Friday 26 August 2016

::উমমম্-৩::

"সৰু জুপুৰীটোত নিশা নামিছে৷ নিথৰ, নিস্তব্ধ নিশা৷ কিয় জানো চন্দ্ৰটোক আজি ইমান বিশাল যেন লাগিছে! লাহে লাহে যেন চন্দ্ৰৰ পোহৰটো শেঁতা হৈ নিদ্ৰাৰত গাঁওখনক চানি ধৰিছে৷ গাখীৰৰ সৰৰদৰে মিহি জ্যোৎস্নাই আৱৰি ধৰিছে জুপুৰীটোৰ বাঁহৰ বেৰবোৰ, ঘূণপোকবোৰে দুৰ্বল কৰা খুঁটি আৰু মামৰে ধৰা টিনবোৰ৷ অদূৰত ঝিলিৰ চিঞঁৰ৷ বাঁহৰ বেৰৰ ফুটাবোৰেৰে জোনাক নামি আহিছে এক অশৰীৰী সৰীসৃপৰ ৰূপ লৈ৷"-

ঘড়ীটোৱে দুই বজাৰ সংকেত দিলে৷ আজিলৈ লিখা সামৰাই ভাল হ'ব৷ নতুন উপন্যাসৰ কামত এইকেইদিন ভীষণ ব্যস্ত অতনু৷ এইবাৰ গ্ৰন্থমেলা আৰম্ভ হোৱাৰ আগে আগে উপন্যাসখন যেনেতেনে বজাৰলৈ আনিব লাগিব৷ সাহিত্যৰ জগতখনত অতনু এক প্ৰতিষ্ঠিত নাম৷ অতনুৰ প্ৰতিখন উপন্যাসৰ বাবে পঢ়ুৱৈসকল ৰৈ থাকে অধীৰ আগ্ৰহেৰে৷ অৱশ্যে অতনু 'প্ৰতিষ্ঠিত' হোৱা দূৰৈৰ কথা; তাৰ নিজৰ ভাষাতেই,সি কোনোকালেই লিখক নাছিল৷ বিয়াৰ পিছত এক পথ দুৰ্ঘটনা,পৰৱৰ্তী সময়ত দুৰ্ঘটনাজনিত কাৰণত কিছু শাৰিৰীক অক্ষমতাৰ কাৰণে চাকৰি এৰিবলৈ বাধ্য হোৱা, পত্নীয়ে সংসাৰৰ জোৰা মাৰিবলৈ আকৌ চাকৰি কৰা আৰম্ভ কৰা আৰু এনেদৰে কোনো পূৰ্বাভাস নিদিয়াকৈ আৰম্ভ হোৱা এক নি:সংগ জীৱনৰ সৈতে যুদ্ধ কৰাৰ তাড়নাত কলম তুলি লোৱা অতনুৱেই হৈছে আজিৰ বিখ্যাত লেখক৷

বাহিৰত কিনকিনিয়া বৰষুণ৷ দুই ওঁঠত চিগাৰেট গুজি ধোঁৱাৰ কুণ্ডলী পকাই বাৰাণ্ডালৈ ওলাই আহিল অতনু৷ ৰাতিৰ গভীৰতাত বৰষুণৰ সৈতে একাত্ম হোৱাৰ কি মাদকতা আছে সেয়া বহু কম লোকেহে জানে৷ এক সুন্দৰ সপোন ৰাজ্যত সোমাই পৰিল অতনু৷

- অকলে অকলে বৰষুণৰ সৈতে কথা পাতিবা? মোক দুয়োৰে সঙ্গী নকৰা?

কান্ধত তাৰ মৃদু চাপ৷ আকাশৰ দৰে গভীৰ দুই চকুৰ সৈতে মুখামুখি হ'ল অতনু৷

- কেতিয়া আহিলা?
- আছো৷ তোমাৰ আৰু বৰষুণৰ মিতিৰালি চাই ভাল লাগিছে৷ তাকেই মনে মনে চাইছো৷
- এইকেইদিন উপন্যাসৰ কামত লাগি তোমাক সময়েই দিব পৰা নাই৷ বেয়া নাপাবা৷
- পালো বেয়া, কি কৰিবা কোৱা এতিয়া৷

