Friday 26 August 2016

:: মই, তাই আৰু কিবাকিবি ::

প্ৰচণ্ড গৰম৷ কমাৰ্চ কলেজৰ চিৰিকেইটাৰে কোনোমতে চেণ্ডেলজোৰ চোঁচৰাই ৰাস্তাত থিয় হ'লো৷ লক্ষ্য ৰাস্তাৰ সিপাৰে থকা আবুৰ দোকান৷ পেটত ভোক আৰু তাতোকৈ বেছি পিয়াহ৷ দোকানলৈ গৈয়েই ভকভককৈ মুৰটো আৰু গৰম হৈ পৰিল৷ গামোচাখন পিন্ধি দোকানৰ বেঞ্চত শুই আছে আবুৰ পুতেক, আবু গৈছে জীয়েকৰ ঘৰৰ সত্যনাৰায়ণ পুজালৈ৷ এইবাৰ খোজ ল'লো চহৰীয়াৰ দোকানলৈ৷ মাহৰ শেষৰ দিন কেইটাত দামী কিবা খাবলৈ সাধ্য নাথাকে৷ গতিকে আবু আৰু চহৰীয়াৰ দোকানেই গতি৷ চহৰীয়াৰ দোকানলৈ চেণ্ডেল চোঁচৰাই গৈ থাকোতে যেন নিৰঞ্জনৰ দোকানত থকা ঠাণ্ডা পানীৰ বটলকেইটাই ভেঙুচালি কৰি মোক জিভা উলিয়াইহে দেখুৱাইছে৷ সেইফালে চাবলৈ এইকেইদিন পকেটে অনুমতি নিদিয়ে৷ চহৰীয়াৰ তপা মুৰটো দুৰৰপৰাই ৰ'দত জিলিকি অশ্লীল হৈ উঠিছে৷ গৈয়েই জগটো হাতত ল'লো, ৰ'বলৈ সময়- ধৈৰ্য্য নাই৷

ধেইইইত্!!

আয়ৰনৰ প্ৰলেপ পৰা জগৰ ঘোলা পানী৷ এনেই হোষ্টেলত এই পানী খাওঁতেই জনম যায়৷ পিছে আজি কথাটো অলপ বেলেগ হ'ল৷ গৰমত পানী আয়ৰনৰ চুপ হৈ আছে৷ চহৰীয়াৰ তপা মুৰটোত একোব মাৰি পানীখিনি মুখৰপৰা ৰাস্তাত পেলাব লৈছিলোহে মাত্ৰ……

- এই, এই, এই……

সন্মূখৰ দৃশ্য দেখি মুৰটো ঘূৰোৱা যেন লাগিল৷ সন্মুখত সাক্ষাৎ "নিনজা সুন্দৰী" বিৰাজমান৷ কেৰাটেত ব্লেক বেল্ট, হাতত টেটু, অনবৰত মাৰো মাৰোকৈ থকা এইজনীৰ নাম যিয়েই নিনজা সুন্দৰী দিছিল তাক মনে মনে মিহি চেলুট এটা মাৰি দিলো লগে লগে……

বাওঁহাতত এপাট চেণ্ডেল লৈ থিয় দি আছে সুন্দৰী৷ শেষ!! কলেজৰ ভৱিষ্যতৰ সাধাৰণ সম্পাদক ভুলুণ্ঠিত হৈ পৰি আছে চেণ্ডেলৰ কোবত৷ ভাবিয়েই কিবা কিবি লাগি গ'ল৷ সঁচাকৈয়ে কোবাব নেকি এইজনীয়ে???

ভূত, ভৱিষ্যত, বৰ্তমান ঘোটালি দিছো৷ এনে কি কৰিলো যাৰ পৰিণতি এই ব্যস্ত ৰাজপথত "কালীমাই পাৰ্ট-২"ৰে সমাপ্ত হ'ব৷ একো মনত পৰা নাই৷ নিজে জনামতে মইটো সদ্য প্ৰস্ফুটিত ফুলতকৈওঁ পবিত্ৰ৷ কোনোমতে সেঁপ ঢুকি আকৌ এবাৰ সুন্দৰীলৈ চালো৷ উফফফ্, কাজলসনা চকু দুটাৰে কি চাৱনি৷ অভাৰব্ৰীজৰ পৰা জপিয়ায়েই দিওঁ নেকি!

- ষ্টেপলাৰ আছে?

ষ্টেপলাৰ?? মোক দেখি কোনফালৰ পৰা ষ্টেপলাৰ আদি লৈ কলেজলৈ অহা ল'ৰা যেন লাগে বাৰু৷ মনলৈ অহা এই ভাব মুখলৈ আহিলেই যে নিনজা সুন্দৰীয়ে এটা বেক কিক লগাই দিব খাটাং৷
- চেণ্ডেলযোৰ বেয়াকৈ চিঙি থাকিল৷ ষ্টেপলাৰ মাৰি কোনোমতে মুচীৰ দোকানলৈ যাব পাৰিলে ৰক্ষা পৰো৷
- অহ! নাই, মই ষ্টেপলাৰ তেনেকৈ লগত নাৰাখো৷

বেচেৰী! মুখখন ক'লা পৰি গ'ল একেবাৰে৷
- অই চহৰীয়া৷ চেল'টেপটো দে৷

নুমাই যোৱা ৩২০ ভ'ল্টৰ বাল্ব এটা যেন আকৌ জ্বলি উঠিল৷
- থেংক ইউ৷ কোনোমতে মুচীৰ দোকানলৈ যাব পাৰিম এতিয়া৷
- চেলটেপটো অলপ ডাঠ৷ চহৰীয়া ব্লেড এখন দে৷
- নালাগে৷

ঘপককৈ বেগৰ পৰা মিনি ছুৰি এখন উলিয়াই চেল'টেপ কটাত লাগি গ'ল তাই৷ মাজতে বেৰীয়া দাঁতটো উলিয়াই এটা হাঁহি৷ উফফ্!! চেল'টেপ পকাই পকাই চেণ্ডেলৰ ডিজাইন সলনি কৰি দিছে৷ চহৰীয়াৰ চকুৰ চাৱনিতে বুজিছো, গধুলি তাক নতুন এটা কিনি নিদিলে মোৰ বিপদ আছে৷

