Friday 17 July 2015

::বেনাৰ::


“হে মহান শিল্পী, আপোনাৰ আকস্মিক প্রয়াণত আমি শোকাহত।“--- নবোদয় সংঘ৷
চাৰিআলিটোত সকলোৱে চকুত পৰাকৈ এখন বগা বেনাৰত  সেই মহান শিল্পীৰ ছবি সহ এই বাক্যশাৰী ট টকৈ জিলিকি আছে। বেনাৰখনক অৱশ্যে এতিয়া আৰু বগা বুলি ক'ব নোৱাৰি৷ ধুলি বালি পৰি কিবা এক অদ্ভুত ৰং হৈছে৷ নহ'বনো কিয়, নাই নাই কৈ কম দিন ধৰি ওলমি থকিলনে এইখন৷ দিন গৈ কেতিয়াবাই মাহত পৰিলগৈ, লাহেকৈ মাহৰ পৰা বছৰ....
সেইদিনা দুপৰীয়া খবৰটো শুনাৰ লগে লগে নবোদয় সংঘৰ সম্পাদক দেবুই দুঘন্টাৰ ভিতৰতে এই বেনাৰখন কৰপৰা যে ইমান কম সময়ত যোগাৰ কৰিছিল সি হে জানে৷ সংঘৰ সকলোৱে উৎসাহেৰে চাৰিআলিটোতে সেইখন টানি সেইকেইদিন মহান শিল্পীৰ গুণ গৰিমা প্ৰচাৰ কৰাত ব্যস্ত হৈ থাকিল৷ দিনে ৰাতিয়ে বন্তি, মমবাতি জ্বলি থাকিল, ৰাণাৰ চনীৰ মিউজিক চিষ্টেমটোত সেইকেইদিন অহৰহ সেই মহান শিল্পীৰ গান বাজি থাকিল৷ তেখেতৰ শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলীৰ লগতে সাঙ্গিতিক সন্ধ্যাৰো  আয়োজন কৰা হ'ল
তাৰপিছত......৷ তাৰপিছত আৰু কি! দিন, মাহ, বছৰ বাগৰি যায়, বেনাৰখন তেনেকৈয়ে ওলমি থাকে৷ এফালৰ ৰচীডাল চিঙি গৈছে, ৰ'দে-বৰষুণে বেনাৰৰ আখৰবোৰ অষ্পষ্ট কৰি দিছে, শিল্পীৰ ছবিখন চিনি নোপোৱা হৈ গৈছে৷ কিন্তু বেনাৰখন খোলাৰ কথা কাৰো মনত নপৰে৷
সদায় ঘৰৰ পৰা ওলোৱা সোমোৱা কৰোতে কলিতাই এবাৰ বেনাৰখনলৈ চায়৷ মনটোৱে উচপিচ কৰে৷ বয়স অলপ কম হ'লে আৰু এই বেমাৰবোৰে সঙ্গ নিদিয়া হ'লে কলিতাই চাগে নিজেই এই বেনাৰখন খুলি দিলেহেতেন৷
- খুৰা, আজি এইখনৰ ব্যৱস্থা কৰিম ৰ'ব৷
কলিতাই আজি পুৱাই পুৱাই আকৌ চকু ডাঙৰ ডাঙৰ কৰি মেলি বেনাৰখনৰ পিনে চাই থকা দেখি বিকীয়ে মাত লগালে৷
বেনাৰখন লগোৱাৰ এমাহ পিছটো সেইখন খোলাৰ বাবে কাৰো উম ঘাম নেদেখি কলিতাই এই বিকী, দেবু, ৰনী যাকে দেখা পাই তাকেই এই বিষয়ে কোৱা আৰম্ভ কৰিছিল
- বোপাহ'ত, এই বেনাৰখন খোলাৰ ব্যৱস্থা কৰিবৰ হ'ল আৰু, অনেক শ্ৰদ্ধা জ্ঞাপন হ'ল কিন্তু৷
