Friday 17 July 2015

::মৰমৰ দেউতা::


সৰুৰেপৰা দেউতাৰ লগত মোৰ সম্পৰ্ক বন্ধুৰ দৰে৷ মই সকলো কথা দেউতাৰ আগত নিসংকোচে কব পাৰো৷ দেউতাই কেতিয়াও মোৰ ওপৰত খং নকৰে, দুষ্টামি কৰিলেও নকৰে৷ 
- দেউতা, দেউতা আজি জানা এটা ডাঙৰ ঘটনা হ'ল৷ স্কুলৰ পৰা বাহিৰে বাহিৰে কেটেপা লৈ চৰাই মাৰিবলৈ গৈছিলো৷ এপাকত চৰাই মাৰিবলৈ লওঁতে বাটলুগুটি এটা গৈ আমাৰ ক্লাছৰ বাবলুৰ কপালত লাগিল নহয়৷ ভাগ্য ভাল সি নেদেখিলে মোক৷ ময়ো লগে লগে পলালো তাৰ পৰা৷
মই জানো দেউতাই মোক কেতিয়াও গালি নাপাৰে৷ আজিও ব্যতিক্ৰম নহ'ল৷ একোৱেই নক'লে মোক৷ দেখ নেদেখকৈ এটা মিচিকীয়া হাঁহি দেউতাৰ মুখত বিৰিঙি উঠিল৷
পিছে মোৰ ধাৰণাটো ভুল আছিল৷ বাবলুৱে মোক ঠিকেই দেখিছিল৷ হয়তো তাৰপৰা পলাওতে সি মোক দেখা পালে৷ গধুলি বাবলুৰ মাক আমাৰ তালৈ আহি যিখনহে কাণ্ড কৰিলে৷ সকলোকে গালি শপনি পাৰি হুলস্থুল কাৰবাৰ৷ খুড়ীয়ে মোক বাবলুৰ মাকৰ সন্মুখতেই খুবকৈ পিটিলে৷ পিছে দেউতাৰ তেতিয়াওঁ খং নুঠিল৷ ঈষৎ মিচিকিয়া হাঁহিটো দেউতাৰ মুখত যেন চিৰ বিৰাজমান৷ আজিকালি অৱশ্যে মাৰ খালেও বেছি গাত নালাগে, আছলতে অভ্যাস হৈ গৈছে৷ গৈ বিছনাখনত পৰিলো৷ বিছনাখনে যেন মোৰ মাৰ দৰে আকোঁৱালি ল'লে, কেতিয়া টোপনি আহিল ধৰিবই নোৱাৰিলো৷
আজি প্ৰায় তিনিবছৰ ধৰি আমি খুড়াৰ ঘৰত আছো৷ আমি মানে দেউতা আৰু মই৷ মা বিদেশত থাকে৷ দেউতাই কৈছে মায়ে বোলে মোক খুব মৰম কৰিছিল, মই সৰু থাকোতে মোক কতো অকলে নেৰিছিল৷ এতিয়া খুড়ীয়ে প্ৰায়ে মাৰ বিষয়ে বেয়া বেয়াকৈ কৈ থাকে, মা হেনো বেলেগ কোনোবাৰ লগত গুছি গৈছে, মাৰ বোলে চৰিত্ৰ বেয়া৷
পিছে মই এইবোৰ বিশ্বাস নকৰো৷ দেউতাই কৈছে মা ঘুৰি আহিব, মা বহুত ভাল৷ মায়ে মোক বহুত মৰম কৰে, গতিকে ময়ো মাক মৰম কৰো৷ কেতিয়াবা মাৰ বিষয়ে কথাবোৰ শুনি থাকিলে অকলে কৰবালৈ গৈ মনে মনে কান্দি আহো, পিছে দেউতাৰ হাঁহিমুখীয়া মুখখন দেখিলেই সকলো পাহৰি যাওঁ৷
