Friday 17 July 2015

:: শৈশৱ, কৈশোৰ আৰু এটা বৃষ্টিমুখৰ আবেলি ::


সেই তাহানিৰেই কথা৷ তেতিয়া নিশব্দে লোহাৰ গেইট খোলা কামটো আমি শিল্পৰ পৰ্য্যায়লৈ লৈ গৈছিলো৷ দিনটো ক্ৰিকেট খেলি লেবেজান হৈ ঘৰলৈ আহি খোৱা মাৰ হাতৰ সেই থলামুৰি আবেলি চাৰিটা মানলৈ মনতেই নাথাকিছিল৷ দুপৰীয়া ভাত পানী খাই মা শুৱাৰ পিছত নিশব্দে গেইট খুলি আকৌ গুছি যাওঁ খেলিবলৈ৷ গৈ পোৱাৰ লগে লগে সমনীয়াৰ সেই কিৰিলি৷ কিৰিলি নামাৰিবনো কিয়, এখন বেট আৰু ষ্টাম্পৰ মালিক যে ময়েই৷  মালিক হোৱা বাবে কিছুমান ভাল সুবিধা লাভ কৰিছিলো, যেনে সৰু সৰু কাৰণত মোক আউট দিয়া নহৈছিল আৰু আৰু নলাত পৰা লেতেৰা বল মই তুলিব নালাগিছিল৷
হঠাৎ এবাৰ বিৰাট বিপত্তি আহি পৰিল৷ মথুৰানগৰৰ এভাৰগ্ৰীণ ক্লাৱৰ লগত একেৰাহে সাতখন মেচ হাৰিলো৷ সেই সময়ত আমাৰ বাবে স্কুলত ছোৱালীৰ সন্মুখত কাণত ধৰাতকৈ এভাৰগ্ৰীণৰ লগত হৰাটো বেছি লজ্জাৰ কথা৷ সিহঁতৰ মন্টুৱে আমাৰ বাৰ বজাই দিছে৷ কিন্তু আমি হৰাৰ মূল কাৰণ আছিল ভাইটী দা৷ আমাৰ কচমচ ক্লাৱৰ মেইন প্লেয়াৰ ভাইটী দা খেলিবলৈ নহা হ'ল৷ তেতিয়া 'তেৰে নাম'ৰ বতৰ৷ ভাইটী দা চুলিয়ে তুলিয়ে 'তেৰে নাম'ৰ ৰাধে৷ আবেলি আমি খেলি থাকো আৰু ভাইটীদাই ভালৰো ভাল পোচাকযোৰ পিন্ধি খেলপথাৰৰ বিপৰীত দিশৰ গুমটিখনৰ বেঞ্চত বহি লৈ থুতুৰিত হাত এখন দি তালুকদাৰহঁতৰ ঘৰৰ ফালে চাই থাকে৷
আৰু এখন মেচ হৰাৰ পিছত আমি দলে বলে ভাইটী দাৰ তালৈ গলো৷ হাতত জলন্ত চিগাৰেট, চকুত চানগ্লাচ পিন্ধি ভাইটী দা চলমান খান নহ'লেও মোটামুটি সুনীল শেট্টীটো হৈয়েই গৈছে ইতিমধ্যে৷ গৈয়েই থেনথেনালো,
- ভাইটী দা, তই খেলিবলৈ নহা হ'লি যে? এভাৰগ্ৰীণে বৰ বেয়াকৈ হৰুৱাই আছে আমাক৷ তই নেখেলিলে নিজিকিমেই৷
- ধুৰৰ, এতিয়া আৰু মোৰ ক্ৰিকেট খেলাৰ বয়স আছে নেকি? তহতেই খেল৷ মই আৰু কত খেলিম এতিয়া৷
