Friday 17 July 2015

:: সম্পৰ্ক ::


- হেল্ল', ক'ত তুমি?
- এইয়া পালোহিয়েই আৰু৷
- মই এঘন্টা ধৰি তোমালৈ ৰৈ আছো৷ তোমাৰ খবৰেই নাই৷ মই যাওঁ ৰুমলৈ৷
- আৰে তেনেকুৱা নকৰিবা না৷ পালোৱেই আৰু৷
দৌৰাদৌৰিকৈ হোষ্টেলৰ ৰুমৰ তলাটো মাৰি চানমাৰী গ্ৰন্থমেলালৈ বাট পোনালে কুলদীপে৷ সাধাৰণতে এনেকুৱা মৰ ঠাণ্ডাত কুলদীপে লেপৰ তলৰ পৰা মৰিলেওঁ নোলাই৷ তাতে আজি ৰবিবাৰ, অলপ কিনকিনীয়া বৰষুণো দি আছে৷ পিছে আজিৰ কথা বেলেগ৷ মৃণালিনীয়ে মাতিছে৷ আকৌ এবাৰ মৃণালিনীৰ কথা ভাবিয়েই ভাল লাগি গ'ল৷
ৰাতিপুৱাৰ সময়, গ্ৰন্থমেলাত মানুহ প্ৰায় নায়েই৷ গ্ৰন্থমেলা পায়েই কুলদীপে মৃণালিনীক ফোন লগালে,
- কোনখিনিত আছা?
- তুমি খোৱাৰ ষ্টলকেইখনৰ ওচৰত ৰৈ থাকা৷ মই গৈ আছো৷
- ঠিক আছে৷
ৰৈ ৰৈ আমনি লাগিল কুলদীপৰ৷ এইজনীৰ দেখোন দেখাদেখিয়েই নাই৷ আকৌ ফোন লগালে কুলদীপে,
- ক'ত অ' তুমি৷ ৰৈ আছো তেতিয়াৰ পৰা৷
- অ' ৰৈ থাকা৷ মোৰ আৰু আধাঘণ্টা লাগিব৷
-আৰে, এইবোৰ কি কথা? তুমি বোলে আকৌ মোৰ বাবে ৰৈ আছা?
- এনেয়ে কৈছো৷ পৰহি দীঘলী পুখুৰীত মোক কমখন ৰখালানে তুমি৷ আজি বদলা লৈছো৷
ধেইৎ কি যে হ'ব৷ দৌৰাদৌৰিত এটা পাতল চুৱেটাৰ পিন্ধিয়েই ওলাই আহিল৷ এতিয়াহে  ঠাণ্ডা লাগিব ধৰিছে৷ এই মৃণালিনীজনীক খং কৰিম বুলি ভাবিলেও কৰিব নোৱাৰি৷ কিবা এটা যেন স্পেচিয়েল আছে তাইৰ মাজত৷
কুলদীপে ইফালে সিফালে চালে৷ বোম্বে চাট হাউচৰ ওচৰত দুজনমানে জুই পুৱাইছে৷ কুলদীপ মন্ত্ৰমুগ্ধৰ দৰে তালৈ আগবাঢ়িল৷ জুই পুৱাই থকা কেইজনৰ মাজত ভাল আড্ডা জমি উঠিছিল৷ বিষয়, কোনোবা প্ৰকাশনৰ ষ্টলৰ ছোৱালী এজনী৷ হঠাৎ কুলদীপৰ উপস্থিতিত আড্ডাত ডিস্ক ব্ৰেক লাগি গ'ল৷ কুলদীপে পাত্তা নিদি জুইৰ আমেজ লোৱাত লাগিল৷
যোৱাবছৰৰ গ্ৰন্থমেলাতেই কুলদীপ আৰু মৃণালিনীৰ প্ৰথম চিনাকী৷ তাই এটা অনুষ্ঠানত কবিতা আবৃত্তি কৰিছিল৷ কবিতা আদিৰ পৰা দুৰত থকা কুলদীপ সেইদিনা মন্ত্ৰমুগ্ধ হৈ ৰৈ গৈছিল মৃণালিনীৰ কবিতা শুনিবলৈ৷ কিবা এক অনামী আকৰ্ষণ অনুভৱ কৰিছিল৷ হয়তো কবিতাৰ প্ৰতি, বা হয়তো মৃণালিনীৰ প্ৰতি৷
মঞ্চৰ পৰা নামি অহা মৃণালিনীৰ সৈতে উপযাচি চিনাকী হ'বলৈ আগবাঢ়ি গৈছিল কুলদীপ৷
- হাই৷ আপোনাৰ কবিতা আবৃত্তি শুনি চিনাকী নোহোৱাকৈ গ'লে আফচোছ থাকি যাব যেন লাগিল৷ গতিকে নিজেই আহি গলো৷ মোৰ নাম কুলদীপ, কুলদীপ পাটোৱাৰী৷
- বৰ ভাল পালো আপুনি কবিতা শুনি ভাল পোৱা বুলি৷ মোৰ নাম মৃণালিনী গোস্বামী৷
- আপুনি কিন্তু অসম্ভৱ সুন্দৰ আবৃত্তি কৰে দেই৷
মন কৰিছিলো তাইৰ মুখখন ইষৎ ৰঙচুৱা হৈ পৰিছিল৷ হয়তো অচিনাকীজনৰ মুখত ইমান প্ৰশংসা শুনি৷
- ধন্যবাদ৷
