Friday 24 July 2015

উমম ( পাৰ্ট- ২) ::


- বজাৰৰ বেশ্যাজনীওঁ তোতকৈ ভাল বুজিছ...
- ইমান জানা তুমি৷ তোমাৰ বহুত বেশ্যাৰ লগত চিনাকী আছে যেন পাইছো৷
- অই মুখেৰে বেয়া কথা নুলিয়াবি মোৰ, কথা বেয়া হৈ যাব৷
- বেয়া কথা ক'বলৈ এতিয়াওঁ বাকী বুলি ভাবিয়েই আছা যে!!
- চুপ, একদম চুপ৷
- চুপ হৈ আছো বাবেইতো আজিলৈ সংসাৰখন বাছি আছে৷

তাৰপিছত নীৰৱতা৷

*****

অতনুৱে আজিও বাসৱীৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহিল৷ বাসৱী তাৰ পত্নী৷ অতনু- বাসৱী সংসাৰখনৰ বয়স আঠ বছৰ৷ একমাত্ৰ সন্তান অঙ্গদৰ বয়স ছয়৷

অতনু বেংকৰ মেনেজাৰ৷ বাসৱী ডাক্টৰ৷ বিয়াৰ আগত দুয়োৰে তিনিমহীয়া প্ৰেমৰ সম্পৰ্ক এটা আছিল৷ দুয়োৰে ঘৰৰ মানুহে তিনিমহীয়া সম্পৰ্কটোক বেছিদিন টানিবলৈ নিদি চিৰস্থায়ী কৰি দিয়ে৷

পঢ়ুৱৈ সকলে ভবাৰ দৰে অতনু ইমানো বেয়া নহয়৷ বাসৱীও যে চাপ'ৰ্টিভ নহয়, তেনেকুৱা নহয়৷ তথাপিও ক'ৰবাত কিবা খেলিমেলি৷ জীৱনৰ সুৰ যেন ক'ৰবাত হেৰাই গৈছে৷ ফলত কাজিয়া হৈ পৰিছে দুয়োৰে নিত্যসঙ্গী৷

কাজিয়াৰ সূত্ৰপাত বাসৱীৰ চাকৰিটো লৈ৷

*****

বাসৱীৰ চাকৰিৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই৷ ফোন আহিলেই তাই দৌৰিব লাগে৷ দিনে, ৰাতি, শয়নে, সপোনে যিকোনো সময়ত বিনা নোটিচত তাইলৈ ফোন আহিব পাৰে৷ কাৰণ বিধাতাই প্ৰসৱ বেদনাৰ কোনো টাইম টেবল নিদিয়ে৷

অতনুৱে সকলো বুজে৷ সকলো জানে৷ তথাপিও তাৰ মনে নামানে৷ গভীৰ নিশা পত্নীৰ সৈতে মন আৰু শৰীৰৰ গভীৰ অনুভূতিবোৰ গভীৰৰ পৰা গভীৰতৰ বিনিময় হ'ব লগা ক্ষণবোৰত অতনুৱে বাট কৰে নিদ্ৰাবিহীন অকলশৰীয়া ৰাতি৷
কেতিয়াবা গভীৰ ৰাতি সাৰ পালে কাষত বাসৱীৰ অনুপস্থিতিয়ে তাৰ পুৰুষত্বত আঘাট হানি তাক যে থকা সৰকা কৰি দিয়ে সেয়া সি তাইক কেনেকৈ বুজাব৷
গতিকেই কাজিয়া.... সদায়৷ কাজিয়াখন সদায় অতনুৱেই আৰম্ভ কৰে৷ বাসৱীৰ অসহ্য লগা হৈছে আৰু৷ হয়তো অঙ্গদ নাথাকিলে কোনোবাদিনাই..........

*****

অতনুৰ গাড়ী চলিছে সোণাপুৰ অভিমূখে৷ আজিকালি প্ৰায়েই নিশা কাজিয়া লাগি এনেদৰে ৰাতি ওলাই আহে সি৷ সঙ্গী চিভাছ ৰিগেল আৰু জুবিনৰ গান.....

" মায়াবিনী ৰাতিৰ পোহৰ দেখা পালো তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত..."

চিগাৰেটৰ এক অসহ্য গোন্ধ...আৰু এটা ফিচ্‌ফিচিয়া মাত....

- কি হৈছে তোৰ???

ভীষণভাৱে চক্ খাই উঠিল অতনু৷ ষ্টিয়াৰিঙৰ নিয়ন্ত্ৰণ হেৰাই গ'ল৷ সন্মূখত এখন প্ৰকাণ্ড বাছ৷ কোনোমতে কন্ট্ৰ'ল হাতলৈ আনি এক নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিল অতনু৷

উফ্…!!! এক স্বস্তিৰ নিশ্বাস এৰিলে অতনুৱে৷ হঠাৎ কি মাত শুনিছিল জানো সি৷ কোনো নাই দেখোন গাড়ীত৷ লাহেকৈ গাড়ীখন দিচাং ধাবাৰ সন্মুখত ৰখাই পেগ এটা বনাবলৈ ল'লে৷

- ভাল বাছিলি দেই মৰাৰ পৰা!!!

এইবাৰ একে জাপে গাড়ীৰ দৰ্জা খুলি পলাল অতনু৷ কোন আছে গাড়ীৰ পিছৰ চিটত??
হাৰ্টবিট অলপ কমাৰ পিছত বাহিৰৰ পৰা পিছৰ চিটটো ভালকৈ লক্ষ্য কৰিলে অতনুৱে৷ এক ক'লা অবয়ৱ৷

সাহস কৰি আগুৱাই গ'ল অতনু৷
- অই কোন তই৷ মোৰ গাড়ীত কেনেকৈ উঠিলি?

আকৌ সেই ফিচ্‌ফিচিয়া হাঁহি!!

- মোৰ গাড়ীত কিয় উঠিছ৷ নাম এতিয়াই৷
- মোৰ নিজৰ গাড়ীত নুঠি আৰুনো কাৰ গাড়ীত উঠিম ঔ বোপাই৷
- মানে??
ইতিমধ্যে গাড়ীৰ ভিতৰত এটা পঁচা গোন্ধ তীব্ৰ হৈ পৰিছে৷
- আজিৰ পৰা তিনি বছৰ আগতে এইখন মোৰ আছিল৷ পিছে কিনাৰ দিনাই এক্সিডেন্ট হৈ......

