অৱশেষত সেই বহু আকাঙ্খিত দিনটো আহিল৷ আমাৰ প্ৰতিষ্ঠানৰ
বাৰজন কৰ্মচাৰীক এছিয়াৰ বিভিন্ন দেশলৈ সেই দেশৰ কৰ্মচাৰী সকলক প্ৰশিক্ষণ দিয়াবলৈ
পঠিওৱা হ'ব৷ আজি প্ৰত্যেককে
যাব লগা দেশবোৰৰ নাম মেইল যোগে জনোৱা হ'ব৷ ইতিমধ্যে মই সম্পৰ্কীয় মানুহ, বন্ধুমহল আৰু
চুবুৰীয়া সকলক এই খবৰটো জনাই উঠিছোৱেই৷ বন্ধুবোৰক সৰুকৈ এটা পাৰ্টীও দিব লগা হ'ল৷
আবেলি ৪ বাজিল৷ দেখিলো নতুন মেইল এগালমান ইনবক্সত আছে৷ লগে
লগে সেই বিশেষ মেইলখন পঢ়িলো৷ মোৰপৰা অলপ দুৰত বহা অঞ্জনৰ কেঁহৰাজ বটা যেন মুখখন
দেখি গম পালো তাকো মোৰ দৰে ঢাকা যাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ঢাকা!!লগৰবোৰ ইতিমধ্যে
আমেৰিকা, লণ্ডনত চাকৰি কৰিবলৈ
লৈছে,আৰু মই যাম ঢাকা৷
ডুবাই, ঠিক আছে ডুবাই
নালাগে, বেংককলৈ টো যাব দে৷
এতিয়া সকলোৰে ফিচিঙা ফিচিঙি হাঁহি, উপলুঙা কেনেকৈ সহ্য কৰিম বাৰু?এই লিষ্ট বনোৱা জনীক
ডিঙি মুচৰি মাৰিয়েই পেলাওঁ নেকি?
মন বেয়া, তথাপি যাব লাগিবই৷ যাত্ৰাৰ দিন চমু চাপি আহিল৷ গতিকে লাহে
লাহে যোগাৰ আৰম্ভ কৰিলো৷ লগৰবোৰক বিদেশ যাত্ৰা কিছুদিন পিছুৱাই দিয়া বুলি কলো৷
নোৱাৰো দেই মই বাংলাদেশক ফৰেইন বুলি ক'ব৷
কেণা আৰম্ভণিৰ পৰাই লাগিল৷ আমাৰ দুয়োৰে ভিচা আবেদন পত্ৰ
ঘূৰি আহিল৷ কাৰণ,আমাৰ পাচপোৰ্ট আৰু
ভিচাৰ আবেদনপত্ৰৰ চহী মিলা নাই বোলে৷ দিন বেয়া হ'লে এইবোৰটো হ'বলগা আছেই৷ গতিকে দুয়ো আকৌ সেই ধাৰাপাতহেন আবেদন
পত্ৰখন পুৰণ কৰিলো, নিজৰেই চহী এইবাৰ
অতি নিখুতভাৱে নকল কৰিলো৷
নিৰ্দিষ্ট দিনত আমি দিনৰ ১১ বজাত ঢাকা বিমান বন্দৰত অৱতৰণ
কৰিলো৷ আমাৰ কাম পিছদিনাৰ পৰাহে আছিল৷ গতিকে আমি হোটেললৈ গৈ গা-পা ধুই দুপৰীয়াৰ
সাঁজ খাই ভালকৈ এঘূমটি মাৰি ললো৷ আবেলি আমি এনেই বহি থকাতকৈ আমাৰ কোম্পানীৰ বাংলাদেশস্থিত
মূখ্য কাৰ্য্যালয়লৈ এবাৰ গৈ সকলোৰে লগত চিনাকী হৈ আহো বুলি ওলালো৷
সাধাৰণতে অামি মূখ্য কাৰ্য্যালয় বুলিলে আমাৰ মুম্বাইস্থিত
কাৰ্য্যালয়ৰ দৰে এক আঠ-দহ মহলীয়া সুন্দৰ বিল্ডিংৰ কল্পনা কৰো৷ চাৰিওদিশ সুন্দৰ
গ্লাছ আৰু ডিজাইনেৰে ভৰ্তি৷ কিন্তু আমি তেনে ধাৰণা এটা লৈ ঢাকাস্থিত কাৰ্য্যালয়লৈ