চুটি নাকটো টানি দিবলৈ লওঁতেই দৌৰ মাৰিলে তাই৷ অতনুৰ কাণত বাজি ৰ'ল খিলখিল হাঁহি৷

আইভী! তাইৰ নাম আইভী৷ অতনু আৰু তাইৰ বয়সৰ ব্যৱধান প্ৰায় বিশ বছৰৰ৷ দুয়ো দুয়োকে ভাল পায়, কোনো চুক্তি নাই৷ কেৱল দুয়োৰে হৃদয়ৰ আহ্বান৷

- ৰাতি ভালেখিনি হ'ল অতনু৷ শুব লাগিছিল আমি৷

কৈয়েই আইভী আতৰি গ'ল৷

শোৱাৰ আগতে বাথৰুমলৈ গ'ল অতনু৷ আইভীয়ে চিগাৰেটৰ গোন্ধ বেয়া পায়৷ ক'তবাৰ যে তাৰ লগত ফেপেৰি পাতিছে! বেচেৰী!! সৰু ছোৱালীজনীলৈ মৰম লাগি গ'ল তাৰ৷ আদা এটুকুৰা চোবাই পানী এগিলাচ পি বিছনালৈ আগুৱাই আহিল অতনু৷

বিছনাত শুই আছে তাই৷ ঠিক শুই থকা নাই, চকু দুটা অকণমান মেলি অতনুৰ গতিবিধি লক্ষ্য কৰি আছে৷ অতনু আহি বিছনাত বাগৰ দিলে৷ এতিয়া দুয়োৰে মাজৰ ব্যৱধান প্ৰায় নোহোৱাৰদৰেই৷ লাহেকৈ তাক সাৱটি এখন ভৰি তাৰ গাত উঠাই বৰষুণৰ অনুভৱটো মেৰিয়াই লৈ শুবলৈ যত্ন কৰিলে বাসৱীয়ে!

কিছু ছেকেণ্ডৰ নিৰৱতা৷ লাহেকৈ বাসৱীক সাবটি ধৰিলে অতনুৱে৷ বাসৱীয়ে ৰূদ্ধশ্বাসে অপেক্ষা কৰিছে সেই মুহূৰ্তটোলৈ৷ অতনুৰ হাতখনে বাসৱীৰ শৰীৰটোৰ স'তে খেলিছে৷ বাসৱীৰ বুকু ধপধপ কৰিছে৷ তাইৰ হৃদয়ৰ তোলপাৰৰ কাৰণ কেৱল তাইহে জানে৷ তাইক আঁকোৱালি ধৰোঁতেই তাই উচপিচাই থকাৰ উমান পালে অতনুৱে৷

- টোপনি অহা নাই?
- নাই৷
- শুই যোৱা৷ মোৰ লগত সাৰে থাকিলে তোমাৰ গা বেছি বেয়া হৈ যাব৷ বিশেষকৈ এই অৱস্থাত……

কথাখিনি কৈ থাকোঁতেই সন্তৰ্পণে বাসৱীৰ পেটত আলফুলে হাত বুলাই দিলে অতনুৱে৷

আকৌ!!
হুমুনিয়াহ কাঢ়িলে বাসৱীয়ে৷ গোটেইবোৰ যেন খেলিমেলি হৈ পৰিছে৷

- নিজৰ নহ'লেও আমাৰ আহিবলগীয়া সন্তানটোৰ কথা ভাবিয়েই তোমাৰ যত্ন ল'বাচোন৷

বাসৱীৰ চকুপানীয়ে তাইৰ দুগাল তিয়াই দিলে৷ কিমান আৰু সহ্য কৰিব তাই৷ তায়ো মানুহহে৷

- তোমাক বহুত ভালপাওঁ অ'৷

পমি গ'ল বাসৱী৷ কি যে হৈ গ'ল ইমান মৰমীয়াল অতনুটোৰ৷

- বহুত ৰাতি হ'ল৷ এতিয়া শুই যোৱা আইভী৷

কৈয়েই তাইক সাবটি ধৰিলে অতনুৱে৷ নীৰৱে চিৎকাৰ কৰি উঠিল তাই৷ সপোনবোৰ আকৌ চূৰমাৰ হৈ গ'ল৷ কিয় এনেকুৱা হৈ গ'ল অতনু৷

আইভী কোন বাসৱীয়ে চিনি নাপায়৷ বাসৱী প্ৰেগনেণ্ট নহয়!!

