Saturday 18 July 2015

:: আলু- পাৰ্ট ২ ::


 বিপাশা অবাক৷ মুখখন যিমান মেলিব পাৰি সিমান মেলি তাই সন্মুখলৈ চাই আছে৷ যি বস্তুটো দেখি তাই মুখ বন্ধ কৰিবলৈ পাহৰি হৈছে সেয়া হৈছে এজন মানুহ৷ নাম ৰতন৷
এই মুহূৰ্তত ৰতন বিপাশাৰ পৰা মাত্ৰ পাঁচ হাত দূৰত্বত অবস্থান কৰিছে। তাৰ হাত ভৰিৰ সঞ্চালন অত্যন্ত ক্ষীপ্র, শৰীৰৰ পেশী টান। দেখি ভাৱ হয় চিকাৰৰ ওপৰত জপিয়াই পৰাৰ আগ মুহূৰ্তৰ ক্ষুধার্ত বাঘ৷ কিন্তু এই বাঘে বিপাশাক একো কৰিব পৰা অৱস্থাত নাই৷ কাৰণ দুয়োৰে মাজত আছে গ্ৰীল৷ ৰতনে সেই গ্ৰীলত কোনোমতে ওলমি আছে৷
ওপৰা ওপৰিকৈ কিবা কিবি প্ৰশ্নই বিপাশাৰ মূৰত খেলি  আছে৷ এই ৰাতিখন ছয়মহলাত এইটো কোন? কিয় আহিছে? কেনেকৈ আহিছে? যদি মানুহজন পৰি যায়? মৰি যাব নেকি?

ৰতনে বৰ কষ্ট পাইছে৷ নিজকে গালি দি আছে সি৷ কিহে পাইছিল তাক এইটো ঘৰত ৰাতি আহিবলৈ? এই ৰাতি তিনিটা বজাটো যে এই দমৰা চকুৱাজনী যে সাৰে থাকিব সি ভবাই নাছিল৷ এনেওঁ সি আজিকালি ফেচবুক কৰা মানুহৰ ঘৰত চোৰ কৰিবলৈ নাহেই৷ আজি বৰ টানত পৰিহে.....