- অ' অ' খুৰা, এই দুই এদিনতে খুলিমেই আৰু... আচলতে কামৰ হেঁচাত একেবাৰে সময়েই পোৱা নাই৷
প্ৰতিবাৰে এই একেই উত্তৰ৷ এই দুই এদিন কেতিয়া আহিব হয়তো কোনেও নাজানে৷ কৰিবলৈ একো নাই কলিতাৰ৷ এইফালে প্ৰয়াত শিল্পীৰ ওপৰত ৰ'দ বৰষুণৰ অত্যাচাৰ৷ শেষত কলিতায়ো ল'ৰাহ'তক কোৱা বাদ দিলে৷ কৈ কি লাভ৷
কলিতাই চশমাৰ আৰেৰে বিকীৰ ফালে এবাৰ চালে৷ বেছি কথা কোৱাৰ মন নগ'ল৷ এটা দীৰ্ঘশ্বাস এৰি লাহেকৈ ক'লে-
'চোৱা তোমালোকৰ যদি সময় হয়! তোমালোকৰটো বহুত কাম, এই বেনাৰ খোলাটো আকৌ কিবা কাম হ'ল নেকি!'
বিকী গুছি গ'ল৷ কলিতাই আকৌ এবাৰ বেনাৰখনৰ ফালে চালে, ওপৰৰ ৰচীডাল চিঙি গৈ শিল্পীৰ মুখৰ একাংশ ঢকা গৈছে৷  কলিতাৰ ভাব হ'ল শিল্পীয়ে চাগে লাজতে নিজেই নিজৰ মুখখন ঢাকি লৈছে৷
তাৰপিছত কলিতা পাৰ্কলৈ ওলাল৷ তেওঁৰ বয়সৰ অনেক লোক ৰাতিপুৱাই পাৰ্কলৈ আহে, লাফিং ক্লাবলৈ৷ ইয়ালৈ অহা বেছিভাগৰে জীৱনত হাঁহিবলৈ কোনো কাৰণ নোহোৱা হৈ গৈছে৷ তেওঁলোকে ইয়ালৈ হাঁহিবলৈ আহে, এনেই হাঁহে৷ প্ৰাণ খুলি নহ'লেও ডিঙি খুলি!!!
পাৰ্কত সোমায়েই গগৈৰ মুখত এটা দুঃসংবাদ শুনিলে কলিতাই৷ অসমীয়া সংগীত জগতৰ আন এক মহীৰুহ কল্যাণ বৰুৱাৰ মৃত্যুৰ খবৰ৷ সকলো শোকাস্তব্ধ৷ তেওঁৰ বিষয়ে বহু দেৰিলৈ চলিল আলোচনা, পুৰণি স্মৃতি ৰোমন্থন৷ ঘৰলৈ ঘুৰি আহি টিভিটো লগাই দিলে কলিতাই৷ অসমীয়া চেনেলকেইটাতো কেৱল তেওঁৰেই খবৰ৷
শিল্পীৰ মৃত্যুত শোক প্ৰকাশ কৰি সকলো প্ৰতিষ্ঠান, অফিচ, বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে৷ ঘৰত বহি বহি বিৰক্তি লাগিল কলিতাৰ৷ চাৰিআলিলৈ ওলাই আহিল৷
চাৰিআলিত এটা অহেতুক ব্যস্ততা৷ দেবুই দুজন হাজিৰা কৰা মানুহৰ দ্বাৰা বেনাৰখন নমাই আছে৷ ৰনী মিউজিক চিষ্টেমটো লৈ ব্যস্ত৷
মনে মনে হাঁহিলে কলিতাই৷ আজি আকৌ এখন নতুন বেনাৰ লগোৱা হ'ব৷ ধকধকীয়া বগা বেকগ্ৰাউণ্ডত প্ৰয়াত কল্যাণ বৰুৱাৰ ছবিখন জিলিকি থাকিব৷ চাকি, কেণ্ডেল, ফুলেৰে চাৰিআলিটো জিলিকি থাকিব৷
কিন্তু.......  কিন্তু কিমানদিন...

No comments:

Post a Comment