এখন হিম শীতল হাতে অতনুক স্পৰ্শ কৰিলে৷ চিঞৰিবলৈ লৈও অতনুৰ মাত নোলাল৷ সেই ৰহস্যময় চৰিত্ৰৰ ৰক্তাক্ত মুখমণ্ডল দেখি অতনুৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ'ল৷

ভয়ত আধামৰা অতনুক সেই চৰিত্ৰটোৱে লাহেকৈ ক'লে,
- ভয় নকৰিবি বোপাই৷ তোক মই সহায় কৰিবলৈ হে আহিছো৷ কি দুখ হৈছে কচোন৷

কালি কিনা দামী পেন্টটো ইতিমধ্যে তিতি গৈছে৷  তথাপি কিবাকৈ অতনুৱে উচ্চাৰণ কৰিলে অতনুৱে,
- বাসৱী, বাসৱী৷ তাই মোক........

ৰহস্যময় কন্ঠই হাত ডাঙি তাক আধাতে ৰখাই দিলে৷ তাৰপিছত সেই ভয়াবহ মুখখন অতনুৰ নিচেই কাষলৈ আনি ফুচফুচাই ক'লে,

- মই সকলো কথা জানো৷ মোৰ কথা ভালকৈ শুন৷ যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয় তেন্তে তহঁতৰ জীৱন সদায় সুখৰ হ'ব৷ নহ'লে জানি ৰাখ তোৰ আৰু বেছি দিন আয়ুস নাই...... হেৰাই যাবি তই এই পৃথিৱীৰ পৰা৷

আকৌ সেই আলিফ লাইলাৰ জিনটোৰ দৰে হাঁহি....

অজ্ঞান হোৱাৰ আগমূহুৰ্তত অতনুৱে অনুভৱ কৰিলে এক মিঠা, ভাললগা গোন্ধ...
*****

টিং টং৷

দৰজা খোলাৰ শব্দ।

কন্দনমুৱা হৈ বাসৱী ওলাই আহিল৷

- ক'ত আছিলা গোটেই ৰাতি? ইমান ফোন কৰিছো, ইমান বিছাৰিছো৷ জানানে গোটেই ৰাতি কি কি চিন্তা মনলৈ আহি আছিল৷

- মই, মানে আচলতে মই.... চ'ৰি বাসৱী! আৰু এনেকুৱা নকৰো মই৷
- এটা কথা বুজি নাপাওঁ জানা৷ এই বিধাতাই ভালপোৱাৰ প্ৰতিদানত সদায় কষ্ট কিয় দিয়ে৷ কেতিয়াবাটো ভালপোৱাৰ প্ৰতিদানত অলপ হলেওঁ ভালপোৱা দিব পাৰে৷

অতনুৱে বাসৱীক আৰু একো ক'বলৈ সুযোগ নিদি সাজোৰে সাৱটি ধৰিলে৷ হুকহুকাই কান্দি কুচিমুচি বুকুৰ মাজলৈ সোমাই গ'ল বাসৱী৷ তাৰপিছত.......

*****

দুৱাৰ খোলাৰ শব্দত অতনু সচকিত হৈ উঠিল৷ বৰ্তমান সি ফ্লেটৰ দুৱাৰৰ সন্মুখত ৰৈ আছে৷
- কাক লাগে?

বাসৱীৰ প্ৰশ্নত থতমত খালে অতনুৱে৷ উফ্, কি অভিমান৷ আকৌ এবাৰ সাৱটি লৈ তাইক মৰম কৰাৰ তীব্ৰ ইচ্ছা এটাই তাক আমনি কৰিবলৈ ধৰিলে৷

অতনুৱে লাহে লাহে মূৰ তুলিলে৷ মুখত স্পষ্ট অপৰাধীৰ ভাৱ৷
- হেৰি কাক বিছাৰিছে নকয় কিয়? এনেকৈ মনে মনে থিয় হৈ আছে যে৷

কি ক'ব অতনুৱে ভাবি নাপালে৷ বাসৱী তাৰমানে বহুত চিৰিয়াচ৷ অৱশ্যে খং কৰাৰেই কথা৷ কালি খঙৰ ৰাগীত কি কি যে নক'লে সি তাইক৷

ভাবি থাকোতেই দুৱাৰখন সশব্দে বন্ধ কৰি দিলে বাসৱীয়ে৷

এইবাৰ অতনুৰ অলপ খং উঠিল৷ হেৰৌ অভিমান, খং- ৰাগ সকলো নিজৰ ঠাইত৷ কিন্তু দুৱাৰ কিয় বন্ধ কৰি দিব৷ ধেমালি পাইছে নেকি?

টিং টং৷
টিং টং৷
টিং টং৷

এইবাৰ অলপ জোৰে দুৱাৰখন খুলিল৷ বেছ খঙেৰেই বাসৱীয়ে ক'লে,
- হৈছে কি আপোনাৰ? বাৰেবাৰে বেল বজাই দিগদাৰ দি আছে যে?
- আই এম চৰি৷
- কি??
- আই এম চৰি৷
- চৰি? কিয়?
- বাসৱী প্লিজ৷ এনেকুৱাখন নকৰিবা৷ মানি লৈছো মোৰ ভুল হৈছে৷ আৰু নকৰো এনেকুৱা, প্ৰমিজ!

বাসৱীয়ে এইবাৰ অবাক হৈ অতনুলৈ চাই ক'লে,
- আপুনি কোন? মোৰ নাম কেনেকৈ জানিলে?
- মানে?
- সেই মানেটোৱেই জানিবলৈ বিছাৰিছো৷ আপুনি মোৰ নাম কেনেকৈ গম পালে৷
- উফ্, কি পাগলামী কৰি আছা? কৈছো নহয় ভুল হৈ গ'ল৷ গুচা এতিয়া, ভিতৰলৈ যাবলৈ দিয়া৷

ভিতৰৰ পৰা এক পুৰুষকন্ঠ ভাহি আহিল৷

- কোন আহিছে আইভী??

আইভী?? এই নামেৰে কেৱল অতনুৱে বাসৱীক মাতে৷ তাকো কিছুমান বিশেষ মুহূৰ্তত৷ কোন এই পুৰুষ?