- পানী আছে নেকি?
- কি?
- পানী৷ মানে খোৱা পানী৷
- আছে ৰ'বা৷ এয়া লোৱা৷

ঠাণ্ডা পানী৷ দিলখুছ হৈ গ'ল একেবাৰে৷ পিছে ঠাণ্ডা নহ'বনো কিয়৷ দিনে ৰাতিয়ে দেখোন শীতল ছুৰীৰ লগত সহাৱস্থান৷ এতিয়া দৰকাৰ এটা মজলীয়া ভোজনৰ৷ খাই লৈ চিধাই হোষ্টলৰ বিচনাত ঢেলপুঙা দিম৷
- বাই দি ৱে, মই নীয়ৰকণা দেই৷ তুমি সমীৰ?
- হয়, কিন্তু তুমি মোৰ নাম কেনেকৈ জানা?
- আই কাৰ্ডখন ওলোমাই লৈ ভাল প্ৰশ্ন কৰি আছা৷

আকৌ বেৰীয়া দাঁতটো উলিয়াই এটা মিঠা হাঁহি বতাহত এৰি দিলে তাই৷ কিনো কৰিম, ময়ো ট্ৰেডমাৰ্ক ৰাজপাল যাদব হাঁহি এটা মাৰি দিলো৷
- অ', তোমাৰ নাম তেনেহ'লে নীয়ৰকণা হে৷

চেলাউৰি ঈষৎ কোঁচ খাই আছে৷ হাতৰ ছুৰী চিকমিকাই আছে৷
- কি নামেৰে মোক জানা? কি নামেৰে মোক মাতে কলেজত?
চেহ কি যে পাল্লাত পৰিলো আজি৷
- নাই, মানে তুমিয়েই দেখোন ক'লা নামটো৷
- কি বুলি মাতে মোক কলেজত?

" বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব……" এনেই গৰমত মৰিছো৷ তাতে ছুৰীৰ চিকমিকনি৷ বেগ খুছৰি মোবাইলটো উলিয়ালে নিনজা সুন্দৰীয়ে৷ ময়ো লাহেকৈ হোষ্টেললৈ খোজ ল'লো৷
- অই হিৰ'৷ ক'ত পলাইছা? দৌৰা দৌৰি?
- না, নাই নাই৷
- তেন্তে ব'লা৷
- কলৈ??
- আৰে বলানা, কামুৰিছা কিয়?

এটা একেবাৰে মাইক্ৰ' মিনি প্ৰচেচন ৰাস্তাৰে গৈ আছে৷ আগে আগে নিনজা সুন্দৰী, পিছে পিছে মই৷ লক্ষ্য চানমাৰী অভাৰব্ৰিজৰ তলৰ মুচিৰ দোকান৷

মেচিনগান চলি আছে, কথাৰ৷ মাজে মাজে দুই এটা গ্ৰেণেড্৷ মই নীৰৱ শ্ৰোতা৷
- বুজিছা, এই নিশান্ত বোলাটোক মই ভাল বুলি ভাবিছিলো৷ সি মহা ফটুৱা এটা কিন্তু৷

কি ভাল মই ভালকৈ জানো৷ দেখাতহে গুড বয় ইমেজ এটা লৈ থাকে৷
- ভালেই দেখোন সি৷
- ভাল!! মই ক্লাছ কৰি ওলাই আহোতেই মোক দেখি যি গান আৰম্ভ কৰি দিছিল নহয়৷
- গান?? নিশান্তে গান গাইছে?

হোষ্টেলৰ কাষৰ ঢেকুৰা কুকুৰৰ জাকটো হঠাৎ অহা বন্ধ কৰি দিয়া বুলি নগা ফাইলে বৰ দুখেৰে কৈছিল সিদিনা৷ জৰুৰ এই নিশান্তৰ গান শুনিছে সিঁহতে৷ খুক খুককৈ ওলাই অহা হাঁহিটো কোনোমতে চেপি ৰাখি সুধিলো,
- কি গান গাইছিল?
- সেই যে বিহাৰী গানটো! কমৰীয়া কৰে লপালপ……
- কৃষ্ণ!!! কি কৰিলা তুমি?
- কি কৰিম আৰু৷ ৰাতি যাতে তাৰ কমৰীয়াত এটা ভলিনী স্প্ৰে কৰি শেষ কৰিব লাগে তাৰ ব্যৱস্থা কৰি আহিছো৷

লাহে লাহে হিচাপবোৰ মিলি আহিছে,
চেণ্ডেল+ গাল= চেণ্ডেলৰ হাল বেহাল৷

- মানে চেণ্ডেলেৰেই দি দিলা নেকি তাক?
- একদম৷

বিশ্বসুন্দৰী হৈ উঠি সুস্মিতা সেনে চাগে ইমান গৰ্বৰ হাঁহি মৰা নাছিল৷ মুচিৰ দোকান পালো৷ হুজুৰৰ ৰাতিৰ নিচা ফটাই নাই যেন লাগিছে৷ চেণ্ডেলজোৰ হাত পাতি লৈ এক উদাসী চাৱনিৰে তাইলৈ চাই ৰ'ল সি৷ কিবা এটা চাবলৈ মুখ ঘূৰাইছিলোহে মাত্ৰ, সুন্দৰীৰ ধমকিত চক খাই উঠিলো৷ মুচি একান্তমনে ব্যস্ত চেণ্ডেল চিলাই কৰাত৷ আগৰাতিৰ নিচাৰ সামান্যতম চিনো নাই৷

পেটে হাঁহাকাৰ লগাই দিছে৷ কি যে পাল্লাত পৰিলো৷ কিবা খাদ্যৰ সন্ধানত ইফালে সিফালে চকু ঘূৰাইছো৷
- কি হ'ল? বিড়ি- চিগাৰেট কিবা?
- নাহ, ভোক লাগিছে কিবা এটা খাব লাগিছিল৷ তাকেই……