মুঠেই যোৱা নাছিলো৷ কাৰণ সেই মুহূৰ্তত আমি ঢাকাত আছিলো, ডুবাই বা মালয়েছিয়াত
নহয়৷ ইতিমধ্যে মালয়েচিয়ালৈ যোৱা আমাৰ সহকৰ্মী অৰুণে তােৰ সুদৃশ্য কাৰ্য্যালয়ৰ ফটো
ফেচবুকত আপলোড কৰিছেই৷ জ্বলাবলৈ নে কি নাজানো, সেই ফটোখনত কেৱল মোক আৰু অঞ্জনক হে টেগ কৰা আছে৷
ভাৰতত আমাৰ কোম্পানী মাৰ্কেট লীডাৰ, কিন্তু বাংলাদেশত ইয়াৰ এক বিপৰীত ৰূপ দেখা যায়, গতিকে ইয়াত তেনে এক
কাৰ্য্যালয়ৰ আশা কৰাটো ভুল৷ কিন্তু আমি অবাক হ'লো যেতিয়া আমি দেখিলো যে এক সম্পূৰ্ণ আৱাসিক এলেকাত
এটা আৱাসিক ফ্লেটৰ তিনি মহলাত আমাৰ কাৰ্য্যালয় অৱস্থিত৷ পিছত জানিব পাৰিলো এয়া
এইখন দেশত সাধাৰণ কথা৷ পিছে কৰ্মচাৰী সকলৰ আতিথ্য আৰু কৰ্মস্পৃহা দেখি ভাল লাগিল৷
এইক্ষেত্ৰত আমি যেন তেওঁলোকৰ পৰা বহুত শিকিবলগীয়া আছে৷ আমি আহি যিখন হোটেলত
উঠিছিলো সেইখনতেই পিছদিনাৰ পৰা আমাৰ দুদিনীয়া কৰ্মশালা আৰম্ভ হ'ব৷ গতিকে আমি
পিছদিনাৰ যোগাৰ কৰিবলৈ সোনকালে হোটেললৈ ঘূৰি আহিলো৷
পিছদিনা ৰাতিপুৱা উঠি গম পালো যে কোনো প্ৰভাৱশালী সংগঠনে
দেশব্যাপী হৰতাল আহ্বান কৰিছে৷ মনটো মৰি গ'ল৷ গোটেই ৰাতি লেপটপত কৰা কষ্টখিনি চাগে এনেই যাব
এতিয়া৷ কিন্তু আমি দেখিলো যে সময়ত সকলো আহি হাজিৰ হ'ল৷ তেওঁলোকক দেখি আমাৰো হেৰোৱা উৎসাহ ঘূৰি আহিল৷
এইচেগতে আপোনালোকক বাংলাদেশৰ হৰতালৰ এটা চমূ আভাষ দি থোৱাটো
ভাল হ'ব৷ বৰ্তমান
বাংলাদেশত চলি থকা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত দেশবাসীৰ বাবে হৰতাল এক সাধাৰণ কথা হৈ
পৰিছে৷ তেওঁলোকে হৰতালৰ মাজতে কেনেদৰে জীয়াই থাকিব লাগে, কেনেদৰে হাঁহি
ফূৰ্তি কৰিব লাগে সেয়া শিকি লৈছে৷ দিনটোৰ পিছৰভাগত হৰতালৰ দিনত বাহিৰলৈ ওলোৱাটো
ভাৰততকৈ বহুত সুৰক্ষিত৷ কাৰণ তাতে হৰতালৰ সময়ত যিসকলে উৎপাত কৰে তেওঁলোকে সাধাৰণতে ৰাতিপুৱা সোনকালে উঠি কামবোৰ কৰি লয়৷ কামবোৰ মানে ধৰক
গাড়ী জ্বলোৱা, টায়াৰ জ্বলোৱা
ইত্যাদি৷ ইমান সোনকালে কৰাৰ এটাই কাৰণ, যাতে তেওঁলোকে ৰাতিপুৱা আঠ বজাৰ বাতৰিত সম্পূৰ্ণ