ভিতৰৰ পৰা এজন পুৰুষ ওলাই আহিল৷ পিন্ধনত অতনুৰ পোচাক৷
- কি হ'ল আইভী?
- নাজানো অতনু৷ চোৱাছোন এই মানুহজনে মোক তেতিয়াৰ পৰা দিগদাৰ কৰি মাৰিছে৷ কৰ পৰা যে আহে নহয়৷

এইবাৰ পুৰুষজনে অতনুলৈ চাই প্ৰশ্ন কৰিলে,
- কি ভাই কি হৈছে? এনেকৈ বেলেগৰ ঘৰত আহি দিগদাৰ দিয়াৰ কি মানে আছে?

অতনু হঠাৎ উত্তেজিত হৈ পৰিল৷ বাসৱীৰ হাতখন থাপ মাৰি ধৰি ক'বলৈ ধৰিলে,
- এই, নাটক বহুত হ'ল৷ ইমানদেৰি বহুত সহ্য কৰিলো৷ চাওঁ ভিতৰলৈ যাব দিয়া৷ আৰু এই মলুৱাটো কোন?

একে টানে হাতখন এৰুৱাই আনিলে বাসৱীয়ে৷
- অই অসভ্য হাত এৰ বুলিছো৷
- চুপ! চুপ! বন্ধ কৰ তোৰ নাটক৷ বহুত বেছি হৈ গৈছে৷

ইতিমধ্যে দুয়োৰে মাজত আহি থিয় হৈছে সেই পুৰুষ৷ অতনুৰ কলাৰত হাত ৰাখি মাত দিলে,
- এই পুৱাই মাতলামি কৰিবলৈ আহিছ৷ চিনি পোৱা নাই মোক? তই যাবি নে গাৰ্ড মাতি চোঁচোৰাই বাহিৰত থৈ আহিম৷
- তই কোন? মোৰ ঘৰত তই কিয়? আৰু মোৰ পত্নীৰ লগত তই কি কৰি আছ?
- কি?? বাসৱী তোৰ পত্নী? থাপ্পৰ চিনি পাৱ? গোটেইকেইটা দাঁত সৰাম আজি তোৰ৷

এটা গোৰত অতনু চিটিকি পৰে৷ সজোৰে দুৱাৰখন বন্ধ হৈ পৰে৷

পাগলৰ দৰে অতনুৱে আকৌ দুৱাৰখন ঢকিয়াবলৈ লয়৷ ঠিক তেতিয়াই চিড়িৰে তললৈ নামি আহে ওপৰৰ মহলাত থকা নীহাৰ বৰুৱা৷ খুব ভাল মানুহ৷ অতনুৰ দবা খেলৰ সংগী৷ অতনুৰ অৱস্থা দেখি আগুৱাই গৈ সোধে,
- কি হৈছে আপোনাৰ? এনেকৈ আছে যে?
- আৰে নক'ব নীহাৰদা৷ আপোনাৰ পৰানো কি লুকুৱাম৷ কালি ৰাতি আকৌ অলপ কাজিয়া হ'ল৷ খঙতে ওলাই গৈ আজিহে আহিছো৷ তাতেই হুলস্থুল৷ মোক বোলে এতিয়া বাসৱীয়ে চিনিয়েই নাপায়৷ আৰু কোনোবা এটাক ৰুমত সোমোৱাই ৰাখিছে৷ সেয়া বোলে মই৷ কি পাগলামী কাৰবাৰ চাওঁকচোন৷

নীহাৰ বৰুৱা চিন্তাত পৰি গ'ল৷ অলপ সময় ভাবি লাহেকৈ অতনুক সুধিলে,
- পিছে আপুনি কোন হয়নো? ধৰিব পৰা নাই৷

*****

তলৰ ৰাজেনৰ দোকানত বহি চাহ খাই আছে অতনুৱে৷

কোনোৱে চিনি পোৱা নাই তাক৷ নীহাৰ বৰুৱা, চিকিউৰিটী গাৰ্ড, পাৰ্ট টাইম কাম কৰাজনী.... নাহ্ কোনেওঁ তাক চিনি পোৱা নাই৷

চাহকাপ কেনে যে বেয়া হৈছে খাবলৈ৷ অতনুৱে ৰাজেনক ডবিয়াই উঠিল,
- অই ৰাজেন কি বনাইছ আজি, চেনী ইমান কম দিছ৷
- দাদা, চেনী বেছি লাগিলে কৈ দিব৷ আজিকালি মানুহে চেনী কম খাই কাৰণে কম দিওঁ৷ এয়া লওঁক চেনী৷
- তোক আৰু কেইবাৰ ক'ব লাগিব ভাই যে মই বেছি চেনী খাওঁ৷
- মোক কেতিয়া ক'লে দাদা? আপোনাক আজিয়েই প্ৰথম দেখিছো৷
- ধুৰ #₹%&*

চুড়ান্ত হতাশ হৈ  খাই থকা গজাটো বাহিৰত শুই থকা কুকুৰটোৰ গাত দলি মাৰি দিলে অতনুৱে৷

*****

অতনুৱে কি কৰিব ভাবি পোৱা নাই৷ আজি এইফালো বেঙ্কো বন্ধ৷

বেঙ্ক!!

বেঙ্কৰ কোনোবাৰ ওচৰলৈ গলে নিশ্চয় চিনি পাব৷ আফটাৰ অল সি বেঙ্কৰ বছ৷ আৰু তাৰ ফটো আইদেনটিটী বেঙ্কত আৰামত পোৱা যাব৷

এইফালে পকেটত মোবাইলটো নাই৷ পিচিঅ' এটালৈ গৈ নম্বৰ টিপিলে৷

- বিজয়??
- অ' চাৰ কওঁক৷
- এটা ডাঙৰ সমস্যাত পৰিছো হে৷
- কি??

আছলতে কালি ৰাতি..........

সেইফালে বিজয়ে মন দি গোটেই কথাখিনি শুনি গ'ল৷ অতনুৱে কথাখিনি শেষ কৰাৰ পিছত লাহেকৈ সুধিলে,
- চাৰ এটা কথা সোধো বেয়া নাপায় যদি৷
- কোৱা কোৱা৷
- চাৰ আপুনি ৰাতিপুৱাই মাৰি দিলে নেকি? মোক আজি গধুলি চিভাছ ৰিগেলটো শেষ কৰিবলৈ মাতিছিলহে!!
- হোৱাট্ ?? কি যাতা বকি আছা? মই এই পুৱাই খাবলৈ মদাপী নেকি?
- নাই চাৰ, এনেই সুধিলো৷ ময়ো অলপ মদ খালে নিজকে মোডী বুলি ভাবো, বেছিকৈ পেটত গ'লে কেজৰিৱালৰ দৰে ফুটপাথত শুই থাকো৷ সেয়েহে বোলো আপুনিওঁ কিজানি.....
- মই কি?
- চাৰ আপুনি দেখোন বিয়া পতাই নাই!!