- আপুনি গুৱাহাটী কমাৰ্চৰ নহয় জানো? আপোনাৰ ইউনিফৰ্ম দেখি গম পাই গৈছো৷ ময়ো কমাৰ্চৰেই আছিলো৷ আপুনি কোন ইয়েৰ?
- মই ডিগ্ৰী ফাইনেল ইয়েৰ দিম এইবাৰ৷
তাৰপিছত দুয়োৰে যেন কথা শেষ নহবই৷ কলেজৰ পৰা আৰম্ভ কৰি, গল্প, কবিতা,ফেচবুক, ৰাজনীতি একোৱেই যেন বাদ নপৰিব সেইদিনা৷
সেইদিনা দুুয়ো এৰাএৰি হলেওঁ দুয়োৰে যোগাযোগ চলি থাকিল৷ অফিচৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই কুলদীপে সদায়েই তাইৰ লগত ফোনত কথা পাতে৷ ৰবিবাৰে প্ৰায়েই কুলদীপৰ দুচকীয়াখনত উঠি দুয়ো গুৱাহাটীৰ ক'ত ক'ত যে ঘূৰি ফুৰা নাই৷ বন্ধুতকৈ যেন বেছি কিবা হৈ পৰিছিল দুয়ো৷
কথাই কথাই এদিন বিয়াৰ প্ৰসঙ্গ ওলাল৷ তায়েই সুধিলে,
- কুলদীপ বিয়াৰ ক্ষেত্ৰত তোমাৰ পচন্দ কি?
অলপো নোৰোৱাকৈ কুলদীপে উত্তৰ দিলে,
- তোমাৰ দৰে কোনোবা৷
- কি? কি কোৱা?
থতমত খালে মৃণালিনীয়ে৷ পৰিবেশটো সহজ কৰিবলৈ কুলদীপে ক'লে,
- তোমাৰ দৰে মানে তোমাৰ দৰে মনৰ, যি মোক তুমি বুজাৰ দৰে বুজে৷
- অহ, মই আকৌ ভয়েই খাই গলো৷
- কি ভয় খালা?
- নাই মই ভাবিলো বোলে.......  যাহ বাদ দিয়া এইবোৰ৷
কুলদীপে জানিছিল তাই কি ভাবিছে৷ কিন্তু সেই বিষয়ে সেইদিনা আৰু কথা আগবঢ়োৱাটো সমীচিন বুলি নাভাবিলে কুলদীপে৷
তাইক এৰি কুলদীপে লাহে লাহে একো ভাবিব নোৱাৰা হ'ল৷ বন্ধু বুলিবলৈ যেন কেৱল মৃণালিনীয়েই সকলো৷
মৃণালিনীৰ বহুতো চিক্ৰেট কুলদীপে এতিয়া জানে৷ তায়ো কুলদীপৰ বিষয়ে বহুত জানে৷ যিদৰে......... সেইবোৰ থাকক বাৰু, ৰাজহুৱাকৈ কোৱা কথা নহয় সেইবোৰ৷
মৃণালিনীজনী এতিয়ালৈ আহি নাপালে৷ ফোনটোও লগা নাই৷ বতৰটো দেখি চিগাৰেট এটা খাবলৈ মন গ'ল কুলদীপৰ৷ চাকৰি কৰাৰ পিছৰ পৰা কেতিয়াবা মাজে মাজে চিগাৰেট খোৱাৰ বৰ বেয়া অভ্যাস এটা হৈছে কুলদীপৰ৷ ৰাজহুৱা স্থানত খাব ভালো নালাগে৷ তথাপি গ্ৰন্থমেলা প্ৰাঙ্গন খালী দেখি লাহেকৈ বেগটো খুচৰি খুচৰি এটা চিগাৰেট উলিয়ালে৷ কাষৰ কেইজনে চোৱাচুই কৰিলে যদিওঁ বিশেষ পাত্তা নিদি কুলদীপে চিগাৰেটডাল জ্বলাই ল'লে৷
দুৰৰ পৰাই দৌৰাদৌৰিকৈ মৃণালিনীক আগুৱাই অহা দেখি কুলদীপে চিগাৰেটডাল দলিয়াই পেলালে৷ এইজনীয়ে দেখা পালে এমাহমান বকিব৷
- বলা কিবা এটা খাই লওঁ৷ বৰ ভোক লাগিছে৷
তাইক লৈ বোম্বে চাট হাউচলৈ আহিল কুলদীপ৷ দুই প্লেট চিকেন চাউমিন অৰ্ডাৰ দিলে৷
- তোমাৰ কাৰণে এটা গিফ্ট আছে কুলদীপ৷
এইবুলি কৈয়েই এটা পেকেট কুলদীপলৈ আগুৱাই দিলে তাই৷ লগে লগে খুলি চালে কুলদীপে৷ কালি ৰাতি ফোন কৰোতে কুলদীপে আজি জটাধাৰীখন কিনাৰ কথা কৈছিল৷ মৃণালিনীয়ে আজি গিফ্টেই লৈ আহিল৷ উচ্ছাসিত হৈ পৰিল কুলদীপ৷
কুলদীপৰ উচ্ছাস মন কৰিলে মৃণালিনীয়ে৷ তাৰ পিছত লাহেকৈ ক'লে,
- ঘৰৰ পৰা মোৰ বিয়া ঠিক কৰিছে কুলদীপ৷