গুৰুত্ব পায়৷ দহমান বজালৈ তেওঁলোকে এইবোৰ কৰি ঘৰমুৱা হয় আৰু সাধাৰণ জনতাই তাৰ পিছত
নিজৰ নিজৰ কামলৈ ওলাই আহে৷
মূল কথাৰ পৰা ফালৰি কাটি বহুদূৰ পালোহি, আকৌ আছল কথালৈ উভতি
আহো৷ সকলোবোৰ অহাৰ পিছত আমি কৰ্মশালা আৰম্ভ কৰি দিলো৷ প্ৰথম মোৰ পাল আছিল৷ মই
পূৰ্ব নিৰ্ধাৰিত বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াত লাগিলো৷ তেওঁলোকে উপভোগ কৰা যেনেই
লাগিল৷ কেইজনমান ইংৰাজীত কেঁচা আছিল৷ গতিকে এই চেগতে মোৰ বঙালী ভাষাৰ ওপৰত থকা
সীমিত জ্ঞান হেঁপাহ পলুৱাই তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিলো৷
প্ৰথম দিনটো ভালেই গ'ল৷ দুপৰীয়া সোনকালে আমাৰ কৰ্মশালা সামৰিলো৷ পিছদিনা
দৰকাৰ হ'লে অলপ বেছিকৈ কৰাম৷
হোটেলৰ ৰুমলৈ গৈ অঞ্জনে খোৱাৰ অৰ্ডাৰ দিলে৷ মই গা ধুই আহি
দেখো সি ইতিমধ্যে তাৰ ভাগৰ আধাআধি শেষ কৰিছেই৷ আহঃ কি সুগন্ধ৷ তাৰ প্লেটখন দেখি
মোৰ পিতামহ ভীষ্মলৈ মনত পৰিল৷ ৰ'ব কথাটো পৰিষ্কাৰ কৰি দিওঁ৷ শৰশয্যাত পৰি থকা পিতামহ ভীষ্মক
টিভিত চাগে আপোনালোক সকলোৱে দেখিছে৷ সেই দৃশ্য আৰু খাদ্যৰসিক বঙালীসকলৰ মাজত এটা
ডাঙৰ সাদৃশ্য আছে৷ বছৰৰ এটা বিশেষ সময়ত সেই শৰশয্যাৰ লেখীয়া দৃশ্য আপুনি এজন
খাদ্যৰসিক বঙালীৰ খোৱা প্লেটত প্ৰায়ে দেখিবলৈ পাব৷ কেতিয়াবা হয়তো দিনত দুবাৰো
দেখিবলৈ পাব৷
কাৰণ? কাৰণ হৈছে মাছ৷ এলাপেচা মাছ নহয়, ইলিছ মাছ৷ সোৱাদেই
যাৰ পৰিচয়৷ ইলিছৰ নাম শুনিলেই জিভাৰ পানী পৰে৷যদিও ইলিছ মাছৰ সোৱাদ অদ্বিতীয়,কিন্তু ইলিছ মাছ
খাবলৈ হ'লে আপুনি ইয়াৰ
কাঁইটীয়া অংশখিনি লগত মোকাবিলা কৰিব লাগিব৷ ইলিছ মাছ ৰন্ধা আৰু ইলিছ মাছ ধুনীয়াকৈ
খোৱা, দুয়োটা অপূৰ্ব কলা, আৰু বঙালীসকল
এইক্ষেত্ৰত অদ্বিতীয়৷ ইলিছ মাছ খাই শেষ কৰাৰ পিছত তেওঁলোকৰ প্লেটত এখন কাঁইটৰ
শয্যা দেখা যায় যিখনে মোক সদায় পিতামহ ভীষ্মৰ কথা মনত পেলাই দিয়ে৷
অঞ্জনে ইতিমধ্যে এখন শৰশয্যা তৈয়াৰ কৰিছেই৷ দ্বিতীয় খন
নিৰ্মাণ কৰাৰ যোগাৰ কৰি থাকোতেই মই লৰালৰিকৈ গৈ ভাতৰ পাতত আক্ৰমণ কৰি দিলো৷ আস, কি সোৱাদ!!! লিখি
বুজাব নোৱাৰিম৷ বহুত ঠাইত ইলিছ মাছ খাইছো, কিন্তু এইবাৰৰ সোৱাদ যেন অদ্বিতীয়৷ টেটুৰ গুৰিলৈকে