ভাইটীদাই কয় কি!! খেলাৰ উৎপাতত যোৱাবাৰ গৰমে গৰমে ফেইল কৰি উঠিছেহে মাত্ৰ৷ চানগ্লাছৰ ফাকেৰে চকামকাকৈ দেখা ভাইটীদাৰ চকুযুৰি ফ'ল কৰি দেখো সৰ্বনাশ কাৰবাৰ৷ সেইপিনে তালুকদাৰৰ মুখচোকা জীয়েক পাপৰি!!! কম্পাউণ্ডত বল পৰা বাবে তাই আমাৰ কেইটা বল বঠীৰে কাটিলে ঠিক নাই, আৰু ভাইটীদাই তাইকেই????  বহুত কিবাকিবি সোধাৰ মন আছিল ভাইটীদাক৷ পিছে সি চানগ্লাচ নমাই 'তহঁত ফুট' টাইপ যি চাৱনি এটা দিলে, আমিওঁ বিশেষ কথা আগ নবঢ়াই গুছি আহিলো৷
ভাইটীদাৰ পচন্দ হলেওঁ আমাৰ পাপৰি বাক একেবাৰে ভাল নালাগিছিল৷ সদায় একেই উদাস দৃষ্টিৰে ভাইটীদাই তালুকদাৰহঁতৰ খিৰিকীলৈ চাই থাকে৷ দিন যোৱাৰ লগে লগে খিৰিকীৰ সেইপাৰে পাপৰিবাকো দেখা পোৱা যাবলৈ ধৰিলে৷ আবেলি এক নিৰ্দিষ্ট সময়ত তালুকদাৰনী ওচৰৰ তিৰোতাবোৰৰ লগত ফুৰিবলৈ ওলাই৷ লগে লগে ভাইটীদাৰ মুখ জিলিকি উঠে৷ পাপৰিবাক মুহূৰ্তৰ বাবে গেইটৰ সন্মূখত দেখা যায়৷ ভাইটিদাৰ হাতত কাগজ এটুকুৰা দি আকৌ ভিতৰলৈ দৌৰ মাৰে৷ তাৰ পিছত আকৌ খিৰিকীৰ পৰা ইঙ্গিতৰে কথা বতৰা৷ মই বেঙাৰ দৰে ফিল্ডৰ পৰা সেইবোৰ চাই থাকোতে ইতিমধ্যে দুবাৰ কেচ মিচ কৰি থৈছোৱেই৷
লাহে লাহে ভাইটীদাৰ লগত মোৰ আত্মীয়তা বাঢ়ি গ'ল৷ পাপৰি বায়ো আজিকালি বল কম্পাউণ্ডত সোমালে বঠীৰে নাকাটে৷ মাজে মাজে বল পৰিলে আজিকালি ময়েই আনিবলৈ যাওঁ৷ প্ৰায়েই বলৰ লগত ষ্টেপল মৰা কাগজ এখন ভাইটীদাৰ বাবে লৈ ওলাই আহো৷ কেতিয়াবা মৰ্টনো পাওঁ৷ এদিন খেল শেষ কৰি ভাইটীদাৰ লগত আড্ডা দি আছিলো৷ হঠাৎ ভাইটীদাৰ কি জানো মন গ'ল, মোক কবলৈ ধৰিলে,
- অসমত ক্ৰিকেট খেলি লাভ নাই বুইছ৷ সেই কাৰণে মই বাদ দিলো৷ তই নিজেই কছোন, অময় খুৰেছিয়াইনো মোতকৈ কিদাল ভাল বেটিং কৰে?
সেই সময়ত ভাইটী দা আমাৰ বাবে শচীনতকৈ অলপহে তলত৷ খুৰেছীয়াহত কৰবাতে ৰয়৷ জোৰে জোৰে মুৰ দুপিয়াই ভাইটীদাৰ কথাত সন্মতি দিলো৷ অলপ ৰৈ চিগাৰেটত টান এটা মাৰি আকৌ ভাইটীদাই কবলৈ ধৰিলে,
- তয়ো এই খেল চেল বাদ দে বুজিছ৷ ডাঙৰ হ'বলৈ শিক৷  আজিকালিতো মোৰ পাপৰিৰ লগত বঢ়িয়া ফিটিং হৈ গৈছে৷ বঢ়িয়া লাগে অ'৷ তোকো ফিটিং কৰি দিব লাগিব নেকি?