***

অতনুৱে উচপিচাই আছে৷ আইভী অহাৰ সময় হৈছে৷ এইফালে বাসৱী এতিয়ালৈ অফিচলৈ যোৱা নাই৷ কেনেবাকৈ দুয়োৰে মুখামুখি হ'লে কি হ'ব! বাসৱী অফিচ যোৱাৰ আৰু নিশাৰ সময়খিনিয়েই যে দুয়োৰে নিজা সময়৷

- লান্স হটকেচত সাঁজু কৰি থৈছো৷ সময়মতে খাই ল'বা দেই৷
- ঠিক আছে৷ সোনকালে আহিবা৷
- আজি ব্লকত মিটিং আছে৷ মই নাযাওঁ৷ দুপৰীয়ালৈ আহি পামেই দিয়া মই৷

সোনকালে আহি পাব৷ অতনুৰ মনটো মোলান পৰি গ'ল৷ বাসৱী নথকা সময়খিনি অতনুৰ প্ৰিয় সময়৷ সংগোপনে আইভী অতনুৰ কোঠালৈ আহে৷ অতনুৰ লিখাবোৰ পঢ়ে৷ অতনুক মৰম কৰে, অতনুৰ মৰম উপভোগ কৰে৷ দুয়ো দুয়োত নিমজ্জিত হয়, হাঁহে, গান গায়, কথা পাতে আৰু এনেকৈ বাসৱী আহিবৰ সময় হয়, তাই আঁতৰি যায়৷ বাকী দিনটো অতনু তৃষ্ণাতুৰৰ দৰে ৰৈ থাকে ৰাতিলৈ৷ আইভীৰ অনুভুতিবোৰ অবিৰাম লিখি যায় অতনুৱে৷ পৃষ্ঠাবোৰ দ্ৰুতগতিত ভৰি উঠে৷

আইভীৰ কথা ভাবি থাকোতেই কেতিয়ানো তাই আহি কাষত থিয় দি আছে অতনুৱে উমানেই পোৱা নাছিল৷ ঘড়ীটোৱে দুই বজাৰ সংকেত দিছে৷ বাসৱী আহি পাবৰ হ'লেই চাগে৷

- নাযাবা৷
- যাব লাগিব অতনু৷ উপায় নাই৷
- ৰাতি সোনকালে আহিবা৷
- উম্৷

আঁতৰি গ'ল তাই৷ অতনুক শূণ্য কৰি থৈ৷

******

দিনে দিনে আইভীৰ উপস্থিতি বাঢ়ি গৈছে৷ বন্ধৰ দিনত বাসৱীয়ে ৰান্ধি আছে৷ তেতিয়াই ভাহি আহে অতনুৰ মাত,
- আইভী, আজি কিন্তু আলু-কণী পিটিকা কৰিবা দেই৷

গা ধুই আছে বাসৱীয়ে৷
- আইভী সোনকালে ওলোৱা৷ মোৰ পলম হৈছে৷

বাসৱীয়ে টিভিত "বাঁকৰ পুতেক"খন চাই আছে৷
- মনত আছেনে আমি যে অনুৰাধাত এইখন একেলগে চাইছিলোঁ৷

দাঁত-মুখ কামুৰি ধৰে বাসৱীয়ে৷ তাই জীৱনত প্ৰথমবাৰলৈ এইখন চিনেমা চাইছে৷ কিমান দিন যে অতনুৰ সৈতে তাই কোনো চিনেমা চোৱাই নাই৷

কি কৰিব একোৱেই ভাবি পোৱা নাই তাই৷ অতনুৰ গতিবিধিৰ ওপৰত তীব্ৰ চকু ৰাখিছে৷ অস্বাভাৱিক একোৱেই নাই৷ ফোনৰ কললিষ্ট, মেইল, হোৱাটচ্ এপ একোতেই কোনো আইভীৰ অস্তিত্ব নাই৷ বাসৱীয়ে বাৰে বাৰে বিচাৰিছে মাত্ৰ এটা ক্লু৷ কিন্তু নাই, বতাহত যেন হেৰাই গৈছে আইভী৷ অতনুৰ লেখাৰ গুণমুগ্ধসকলৰ মাজতো কোনো আইভী নাই৷

কোন এই আইভী?? তাই যদি সঁচাকৈয়ে প্ৰেগনেণ্ট? আৰু ভাবিবলৈ মন নাযায় বাসৱীৰ৷ সকলো এৰি মৰি থাকিবলৈ মন যায় তাইৰ৷

***
- এতিয়াও টোপনি অহা নাই আইভী?

আৰু সহ্য নহয়৷ বহুত সহ্য কৰিলে তাই৷ বাৰে বাৰে কৰা প্ৰশ্নটো আকৌ চিঞৰি সুধিলে তাই,
- আইভী কোন?