***

গধুলি পাঁচটা বাজিছে৷ সেই তিনিটা বজাৰ পৰা থানাত বহি আছে অতনু৷ বাসৱী আৰু সেই পুৰুষজনৰ বিৰুদ্ধে গোচৰ দিছে৷ বহুত জোৰ কৰাৰ পিছতহে কোনোমতে পুলিচে কেচটো লৈছে৷

- মিষ্টাৰ অতনু৷ আপোনাৰ শেহতীয়াকৈ কোনো মেন্টেল ব্ৰেকডাউন হৈছে যেন ভাব হৈছে মোৰ৷
- নাহ৷ হঠাৎ এই কথা ক'লে যে আপুনি?
- নাই মোৰ তেনেকুৱা ভাব হৈছে৷ হয়তো কিবা হেলুচিনেচন৷ হয়তো আপুনি এনেকুৱা এটা পৰিয়ালক নিজৰ বুলি ভাবিবলৈ লৈছে যাৰ লগত আপোনাৰ কোনো সম্পৰ্কই নাই৷
- কি?
- মই ইতিমধ্যে খবৰ ল'লো৷ আপুনি যাক নিজৰ স্ত্ৰী বুলি ভাবি লৈছে তেওঁৰ এখন সংসাৰ আছেই৷ ওচৰৰ সকলো মানুহে তেওঁলোকক ভালকৈ জানে৷ বিশেষকৈ আমি মনে মনে তোলা আপোনাৰ ফটো দুখন তেওঁলোকৰ সন্তান অঙ্গদক দেখুৱাইছিলো৷ সি আপোনাক চিনি নাপায়৷ ইমান সৰু ল'ৰাটোৱে মিছা নকয় নিশ্চয়৷
- অঙ্গদে মোক চিনি নাপায়? হ'বই নোৱাৰে৷ আপোনালোকে প্লিজ এবাৰ তাক ইয়ালৈ লৈ আহক৷ মই নিজেই তাৰ লগত কথা পাতিম৷
- চ'ৰি৷ আপুনি যাব পাৰে৷

*****

যোৱানিশাৰ ঘটনাবোৰ মন দি ভাবি আছে অতনুৱে৷
কাজিয়া, লং ড্ৰাইভ, সেই গোন্ধ, হিম শীতল হাত, সেই ভৌতিক কন্ঠ..…

"যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয় তেন্তে তহঁতৰ জীৱন সদায় সুখৰ হ'ব৷ নহ'লে জানি ৰাখ তোৰ আৰু বেছি দিন আয়ুস নাই...... হেৰাই যাবি তই এই পৃথিৱীৰ পৰা৷"

হেৰাই যাব?? এই পৃথিৱীৰ পৰা?? অতনু চমকি উঠে৷ হেৰাবলৈ বা বাকী আছেই কি? পত্নী, সন্তান, নিজ হাতে গঢ়া সংসাৰ সকলো হেৰাই গৈছে৷

অলৌকিক শক্তিত কাহানিওঁ বিশ্বাস নকৰে অতনুৱে৷ কিন্তু সি এয়া কেনেকৈ অস্বীকাৰ কৰে? এক অলৌকিক সত্বাৰ সৈতে তাৰ সেই কথোপকথন৷ সেয়াওঁ হেলুচিনেচন??

জাঁপ মাৰি উঠে অতনু৷ কি কৰিব লাগে সি গম পাই গৈছে৷

"যদি অহা ২৪ ঘন্টাৰ ভিতৰত তাই তোক নিজ মনেৰে আঁকোৱালি লয়......

অহা ২৪ ঘন্টাৰ ভিতৰত......

এতিয়া চাৰে পাঁচটা বাজিছে৷ হাতত মাত্ৰ চাৰে ছয় ঘন্টা৷

থানাৰ বাহিৰত ৰৈ আছে বিজয়৷
- চাৰ ব'লক মোৰ লগত৷
- ক'লৈ?
- মোৰ চিনাকী ডাক্টৰ এজনৰ ওচৰলৈ৷
- ডাক্টৰ? কাৰ কি হৈছে?
- অসুস্থ কোনো নহয়৷ কিন্তু তেওঁ হয়তো আপোনাৰ সমস্যাৰ সমাধান দিব পাৰিব৷ ৰোগী হিচাপে নহয়, বন্ধু হিচাপে ব'লক৷

***

- তাৰপিছত?
লিখা বন্ধ কৰিলে সুধিলে সমুদ্ৰই৷ অতি কম সময়তে চাইকিয়াট্ৰিস্ট হিচাপে যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে সমুদ্ৰ৷
- তাৰ পিছত আৰু কি হ'ব৷ কোনেওঁ মোক চিনি পোৱা নাই৷ বিজয়েওঁ কৈ আছে মোৰ বোলে বিয়া হোৱাই নাই৷ মই ধৰিবই পৰা নাই কি হৈছে৷
- ডিলিউচনৰ বিষয়ে আপুনি জানেনে বাৰু? ডিলিউচন হ'ল ভুল বিশ্বাস৷ চৰম পৰ্য্যায়ৰ ভুল বিশ্বাস৷ এনেকুৱা এক বিশ্বাস যাৰ কোনো ভিত্তি নাই৷ ধৰক আপুনি বিশ্বাস কৰিছে যে আপোনাৰ এখন সুখৰ সংসাৰ আছে৷ সুন্দৰী পত্নী আৰু এটা মৰমলগা ল'ৰা আছে৷ কথাবোৰ তেনেকুৱাই আৰু৷

- আপুনি তেন্তে ক'বলৈ বিছাৰিছে যে এই সকলো ডিলিউচন? আপুনি এটা কথা কওঁক, মই যে সেই ঘৰৰ প্ৰতিটো কোণৰ বিষয়ে সবিশেষ ক'ব পাৰো, বাসৱী, অঙ্গদৰ প্ৰতিটো কথাই শুদ্ধকৈ ক'ব পাৰো, সেয়াওঁ কি ডিলিউচন?
- শুদ্ধকৈ জানে বুলি আপুনি দাবী কৰিছে৷ কিন্তু আপুনি জনাখিনি সঁচাকৈয়ে শুদ্ধ জানো? আপুনি মোক অলপ আগতে কৈছিল যে বাসৱীৰ বাওঁ ভৰিত এটা সৰু কটা দাগ আছে৷ মোৰ প্ৰশ্ন হ'ল, সেয়া জানো সঁচাকৈয়ে আছে?

