Thursday 19 September 2013

অনুভৱ



কিছুমাহ আগৰ কথা, মোৰ তিনিমহীয়া ছোৱালীজনীক লৈ শ্ৰীমতী এমাহমানৰ বাবে মাকৰ ঘৰলৈ গ'ল৷ সেইকেইদিনতে ছোৱালীজনীৰ প্ৰতি এক অদ্ভূত মৰম সোমাই গ'ল৷ ফলত ছোৱালীজনীক নেদেখাকৈ দিন পাৰ কৰা বৰ টান হৈ পৰিল৷ মিছা নকওঁ, শ্ৰীমতীকো মিছ কৰিছিলো, পিছে ছোৱালীজনীৰ প্ৰতি টানটো অলপ বেছি আছিল৷ তেতিয়াই এজনে ক'লে হোৱাটচ্ আপ বুলি কিবা এটা আছে, তাৰপৰা ফটো, ভিডিও আদি পঠিয়াবলৈ ভাল৷ লগে লগে কাম, ম'বাইল ষ্টোৰলৈ গৈ ক্ৰেডিট কাৰ্ডখন ঘঁহাই এটা স্মাৰ্টফোন লৈ আহিলো৷

তাৰপিছত আৰু কোনে পায়৷ তাইৰ প্ৰতিদিনৰ ভিডিও, ফটো পাবলৈ ধৰিলো৷ ফলত দুৰত থাকিলেওঁ তাইক এইবোৰৰ যোগেদিয়েই নিতৌ দেখি থাকিলো৷

সিহঁত ঘৰলৈ যাওতেই আকৌ বৰলা জীৱন আৰম্ভ হ'ল৷ বন্ধুৰ ঘৰত ৰাতি পাৰ্টী, সোনাপুৰ ধাবা আদি আকৌ জীৱনলৈ ঘুৰি আহিল৷ আড্ডাতেই গ'ম পালো মোৰ ম'বাইলটোৰে বোলে অসমীয়া লিপিত লিখিব পাৰি৷ ইতিমধ্যে অকবৰ নীৰৱ সদস্য হৈছিলোৱেই৷ এদিন ৰাতি অকবৰ এটা পোষ্টত অসমীয়া লিখাৰ কিটিপ খিনি দেখি ফোনটোত অসমীয়া লিখিব পৰা কৰি ল'লো৷ অৱশ্যে সেইদিনা মৃদুল শৰ্মা দাই উপযাচি সহায় নকৰা হ'লে হয়তো মোৰ অসমীয়া শিকা নহ'লহেতেন৷

তেওঁ দিয়া জ্ঞানখিনিকে সাৰোগত কৰি মই মোৰ ছোৱালীজনীয়ে বিছনাত হাত ভৰি মৰাৰ দৰে ময়ো অকবত হাত ভৰি মাৰিবলৈ ধৰিলো৷ প্ৰথমে বেলেগৰ পোষ্ট লাইক কৰা, স্মাইলি দিয়া, বুঢ়া আঙুলি ওপৰমুৱাকৈ দিয়া, এইবোৰেই আছিল মোৰ অকবত মই কৰা কাম৷ এদিন ৰাতি যি হয় হ'ব বুলি যুদ্ধংদেহি ভাব লৈ অজস্ৰ ভুল বানানেৰে এটা লেখা অকবত পোষ্ট কৰি দিলো৷ মোক আচৰিত কৰি বহুতে লেখাটো ভাল পালে৷

ফলত দুগুণ উৎসাহেৰে অকবত লেখা আৰম্ভ কৰিলো৷ইতিমধ্যে মাক-জীয়েক ঘৰলৈ ঘূৰি আহিছিল৷ হোৱাটচ্ আপৰ প্ৰযোজনীয়তা নোহোৱা হৈ আহিছিল, কিন্তু অসমীয়াত লিখাৰ নিচা বহি গৈছিল৷ ছোৱালীজনীয়ে এদিন লুটি বাগৰ মাৰিব পৰা হ'ল আৰু মোৰ অকবৰ লেখা এটা জীৱনত প্ৰথমবাৰলৈ ছপা আখৰত দেখিলো৷

উৎসাহ বাঢ়ি গ'ল৷ যেতিয়াই তেতিযাই কিবা লিখাৰ কথা ভাবি থকা হ'লো৷ লিখাৰ কোবত এদিন মোৰ একাউন্টত জমা দিব লগা টকা বেলেগৰ একাউন্টত ট্ৰেন্সফাৰ কৰি দিলো, এদিন ভুলতে মোৰ নেট পেক ৰিচাৰ্জ কৰিবলৈ গৈ দাদাৰ নম্বৰত ৰিচাৰ্জ কৰি দিলো৷ তথাপি লিখি গ'লো৷

মাজতে কামৰ হেচাত লিখা কমি গৈছিল৷ তাৰ মাজতে এদিন মই পোষ্ট কৰা লেখা এটাত মোৰ প্ৰিয় সাহিত্যিক এগৰাকীৰ লাইক দেখি আকৌ ন উদ্যমেৰে লিখা আৰম্ভ কৰিলো৷

দুদিন মান আগতে বন্ধৰ দিন এটাত নেট খুচৰি আছিলো৷ দেখিলো এইবাৰৰ সাহিত্য ডট্ অৰ্গ খন প্ৰকাশ পাইছে৷ চকু ফুৰাওতে হঠাৎ নিজৰ নামটো দেখা পালো৷ বিশ্বাস হোৱা নাছিল৷ ভালকৈ চকু মোহাৰি আকৌ চালো৷ এইবাৰ আৰু আছৰিত হোৱাৰ পাল, তিনি নম্বৰ পৃষ্ঠাত মোৰ দুটা লিখনী জিলিকি আছে৷ দেউতাক খবৰটো দিবলৈ যাওঁতে দেখিলো দেউতা শুই আছে৷ এইবাৰ শ্ৰীমতীকে খবৰটো দিওঁ বুলি শোৱনি কোঠালৈ ল'ৰ ধৰিলো৷ কিন্তু কোঠাত অন্য এক বিৰল ভাল মুহুৰ্তই মোলৈ আপেক্ষা কৰি আছিল৷ নিদ্ৰাৰত অৱস্থাত থকা মোৰ শ্ৰীমতীৰ নিচেই কাষতে দেখোন মোৰ ছোৱালীজনীয়ে প্ৰথমবাৰলৈ নিজে বহি লৈ মোৰফালে চাই হাঁহি আছে৷

No comments:

Post a Comment