বাক্য সম্পূৰ্ণ নহওঁতেই দুটা কল সন্মুখত হাজিৰ৷ কি ছোৱালী এইজনী! বেগত ছুৰী, কল…আৰু বা কি কি লৈ ঘূৰি আছে৷ বেছি ভাবিবলৈ সময় নাই৷ দুই নম্বৰটো গোগ্ৰাসে ভক্ষণ কৰিহে মনলৈ আহিল, ধন্যবাদ এটা দিব লাগিছিল নহয়৷ পিছে ধন্যবাদ দিবলৈ নাপাওঁতেই মোৰ পিছফালৰ পৰা এটা ভয়ানক চিঞৰ ভাঁহি আহিল৷ চৰকাৰী গুদামত পৰি থকা তিনিটকীয়া চাউলৰ বস্তাৰ দৰে ভংগীত পৰি আছে এক বিশাল দেহৰ মহিলা৷ প্ৰথমেই মহিলাৰ ভৰিৰ ফালে চকু গ'ল৷ চকু যোৱা স্বাভাৱিক, তাতেই যে পৰি আছে মই খাই দলিয়াই দিয়া কলৰ বাকলি৷ আজি শুই উঠি কাৰ মুখ দেখিছিলো বাৰু৷ এই ডাম্বেল সদৃশ হাতৰ চৰপাটতেই আজি জীৱনটো সমাপ্ত হ'ব যেন পাইছো৷ পলায়ণ কৰাই ভাল হ'ব নেকি! পিছে পলাবলৈ ল'লেই লগত অহা চীনাজোকদাল যে গাত লাগি নধৰিব তাৰ কি মানে আছে৷ নাই পলাবই লাগিব, চকু কাণ মুদি দৌৰিবলৈ সাঁজু৷ ধৰিলেই নহয় নিনজা সুন্দৰীয়ে হাতখনত৷

- বলাচোন কি হৈছে চাওঁ৷

নগৈ উপায় আছে জানো৷ এইবাৰ যথাসম্ভৱ মিহিকৈ মাতটো উলিয়ালো৷

- ঠিকে আছেনে আপুনি?

কেঁকনি লগে লগে বন্ধ৷
- মই বহি আছো, আপোনাৰ কি হৈছে? ৰাস্তাত বহি থকাটো কিবা অপৰাধ নেকি? আপোনালোক যাওঁক, এনেই ভীৰ নলগাব৷

আহ হা!! কি আত্মসম্মানবোধ! পেটলীৰ কঁকাল ভাঙি দিলো, কিন্তু কি এটিটিউড্৷ বাদ দে, মোৰ কি আহে যায়৷ এই যাত্ৰালৈ যে বাঁচিলো সেয়া খাটাং৷

আমাৰ আইদেৱে পিছে চেষ্টা এৰা নাই৷ মহিলাৰ হাতত ধৰি উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ পিছে আঢ়ৈ টনৰ ট্ৰাক তোলা কি ইমান সহজ৷ মনে মনে হাঁহিৰ ভাব এটা মনলৈ আহি আছে৷
- কি দাঁত চেলাই বহি আছা? মোক সহায় নকৰা কিয়?

ধৰিলো৷ এক টান দিয়েই গম পালো, এইজনীৰ স্বাস্থ্য কোনো হেভীৱেইট ৰেচলাৰৰ পেন্ট তিয়াবলৈ যথেষ্ট৷ দুয়োৰে টনা আজোৰা, মহিলাৰ নিজা চেষ্টা সকলো মিলি এপাকত কোনোমতে তেখেতে থিয় দিলে৷ ইতিমধ্যে দুয়োটা কল কেতিয়াবাই হজম হ'ল৷

- ইমান অভদ্ৰ মানুহ থাকে নহয়, এনেকৈ কলৰ বাকলি কোনোবাই পেলাইনে বাৰু? যত্তসব অভদ্ৰ!! অসভ্য!!

অনুশোচনাত মই দগ্ধ৷ কিয় এইজনীক উঠাবলৈ গ'লো তাৰে অনুশোচনা৷ এক কিক মাৰি আকৌ পেলাই থৈ যাওঁ নেকি? মনৰ ভাব মনতে ৰাখি অতি মোলায়ম সুৰত মাত দিলো,
- থাকে দিয়ক আন্টি অভদ্ৰ কিছুমান৷ বাদ দিয়ক৷ আপুনি কলৈ যাব? থৈ আহিম বলক৷

এইবাৰ ধুমুহা- গাজনি একেলগে আহিল৷
- আন্টি??? মোক দেখি আপোনাৰ আন্টি যেন লাগে??………

"হাঁহিলে তুমি মুকুতা মণি সৰে"……

আৰু বা কি কৈ আছিল পেটলীয়ে৷ দ্ৰুত গতিত দুই কাণত ইয়াৰফোন গুঁজি দিলো৷ আহ জুবিন- গালিৰ কি কম্বো৷ " দুচকু ভৰিলেওঁ মন নভৰে"…

এপাকত এখন কাণৰ পৰা হেডফোনদাল সৰি পৰিল৷ "আজিকালিৰ যুৱসমাজৰ চৰিত্ৰৰ অৱনতি আৰু প্ৰতিকাৰৰ উপায়"-- আলোচনা তুংগত৷ আমাৰ সুন্দৰীয়েওঁ সমানেই এগ্ৰেছিভ৷ দিওঁ নেকি মুচিৰ পৰা ফটা চেণ্ডেল এপাট লৈ দুয়োকে৷ নাই খং দেখুৱাই লাভ নাই৷ জয়াললিতা আৰু দিদিয়ে সমৰ্থন দিয়া চৰকাৰত কুমাৰ বিশ্বাসৰ কামেইবা কি!!
- হেল্ল'৷ কি? কেনেকৈ? ৰহ মই দুই মিনিটত গৈ আছো৷

ফোনটো ৰাখিয়েই সুন্দৰীৰ ফালে চালো,
- মই যাব লাগিব৷ ৰাজীৱৰ…
কথা শেষ কৰিব নাপালোৱেই৷
- কি?? ৰাজীৱৰ দেউতাক ঢুকাল? কালি এডমিট কৰিছিলহে৷ অহ গড্!!