অতনুৰ চিঞৰি চিঞৰি কান্দিবলৈ মন যায়৷ তাৰ চকুৰ আগত স্পষ্টভাৱে ভাঁহি উঠিছে সেই কটা দাগ, যাৰ বিষয়ে হয়তো কোনেওঁ নাজানে৷ সেই বাসৱীয়ে আজি তাক চিনি নাপায়৷ তেতিয়া পুলিচ অফিচাৰে ক'লে ডিলিউচন৷ এতিয়া এই পাগলৰ ডাক্টৰৰো একেই কথা৷ সঁচাকৈ দাগটো আছিল জানো? নিজৰ ওপৰতে সন্দেহ ওপজে অতনুৰ৷

কিছুসময়ৰ পিছত সমুদ্ৰই আকৌ আৰম্ভ কৰিলে,
- আপোনাক কেইটামান চিটুৱেচন দিওঁ৷ যিটো পচন্দ হয় মোক ক'ব৷ দেখা যাওঁক তাৰ পিছে পিছে গৈ কিমানদুৰ পাওঁ৷
- ঠিক আছে৷
- প্ৰথমটো৷ বহুত আগৰে পৰা আপুনি সপোন দেখি আহিছে এখন সুখৰ সংসাৰৰ৷ পত্নী, সন্তানেৰে এক সুখৰ সংসাৰ৷
কিন্তু আপুনি ভবা মতে একো নহ'ল৷ হয়তো তাই বেলেগৰ লগত গুছি গ'ল আপোনাক প্ৰচণ্ড মানসিক আঘাট দি৷
লাহে লাহে আৰম্ভ হ'ল ডিলিউচন৷ আপোনাৰ অৱচেতন মনৰ খেলা৷ আপুনি বাসৱীৰ স্বামী, অঙ্গদৰ পিতৃ৷ আপুনি বাসৱীৰ দেহৰ প্ৰতিটো গোপন অঙ্গৰ ৰহস্য জানে৷ আৰু বহুত কিবাকিবি......
কালি অত্যাধিক মদ্যপানৰ ফলত আপোনাৰ সচেতন মনৰ নিয়ন্ত্ৰণ একেবাৰে নোহোৱা হৈ গ'ল৷ অৱচেতন মনে আগুৰি ধৰিলে আপনাক৷ যাৰ ফলত আপুনি ইয়াত৷ আপোনাক কোনেওঁ নিচিনে৷ অথচ আপুনি সকলোকে চিনে৷

চুপচাপ শুনি গৈছে অতনুৱে৷ লাহেকৈ সুধিলে,
- আৰু দ্বিতীয় বাখ্যা?
- আপুনি আলৌকিক শক্তি বিশ্বাস কৰে?
- নকৰো৷
- তেনেহ'লে এইটো পইন্ট লাহেকৈ বাদ দিওঁ৷ এইটো বাখ্যা মতে কালি আপোনাৰ গাত ভূতে লম্ভিছিল৷ এই সকলো ভূতৰ প্ৰভাৱ৷ বাসৱীয়ে আপোনাক নিজ মনে আকোৱালি ল'লেই খেলা খটম৷
- নেক্সট প্লিজ৷
- পিছৰ বাখ্যাটো মতে আপুনি এজন ফ্ৰড৷ বাসৱীৰ ৰূপত আপুনি মুগ্ধ৷ তেখেতৰ সুখৰ সংসাৰত জুই দি চলে বলে কৌশলে তেখেতক হাত কৰিব খুজিছে আপুনি৷ বা আপুনি এইবোৰ কৰি চৰ্চালৈ আহি বিখ্যাত হ'ব বিছাৰিছে৷
- ডাক্টৰ এটা কথা কম৷
- নিশ্চয়৷
- আপুনি ডাক্টৰী বাদ দি লিখা মেলা আৰম্ভ কৰক৷ ফিউচাৰ আছে আপোনাৰ৷ এই পাগলামীবোৰ শুনি থাকিবলৈ মোৰ সময় নাই৷ মই ঠিৰাং কৰিছো, মই অঙ্গদৰ ডি এন এ টেষ্ট কৰাম৷
- যদি ৰিপৰ্ট আপোনাৰ বিপক্ষে আহে?? সহ্য কৰিব পাৰিব এই সত্য?