খাই দুয়ো মুঠ চাৰিখন শৰশয্যা তৈয়াৰ কৰি কোনোমতে হাত মুখ দুই নিজৰ মখমলৰ শয্যাত পৰি
ঢেলপুঙা দিলো৷
পিছদিনা ৰাতিপুৱা৷ কৰ্মশালাৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণৰ
আৰম্ভণিৰ কামখিনি আগুৱাই নিয়াৰ দায়িত্ব অঞ্জনৰ আছিল৷ গতিকে সি অলপ সোনকালে ওলাই গ'ল, মই অলপ পলমকৈ যাম
বুলি এঘূমতি মাৰি ললো৷ ১০ মান বজাত সাৰ পাই দেখো অঞ্জনৰ চাৰিটা মিচড্ কল৷ তাক ফোন
লগালো৷ এগালমান গালি শপনি পাৰি মোক সোনকালে আহিবলৈ দিলে৷ কিবা বোলে ডাঙৰ সমস্যা
হৈছে৷
লৰালৰিকৈ নামি গৈ দেখিলো অঞ্জন মূৰ খজুৱাই বাহিৰত থিয় হৈ
আছে৷ কথা গুৰুতৰ,তাৰ হিংলিছ কোনেও
বুজি পোৱা নাই৷ অঞ্জনে হিন্দী আৰু ইংলিছ মিহলাই এটা অদ্ভুত ইংৰাজী কয়৷ ভাৰতত সেয়া
চলি যায়, কিন্তু ইয়াত তাৰ সেই
অনা নেচেল৷ এনেই অংশগ্ৰহণকাৰীসকল ইংৰাজীত কেঁচা, তাতে আকৌ অঞ্জনৰ সেই উচ্চাৰণত তেওঁলোকে বাপ বাপ
দেখিছে৷ গতিকেই অঞ্জনে ত্ৰাণকৰ্তাৰ ৰূপত মোক মাতি আনিছে যাতে মই ইংলিছ আৰু ইলিছৰ
মাজত সম্পৰ্ক স্হাপন কৰিব পাৰো,মানে অঞ্জনৰ হিংলিছৰ বঙালীকৰণ কৰিব পাৰো৷ বেচেৰা অঞ্জনে টো
নাজানে মই বঙালী কোৱাত কিমান পণ্ডিত৷ তথাপি সেই যৎসামান্য জ্ঞানেৰেই সাজু হ'লো৷
অঞ্জনে চাগে মোৰ ওপৰত বেছি ভৰষা কৰিছিল৷ সি এইবাৰ কিছুমান
ভয়ংকৰ শব্দ যেনে কমপিটেনচী,
ইন্টাৰপাৰ্চনেল এফেকচন্,ডিচগ্ৰেচড্ ফেচিলিয়েচন আদিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিলে৷ সি
সেই ভয়ংকৰ শব্দবোৰেৰে বাক্য কিছুমান কৈ আৰামত বহি থাকে৷ সমস্যা হয় মোৰ, সেই শব্দবোৰৰ বঙালী
দূৰৰ কথা, অসমীয়াত ভাবোতেই মোৰ
অৱস্থা নোহোৱা হ'ল৷ এইফালে
অংশগ্ৰহণকাৰী সকলে অতি আগ্ৰহেৰে প্ৰতিবাৰে মোৰ ফালে আশাৰে চায় থাকে৷ তেওঁলোকৰ
আগ্ৰহক নেওচা দিয়া টান,এইফালে সেইবোৰ বঙালী
ভাষাত বুজোৱা আৰু টান৷ তেওঁলোকৰ দৰে আগ্ৰহী শিকাৰু মই ভাৰতৰ কোনো কৰ্মশালাত পোৱা
নাই৷ তেওঁলোকক নিৰাশ কৰিবলৈ টান লাগিল৷ গতিকে মই দহ মিনিটৰ "চিগাৰেট
বিৰতি" লৈ অঞ্জনে বুজাবলগীয়া খিনিৰ এটা থুলমুল আভাষ লৈ তেওঁলোকক বুজালো৷
