জিচিচি কনফেশ্যন পেইজ৷ ফেচবুকত চলি থকা হাজাৰ হাজাৰ কনফেশ্যন পেজৰ এটা৷ কোনো
বিশেষত্ব নথকা এটা পেইজ৷ গুৱাহাটী কমাৰ্চ কলেজৰ নাম প্ৰকাশ কৰিবলৈ ভয় কৰা ছাত্ৰ
ছাত্ৰীৰ পেনপেনীয়া প্ৰেম নিবেদন, গালি গালাজ, শিক্ষকক দিয়া গালিৰ বাবে উপযুক্ত ঠাই হ'ল এই পেইজ৷
কস্তুৰী গুৱাহাটী কমাৰ্চৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ দেখিবলৈ ধুনীয়া বাবে
মাহত গড় হিচাপত তাইক প্ৰেম নিবেদন কৰি দুটামান প্ৰেমৰ প্ৰস্তাৱ সেই পেইজটোত পোষ্ট
হয়৷ আগতে তাইৰ নামত সেইবোৰ পোষ্ট হ'লে তাই খঙত একোনাই হৈ পৰিছিল৷ গালি শপনি পাৰি
কমেন্ট হিচাপে পোষ্ট কৰিছিল৷ এতিয়া পিছে তাই সেইবোৰ বাদ দিছে৷ কিমান আৰু গালি দিব৷
আৰু সেইকেইটাৰ যিহেতু সম্মুখত আহি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সাহসেই নাই, গতিকে সিঁহতক গালি
পাৰি শক্তি ক্ষয় কৰাহে কথা৷
যোৱা এসপ্তাহৰ পৰা ধাৰাসাৰ কস্তুৰীৰ নামত পোষ্ট আহি আছে৷ কনফেশ্যন একেজনেই কৰি
আছে৷ কিন্তু এইবাৰ প্ৰেম নিবেদন কৰাৰ ষ্টাইলটো অলপ বেলেগ৷ মন চুই যোৱা কবিতা
কিছুমানেৰে মনৰ ভাব প্ৰকাশ কৰিছে৷ তথাপি কস্তুৰীয়ে পাত্তা দিয়া নাই৷ অকল কবিতা
পঢ়িয়েইটো ভাল পোৱা নহয়৷ তাৰোপৰি তাই ক'ব নোৱাৰাকৈয়ে চাগে ৰথী দাক ভাল পাই পেলাইছে৷
ৰথী দা, আছল নাম ৰনীল বৰুৱা৷
যোৰহাটৰ পৰা কস্তৰীহঁত গুৱাহাটীলৈ বদলি হৈ অহাৰ পিছত সিহঁত দুবছৰ মান ৰথীদাহঁতৰ
ঘৰত ভাড়াত আছিল৷ বয়সত ৰথী দুবছৰমান ডাঙৰ হ'লেও অতি সোনকালে সিহঁত ভাল বন্ধু হৈ পৰিছিল৷ কলেজত
ৰথীদা তাইতকৈ দুবছৰ চিনিয়ৰ আছিল৷ বৰ্তমান সি কলেজীয়া শিক্ষা সমাপ্ত কৰি মুম্বাইত
কৰ্মৰত৷ তাই ৰথীৰ আগত সকলো কথা কয়, কলেজৰ সৰু কথাৰ পৰা আৰম্ভ কৰি পঢ়া শুনালৈ সকলো৷