দেউতা আচৰিত মানুহ৷ কতো ওলাই নাযায়, দিনটো কেৱল চকীখনত বহি থাকে৷ কি জানো ভাল পায় দিনটো বহি থাকিবলৈ৷ কিমান দিন ফুৰিবলৈ যাবলৈ লগ ধৰিলো, নাই নাযায়৷ এনেকৈ বহি থাকোতে কেতিয়াবা পেৰেলাইচিছ হৈ গলে ঠিক মজাটো পাব৷ কেতিয়াবা এইবোৰ কথাতেই দেউতাৰ ওপৰত অভিমান হয়৷ মই সৰু বাবে মোৰ কথা পাত্তাই নিদিয়ে৷ দেউতাৰ ওপৰত অভিমান কৰি প্ৰায়েই মই বাবলুৰ লগত গৈ বিলৰ পাৰত বহি থাকো৷ অ' কবলৈ পাহৰিছিলো, বাবলু আজিকালি মোৰ ভাল বন্ধু৷ সেইবাৰৰ ঘটনাটোৰ পিছত দুটা মধুৰিআম দি তাক ক্ষমা খোজাৰপৰা দুয়ো আজিকালি বন্ধু৷
দেউতাই কিতাপ পঢ়ি খুব ভাল পায়৷ এতিয়াও দেউতাৰ হাতত এখন কবিতাৰ কিতাপ৷ ময়ো কবিতা বৰ ভাল পাওঁ৷ যোৱাবাৰ 'নিচিনো তোমাক কত আছা প্ৰভূ' কবিতাটো  আবৃত্তি কৰি প্ৰথম পুৰষ্কাৰ পাইছিলো৷ মাজে মাজে দেউতাই গম নোপোৱাকৈ দেউতাৰ ট্ৰাংকটো খুলি দুখনমান কবিতাৰ কিতাপ পঢ়িবলৈ চেষ্টা কৰি চাইছিলো৷ বাপৰে কি টান!! মাথা মুণ্ড একোৱেই নুবুজিলো৷ মোৰ কাৰণে 'নিচিনো তোমাক কত আছা প্ৰভূ' টোৱেই ভাল৷ দেউতাৰ সমান ডাঙৰ হ'লে এইবোৰ পঢ়িম৷
আজি খুড়ীয়ে মোক খুব মাৰিছে৷ মাৰি মাৰি পিঠিত দাগ বহুৱাই দিছে৷ আগতেও মাৰে, প্ৰায়েই মাৰে৷ পিছে বাবলুহঁতৰ লগত খেলি সোনকালেই পাহৰি যাওঁ৷
আজি কিন্তু মই চকুপানী ৰখাব পৰা নাই৷ মই বাচন ধুই থাকোতে কাপ এটা ভাঙিলো, মই জানো মোৰ ভুল হৈছে৷ মোক যিমান ইচ্ছা মাৰক৷ মই অলপো বেয়া নাপাওঁ৷ খুড়ীয়ে মোৰ মাৰ কথা ইমান বেয়াকৈ কৈছে, তথাপি মই সহ্য কৰি লৈছো৷ কিন্তু তেওঁ তোমাক কিয় বেয়া ব্যৱহাৰ কৰিব? তোমাৰ গাত কিয় হাত উঠাব? তোমাৰ কাঁচখন কেনেকৈ ভাঙি গৈছে চোৱানা৷ এয়া মোৰ সহ্য নহয় দেউতা৷ তুমি এবাৰ মাত্ৰ চকীখনৰ পৰা উঠি আহা৷ আমি এই ঘৰ এৰি গুছি যাম দেউতা, চিৰদিনৰ বাবে৷
আজি হাজাৰ চেষ্টা কৰিও চকুপানী ৰখাব পৰা নাই৷ দেউতাক সাৱটি ধৰি কান্দি আছো৷ ভঙা কাঁচৰ ফ্ৰেমৰ মাজেৰে চকুপানী গৈ দেউতাক স্পৰ্শ কৰিছে৷
মোৰ চকুপানীয়ে দেউতাকো শান্তিত থাকিব দিয়া নাই৷ মোৰ চকুপানী বিয়পি গৈ দেউতাৰ চকুত আশ্ৰয় লৈছে৷ সদায় হাঁহি থকা দেউতাই আজি কান্দিছে, হেঁপাহ পলুৱাই কান্দিছে.....

No comments:

Post a Comment