- সেইবোৰ মই নাজানো৷ এই সচেতন, অৱচেতনে মোক আজি পাগল কৰি দিব৷ মই জানো সি মোৰ ল'ৰা৷ মই টেষ্ট কৰামেই৷
- নিশ্চয়৷ কিন্তু ইয়াত এটা সৰু সমস্যা আছে৷
- কি সমস্যা?
- এতিয়ালৈ তিনিটা দৃষ্টিকোণৰ পৰা চালো৷ চাইকিয়াট্ৰিক, আলৌকিক আৰু ফ্ৰড৷ আলৌকিকটো বাদ দিলো, বিজয়ৰ পৰা আপোনাৰ বিষয়ে যিখিনি জানিলো সেই হিচাপত আপুনি ফ্ৰডো নহয়৷
বাকী থাকল চাইকিয়াট্রিক ব্যাখ্যা। অথচ চাইক'লজিকেল ট্রমাৰ কোন স্মৃতি আপোনাৰ নাই।
- ডাক্টৰ মই সোনকালে যাব লাগে৷
- এক মিনিট৷ মোৰ লাষ্ট পইন্টটো শুনি যাওঁক৷
হয়তো আপুনি সঁচাকৈয়ে বাসৱীৰ হাজবেণ্ড, অঙ্গদৰ দেউতাক৷ সঁচাকৈয়ে আপুনি কাজিয়া কৰি ৰাতি ঘৰৰ পৰা ওলাই আহিছিল৷ কিন্তু ওলাই আহিলেই আপুনি মনে মনে নিজকে অপৰাধী অনুভৱ কৰি আছিল৷ প্ৰতিবাৰেই কাজিয়া হ'লে আপুনি নিজকে দোষী জ্ঞান কৰে৷
আপোনাৰ অৱচেতন মনে আপোনাৰ ওপৰত প্ৰতিশোধ ল'ব বিছাৰে৷ কালিৰ অতিৰিক্ত মদ্যপানে সেই সুযোগ আনে৷ আপোনাৰ নিয়ন্ত্ৰণ গুছি যায় অৱচেতনৰ ওচৰলৈ৷ আপোনাক অনুভৱ কৰাইছে যদি বাসৱী আপোনাৰ নহ'লহেতেন? যদি অঙ্গদে আপোনাক চিনি নাপায়? যি মৰমক আপুনি অৱজ্ঞা কৰিছে, যদি সেই মৰমে আপোনাক অৱজ্ঞা কৰা আৰম্ভ কৰে৷ তেতিয়া কেনে লাগিব?
নিজৰ ভুলৰ শাস্তি হিচাপে আপোনাৰ মনে আপোনাক ২৪ ঘন্টাৰ টাৰগেট বান্ধি দিছে৷ বাসৱীয়ে আপোনাক নিজ মনেৰে সাৱটি ধৰিব লাগিব৷ অথচ সেই বাসৱীয়ে আপোনাক চিনি নাপায়৷
অৰ্থাৎ আপোনাৰ মনে বিছাৰিছে যে আপুনি বাসৱীক ইমান মৰম কৰিব লাগিব যে তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হ'ব যে আপুনিয়েই তেওঁৰ স্বামী৷ কামটো মুঠেই সহজ নহয়৷ আৰু এয়াই হৈছে চেলেঞ্জ৷
ইতিমধ্যে সাতটা বাজিল৷ আৰু পাঁচঘন্টা বাকী৷ যাওঁক চেলেঞ্জ লৈ চাওঁক৷ হয়তো তেনেকৈয়ে আপুনি এই অৱচেতনৰ মায়াজালৰ পৰা মুক্তি পাব৷ বেলেগ নহলেওঁ শান্তি পাব যে অন্তত আপুনি চেষ্টা কৰিছিল৷ নোৱাৰিলে হয়তো আপোনাৰ অৱচেতন মনে আপোনাক চুড়ান্ত শাস্তি দিব৷হয়তো তেতিয়া আপুনি বাসৱীক পাহৰি যাব৷ অঙ্গদ আৰু অন্য দহটা ল'ৰাৰ মাজত একো পাৰ্থক্য নাথাকিব৷ কিন্তু সিহঁতে আপোনাক ঠিকেই চিনিব৷

" এক মিনিট, এক মিনিট৷" হঠাৎ চিঞৰি উঠিল অতনুৱে৷
- এই যে আপুনি ক'লে মোক কোনেওঁ চিনি পোৱা নাই, এয়া মোৰ অৱচেতন মনৰ মায়াজাল৷ তাৰ মানে এই পুৰা কাৰবাৰটোৱেই তেনেকুৱা?? তাৰমানে??
- তাৰমানে কি অতনু?
- তাৰমানে মই বাসৱীক লগেই পোৱা নাই৷ ঘৰ, পুলিচ ষ্টেচন ক'তো যোৱা নাই? এই অৱচেতনৰ পাল্লাত পৰি চেন্টি খাই দিনটো ঘূৰি ফুৰিছো৷ নে কি কয় ডাক্টৰ??
- মে বি, মে নট বি৷
- এই যে এতিয়া আপোনাৰ সৈতে কথা পাতিছো, এয়া কি? এয়া কিবা অৱচেতন মনৰ মায়াজাল নেকি আকৌ? বাপৰে মই পাগল হ'বলৈহে বাকী এতিয়া৷ আপুনি, বিজয় এইবোৰ বাস্তৱ চৰিত্ৰ নে এইবোৰো কিবা অৱচেতনৰ ফাণ্ডা৷

- মই জানো এবাৰলৈও আপোনাক কৈছো মই বা বিজয় বাস্তৱ চৰিত্ৰ৷

হঠাৎ দৌৰ মাৰি বিজয় বাহিৰলৈ ওলাই গ'ল৷ সমুদ্ৰই মিচিক মাচাককৈ হাঁহিবলৈ ধৰিলে৷
- কি হ'ল ডাক্টৰ?
অট্টহাস্য কৰি উঠিল সমুদ্ৰই৷ সমুদ্ৰৰ সেই হাঁহিত আকৌ যেন ভাহি আহিল কালিৰ সেই পঁচা পঁচা গোন্ধ৷

*****

সন্ধ্যা চাৰে সাতটা৷

অতনু এখন ফুলৰ দোকানৰ সন্মুখত৷ ৰঙা গোলাপ বাসৱীৰ প্ৰিয়৷ মুৰটো এতিয়াও ঘূৰাই আছে অতনুৰ৷ এই ফুল কিনাটো সঁচা নে অৱচেতন মনৰ কাম সি পাত্তাই পোৱা নাই৷ সি সঁচাকৈয়ে ফুল কিনি আছে নে গাড়ীত মাতাল হৈ শুই আছে ধৰিবই পৰা নাই৷

যি হয় হ'ব৷ কিন্তু সি কিবা এটা কৰিবই লাগিব৷ নহ'লে এই অৱস্থাৰ পৰা সি মুক্তি নাপায়৷

অতনুৱে বাসৱীৰ বাবে বহুত গোলাপ কিনিলে৷ বিছাৰি বিছাৰি সতেজ গোলাপ৷

***

এটা কেডবেৰীজ ফ্ৰুইট এণ্ড নাটচ্৷ বাসৱীক প্ৰথমবাৰ প্ৰেমৰ প্ৰস্তাৱ দিওঁতে সি এনেকুৱা দুটা লৈ গৈছিল সি৷

***

টাইটেনৰ শ্বো ৰুমৰ পৰা এটা ঘড়ী কিনিলে৷ ঘড়ীৰ প্ৰতি তাইৰ দুৰ্বলতা সি ভালকৈ জানে৷ অঙ্গদৰ বাবেও এটা সৰু, মৰমলগা ঘড়ী৷

***

চিকিউৰিটী গাৰ্ডক দুশ টকা দি মেনেজ কৰা হ'ল৷ ধৰা পৰিলে গাৰ্ডে অতনুক চিনি নাপায়৷ চুক্তিত মান্তি নহৈ উপায় নাছিল তাৰ৷
ৰাতি নটামানত হুলস্থুলৰ শব্দ ভাহি আহিল৷ ৰহস্যময় সেই পুৰুষ দপদপাই নামি আহিল৷

