Friday 17 July 2015

:: ব্যৰ্থতা ::


ৰাতিপুৱাই দৌৰাদৌৰিকৈ স্কুললৈ ওলালো৷ ইতিমধ্যেই পলম হৈছিল৷ কোনোমতে গৈ স্কুল বাছ ধৰিলো৷ পিঠিত প্ৰকাণ্ড স্কুল বেগ, বেগত অসম্পূৰ্ণ হোমৱৰ্কৰ বহী৷ চাৰৰ শাস্তিৰ মৃদু ভয়৷ বগা চোলা, নীলা পেন্ট৷ টিফিনত ৰুটি তৰকাৰী, লগত এটা সৰু মিঠাই৷ লেজাৰত ৰাতুলহঁতৰ লগত ক্ৰিকেট৷ আৰু কত যে কি.....

সকলো ঠিকেই চলি আছিল৷ কেৱল ঘৰলৈ ঘুৰোতে স্কুল বাছত যোৱা নহ'ল৷ স্কুলবাছৰ বদলি আহিল এম্বুলেঞ্চ৷ অৱশ্যে এম্বুলেঞ্চত যোৱাৰ বিশেষ দৰকাৰ নাছিল৷ সপ্তম শ্ৰেণীৰ ছাত্ৰ যিমানেই টান নহওঁক, কপালৰ   সোমাজত গুলী খাই সাধাৰণতেই এম্বুলেঞ্চত গৈ হস্পিটালত চিকিৎসা কৰিবলগীয়া বিশেষ একো বাকী নাথাকে৷