সুন্দৰী একে জাপে ৰিক্সাত৷ মোৰ হাতত টানি প্ৰায় চোঁচৰাই মেলি ৰিক্সাত উঠালে৷ উফফফ্… শান্তি৷
- মোক কামোৰজনীৰ লগত ফঁচাই পলাইছিলি ন' তই?? চন, তই মোক কাটি খুৱাব নোৱাৰ ইমান সঁহজে৷

কিনো কম আৰু৷ ইতিমধ্যে "তই"লৈ নামিছেই৷ বজাই দিবলৈ নো কতপৰ৷ ৰিক্সাত গৈ আছো শান্ত ল'ৰাৰ দৰে৷ পাৰফিউমৰ গোন্ধটোৱে মন মতলীয়া কৰিছে অলপ৷ বেছি গোন্ধ নোলোৱাই ভাল হ'ব নেকি! চেণ্ডেল ভৰিত আছেই৷ কেতিয়া ৰিপেয়াৰ হ'ল পাত্তাই নাপালো৷
- ব'ল j14ত ৰোল খাম৷ মোৰো ভোক লাগিছে অলপ অচৰপ৷

ৰোলৰ অৰ্ডাৰ দি বহি আছো৷ হোৱাটচ্ এপৰ "হোষ্টেল গ্ৰুপ"ত মেছেজ আহিল৷
"MURDER@ Room No-17"

সৌৰভ আৰু ছায়োৰ ৰুম৷ হে ভগৱান!! কালি ৰাতি তাতেই বহি তাচ খেলি আছিলো৷ ৰাতি ছায়ো শুই থাকোতে সৌৰভে আঠুৱাৰ ওপৰত বৰফৰ টুকুৰা থৈ দিছিল৷ শুই থকা ছায়োৰ মুখত বাৰে বাৰে ওপৰৰ পৰা পানী পৰে, তাকে লৈ ৰাতি দুয়োৰে ভীষণ কাজিয়া৷ কিন্তু মাৰ্ডাৰ?? মাৰ গুলী ৰোল!!
- অই ক'ত পলাইছ?? মই খুৱাম আহ, তোৰ টকা খৰছ নহয় …… চাল্লা কঞ্জুছ…

ৰুমত সোমায়েই থমকি ৰ'লো৷ ছায়োৰ হাতত নগা দা, মুখত ট্ৰেডিচনেল নগা হাঁহি, গাত তেজৰ দাগ৷ ছায়োক আগুৰি আছে এজাক৷ আৰু মজিয়াত…… চাৰি ঠেং মেলি ডেডবডী!!
"পিছফালে পোৱালি গাহৰি এটা ছায়োই গিৰাই দিলে বে, একদম চুপ…  ৱাৰ্ডেনে যাতে গম নাপায়", সৌৰভৰ ফিচফিচিয়া কণ্ঠ৷

"অই ক'ত পলাইছ?? মই খুৱাম আহ, তোৰ টকা খৰছ নহয় …… চাল্লা কঞ্জুছ…"- তেতিয়া বেকগ্ৰাউণ্ডৰ পৰা ভাঁহি অহা শব্দ ক্ৰমাৎ স্পষ্ট হৈ আহিব ধৰিলে৷ জীৱনত প্ৰথম ছোৱালীৰ লগত খোৱাৰ সুযোগ পাইছিলো৷ কি বা ভাবিছে মোৰ কথা৷ সমস্ত মান- সন্মান শেষ!

পিয়াজ কাটি আছো৷ গোটে গোটে এটা গাহৰি, ভালেখিনি পিয়াজ কাটিব লাগিব৷ ফোনটো বাৰে বাৰে বাজি আছে৷
- হেল্লো৷
- কিয় পলালি?
সৰ্বনাশ! এইজনীয়ে ক'ত পালে মোৰ নম্বৰ!
- নাই, মানে…… সমস্যা এটা হৈছিল৷
- বাৰু বাদ দে তোৰ ফটুৱা এক্সকিউজ৷ নিকিজ্ হোষ্টেল চিনি পাৱ নহয়?
- অ'৷
- গাহৰি ৰন্ধা হ'লে এটা টিফিনত দি যাবি মোক৷
- গাহৰি??
- আব্বে জানো দে, গাহৰি বধিলি বুলি৷ তিনি কিলো মান আমাৰ হোষ্টেলতেই আহি আছে৷ ৰাতিলৈ চেনীমখাই লাইন পাতি মাংস দিবলৈ আহিব৷

এগাল খালো৷ এতিয়া বিচনাত লাং খাই পৰি আছো৷ হোৱাটচ্ আপত সুন্দৰী অনলাইন৷
- খালা?
- উমমম্৷ ছায়োই তামাম ৰান্ধিছে কিন্তু৷ নগা পোৱালি এটাকে বিয়া পাতিব লাগিব যেন পাইছো৷
- অ' সি বঢ়িয়া ৰান্ধনী৷
- কাইলৈ বিজি?
- নাই ফ্ৰি আছো৷
- ফেন্সী যাবি??

দুহাতে গণিব নোৱাৰা পৰিমাণৰ বেগ৷ সুন্দৰীয়ে কাজল কিনি আছে৷ মই বাহিৰত৷

"অই আমাৰ আলু আৰু নিনজা সুন্দৰীক আজিকালি খুব ঘূৰি ফুৰা দেখো, চেটিং কৰিলে নেকি আলুৱে"

কেঁচা টোপনিটো দাঁত নিকটাই হাঁহি এটা মাৰি আকৌ গাৰুটো সাৱটি শুই থাকিলো৷

কিছুমান ধুনীয়া ছোৱালী থাকে৷ সিহঁতৰ সৈতে বজাৰলৈ যাব পাৰি, বিয়ালৈ যাব পাৰি, ফটোষ্টেট কৰা, বজাৰ, ট্ৰিট সকলো প্ৰকাৰৰ কামতে কামলা হিচাপে খাটি দিব পাৰি৷ কিন্তু প্ৰেম কৰিব নোৱাৰি৷ মানে মন কৰিলে বৈদ্য পিটন খাই যোৱাৰ সম্ভাৱনা আছে৷