কেৱল তাইৰ মনত তাৰ প্ৰতি থকা ভাৱৰ কথা কবলৈ গৈ তাই ৰৈ যায়৷ যদি সি তাইক ভাল নাপায়? যদি তাইৰ এই কামৰ
ফলত সিহঁতৰ দুই ঘৰৰ মাজত থকা সু সম্পৰ্ক শেষ হৈ যায়? তাৰোপৰি তাই খবৰ পাইছে, একে অফিচত কাম কৰা
লীনা বুলি এজনীৰ লগত তাৰ আত্মীয়তা বাঢ়ি আহিছে৷ তাক সুধিলে সি অৱশ্যে কেৱল ভাল
বন্ধু বুলিয়েই কয়৷ কিন্তু তাই ঠিক জানে, এনেকৈয়ে টো সম্পৰ্কবোৰ আৰম্ভ হয়৷
কনফেশ্যন পেইজত আজি হুলস্থূল কাৰবাৰ৷ আজি কস্তুৰীৰ প্ৰেমিকে নিজৰ নাম সহ
কনফেশ্যন পোষ্ট কৰিছে৷ কস্তুৰীয়ে কলেজৰ পৰা ঘৰলৈ গৈ থাকোতেই খবৰটো পালে৷ ঘৰ গৈয়েই
ফেচবুক খুলি পোষ্টটো চালে ইতিমধ্যে দুশমান লাইক আৰু এশ বাৰটা কমেন্ট পৰিছেই৷
কোনোবা সিদ্ধাৰ্থ গোস্বামী৷ ফেচবুকত বিছাৰি চালে কস্তুৰীয়ে, অ... বপুৰা দেখোন
তাইৰ ফ্ৰেইণ্ড লিষ্টতে আছে৷ ভালকৈ চাই দেখিলে সিঁহতৰ ক্লাছৰে ল'ৰা এটা৷ তাইৰ লগত
কথা বাৰ্তা নাই, একে ক্লাছৰ বাবে তাৰ
ৰিকুৱেস্ট একচেপ্ট কৰি থৈছিলে চাগে তাই৷ ধনী ঘৰৰ ল'ৰা হ'ব চাগে৷ প্ৰ'ফাইল দেখি তেনেকুৱাই লাগিছে৷ ল'ৰাটোৰ সাহসটো ক'ম নহয়, কালি তাক কলেজত গৈ
দিব লাগিব৷
ৰাতি তাই ভাতখাই উঠি ফেচবুক খুলি বহি আছিল৷ তেনেতে চাট বক্সত ৰথীৰ মেছেজ আহিল,
: কি কৰিছ ছোৱালী?
: এনেই আছো অ৷
: আজিকালি দেখোন তই
কনফেশ্যন পেইজত হিট৷
: হাঃ হাঃ, তয়ো আছ নেকি সেই
ষ্টুপিদ পেইজটোত?
: কোন পিছে সেই
সিদ্ধাৰ্থটো৷
: আমাৰ ক্লাছৰে, দেখাত খুব ঠাণ্ডা
মুণ্ডা৷ কিন্তু তলে তলে যে পকি আছে আজিহে গম পালো৷
: ঠিক আছে দে, এইবোৰ অলপ চাই চিতি
কৰিবি৷ প্ৰপ'জ কৰিলে বুলিয়েই
একচেপ্ট কৰি নিদিবি৷
: কি যে কৈ থাক' নহয়৷ কোনোবাই প্ৰপ'জ কৰিলেই মই ইয়েচ ক'ম নেকি? আৰু তাৰ আগতে তোক কৈ
ল'ম দে৷ হ'ব?
: হিঃ হিঃ, মোক নকলেওঁ নাই বাৰু, কেৱল মলুৱা এটা
পচন্দ নকৰিবি৷
: আৰু লীনাৰ কি খবৰ? ঘৰত কলিনে নাই তাইৰ
কথা?