গাড়ীত উঠি তীব্ৰবেগে ওলাই গ'ল সেই পুৰুষ৷

চিৰি বগাই নিজৰ ফ্লেটৰ সন্মুখ পালেগৈ অতনু৷

কোন? দুৱাৰখন খুলি অঙ্গদে মাত দিলে৷

কোনোমতে নিজকে চম্ভালি উত্তৰ দিলে অতনুৱে,
- বাবা মই দেউতাৰ অফিচৰ বিজয় আঙ্কল৷ এবাৰ তোমাৰ মাক মাতি দিয়াছোন৷
- মা, কোনোবা আহিছে৷

বাসৱী ওলাই আহি অতনুক দেখি চিঞৰ এটা মাৰিবলৈ মুখ মেলিছিলেই৷ একে জাপে অতনুৱে তাইৰ মুখত সোপা দি ধৰিলে৷

বাসৱীয়ে চট্‌ফটাবলৈ ধৰিলে৷
- বাসৱী প্লিজ৷ এবাৰ মোৰ কথাখিনি শুনি লোৱা৷ প্লিজ৷ তাৰপিছত যি কৰা তোমাৰ ইচ্ছা৷ এবাৰ মোৰ কথাখিনি শুনা৷

কিছু সময়ৰ টনা আজোৰা, অতনুৰ বুজনিত তাই ইংগিতেৰে সন্মতি জনালে৷ অতনুৱে এইবাৰ তাইক এৰি দিলে৷
- সোনকালে কওঁক৷ অতনু ঘুৰি আহিবই এতিয়া৷
- মোক ইমান সময় নালাগে৷ এবাৰ কেৱল কথাখিনি ক'বলৈ দিয়া৷

এফালৰপৰা অতনুৱে সকলো কৈ গ'ল৷ প্ৰেম, বিয়া, অঙ্গদ, কাজিয়াবোৰ, দুয়োৰে যুগ্ম জীৱনৰ সৰু সৰু মুহুৰ্তবোৰ, কালি ৰাতিৰ ঘটনা৷ কেৱল তাক সেই ৰহস্যময় মানৱে কোৱা কথাষাৰ সি ইচ্ছা কৰিয়েই নক'লে৷

- অসম্ভৱ৷ আপোনাৰ এই পাগলামীবোৰ শুনিবলৈ ভালেই হৈছে৷ কিবা উপন্যাসৰ দৰে৷ পিছে এতিয়া মোৰ বহুত কাম আছে আপুনি এতিয়া যাব পাৰে৷ আৰু এই উপহাৰবোৰ লৈ যাওঁক৷ গেট আউট৷

অতনুৱে বিভিন্ন ধৰনে বুজালে বাসৱীক৷ সৰু সৰু ঘটনাবোৰ মনত পেলাই দিলে৷ কিন্তু বাসৱী মানিবলৈ কোনোমতেই সাজু নহয়৷

- প্লিজ বাসৱী৷ তোমাৰ কিবা এটা হৈছে৷ এবাৰ ঠাণ্ডা মুৰেৰে কথাবোৰ ভাবা৷
- ভাবিবলৈ একো নাই৷ আপুনি মোৰ বিষয়ে ভালদৰে খবৰ সংগ্ৰহ কৰিছে৷ পিছে আপোনাৰ চলাহী কথাই মোক ভোল নিয়াব নোৱাৰে৷
আৰু এটা কথা, আৰু সঁচাকৈ অতনু হলেওঁ মই আপোনাক আদৰি নলওঁ৷ আপুনি নিজেই কোৱাৰ দৰে ইমান কাজিয়াখোৰ স্বামী মোক নালাগে৷
- আৰু এনেকুৱা ভুল নহয় বাসৱী৷ তুমিটো জানা মই তুমি এনেকৈ ৰাতি ডিউটীত যোৱাটো সহ্য নহৈছিল৷ লাহে লাহে মদৰ নিচা লাগিল মোৰ৷ কিন্তু এতিয়া মই এই সকলো এৰি দিম বাসৱী৷ মই আজি অনুভৱ কৰিছো তোমাৰ অবিহনে মই এক মূহুৰ্তও জীয়াই থাকিব নোৱাৰো৷ তোমাক কষ্ট দিয়াটো মোৰ জীৱনৰ এক ডাঙৰ ভুল হৈছিল৷

ভাবুক হৈ পৰিল বাসৱী৷ থোকাথুকি মাতেৰে তাই ক'বলৈ ধৰিলে,
- আপুনি কোন মই নাজানো৷ কিন্তু আপুনি যিয়েই নহওঁক মোৰ ইৰ্ষা হৈছে সেইজনী ছোৱালীলৈ যি আপোনাৰ হ'ব৷ মোৰ অতনুৱে যদি কেতিয়াবা এনেদৰে নিজৰ ভুল বুজিলেহেতেন৷ যদি অনুভৱ কৰিলেহেতেন মই তাক কিমান ভাল পাওঁ৷

আবেগিক হৈ পৰিল অতনু৷ বাসৱীৰ একেবাৰে ওচৰলৈ গৈ লাহেকৈ ক'লে,
- ফৰগিভ মি প্লিজ৷ আই লাভ ইউ!!!

সকলো পাহৰি বাসৱীয়ে তাক সজোৰে আঁকোৱালি ল'লে৷ আস্ !!! এই আলিঙ্গনৰ বাবে যেন যুগ যুগ আপেক্ষা কৰিছে সি৷

এক মিঠা, সন্মোহিনী গোন্ধই আৱৰি ধৰিলে তাক৷

অন্ধকাৰ!!!

*****

ৰাতিপুৱা ছটা বাজিছে৷

টোপনিৰ পৰা সাৰ পালে অতনুৱে৷ গাড়ীৰ ড্ৰাইভিং চিটটো বেকা কৰি শুই আছিল সি৷ বাহিৰত ঈষৎ ৰ'দ৷

এগালমান বিক্ষিপ্ত চিন্তা মুৰত লৈ ঘৰলৈ উভটিল অতনু৷ গেইট খুলিয়েই চিকিউৰিটীয়ে চালাম এটা দিলে৷

নিজৰ মূৰত নিজেই কোব এটা মাৰে অতনুৱে৷ ইয়াতেই কৰবাত বহি আছে তাৰ সেই অৱচেতন মন৷

***

টিং টং৷

দৰ্জা খোলাৰ শব্দ।

কন্দনমুৱা হৈ বাসৱী ওলাই আহিল৷

- ক'ত আছিলা গোটেই ৰাতি? ইমান ফোন কৰিছো, ইমান বিছাৰিছো৷ জানানে গোটেই ৰাতি কি কি চিন্তা মনলৈ আহি আছিল৷

- মই, মানে আচলতে মই.... চৰি বাসৱী! আৰু এনেকুৱা নকৰো মই৷
- এটা কথা বুজি নাপাওঁ জানা৷ এই বিধাতাই ভালপোৱাৰ প্ৰতিদানত সদায় কষ্ট কিয় দিয়ে৷ কেতিয়াবাটো ভালপোৱাৰ প্ৰতিদানত অলপ হলেওঁ ভালপোৱা দিব পাৰে৷

অতনুৱে বাসৱীক আৰু একো ক'বলৈ সুযোগ নিদি সাজোৰে সাৱটি ধৰিলে৷ হুকহুকাই কান্দি কুচিমুচি বুকুৰ মাজলৈ সোমাই গ'ল বাসৱী৷
- ৰাতি ক'ত গৈছিলা দেউতা??