" এটা ল'ৰা আৰু এজনী ছোৱালী কেতিয়াওঁ কেৱল বন্ধু হ'ব নোৱাৰে"- এই ধাৰণা ভুল প্ৰমাণিত কৰি চাৰিবছৰে আমাৰ বন্ধুত্বৰ ৰথখন যত্ৰ, তত্ৰ, সৰ্বত্ৰ দৌৰালো৷ এক সপোন নগৰীত যেন যেনি তেনি দৌৰিছে আমাৰ বন্ধুত্বৰ ৰথ, ৰুপকথাৰ লেখীয়া৷ পিছে জীৱনটো জানো ৰুপকথা হ'ব পাৰে? চিনেমাওঁ হ'ব নোৱাৰে৷ এদিন নহয় এদিন সপোন সপোন লগা সেই দিনবোৰৰ অন্ত পৰিব লগা আছিলেই৷ বন্ধুত্বৰ ৰেলগাড়ীখন এদিন এটা ষ্টেচনত ৰৈ গ'ল৷ ৰুপকথাৰ দেশৰ পৰা ওলাই আহিলো৷ সপোন ৰাজ্যৰ পৰা বাহিৰলৈ আহি দেখো ছায়ো, অসীম, সৌৰভ, মানস আদি সকলোৱে মিলি হাতত প্লেট লৈ কিবা আলোচনা কৰি আছো৷ আৰু সেইটো চুকত দেখাত মোৰ দৰে সেইটো কোন? অহ, সেয়া দেখোন ময়েই৷ সাইলাখ ৰুপকথাৰ ৰাক্ষসটোৰ দৰে মোকোৰা মোকোৰকৈ চিকেন লেগপিচ চোবাইছো৷ সেইমুৰে ওলমি থকা বেনাৰখন মাজতে এবাৰ পঢ়িলো,
"Angad weds Neeyorkona"

মোবাইল বাজি গৈছে৷ একেবাৰে খাই লৈহে ফোন ধৰিম৷ টুথপিকেৰে দাঁত খুচৰি খুচৰি ফোনটো উলিয়ালো৷ সাতটা মিচড্ কল আৰু এটা মেছেজ,
- অই শনি ইয়ালৈ আহ!

এইজনীয়ে কইনা হৈয়ো বেয়া মাত মাতিবলৈ এৰা নাই৷ দুৰৰ পৰাই দেখিলো, কৃত্ৰিম হাঁহি এটা মাৰি আলহীক সোধপোচ কৰি আছে৷ এইজনীযে ইমান ধুনীয়া আজিহে মন কৰিলো৷

- ক'ত মৰিছিলি ইমান সময়?
- খাই আছিলো৷
- দৰাঘৰীয়া আহি পাৰিজাত হোটেলত আছে৷ গম পাইছ নহয়৷
- অ' জানো৷
- তই এবাৰ তালৈ যা৷ ভালকৈ সোধ পোছ কৰিবি৷
- ঠিক আছে৷ হৈ আহো এবাৰ৷
- গৈ কি হৈ আছে মোক ৰিপৰ্ট কৰিবি৷ আৰু দৰাৰ বাপেক বিৰাট কাঢ়া কিন্তু৷ সাৱধানে চলিবি৷

পাৰিজাত হোটেল৷ ইফালে সিফালে সুধি দৰাৰ ওচৰ পালো৷ চিনাকী দিলো৷ সামান্য বিৰক্ত হোৱা যেন লাগিল৷
- সমীৰ মানে?? সেই যে কলেজত একেলগে পঢ়া?
- হয় হয়, আমি খুউব ভাল বন্ধু৷
- শুনিছো৷ তাইক পতাবলৈ চেষ্টা কৰোতে বোলে কলেজৰ দিনবোৰ গ'ল আপোনাৰ?

হাৰে, কি কথা ক'বলৈ আহে৷ টিঙিচকৈ উঠি অহা খঙটো কোনোমতে দমাই ৰাখিলো, বিয়া বাৰুৰ কথা
- নাই, আমি মাত্ৰ ভাল বন্ধুহে আছিলো৷ বেলেগ একো নাই৷
- হৈছে হৈছে৷ মই যেন খবৰ খাতি লোৱাহে নাই৷
- মিছা  কথা!
- মই সকলো জানো বন্ধু৷ আপুনি যে মোৰ সৰ্বনাশ কৰি দিলে৷

মই কি কৰিলো৷ ইয়াৰ হৈছে কি৷ যি ইচ্ছা তাকেই কৈ গৈছে৷

- আৰে আপোনাৰ হৈছে কি? মই কি সৰ্বনাশ কৰিলো?
- ইমান বছৰৰ বন্ধু, একেলগে ইমান ঘূৰা পকা, সামান্য প্ৰেমখিনি কৰিব নোৱাৰিলে? মই এইফালে কিমান বিপদত পৰিছো আপুনি কি জানিব৷ দেউতা হিলটাৰ! বিয়া নাপাতিলে মোক গুলী মাৰি দিব৷ আপুনি পাৰিলে বিয়াখন পাতি পেলাওঁক৷ প্লিজ, পলুৱাই নিয়ক না…

থাপ মাৰি হাতখন ধৰি ল'লে মোৰ৷ মেলা মুখ মেলা হৈ ৰৈ গ'ল৷ ই দেখোন অশ্বিনৰ দৰে কেৰম বল মাৰি দিলে৷
- আজি যদি মই বিয়া পাতো, তেন্তে মোৰ জানটোৱে মণ্ডপতেই চুইচাইড্ কৰিব৷

জান!! ই জানজনীকো বিয়ালৈ লৈ আহিছে৷ কি বিড়ম্বনা৷ কি কৰো বাৰু এতিয়া!
- জান ক'ত??

মুৰ তল কৰি বাওঁফালে আঙুলি টোৱালে সি৷ এমুখ ডাড়িৰে সাইলাখ ডালেৰ মেহন্দীয়ে ম'বাইলত গেইম খেলি আছে৷

হাত চিটিকাই একোকোবে দহহাত আতৰত থিয় হ'লো৷ হাতখন ইমান কোমল আছিল৷ ভয়ে ভয়ে আকৌ এবাৰ তালৈ চালো৷ মেনিকিউৰ, পেডিকিউৰ, থ্ৰেডিং… সকলোবোৰ কৰি আহিছে যেন পাইছো৷ একেবাৰে জিলিকি আছে৷

কলেজৰ পুৰণা কথাৰ আচিলা লৈ গুৰুলা গুৰুলকৈ পিটিব বুলি কৰা ভয় এতিয়া আৰু একেবাৰে নাই৷ তাতোকৈ ডাঙৰ ভয়ে এতিয়া খাই মাৰিছে৷
ই চিকুটি দিয়াৰ ভয়!!!!