: অ'ই তোক মই কেইবাৰ ক'ম আমি কেৱল বন্ধু৷
আৰু বেলেগ একো নাই৷
: হৈছে৷ মোৰ জনা আছে৷
বাই দা ৱে, তোৰ প্ৰিয় বান্ধৱীয়ে
মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে৷ একচেপ্ট কৰি দিলো আজি৷
: ভালেই কৰিলি৷ এতিয়া
মই এৰো
দেই, কাইলৈ পুৱাই ট্যুৰত
ওলাম৷
: ঠিক আছে৷ লীনাৰ লগত
মেছেজ কৰি নাথাকিবি পিছে৷ হিঃ হিঃ৷
পিছদিনা পুৱা কলেজ পায়েই সিদ্ধাৰ্থক দেখা পালে তাই৷ তাইক দেখিয়েই একেবাৰে
ফিল্মী ষ্টাইলত সি তাইক প্ৰপ'জ কৰিলে৷ তাই সকলোৰে আগত অপ্ৰস্তুত হৈ পৰিল৷ কোবাকুবিকৈ তাই
ক্লাছলৈ লৰ ধৰিলে৷
আবেলি কলেজৰ পৰা বাহিৰে বাহিৰে তাই টিউশ্যনলৈ গ'ল৷ এয়া কি,টিউশ্যনটো দেখোন বপুৰা হাজিৰ৷ চাৰে চিনাকী কৰি দিলে
টিউশ্যনৰ নতুন ছাত্ৰ বুলি৷ ভমককৈ খংটো মূৰলৈ উঠি আহিল তাইৰ৷
ৰাতি ফেচবুক খুলিও একেই, ইনবক্সত তাৰ এগালমান মেছেজ,লেপটপ বন্ধ কৰি শুই গ'ল তাই৷
লাহে লাহে দিনবোৰ আগুৱালে৷ তাই তাক এদিন ভালকৈ বুজাই দিলে যে তাইৰ ফালৰ পৰা
একো নাই,গতিকে সি মিছাতে
এইবোৰ কৰি একো লাভ নাই৷ কেৱল বন্ধু হৈ থাকিলে তাইৰ আপত্তি নাই৷
সময়ত দুয়ো ভাল বন্ধু হৈ পৰিল৷ একেলগে টিউশ্যন,কলেজ, চিনেমা আদিলৈ দুয়ো একেলগে যোৱা কৰিলে৷ ক'ব নোৱাৰাকৈ অতি
সংগোপনে সিদ্ধাৰ্থে তাইৰ হৃদয়ত নিজৰ স্থান নিগাজী কৰি ল'লে৷
ৰথীৰ লগত তাইৰ কথা বতৰা আগৰ দৰে চলি থাকিল৷ তাই ৰথীক সকলো কথা কলেও সিদ্ধাৰ্থৰ
কথা নক'লে৷ ক'ব ললেই কিবা
সংকোচবোধে তাইক হেঁচি ধৰে৷ তাতে আজিকালি লীনায়ো তাইক খুব মেছেজ দিয়ে৷ সিহঁত দুয়োৰে
সম্পৰ্কও চাগে ভালেখিনি আগবাঢ়িছে৷
বছৰ বাগৰিল৷ কস্তুৰীয়ে এম কম কৰি জুনিয়ৰ কলেজ এখনত চাকৰি পালে, সিদ্ধাৰ্থে
অষ্ট্ৰেলিয়াত এম বি এ কৰি আহি এটা খুব ভাল কোম্পানীত সোমাল৷ লাহে লাহে দুয়ো ঘৰত
কথাটো জনালে, ঘৰত আপত্তি কৰাৰ
কোনো কথা নাছিল৷ দুয়ো ঘৰেই আনন্দৰে মান্তি হ'ল৷ অহা নৱেম্বৰত দুয়োৰে বিয়া৷
আজি কস্তুৰী বহুত সুখী৷ আজি তাইৰ প্ৰাৰ্থনা ভগৱানে শুনিলে৷ ৰাতি বহুদিনৰ মুৰত
তাই ফেচবুক খুলি ষ্টেটাচ আপডেট কৰিলে,
" ইন এ ৰিলেচনছিপ উইথ
সিদ্ধাৰ্থ গোস্বামী "৷
মুহুৰ্ততে লাইক, কমেন্টেৰে ফেচবুক
ভৰি পৰিল৷ তাই সকলোকে ধন্যবাদ জনাই শুবলৈ লওতেই ৰথীৰ ফোন আহিল,
: হেল্ল'৷
: কি আপডেট দিলি এইটো? তই চিৰিয়াচ নে?