লাহে লাহে বিপাশা প্ৰকৃতিস্থ হ'ল৷ ইতিমধ্যে মানুহটোৰ উদ্দেশ্য তাই বুজি উঠিছে৷ কিন্তু এতিয়া কি কৰা যায়, তাকেই তাই ভাবি পোৱা নাই৷
 ৰতনে খুব সাৱধানে গ্ৰীলবোৰত ধৰি নমা আৰম্ভ কৰিছে৷ ঠিক সেই সময়তেই শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি বিপাশাই চিৎকাৰ কৰি উঠিল৷ সেই কৰ্ণভেদী চিঞৰত এটা কাউৰী উৰি গ'ল, এটা ফেঁচা ইষৎ বিৰক্ত হ'ল, বিল্ডিঙটোৰ একাংশ মানুহ সাৰ পাই উঠিল৷ কিন্তু তাৰ মাজতে ৰতনৰ ভৰি পিছলি কেৱল হাত দুখনেৰে গ্ৰীলত ওলমি থাকিল৷
ৰতনৰ দুৰ্দশা বিপাশাৰ সহ্য নহ'ল৷ তাই দৌৰি তাক ধৰিবলৈ গ'ল৷ পিছে সি জানো কম? একেটানে তাইৰ সোণৰ চেইনদাল টানি হিচাপ এটা কৰি সি পাঁচ মহলাৰ গ্ৰীলৰ ফালে লাহেকৈ জাপ এটা দিলে৷ দূৰ্ভাগ্যবশত দুই ইঞ্চিৰ বাবে তাৰ লক্ষ্য সফল নহ'ল আৰু সেইবাবেই সি বৰ্তমান বতাহ ফালি তললৈ উৰি আছে৷
 বিপাশাই লগে লগে ফোন লগালে অনিৰ্বাণলৈ৷ অনিৰ্বাণ তাইৰ বয়ফ্ৰেইণ্ড৷ আনদিনা হ'লে এতিয়ালৈ দুয়োৰে ফুচফুচনি চলি থাকিলেহেতেন৷ পিছে আজিৰ কথা বেলেগ৷ ফোন অফ!!
আজি বাৰ্চিলোনা আৰু জুভেন্টাচৰ ফাইনেল৷ কিমান দিনৰ পৰা যে সি ৰৈ আছে ফাইনেলখন চাবলৈ৷
মেচীৰ ভৰিত ব'ল৷ দৃষ্টিনন্দন ড্ৰিবলিং৷ গ'লপোষ্টৰ ফালে আগুৱাইছে মেচী৷ ডিফেণ্ডাৰে তৰ্কিবই নোৱাৰিলে৷ অনিৰ্বাণে ফুৰ্তিত সৰু ল'ৰাৰ দৰে জপিয়াই উঠিল৷ মেচী তাৰ আইডল৷ মেচীৰ বাওঁ ভৰিখন এবাৰ চুবলৈ পালে তাৰ জীৱন ধন্য হ'ব৷
 এইফালে মেচীৰ খুব মনত পৰিছে তাইৰ কথা৷ তাইৰ পেটত মেচীৰ সন্তান৷ তাই চাগে এই অৱস্থাটো খেল চাবলৈ এৰা নাই৷ তাইৰ কথা ভাবিয়েই মনটো ভাল লাগি গ'ল তাৰ৷ আকৌ খেলত মন দিলে মেচীয়ে৷ গ'ল এটা দিয়াটো খুবেই দৰকাৰ৷ বিশেষকৈ এই পিৰ্লোক আজি কন্দুৱাইহে বিদায় দিব মেচীয়ে৷
পিৰ্লোৰ মুখখন শুকান পাউৰুটীৰ দৰে হৈ আছে৷ তেতিয়াৰ পৰা কোনোমতে চেপি ধৰি খেলি আছে পিৰ্লোৱে৷ খেলৰ আগত দৌৰাদৌৰিত পেচাব কৰা নহ'ল৷ এতিয়া ভুগিছে, মেচীয়ে আজি ব্লাডাৰ ফটালেও ফটাব৷ নিজৰ ব্লাডাৰটো নাফাটিলে হ'ল আজি৷
 প্ৰায় ফাটি যোৱা ব্লাডাৰেৰেও পিৰ্লোৱে এইমাত্ৰ মেচীৰ আক্ৰমণ চিটিকাই পেলালে৷ পিৰ্লোৰ ডিফেন্স দেখি টিভিৰ সন্মুখত ফুৰ্তিত জপিয়াই উঠিল ইটালীৰ বিশ বছৰীয়া আৰ্ণিকা৷ সৰুৰপৰাই দেউতাকৰ লগত খেল চাই চাই তাই খেলৰ পোক হৈ উঠিছে৷ আজি খেল মিছ কৰাৰ প্ৰশ্নই নুঠে৷ বাফন আৰু পিৰ্লো দুয়ো আছে৷ দেউতাকৰ লগত খেল চোৱাৰ মজাই বেলেগ৷ চেহ আজিহে দেউতাক বাহিৰলৈ যাবলৈ পাইনে৷
 এই মুহূৰ্তত আৰ্ণিকাৰ দেউতাক পেৰেটোৰ কপালত পিষ্টল টোৱাই ৰৈ আছে মাফিয়া ৰিটিনো কানোচি৷ বাৰে বাৰে কোৱাৰ পিছতো আৰ্ণিকাক তালৈ নিদিলে দেউতাকে৷ আজি প্ৰতিশোধৰ দিন৷
ধেই!! ছুৱাৰেজে ভৰাই দিলে এটা গ'ল ঠিক ৬৮ মিনিটত৷ খঙতে পিষ্টল দলিয়াই দিয়াৰ সুযোগতে কেতিয়া পেৰেটো পলাল কানোচিয়ে তৰ্কিবই নোৱাৰিলে৷
ঘৰৰ সকলো খেল চোৱাত ব্যস্ত৷ এই সুযোগতে বিহাৰৰ পৰা চোনিয়াই বাৰাম্বাৰ তাইৰ বয়ফ্ৰেইণ্ড ৰামবিলাসক ফোন কৰি আছে৷ সোতৰটা মিচড্ ক'ল৷ সি এবাৰো ফোন উঠোৱা নাই৷ তীব্ৰ অভিমান হ'ল তাইৰ৷ সি বাৰু তাইক জানিবুজি অৱহেলা কৰিছে নেকি? তেনেহ'লে তাইৰ স্কাইপৰ খোলামেলা চাটবোৰ এনেই গ'ল নেকি? মাইক্ৰমেক্সটো দলিয়াবলৈ লৈও কিবা মায়া ওপজিল তাইৰ৷
ৰামবিলাস বি এছ এফৰ জোৱান৷ কান্ধত বন্দুক লৈ অস্থিৰ হৈ ইফালে সিফালে ঘূৰিছে ৰামবিলাস৷ এইমাত্ৰ তাৰ লগৰ ইমতিয়াজে কাটাতাৰৰ বেৰ পাৰ হ'বলৈ চেষ্টা কৰা ছোৱালী এজনীক গুলিয়ালে৷ এতিয়া তাইৰ মৃতদেহ তাতে ওলমি আছে৷ গুলিয়াই উঠিহে মনত পৰিল, মোডীৰ নতুন সীমা মতে এয়া ভাৰতহে৷ কি হ'ব এতিয়া? ইমতিয়াজৰ লগতে তাৰো যদি জেইল হয়?
ইতিমধ্যে মৃতদেহৰ খবৰ জনজাত হৈ পৰিল৷ গাঁৱৰেই নিয়াজে গুৱাহাটীলৈ ফোন লগালে৷
মতিনে খপজপকৈ সাৰ পালে৷ মতিন যোৱাবাৰৰ নিৰ্বাচন হৰা নেতাৰ চেলা৷ এই ৰাতি ভতিজাকৰ ফোন? নিশ্চয় ঘটনা ডাঙৰেই৷
- নিয়াজ এই ৰাতি যে? কি হ'ল?
- মাড্ডাৰ চাচা৷ মাড্ডাৰ৷
- কি??
......
......
.....
- নিয়াজ ভালকৈ কছোন৷ একো শুনা নাই৷
ফোনত একো শুনা নাই মতিনে৷ বাহিৰলৈ ওলাই আহিল মতিন৷ হেল্ল, হেল্ল কৈ সন্মুখৰ বিল্ডিঙটোৰ ফালে আগুৱাই গ'ল মতিন৷
- এতিয়া শুনিছো৷ ভালকৈ কছোন কি কৈ আছিলি৷
কথাখিনি আধাশুনা হওঁতেই চকুৰে আন্ধাৰ দেখিলে মতিনে৷ ধাৰাম!!!
এক প্ৰচণ্ড শব্দ৷ অজ্ঞান হৈ পৰি ৰ'ল মতিন৷ লগত পৰি ৰ'ল তাৰ ভঙা মবাইলটো, ৰতনৰ দুটা ভঙা দাঁত আৰু বিপাশাৰ চেইনডাল....... 

No comments:

Post a Comment