এইকেইদিন তাকেই ভাবি আছো৷ এনেকুৱা ঘটনা কিবা কাৰণত মোৰ বা আমাৰ ক্ষেত্ৰত হ'লে কি হ'লহেতেন বাৰু৷ দেউতাই বাৰু কি কৰিলেহেতেন? দেউতা মানসিকভাবে যথেষ্ট শক্তিশালী৷ আজিলৈ দেউতাই কন্দা দেখা নাই৷ হয়তো কিছুসময়ৰ বাবে মাততো থোকাথুকি হ'লহেতেন৷ কিন্তু মই দেউতাক ভালকৈ জানো৷ মূহুৰ্ততে তেওঁ নিজকে চম্ভালি ল'লেহেতেন৷ কিন্তু গাৰ ভিতৰত গৰম লোহা সুমুৱাই দিলে যেনেকুৱা লাগিব, সেই অনুভৱ দেউতাই পুৰামাত্ৰাই কৰিলেহেতেন৷
এনেই ধৰি ল'লো মই তেতিয়া ক্লাছ চেভেনত৷ তাৰ মানে তেতিয়া দেউতাৰ বয়স মোটামুটি ৪১৷ এই ঘটনাটোৰ পিছত বুকুত যন্ত্ৰণা লৈ দেউতা মোটামুটি আৰু ত্ৰিশ- চল্লিশ বছৰ থাকিব লাগিলহেতেন৷ হয়তো আৰু বেছি৷ দেউতা অন্তৰ্মূখী স্বভাৱৰ মানুহ৷ তেওঁ এই যন্ত্ৰণা অন্তৰৰ মাজতে লৈ তিলতিলকৈ সদায় মৰিলেহেতেন৷ দেউতাক মই বৰ ভয় কৰো৷ কিন্তু সেইদিনৰ পৰা দেউতাই মোক ভয় কৰিলেহেতেন৷ মোৰ স্মৃতি জড়িত বস্তু, ঠাই আদিৰ পৰা দুৰত থকা আৰম্ভ কৰিলেহেতেন চাগে৷
কিন্তু দেউতা পলাব কলৈ?? দেউতাৰ চাৰিওফালে যে মোৰেই স্মৃতি৷ মোৰ জোতা, ক্ৰিকেট বেটখন, জন্মদিনত দিয়া হিৰ' ইমপেক্ট চাইকেলখন৷ কোনেও নেদেখাকৈ হয়তো মোৰ বাহিৰা বহীখন বুকুত সাবটি লৈ ৰাতি চটফটাই থাকিলেহেতেন৷ দেউতাৰ চাৰিওফালে যে মোৰেই স্মৃতি। দেউতাৰ সপোন, সঞ্চয়, ভৱিষ্যতৰ প্লেনিং.... সকলোৱেইটো কমি গলহেতেন৷ দেউতা চাগে শেষ হৈ গ'লহেতেন৷ কেৱল শৰীৰটো টানি লৈ ফুৰাটোকেইটো জীয়াই থকা নোবোলে৷
মাৰ কিন্তু ইমান কষ্ট নহ'লহেতেন৷ শিলৰ হেনো কষ্ট নহয়৷ সেইদিনৰ পৰাই মা হয়তো এক শিললৈ পৰিণত হ'লহেতেন৷ এই ঘটনাৰ পিছত মাক কোনোৱেই বিছাৰি নাপালেহেতেন৷ ৰাতিপুৱা মোক নিজহাতে খুৱাই বুৱাই স্কুললৈ পঠিয়াইছিল৷ গতিকে মই ঘুৰি আহিমেই৷ নহাৰ কোনো কথাই নাই৷ পুজাৰ বন্ধত আমি কলিকতা ফুৰিবলৈ যোৱাৰ কথা, মই নাহিলে কেনেকৈ হ'ব? মাৰ চকু নিশ্চল। মাৰ মুখখন মোৰ গুলী খোৱা কপালখনতকৈও বেছি মৃত৷
মা-দেউতাৰ বুকুত চুৰী বহুৱাই নিয়াৰ সহজ উপায় হৈছে নখ কাটোতে মোৰ আঙুলি অকণমান কটা যোৱাটো৷ মোৰ কপালৰ সেই গুলীয়ে সৃষ্টি কৰা গভীৰ দাগটোৱে তেওঁলোকৰ বুকুৰ কিমান গভীৰলৈ দাগ বহুৱালেহেতেন সেয়া ঠাৱৰ কৰাৰ সাঁহস মোৰ নাই৷ ওপৰৰ এই ভাৱবোৰ কেৱল মোৰ অনুমান৷
এইকেইদিন তেওঁলোকে টিভিত পেশোৱাৰৰ ঘটনাবোৰ চাই আছে৷ তালিবান, জেহাদ, ধৰ্ম এইবোৰ শব্দ তেওঁলোকে যৌৱনকালত ইমান সঘনাই নুশুনিছিল৷ এতিয়াও শুনিবলৈ মন নকৰে৷ আমিওঁ শুনাটো নিবিছাৰে৷ কেৱল এই ভাবি শিহৰি উঠিছে যে আমিও পেশোৱাৰ, ধেমাজিৰ দৰে কৰবাত থাকিব পাৰিলোহেতেন৷ সম্ভাৱনা এতিয়াওঁ শেষ হৈ যোৱা নাই৷ 
আজি আমি সকলো ব্যৰ্থ৷ এয়া কেৱল পাকিস্থানৰ ব্যৰ্থতা নহয়৷ আপুনি,মই, পাকিস্থান, আমেৰিকা, কেনিয়া, বুদ্ধ, মহাদেৱ, গেলিলিও, নিউটন, মাৰ্টিন লুথাৰ; সকলো আজি ব্যৰ্থ৷
আমাৰ প্ৰতিটো আৱিষ্কাৰ, নীল আৰ্মষ্ট্ৰঙৰ অভিযান, ভুপেনদাৰ গান সকলো ব্যৰ্থ৷ ইমান উন্নতি কৰিও আমি সেই কণমানিকেইটাক জীয়াই থকাৰ নিশ্চয়তা দিব নোৱাৰিলো৷ পাকিস্থান কিয়, আফ্ৰিকাৰ কোনো জঙ্গলটো যদি এটা শিশু, কেৱল শিশুৱেই কিয়... কোনোৱেই যদি এনেদৰে মৃত্যুমুখত পৰে, সেয়া সমস্ত মানৱজাতিৰ ব্যৰ্থতা, ইতিহাসৰ ব্যৰ্থতা৷

No comments:

Post a Comment