: অ৷
: আমি সৰুৰে পৰা একো
নুলুকুৱাকৈ সকলো কথা পাতি আহিছো,তই ইমান ডাঙৰ কথা এটা লুকুৱালি যে?
: তোক কেনেকৈ কওঁ
ভাবিয়েই নাপালো অ', বেয়া নাপাবি প্লিজ৷
আৰু তয়োতো মোক লীনাৰ কথা কোৱা নাই৷ হিচাপ বৰাবৰ৷
: লীনাৰ লগত মোৰ একো
নাই ৷ বিশ্বাস কৰ৷
: ৱাহ কি টেলিপেথি, লীনাৰ কথা কওঁতেই
তাইৰ ফোন ৱেইটিংত, ৰহ মই তাইৰ ফোনটো
ধৰি লওঁ৷
: পিছত ধৰিবি তাইৰ ফোন, আগতে মই শেষ কৰি
লওঁ৷ সিদ্ধাৰ্থ ল'ৰাটো জানো ভাল? তয়েই দেখোন কৈছিলি
ঠিক নহয় ল'ৰাটো৷ অহংকাৰী, বদমাছ ইত্যাদি৷ হঠাৎ বদলি গলি যে তই?
: নহয় অ', সি ল'ৰাটো খুবেই ভাল৷
প্ৰথম মই তাক ভুল বুজিছিলো৷ এতিয়াহে জানিছো সি কিমান ভাল ল'ৰা৷ তই এবাৰ লগ
পালেই বুজিবি৷ মই এতিয়া তাক এৰি থকাৰ কথা ভাবিবই নোৱাৰো৷ নৱেম্বৰত বিয়াৰ দিন ঠিক
হৈছে৷ তই দুদিনমান আগতে আহিবি কিন্তু, তাৰ লগত তোক চিনাকী কৰাই দিব লাগিব নহয়৷
: নৱেম্বৰত মই নোৱাৰিম
দে৷ অফিচৰ কামত ডুবাইত থাকিম৷
: সেইবোৰ মই নাজানো৷
তই আহিবই লাগিব৷
: চাওঁ দেছোন৷ অ'ই এতিয়া ফোন ৰাখিছো৷
জৰুৰী কাম এটা আছে৷
: ঠিক আছে৷ গুড নাইট৷
ফোনটো ৰাখিয়েই ৰথীয়ে লগে লগে লীনালৈ ফোন লগালে৷
: অ ৰনীল কোৱা৷
: তাইক কিয় ফোন
কৰিছিলা?
: এনেই৷ আগে পিছে কৰো
কেতিয়াবা তাইক ফোন৷
: লীনা, মই ভালকৈ জানো তুমি
তাইক কিয় ফোন কৰিছিলা৷ তাই যাতে একো গম নাপায়৷ তোমাক মোৰ শপত৷
: কিন্তু কিয় ৰনীল? তুমি ভালকৈ জানা যে
সেই ল'ৰাটো ভাল নহয়৷ তেনেহ'লে কিয়?
: চোৱা লীনা, তাই এতিয়া তাক
গভীৰভাবে ভাল পায়৷ মই মাজত সোমাই একো খেলিমেলি কৰিব নিবিছাৰো৷ তুমি তাইক একো নকবা
কিন্তু৷
তাই যেন ভুলটো গম নাপায় শেষৰ কনফেশ্যনটো বাদ দি বাকী গোটেইকেইটা মই পোষ্ট
কৰিছিলো৷
মই একো নোকোৱা বাবে সিদ্ধাৰ্থে মোৰ কাপুৰুষালিৰ সুবিধা ল'লে৷ চলে বলে হ'লেও এই যুঁজত সিয়েই
জয়ী৷
ৰথী, বেটাৰ লাক নেক্সট
টাইম.....
No comments:
Post a Comment