তাৰপৰা প্ৰায় পলাইছিলোৱেই৷
- হেৰি শুনক…

দৰা- ডালেৰ এইবাৰ একেলগে৷ ডালেৰৰ চাৱনি দেখি পলাবলৈ সাঁহস নহ'ল৷ গৈ পোৱাৰ লগে লগে দৰাই এক বিশেষ ভঙ্গীমাৰে ইংগিত দিলে, কাণে কাণে কিবা কোৱাৰ ইঙ্গিত৷ বিৰাট জোৰে জোৰে কান্দিবলৈ মন গ'লে৷ অংগী ভংগীতেই বুজিলো, ই এইবাৰ খাটাং মোক চুমা দিব৷

"এবাৰ হোৱাটচ্ এপটো খুলি চাব"- ফিচফিচাই ক'লে দৰাৰুপী ৰুপহীয়ে৷

" কাইলৈ নতুন ঘৰ এখনত থাকিম৷ নতুন সংসাৰ, নতুন দায়িত্ব..... জীৱনটো কোনফালে গতি লয় সময়েহে ক'ব… তোক মিছ্ কৰিম বহুত৷
.
.
.
.
কাইলৈ চাগে তোক লগ কৰিবলৈ সময় উলিয়াব নোৱাৰিম৷ গতিকে আজিয়েই আগতীয়াকৈ এপ্ৰিল ফুল দি থলো৷ এনজয়… ;)"

কোনে বাৰু আশা কৰিব বিয়াৰ দিনা এইজনীয়ে মোক "এপ্ৰিল ফুল" কৰিব৷ তাকো জীৱনত মই প্ৰথম লগ পোৱা এজনৰ সৈতে মিলি৷ পিছফালে দৰাই দাঁত নিকটাই আছে, কাণতলীয়া এটা দিবলৈ যে ইমান মন গৈ আছিল৷ পিছে আচৰিতভাৱে আৱিস্কাৰ কৰিলো যে দুয়ো অট্টহাস্য কৰি ষ্টেজতে ইটোৱে সিটোক সাৱটি ধৰিলো৷ কোনেওঁ নুশুনাকৈ দৰাই লাহেকৈ কলে,
- মালৰ যোগাৰ পিছফালে আছে৷ পেগ এটা মাৰি যাব!

ফুৰ্তিপানী গিলি বিয়াঘৰত বহি আছো৷ প্ৰতিবাৰৰ দৰে ধপ, আন্ধাৰ আৰু মাইকেল সাঁজু হৈ আছে বৰযাত্ৰী আহিলে নাগিন নৃত্য কৰিবলৈ৷ সময়ত বৰযাত্ৰী আহিল৷ দৰাৰ গাড়ীৰ দুৱাৰ খোলাৰ লগে লগে একুৰা জুই! মেলা মুখখন লেবেলে বন্ধ কৰি দিলে৷ জুইৰ পিছে পিছে বিয়াঘৰৰ ভিতৰ সোমালো৷

বাহিৰত মাংগলিক কাৰ্য্য চলি আছে৷ লাহেকৈ ভিতৰলৈ গৈ কইনাৰ ওচৰ পালো৷
- মাল খাই আহিছ?
- অলপমান৷ অই শুননা প্লিজ৷
- কি??
- দৰাই গাড়ীত জুই একুৰা লৈ আহিছে অ'৷
- সেউজীয়া পাটৰ চেট?
- অ'৷
- হাৰামী সেইজনী মোৰ ননদ৷ শিলচৰৰ ইঞ্জিনিয়াৰ৷ যা ফুট!!!

***********

ভাৰত এজেঞ্চীত ৰাতিপুৱাৰে পৰা বহি আছো৷ আজি ইয়াৰপৰা ভাল অৰ্ডাৰ নাপালে এই মাহত টাৰগেট নহয় যে খাটাং৷ ফোনটো বাজি উঠিল৷
- অই কি খবৰ? ইমান দিনৰ মুৰত? বিয়া পাতি তোৰ লেবেল হৈছে কিন্তু৷

নীয়ৰে অস্বাভাৱিক ভাবে ফোপাইছে৷
- তই মোৰ ঘৰলৈ আহ এতিয়াই৷ মোৰ ডাঙৰ বিপদ হৈছে৷
- অই, কি হৈছে তোৰ??
- তই সোনকালে আহ…

কি হৈছে তাইৰ? বাৰে বাৰে ফোন কৰি আছো, উঠোৱা নাই৷ ই অঙ্গদে একো কৰা নাইতো? মোৰ বুলেট গৰজি উঠিল, চলমান খানৰ দৰে চিৰিয়াচ লুক এটা দি পল্টন বজাৰৰ মাজেৰে বুলেট দৌৰাইছে৷ লক্ষ্য তাইৰ লাচিত নগৰৰ ভাৰাঘৰ!!

দুৱাৰত ঢকিয়াইছো, কলিং বেল টিপিছো… নাই কোনেওঁ দুৱাৰ নোখোলে৷ কি হৈছে বাৰু তাইৰ? অঙ্গদ ক'ত? মনত হাজাৰটা প্ৰশ্ন৷ সমগ্ৰ শৰীৰতে সুনীল শেট্টীৰ সমান বল আনি লৈ দুৱাৰত এটা প্ৰচণ্ড খুণ্ডা মাৰিলো৷
বেডৰুমৰ মজিয়াত তাই পৰি আছে৷ কেঁকাইছে… চকু বন্ধ…

প্ৰায় একেসময়ত ভাড়াঘৰৰ মালিকনী আহি পিছফালে থিয় দিলেহি৷ আহিয়েই গালি গালাজ,
- কি চাই আছা তেতিয়াৰ পৰা?? এম্বুলেঞ্চ এখন মাতিব পৰা নাই এতিয়ালৈ? ডেলিভাৰী কেচ্, এতিয়াই হস্পিটেললৈ নিব লাগিব৷ হোপলেচ্ কৰবাৰ!

