Friday 17 July 2015

:: তোমালৈ এখন চিঠি ::


মৰমৰ.......
আশাকৰো ভালে আছা৷ নতুন সংসাৰ কেনে লাগিছে তোমাৰ? এক সম্পূৰ্ণ নতুন জীৱন নহয়নে? আজিকালি চাগে ঘৰত থাকিলে তোমাৰ মোৰ কথা মনতেই নপৰে৷ কামৰ ফাকে ফাকে কেতিয়াবা বাৰু অলপ সময়ৰ বাবেওঁ মোক মনত পেলোৱানে? মই জানো এতিয়া চাগে শাহু, শহুৰ, ননদ দেৱৰৰ সৈতে তুমি ভীষণ ব্যস্ত৷ হয়তো শহুৰ দেউতাৰ লগত কিবা বাতৰি আলোচনা কৰাত ব্যস্ত৷ নহলে ননদৰ সৈতে  শনিবাৰে বজাৰ যোৱাৰ প্লেন৷ মই কিন্তু তোমাক সদায় মিছ কৰো৷ অফিচৰ মোটা ফাইলবোৰ জমা হৈ ওখ হৈ গৈ আছে৷ কাম  কাজ কৰিবলৈ মন নোযোৱা হৈছে৷ অফিচত বহি লেপটপত তোমাৰ পুৰণি ফটোবোৰ বিয়াৰ আগৰ ফটোবোৰ চাওঁ৷ বিশেষকৈ সেই যে তোমালোকৰ হোষ্টেলৰ চাদৰ ওপৰত উঠা ফটোখন৷
আজি দুপৰীয়া দীঘলী পুখুৰীৰ পাৰলৈ গৈছিলো৷ বহু সময় বহিলো৷ সকলো একেই আছে৷ লগত কেৱল তুমি নাই৷ সেই যে আমি সদায় বহা বেঞ্চখন, সেইখন এতিয়াওঁ কৃষ্ণচুড়াবোৰে ৰঙা কৰি থয়৷ তোমালৈ বৰ মনত পৰিছিল৷ লগে লগে তোমালৈ ফোন কৰিছিলো, তুমি নধৰিলা৷ হয়তো বহুত ব্যস্ত তুমি৷ কি কৰি আছিলা বাৰু? ভাত ৰান্ধি আছিলা চাগে? নে শাহুৰ লগত ব্যস্ত??
তোমাৰ হাতত ধৰি আকৌ এবাৰ দীঘলীপুখুৰীৰ পাৰত বহিবলৈ বৰ ইচ্ছা হৈছে অ' মোৰ৷ জানো আজিৰ দিন আগৰ দিনবোৰৰ দৰে নহয়৷ আজি তুমি এগৰাকী সু গৃহিণী৷ ময়ো আগৰ সেই কলেজীয়া ল'ৰাটো হৈ থকা নাই৷ তথাপি আজি মোৰ বৰ মন গৈছে৷ আহিবা নেকি আজি গধুলিকৈ? সময় হ'বতো তোমাৰ? কিবাকৈ মিলাবানা প্লিজ৷ মই সেই আগতে যে ৰৈ থাকিছিলো পান দোকানখন, আজিওঁ তাৰ আগতেই ৰৈ থাকিম৷
নিৰাশ নকৰিবা৷ কথা দিছো আমাৰ বাহিৰে কোনেওঁ এই বিষয়ে কেতিয়াওঁ  গম নাপাব৷
মই আপেক্ষা কৰিম৷
ইতি
তোমাৰ প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ স্বামী৷

No comments:

Post a Comment