বুজাই থাকোতে বুকুখনে ধান বাণি আছিল কাৰণ মই আটাইতকৈ বেয়া পোৱা আৰু দুৰ্বল 'মানব সম্পদ(human resource)ৰ ওপৰত ভাষণ দি
আছিলো৷ প্ৰতিবাৰেই কিবা ভুল কৈ ধৰা পৰিব খোজো অাৰু প্ৰতিবাৰেই চেঙেলী মাছৰ দৰে
সাৰি ওলাই আহো৷ অৱশ্যে অঞ্জনে মোক এইক্ষেত্ৰত ভাল সহযোগ কৰিছিল৷ যেতিয়াই মই ফচিব
খোজো সি কিবা বিষয়ৰ ওপৰত কোৱা আৰম্ভ কৰে বা তেওঁলোকক কিবা প্ৰশ্ন কৰে, ঠিক যুদ্ধক্ষেত্ৰত
কাভাৰিং ফায়াৰ দিয়াৰ দৰে৷ ময়ো সেই মাজৰ সময়খিনিত উদ্ধাৰৰ বাট উলিয়াই লওঁ৷ তাৰ পিছত
মই আৰম্ভ হৈ যাওঁ৷ সেইদৰেই দুয়ো একালৰ পেজ-ভুপটীৰ দৰে ভাল যুটী গঢ়ি সময়খিনি পাৰ
কৰি দিলো৷
ইতিমধ্যে দুপৰীয়াৰ খোৱাৰ সময় হ'ল৷ ৰমজান মাহ চলি
আছিল বাবে আমি একো খাব নাপাম বুলি ভাবি আছিলো যদিও আমাক ভুল প্ৰমাণিত কৰি সুন্দৰ
আহাৰৰ ব্যৱস্থা কৰা হ'ল৷ কেইজনমানে ৰোজা
ৰখা নাছিল, তেওঁলোকৰ লগতেই বহি
ভুৰি ভোজন কৰিলো৷ এইবাৰ যদিও ইলিছ নাছিল, তথাপি বাংলাদেশৰ খাদ্য সম্পৰ্কে হোৱা আমাৰ উচ্চ
ধাৰণা বাহাল থাকিল৷
খোৱা টেবুলত তেওঁলোকৰ সৈতে বিভিন্ন কথা হ'ল৷ ৰাজনৈতিক, সামাজিক আদি দিশত
তেওঁলোকৰ চিন্তাধাৰা দেখি ভাল লাগিল৷ তেওঁলোক সম্পৰ্কে যেন মই (বা আমি) ভুল ধাৰণা
লৈ আছো৷ এই যুৱচামে যেন নতুন বাংলাদেশ গঢ়িবলৈ বদ্ধপৰিকৰ৷ পুৰুষ নাৰী সকলোৱে
খোলাখুলিকৈ নিজা মত ৰাজহুৱাকৈ প্ৰকাশ কৰিছে, ৰাজনীতিৰ বিষয়ে আলোচনা কৰিছে৷ পিছত ভাৰতলৈ আহি এই
বিষয়ে আলোচনা কৰাত মোক বহুতে এয়া বঙালী সকলৰ বৈশিষ্ট্য বুলিও কৈছে, কিন্তু মই এখন
ইছলামিক দেশৰ নাগৰিকৰ বিষয়ে লৈ থকা ধাৰণা এঁওলোকে ভাঙি চুৰমাৰ কৰি দিলে৷
ভোজনৰ পিছত সৰু সুৰা দুটামান বিষয়ত অালোচনা কৰি আমাৰ
দুদিনীয়া কৰ্মশালাৰ অন্ত পেলালো৷ভাষাৰ সীমাবদ্ধতা নেওচি আমি আমাৰ কথাখিনি তেওঁলোকৰ
আগত প্ৰকাশ কৰিব পৰাটোৱেই আমি আমাৰ ডাঙৰ সফলতা বুলি গণ্য কৰো৷ তেওঁলোকে আমাৰ
কৰ্মশালা যে উপভোগ কৰিছিল সেয়া নিশ্চিত৷ তেওঁলোকৰ অকৃত্ৰিম মন্তব্যত আমি সেই বিষয়ে
নিশ্চিত হৈছিলো৷ বাংলাদেশৰ কৰ্মচাৰীসকলে তেওঁলোকৰ আতিথ্যৰে আমাক প্ৰতি মুহুৰ্ততে
