: তোমাক জানো মই এইযোৰ কাপোৰ পিন্ধাব পাৰিলো? অাজি নিজেই একো নোকোৱাকৈ পিন্ধি আহিছা৷ কিয়?
: মোৰ ইচ্ছা গৈছে পিন্ধিছো, তোমাৰ কি হ'ল তাতে৷
এখন্তেক ৰৈ নীতাই আকৌ আৰম্ভ কৰিলে,
: আৰু আজি তুমি ঠিক সময়ত কেনেকৈ আহি পালা? কেতিয়াওঁ টো সময়ত আহি নোপোৱা তুমি৷
: আজি মোৰ ঘড়ীটো বেয়া, গতিকে লেট কৰা নহ'ল৷
: কি? তাৰমানে তুমি সদায় ইচ্ছা কৰি পলম কৰা?
এটা মৃদু হাঁহি মাৰি অয়নে এইবাৰ আৰম্ভ কৰিলে,
:নীতা আজি তোমাক বৰ ধুনীয়া লাগিছে৷ ভাবিছো এই ব্ৰেক আপটো দুদিন মান পিছুৱাই দিওঁ নেকি?
পিছুৱাই দিলে কেনে হ'ব?
নীতাই ইতিমধ্যে ৱেইটাৰে দি যোৱা নুডলচৰ মাজৰ ভাল মাংসৰ টুকুৰা বিছাৰি বিছাৰি ক'লে,
: বেয়া হ'ব৷
: তেনেহ'লে কিছুদিন পিছুৱায়েই দিম৷ ব্ৰেক আপ সদায় বেয়াকৈ কৰিব লাগে, ব্ৰেক আপ যিমানেই বেয়া হয় সিমানেই ভাল৷ নে কি কোৱা?
মুখৰ ভিতৰত এগালমান নুডলচ্ ভৰাই অস্পষ্ট মাতেৰে নীতাই ক'লে,
: ঠিক আছে, অহা মাহৰ ত্ৰিশ তাৰিখ৷ তাতকৈ কোনোপধ্যে পিছলৈ নিনিও কিন্তু৷
অয়নে নীতাৰ হাত দুখনত ধৰিলে, নীতাৰ মূখৰ মাত নাই৷
অয়নে মনে মনে ভাবিবলৈ ধৰিলে, 'এইবাৰহে ফচিলো, ত্ৰিশ তাৰিখলৈ টকা হাততেই নাথাকে দেখোন৷ এইবাৰ অলপ হাত টানি চলিব লাগিব৷ হোটেলৰ বিলটো বাৰু ক্ৰেডিট কাৰ্ডেৰে দি দিম, চৈধ্যটা গোলাপ কিনিবলৈ টকা কেইটা বচাব লাগিব৷ হৈ যাব, তেৰটা ব্ৰেক আপ পাৰ কৰি নিলো এই অভাৱৰ মাজতে,হ'ব চৈধ্য নম্বৰটোও পাৰ কৰি নিম৷
No comments:
Post a Comment