মালিকনীৰ যি চেহেৰা, ইচ্ছা কৰিলে এখন হাতেৰে দাঙি এইজনীক হস্পিটেললৈ নিব পাৰে৷ এতিয়া বাৰু সেইবোৰ ভবাৰ সময় নাই৷ পিছে পৰে মালিকনীক দেখা যাব৷ এনেওঁ জীৱনত এবাৰ ভালুকৰ সৈতে যুঁজ কৰাৰ অদ্ভূত ইচ্ছা এটা সৰুৰে পৰাই আছে৷

এম্বুলেঞ্চত তাইৰ হস্পিটেললৈ নি আছো৷ অঙ্গদৰ ফোন অফ৷ ঘৰৰ বাকী মানুহবোৰৰ নম্বৰো নাজানো৷ তাইৰ ঘৰত খবৰ দিলো, কিন্তু তেওঁলোকক তেজপুৰৰ পৰা আহি পাবলৈ তিনি-চাৰি ঘন্টাটো লাগিবই৷ কোনফালে কি চম্ভালো ভাবিয়েই পোৱা নাই৷ হস্পিটেলত প্ৰাথমিক চিকিৎসাখিনি পোৱাৰ পিছত নিয়ৰ সামান্য সুস্থ হ'ল,
- মোৰ বৰ চিন্তা হৈছে অ', ই হঠাৎ ফোন অফ কৰি দিলে৷
- নাই ৰহ, চাৰ্জ শেষ হৈছে চাগে৷ আহি ওলাবই এতিয়া৷
- মোৰ গা বেয়া লগা বুলি ফোন কৰি খবৰ দিছিলোহে মাত্ৰ৷ তাৰ পোন্ধৰ মিনিটমান পিছৰ পৰা ফোন অফ্৷ কি বা হৈছে৷
- তই চিন্তা নকৰিবি, মই খবৰ কৰি আছো৷

মুৰত হাজাৰটা চিন্তা আহিছে৷ অফিচৰ ক্লোজিঙটো বাদেই দিলো, বাকী অঙ্গদ, নীয়ৰৰ এতিয়াই অপাৰেচন, টকা- পইচা… কোনফালে কি মিলাম ভাবিয়েই পোৱা নাই৷ অঙ্গদৰ ঘৰটো খবৰ দিলো, আহি পাওঁতে চাৰি ঘন্টামানটো লাগিবই৷

কলৈ গ'ল এই অঙ্গদটো…? একোৱেই ধৰিব পৰা নাই৷ সি তাইক প্ৰেগনেন্ট বুলি জানিওঁ সি এনেকুৱা কৰিলে৷ কিয়?? কি কাৰণ হ'ব পাৰে বাৰু? সি বাৰু বিয়াৰ দিনা কোৱাৰ দৰে সঁচাকৈয়ে সেইবিধেই আছিল নেকি??

তাইক অপাৰেচন থিয়েটাৰৰ ভিতৰলৈ নিছে৷ মই এই ঠাণ্ডাটো ঘামি আছো৷ অঙ্গদৰ ফোন নম্বৰ ডায়েল কৰি কৰি ঘামি গৈছো৷ নাই, কোনো খবৰেই নাই৷ তাৰ অফিচলৈ বিচাৰি যাওঁ নেকি? পালে চোঁচৰাই লৈ আহিম৷ কিন্তু এতিয়া মোৰ হস্পিটেলত থকা খুবেই জৰুৰী৷ বেছেৰীজনী!! বৰ দুখ লাগি গ'ল নিয়ৰলৈ৷

কলেজৰ দিনলৈ ঘূৰি গলো৷ বাকীবোৰে ক্লাছৰ মাজে মাজে আড্ডা দিয়া সময়ত আমি আড্ডাৰ মাজে মাজে ক্লাছ্ কৰিছিলো৷ কেতিয়াবা ফোনত আড্ডা মাৰি ৰাতি শুবলৈ যাওঁতে হোষ্টেলৰ ৱাৰ্ডেন চাৰ মৰ্ণিং ৱাকলৈ যোৱা দেখিছিলো৷ অনুপহঁতে ক্লাছ কৰি উভটি আহোতে মই ব্ৰাছ কৰি থাকিছিলো৷ যান্ত্ৰিকতাৰ যুগত থাকিওঁ আমি জীৱনটো পুৰাদমে জীয়াইছিলো৷

আৰু আজি?? মোৰ খেয়ালেই নাছিল তাইৰ ডেলিভাৰীৰ সময় ইমান ওচৰ চাপিছে৷ তাইৰ জীৱনত  কি চলি আছে যাৰ বাবে তাইৰ গিৰিয়েকে এই সময়তো মোবাইল অফ কৰি থৈছে৷ কি যে জীৱন এটা হৈ পৰিছে৷

"কংগ্ৰেচুলেচন, আপোনালোকৰ এজনী ছোৱালী হৈছে৷ দেউতা হোৱাৰ পাৰ্টি লাগিব দেই"৷

মুৰটো লাটুমৰ দৰে ঘূৰি গ'ল৷ পিচমূহুৰ্ততে মনত পৰিল যে নীয়ৰৰহে জীয়েক এজনী হৈছে৷ বত্ৰিশটা দাঁত উলিয়াই হাঁহি এটা মাৰি দিলো,
- দুয়ো ঠিকেই আছেনে?
- একদম পাৰফেক্ট৷ আপুনি এতিয়া দুয়োকে চাবলৈ যাবই পাৰিব৷

কথাখিনি কৈয়েই টাকলু ডাক্তৰ আৰু কিঞ্চিত সুন্দৰী নাৰ্চজনী ভিতৰলৈ খোজ ল'লে৷ ভিতৰলৈ যাবলৈ সাঁহসেই হোৱা নাই, গলেই এইজনীয়ে অৰ্ণৱ গোস্বামীৰ দৰে প্ৰশ্ন সুধি মোক পাগল কৰি দিব৷ তাইক দিবলৈ যে একো উত্তৰেই নাই৷

তাইৰ মাকহঁত আহি পালে৷ ময়ো ওলাই আহিলো৷ লক্ষ্য কুলাংগাৰটোৰ অফিচ৷ মনত এসোপা দুচিন্তা৷ যদি তাক এবাৰ পাই যাওঁ নহয়!! সেইদিনা ঘৰত "চিকেন ভৰ্তা" ৰান্ধিছিলো, ৰেচিপিটো মনত আছেই……

লিফ্টৰ পৰা ওলাই আহিলো৷ বুকুখন ধপ ধপ কৰিব ধৰিছে৷ ৰিচিপচন ডেস্কত এদাল জেওৰাখৰি৷

- অঙ্গদ বৰুৱাক লগ ধৰিব লাগিছিল৷
- এপইন্টমেন্ট?
- নাই৷
- তেনেহ'লে নহ'ব৷
- আপুনি শুনিবনে গোটেই…
- নহ'ব বুলি কলোনে এবাৰ?