কুলদীপৰ যেন ভাষা হেৰাই গ'ল৷ কি কয় মৃণালিনীয়ে৷ কিন্তু মূহুৰ্ততে নিজকে চম্ভালি ল'লে৷ তাইক জানিবলৈ দিয়া উচিত নহ'ব৷
- ৱাহ বঢ়িয়া খবৰ দেখোন৷ পাৰ্টী দিব লাগিব দেই৷
- এই চাউমিনৰ পাৰ্টী চলিয়েই আছে দেখোন৷ ল'ৰা দিল্লীত চাকৰি কৰে৷ দিল্লীলৈ গুছি গ'লে তোমাক লগেই নাপাম অ' কুলদীপ৷ বিৰাট মিছ কৰিম তোমাক৷
কোনোবা নেদেখা, নুশুনা এজনে মৃণালিনীক দুৰলৈ লৈ যাব৷ ভাবিয়েই অসহ্য লাগিল৷ আহত কন্ঠৰে ক'লে,
- মই যাম মাজে মাজে তোমাক চাবলৈ৷ তোমাৰ কেচুৱাটোৰ লগত খেলিবলৈ৷ তুমি মোক পাহৰি নোযোৱাটো মৃণালিনী?
মৃণালিনীও যেন দুৰ্বল হৈ পৰিল৷ সকলোৰে সন্মুখতে তাই কুলদীপক সজোৰে সাৱটি ধৰিলে৷ তাইৰ উষ্ণ অশ্ৰুকণা কুলদীপে বাৰুকৈয়ে অনুভৱ কৰিলে৷
- মই তোমাক বহুত মিছ কৰিম কুলদীপ৷ তোমাক এৰি যাবলৈ মোৰ যে একেবাৰে মন নাই৷
- কোনোবা নিৰ্জন দ্বীপলৈ পলাই যাওঁ বলা মৃণালিনী৷
মৃণালিনীয়ে একেথৰে কুলদীপলৈ চাই থাকিল৷
- চোৱা কুলদীপ, মই মানো আমি বন্ধুতকৈ অলপ বেলেগ৷ কিন্তু এই সম্পৰ্কৰ কি নাম আমি নিজেওঁ নাজানো৷ মই ভাবো আমি বন্ধু হৈ থকাই ভাল৷ মই মোৰ জীৱনসঙ্গী পালো, তুমিওঁ সোনকালে বিচাৰি লোৱা৷ তুমি মোৰ ঘৰৰ মানুহক জানাই৷ তেওঁলোকে কেতিয়াওঁ আমাৰ সম্পৰ্ক মানি নলয়৷ বি প্ৰেক্টিকেল কুলদীপ৷
কৈয়েই তাই নৰ'ল৷ এজাক বৰষুণত তিতি কুলদীপ ৰৈ গ'ল গ্ৰন্থমেলা বাকৰিত৷
লাহে লাহে কুলদীপে হোষ্টেললৈ বাট ল'লে৷ ভাগৰে যেন হেঁচা মাৰি ধৰিছে কুলদীপক৷ খোজ কাঢ়িবলৈ মন নগ'ল৷ চিনাকী ৰিক্সাৱালাজনক দেখি ৰিক্সাত উঠি দেহাটো পেলাই দিলে৷
গোটেই ৰাস্তা মৃণালিনীৰ স্মৃতিয়ে আমনি কৰিলে কুলদীপক৷ এটা এটাকৈ সকলো কথা মনলৈ আহিল৷ কোনোবা এখন বেলেগ পৃথিৱীলৈ যেন গুছি গ'ল কুলদীপ৷
স্থান, কালৰ হিচাপেই নাছিল কুলদীপৰ৷ ৰিক্সাৱালাৰ মাততহে সম্বিত ঘূৰি আহিল কুলদীপৰ৷
- আপোনাৰ হোষ্টেল পালো বাইদেউ...... নামিবনে ইয়াত????

No comments:

Post a Comment