একো উত্তৰ নিদি দুয়োকে সজোৰে সাৱটি ধৰিলে অতনুৱে৷

***

অতনুৰ কেবিনত৷

- চাৰ কালি কলৈ গৈছিল? বৌৱে মোক ফোন কৰি কান্দি কাটি হাহাকাৰ৷ গোটেই ৰাতি বিছাৰিছো আপোনাক৷
- একো নাই৷ এনেয়ে অলপ৷
- কৰবাত ঘাটি পালে যেন পাইছো কালি৷ পিছে মোৰ ভাগৰ মালখিনি শেষ নকৰিব আকৌ৷ চিভাছ ৰিগেল খাম বুলি মনত পৰিলেই জিভাৰ পানী পৰে৷
- গোটেই বটলটোৱেই লৈ ল'বা৷ মই মাল খোৱা বাদ দিলো৷
- আপুনি?? হেই বিশ্বাস নকৰো হে...!

***

ইয়াৰ পিছত অতনু আৰু বাসৱীৰ দাম্পত্য জীৱন খুব সুখেৰে অতিবাহিত হয়৷ বাসৱী অবিহনে যে অতনু অসম্পূৰ্ণ সেয়া সি বাৰুকৈয়ে বুজি উঠে৷ বাসৱীয়েও তাইৰ মৰমৰ দোলেৰে অতনুৰ চিৰদিনৰ বাবে বান্ধি ৰাখে৷

And thus, they lived happily ever after.

(সমাপ্ত)

*************
সময়ৰ অভাৱ নহ'লে এইখিনিও পঢ়ি চাব পাৰে -

*****
- বিজয় তোমাৰ এই উপকাৰ জীৱনলৈ নাপাহৰো৷ বহুত বহুত ধন্যবাদ৷
- কি যে কয় নহয়৷ এইখিনি কৰিব নোৱাৰিলে কিহৰ মানুহ হ'লো মই৷
- এই ডাক্টৰটো কোন আছিল? বাপৰে ইমান অভাৰ একটিং তাৰ৷
- এ নক'ব আৰু বৌ৷ সি ডুবাইছিলেই, কি ফান্দা তাৰ৷ তাতে আকৌ আমাৰ গজেন বুঢ়াই মই দিয়া টকা পায় দিনটো মদ পানী খাই আকৌ টকা বিছাৰি ডাক্টৰৰ চেম্বাৰ পাইছিল নহয়৷ গা পা একো ধোৱা নাই৷ সেই পঁচা চালানী মাছৰ ভেকেটা ভেকেট গোন্ধ গাৰপৰা যোৱাই নাই৷
- ইছ ৰাম৷ অতনুৱে একো গম নাপালেতো?
- গোন্ধ পায় ইফালে সিফালে চোৱা আৰম্ভ কৰিছিল৷ মই দৌৰ মাৰি গৈ গজেন বুঢ়াক বাহিৰলৈ খেদি দিয়াতহে ৰক্ষা৷
- বাকী চিকিউৰিটী, চাহ দোকানী সকলোকে টকা দিয়া হৈ গ'ল?
- একদম বৌ৷ খুচ কৰি দিছো গোটেইকেইটাক৷ পিছে এক্টিঙত ফালি দিছে আমাৰ অঙ্গদে৷ এইটো তাৰ কাৰণে স্পেচিয়েলী ডেইৰী মিল্ক আনিছো দেই৷

*****

উপসংহাৰ:-

লেপটপৰ স্ক্ৰীণৰ পৰা চকু আঁতৰাই বাসৱীয়ে প্ৰশ্ন কৰে,
- কি এইবোৰ?
- কিয় ভাল হোৱা নাই?
- তোৰ দ্বাৰা নহ'ব অমিতাভ৷ তোক অতনু আৰু মোক লৈ এটা ভাল ৰোমান্টিক গল্প লিখিব দিলো৷ তই আকৌ তোৰ সেই পাগলামীবোৰ আৰম্ভ কৰি দিলি৷ মোৰ ইমান শান্ত মানুহটোক তই কি যে নাগুৰ নাকটিখন কৰালি অই৷
- বাসৱীবা,এনেই আৰু অলপ৷ হি: হি: হি:৷
- মোৰ পিছে ভাবিয়েই হাঁহি উঠিছে বুজিছ৷ ক'ত তোৰ গল্পৰ বাজীগৰৰ শ্বাহৰুখ খান টাইপ হিৰ', আৰু ক'ত সৌ পাকঘৰত সোমাই পটল ভাজি থকা মোৰ পেটলু পটলটো৷

হেতাখন হাতত লৈ প্ৰৱেশ ঘটিল অতনু ভিনদেউৰ৷
- হেৰা গোটেই কাপোৰত হালধি পৰিলহে৷ কাম কৰাজনী আহিলে ধুব দিম৷ যাবলৈ নিদিবা৷
- হ'ব দিয়া ময়েই ধুই দিম৷
- ৱাহ্৷ কি শুনিলোহে আজি! তুমি কাপোৰ ধুবা৷ ভাল, ভাল, চৰ্বি কমিব অলপ৷ অমিতাভে লিখা লাভ ষ্টোৰী পঢ়ি মোৰ প্ৰতি প্ৰেম একেবাৰে উথলি পৰিছে যেন পাইছো৷
- উমমমমম.....

( বন্ধু চালেহ মহম্মদৰ বেবেৰিবাং চিন্তা)

2 comments:

  1. মোৰ ভাল লগা গল্পৰ ভিতৰত এটা

    ReplyDelete
  2. সচাকৈ বহুত ভাল লাগিল !!!! লিখকলৈ ধন্যবাদ থাকিল।

    ReplyDelete