চানী দেউলৰ দৰে দমটোৱে একেবাৰতে কাম দিলে৷ এতিয়া মই অঙ্গদৰ টেবুলৰ সন্মুখত৷

- হোপলেচটো এই ক্লোজিঙৰ দিনা পুৱাই অফিচৰ পৰা নোহোৱা হৈছে, ফোন অফ্৷ কোম্পানীৰ চাকৰি এনেকৈ হয় নেকি? আজি সি আহক উভতি…

সুৰসুৰকৈ ওলাই আহিলো৷ পৰিস্থিতি বৰ এটা সুবিধাৰ নহয়৷ মোকেই বজাই দিব তাক নাপালে৷

অচিনাকী নম্বৰ৷ কোন বা ওলাল আৰু এইবাৰ৷ ফোন ধৰাৰ লগে লগে সেইমুৰৰ পৰা এটা চিনাকী কন্ঠ,
- অঙ্গদে কৈছো৷
- আৰে, ক'ত সোমাই আছে আপুনি? পাগল হৈ গৈছো মই বিছাৰি৷
- ডাউন টাউন হস্পিটেল, ৬২ নম্বৰ ৱাৰ্ড৷ নীয়ৰৰ খবৰ??

কি হ'ব পাৰে বাৰু অঙ্গদৰ? ৰ'বলৈ সময় নাই৷ ৬২ নম্বৰ ৰুমত সোমায়েই থমকি ৰ'লো৷

বাদুলি!!!

শৰীৰৰ বিভিন্ন অংশত বগা বেণ্ডেজ লৈ ষ্টেণ্ডত ভৰিখন ওলোমাই বাদুলি হৈ বিছনাত পৰি আছে অঙ্গদ৷
- কি হ'ল এইবোৰ? আপোনাৰ এই অৱস্থা যে??
- মোৰ কথা বাদ দিয়া৷ নীয়ৰৰ কি অৱস্থা?
- তাই ভালে আছে৷ এঘন্টামান আগতে ছোৱালী এজনী হৈছে৷
- ছোৱালী!! মোৰ ছোৱালী!!

ওপৰৰ ফালে চাই পৰম তৃপ্তিত চকু মুদিলে অঙ্গদে, চকুত পানী৷ আনন্দৰ চকুপানী!!

- হেৰি, আপোনাৰ এই অৱস্থা কেনেকৈ হৈছে নকয় কিয়? দিনটো টেনচনৰ অভাৰডোজ লৈ বহি আছো৷ আৰু টেনচন নিদিব৷ অফিচতো যোৱা নাই বুলি গম পালো৷
- অফিচতো গৈছিলা?
- নাযাম? যি টেনচন দিছে আপুনি৷
- ঠিকেই৷ অফিচত সোমাবলৈ লওঁতেই তাইৰ ফোন আহিল৷ টেনচনত লগে লগে  অটোষ্টেণ্ডলৈ দৌৰিলো৷ ঠিক তেতিয়াই…
- তেতিয়াই কি?
- মেনহ'লত সোমালো হে৷

********

পৰবৰ্তী দৃশ্য আকৌ হস্পিটেল বেডৰ কাষতেই৷ নীয়ৰ শুই আছে৷ মাজে মাজে নাকেৰে অদ্ভূত শব্দ কৰি চকুপানী মচি আছে৷ তাইৰ কাষত কণমানীজনী৷ কাষত আৰু এখন বিছনা লগোৱা হৈছে৷ ভৰি ওলোমাই পৰি আছে অঙ্গদ৷ টিকলীজনীয়ে দুয়োৰে অৱস্থা দেখি চাগে সেইফালেই তাপ মাৰিছে৷

- হেৰা দেখিছা, মোৰ ছোৱালী কিমান ভাল৷ কন্দা কটা নাই৷
- ওলায়েই বাপেকক যি ৰুপত দেখিছে৷ মানুহ নে ভালুকৰ পোৱালি তাকেই ভাবি কান্দিবলৈ সময় পোৱা নাই চাগে৷
- খং কিয় কৰানো? মই কিবা ফুৰ্তিতে মেনহলত সোমাইছিলোনে?
- নাই দিয়া, এনে মানুহক খঙ কৰি যে লাভ নাই মই ভালকৈ বুজি গৈছো৷ এনে অদ্ভূত বস্তু সহজে জন্ম নলয় পৃথিৱীত৷
- তাইৰ নাকটো দেখিছানে? একেবাৰে মোৰ দৰে হ'ব যেন লাগিছে৷
- মুঠেওঁ নহয় তাই মোৰ দৰে হ'ব৷
- দৰকাৰ নাই৷ ডাঙৰ হৈ "নিনজা সুন্দৰী" নাম পাবলৈ?
- এইখন ভৰি ভাঙি থবলৈ এতিয়াওঁ গাত শক্তি আছে কিন্তু মোৰ৷

কাজিয়া চলি আছে৷ আদৰ, অভিমানৰ মিঠা মিঠা কাজিয়া! মোৰ চকুৰ কোণতো অজানিতে অলপ পানী জমা হয়৷ অঙ্গদ- নীয়ৰৰ জীৱনৰ গল্প এনেকৈ যেন সদায়েই চলি থাকক৷ কোনো নাম নোহোৱা গল্প, কেতিয়াওঁ শেষ নোহোৱা গল্প, চলি থাকক অনন্তকাল৷ গল্পৰ ভিতৰত এটা গল্প, তাৰ ভিতৰত আৰু এটা গল্প……

দুয়োকে দেখি খুউব হিংসা হৈছে৷ ঘৰত বিয়াৰ বাবে জোৰ দিয়েই আছে৷ এইবাৰ চাগে মানা নকৰিম৷ জীৱনৰ গল্পৰ অন্য এক অধ্যায় লিখাৰ সময় হৈ পৰিছে৷

দুৱাৰ ঠেলি এজাক নিৰ্মল বতাহ কোঠাটোলৈ সোমাই আহিল

- বৌ!!!! কংগ্ৰেছুলেচন!!! ক'ত আমাৰ চুকুজনী!!!!

শিলচৰৰ ইঞ্জিনিয়াৰ৷ চাকৰিৰ বজাৰ বেয়া বাবে এতিয়াওঁ বোলে ঘৰতেই বহি আছে৷ এবাৰ চেষ্টা কৰি চোৱাত আপত্তি কিহৰ!!!!
------------------------------------------------

## অমিতাভ মহন্ত##

No comments:

Post a Comment