ভেবা লাগি ভাইটীদালৈ চাই ৰলো৷ কি কয় ভাইটীদাই৷
- পাপৰিবা অলপ ডাঙৰ নহ'বনে ভাইটীদা?
- ধেইই কটা নিধক৷ পাপৰিক আকৌ কিয় দিম? মই পাপৰিৰ ভনীয়েক কাকলিৰ কথা কৈছো৷
কাকলি!!! এনেই বেয়া নালাগে কাকলিক৷ আগতে পাপৰিবাৰ বঠীৰ পৰা বহুবাৰ আমাৰ বলবোৰ তাই বচায় দিছে৷ পিছে পাপৰি বাৰ সেই ধুনীয়াকৈ অঁকা কাজল সনা টনা টনা চকু, নেইলপলিচ লগোৱা জোঙা জোঙা নখবোৰৰ লগত কাকলিৰ তুলনাই নহয় দেখোন৷ সেইদিনালৈটো প্ৰায়েই তাইৰ নাকত শেঙুনৰ থোপা দেখা গৈছিল৷ তথাপি........
পিছদিনা গুমটিৰ আগত একেই প'জত ভাইটীদা৷ ওচৰতে হাফপেন্ট পিন্ধি মই৷ ৰাষ্টাৰ সিটোপাৰে বাবলু, ৰুপমহঁতে পুৰাদমে ক্ৰিকেট খেলি আছে৷ কোনোমতে আধাঘন্টামান থাকিলো৷ ইতিমধ্যে ভাইটীদা চিঠি আনিবলৈ পাপৰিবাহঁতৰ গেইটৰ ফালে গৈছে৷ মই বোলো এয়েই সুযোগ৷ দে দৌৰ ফিল্ডলৈ৷ 'বেটিং দে, বেটিং দে', গৈয়েই চিঞৰ বাখৰ৷ প্ৰথম বলতেই চিক্স৷ ব'ল আকৌ পাপৰিবাহঁতৰ ঘৰত৷ আজি ব'ল আনিবলৈ বাবলুক পঠিয়ালো৷
দিন বাগৰিল৷ ভাইটীদাৰ অনুপস্থিতিত এতিয়া ময়েই কচমচ ক্লাৱৰ অপেনাৰ৷ এতিয়া আৰু কোনেওঁ ভাইটীদাক নিবিছাৰে, কচমচ ক্লাৱৰ লিগেচী ধৰি ৰখাৰ দায়িত্ব এতিয়া মোৰেই৷ খেলি থাকোতে মাজে মাজে কাকলিক দেখো৷ মনটোৱে কিবা ভাবিব খোজে, আকৌ মনত পৰে অহামাহত হ'বলগীয়া টুৰ্নামেন্টৰ কথা৷ ডাঙৰ পিছতো হ'ব পাৰিম৷ টুৰ্নামেন্ট জিকাটোহে মেইন কথা৷
বছৰ বাগৰিল৷ কাইলৈ ভাইটীদা অষ্ট্ৰেলিয়ালৈ যাব, এম বি এ পঢ়িবলৈ৷ পাৰ্টী দিবলৈ আমাক সকলোকে ব্ৰজেনৰ দোকানলৈ লৈ গ'ল৷ আমিও টেটুৰ গুৰিলৈকে খালো৷ খোৱা বোৱা শেষ কৰি যাবলৈ ওলালো৷ সকলোকে বিদায় দি ভাইটীদাই মোক তাৰ ঘৰলৈ লৈ গ'ল৷ নিজৰ প্ৰিয় বেটখন মোক উপহাৰ দি ক'লে,
- তই ভালকৈ খেল, তোৰ টেলেন্ট আছে৷
ইমান বছৰে চুবলৈও নিদিয়া বেটখন আজি মোৰ নিজৰ৷ বিশ্বাসেই হোৱা নাই৷ কি কম ভাবি পোৱা নাই৷ মুখৰ পৰা হঠাৎ ওলাই গ'ল,
- পাপৰিবা বৰ বেয়া ন' ভাইটীদাা?
