Friday 17 July 2015

:: অলপ খেয়াল, অলপ আবেগ ::


১:
- অই অই অই! শুনচোন এটা কথা৷ তহতৰ কোনোবাই এইটো কাৰ নম্বৰ চিনি পাৱ নেকি?
সন্মুখত বিৰিয়ানী লৈ বহি থকা ভাস্কৰ মৌচুমীৰ চিঞৰত উচপ খাই উঠিল৷
- ধেইই, খোৱাৰ সময়ত এনেকৈ তিৰিং বিৰিংকৈ চিঞৰ কিয়? লাহে লাহে কথা ক'লে তোৰ কি বিৰিয়ানী হজম নহ'ব নেকি?
- চাওঁ চাওঁ, দেচোন নম্বৰটো৷ চেক কৰি কৰি চাওঁ এবাৰ৷
বিমিশ্ৰাৰ উৎসাহী মাত৷
- নাই অ', চিনাকী নম্বৰ নহয়৷ পিছে কি হৈছেনো? কিয় লাগে তোক?
- আৰে নকবি ৰে, সদায় মেছেজ আহে এই নম্বৰটোৰ পৰা৷
- ৰিং কৰি নাচাৱ কিয় এবাৰ৷
বিৰিয়ানীৰ প্লেটৰ পৰা মুৰ নোতোলাকৈ সেয়া ভাস্কৰৰ মাত৷
- লাভ নাই ৰে৷ কৰি চাইছো৷ দিনটো মোবাইল অফ ৰাখে৷ কিজানি মোক মেচেজ দিবলৈহে ফোন অন কৰে বদমাছটোৱে৷
- কি লিখে মেছেজত?
দেবৰ প্ৰশ্ন৷
- আৰে কি কম আৰু৷ খেয়ালী মনৰ মেছেজ কিছুমান৷ অলপ মিঠা, অলপ অদ্ভূত৷ কিন্তু বেয়াও নালাগে বুইছনে মেছেজবোৰ৷
- তেতিয়াহ'লে প্ৰব্লেম কি? খেলি থাক তয়ো মেছেজ মেছেজ৷
২:
- অই এই ৰাতি কিমান ম'বাইলটো পিটপিটাই থাক৷ টোপনি মাৰিবলৈ দিবি নে মোক? তোৰ সেই খেয়ালী মেছেজৱালা ন'?
মাজৰাতি ৰুমমেট বিমিশ্ৰাৰ চিঞৰ৷
- হিঃ হিঃ, মজা মজা মেছেজ দি আছে ঔ৷
- চাবি দেই মৌচুমী, এনেকৈ যাকে তাকে মেছেজ নিদিবি৷ যোৱাবাৰৰ মৃণালৰ কেচটো পাহৰিলি নেকি? কিমান যে ভাল দেখালে সি৷ কি হ'ল শেষত?
এইবোৰ বাদ দে তই৷ ভাস্কৰ ভাল ল'ৰা৷ মোৰ লাগে সিও তোক ভাল পায়৷
- ধেইই যাহ৷ সেই বকাসুৰটোক কোনে ভাল পাব৷ কেৱল খোৱাৰ ধাণ্ডা তাৰ৷ গাহৰি খাই খাই পেটুৱাটো হ'ব ধৰিছে দেখিছনে নাই৷
৩:
কিছুদিন ধৰি মৌচুমীৰ খবৰ নাই৷ কাৰো ফোন নধৰে৷ তাইৰ খবৰ সুধিবলৈ ৰুমমেট বিমিশ্ৰাও হোষ্টেলত নাই৷ শেষত দেব, ভাস্কৰহঁত তাইৰ হোষ্টেল ওলালগৈ৷ ৱাৰ্ডেনক জনোৱাৰ কিছু সময় পিছত মৌচুমী ওলাই আহিল৷ দেখিয়েই দেবই কৈ উঠিল-
- অই, কি হৈছে তোৰ? এই অৱস্থা যে?
- নাই অ', গাটো অলপ বেয়া৷
ভাস্কৰে এপলক তাইলৈ চাই ক'লে,
- মৌচুমী তোৰ বেলেগ কিবা হৈছে৷ কবিনে আমাক?
মৌচুমী তলমুৰ হৈ আছে৷ আকৌ দেবই সুধিলে,
- সেই মেছেজৱালাই কিবা কৰিছে ন'?
লাহে লাহে মৌচুমীয়ে ক'বলৈ ধৰিলে,
- একো কৰা নাই৷ মোৰ একো ভাল নলগা হৈছে অ' দেব৷ তাৰ বহুদিন একো খবৰেই নাই৷ সদায় কিমান ফোন কৰো তাক৷ অফ পাওঁ, মেছেজ ডেলিভাৰ নহয়৷ মোৰ বৰ চিন্তা হৈছে অ'৷ কিবা চাগে বিপদত পৰিছে সি৷
- তই নেদেখাকৈয়ে কেনেকৈ এজনক ইমান মিছ কৰিব পাৰ? সঁচাকৈয়ে অদ্ভূত তই৷
- তই নুবুজিবি ভাস্কৰ৷ তহত যাগৈ, পলম হ'ব৷
সকলোৱে বুজাবলৈ চেষ্টা কৰিলেওঁ মৌচুমী যেন বুজিবলৈ অপৰাগ৷ সদাহাস্য মৌচুমীৰ সেই ৰুপ সকলোৰে অপৰিচিত৷ কৰিবলৈ একো নাছিল৷ তথাপি সকলোৱে তাইক বুজাই বঢ়াই ঘৰলৈ উভতিল৷ কিবা এক অদ্ভূত মায়াজালত বন্দী মৌচুমী৷
৪:
তাইক লগ ধৰি অহাৰ পৰা ভাস্কৰৰো মন বেয়া৷ কিয় সি নিজেওঁ নাজানে৷ ৰাতি শুবলৈ লৈ মৌচুমীলৈ বৰকৈ মনত পৰিল তাৰ৷ কোনোদিনে নেদেখা, নুশুনা জনৰ প্ৰতি এয়া কেনেকুৱা টান মৌচুমীৰ৷ এনেকৈ জানো বাস্তৱ জীৱনত ভালপোৱা হয়?
কি কৰা যায়? একো ভাবি পোৱা নাই ভাস্কৰে৷ ভাত খাই উঠি ভাস্কৰ চাদত অকলে অকলে, মৌচুমীজনীৰ কথাকেই ভাবিছে৷
কি কৰা উচিত? নিজেই নিজকে এবাৰ  সুধিলে ভাস্কৰে৷
বহুদিন হ'ল একো নিলিখা৷ খেয়ালী কিবা, অলপ মিঠা, অলপ অদ্ভূত৷ দীঘল উশাহ এটা লৈ চিমখন সলনি কৰিলে ভাস্কৰে৷ অলপ খেয়ালী চিন্তা, অলপ আবেগ..... মেছেজ ডেলিভাৰড্৷
মৌচুমীৰ মন বেয়া হ'লে যে তাৰো মন বেয়া হয় সেয়া চাগে তাই নাজানেই৷

No comments:

Post a Comment