অবাক হৈ তাইলৈ চাই ৰ'ল অতনুৱে৷ কোনোবা যেন অচিনাকি এজনী তাৰ সন্মুখত৷
- নাই… মানে… আচলতে…

অতনুৰ চোলাত খামুচি ধৰে বাসৱীয়ে৷
- কোৱা মোক, কোন হয় এই আইভী? মই পাগল হৈ যাম৷ আৰু নোৱাৰিছোঁ এই যন্ত্ৰনা লৈ জীয়াই থাকিব৷ তুমি কোৱা, নহ'লে মই আজিয়েই আত্মহত্যা কৰিম৷

অতনুৱে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে৷ লাহে লাহে অন্যফালে চালে,
- নাজানো৷ বিশ্বাস কৰা মই নাজানো৷

***

ডিপ্ৰেচনৰপৰা মুক্তি পাবলৈ বিখ্যাত চাইকিয়াট্ৰিষ্ট নীহাৰ বৰুৱাৰ শৰণাপন্ন হ'ল বাসৱী৷ গোটেই ঘটনাবোৰ খুঁটিনাটি মাৰি শুনিলে তেওঁ৷

- চাওক মিছেছ বাসৱী আপুনি এই গোটেই ঘটনাটো বিভিন্ন দৃষ্টিকোণৰপৰা চাব পাৰে৷ প্ৰথম, আপোনাৰ স্বামীৰ কোনোবা আইভীৰ সৈতে এফেয়াৰ আছে৷ সঁচাকৈয়ে তেখেত প্ৰেগনেণ্ট, আপোনাৰ স্বামীৰ বাবেই প্ৰেগনেণ্ট৷ কথাটো আপোনাক ক'বলৈ সাহস হোৱা নাই বাবে এনেকৈ ঘূৰাই পকাই কৈ আছে৷

দ্বিতীয়তে, আইভী আপোনাৰ স্বামীৰ প্ৰাক্তন প্ৰেমিকা৷ হয়তো দুয়োৰে কিবা ডাঙৰ ট্ৰেজেডী আছে৷ তাইক নোপোৱাৰ দুখ তেখেতৰ মনত সদায় আছিলেই৷ এতিয়া কেৱল সেই দুখ জাগ্ৰত হৈ তেওঁ ব্যাকুল হৈ পৰিছে৷ কল্পনাতে তেওঁ আইভীৰ ইমেজ এটা তৈয়াৰ কৰি লৈছে আৰু এতিয়া তেওঁৰ অৱচেতন মনে আপোনাৰ মাজতেই আইভীক বিচাৰিছে৷

তৃতীয়তে, আপোনাৰ স্বামীয়ে আপোনাৰ সৈতে কিবা মাইণ্ড গে'ম খেলিছে৷ এই গোটেইখিনিয়েই তেওঁৰ অভিনয়৷ হয়তো নতুন গল্পৰ প্লট সাজু কৰিবলৈ আপোনাক গিণিপিগ হিচাপে ব্যৱহাৰ কৰিছে৷ আপুনি অলপ তেওঁৰ অতীতলৈ যাব লাগিব৷ বন্ধুমহল, সম্পৰ্কীয় ব্যক্তিৰপৰা জানিবলৈ চেষ্টা কৰক আইভী আচলতে কোন৷

বাসৱী অভিযানত নামি পৰিল৷ নাই কোনেও নাজানে আইভী কোন৷ ম'বাইল কোম্পানীৰপৰা বিল ডিটেইলছ উলিয়ালে, একেবাৰে কম ফোন কৰিছে৷ কোনো আইভীৰ ফোন নাই তাৰ মাজত৷

###########

মোৰ হাতত আছিল থামচ্ আপ৷ তাইৰ হাতত গোল্ডস্পট৷

গৰমৰ দিন৷ বটলটো হাতত লৈ কোটকোটকৈ পি খালো গোটেইখিনি৷ ষ্ট্ৰ লোৱাৰ অভ্যাসেই নাই মোৰ৷ শেষ নৌহওঁতেই এটা উগাৰ মাৰিলো সশব্দে৷