মুগ্ধ কৰি ৰাখিছিল৷ আমি দুয়োজনে ইজনে সিজনক অভিনন্দন জনালো,এক প্ৰায় অসম্ভৱ
কৰ্ম সমাপ্ত কৰাৰ বাবে৷ সেই কৰ্ম হ'ল ইংলিছ, হিংলিছ আৰু বঙালী ভাষাৰ মিশ্ৰণেৰে কৰ্মশালাখন চলাই
নিয়া৷ কিন্তু জীৱনত এটা ডাঙৰ শিক্ষা পালো৷ বাংলাদেশী বুলি আমি তেওঁলোকক হেয়জ্ঞান
কৰি বিশেষ কোনো পূৰ্ব প্ৰস্তুতি নকৰাকৈ এই কৰ্মশালালৈ আহিছিলো৷ তেওঁলোকৰ জনাৰ
আগ্ৰহ,কৰ্মস্পৃহা, আন্তৰিকতাৰে
তেওঁলোকে বুজাই দিলে যে আমি ভাবি থকাতকৈ তেওঁলোক বহুত বেলেগ৷
ইফতাৰ পাৰ্টীৰে কৰ্মশালাৰ অন্ত পেলোৱা হ'ল৷ আমি দুপৰীয়া ভুৰি
ভোজন কৰাৰ পিছতো লাজ মান কাটি কৰি ইফটাৰ পাৰ্টীত পূৰ্ণ উদ্যমেৰে অংশ লৈ তেওঁলোকক ক'ৰবাতে এৰিলো৷ পেটত
আৰু একো ভৰাবলৈ ঠাই নথকাতহে আমি অনিচ্ছাস্বত্তেও ভোজন সামৰিলো৷
আজি যদি মই সেই তিনিদিনলৈ ঘূৰি চাওঁ, মই ক'ব লাগিব যে মই ঢাকা
গৈ সন্তুষ্ট৷ স্বাধীনতাৰ চল্লিশ বছৰৰ ভিতৰত তেওঁলোক যথেষ্ট আগুৱাই গৈছে৷ মানি লৈছো,ৰাজনৈতিক অস্থিৰতাই
তেওঁলোকৰ উন্নয়ন স্তব্ধ কৰিছে, কিন্তু এয়া আজি পৃথিৱীৰ বহুকেইখন দেশৰেই সমস্যা, অকল তেওঁলোকেই
ভুক্তভোগী নহয়৷ এবাৰ ঢাকালৈ গৈ চাওঁক,বহল বাট পথ-অসংখ্য নিৰ্মাণকাৰ্য্য-সুন্দৰ
বজাৰ-বিদেশী গাড়ী মটৰ, কি নাই তাত৷ অৱশ্যে
এয়া এশ শতাংশ সত্য যে মই কেৱল বাংলাদেশৰ ভাল ৰূপটোহে দেখিছো৷ এতিয়াও বহু অনুন্নত
অঞ্চল বাংলাদেশত আছে, দৰিদ্ৰ মানুহেৰে
দেশখন ভৰি আছে৷ কিন্ত যিখিনি মই দেখিলো সেইখিনি মোক মুগ্ধ কৰিবলৈ যথেষ্ট আছিল, বিশেষকৈ এনে এখন
দেশত যিখনৰ ১৯৭১ চনৰ আগলৈ কোনো অস্তিত্ব নাছিল৷
মই তাত পোৱা মানুহখিনিৰ কথা আজি ভাবিলে কব লাগিব যে তেওঁলোক
আটাইবোৰেই কৰ্মত বিশ্বাসী,
নিজৰ লগতে দেশখনক এদিন বিশ্ব দৰবাৰত গৰ্বৰে চিনাকী কৰি দিয়াত ৷ নৱ প্ৰজন্মই
এতিয়া প্ৰচলিত ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে৷
দেশ বিভাজন বা তাৰো আগৰে পৰা তেওঁলোকৰ এক দৰিদ্ৰতাৰ অতীত
আছে, কিন্তু মই যি দেখিলো
তাৰ পৰা মই নিশ্চিত যে তেওঁলোকৰ এক উজ্বল ভবিষ্যত আছে৷ আৰু এই ভবিষ্যত গঢ়িবলৈ
বৰ্তমানৰ কৰ্মঠ নৱ প্ৰজন্ম বদ্ধপৰিকৰ৷
No comments:
Post a Comment