- হাঃ হাঃ, নহয় অ' বেয়া৷ কোনে কলে তোক?
- কোনেওঁ কোৱা নাই৷ তাই যে আপোনাক এৰি ৰাজীৱদাৰ গাৰ্লফ্ৰেইণ্ড হৈছে সেইবাবে সুধিলো৷
- নাই নাই৷ তাই খুইব ভাল ছোৱালী৷ আমাৰ সেই ফুকলীয়া প্ৰেম আছিল, নিটিকিল আৰু৷ পিছে তাইৰ প্ৰতি মোৰ একো বেয়া ভাব নাই৷
- তথাপি ....
- একো নাই অ'৷ ষোড়শীৰ প্ৰেম ধুমুহাৰ দৰে৷ প্ৰচণ্ড গতিত আহি সকলো থানবান কৰি থৈ যায়৷ সমস্ত ভালপোৱা ঢালি বাকি দিয়ে, বেছিভাগ ক্ষেত্ৰতেই এদিন সকলো শেষ৷ কিন্তু মনত ৰাখিবি এই প্ৰথম প্ৰেম নিষ্পাপ, পবিত্ৰ৷
   চেহ তোকো মিছাতে ব'ৰ কৰি আছো৷ ধুমুহা বৰষুণ আহিব এতিয়া৷ সোনকালে ঘৰলৈ যা৷ খেলাৰ লগতে ভালকৈ পঢ়াশুনা কৰিবি দেই৷
বতৰতো বহুত বেয়া কৰিছে, ধুমুহাও আহিছে৷ ঘৰ গৈ নাপালো৷ কোনোমতে দৌৰি আহি ছয়মাইল অভাৰব্ৰিজৰ তলত ৰ'লো৷ কৰবাৰ পৰি দৌৰি দৌৰি কাকলিও তাতেই ৰখিলেহি৷ বেঙা হাঁহিৰ আদান প্ৰদান হ'ল৷ ইমান দিন মনেই কৰা নাছিলো৷ কাকলি দেখিবলৈ বেলেগ হ'ল, অলপ অলপ পাপৰি বাৰ দৰে৷ কাজল সনা টনা টনা চকু, ডাঠ চেলাউৰি, ফুটো নুফুটোকৈ ফুটা লাজ লাজ হাঁহি, মায়াসনা চাৱনি… কাণৰ কাষৰ ঢৌ খেলোৱা চুলিবোৰ.....নাচাওঁ বুলিও বাৰে বাৰে চাইছো বৰষুণত লিপিট খাই থকা তাইৰ দেহৰ অপৰুপ অবয়ব৷
বৰষুণ কমিল৷ কাকলিয়ে লাহে লাহে ঘৰলৈ বুলি খোজ ল'লে৷ পিছে পিছে নিৰ্দিষ্ট দুৰত্ব বজাই ময়ো গৈ আছো৷ তাই নিজৰ ঘৰ সোমোৱাৰ ঠিক আগে আগে হাঁহি এটা মাৰি বিদায় ল'লে৷ তাই যোৱাৰ পিছতহে মন কৰিলো ভাইটীদাই দিয়া বেটখন লগত নাই, ছয়মাইলতেই এৰি আহিলো৷ আকৌ ইমান দুৰ গৈ আনিবলৈ মনেই যোৱা নাই, গুমটিখনৰ সন্মুখত থিয় হৈ আন্ধাৰতো চানগ্লাছ পিন্ধি কাকলিৰ ৰুমৰ খিৰিকীখনৰ ফালে চাই ৰলো৷
মই চাগে ডাঙৰ হ'লো.......

No comments:

Post a Comment