তাই ষ্ট্ৰৰে খাইছে, ছোৱালী যে৷ লাহে লাহে খাইছে৷ গোল্ডস্পট খালে উগাৰ নুঠে বুলি জানিও তাই সাৱধান৷

তাই সৌ দলঙখনৰ পৰা মোক ঘূৰি চাইছে৷ দলঙৰ সিপাৰেই তাইৰ ঘৰ৷

মই চাইকেল লৈ ঘৰমূৱা৷ মোৰ ঘৰৰ ওচৰত দুৰ দুৰলৈ কোনো দলং নাই৷
----------

কংক্ৰিটৰ চহৰত মোৰ ঘৰ৷ ঘৰতে বহি টিভি, ভিডিঅ' গেম খেলি মোৰ দিনবোৰ পাৰ হয়৷ তাইৰ ঘৰৰ সন্মুখতে আছিল এখন পথাৰ৷ ইমান ডাঙৰ পথাৰ আমাৰ ঘৰৰ ওচৰত নাছিল৷ পথাৰত খুব জোৰে দৌৰিছিল তাই, বতাহক পিছ পেলাই৷

পথাৰত সিমূৰত আছিল কৃষ্ণচুড়া গছডাল৷ মই তেতিয়া কৃষ্ণচূড়া চিনিয়েই নাপাইছিলো৷ কেৱল জানিছিলো সেই গছডাললৈ চাই তাই সদায় উদাস হৈ পৰে৷

মই টিংকল পঢ়িছিলো৷ দেউতাই গণেশগুৰিৰ পৰা মোলৈ প্ৰায়েই টিংকল লৈ আহিছিল৷ তাইৰ দেউতাকেও তাইলৈ নিছিল সঁফুৰা, মৌচাক আৰু বহুত কিবাকিবি৷ সেই যে পুখুৰীৰ পাৰৰ দোকানখন! সেইখন আছিল অদ্ভূত দোকান, কি কি যে নাছিল তাত৷ সেই মৰমীয়াল দোকানীজন, তেওঁৰ সাদৰী পত্নীজনী৷ তাইৰ সপোনপুৰী আছিল সেইখন৷ গোটেই পুখুৰীৰ পাৰত কেৱল সেইখনেই দোকান আছিল৷

এতিয়াওঁ মনত আছে সৰুতে তাই এবাৰ হেৰাইছিল৷ সিঁহতৰ গোটেই ঘৰত হুলস্থুল, কন্দাকটা৷ শেষত গধুলি তাইক পোৱা গৈছিল সেই সাদৰী খুৰীজনীৰ বুকুৰ মাজত৷

মই দেউতাৰ লগত প্ৰায়েই দোকানলৈ গৈছিলো৷ আমি যোৱা দোকানত ৰঙা ৰঙৰ সেই মৰ্টনটো পাইছিল৷ তাই খাইছিল হালধীয়া ৰঙৰ মৰ্টন, সেই দোকানখনৰ পৰা৷ মই বহু বিছাৰিওঁ সেই মৰ্টনটো আজিলৈ ক'তো নাপালো৷ অতি সাধাৰণ সেই মৰ্টনটো মোৰ বাবে আছিল অসাধাৰণ৷

তাইক মই বহুবাৰ দেখিছো৷ চকুৰে ভাৱৰ আদান প্ৰদান কৰিছো৷ কিন্তু তাইক মই চিনি নাপাওঁ৷

----------
কালি তাইৰ ঘৰলৈ গৈছিলো৷ তাই মোক চিনি পোৱাৰ কোনো প্ৰশ্নই নুঠে৷ কিন্তু তাই দেখোন মোক চিনি পালে৷ সেই মৰ্টন খোৱাজনী দেখোন অলপ ডাঙৰ হৈছে৷ কিন্তু মুখখন একেবাৰে একেই আছে৷ হয়তো এইজনী একেবাৰে আলৰ বুঢ়ী হৈ পৰিলেওঁ মই চিনি পাম৷ হয়তো তাই কোনোদিন বুঢ়ী নহ'বই৷

- তুমি? তুমি ক'ৰপৰা আহিলা?

নখ কামুৰি কামুৰি বুৰ্বকৰ দৰে থিয় হৈ আছিলো মই৷

- একো নোকোৱা যে?? মৰ্টন খাম ব'লা৷

ইফালে সিফালে চালো৷ ঘৰৰ সন্মুখৰ পথাৰ, দলঙখন সকলো আছে৷ নাই সেই পুখুৰীটো, সেই দোকানখন৷

- দোকানখন নাই দেখোন?

তাইৰ ফালে চালো মই৷ সন্মুখৰ পথাৰখনলৈ চাই আছে তাই৷

- চহৰত মেলা হৈছে, যাবা নেকি?
- ইমান টকা নাই মোৰ, চহৰলৈ যাবলৈ৷
- তেনেহ'লে ব'লা, গোল্ডস্পট খাম৷
----------

মোৰ হাতত আছিল থামচ্ আপ৷ তাইৰ হাতত গোল্ডস্পট৷

গৰমৰ দিন৷ বটলটো হাতত লৈ কোটকোটকৈ পি খালো গোটেইখিনি৷ ষ্ট্ৰ লোৱাৰ অভ্যাসেই নাই মোৰ৷ শেষ নৌহওঁতেই এটা উগাৰ মাৰিলো সশব্দে৷

তাই ষ্ট্ৰৰে খাইছে, ছোৱালী যে৷ লাহে লাহে খাইছে৷ গোল্ডস্পট খালে উগাৰ নুঠে বুলি জানিও তাই সাৱধান৷

দুয়ো সেই পথাৰখনৰ এমুৰে৷ বিশাল পথাৰ, যেন কোনো শেষ নাই৷ গছবোৰে বতাহত গৰজি আছে৷ তাইৰ হাতখন ধৰাৰ লগে লগে গছবোৰ হৈ পৰিল অদ্ভূত ধৰণে শান্ত৷ কৃষ্ণচূড়া ডালে আমালৈ চাই আছিল৷ তাই হৈ পৰিল বিমৰ্ষ৷

তাই সৌ দলঙখনৰ পৰা মোক ঘূৰি চাইছে৷ দলঙৰ সিপাৰেই তাইৰ ঘৰ৷ তাই গুছি গ'ল৷

মই চাইকেল লৈ ঘৰমূৱা৷ সূৰ্য্য ডুবিল, অন্ধকাৰে চাৰিওদিশ গ্ৰাস কৰি ধৰিলে আৰু মোৰ টোপনি ভাঙি গ'ল৷

----------

তাই চাগে এতিয়া ডাঙৰ এজনী হৈছেগৈ৷ এতিয়া বা তাই হালধীয়া মৰ্টন খাইনে নাখায়৷ গোল্ডস্পট বিছাৰি আজিকালি তাই দলঙৰ সিপাৰে যায়নে? অহ, আজিকালিটো গোল্ডস্পট নাপায়৷ তাই চাগে আজিকালি পেপচী.... না না পেপচী নহয়, তাই চাগে আজিকালি ফ্ৰুটি খায়৷ ফ্ৰুটি নাপালে হয়তো মাজা!

পথাৰখন এই পৃথিৱীত নিশ্চয় ক'ৰবাত আছে৷ ক'ত নাজানো, হয়তো এতিয়া তাৰ ওপৰত আছে প্ৰকাণ্ড দালান৷ দলঙখন হয়তো এতিয়া কংক্ৰিটৰ৷ কিন্তু তথাপি চিনি পাম মই৷ এবাৰ দেখিলেই চিনি পাম৷ তাইৰ ঘৰৰ ওচৰৰ প্ৰতিটো বস্তুৱেই যে মোৰ চিনাকী৷

দলঙৰ পাৰতে কোনোবাক সুধিম,
- তাই আজিকালি ক'ত? সেই যে গোল্ডস্পট খোৱা ছোৱালীজনী, হালধীয়া মৰ্টনৰ ওপৰৰ পেকেটবোৰ যে দলঙৰ ওপৰৰ পৰা দলিয়াই দিছিল, পথাৰখনত যে বতাহক পিছ পেলাই দৌৰিছিল৷
আৰু.. আৰু সেই যে এবাৰ ঘৰৰ পৰা হেৰাইছিল!

উত্তৰ পামনে??

নাজানো

##########

নীহাৰ বৰুৱাৰ সৈতে বহি আছে বাসৱী৷ মোবাইলত ফটো তুলি আনিছে অতনুৰ ডায়েৰীৰ বিভিন্ন পৃষ্ঠা৷ দুয়ো পঢ়ি গৈছে ডায়েৰীৰ এটা এটা পৃষ্ঠা৷ ডায়েৰীৰ পৃষ্ঠা ভৰি আছে এনেকুৱা বিভিন্ন  অসংলগ্ন লেখাৰে৷

অতনুৰ আইভী নামৰ কাৰো সৈতে সম্পৰ্ক নাই৷ কেতিয়াও নাছিলো৷ অতনুৱে কেতিয়াও অভিনয়ো কৰা নাছিল৷ আইভী অতনুৰ নিজা সৃষ্টি৷ তিনিবছৰ আগতেই অতনুৱে শেষ উপন্যাসখন লিখিছিল৷ তাৰ পিছত কেৱল লিখিছে আৰু কাটি পেলাইছে৷ নিজৰ লিখনীয়ে সন্তুষ্ট কৰিব পৰা নাই অতনুক৷ অতনুক লাগে অসমীয়া সাহিত্যৰ বেষ্ট ছেলাৰখন৷ সাহিত্যপ্ৰেমীৰ মাজত অমৰ হৈ থাকিব এই উপন্যাস, অমৰ হৈ ৰ'ব অতনু, আৰু অমৰ হৈ ৰ'ব আইভী৷ হয়, "আইভী" হৈছে অতনুৰ পৰৱৰ্তী উপন্যাসৰ নায়িকা৷ বাসৱীৰ আৰু অতনুৰ শৈশৱক আধাৰ হিচাপে লৈ আৰম্ভ হৈছে আইভীৰ জন্মকথা৷

বাসৱীয়ে চকুপানী ৰখাব পৰা নাই৷ সেই চটফটীয়া আইভীজনীক কোনে মাৰি পেলালে? দুয়োৰে সপোনবোৰে বাস্তৱ ৰূপ ল'বৰ সময় হওঁতেই দুয়ো বুজিলে কিছুমান সপোন সপোন হৈ থাকিলেই ভাল লাগে৷ জুকু ভেলীত দিনটো হেৰাই যোৱাৰ সপোন দেখা দুয়োৰে এঘন্টা একেলগে বহিবলৈওঁ সময়ৰ অভাৱ৷ অতনু ব্যস্ত নিজৰ লিখা মেলাৰ জগতত, বাসৱী দৌৰিছে প্ৰমোচনৰ পিছে পিছে৷ গোটেই জীৱন একেলগে কটোৱাৰ প্ৰতিশ্ৰুতি দিয়া দুয়ো সংসাৰ ধৰ্ম পালন কৰিছে দুডাল কেতিয়াওঁ লগ নলগা ৰেখা হৈ৷ সংসাৰ যুঁজত জুৰুলা বাসৱী হৈ পৰিছে বেছি প্ৰেক্টিকেল, অতনু হৈ পৰিছে সপোন ৰাজ্যৰ বাসিন্দা৷

লিখি গৈছে অতনুৱে৷ সন্তুষ্ট হোৱা নাই, আকৌ কাটিছে৷ থমকি ৰোৱা নাই৷ বাসৱী এটা নিষ্পাপ শিশুৰদৰে শুই আছে তাৰ কাষত৷ আকৌ নতুনকৈ আইভীক লৈ প্লট সৃষ্টি হয় অতনুৰ কলমত৷ অতনু আৰু বাসৱীৰ শৈশৱ, কৈশোৰ, যৌৱনৰ অলিয়ে গলিয়ে হেৰাই যায় অতনু আৰু আইভী৷

কল্পনাপ্ৰৱণ অতনুৱে এসময়ত গৈ ভুল কৰি পেলালে৷ বাস্তৱ আৰু কল্পনাৰ সীমাৰেখাডাল হেৰাই পেলালে৷ অতনুৱে কল্পনাৰ জগতত বিচৰণ কৰি শৈশৱ, কৈশোৰ, যৌৱনৰ ভালপোৱা আকৌ ওভোটাই পালে৷ আপ্ৰাণ চেষ্টা কৰিলে বাসৱী আৰু আইভীক দুখন সমান্তৰাল জগতৰ বাসিন্দা কৰিবলৈ৷ কিন্তু অতনুৱে নোৱাৰিলে৷ কল্পনাৰ আইভী আহি মাজে মাজে আহি সোমাই পৰিল বাস্তৱৰ বাসৱীৰ মাজত৷ হেৰাই যোৱা দুটা সম্পৰ্কক আকৌ কলমেৰে জীয়াবলৈ যত্ন কৰিছিল অতনুৱে৷ কালক্ৰমত বাসৱী হৈ পৰিল আইভী৷ অথবা কেতিয়াবা আইভী হৈ পৰিল বাসৱী৷ অতনুৱে নিজেওঁ নজনাকৈ৷ হয়তো বাসৱী সময়ত হেৰাই গ'ল৷ অতনুৰ হৃদয়ত ৰৈ গ'ল কেৱল আইভী আৰু কিছু স্মৃতি৷

নাই, অতনুক বাস্তৱলৈ ঘূৰাই আনিবই লাগিব৷ জানিশুনি অতনুক পাগল হ'বলৈ এৰি নিদিয়ে বাসৱীয়ে৷

***

অতনুক বিভিন্ন ধৰণে কাউন্সেলিং কৰোৱা হ'ল৷ লাহে লাহে নীহাৰ বৰুৱা আৰু বাসৱীৰ সন্মিলিত বুজনিত অতনুৰ সন্মুখৰ পৰ্দাখন আঁতৰিল৷ আইভী আচলতে এক কল্পনা মাত্ৰ৷ বাসৱী হৈছে বাস্তৱ৷ ভালপাব লাগিব বাসৱীক, আইভীক নহয়৷

পৰৱৰ্তী এমাহৰ ভিতৰত উপন্যাসখন সম্পূৰ্ণকৈ লিখি উলিয়ালে অতনুৱে৷ নালাগে তাক বেষ্ট ছেলাৰ৷ অতনুক লাগে সেই পুৰণা বাসৱীৰ মৰম৷ বাসৱী আকৌ ঘূৰি আহিব৷ কিমান যে কষ্ট দিলে সি বাসৱীক!

বাসৱী আনন্দত আত্মহাৰা৷ সকলো ঠিক হৈ পৰিব ধৰিছে জীৱনত৷ জীৱনলৈ আকৌ ঘূৰি আহিছে সেই দুৰ্দান্ত প্ৰেমিকজন৷

***

অতনু ৰূমত সোমাইছে৷ বাসৱী ইতিমধ্যে শুই পৰিছে৷ আস কি সৌন্দৰ্য্য৷

বাহিৰত বৰষুণ৷ কিনকিনিয়া৷ ধোঁৱাৰ কুণ্ডলীবোৰ বাহিৰৰ ফিৰফিৰিয়া বতাহত এৰি লাইটটো নুমুৱাই বাসৱীৰ কাষলৈ আহিল অতনু৷ হঠাৎ ঘটনাবোৰ মনলৈ আহিল অতনুৰ৷ আজি চাবলৈ গ'লে ঘটনাবোৰৰ একো বাখ্যা নাই৷ কি হৈছিল বাৰু তাৰ?
আৰু ভাবিবলৈ মন নগ'ল অতনুৰ৷

লাহেকৈ সাবটি ধৰিলে বাসৱীক৷ এতিয়া আৰু সেই খেলিমেলিবোৰে তাক আমনি কৰা নাই৷ কিবা এক অদ্ভূত ভাললগাই আঁকোৱালি ল'লে অতনুক৷

বাসৱীৰ মুখলৈ চালে অতনুৱে৷ কি নিষ্পাপ মুখ৷ লাহে লাহে ক'লে,

- তোমাক দেখি মই সকলো পাহৰি যাওঁ বাসৱী৷
আজি অলপ পাগলামি কৰিবলৈ মন গৈছে৷ অ'ই বাসৱী উঠা৷ ব'লানা আমি ক'ৰবালৈ পলাই যাওঁ৷
টোপনিতে এটা দেখ নেদেখ হাঁহি মাৰিলে বাসৱীয়ে৷ অতনু আৰু ওচৰ চাপি আহিল৷ ফুচফুচাই ক'লে,

- এই বাসৱী, বাসৱী!! বাসৱী!!

বিকট চিঞৰ এটা মাৰি শুই থকাৰপৰা উঠি বহিল বাসৱী৷

- বাসৱী…… আকৌ!! মই পাগল হৈ যাম অতনু৷ তোমাক মই কিমান বুজাম৷ মই আইভী, আইভী, আইভী !!!

No comments:

Post a Comment